অনুবাদ দিৱস বিশেষঃ আহ্বান

Posted by : translatorsassam
September 30, 2020

 (সকলোকে বিশ্ব অনুবাদ দিৱসৰ
শুভেচ্ছা জনাইছোঁ)

অসমীয়া সাহিত্যত অনুবাদৰ ক্ষেত্ৰত
এটা সাংঘাটিক সীমাবদ্ধতা
দেখিবলৈ পোৱা যায়।
বহুক্ষেত্ৰত এই সীমাবদ্ধতাই অনুবাদ সাহিত্যক একঘেয় কৰি তুলিছে। তাৰ ফলশ্ৰুতিত অনুবাদ
সাহিত্যও
Typical হৈ পৰিছে। এই সীমাবদ্ধতা কেৱল ভাষিক সীমাবদ্ধতাই নহয়, বৰং সাংস্কৃতিক
সীমাবদ্ধতাও।

       নতুন অনুবাদকৰ ক্ষেত্ৰত এই কথাবোৰ আৰু
চিন্তনীয় হৈ পৰে। নতুন অনুবাদকৰ ক্ষেত্ৰত প্ৰথমতেই কেইটামান প্ৰশ্নৰ চিৰিয়াছ
আলোচনাৰ অত্যন্ত প্ৰয়োজন—

       ক) কেনেধৰণৰ অনুবাদ কৰা উচিত?

       খ) উ ভাষা কি হোৱাটো
উচিত
?

       প্ৰথম প্ৰশ্নটোৰ উত্তৰ নিৰ্বাচন কৰোঁতে এজন
নতুন অনুবাদকে যথেষ্ট প্ৰত্যাহ্বানৰ মূখামুখি হ
বলৈ সাজু হৈ থাকিব লাগিব।
বহুক্ষেত্ৰত
Error and Try পদ্ধতি লব পাৰে যদিও এই পদ্ধতি খুব দীৰ্ঘদিনীয়া হোৱাটো উচিত নহয়।
মই বিশ্বাস কৰো যে এজন অনুবাদকে সকলো ফৰ্মৰ অনুবাদ কৰিব নোৱাৰে।

       সেইদৰে দ্বিতীয় প্ৰশ্নটোৰ আলোচনা
অনুবাদকজনৰ একান্ত ব্যক্তিগত। কিন্তু এই প্ৰশ্নটোৰ ক্ষেত্ৰত মনত ৰখাটো উচিত যে
অনুবাদকজনে কেৱল ভাষাৰ তৰ্জমাই নকৰে, বৰং সংস্কৃতিৰো তৰ্জমা কৰিবলৈ গৈ আছে। গতিকে
কেৱল ভাষিক দক্ষতাই অনুবাদকজনক ভাষাটোৰ প্ৰতি যোগ্য কৰি নোতোলে, বৰং উ
আৰু লক্ষ্য ভাষাকালীন সমাজখনৰ বোধগম্যতাইহে তেওঁক উপযুক্ত কৰি তুলিব।

অনুবাদক পৰিয়ালৰ পৰা এটা আহ্বানঃ

অসমৰ
অনুবাদ সাহিত্যক আৰু অনুবাদকসকলৰ উদ্দেশ্যে এখন ভাৰ্চুৱেল মঞ্চ প্ৰতিষ্ঠাৰ
উদ্দেশ্যে
অনুবাদক the translators” প্ৰকল্পৰ জন্ম দিছিলোঁ। এই মঞ্চখনৰ সৈতে অসমৰ বহু ন-পুৰণি
অনুবাদক জড়িত হৈ আছে। যিকি নহওঁক আমি পৰীক্ষামূলকভাৱে ইতিমধ্যে বিভিন্ন ধৰণৰ
অনুবাদৰ কাম কৰিলোঁ। ঐতিহাসিক চিঠি-পত্ৰৰ পৰা আৰম্ভ কৰি কালজয়ী গল্পলৈকে।

       আজি বিশ্ব অনুবাদ দিৱসৰ শুভক্ষণত আমি অনুবাদ
শিল্পৰ প্ৰতি আগ্ৰহী সকলোৰে পৰা নিম্নোক্ত শিতানকেইটাত অনুবাদ বিচাৰিছোঁঃ

       ১) দলিত সাহিত্য

       ২) লিংগ সমতাভিত্তিক লেখা

       ৩) যুদ্ধবিৰোধী সাহিত্য

       ৪) অসমৰ ৰাজনৈতিক-অৰ্থনৈতিক ইতিহাস
(অসমীয়াৰ পৰা ইংৰাজীলৈ)

 

ধন্যবাদ

প্ৰশাসক,
অনুবাদক

Popular Post

ঐতিহাসিক চিঠি