গল্পঃপৰিবৰ্তন / দোলনা বড়ুয়া তৃষা

Posted by : translatorsassam
September 29, 2020

 
পৰিবৰ্তন


মূল বাংলা: দোলনা বড়ুয়া তৃষা

অসমীয়া ভাঙনি: দেৱাশ্ৰী বৰগোহাঁই

        পলাশ আজি শহুৰেকৰ ঘৰলৈ যাবলৈ ওলাইছে তাক বিদায় জনাবলৈ সকলো আহিছে মাকে ৰাক শহুৰেকৰ ঘৰলৈ পঠিয়াব লগা হোৱাৰ খঙত অনুস্বৰে কান্দিছে

        আপোনালোকে চাগে ভাবিছে ৰা এটা শহুৰেকৰ ঘৰলৈ ফুৰিবলৈ যোৱাতো নো কি ডাঙৰ কথা নাই পলাশ শহুৰেকৰ ঘৰলৈ ফুৰিবলৈ নাযায় ছোৱালীবোৰ যেনেদৰে শহুৰেকৰ ঘৰলৈ যায় ঠিক তেনেদৰে নাই নাই ঘৰ জোঁৱাই নহয়

        মই নীলা ইমানদিনে মই শহুৰৰ ঘৰত আছিলো মানে পলাশ হঁতৰ ঘৰত এতিয়া পলাশ তাৰ শহুৰৰ ঘৰলৈ মানে মোৰ ঘৰলৈ যাবলৈ ওলাইছে

        আমি দুইজনেই মাদেউতাৰ একমাত্ৰ সন্তান মোৰো কোনো ভাইভনী নাই পলাশৰো নাই

        প্ৰায় সাতবছৰ প্ৰেমৰ অন্তত আমাৰ বিয়া হয়

        মই বিয়া কৰি মাদেউতাক এৰি লৈকো যাবলৈ বিচৰা নাছিলো অকলশৰীয়া হৈ পৰিব দুয়ো সেয়ে পলাশৰ আগত চৰ্ত ৰাখিছিলো যদি বিয়া কৰাব বিচাৰিছা তেনেহলে এটা চৰ্ত মানিব লাগিব আচলতে দুটা চৰ্ত

        প্ৰথম, বিয়াৰ খৰচ দুই পৰিয়ালে সমানে বহন কৰিব কাৰণ বিয়া পাতি কোনেও কাৰোৰ ওপৰত দয়া কৰা নাই যে মাদেউতাই সমস্ত জীৱনৰ জমাপুঞ্জী এদিনতে শেষ কৰি পেলাব দুয়োজনে একেলগে পঢ়াশুনা কৰিছো দুয়োজনে জব কৰো ইনকাম কৰো কোনো কম নহয়

        দ্বিতীয়, যিহেতু আমি দুইজনে ঘৰৰ একমাত্ৰ সন্তান গতিকে তেওঁলোকক চোৱাচিতা কৰাৰ দায়িত্ব আমাৰ গতিকে মাহ মই তোমালোকৰ ঘৰত থাকিলে বাকী মাহ তুমি মোৰ ঘৰত থাকিব লাগিব

        পলাশে মানি লৈছিল হয়তু ভাবিছিল মই পাছত পাহৰি থাকিম নাই মই পাহৰা নাই পলাশে কথাটো ঘৰত জনোৱা নাছিল কিন্তু মাহৰ পাছত মই যেতিয়া আহিবলৈ ওলালো তেতিয়া সি জনাবলৈ বাধ্য অনেক সমস্যাৰ অন্তত আজি পলাশ শহুৰৰ ঘৰলৈ ওলাইছে পলাশৰ আপত্তি নাই কাৰণ শহুৰৰ ঘৰত সি জোঁৱাই হিচাপে যথেষ্ট আদৰ সৎকাৰ পায় কিন্তু সি নাজানে এইবাৰ তাৰ জীৱনৰ সকলো হিচাপ নিকাচ উলোটা হৈ পৰিব

        মায়ে খুব আদৰেৰে পলাশক বৰণ কৰিলে ওচৰ চুবুৰীয়াক মাতি আনি চাহ মিঠাই খুৱালে খুব ফূৰ্ত্তিতামাছা হৈছে মই অহাৰ খবৰ পাই কাজিনকেইটাও আহি খুব স্ফূৰ্তি কৰিছে পলাশো খুবেই আনন্দিত

        দুয়ো চাকৰিলৈ যাওঁ একেলগে ফুৰিবলৈ যাওঁ ঘৰখনেও যেন প্ৰাণ পাই উঠিছে

        মাহ বগৰাৰ লগে লগে পলাশ মোলান হৈ থাকিবলৈ লে তাৰ অনুভৱ মই যেন চেঞ্জ হৈছো

        পলাশ যিহেতু শহুৰৰ ঘৰত আছে ঘৰৰ কিছুমান কামতো কৰিব লাগিব দেউতাৰ অসুস্থতাৰ বাবে পলাশ এদিন বজাৰ কৰিবলৈ যাব লগা পাছদিনাৰ পৰাই পলাশৰ ডিউটিয়ে হৈ পৰিল বজাৰ কৰাটো

        প্ৰায় প্ৰতিদিনে মায়ে সোনকানে টোপনিৰ পৰা জগাই তাক বজাৰ কৰিবলৈ পঠায় সি বিৰক্ত হয় মোৰ আগত আপত্তি কৰে , তোমালোকৰ ঘৰত সদায় ইমান সোনকালে উঠিব লগা হয় মই লো, তাতে কি ? এইটো তোমাৰ কাম কিয় মই জানো তোমালোকৰ ঘৰত ৰাতিপুৱাৰ জলপান বনাবলৈ সোনকালে নুঠো ? মইতো কোনোদিন একো কোৱা নাই

        পলাশে একো নকলে

        এদিন তাৰ কিবা এটা ভাল লাগি থকা নাছিল সেয়ে দেৰিকৈ উঠি বজাৰলৈ যোৱাত ভাল মাছ নাপালে এই লৈ মায়ে তাক একো নকলে যদিও পাকঘৰত সোমাই ভোৰভোৰাই থাকিল পলাশৰ ভীষণ খঙ উঠিছিল মই দেখিও নেদেখাৰ ভাও ধৰিলো মোকো তাৰ মাকে শুৱাৰ পৰা উঠোতে অলপ পলম লেই কিমান কথা শুনায় পলাশেতো কোনোদিন একোৱে মাত মতা নাই

         
মা আজি তাইৰ গাটো ভাল নহয় এনেকৈয়োতো এবাৰো কোৱা নাই

 

পলাশে চিঞৰি সুধিছে,

         
নীলা মোৰ চাৰ্টটো ?

         
কি চাৰ্ট? মই কি জানো? তাতেইতো সব আছে

         
আছে কিন্তু এটাও ইস্ত্ৰী কৰা হোৱা নাই

         
দোকানত দিয়া নাই সেইটো মোৰ ভুল নেকি? নিজে কৰি লোৱা, পাৰিলে মোৰটোও কৰি দিয়া না

 

পলাশ মনে মনে থিয় দি

         
কি ?

         
মই এইবোৰ কোনোদিন কৰি পোৱা নাই দোকানত দিবলৈ পাহৰি লে মায়ে কৰি দিয়ে

         
ময়োতো কোনোদিন কৰা নাছিলো কিন্তু তুমি আৰু তোমাৰ মায়ে সিদিনা কৈছিলা এই সামান্য কামটোও মোক মোৰ মায়ে শিকোৱা নাই নে? মই শিকি পেলাইছিলো নিজে নিজে তুমিও শিকা কিয় তোমাৰ মায়ে তোমাক একো শিকোৱা নাই নেকি?

         
এইবোৰৰ মাজলৈ আকৌ মোৰ মাক টানিছা কিয় ?

         
তুমি কিয় টানিছিলা ? মনত পৰিছে নে কথাবোৰ ?

পলাশে একো নামাতিলে বিনা ইস্ত্ৰীৰ চাৰ্টটো পিন্ধি জলপান নোখোৱাকৈ ওলাই

কাষৰ ঘৰৰ আণ্টি আহিছিল পলাশে লেপটপত অফিছৰ ইম্পৰ্টেণ্ট কাম কৰি আছিল মায়ে আহি লে, কণী শেষ হৈছে এটা নুডলছ্ আৰু কণী আনি দিয়া চোন

         
মা মোৰ কামটো খুবেই ইম্পৰ্টেণ্ট প্লীজ ১০ মিনিট পাছত যাম

         
তোমাৰ কামৰ বাবে এতিয়া আলহীক শুদা মুখেৰে বহুৱাই নেকি ?

নীলাৰ মাকে এনেদৰে কোৱাত খঙ উঠাৰ স্বত্তেও পলাশ উঠি যাবলগীয়া কাৰণ এইয়া যে তাৰ মাক নহয় বিচাৰিলেও খঙ কৰিব পৰা নাই আচলতে সেই আপোন ভাৱটোৱে যেন নাই এইয়া যে শাহু মা

পলাশে মন কৰিলে সকলোৱে চাহ জলপান খোৱাৰ পাছতো তাক কোনেও খাবলৈ নামাতিলে সেইবাবে নিজেই গৈ বাতিত নুডলছ্ লৈ খালে চাহকাপ একেবাৰে চেঁচা

নীলা তেতিয়াও অফিচৰ পৰা আহি পোৱা নাই শাহুয়েকো কথা পতাত মছগুল পলাশে নিজেই চাহকাপ গৰম কৰিবলৈ লে কিন্তু কাপত বাকিবলৈ ধৰোতেই হাতত গৰম চাহ পৰিল ফলস্বৰূপে হাতৰ কাপটো সৰি পৰিল খুব জোৰেৰে শব্দ নীলাৰ মাক দৌৰি  আহিল,

         
কি ? কি ভাঙিলে?

         
মা, চাহ গৰম কৰিবলৈ লওঁতে হাতৰ পৰা কাপটো পৰি ভাগিল

মায়ে খুব বিৰক্ত হৈছে এইভাৱে লে,

         
যিটো কাম নাজানা সেইটো কোনে কৰিবলৈ কৈছিল ? গৰম চাহ খাবলৈ মন থাকিলে গৰম হৈ থাকোতেই খাব লাগে নহয় এতিয়া মোৰ ছেটৰ কাপটো

মোৰ খুব দুখ লাগিল কথাবোৰ শুনি মোৰ নিজৰ ঘৰত হোৱা লে মায়ে প্ৰথমে মোৰ হাতখন চালেহেঁতেন তাৰপাছত কাপ হাত খন ভীষণ পুৰিছে নীলাৰ মাকৰ সেইফালে ভ্ৰুক্ষেপে নাই বাথৰুমলৈ গৈ পানী ঢালিলো, বেছিকৈহে পুৰিবলৈ ধৰিলে

জোৰৰে কান্দিবলৈ মন গৈছে হঠাৎ মালৈ বৰকৈ মনত পৰিছে মালৈ ফোন লগালো

         
মা, কেনে আছা?

         
ভাল, তই কেনে আছবাবা ? তোৰ অবিহনে ঘৰখন বৰ খালী খালী লাগিছে

         
মোৰ ভাল লগা নাই মা তোমালৈ বৰকৈ মনত পৰিছে ইমানদিনে মনেই কৰা নাছিলো তুমি যে মোৰ কিমান যত্ন লোৱা

         
কি হৈছে? তই ভালে আছনে?

         
মা মোৰ ভাল মা গৰম চাহ পৰিলে তুমি কি লগাই দিয়া ?

         
কি ? চাহ পৰিছে ? কেনেকৈ ? বেছিকৈ পুৰিলে নেকি ?

         
নাই নাই টেবুলত আছিল মোবাইল টিপি টিপি চাহকাপ তুলিবলৈ ধৰোতে পৰিলে

         
সোনকালে পেষ্ট লগা নহলে পানীজ্বলা বান্ধিব তোৰ পত্নী আৰু শাহুৱেৰ ? তেওঁলোকে নাজানে ?

         
নীলা এতিয়াও আহি পোৱা নাই আৰু তাইৰ মাকক কোৱা নাই

         
অহ্ আচ্ছা , পেষ্ট বনাই লগাই দে

কি যে এক অদ্ভূত চেঞ্জ হৈ গৈছে সকলো কিছুসময়ৰ পাছত নীলা আহিল তাই মাকে কাপটোৰ বিষয় ভোৰভোৰাই থকা বাবে ৰুমলৈ আহি সুধিলে,

         
তোমাৰ হাতত চাহ পৰিলে নেকি? চাওঁ ? কিবা লগাইছা নে? ৱেট, মই ৱাৰ্ণাৰ ক্ৰীম আনো

ইমানপৰে বেয়া লাগি থকা ভাৱটো নীলাৰ চিন্তা দেখি দূৰ আচলতে ইয়াততো তায়ে মোৰ একমাত্ৰ আপোনজন তাইক ভালপাওঁ বাবেইতো ইয়ালৈ আহিছো

কিছুদিনৰ পাছত নীলাৰ কাজিনৰ বিয়া তাকেলৈ নীলা খুবেই এক্সাইটেট সকলোৱে একেলগে বিয়া খাবলৈ লো মোৰ ঘৰৰো সকলোকে বিয়ালৈ মাতিছিল মাদেউতাক দেখা পাই সঁচাকৈয়ে কি ভাল লাগিছে নীলাই পাৰ্লাৰৰ পৰা আহি মাদেউতাক সেৱা জনাই কাজিনবোৰৰ কাষলৈ গুছি

মই বহি লো অকলশৰে কিনো কৰিম কাকো চিনিও নাপাওঁ নিজৰ ঘৰৰ বিয়া হোৱা লে খুব স্ফূৰ্তি কৰিলোহেঁতেন

কিছু সময়ৰ পাছত নীলাই ফটো উঠিবৰ বাবে মাতি নিলে ফটো উঠাৰ পাছতে পুনৰ উধাও একেলগে খোৱাও নহ তাই ফেণ্ডৰ তে খাব মই মাৰ লগত ইটো সিটো কথা পাতি আছিলো মায়ে সুধিলে,

         
বাবা, ঘৰলৈ কেতিয়া আহিবি একো ভাল লগা নাই

মই দীৰ্ঘশ্বাস এৰিলো মোৰো শহুৰৰ ঘৰৰ চখ শেষ হৈ গৈছে

মই লো,

         
আৰু মাথো কেইটামান মাহ

মাৰ মুখখন দেখি বুকু ফাটি যাওঁ যেন কৰিছিল হঠাতে ভাৱ ছোৱালীবোৰে যেতিয়া ইমান বছৰে আদৰেৰে ৰখা মাকদেউতাকক এৰি আহে তাঁহাতৰো চাগে কিমান কষ্ট হয় নীলাই মোৰ লগত নাখালে কাজিনৰ লগত খালে মাদেউতা যাবলৈ ওলাল মই নীলাক মাতিবলৈ লো নীলাই খুব ৰুডলি লে,

         
মই এতিয়া নাযাওঁ তুমি মাদেউতাৰ লগত গুছি যোৱা

বৰ বেয়া লাগিল সকলোৱে আগত এনেদৰে কোৱাৰ বাবে তথাপিও লো,

         
ময়ো থাকিম

         
তুমি ইয়াত ছোৱালীবোৰৰ মাজত কি কৰিবা ? কাইলৈ অফিছ নাই জানো ?

         
তোমাৰ নাই ?

         
মই ছুটী লৈছো

         
এবাৰ কোৱা লে ময়ো ছুটী পাৰিলোহেঁতেন

নীলাই পাত্তা নিদিলে আনফালে গুছি মই তাইৰ মাকদেউতাকৰ তে উভতি আহিলো গোটেই ৰাতি টোপনি নাহিল প্ৰথমে ভীষণ খঙ উঠিল তাৰপাছত এসোপামান অভিমান

ৰাতিপুৱালৈ টোপনি আহিছিল নীলা সাত বজাত আহিল আহিয়ে বিচনাত পৰিল মোৰ খঙ কষ্ট অভিমান সকলো শেষ হৈ তাই এষাৰ মাতো নলগালে সকলো পাহৰি ময়ে মাত লগালো

         
আমনি নকৰিবাচোন

         
কি? তুমি তুমি মোক এৰি গোটেই ৰাতি স্ফূৰ্তি কৰি আহিছা তোমাক এৰি মই কেনেদৰে আছো ভাবিছা নে? তুমি জানো নাজানা তোমাক এৰি মোৰ টোপনি নাহে ?

নীলাই মুৰ তুলি লে,

         
তুমিও জানো নাজানা তোমাক এৰি মোৰ টোপনি নাহে ? তথাপিও তুমি তোমাৰ ফেণ্ড মহিনৰ বিয়াত গোটেই ৰাতি নাছিলা তোমাৰ মামাৰ ৰাৰ বিয়াত নাছিলা তোমাৰ অন্য ফেণ্ডৰ বাবেও নাছিলা কিমানটা ৰাতি মই মাতিবলৈ লে কৈছিলাপত্নী মানে পেৰা ময়ো খুব কষ্টেৰে পাৰ কৰিছিলো সেইবোৰ ৰাতি তুমি কাষত নাই সেইবাবে নহয়, তুমি মোক এৰি স্ফূৰ্তি কৰিছিলা সেইবাবে যিটো আজি তোমাৰ অনুভৱ হৈছে

পলাশৰ মনত পৰিল সিওতো বহুবাৰ বিয়াঘৰৰ পৰা নীলাক অকলে পঠিয়াইছো পাছত খবৰ এটাও লোৱা নাই পাছদিনা যেতিয়া নীলাই কিবা সুধিছিল তেতিয়া কৈছিলো, – আমনি নকৰিবা তাৰপাছত শুই পৰিছিলো সেই অভিমান যে কোনোদিন ভঙাই নহ

নীলাৰ মাকদেউতাক ফুৰিবলৈ গৈছে বহুতো কাম কৰিবলগীয়া হৈছে নীলাই বিশেষ একো কৰা নাই সেইদিনা আনকি ৰন্ধা বঢ়াও নকৰিলে মই নিজে ভাত কণী ভজা আৰু মাংস ৰান্ধি পেলালো নীলাই এবাৰো চাবলৈও নাহিল নীলাক মাতিলো তাই মোবাইলত ভিডিঅকলত ব্যস্ত আছিল

         
মই তোমালোকৰ ঘৰত ইমানবোৰ ৰন্ধাবঢ়া কৰিবলগীয়া হৈছে তোমাৰ কোনো ভ্ৰুক্ষেপেই নাই?

         
তাতে কি ? মই চোন তোমালোকৰ ঘৰত প্ৰতিদিনে ৰন্ধা বঢ়া কৰিব লাগে তুমি আজিহে কৰিছা

         
সেইখন তোমাৰ শহুৰৰ ঘৰ

         
আৰু এইখন তোমাৰ শহুৰৰ ঘৰ আৰু ইয়াত কাম কৰিলে তুমি সৰু নোহোৱা নিজৰ ঘৰ বুলি ভাবা সকলো ঠিক হৈ যাব মোৰ মাদেউতাক আপোন বুলি ভাবা

পলাশে বলৈ লৈছিল আপোন বুলি কেতিয়া ভৱা নাই ? কিন্তু নোৱাৰিলে কাৰণ নীলাই কোৱা কথাবোৰ খুব চিনাকী যেন লাগিল পলাশেই নীলাক কৈছিল

নীলাক লেমই ভাত ৰান্ধিছো, তুমি টেবুল খন সজাই দিয়া

নীলাই সেয়াও নকৰিলে

         
নীলা এই সাধাৰণ কামটোও তুমি কৰিব নোৱাৰা নে ?

         
সাধাৰণেই যদি কাম তুমি নিজে কিয় কৰা নাই ?   

পলাশৰ প্ৰচণ্ড খঙ উঠিছিল কিন্তু এই কথাষাৰো যে তাৰ চিনাকী পলাশেই কোৱা সাধাৰণেই যদি কাম তুমি নিজে কিয় কৰা নাই আচলতে গেষ্ট আহিলে তাই যেনেদৰে ৰন্ধা বঢ়া নিজে কৰে তেনেদৰে সাধাৰণ সাধাৰণ কামবোৰ যেনে টেবুল সজাই কাঁহী বাতি সজোৱা কামটোও তাই অকলেই কৰে সৰু সুৰা কামবোৰত সহায় পালে ভাল লাগে

নীলাৰ মাক দেউতাক উভটি অহাৰ পাছত নীলাক লোলা আজি ঘৰৰ পৰা আহোগৈ, ৰাতিলৈ ঘূৰি আহিম

         
আচ্ছা, মাদেউতাৰ পাৰমিছন লৈ আহা

         
কিয় ? মই মোৰ মাদেউতাৰ ওচৰলৈ যাবলৈ তেওঁলোকৰ পাৰমিছন কিয় লাগে ?

         
কি কিয়? মই কৈছো সেইবাবে

         
মানে?

         
তেনেহলে মই কিয় মোৰ মাদেউতাৰ ঘৰৰ আহিবলৈ তোমাৰ মাদেউতাৰ পাৰমিছন লগা হয় ? সকলোৰে ওচৰলৈ গৈ গৈ তাৰপাছতো কথা? যেন মই কিনি লোৱা গোলামহে

মই একো নকয় মাদেউতাৰ ৰুমলৈ লো

         
মই আৰু নীলা এবাৰ আমাৰ ঘৰৰ পৰা আহোগৈ

দেউতাই ভ্ৰু কোঁচাই লে

         
আজি আকৌ কিয় যাব লাগে ? সিদিনা বিয়াঘৰত লগ পাইছিলাহে

এই কথা শুনি মই খঙত জলি পকি উঠিলো আচৰিত যি মোক অত বছৰে মানুহ কৰিছে আৰু এতিয়া তেওঁলোকৰ কাষলৈ যাবলৈও মই আনৰ পাৰমিছন লাগিব নীলাৰ ওচৰলৈ গৈ লো

         
তোমাৰ দেউতাই এনেকৈ কিয় কথা কয়?

         
কেনেকৈ?

         
আজি আকৌ কিয় যাব লাগে ? সিদিনা লগ পাইছিলাহে

         
শহুৰে এনেকৈ পাৰে ধৰি নাথাকিবা

         
নীলা,

         
কি? একো মনত পৰা নাই নে? সেইধৰণৰ কথাবোৰতো আগতেও হৈছিল যেতিয়া মই তোমাক ঘৰলৈ আহিবলৈ লগ ধৰিছিলো

         
হু, মনত পৰিছে I am sorry . কিন্তু এতিয়া ওলোৱা

         
তুমি অকলেই যোৱা, মই তুহিনহঁতৰ লগত বীছলৈ যাম

এইবাৰ অসহ্য লাগিছে অকলেই ওলাই আহিলো ঘৰৰ কাষ পাই কি যে স্ফূৰ্তি লাগিছে কিবা যেন আপোন আপোন ঘৰত সোমাওতেই মায়ে বুকুৰ মাজত আকোৱালি লে ময়ো সৰু ৰাৰ দৰে মনে মনে কুঁচি মুচি কৈ সোমাই থাকিলো মায়ে কি কি যে কৰা নাই মোৰ পছন্দৰ খোৱা লোৱা আৰু যে কথা

         
তোৰ পত্নী নাহিল যে?

         
তাই ফুৰিবলৈ যাব

ইমানখিনিৰ পাছতো কিয় জানো নীলাৰ বিষয়ে বেয়াকৈ বলৈ মন নগ ভাৱ কিবা লে কথাখিনি নিজৰ গাতে পৰিব তাৰোপৰি ভাৱ নীলা আহিলে আৰু ভাল লহেঁতেন মাক তাঁহাতৰ ঘৰত ঘটা ঘটনাবোৰৰ বিষয়ে একো নকলো শহুৰে অনা ঘড়িটো দেখুৱালো মা আনন্দিত

         
আমাক এৰি শহুৰৰ ঘৰত তেনেহলে তই ভালেই আছ

         
তুমিতো সদায় তুমিয়েই মা

         
সন্তান ভালে থাকিলেইতো মাকদেউতাক ভালে থাকিব

ৰাতি খাই বয় অকলেই উভটিলো নীলাক দেখি ভাৱ তাই লৈকো যোৱা নাছিল মই সোমোৱাৰ লগে লগে মোবাইল টিপি টিপি সুধিলে

         
ঘৰত মোৰ কি কি বদনাম ৰটি আহিলা ?

         
কি কৈছা তুমি এইবোৰ ? মই তোমাৰ নামত কিয় বদনাম কৰিম

         
নহয় ঘৰলৈ গৈছিলা যে মোক এৰি সেইবাবে সুধিলো

         
মই তোমাক যাবলৈ লগ ধৰিছিলো তুমিতো নিজে যোৱা নাই

         
নাই তুমি যে কোৱা মই ঘৰলৈ আহিলে তোমাৰ বদনাম ৰটো বুলি

         
নীলা এইফালে আহা আমি কথা পতাৰ দৰকাৰ আচলতে তুমি কি বিচৰা ? কেবল তোমাক ভালপাওঁ বাবেই কেবল তোমাৰ বাবেই মই মাদেউতাক এৰি তোমাৰ মাদেউতাৰ লগত আছোহি কিছুমান কাম কৰিছো যিবোৰ লাইফত কেতিয়াও কৰা নাই তোমাক সহায় কৰিছো, অফিছো কৰিছো তাৰপাছতো যদি তুমি ভালে নাথাকা মোৰ কেনেকুৱা লাগিব ইয়াত মোৰ অসহায় যেন লাগে মাদেউতাক এৰি কেনেকুৱা লাগে বুজাব নোৱাৰো তাৰোপৰি এতিয়া তুমি মোৰ সেই আগৰ নীলাজনী হৈ থকা নাই

কিছুপৰ নীলা মনে মনে

         
বুজিব পাৰিছা নে পলাশ, আমি ছোৱালীবোৰো কাৰোবাৰ ঘৰৰ আদৰৰ জী যি কেৱল এজনৰ ভালপোৱাৰ বাবেই সম্পূৰ্ণ অচিনা অজানা এখিনি মানুহৰ লগত সকলোবোৰ নতুনকৈ আৰম্ভ কৰে আমাৰ কিমান সাহস এবাৰ চিন্তা কৰি চাইছা নে ? চিন্তা কি কৰিবা কষ্ট দি কথা এষাৰ কোৱাৰ আগত কেতিয়াবা ভাবা নে? আৰু, এইখন শহুৰৰ ঘৰ ইয়াত এনেকুৱা এটা দুটা কথা শুনিবই লাগিব, মনে মনে থাকা, সকলো ঠিক হৈ যাব কিয় ? আমাক কথা শুনোৱাৰ কি অধিকাৰ দিয়া আছে তোমালোকক? কেতিয়াবা ভাবিছা নে মাদেউতাক এৰি আমাৰ কিমান অসহায় লাগে কিন্তু মাথো এজনৰ ভালপোৱাৰ বাবেই সকলো হাঁহি হাঁহি মানি লওঁ এৰি থৈ নাহো নিলগাই ৰাখো নিজকে নিজকে হেৰুৱাই পেলাও সকলোবোৰ মানিবলৈ গৈ কিন্তু কেতিয়াও তোমালোকৰ চকুতেই নপৰে আনৰ কথা শুনি গাত হাত তুলিবলৈও আহা কেতিয়া বুজিবলৈ চেষ্টাই নকৰা প্ৰকৃত সত্যটো নো কি আৰু কোৱা কি, স্বামীয়ে এইয়া কৰিব পাৰে

প্ৰতিটো কথাইতো সঁচা কি বুজিম ? মই নীলাৰ কাষলৈ গৈ লো

         
মই সঁচাকৈয়ে দু:খিত, তোমাক বুজিয়ে নাপালো কিন্তু ভীষণ ভালপাওঁ তোমাক

         
মই জানো ভাল নাপাওঁ তথাপিও চোৱাচোন কেৱল মোৰ অবহেলাই ইয়াত তুমি কেনেকুৱা হৈ গৈছা তোমাৰ ঘৰত থকা লে কিন্তু কথাটো কেতিয়াও বুজি নাপালাহেঁতেন কোনো ৰাই বুজি নাপায় দৰাচলতে প্ৰতিজন ৰাকে শহুৰৰ ঘৰলৈ পঠিওৱাতো খুবেই জৰুৰী যাতে তেওঁলোকে বুজি পাই যে সংসাৰ অকলে নচলে কিছু সহায় কৰিলে মানসন্মান নকমে সংসাৰখন সুন্দৰ হয়

         
হুম এতিয়াৰ পৰা আমি দুয়োজনে মিলি সকলো কৰিম আহা এতিয়া মোক প্লীজ জোৰেৰে সাৱটি ধৰা

কেইদিনমানৰ পাছৰ এটা শুক্ৰবাৰে নীলাই ঘৰ মচি আছিল হঠাৎ পিছলি পৰি ভৰি মোছোকা খালে তাইক চোফাত বহুৱাই ময়ে ঘৰ মছিবলৈ ধৰিলো ঠিক সেইসময়তে খুলি থোৱা দুৱাৰেৰে মাদেউতা সোমাই আহিল আহিয়ে মোক ঘৰ মছি থকা দেখা পাই চিঞৰি উঠিল

         
তই ইয়াত ঘৰ মোহাৰিছ যে ? আৰু তোৰ ঘৈনীয়ে চোফাত বহি টিভি চাই আছে ?

         
মা, তায়ে মচি আছিল কিন্তু তাই ভৰিত দুখ পোৱাৰ বাবে ময়ে মচি দিছো তাতে কি নো?

         
কি ? ৰাক লিখা পঢ়া শিকাই ইমান আদৰ যত্নেৰে শহুৰৰ ঘৰ মচিবলৈহে ডাঙৰ কৰিলো নেকি?

         
মা নীলাইও দেখুন আমাৰ ঘৰত প্ৰতিদিনে ঘৰ মচে তাইও শিক্ষিতা ছোৱালী ঘৰৰ কাম কৰিলে মই যদি সৰু হওঁ তেনেহলে নীলাকো মই সৰু কৰিছো

         
তাই যে ছোৱালী শহুৰৰ ঘৰত তাই কাম নকৰিব নেকি ? বহি বহি খাব নেকি ?

         
ময়ো শহুৰৰ ঘৰলৈ আহিছো

         
এনেকুৱা শহুৰৰ ঘৰৰ প্ৰয়োজন নাই ঘৰলৈ

তেনেকুৱাতে নীলাৰ মাক ওলাই আহি লে,

         
ৰাছোৱালীৰ সংসাৰত ৰাৰ মাকে মাত নমতাই ভাল নেকি? তাঁহাতৰ সংসাৰৰ কথা তাঁহাতি ভালকৈ বুজি পাব

         
কি লে আপুনি? মোৰ ৰাৰ বাবে মই মাত নামাতিম? আপুনি মাতিব?

         
আমাৰ ঘৰত যিহেতু আছে গতিকে এইয়া আমাৰ দায়িত্ব, আপুনি কিয় মাত মাতিব ?

         
মোৰ ৰাক পঢ়াই শুনাই এতিয়া ইয়াত কাম কৰিবলৈ পঠিয়াছো নেকি?

         
মই কি মোৰ ছোৱালীক পঢ়োৱা নাই ? ৰা আৰু ছোৱালীৰ কিতাপ পত্ৰবোৰ বেলেগ বেলেগ হয় নেকি? নে পাছ মাৰ্ক বেলেগ ? নে টিউছন ফ্ৰীয়ে বেলেগ হয় ? সকলোবোৰেইতো একে ৰাছোৱালীৰ শিক্ষাৰ মান যদি একে তেনেহলে মূল্যায়ন কিয় একে নহ মোৰ অনাৰ্ছ মাষ্টাৰ্ছ ছোৱালীয়ে যদি আপোনাৰ ঘৰত গৈ ৰন্ধাবঢ়া কৰিলে সন্মান নষ্ট নহয় তেনেহলে কিছু কাম কৰিলে আপোনাৰ ৰাৰ কি ডিগ্ৰীটো নোহোৱা হৈ যাব ?

         
ফাল্টু কথা নক মই মোৰ ৰাক লৈ যাম

         
মোৰ ছোৱালীৰ গাত হাত তোলাৰ পাছত যেতিয়া মই তাইক আনিবলৈ গৈছিলো আপুনিয়ে কৈছিল সংসাৰ এনেকৈয়ে চলে ছোৱালীৰ মাকে এইবোৰত নাক নভৰোৱাই ভাল আপোনাৰ ৰাকতো ইয়াত কোনেও হাত তোলা নাই তাৰপাছতো আপুনি কৈছে ইয়াত নাক নভৰাব

         
পলাশ তই যাবি নে থাকিবি ?

         
মা তুমি যোৱা মাহ শেষ কৰি নীলাক লৈ মই ঘৰলৈ যাম

মা গুছি মই মাহৰ শেষত নীলাক লৈ ঘৰলৈ লো প্ৰথমে মায়ে কিছু খঙ কৰিলেও বেছি দিন সেই খঙ নাথাকিল নীলাও যথেষ্ট সুখী কাৰণ সকলো কামতে মই তাইৰ লগত থাকো সহায় কৰো তাইক বুজি পাওঁ

নীলাই গোটেই ৰাতি কাম কৰি ৰাতিপুৱা শুইছে আৰু বোলে ভীষণ মূৰ কামোৰিছে মই উঠি ৰন্ধা বঢ়া কৰিলো সকলোৱে বাবে জলপান তৈয়াৰ কৰিলো মা তেতিয়ালৈ উঠিল

         
এতিয়াও কাম শেষ হোৱাই নাই নেকি ?

         
বা মা দিছো তোমাক ৰন্ধা শেষ হৈছেই

         
তই পাকঘৰত কি কৰিছ বোৱাৰী ?

         
তাই কালি গোটেই ৰাতি কাম কৰি অলপ আগত শুইছেহে নহলে অফিছ কৰিব নোৱাৰিব মই দুয়োৰে বাবে টিফিনো ৰেডি কৰিলো

         
ৱাহ ঘৈনীক বৰ সুখ দিছ মই কতদিন বেমাৰত কাম কৰি খোৱালো তাৰ খবৰ জানো কোনোবাদিনা ৰাখিছ

         
মা, মই খবৰ ৰখা নাই ঠিক তেনে নহয় তুমি মোক বুজিবলৈয়ে নিদিলা কোনোদিন  তুমি যদি মোক ৰা বুলি নাভাবি তোমাৰ সন্তান বুলি ভাবি কামবোৰ শিকালাহেঁতেন তেনেহলে ময়ো তোমাক অসুখৰ সময়ত সুখ দিব পৰিলোহেঁতেন

         
এইয়াও এতিয়া মোৰেই দোষ ? ৰাক এতিয়া কাম শিকাম? ৰন্ধা বঢ়া শিকাম ? কাপোৰ ধুৱাম ? ছোৱালী হোৱা লে বেলেগ কথা আছিল মা যে কি হয় তই এতিয়াও বুজি নাপালি মাৰ সমান কোনো নাই

         
মা, মই জানো মাৰ সমান আন কোনোৱে নহয় সৃষ্টিকৰ্তাইতো কেতিয়াও ৰা ছোৱালীক বেলেগ ভাৱে মাকৰ গৰ্ভত থোৱা নাই সমান সময়েই গৰ্ভত ৰাখে, দহ মাহ সমান গাখীৰেই ৰা ছোৱালীৰ বাবে ৰাখে এনেকুৱাতো নিয়ম নাই যে ছোৱালী মাকৰ গৰ্ভত পাঁচমাহ থাকিব আৰু ৰা দহমাহ ৰাৰ বাবে গাখীৰ বেছি আৰু ছোৱালীৰ বাবে কম এনেকুৱাতো নহয় তেনেহলে মাকবোৰে কিয় ৰা আৰু ছোৱালীৰ পাৰ্থক্য কৰে ?

         
তেনেহলে সৃষ্টিকৰ্তাই সকলোকে একেই বনালেহেঁতেন, ৰা ছোৱালী নবনালেহেঁতেন

         
মা এই পৃথিৱীত বিভিন্ন ধৰণৰ সৃষ্টি আছে সকলোৱে পৃথক আৰু ভিন্ন কিন্তু কোনোটোৱে কম নহয় সেইবাবেইতো পৃথিৱীখন ইমান বেছি ধুনীয়া সকলোতকৈ বেছি ভিন্ন সৃষ্টি নাৰী আৰু পুৰুষ নাৰীয়েইতো সৃষ্টিৰ আধাৰ তোমাক এৰি মই যে পুৰুষ তাৰ অস্তিত্বই বা ?

         
ৱাহ ৰাক শহুৰৰ ঘৰলৈ পঠিওৱাৰ পৰা দেখিছো ৰাৰ বৰ মগজু হৈছে

         
হুম মোৰ মতে সকলো ৰাকে অন্তত: মাহৰ বাবে শহুৰৰ ঘৰলৈ পঠিওৱা উচিত যাতে ছোৱালীবোৰ কিমান সাহসী আৰু শক্তিশালী সেইয়া বুজিব পাৰে

তেনেকুৱাতে নীলা ৰেডি হৈ ওলাই আহিল

         
লা দেৰিয়ে

         
হুম এইটো লোৱা টিফিনবক্স

পলাশৰ মাকে তেতিয়া ভাবিলে মোৰ ৰাই অত কষ্ট কৰি তাইৰ বাবে টিফিন বনালে এটা thank you নকলে?

মাকে লেমোৰ ৰাক এটা ধন্যবাদো নজনালা ?

দুয়ো যাবলৈ ওলাইছিলেই পিছলৈ ঘূৰি উত্তৰ দিলে

         
কিয়?

এইভাৱে দুয়ো কিয় লে, মায়ে আৰু একো নোৱাৰিলে চিন্তা কৰিলে বোৱাৰীয়েওতো প্ৰতিদিনে আমাৰ বাবে জলপান বনাই ৰন্ধা বঢ়া কৰে টিফিন বনাই কামলৈ যায় আমি চোন কোনোদিন ধন্যবাদ দিয়াই নহয় এইটো তাইৰ কাম এইটো মোৰ ৰাৰো কাম সঁচাকৈয়ে মানুহৰ চিন্তাভাৱনা পৰিবৰ্তন কৰাৰ সময় আহি পৰিছে

******

 

(অনুবাদকৰ দুৱাষাৰ: অনুবাদটো পঢ়ি ভাল পোৱা সকলোৱেলৈ ধন্যবাদ জনালো গল্পটো প্ৰথম জনপ্ৰিয় বাংলা আবৃত্তিকাৰ পাৰমিতাৰ কণ্ঠত শুনিছিলো পাৰমিতাৰ কঠনশৈলী সঁচাই মনোমোহা গল্পটো শুনিয়ে গল্পটোৰ প্ৰতি এক মোহ জাগে লগে লগে মূল লেখিকাৰ অনুমতি লৈ অসমীয়ালৈ অনুবাদ আৰম্ভ কৰিছিলো আপোনালোকে যিখিনি সঁহাৰি দিলে তাৰবাবে অশেষ ধন্যবাদ মূল লেখিকাৰ তে একমত ময়ো অনুভৱ কৰো সমাজৰ কিছু ৰীতি নীতিৰ পৰিবৰ্তন নিতান্তই জৰুৰী নহলে সম অধিকাৰৰ কথাষাৰ যুক্তিহীন পাছৰ প্ৰজন্মৰ বাবে যেন এইটো এটা গল্পই হয় ৰয় তাৰে কামনা কৰিলো বাকীখিনি পাঠক সমাজলৈ এৰিলো পুনৰবাৰ ধন্যবাদেৰে…… দেৱাশ্ৰী)

Popular Post

ঐতিহাসিক চিঠি