ওমানৰ সাধুকথাঃ বিবাহ ইচ্ছুক এজোপা গছৰ কাহিনী

Posted by : translatorsassam
August 26, 2020

 বিবাহ ইচ্ছুক এজোপা
গছৰ কাহিনী

(ওমানৰ  সাধুকথা)

 অনুবাদ : পংকজ কুমাৰ নেওগ

 

এসময়ত এখন গাৱঁত মোহনা
নামেৰে এগৰাকী মহিলা আছিল। মোহনা আছিল বৰ অন্ধবিশ্বাসী
; বোধকৰো গোটেই গাওঁখনত তাইৰ দৰে অন্ধবিশ্বাসী কোনো নাছিল। গাওঁখনত সামান্য
এটা ঘটনা ঘটিলেও তাই সদায় কিবা অপায় বা অমঙ্গলৰ আশঙ্কা কৰিছিল
আখলঘৰত সোমাওঁতে মোহনাই সদায় সোঁ ভৰিখনহে প্ৰথমে দি  সোমায় যাতে তাই কোনো দুৰ্ভাগ্যৰ সন্মুখীন নহয়; বাচনত কফি বনোৱাৰ সময়তো প্ৰথমে কফিখিনি মোহনাই উতলি পৰিবলৈ দিয়ে তাইৰ মতে এনেদৰে অলপ কফি উতলি পৰাতো ভাল
লক্ষণ ইত্যাদি ইত্যাদি !


 

এদিন মোহনা তাইৰ
চাৰিগৰাকী বান্ধৱীৰ সৈতে গাঁৱৰ কুৱাঁটোৰ পাৰলৈ গ
ল। কুৱাঁটোৰ পাৰতে এজোপা বিশাল খেজুৰ গছ আছিল। খেজুৰজোপাৰ ঘেৰ ইমান বহল যে
মোহনা আৰু তাইৰ চাৰিওজনী বান্ধৱীৱে একেলগে হাতত ধৰা-ধৰিকৈহে গছজোপা সাৱটি ধৰিব
পাৰিছিল। মোহনাই তলসৰা খেজুৰ এটা মুখত দি মাত লগালে
এইজোপা খেজুৰ গছ ইমান প্ৰকাণ্ড আৰু ফলবোৰ
ইমান মিঠা, নিশ্চয় গছজোপা যাদুকৰী
! তাইৰ লগৰ কেইজনীয়ে লগে লগে ভেঙুচালি কৰি উত্তৰ দিলে থ, মোহনা তোৰ যাদুকৰী গছ ! ইমান
অন্ধবিশ্বাসী নহবিছোঁন
! কিন্তু মোহনা আছিল নিজৰ কথাত অটল।
বান্ধৱীকেইগৰাকীৰ মুখলৈ থিৰ হৈ চাই তাই ক
লে মই আল্লাৰ নামত শপত খাই কৈছোঁ, যদি মোৰ ছোৱালী
এজনী জন্ম হয় তেনেহলে মই তাইক এই খেজুৰ গছজোপাৰ সৈতে বিয়া দিম আৰু তাই অতি
সুখে-সন্তোষে সংসাৰ কৰি থাকিব
বান্ধৱী চাৰিগৰাকীয়ে মোহনাৰ কথা শুনি হাঁহি উৰুৱাই দিলে দিন পাৰ হৈ যোৱাৰ লগে লগে মোহনাৰ কথাবোৰ সকলোৱে পাহৰি গ

 

এবছৰমান পাৰ হৈ যোৱাৰ
পিছত সঁচাকৈয়ে মোহনাৰ মৰম লগা এজনী ছোৱালী জন্ম হ
ল। ছোৱালীজনীৰ নাম থোৱা হ
আয়েশা আৰু তাইক সকলো অপায়-অমঙ্গলৰ পৰা কুশলে ৰাখিবলৈ মাকে
ফাতিমাৰ হাত থকা (হামসা) সৰু নেকলেচ এডাল পিন্ধাই দিলে।  একলা-দুকলাকৈ আয়েশা বাঢ়ি আহিল। চাওঁতে চাওঁতে তাই ডাঙৰ এজনীয়েই হল। মাক মোহনাই ভূত-প্ৰেতৰ বাসস্থান বুলি দঢ়াই দঢ়াই আয়েশাক
বুজাই গাঁৱৰ কুৱাঁবোৰৰ ওচৰলৈ আৰু ঘৰৰ পৰা বেছি আঁতৰলৈকো যাবলৈ নিষেধ কৰিলে। আয়েশাই
মাকৰ উপদেশ মতেই কথাবোৰ আখৰে আখৰে মানি চলিল।  সোতৰ বছৰ পাৰ হৈ যোৱাৰ পিছত এদিন লগৰীবোৰে
আয়েশাক গাঁৱৰ ডাঙৰ কুৱাঁটোৰ পাৰলৈ যাব লগ ধৰিলে। সকলোৱে তাইক জোকাবলৈ ধৰিলে
আয়েশা, কিমান নো আৰু ঘৰৰ ভিতৰত সোমাই থাক ? মাৰৰ দৰে
ভয়াতুৰ আৰু অন্ধবিশ্বাসী নহ
বিছোন ! অৱশেষত আয়েশা লগৰীবোৰৰ সৈতে কুৱাঁটোৰ
পাৰলৈ যাব বাধ্য হ
ল। বাকী সকলোবোৰে কুৱাঁৰ পৰা পানী তোলাত
ব্যস্ত হৈ থাকোঁতে হঠাতে খেজুৰ গছজোপাই ফুচফুচাই আয়েশাৰ কাণত ক
লে তোমাৰ মাক কোৱাগৈ, তেওঁ নিজৰ কথা ৰাখে যেন ! আয়েশা চক খাই উঠিল, কোনে কলে কথাষাৰ ? পিছ মূহুৰ্তত
হাঁহি এটা মাৰি ভাবি পালে মাকৰ কথা নুশুনা বাবে হয়তো তাইৰ মনৰ ভ্ৰম হৈছিল। অলপ পৰৰ
পিছত আয়েশা আৰু এইবাৰ তাইৰ লগৰীবোৰেও শুনাকৈ খেজুৰ গছজোপাই কৈ উঠিল
তোমাৰ মাক কোৱাগৈ, তেওঁ নিজৰ কথা ৰাখে যেন ! ভয়তে আয়েশা দুখোজমান পিছুৱাই গল। গছে কেনেকৈ কথা কব পাৰে, ই অসম্ভৱ ! এনেতে তৃতীয়বাৰৰ বাবে গছজোপাই ফুচফুচাই
লে তোমাৰ মাক সুধি চোৱাছোন, তেখেতৰ বা কি মত?

 

ভয়তে আয়েশা কোবাকুবিকৈ ঘৰলৈ
উভতিল আৰু মাকক আহি আদ্যোপান্ত বিবৰি ক
লে। কথাবোৰ শুনি মোহনাৰ মুখখন কেহেঁৰাজ বটা বৰণীয়া হল। হাঁয়, হাঁয় ! মইয়েই পৰিয়ালটোলৈ অনৰ্থ মাতি
আনিলোঁ ! আয়েশা মাজনী ! তই জন্ম হোৱাৰ আগেয়ে এদিন মই আল্লাৰ শপত খাই তোক খেজুৰ
গছজোপালৈ বিয়া দিম বুলি কৈছিলোঁ। মোক কথা দে কেতিয়াও আৰু তই সেই কুৱাঁ আৰু খেজুৰ
গছজোপাৰ ওচৰলৈ নাযাৱ যেন
! আয়েশাই মূৰ জোকাৰি মাকক উত্তৰ দিলে মা, তুমি এতিয়া তেনে কথা নাভাবিবা; এবাৰ শপত খাইছা যেতিয়া মই সেই খেজুৰ গছজোপাৰ সৈতে বিবাহত বহিবই লাগিব। শপত ভঙ্গ কৰিলে তোমাৰ প্ৰতি জিন্ন্  ডাঙৰীয়া ৰুষ্ট হব। জীয়েকৰ কথাত অৱশেষত সৈমান হৈ মোহনাই বিয়াখন পাতিবলৈ সাজু হল। আৰব বিবাহৰ পৰম্পৰা অনুসৰি মোহনাই আয়েশাৰ হাত আৰু
ভৰিকেইখন ধুনীয়াকৈ
হেন্নাৰে সজালে আৰু বিয়াৰ সাজযোৰ গোলাপী আউধ আতৰেৰে সুগন্ধিময় কৰি তুলিলে। দৰাই কইনাক
উপহাৰ দিয়াৰ দৰে মোহনায়ো জীয়েকক নানা আ-অলংকাৰ আৰু কাপোৰ-কানিৰে ওপচাই এটা সময়ত
কুৱাঁটোৰ পাৰৰ খেজুৰ গছজোপাৰ কাষত থৈ আহিলেগৈ

 

পিচদিনা পুৱাই আয়েশাক
এবাৰ চাই আহিবলৈ মোহনা কুৱাঁটোৰ পাৰলৈ গ
ল কিন্তু খেজুৰ গছজোপাৰ ওচৰত কোনো নাছিল। ওচৰে পাজৰে লগ পোৱা সকলো মানুহকে
আয়েশাৰ কথা সুধিলে কিন্তু কোনেও তাইৰ উৱাদিহ দিব নোৱাৰিলে। প্ৰত্যেক দিনা এইদৰে
মোহনাই জীয়েকক বিচাৰি ওলাই যায় কিন্তু কাৰো পৰা একো সূংসূত্ৰ লাভ কৰিব নোৱাৰি বিফল
মনোৰথেৰে উভতি আহে।  মাহৰ পিছত মাহ
বাগৰি   এবছৰৰো অধিক সময় পাৰ হৈ গ
ল। এদিন গধূলি দুখে-ভাগৰে ঘৰলৈ আহি বিচনাত পৰোতে মোহনাই
চিলমিল টোপনিত সপোন এটা দেখা পালে
মোহনাৰ ঘৰলৈ কোনোবা এগৰাকী অচিনাকী মহিলা আহিছে আৰু মহিলাগৰাকীক লগ ধৰিবলৈ
যাওঁতে তেওঁ মোহনাক দীঘল কাপোৰ এডোখৰ হাতত গটাই দি অন্তৰ্ধান হয়।
মানুহ গৰাকী যোৱাৰ পাছত মোহনাই হাতৰ কাপোৰখন শুঙি চাওঁতে
এটা চিনাকি ফুৰফুৰীয়া সুগন্ধি নাকত লাগে
! এই গোন্ধ মোহনাৰ অতি
আপোন ! ক
ত পাইছিল বাৰু এই গোন্ধ ? ছাত্কৈ মোহনাৰ মনত পৰে এৰা, আয়েশাৰ কইনাৰ সাজযোৰৰ পৰাও সেই একেটা গোন্ধেই ওলাইছিল ! খকমককৈ টোপনিৰ
পৰা সাৰ পাই মোহনাই বিচনাত বহি ভাৱে
সপোনটোৰ পূৰ্বাভাস শুভ, আল্লাই নিশ্চয় কিবা ভাল বাতৰি শুনাব। মোহনাই আকৌ
বিচনাত বাগৰ দিলে
; বহুত দিনৰ মূৰত তাই প্ৰশান্তিত টোপনি গল।

 

কিছুদিনৰ পিছত এদিন
সন্ধিয়া মোহনাৰ ঘৰৰ দুৱাৰত কোনোবাই মৃদু কৰাঘাত কৰে
দুৱাৰখন মেলি মোহনাই  সন্মুখত দেখে এগৰাকী
কম বয়সীয়া সুন্দৰী মহিলা
; পিন্ধনত বেঙুণীয়া ৰঙৰ দামী পশমী কাপোৰ।
ডিঙিত সোণৰ মীনা কৰা গধুৰ হাৰ, আনকি হাত আৰু ভৰিদুখনো স্বৰ্ণালঙ্কাৰেৰে সু-সজ্জিত।
মানুহগৰাকীৰ ওচৰত এজন মানুহ থিয় হৈ আছে; কোলাত এটা শুই থকা কেঁচুৱা। সুন্দৰী মহিলা গৰাকীয়ে অলপ হাওলি মোহনাৰ গালত
চুমা খাই ক
লে মা, মোক চিনি পোৱা
নাই
? মই তোমাৰ জীয়ৰী আয়েশা
! মোহনা থৰ লাগি ৰ অৱশ্যে পিছ মূহুৰ্ততে আয়েশাৰ ধুনীয়া
চকুযুৰি আৰু হাঁহিটো চিনি পাই জীয়েকক সাৱটি ধৰে।
মা, এখেত মোৰ স্বামী আৰু এইটো আমাৰ সন্তান। তুমি যিদিনা আৰু যিটো ক্ষণত সেই
খেজুৰ গছজোপাক তোমাৰ জীয়ৰীক বিয়া দিম বুলি শপত খাইছিলা এইজন লোক তেওঁৰ দেউতাকৰ
সৈতে সেইখিনি ঠাইৰে খোজ কাঢ়ি গৈ আছিল। তোমাৰ কথা শুনা পাই তেওঁ তেতিয়াৰে পৰা বহুত
বছৰ আৰু মই বিবাহযোগ্যা হৈ নুঠালৈকে অপেক্ষা কৰি আছিল। মই অৱশেষত যেতিয়া
বিবাহযোগ্যা হ
লো, তেওঁ তেতিয়া আকৌ সেই খেজুৰ গছজোপাৰ
পিছফালে লুকাই মোৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলে। মোৰ স্বামী পাহাৰৰ সিপাৰে থকা চহৰখনৰ
এজন ডাঙৰ আৰু চহকী সদাগৰৰ পুত্ৰ আৰু আমি সঁচাকৈয়ে ইজনে সিজনক লভি বৰ সুখী
!

 


মোহনাই জী-জোৱাঁয়েক আৰু
নাতিয়েকক আনন্দৰে সাবটি ধৰি ঘৰৰ ভিতৰলৈ লৈ গ
ল। পিছদিনা পুৱা মোহনাই গাঁৱৰ সকলোৰে সৈতে আয়েশাৰ পৰিয়ালটো চা-চিনাকি কৰাই
দিলে। গাওঁ ঘূৰি-পকি আবেলি সকলোবোৰ ঘৰলৈ উভতিল। জীয়েকৰ গাল দুখন মৰমেৰে হাত ফুৰাই
মোহনাই ক
লে মাজনী, মই সঁচাকৈয়ে একেবাৰে আঁকৰী আছিলোঁ, অ ! মই শপত খাই কৈছোঁ আজিৰ পৰা আৰু কেতিয়াও অন্ধবিশ্বাসী
নহওঁ
! এনেতে আয়েশাৰ কোলাত থকা কেঁচুৱাটো কান্দি
উঠিল। মোহনা হঠাতে ব্যস্ত হৈ পৰিল আৰু আয়েশাক উদ্দেশি শুনালে
মাজনী, বাবাটোক কপালত কাজলেৰে সদায় এটা ডাঙৰ কলাফোঁট দি থবিছোন ! মইয়ো চাওঁ,
কাইলৈ পুৱা ক
ৰবাৰ পৰা মন্ত্ৰপূত মাদুলী এটা আনি বাবাটোৰ
ডিঙিত ওলোমাই দিব পাৰোৱেই নেকি ……..!!!!!


 

Popular Post

ঐতিহাসিক চিঠি