কবিতাঃ আঁঠ বছৰৰ আগৰ এদিন / জীৱনানন্দ দাশ

Posted by : translatorsassam
September 22, 2020

আঁঠ বছৰৰ আগৰ এদিন 

মূলঃ জীবনানন্দ দাশ 

অসমীয়া
অনুবাদঃ অৱনী বুঢ়াগোহাঁই
 

শুনিলো, লাচকটা ঘৰলৈ লৈ গল তাক

কালি নিশা ফাগুনৰ ৰাতিৰ
আন্ধাৰত

যেতিয়া ডুবি গৈছিল পঞ্চমীৰ
জোন

মৰিবৰ গল মন তাৰ।

 

পত্নী শুইছিল কাষতে—
শিশুটিও আছিল

প্ৰেমো আছিল,

আশাও আছিল,

পিছে জোনাকত সি বা কিনো
ভূত দেখিল
,

ভাগিল কিয় টোপনি তাৰ ?

অথবা বহুদিন অহা নাছিল
টোপনি

সেয়ে লাচকটা ঘৰত শুইছে
এইবাৰ।

এনে টোপনিয়ে বিচাৰিছিল
চাগে !

মহামাৰীৰ এন্দুৰৰ দৰে ডিঙি
ভাঙি

তেজ, ফেন, মুখত সানি

এন্ধাৰ গাঁতৰ বুকুত শুইছে
এইবাৰ
,

কোনো দিনে নাপায় সি সাৰ ।

 

কোনোদিনে নাজাগিব আৰু

জানিবলৈ গাঢ় বেদনাক

বিৰামবিহীন গধুৰ গধুৰ ভাৰ

আৰু নসহিব সি পুনৰ
এবাৰ”

 

এই কথা কৈ গল তাক,

জোন ডুবি গুছি গল অদ্ভূত আন্ধাৰ দিশে

যেন তাৰ খিৰিকি কাষত

উটৰ ডিঙিৰ দৰে কোনো এক
নিৰৱতা আহি।

তথাপিও সাৰে থাকে ফেঁচা

গলিত স্থবিৰ বেঙে এটা দুটা
মুহূৰ্তৰ ভিক্ষা মাগে
,

আৰু এক নতুন পুৱাৰ
ইঙ্গিতেৰে
,

বুজি পোৱা কুহুমীয়া
অনুৰাগেৰে।

 

গম পাই জাকফুৰা আন্ধাৰৰ
গাঢ় নিৰুদ্দেশ
;

চাৰিওফালে আঠুৱাৰ ক্ষমাহীন
বিৰোধিতাত

মহবোৰে নিজৰ টোলৰ পৰা ওলাই
আহি

জীৱন-সোঁতত প্ৰেম কৰে।

তেজ, বোকাত লেটি লৈ থকাৰ পৰা ৰদলৈ পুনু উৰি যায় মাখি

সোনালী ৰদৰ ঢৌত, উৰা পতংগৰ খেল, কতনা দেখিছো

ঘনিষ্ঠ আকাশৰ দৰে কোনো
বিকীৰ্ণ জীৱন

অধিকাৰ কৰি আছে ইহঁতৰ মন।

 

দুৰন্ত শিশুৰ হাতৰ মাজৰ
ঘঁহনিত
, 

ফৰিঙৰ প্ৰাণপন চেষ্টা মৰণৰ
বিৰুদ্ধে ৰণ

জোন ডুবি যোৱাৰ পাছত গভীৰ
আন্ধাৰত তুমি

হাতত এডাল ৰচীৰে সৈতে

গুছি গলা আহঁত জোপাৰ দিশে তথাপিও
অকলে অকলে

যি জীৱন ফৰিঙৰ, কেতেকীৰ, 

মানুহৰ সতে তাৰ কাহানিও
নহয় যে দেখা ।

এই ভাবি। 

আহঁতৰ ডালে নকৰিলে নেকি
কোনো প্ৰতিবাদ
?

জোনাকীৰ সমদলে, স্নিগ্ধ ফুলৰ জাকে নকৰিলে
সাৱটাসাৱটি
?

নকলেনে:  বুঢ়ী
জোন গুছি গ

বানপানীত উটি
?

আচৰিত !

তেনে ধৰা যাওক দুই এটা
এন্দুৰ এইবাৰ !

নজনালে নেকি ফেঁচা আহি এই
বিৰাট বাতৰি
?

 

জীৱনৰ এই সোৱাদ–ভৰপক
শস্যৰ গোন্ধ হেমন্তৰ আবেলিৰ
,

তোমাৰ অসহ্য বোধ হ;

মৰ্গত উশাহ বন্ধ নিৰৱতা

মৰ্গত তেন্তে মাথো থেতেলা
এন্দুৰৰ তেজৰঙা মুখ !

শুনা,

যিয়েই নহওক, এয়া এটা মৃতকৰ কাহিনী, কোনো নাৰীৰ সতে
ব্যৰ্থপ্ৰেম নহয়

বিবাহিত জীৱনৰ ইচ্ছাৰ কতো
নাছিল কোনো অপূৰ্ণতা

সময়ৰ মন্থনত উঠি অহা
পত্নীয়ে

দেহৰ মৌ—মনৰ মৌৰ জনাই
দিছিল বতৰা

ভাত কাপোৰ গ্লানি বেদনাৰ
শীতত

কোনো দিনে কঁপি উঠা নাই।

আৰু সেয়ে

লাচকটা ঘৰৰ চিৎ হৈ পৰি আছে

টেবিলৰ ওপৰত।

 

জানো— তথাপিও জানো

নাৰীৰ
হৃদয়–প্ৰেম–সন্তান– ঘৰেই– নহয় সকলো

অৰ্থ নহয়, কীৰ্তি নহয়, স্বচ্ছলতা নহয়

আৰু থাকে কিছু বিপন্ন
বিস্ময়

আমাৰ অভ্যন্তৰত তেজৰ মাজত

খেলা কৰে

আমাক ক্লান্ত কৰে

অতিপাত ক্লান্ত কৰে

লাচকটা ঘৰত সেই ক্লান্তি
নাই

সেয়ে

লাচকটা ঘৰৰ চিৎ হৈ শুই আছে
টেবিলৰ ওপৰত।

 

তথাপিও প্ৰতি নিশা বিচাৰি
চাওঁ
সৌৱা

জুৰুলা অন্ধ ফেঁচাটোৱে
আহঁত ডালত বহি

আহি চকু ওলোটাই কয়: 

বুঢ়ীজোন
ল হবলা বানপানীত উটি ?

আচৰিত !

তেনে ধৰা যাওক দুই এটা
এন্দুৰ এইবাৰ —–

হে অত্যুৎসাহী বুঢ়ীআই,

আজিও আচৰিত‘ ??

ময়ো তোমাৰ দৰে বুঢ়া হ, বুঢ়ীজোনক কৰি দিম

কালিদহত বানপানীত ইপাৰ
সিপাৰ

আমি দুয়ো মিলি শূন্য কৰি
গুছি যাম

জীৱনৰ প্ৰচুৰ ভাণ্ডাৰ।

 

Popular Post

ঐতিহাসিক চিঠি