কবিতাঃ সমুদ্ৰৰ স’তে মানুহজন / চাৰ্লছ ব’ডলেয়াৰ

Posted by : translatorsassam
September 27, 2020

সমুদ্ৰৰ
তে
মানুহজন
মূলঃ
চাৰ্লচ ব
ডলেয়াৰ
অসমীয়া ভাঙনিঃ অপৰাজিতা গগৈ

মুক্ত
মানুহ
!

সাগৰৰ
প্ৰতি তোমাৰ প্ৰেম অসীম


তোমাৰ দাপোণ

ইয়াতেই
তোমাৰ আত্মাক লালন কৰা

কেনে
সীমাহীন
, উন্মুক্ত ইয়াৰ প্ৰচণ্ড ঢৌবোৰ

তোমাৰ
আত্মাই দুখত ডুবিও

সেই
গভীৰতাক চুব খোজে
!

অন্তৰৰ
গভীৰতম প্ৰদেশত তুমি আনন্দ লভা

দুচকু
আৰু হৃদয়ৰ গভীৰতাৰে সৌন্দৰ্য মন্থন কৰা

কেতিয়াবা
মনে আওকাণ কৰে

যেতিয়া
গভীৰ গৰ্জনে তোমাক বিতত কৰে।

তোমালোক
দুয়ো চতুৰ ছায়াময়

হেৰা
মানুহজন!
কোনেও
বুজিব নোৱাৰে

তোমাৰ
গভীৰতম গোপন

হেৰা
সমুদ্ৰ ! কোনেও চুব নোৱাৰে

তোমাৰ
গভীৰতম ঐশ্বৰ্য

তুমিযে
তোমাৰ গোপনীয়তাক

ঈৰ্ষনীয়ভাৱে
সামৰি ৰাখা
!

যিহেতু
তোমালোক দুয়ো

মৃত্যু
আৰু সংঘৰ্ষৰ স
তে
প্ৰেম কৰা

অন্তহীন
বছৰজুৰি ইজনে সিজনৰ স
তে

যুদ্ধ
কৰিছা

কণমানো অনুতপ্ত
নোহোৱাকৈ

কণমানো চকুলো
নোটোকাকৈ

নিদাৰুণ
ভ্ৰাতৃত্বৰে

যেন
চিৰকাল বৈৰী
!

 

কবি পৰিচিতিঃ চাৰ্লচ
ডলেয়াৰ
ফ্ৰান্সৰ এজন প্ৰসিদ্ধ কবি
, কলা সমালোচক, নিবন্ধকাৰ তথা অনুবাদক আছিল। তেওঁৰ আটাইতকৈ
বিখ্যাত সাহিত্যকৃতি হ

” দ্যা ফ্লাৱাৰচ অৱ ইভিল ” । যিয়ে শিল্প উদ্যোগৰ লগে লগে প্ৰাকৃতিক
সৌন্দৰ্যৰ পৰিৱৰ্তনৰ এক বৰ্ণিল ৰূপ দাঙি ধৰিছে

তেওক আধুনিকতা আৰু
প্ৰতীকবাদীৰ বাৰ্তাবাহক হিচাবে অভিহিত কৰা হয়

1821 খ্ৰীঃত
ফ্ৰান্সৰ পেৰিচত জন্ম গ্ৰহণ কৰি মাত্ৰ
46 বছৰ বয়সতে 1867 খ্ৰীঃত মৃত্যু বৰণ কৰে।

এই
কবিতাটোত কবিয়ে সাগৰক মনৰ অৰ্দ্ধচেতন অৱস্হাৰ এক চিত্ৰকল্প ৰূপে কল্পনা কৰি মানুহৰ
চেতন আৰু অৱচেতন মনৰ দন্দৰ চিৰন্তন ৰূপক অংকণ কৰিছে

 

Popular Post

ঐতিহাসিক চিঠি