বক্তৃতাঃ তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম / সুভাস চন্দ্ৰ বসু

Posted by : translatorsassam
August 15, 2020

সুভাস চন্দ্ৰ বসুৰ ভাষণ 

অনুবাদঃ কৃষ্ণা দাস   

(নেতাজীয়ে এই ভাষণটো ১৯৪৪ বাৰ্মাৰ ইণ্ডিয়ান নেচনেল আৰ্মীত প্ৰদান কৰিছিল।)


বন্ধুসকল, বাৰ মাহৰ আগতে পূৱ এছিয়াত ভাৰতীয়সকলৰ সন্মুখতসম্পূৰ্ণ সৈন্য সংগঠনবাঅধিক বলিদান কাৰ্যসূচী  কৰা হৈছিল আজি মই আপোনালোকক যোৱা বছৰৰ আমাৰ উপলব্ধিৰ হিচাপ দিম আৰু আহিবলগীয়া বছৰৰ আমাৰ ইচ্ছা আপোনালোকৰ সন্মুখত দাঙি ধৰিম কিন্তু তাক কৰাৰ আগতে মই আপোনাক পুনৰ এবাৰ এইটো অনুভৱ কৰাব বিচাৰো যে আমাৰ ওচৰত স্বাধীনতা প্ৰাপ্তিৰ কিমান সোণালী সুযোগ আছে

ইংৰাজ এক বিশ্বব্যাপী সংঘৰ্ষত চিন্তিত আৰু  এই সংঘৰ্ষৰ সময়ছোৱাত সিহঁত কিছু অৱৰোধৰ বাবে পৰাজিত হৈছে এইদৰে শত্ৰু কিছু দুৰ্বল হৈ পৰাত  স্বাধীনতাৰ প্ৰাপ্তিৰ আমাৰ যুদ্ধ পাচঁ বছৰৰ আগতকৈ বহুতো সহজ হৈ পৰিছে এইধৰণৰ অপূৰ্ব আৰু ঈশ্বৰ প্ৰাপ্তিৰ সুবিধা শত বৰ্ষত এবাৰ আহে

সেয়ে নিজৰ মাতৃভুমিক ব্ৰিটিছৰ গোলামীৰ পৰা আতঁৰাবলৈ আমি এই সুবিধাৰ পুৰ্ণ সুযোগ লোৱাৰ শপত খাইছো

আমাৰ সংঘৰ্ষৰ সফলতাৰ বাবে মই ইমান বেছি আশাবাদী, কিয়নো মই পূৰ্ব এছিয়াৰ ৩০ লাখ ভাৰতীয়ৰ প্ৰয়াসৰ ওপৰত নিৰ্ভৰশীল নহয় ভাৰতৰ ভিতৰত এক বিৰাট আন্দোলন চলি আছে আৰু আমাৰ লাখ লাখ দেশবাসীয়ে স্বধীনতা প্ৰাপ্তিৰ বাবে  অধিক দুখ সহ্য কৰিবলৈ আৰু বলিদান দিবলৈ সাজো আছে

দুৰ্ভাগ্যৱশত, ১৮৫৭ চনৰ মহান সংঘৰ্ষৰ পিছত আমাৰ এতিয়া দেশবাসী শস্ত্ৰহীন নেকি শত্ৰু পক্ষ অস্ত্ৰশস্ত্ৰৰে পুৰ্ণ হৈ আছে আজিৰ এই আধুনিক যুগত শস্ত্ৰহীন লোকৰ বাবে অস্ত্ৰশস্ত্ৰ  আৰু আধুনিক সেনাৰ অবিহনে স্বাধীনতা লাভ কৰাটো অসম্ভৱ ঈশ্বৰৰ কৃপা আৰু উদাৰ ৰীতিৰ সহায়ত পূৱ এছিয়াৰ ভাৰতীয়ৰ বাবে এইটো সম্ভৱ যে এক আধুনিক সেনাৰ নিৰ্মাণৰ বাবে অস্ত্ৰশস্ত্ৰ  লাভ কৰে

ইয়াৰ উপৰিও, স্বাধীনতা প্ৰাপ্তিৰ প্ৰয়াসত পূৱ এছিয়াৰ ভাৰতীয়সকল একতাৰে বান্ধ খাই আছে আৰু ধাৰ্মিক তথা অন্য ভিন্নতাবোৰক, যিবোৰক ব্ৰিটিছে ভাৰতৰ ভিতৰত পাম্প দিবলৈ চেষ্টা কৰিছে, পূৱ এছিয়াত তাৰ চিন মোকাম নাই

এইটো কাৰণতেই আজি পৰিস্থিতিবোৰৰ এনে আদৰ্শ  মিল আমাৰ মাজত আছে , যি আমাৰ সংঘৰ্ষৰ সফলতাৰ পক্ষত এতিয়া জৰুৰী কেৱল নিজৰ স্বাধীনতাৰ মূল্য দিবলৈ ভাৰতীয় স্বয়ং আগবাঢি আহঁক সম্পূৰ্ণ সৈন্য সংগঠন কাৰ্যক্ৰম অনুসৰি মই আপোনালোকৰ পৰা সেনা, ধন আৰু সামগ্ৰী বিচাৰিছোঁ

যেতিয়ালৈ সেনাসকলৰ সম্বন্ধ আছে, মই আপোনালোকক কৈ সুখ অনুভৱ কৰিছো যে আমি পৰ্য্যাপ্ত পৰিমানে নতুন জোৱান লাভ কৰিছো আমাৰ ওচৰত পূৱ এছিয়াৰ সকলো কোণৰ পৰা নতুন জোৱান আহিছেচীন,জাপান,ইন্ডোচীন,ফিলিপিন্স,জাৱা,বৰ্ণিয়া,সেলেবছ,সুমাত্ৰা, মলায়া, থাইলেণ্ড আৰু বাৰ্মাৰ পৰা

আপোনালোকে আৰু অধিক মনোবলেৰে সেনা, ধন আৰু সামগ্ৰীৰ ব্যৱস্থা কৰি থাকিব লাগে, বিশেষকৈ ভৰ্তি আৰু পৰিবহনৰ সমস্য়াবোৰৰ সন্তোষজনক সমাধান লাগে আমাক মুক্ত কৰা ক্ষেত্ৰবোৰৰ প্ৰশাসন আৰু পুনৰ্নিমাণৰ বাবে সকলো শ্ৰেণীৰ পুৰুষ আৰু মহিলাৰ প্ৰয়োজন

আমি  সেই পৰিস্থিতিৰ বাবে সাজু হৈ থকাৰ প্ৰয়োজন, শত্ৰু বিশেষ ক্ষেত্ৰৰ পৰা পিছুৱাই যোৱাৰ আগতে নিৰ্দয়ভাৱেঘৰউৰুৱা নীতিহাতত তথা নাগৰিকক নিজৰ চহৰ বা গাঁও এৰিবলৈ বাধ্য কৰিব, যিটো বাৰ্মাত কৰিছিল সকলোতকৈ ডাঙৰ সমস্যা যুদ্ধভুমিত জোৱানসকলক আৰু সামগ্ৰীক উপলব্ধ কৰোৱা

যদি আমি এনে কৰিব নোৱাৰো তেন্তে আমাৰ অৱৰোধত আমি নিজৰ সফলতা অটুট ৰখাৰ আশা  কৰিব নোৱাৰো, লগতে ভাৰতৰ আন্তৰিক ভাগত প্ৰৱেশ কৰাতো সফল নোৱাৰো

আপোনালোকৰ ভিতৰত সেইসকল, যিয়ে স্বাধীনতাৰ পিছত দেশৰ বাবে কাম কৰি থাকিব বিচাৰে, এইটো কেতিয়াও পাহৰিব নালাগে যে পূৱ এছিয়াবিশেষভাৱে বাৰ্মাআমাৰ সংঘৰ্ষৰ আধাৰ যদি এই আধাৰ মজবুত নহয় আমাৰ যুজাৰু সেনা কেতিয়াও বিজয়ী নহ

মনত ৰাখিব এক সম্পূৰ্ণ যুদ্ধকেৱল দুই সেনাবাহিনীৰ মাজত যুদ্ধ নহয় সেয়ে, যোৱা একবছৰে মই পূৱতসম্পূৰ্ণ সৈন্য সংগঠন ইমান জোৰ দিছো

মই ইয়াক কোৱাৰ আঁৰত  এইটোৱে কাৰণ আছে যে আপোনাসবে ঘৰুৱা অৱৰোধৰ ওপৰত আধিক জোৰ দিয়ক, অন্য এক কাৰণো আছো আহিব লগা মাহবোৰত মই আৰু মন্ত্ৰীমণ্ডলৰ যুদ্ধ  কমিটিৰ সহযোগীয়ে যুদ্ধৰ অৱৰোধত আৰু ভাৰতৰ ভিতৰত ক্ৰান্তি আনিবলৈ নিজৰ সম্পূৰ্ণ ধ্যান কেন্দ্ৰিত কৰিব বিচাৰে

সেয়ে মই  এই কথাটো সুনিশ্চিত কৰিব বিচাৰিছোঁ যে মোৰ অনুপস্থিতিতো আমাৰ কামবোৰ যেন সুচাৰুৰূপে,কোনো বাধা নোহোৱাকৈ চলি থাকে বন্ধুসকল একবছৰৰ আগতে, যেতিয়া মই আপোনালোকৰ সন্মুখত কিছু বিচাৰিছিলো, তেতিয়া কৈছিলো যদি আপুনালোকেসম্পূৰ্ণ সৈন্য সংগঠনদিয়ে তেতিয়া মই এটা অৱৰোধ দিম

মই মোৰ সেই বচন পূৰ কৰিছোঁ আমাৰ অভিযানৰ প্ৰথম চৰণ পূৰ আমাৰ বিজয়ী সেনাই কান্ধত কান্ধ থৈ শত্ৰুক আগুৱাই দিলে আৰু এতিয়া সিহঁত আমাৰ পবিত্ৰ মাতৃভূমিত গৌৰৱেৰে যুদ্ধ কৰি আছে

এতিয়া যি কাম আমাৰ সন্মুখত আছে তাক হাতত বলৈ টঙালি বান্ধক মই আপোনালোকক সেনা,ধন আৰু সামগ্ৰীৰ ব্যৱস্থা কৰিবলৈ কৈছিলো মই সেইবোৰ সকলো ভৰপূৰ মাত্ৰাত পাই লো এতিয়া মই আন কিবা এটা বিচাৰো সেনা,ধন আৰু সামগ্ৰীয়ে নিজেই বিজয়া বা সফলতা দিব নোৱাৰে

আমাৰ মাজত এনেকুৱা প্ৰেৰক শক্তি লাগে, যিয়ে আমাক উচিত কাৰ্য্যৰ বাবে প্ৰেৰিত কৰে কেৱল এইটো কাৰণতেই এতিয়া বিজয় মাত্ৰ আমাৰ ওচৰত দেখা পোৱা যায়

আপোনাৰ এইটো চিন্তা কি আপুনি জীৱিত অৱস্থাত ভাৰত স্বাধীন হোৱাতো দেখিব, আপোনাৰ বাবে এক ঘাটক ভুল ইয়াত উপস্থিত কাৰোৰে মনত স্বাধীনতা লাভৰ মিঠা ফলৰ আনন্দ লোৱাৰ ইচ্ছা থাকিব নালাগে এক দীঘলীয়া যুদ্ধ এতিয়াও বাকী আছে

আজি আমাৰ কেৱল এটাই ইচ্ছা লাগেমৰাৰ ইচ্ছা, যাতে ভাৰত জীয়াই থাকে, এজন শ্বহীদৰ মৃত্যু লোৱাৰ ইচ্ছা, যাৰ কাৰণে স্বাধীনতাৰ পথ শ্বহীদৰ তেজেৰে বনাব পাৰি

বন্ধুসকল, আজি মই আপোনালোকৰ পৰা এটাই বস্তু বিচাৰোঁ, সকলোতকৈ প্ৰথমে মই আপোনাৰ পৰা আপোনাৰ তেজ বিচাৰোঁ এই তেজেই সেই তেজৰ প্ৰতিশোধ , যি শত্ৰুৱে বোৱাঁইছে তেজেৰেহে স্বাধীনতাৰ মূল্য দিব পাৰে তুমি মোক তেজ দিয়া আৰু মই তোমাক  স্বাধীনতা দিয়াৰ প্ৰতিজ্ঞা কৰিছোঁ


 

Popular Post

ঐতিহাসিক চিঠি