কবিতাঃ আইনৰ প্ৰসংগত/ খলিল জিব্ৰান

Posted by : translatorsassam
August 30, 2020

আইনৰ প্ৰসংগত

(Chapter: On Laws by Khalil Gibran)

মূলঃ খলিল জিব্ৰা

অনুবাদঃ অৱনী বুঢ়াগোহাঁই

(লেখকৰ “দেৱদূত” গ্ৰন্থৰ পৰা)

 

তাৰপাচত এজন আইনজীৱি আহিল আৰু কলে : গুৰুদেৱ, আমাৰ আইনৰ বিষয়ে কি ক?

আৰু তেওঁ
উত্তৰ দিলে এইবুলি :

 

তোমালোকে আইন বনাই যিমান ভালপোৱা, তাতোকৈ বেছি ভালপোৱা আইন ভাঙি । সাগৰৰ পাৰত ওমলা লৰাছোৱালী হঁতৰ একমনে বালিঘৰ সজাৰ দৰে, আৰু হাঁহি হাঁহি সেইবোৰ ভাঙি পেলোৱাৰ দৰে । কিন্তু তোমালোকে
যেতিয়া বালিঘৰ সাজা
, সাগৰে কিন্তু পাৰলৈ
সৰহ বালি কঢ়িয়াই আনে
, আৰু যেতিয়া এইবোৰ ধ্বংস
কৰা
,
সাগৰখনে কিন্তু তোমালোকৰ সতে হাঁহে । নিশ্চিতভাবে সাগৰে  নিৰ্দোষীহঁতৰ লগতহে হাঁহে । কিন্তু সিহঁতৰ কি হব যাৰ জীৱন সাগৰৰ দৰে নহয়, আৰু মানুহে বনোৱা আইন-কানুন বালিঘৰ নহয়, যাৰ বাবে জীৱন হল এক শিলাখণ্ড আৰু আইন
এটা বটালি
, যাৰ দ্বাৰাই সিহঁতে ইচ্ছা অনুসৰি নিজৰ
দৰেই ৰূপ দিব পাৰে
?

 

লেঙেৰা এটাৰ বিষয়ে কি কবা কিয় নাচনীবোৰক বেয়া পায় ? ষাঁড়টোৰ বিষয়ে কি কবা, কিয় তাৰ যুঁৱলিক ভালপায়, শিঙাল পহু আৰু হৰিণাবোৰে কিয় হাবিত লক্ষ্যহীন আৰু গৃহহীনৰ দৰে ঘূৰি ফুৰে ? কিয় সেই বুঢ়া সাপটোৱে মোট সলাব নোৱাৰাৰ দুখত বাকীবোৰক নাঙঠ আৰু
লজ্জাহীন বুলি কয়
?

 

আৰু যিবিলাকে বিয়াৰ ভোজৰ বাবে সোণকালে
আহি
,
ভৰপেট খাই ভাগৰুৱা হৈ , কৈ গৈ থাকে যে এই ভোজবোৰ হল নিয়মৰ উলঙ্ঘন আৰু
ভোজখোৱাবোৰ আইনভংগকাৰী
? এওঁলোকৰ বিষয়ে কিনো
ম কাৰণ একেটা সূৰ্য্যৰ তলত তেওঁলোকেও ঠিয় হৈ থাকে অৱশ্যে সূৰ্য্যটোলৈ
পিঠি দি । তেওঁলোকে মাত্ৰ ছাঁটোহে দেখে আৰু তেওঁলোকৰ ছাঁটোৱেই হ
ল তেওঁলোকৰ আইন । আৰু সিহঁতৰ বাবে সূৰ্য্যটোনো কি, ছাঁ নিৰ্মানৰ এটা আহিলা ?  আৰু কি নিয়মটোক মানি
লব লাগিব
,
হাওলি পৰি পৃথিবীৰ ওপৰত ছাঁ  বিচৰাৰ বাহিৰে ?

 

কিন্তু তোমালোক যিবোৰে বেলিমুখীয়াকৈ খোজ
কাঢ়া
,
কোন ধৰণৰ ছবি তোমালোকে ধৰি ৰাখিবা ? বতাহৰ সতে তোমালোক যিসকলৰ যাত্ৰা, কেনে বায়ুনিৰ্দেশক যন্ত্ৰই তোমালোকক দিশানিৰ্দেশ দিব ? মানুহৰ কোনবোৰ নিয়মে বান্ধিব পাৰিব তোমাক, তুমি যদি তোমাৰ যুঁৱলী ভাঙি পেলাইছা কিন্তু কাৰো বন্দীশালৰ দুৱাৰ
ভাঙিব পৰা নাই
?

 

কোনবিলাক আইনক তুমি ভয় কৰিবা যেতিয়া তুমি
নাচি থাকা কিন্তু হামখুৰি খাই কোনো মানুহৰ লোৰ শিকলিৰ ওপৰত নপৰাগৈ
? আৰু তেওঁ কোন যিজনে তোমালৈ টানি আনিব বিচাৰকক্ষলৈ যদিহে তুমি
তোমাৰ কাপোৰ কাণি ফালিও কাৰো পদপথত পেলোৱা নাই
?

অৰ্ফালিজৰ মানুহবোৰ, তোমালোকে ঢোলৰ শব্দক হেঁচা প্ৰয়োগেৰে কমাব পাৰিবা, তোমালোকৰ বীণখনৰ তাঁৰবোৰ ঢিলা কৰি দিব পাৰিবা, কিন্তু কোনে আদেশ দিব স্কাইলাৰ্ক চৰাইজনীক গান গোৱা বন্ধ কৰিবৰ
বাবে
?


Popular Post

ঐতিহাসিক চিঠি