গল্পঃ লাইচেঞ্চ / চাদাত হাচান মান্টো

Posted by : translatorsassam
September 30, 2020

মূলঃ চাদাত হাচান মান্টো
অনুবাদঃ ৰঞ্জনা দত্ত

আব্বু কচোৱান আছিল বেছ সুঠাম চেহেৰাৰ। তাৰ ঘোঁৰাটোও
আছিল চহৰৰ ভিতৰত সকলোতকৈ সুন্দৰ । গতিকে সি যাকে তাকে টাঙ্গাত নুঠায়। সদায় উঠা ধৰা
বন্ধা মানুহ কেইজনৰ পৰাই দিনে দহ পোন্ধৰ টকা উপাৰ্জন হয়
,যিটো তাৰ বাবে যথেষ্ট । অন্য কচোৱান বোৰৰ
দৰে আব্বুৰ কোনো নিচা কৰাৰ অভ্যাস
নাছিল । বেচ চৌখিন আব্বুৱে পৰিস্কাৰ
কাপোৰ কানি পিন্ধিহে বাহিৰলৈ ওলাইছিল।

ৰাস্তাৰে জুনুকাৰ শব্দ কৰি যোৱা টাঙ্গা
খন দেখিলেই মানুহৰ চকু থমকি ৰয় ।
সৌৱা আব্বু গৈছে চোৱা । তাৰ বহাৰ ভঙ্গীটো দেখিছানে?
আৰু চোৱাচোন
কি সুন্দৰ ভাৱে সি পাগুৰিটো বান্ধিছে !
ৰাস্তাৰে গৈ থকা মানুহৰ চকুৰ ভাষা বুজি
পাবলৈ আব্বুৰ ক্ষন্তেক সময়ো নালাগে।

সিহঁতৰ চকুৰ ভাষা পঢ়ি তাৰ হাব ভাব যেন
সলনি হৈ যায় আৰু ঘোঁৰাটো আৰু বেগত দৌৰিবলৈ আৰম্ভ কৰে। সেইসময়ত সি হাতৰ লেগাম ডাল
এনেভাবে ধৰে যেন সেইডাল নধৰিলেও চলে। মনত ভাব হয় ঘোঁৰাটোৱে যেন তাৰ নিৰ্দেশ
নোহোৱাকৈয়ে দৌৰিছে। যেন ঘোঁৰাটোৰ বাবে মালিকৰ হুকুমৰ কোনো দৰকাৰেই নাই। এনেকুৱা
সময় বোৰত মাজে মাজে তাৰ ভাব হয় আব্বু তাৰ ঘোঁৰা চান্নি আৰু তাৰ টাঙ্গা খন
,সকলোবোৰ মিলি যেন এটা মানুহ । এটা
সম্পূৰ্ণ মানুহ । আৰু সেই মানুটো আব্বুৰ বাহিৰে আৰু কোন হ
ব পাৰে ?

যিবোৰ মানুহক সি টাঙ্গাত উঠিবলৈ নিদিছিল,
সিহঁতে মনে মনে তাক অজস্ৰ গালি গালাজ
পাৰিছিল
, “ আল্লাই
যেন ঘোঁৰাৰে সৈতে তাৰ টাঙ্গাখন নদীত ডুবাই দিয়ে
, তেতিয়াহে যদি তাৰ অহঙ্কাৰ অলপ কমে!

ৰাস্তাৰে গৈ থকা মানুহ বোৰৰ চকুত এইবোৰ
কথা পঢ়ি পঢ়ি আব্বুৰ পুৰঠ গোঁফেৰে ঢকা ওঁঠত বিজয়ৰ হাঁহি ফুটি উঠে । চহৰৰ বাকী
কচোৱান বোৰে তাক দেখিলে ইৰ্ষাত জ্বলি পুৰি মৰে । তাক দেখি কোনোৱে ধাৰ ঋণ কথি নতুন
টাঙ্গা কিনিলে
,তাৰ দৰে ধুনীয়াকৈ সজালে। তথাপিও আব্বুৰ দৰে কোনেও চমক আনিব
নোৱাৰিলে । আব্বুৰ টাঙ্গাৰ জনপ্ৰিয়তাও অকণো কম নহ
ল ।

এদিন দুপৰীয়া আব্বুৱে এজোপা আঁহত গছৰ
ছাঁত টাঙ্গা খন ৰাখি অলপ সময়
জিৰণি লৈছিল । হঠাৎ কানলৈ এটা মাত আহিল,

স্টেচনলৈ
যাবা
?”

সি চকু মেলি দেখিলে এজনী ধুনীয়া ছোৱালী
তাৰ টাঙ্গাৰ সমূখত ৰৈ আছে।

ছোৱালী জনীলৈ মাত্ৰ এবাৰ চালেও তাইৰ চকুৰ
দৃষ্টিটো যেন আব্বুৰ বুকুত সোমাই পৰিল । মহিলা নহয়
, এজনী সোতৰ ওঠৰ বছৰ বয়সীয়া ছোৱালী,
ক্ষীণ কিন্তু আটিল ,মিঠা বৰণীয়া কিন্তু উজ্জ্বল । কানত সৰু
ৰূপৰ কানফুলি
, সমানকৈ মাজত ফলা সেওঁতা, জোঙা নাক, নাকৰ সোঁকাষে এটা সৰু তিল ,দীঘল কামিজ আৰু কাঢ়া নীলা চালোৱাৰ ,মূৰত উৰ্ণা।

ছোৱালী জনীয়ে কোমত মাতেৰে সুধিলে,

দাদা,
ষ্টেচনলৈ যাবলৈ কিমান লাগিব?”

তাৰ ওঁঠত দুষ্ট হাঁহি এটা খেলাই গ, “ এক টকাও নেলাগে”!

ছোৱালী জনীৰ
মুখতো অকণমান হাঁহি বিৰিঙি উঠিল,
ষ্টেচন যাবলৈ
কিমান ল
বা?”

সি ছোৱালী জনীক চকুলৈ চাই চাই কলে,

তোমাৰ
পৰা আৰু কি ল
, আঁহা টাঙ্গাত বহাহি

ছোৱালী জনীয়ে নিজৰ কামিজটো টানি টুনি কলে

তুমি
ইমান অদ্ভুত ধৰণে কথা কৈছা কিয়
?”

সি হাঁহিএটা মাৰি কলে,

আঁহা
টাঙ্গাত বহা
, যি ইচ্ছা তাকে দিবা

ছোৱালী জনীয়ে ভাবিবলৈ কিছু সময় ললে , তাৰ পিছত টাঙ্গাত উঠি কলে,

মোক
সোনকালে ষ্টেচনলৈ লৈ ব
লা

সি পিছফালে ঘূৰি চাই কলে,

খুব
লৰালৰি আছে দেখোন সোনজনী
?”

তুমি
যে কি আৰু
,” ছোৱালী
জনীয়ে অস্ফুট স্বৰত কিবা এটা ক
লে।

টাঙ্গা চলি থাকিল ,ঘোঁৰাৰ খুৰাৰ তলেৰে বহু ৰাস্তা দৌৰি পাৰ
হৈ গ
ল।
তাৰ ওঁঠৰ দুষ্ট হাঁহিটো ক্ৰমান্বয়ে প্ৰকট হৈ পৰিছিল আৰু ছোৱালী জনী কিছু কোছ মোছ
খাই বহিছিল ।

বহুত দেৰি পাৰ হৈ যোৱাৰ পিছত ছোৱালী
জনীয়ে ভয় মিহলি কন্ঠেৰে কৈ উঠিল
, “ এতিয়াও ষ্টেচনটো পোৱাহি নাই?”

পাই
যাম। তোমাৰ আৰু মোৰ ষ্টেচন টো একেটাই
,” সি এটা অদ্ভুত স্বৰেৰে উত্তৰ দিলে।

তাৰ
মানে
? ”

সি ছোৱালী জনীৰ ফালে ঘূৰি চাই কলে,

সোনজনী,তুমি যেতিয়া প্ৰথম মোৰফালে চাইছিলা
তেতিয়াই আমাৰ ষ্টেচনটো এক হৈ গৈছিল । তুমি এইটোও বুজি পোৱা নাইনে
?
তোমাক মই অকনো সাজি কোৱা নাই

ছোৱালী জনীয়ে মূৰৰ উৰ্ণাখন ঠিক কৰি কৰি
আব্বুৰ ফালে আঁৰ চকুৰে চাই পঠিয়ালে । তাইৰ চকুদুটা দেখি স্পষ্টকৈ বুজিব পাৰিছিল যে
আব্বুৰ কথাৰ মানে তাই ঠিকেই বুজিব পাৰিছে। তাইৰ ভাব ভঙ্গী দেখি ভাব হৈছিল যেন
আব্বুৰ কথাবোৰ তাই বৰ বেয়া পোৱা নাই ।

ষ্টেচনটো একেটাই হওক বা নহওক,
ৰাজন বেছ তজবজীয়া;
কিন্তু সি কথা ৰাখিবনে?
মোক স্টেচনলৈ লৈ যাবনে?
ছোৱালীজনী লাহে লাহে চিন্তিত হৈ পৰিছিল ।

ঘোঁৰাটোৱে নিজৰ ছন্দত দৌৰি আছিল।চাৰিওফালে
জুনুকাৰ শব্দৰ বাহিৰে আৰু একো শব্দ কানলৈ অহা নাছিল।

সি বাৰে বাৰে ঘূৰি ছোৱালী জনীক লক্ষ্য
কৰি আছিল । কিছুসময় পিছত হঠাতে সি টাঙ্গা খন ৰাখি জঙ্ঘলৰ এডাল গছত লেকাম ডাল
বান্ধি একেজাপে আহি ছোৱালী জনীৰ ওচৰত বহিল। ছোৱালী জনী নিমাতে বহি ৰ
ল।

সি ছোৱালী জনীৰ হাতদুখন হঠাতে নিজৰ হাতত
লৈ কৈ উঠিল

তোমাৰ
এই হাত দুখন মোক দি দিয়া

ছোৱালী জনীয়ে অস্ফুট স্বৰত মাত্ৰ কলে মোৰ হাত এৰি দিয়া কিন্তু আব্বুৰ হাতৰ পৰশত তাইৰ বুকুৰ
ধপধপনি ক্ৰমে বাঢ়িবলৈ ধৰিলে ।

আব্বুৱে খুব কোমল স্বৰেৰে তাইক কলে,

চোৱা
এই টাঙ্গা
, ঘোঁৰা,
মোৰ জীৱনৰ সকলোতকৈ প্ৰিয়। কিন্তু আল্লাৰ
নামত শপত খাই কৈছোঁ
, দৰকাৰ হলে এইবোৰ বেচিও মই তোমাক সোনৰ বালা কিনি দিম। নিজে ফটা ছিটা
কাপোৰ কানি পিন্ধি থাকিম কিন্তু তোমাক গোটেই জীৱন ৰানীৰ দৰে ৰাখিম। তুমিয়েই মোৰ
প্ৰথম প্ৰেম । আল্লাৰ নামত শপত খাই কৈছো তোমাক নাপালে মই তোমাৰ সমূখতেই নিজৰ ডিঙি
কাটি পেলাম
তাৰ পিছত হঠাতে ছোৱালী জনীৰ হাত খন এৰি দি কলে

আজি
কি হৈছে মোৰ
? বলা তোমাক ষ্টেচনত থৈ আহোঁ

ছোৱালী জনীয়ে অস্ফুট স্বৰে কলে নহয়, তুমি মোৰ গাত হাত দিছা

সি মূৰটো তললৈ কৰি কলে মোক ক্ষমা কৰি দিয়া,
মোৰ ভুল হৈ গ

এই
ভুলটোৰ প্ৰায়শ্চিত্ত নকৰা
?”

ছোৱালী জনীৰ কথাত এটা অদ্ভুত চেলেঞ্জৰ
সুৰ আছিল
, সেইটোৱে
যেন কৈছিল
তোমাৰ টাঙ্গা খন সৌ টাঙ্গা খনতকৈ আগুৱাই নিব পাৰিবা?”

সি মুৰটো ওপৰলৈ কৰি বুকুৰ ওপৰত হাত ৰাখি
লে

আব্বুৱে
তোমাৰ বাবে নিজৰ জীৱনটোও দি দিব

ছোৱালী জনীয়ে এইবাৰ নিজৰ সোঁহাত খন
আগবঢ়াই দি ক
লে

হাতখন
ধৰা

সি ছোৱালী জনীৰ হাতখন জোৰকৈ ধৰি কলে

নিজৰ
জীৱনৰ শপত খাই কৈছো
, আব্বুৱে গোটেই জীৱন তোমাৰ ক্ৰীতদাস হৈ থাকিব

পিছদিনা আব্বু আৰু সেই ছোৱালী জনীৰ বিয়া
হৈ গ
ল।

ছোৱালী জনীৰ নাম ইনাৰত বা নীতি ,
তাইৰ ঘৰ গুজৰাটৰ ভাবনগৰ জিলাত।

তাই যিসকল পৰিয়ালৰ লোকৰ সতে ফুৰিবলৈ
আহিছিল
, তেওঁলোক
যেতিয়া তাইৰ বাবে ষ্টেচনত অপেক্ষা কৰি আছিল
, সেইসময়ত তাই আব্বুৰ সতে প্ৰেমৰ নদী পাৰ
হৈছিল ।

আব্বু আৰু নীতি ইয়াৰ পিছত বেছ সুখেৰে
আছিল । আব্বুৱে তিল তিলকৈ টকা গোটাই তাইৰ বাবে সোনৰ বালা কিনিলে
,
চিল্কৰ চালোৱাৰ কুৰ্তা কিনিলে । নীতিৰ
বাবে এইবোৰ বেছ ডাঙৰ বস্তুৱেই আছিল ।

চিল্কৰ চালোৱাৰ কামিজ পিন্ধি তাই যেতিয়া
আব্বুৰ আগেদি অহা যোৱা কৰি থাকে তেতিয়া তাৰ বুকুৰ ধপধপনি বাঢ়ি যায় । সি তেতিয়া
নিজে নিজক কয়
, “ আল্লাৰ কচম, তোমাৰ নিচিনা ধুনীয়া আৰু পৃথিৱীত কোনো
নাই
সি নীতিক সাবট মাৰি ধৰি কয়,
নীতি তুমি মোৰ
ৰানী

এইদৰেই মৰম ভালপোৱাৰ মাজেৰে সময় পাৰ হৈ
গৈছিল ।তাৰপিছত এদিন হঠাতে পুলিচ আহি দুৱাৰত ঢকিয়ালেহি । সিহঁতে আব্বুক গ্ৰেপ্তাৰ
কৰিলে।

নাবালিকা নীতিক ভুলাই ফুচুলাই বিয়া কৰোৱা
বাবে আব্বুৰ দুবছৰ জেল হ
ল।

আদালতত আব্বুৰ শাস্তিৰ কথা শুনি নীতিয়ে
তাক সাবটি ধৰিলে
কান্দি কান্দি তাই কেবল এইটো কথাই বাৰে বাৰে কলে ,” মই মা দেউতাৰ ওচৰলৈ নাযাওঁ । মই সেইইটো
ঘৰতেই তোমাৰ বাবে অপেক্ষা কৰি থাকিম

আব্বুৱে তাইৰ কথি শুনি কেবল তাইৰ পিঠিত
হাত বুলাই ক
লে

সাবধানে
থাকিবা । আমাৰ টাঙ্গা ঘোঁৰা সকলো তোমাৰ হাতত এৰি থৈ গৈছো। নিয়মিত ভাবে ভাৰা লবলৈ
নাপাহৰিবা কিন্তু

নীতিৰ মাক দেউতাকে তাইক বহুতো বুজাই
বঢ়াইও তেওঁলোকৰ লগত নিবলৈ সৈমান কৰাব নোৱাৰিলে ।

আৰম্ভ হল এটা অকলশৰীয়া জীৱন । টাঙ্গাৰ ভাৰাৰ
বাবে দিনে যি পাঁচ টকাকৈ পায় তাৰে তাইৰ ভালদৰে দিন পাৰহৈ যায় । সপ্তাহত মাত্ৰ এদিন
আব্বুৰ সতে দেখা হয় বাকী ছদিন মাত্ৰ অপেক্ষা
, এইদৰেই তাইৰ প্ৰতিদিন পাৰ হবলৈ ধৰিলে ।

তাইৰ জমা টকা পইছা যি আছিল আব্বুৰ বাবে
খোৱা বস্তু কিনা আৰু অহা যোৱাতেই শেষ হৈ গ
ল ।এদিন হঠাত আব্বুৰ চকু তাইৰ কানত পৰিল।

তোমাৰ
কানফুলি জোৰ
?”

তাই হতত লৈ থকা এটা কমলা টেঙাৰ ফালে চাই
চাই ক
লে,

কি
জানো
,কৰবাত
হেৰাল
” !

আব্বুৱে হঠাতে তাইক খঙ কৰি কলে মোৰ বাবে প্ৰত্যেক বাৰেই ইমান ইমান বোৰ
বস্তু অনাৰ কি দৰকাৰ
? মই যেনেদৰে আছো বেছ ভালকৈ আছোঁ

দেখা কৰাৰ সময় শেষ হৈ আহিছিল । তাই আৰু
কথা নবঢ়াই ম্লান হাঁহি এটা মাৰি ঘৰলৈ ঘূৰি আহিল । সেইদিনা খুব কান্দিলে তাই । দেখা
কৰাৰ সময়ত বহু কষ্টেৰে নিজকে চম্ভালি আছিল ।তাই স্পষ্টকৈ বুজিব পাৰিছিল যে আব্বুৰ
শৰীৰটো লাহে লাহে ভাঙি পৰিছে।

তাই ভাবিলে
মোক দেখা নোপোৱাৰ কষ্টতে বোধহয় আব্বুৰ এই
অৱস্থা হৈছে

অকলে থকাৰ কষ্ট,
জেলৰ পঁচা খাদ্য আৰু হাড়ভঙা খাটনি এই
সকলো কথাই তাই জানিছিল
, অকল আব্বুৰ হাৰ্টৰ অসুখটোৰ কথা বাদ দি।

হস্পিতালত শুই শুই মৃত্যুৰ কিছুসময় আগেয়ে
সি বিড়বিড় কৈ নীতিক কলে
, যদি আগতেই গম পালোহেতেঁন মই ইমান সোনকালে মৰিম বুলি মই
তোমাক বিয়া নকৰালো হেতেঁন নীতি । তোমাৰ এই দুৰ্দশাৰ বাবে অকল ময়েই দায়ী । মোক
ক্ষমা কৰি দিয়া । মোৰ স্মৃতি চিহ্ন হিচাব মোৰ টাঙ্গা আৰু ঘোঁৰাটোৰ যত্ন ল
বা আৰু চান্নিৰ মূৰত হাত
ফুৰাই ক
বা
তোমাৰ দেউতাই তোমালৈ বহুত মৰম পঠাইছে

আব্বুৰ মৃত্যুৰ পিছতেই সেই সকলোবোৰ শেষ
হৈ গ
ল।

প্ৰতিদিনেই গধূলি সময়ত দীনা কচোৱান আহি
তাইৰ হাতত পাঁচ টকা দিয়ে আৰু তাইক অভয় দিয়ে
বৌ আল্লাৰ ইচ্ছাৰ ওচৰত আমি সকলো অসহায় ।
আব্বু মোৰ কেবল বন্ধুৱেই নাছিল সি মোৰ ভাইৰ দৰে আছিল । মই যিমান খিনি পাৰো নিশ্চয়
কৰিম

ইয়াৰ কিছুদিন পিছত দীনাই হঠাতে তাইক
বিয়াৰ প্ৰস্তাৱ আগবঢ়ালে । তাৰ কথা শুনি নীতিৰ তাক ঢকিয়াই ঘৰৰ বাহিৰ কৰিবলৈ ইচ্ছা হ
, কিন্তু তাই এইবোৰ একো নকৰাকৈ তাক শান্ত
স্বৰে ক
লে দাদা মই বিয়া কৰাব নোৱাৰিম

সেইদিনাৰ পৰা দীনাৰ ব্যৱহাৰ সলনি হৈ গল। প্ৰথমতে কেইদিনমান অন্য কাৰোবাৰ হাতত
পাঁচ টকা দি পঠাবলৈ আৰম্ভ কৰিলে
,তাৰপিছত কেতিয়াবা চাৰিটকা দিয়ে,
কেতিয়াবা তিনি টকা । ইয়াৰ পিছত গা বেয়া
বুলি কৈ কিছুদিন নাহিলেই ।সতাৰপিছত ক
লে গা বেয়া বাবে বহু দিন টাঙ্গা চলাব
নোৱাৰাত একো ৰোজগাৰ হোৱা নাই
, আৰু টাঙ্গা খনো মেৰামত নকৰালেই নহয় ।

নীতিয়ে সকলো বুজিব পাৰি এদিন দীনাক
লে

দাদা
তুমি আৰু কষ্ট কৰিব নালাগে । মোৰ টাঙ্গা আৰু

ঘোঁৰা মোকেই ঘূৰাই দিয়া

ইয়াৰ কিছুদিন পিছত আব্বুৰ আৰু এজন প্ৰিয়
বন্ধু মাঞ্ঝাক টাঙ্গা খন চলাবলৈ দিলে । সিও নীতিক বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰিলে
আৰু নীতিয়ে স্পষ্ট ভাবে প্ৰত্যাখ্যান কৰিলে। তাৰ পিছত তাৰো ব্যৱহাৰ সলনি হ
বলৈ আৰম্ভ কৰিলে । অসহায় নীতিয়ে এইবোৰ
আব্বুৰ টাঙ্গা-ঘোঁৰা অচিনাকি কচোৱান এজনৰ হাতত তুলি দিলে । এদিন সন্ধিয়া মাতাল
অৱস্থাত সি নীতিক টকা দিবলৈ আহি তাইৰ হাতত ধৰিলেহি। সেইদিনা বহুত কথা শুনাই তাই
মানুহটোক বাহিৰ কৰি দিলে

ইয়িৰ পিছত তাই সঁচাকৈয়ে বিপদত পৰিল । আঠ
দহ দিন মান এইদৰে যোৱাৰ পিছত এদিন হঠাতে তাইৰ মনলৈ আহিল
,
নিজে চলালে
কেনেকুৱা হয়
”? আব্বুৰ লগত বাহিৰলৈ যাওঁতে বহুত বাৰ তাই নিজে টাঙ্গা
চলাইছিল । চহৰৰ সকলো ৰাস্তাও তাই ভালদৰে চিনি পায়।

তাৰপিছত তাইৰ মনলৈ আহিল,
মানুহে কি ক?’

তাৰপিছত নিজেই নিজৰ প্ৰশ্নৰ উত্তৰ দি কলে’ ‘ছোৱালী বোৰে পৰিশ্ৰম নকৰে নেকি?
ছোৱালী বোৰ আজিকালি অফিচলৈ যায়,
তাৰোপৰি ঘৰটো হাজাৰটা কাম কৰে । কষ্ট
কৰিয়েই টো খাম
, ইয়াত অসুবিধা কি?’

কিছুদিন চিন্তা কৰাৰ পিছত আল্লাক স্মৰণ
কৰি এদিন ৰাস্তালৈ টাঙ্গা উলিয়ালে। প্ৰথম দিনৰ পৰাই বাকী সকলো কচোৱানৰ চকু থৰ হৈ গ
ল আৰু গোটেই চহৰ খনত খবৰ বিয়পি পৰিল এজনী
ধুনীয়া ছোৱালীয়ে টাঙ্গা চলাইছে ।সকলো ঠাইতে কেবল তাইক লৈয়েই আলোচনা আৰম্ভ হ
ল। নীতিয়ে যি ৰাস্তাদি টাঙ্গা চলাই যায়
সেই ৰাস্তাত বহুতো লোক অপেক্ষা কৰি থাকে তাইৰ টাঙ্গাত উঠিবৰ বাবে ।

প্ৰথমে নীতিৰ টাঙ্গাত উঠিবলৈ মানুহে ভয়
কৰিলেও কিছুদিনৰ ভিতৰতে সেই ভয় নাইকিয়া হ
ল। তাৰ পিছৰ পৰা এক মিনিটৰ বাবেও নীতিৰ
টাঙ্গা খন খালি হৈ নথকা হ
ল। সকলোৱে তাইৰ টাঙ্গাত উঠিবৰ বাবে হেতা ওপৰা কৰে।

কিন্তু কিছুদিন এইভাবে চলোৱাৰ পিছত তাই
বুজিলে যে এইদৰে গোটেই দিন টাঙ্গা চলালে তাইৰ আৰু ঘোঁৰাটোৰ দুয়োটা শৰীৰ ভাঙি পৰিব।
সেইবাবে তাই স্থিৰ কৰিলে যে ৰাতিপুৱা সাত বজাৰ পৰা বাৰ বজালৈ চলাই অকণমান জিৰণি ল
ব। তাৰপিছত দুপৰীয়া দুটা বজাৰ পৰা
সন্ধিয়া ছটা বজালৈকে চলাব ।ইয়াৰ ফলত তাইৰ কষ্ট কিছু কমিল। ৰোজগাৰ খুব এটা বেয়া
নাছিল ।

কিন্তু তাই লাহে লাহে বুজি উঠিছিল যে
ভানুহবোৰে কেবল তাইৰ সঙ্গ পাবৰ বাবেই উঠে । অকাৰণতে কিছু ইফালে সিফালে ঘূৰে
,অশ্লীল ৰসিকতা কৰে ,অদ্ভুত কথা কিছুমান কয় আৰু কৰবাত নামি যায়।

তাই এইটোও বুজিছিল যে তাই নিজকে বিক্ৰী
নকৰিলেও মানুহে প্ৰতিদিনে অলপ অলপকৈ তাইক কিনি নিছিল। তাই এইটোও বুজিছিল যে চহৰৰ
বাকী কচোৱান বোৰে আজিকালি তাইক ঘৃণাৰ চকুৰে চায়। এই সকলোবোৰ জনাৰ পিছতো এই যুদ্ধৰ
কোনো বিকল্প তাইৰ মনলৈ অহা নাছিল ।

কিন্তু এদিন হঠাতে সেই চহৰৰ কমিটিয়ে তাইক
মাতি পঠিয়াই ক
লে, “ তুমি আৰু টাঙ্গা চলাব নোৱাৰিবা

তাই সুধিলে,
কিন্তু কিয় মহোদয়?”

লাইচেঞ্চ
অবিহনে টাঙ্গা চলোৱাটো অপৰাধ । আৰু লাইচেঞ্চ নোহোৱাকৈ এইদৰে ৰাস্তাত ওলালে টাঙ্গা
আৰু ঘোঁৰা দুয়োটা বাজেয়াপ্ত কৰা হ
ব।

তাই প্ৰশ্ন কৰিলে,
তেতিয়া হলে মহোদয় লাইচেঞ্চ খন কিদৰে পাম ?”

তেওঁলোকে স্পষ্টকৈ কলে ছোৱালীবোৰক লাইচেঞ্চ দিয়া নহয়

তাই আকৌ প্ৰশ্ন কৰিলে
মহাশয় মোৰ টাঙ্গা ঘোঁৰা সকলো কাঢ়ি নিয়ক ।
কিন্তু মোক কওক যদি ছোৱালীয়ে যঁতৰ ঘূৰাব পাৰে
, কয়লা খান্দিব পাৰে,
খৰাহী বনাব পাৰে তেনেহলে মই টাঙ্গা চলালে কি অসুবিধা?
মহাশয় মোক দয়া কৰক,
মোৰ মুখৰ ভাত এইদৰে কাঢ়ি নিনিব । মই
কেনেদৰে ৰোজগাৰ কৰিম সেইটো দয়া কৰি কওক !

চহৰৰ কমিটিয়ে তাইক উত্তৰ দিলে,”
বজাৰলৈ গৈ ধান্ডা আৰম্ভ কৰাগৈ । তাত
ৰোজগাৰ বহুত বেছি।

নীতিৰ ভিতৰৰ নীতিজনী সেই মুহূৰ্ততে জ্বলি
পুৰি ছাৰখাৰ হৈ গ
ল। তাই মৃদু স্বৰেৰে আচ্ছাবুলি কৈ ওলাই গল।

তাৰপিছত খুব জোৰেৰে টাঙ্গা খন চলাই তাই
চিধা কবৰ স্থানত গৈ ৰখালেগৈ । তাৰপিছত এক মুহুৰ্ত ৰৈ আব্বুৰ কবৰৰ সমুখত থিয় হ
ল। তাৰ পিছত মূৰটো তল কৰি কৈ উঠিল,
আব্বু, আজি তোমাৰ নীতিৰ কমিটিৰ অফিচত মৃত্যু
ঘটিছে ।

পিছদিনা তাই কমিটিৰ অফিচলৈ গল। তাত পৰা তাইৰ নিজৰ শৰীৰ বেচাৰ
লাইচেঞ্চ খন পাবলৈ দেৰি নেলাগিল।


লেখক পৰিচয় ঃ

চাদাত হাচান মান্টো অবিভক্ত ভাৰতবৰ্ষৰ লুধিয়ানা চহৰত ১৯১২ চনৰ ১১ মে তাৰিখে এটা কাশ্মিৰী মুচলিম পৰিয়ালত জন্ম গ্ৰহণ কৰে । তেখেতে কম সময়ৰ বাবে আলিগড় মুচলিম বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে । তাৰ পিছত তেওঁ ১৯৩৬ চনত বম্বেৰ এখন সাপ্তাহিক আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ইয়াৰোপৰি তেওঁ চিনেমাৰ চিত্ৰনাট্য লিখা কামো হাতত লৈছিল । ১৯৪৮ চনৰ দেশ বিভাজনৰ পিছত তেওঁ লাহোৰলৈ গুছি যায় । মান্টোৰ লিখনি সমূহ সময়তকৈ বহু আগবঢ়া আছিল আৰু তেওঁৰ বিতৰ্কিত আৰু কিছু অশ্লীলতাৰ গোন্ধ থকা লেখনি সমূহৰ বাবে ভাৰত আৰু পাকিস্তানত কেইবাবাৰো কৰ্টৰ গোচৰৰ সন্মুখীন হৈছিল। তেওঁ ৰ বিতৰ্কিত চুটিগল্প সমূহ আছিল- কালি চালৱাৰ ধুঁৱাবুথণ্ডা গোস্ত ,আৰু উপৰ নীচে আউৰ দৰমিয়াঁ।

Popular Post

ঐতিহাসিক চিঠি