কবিতাঃ দ্য অ’ল্ড প্লেহাউচ / কমলা

Posted by : translatorsassam
August 22, 2020

 দ্য ল্ড প্লেহাউচ

মূলঃ
কমলা দাস

অসমীয়া ভাঙনি:  দুলুমণি গগৈ

 

পুৰণি নাটঘৰটো
মুক্ত বিহংগ চাতক মই, তুমি কৰিছিলা
পিঞ্জৰাবদ্ধ তোমাৰ প্ৰেমৰ দীঘলীয়া গ্ৰীষ্মত, ভাবিছিলা
বিস্মৃতিৰ গ্ৰাসত পৰিব মোৰ এৰি অহা মৰমৰ ঘৰ,
মোৰ আজন্ম প্ৰকৃতিমই জনী, মোৰ উৰাৰ হাবিয়াস
আৰু পাহৰাই দিবা অন্তহীন আকাশী পথৰ
অকোৱাপকোৱা গলি। তোমাক জানিবলৈ নহয় ,
মই নিজকেহে জানিব বিচাৰিছিলো, মোৰ জ্ঞান চক্ষু মোকলাই মোৰ উত্তৰণ বিচাৰিছিলো।
কিন্তু তুমি দিলা তুমিসৰ্বস্ব জ্ঞান।
মোৰ দেহবল্লৰীৰ সহাৰিতে ক্ষান্ত তুমি,
চিৰাচৰিত তৰাং সঞ্চালনতে সুখী।
তুমি কামনাৰ গলিত লাভা হৈ নিগৰিছিলা,
মোৰ ওঠঁৰ মৌকোহেঁৰে বিয়পি পৰিছিলা দেহৰ ৰন্ধ্ৰেৰন্ধ্ৰে,

মোৰ ক্ষুদ্ৰ বাসনাক সংপৃক্ত কৰিছিলা তোমাৰ তিতামিঠা ৰসেৰে পত্নী বুলিছিলা মোক,
মোক শিকোৱা হৈছিল তোমাৰ চাহ কাপত চেকাৰিন দি মধুৰতৰ কৰিবলৈ,
সময়মতে তোমাক ভিটামিন দিবলৈ, তোমাৰ আত্মাভিমানৰ
অহংকাৰত বশ হৈ মই যেন যাদুকৰী ৰুটী খাই বাওনা হৈ পৰো।
মোৰ ইচ্ছা, যুক্তিতৰ্ক সকলো হেৰাল।
তোমাৰ প্ৰশ্নৰ অস্ফুট , অসংলগ্ন উত্তৰ দিওঁ মই।
গ্ৰীষ্মৰ উত্তাপ চেঁচা পৰিল। এতিয়া নিষ্ঠুৰ শীতৰ বা,
আৰু শুকান পাতৰ ধোৱাঁহে মনত আছে মোৰ।
তোমাৰ কোঠা কৃত্ৰিম পোহৰেৰে আলোকিত, বন্ধ খিৰিকী।
ভিতৰৰ শীততাপ নিয়ন্ত্ৰণ যন্ত্ৰইও পৰা নাই , সৰ্বত্ৰ
তোমাৰ উশাহৰ অতিপুৰুষত্বৰ গোন্ধত সংক্ৰমিত
ফুলদানীৰ বিচ্ছিন্ন ফুল বোৰো মানুহৰ ঘামযেন গোন্ধোৱা হৈছে।
আৰু নাবাজে গীত, নৃত্যৰ ছন্দ নেদেখা ইয়াত, মোৰ মনটো যেন একপুৰণি নাটঘৰ, আলোকসজ্জা বিহীন, অন্ধকাৰ কক্ষ। শক্তিশালী পুৰুষৰ
একেটি মাথোন কৌশলতেওঁ যাচে প্ৰেমৰ বিষাক্ত পালি, ৰূপৰ, দেহৰ।
নাৰ্চিচাছৰ দৰে নিজৰ ৰূপত মোহ যোৱা দেহজ প্ৰেমেই কাল
শেহত চিৰমুক্তি বিচাৰি কামনা কৰে আইনা ভাগি চূৰ্ণ ওক
আৰু দয়ালু ৰাতিয়ে শুকুৱাই দিয়ক নাৰ্চিচাছৰ মুখ দেখা পানী


কবি পৰিচিতিঃ কমলা দাস (৩১//১৯৩৪৩১//২০০৯) বা কমলা সূৰেইয়াকমাধৱীকুট্টীছদ্মনামেৰে জনা যায়। ইংৰাজী ভাষাত লিখা অগ্ৰনী ভাৰতীয় সাহিত্যিক সকলৰ মুষ্টিমেয় মহিলাসকলৰ এগৰাকী দাসৰ কবিতাৰ বিষয়বস্তুত স্বীকাৰোক্তি মূলক উপাদান দেখা যায়। জন্মসূত্ৰে লাভ কৰা সাহিত্যৰ সমৃদ্ধিশালী পৰিবেশে তেওঁৰ সাহিত্য সাধনাৰ ভেটিঁ গঢ়ি দিছিল। বিবাহোত্তৰ কালতেই সাহিত্য চৰ্চা কৰি উৎকৃষ্ট মানৰ সাহিত্যৰে ভাৰতীয় সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰে।


অনুবাদকৰ টোকাঃ তেওঁৰ কবিতাসমূহে নাৰী মনস্তত্ত্ব গভীৰতা আৰু মুক্ত কণ্ঠে ভাৰতীয় নাৰীৰ সহনশীলতাৰ অভিজ্ঞতা বৰ্ণনা কৰে। কমলা দাসৰদ্য ল্ড প্লেহাউচ্ ণ্ড আডাৰ পয়েমচ্কবিতা পুথি খনৰদ্য ল্ড প্লেহাউচকবিতাটোৰ অসমীয়া অনুবাদৰ প্ৰচেষ্টা আচলতে মোৰ পক্ষে এটা দুৰাকাংশাহে মাথোন।

 

Popular Post

ঐতিহাসিক চিঠি