কবিতাঃ অনূদিত শিশু কবিতা

Posted by : translatorsassam
September 25, 2020

মূল কবিতা — Dad and the
cat and the tree
কবি — Kit Wright
ভাঙনি — গায়ত্ৰী দেৱী বৰঠাকুৰ

দেউতা আৰু এটা মেকুৰী আৰু এজোপা
গছ

আজি ৰাতিপুৱাই এটা ঘটনা হ’ল
আমাৰ ঘৰত ।
এটা মেকুৰী লাগি ধৰিলে আমাৰ এজোপা গছত ।।

দেউতাই ক’লে,
বিষয়টো মোৰ ওপৰতে এৰি নিদিয়া কিয় হে।।”

ওখ গছজোপা
লেহুকা।
মায়ে ক’লে,” ভগৱানৰ দোহাই,
নপৰিবা গৈ দেই গোঁসাই। “

“পৰিম আৰু মই” —
ঠাট্টাৰে হাঁহি মাৰি দেউতাই ক’লে,
“মোৰ দৰে গছ বগোৱাত পাকৈত মানুহ এজন ক’ত বিচাৰি পাবাহে..!!
মোৰ বাবে এইয়া যেন এক ল’ৰা -ধেমালি।
তুমি মাথো ধৈৰ্য্য ধৰা ,থাকা অপেক্ষা কৰি।।”

বাগিছাৰ সৰু ঘৰটোৰ পৰা দেউতাই
জখলা ডাল উলিয়াই আনিলে।
জখলা পিছলিলে, দেউতা আহি ফুলৰ বিচনাত ধুপুচকৈ পৰিলে।।

কোনো কথা নাই ক’লে দেউতাই,
চোলা,পায়জামা,চুলি আৰু মুখৰ ধূলি আঁতৰাই-আঁতৰাই। ।

তোমালোকে চাই থাকিবা , মই এতিয়া
প্ৰয়োগ কৰিম দ্বিতীয় কৌশলটি।
মাথো ৰাস্তাৰ পৰা থাকিবা আঁতৰি । ।
মায়ে ক’লে ,
আকৌ হ’লে নপৰিবা দেই সোণটি।।”

“আকৌ পৰিম!!– ধেমেলীয়া
কথাটিত পিছে বৰ হাঁহি উঠিলে ।”
তাৰ পিছত ডাল এটালৈ লক্ষ্য কৰি দেউতাই এটা জাঁপ মাৰিলে ।।
সেই ডাল ডালো ভাগিল।
দেউতা ধুমুহকৈ আহি আকৌ আহি তলত পৰিল।।

মায়ে ক’লে ,”বন্ধ কৰা ।
নহ’লে এতিয়া চোন তুমি তোমাৰ ডিঙিটোকে ভাঙিবা।।”

“কি যে অদৰকাৰী কথা কিছুমান
কোৱা।
এতিয়া সেয়ে তৃতীয়টো উপায় প্ৰযোগ কৰিম চোৱা।
মোৰ দৰে পাকৈত গছ বগোৱা মানুহৰ বাবে,
এইটো ভাতৰ লগত পানী খোৱাৰ দৰে কথা হে ।।”

তাৰপিছত দেউতাই বাগিছাৰ দেৱাল
খনত জপিয়াই উঠিল।
অনুমান কৰা!
দেউতা কিন্তু এইবাৰ তললৈ নপৰিল।।

এইবেলি দেউতাই গছজোপালৈ বুলি
এটি দীঘল জাপ মাৰিলে ।
দেউতা গৈ গছ জোপাৰ ফেৰেঙনিতে লাগি ধৰিলে।।

মেকুৰীটোৰ ওপৰতে
দেউতা পৰিলে ।
ধুপুচ!

মেকুৰীটোয়ে এটা গেঙনিৰে মাটিলৈ
বুলি জাপ এটি মাৰিলে ।
আৰু নিজকে সুৰক্ষিত অৱস্থাত পাই এপাক নাচিলে।।
আনন্দতে মাৰিলে মেকুৰীটোৱে দুষ্টালিৰ এটি হাঁহি।
খুবেই যে সন্তোষজনক আজিৰ এই কাণ্ডটি। ।

পিছে ,বেচেৰা দেউতালৈ বেয়াই
লাগে।

এতিয়াও গছজোপাতে তেনেকৈয়ে ওলমি
আছে।।

গায়ত্ৰী
দেৱী বৰঠাকুৰ। তেজপুৰ।

Popular Post

ঐতিহাসিক চিঠি