এজন কবিৰ সাক্ষাৎকাৰ
মূল বাংলাঃ নিৰ্মলেন্দু গুণ
অনুবাদঃ ড৹ বিৰিঞ্চি কুমাৰ দাস
: বাৰু,
চমুকৈ কবিতা বুলিলে আপুনি কি বুজে?
—
মানুহ ।
: আপোনাৰ কবিতাত ৰাজনীতিৰ ব্যৱহাৰ বৰ বেছি, ধাৰণা হয়
আপুনি শিল্পৰ দিশটোক বিশেষ এটা —- ইয়াৰ কাৰণ কি?
—
মানুহ ।
: স্বৰ্গ,
নৰক; এইবোৰ বিষয়ত আপোনাৰ
মনোভাৱ জানিব বিচাৰোঁ ।
অলপ সহজভাৱে বুজাই ক‘বনে?
—
বৰ সহজভাৱে ক‘বলৈ হ‘লে ক‘ব লাগিব,
মানুহ ।
: মানুহৰ মৃত্যু হ‘লে তাৰ পিছত, কিবা ভাবিছেনে?
—
হয়, ভাবিছোঁ, তাৰ পিছতো মানুহ ।
: সকলো প্ৰশ্নৰে উত্তৰ যদি মানুহ, তেনেহ‘লে এইবাৰ কওঁক
মানুহ বুলিলে আপুনি কি বুজে?
—
সমাজবদ্ধ শ্ৰমজীৱী মানুহ ।
: তেনেহ‘লে শেষত কথাটো ক‘ত আহি ৰ‘ল?
—
ৰোৱা নাই, চলি থাকিল ।
: মানিলোঁ চলি থাকিল, কিন্তু কিহে মানুহক দিলে
এই অন্তহীন চলাৰ গতি? সেয়া কোনো পৰম শক্তি
নহয়নে?
—
হয়, মানুহতো পৰম শক্তিয়েই
। ঠিকেই কৈছে ।
: তাৰ মানে,
আপুনি ক‘ব বিচাৰে, এই সুন্দৰ পৃথিৱী, এই
মহাশূন্যমুগ্ধ সৌৰলোক, এই মাটি, এই আকাশ,
বতাহ—
এইবোৰ সৃষ্টি কৰিছে মানুহে?
—
হয়, মানুহে ।
: কওঁকচোন,
কেনেকৈ?
— সন্তানে যেনেকৈ
সৃষ্টি কৰে তাৰ মাকক, দেউতাকক ।
