গল্পঃ খ্ৰীষ্টমাছৰ সময়ত / এন্টন চেকভ

Posted by : translatorsassam
October 2, 2020

খ্ৰীষ্টমাছৰ সময়ত
মূল (ৰুছিয়ান): এণ্টন চেখভ
ইংৰাজীৰ পৰা অনুবাদ: ড° বসন্ত
কুমাৰ বৰা

(১)

কি
লিখোঁ
?” কৈ কৈ য়েগৰে কলমটো চিঞাহীত
ডুবাই ল
লে । ভাছিলিছাই জীয়েকক
চাৰিবছৰ ধৰি দেখা নাই । জীয়েক য়েফিম্যা বিয়াৰ পিছত পিটাৰ্ছবুৰ্গলৈ গ
লগৈ, তেওঁলোকলৈ দুখন চিঠি
লিখিলে
; আৰু তাৰ পিছত সিহঁত যেন
তেওঁলোকৰ জীৱনৰ পৰা অদৃশ্য হৈ পৰিল ! তাইৰ আৰু দেখা-দেখিও নাই
, চিঠি-পত্ৰও নাই । ইফালে
বুঢ়ীজনীয়ে পুৱা গাইকেইজনীকে খীৰাওক
, চৌকাটোকে জ্বলাওক, ৰাতি ৰাতি কলমটি্যাইয়ে
থাকক
তেওঁ অনবৰতে সেই একেটা
কথাই ভাবি থাকে
য়েফিম্যাৰ বা কেনেকুৱা, সিহঁত চকুৰে নেদেখা দূৰণিত ভালে কুশলে আছেনে নাই বা ! তেওঁলোকে চিঠি এখনকে
লিখা উচিত আছিল
, কিন্তু বুঢ়া বাপেকে লিখিব নাজানে আৰু লিখি দিবলৈ যে ঘৰত কোনো নায়ো ।

পিছে যেতিয়া খ্ৰীষ্টমাছ
পালেহি
, ভাছিলিছাই আৰু সহ্য কৰিব
নোৱাৰিলে । তেওঁ গৈ ঘৰৰ মালিকনীৰ ভায়েক য়েগৰৰ চৰাইখানা পালেগৈ
য়েগৰে সেনাবাহিনীৰ পৰা উভতি অহাৰ পিছৰপৰা চৰাইখানাটোত বহি থকাৰ বাহিৰে একো
নকৰে
; মানুহে কোৱা-কুই কৰে, ভাল পইচা দিলে সি ধুনীয়া
চিঠি লিখিব পাৰে । ভাছিলিছাই চৰাইখানাৰ ৰান্ধনিজনৰ লগত
, তাৰ পিছত ঘৰৰ মালিকনীৰ লগত
আৰু শেষত য়েগৰৰ লগতে কথা পাতি পোন্ধৰ কোপেকত চিঠি লিখা বন্দৱস্ত কৰিলে ।

আৰু আজি এয়া বন্ধৰ দ্বিতীয়
দিনা
চৰাইখানাৰ ৰান্ধনি ঘৰত –
য়েগৰ কলমটো লৈ মেজত বহি আছে । ভাছিলিছাই মুখত এক আশংকা আৰু হতাশাৰ অভিব্যক্তিৰে
তাৰ সমুখত থিয় দি আছে । তাইৰ গিৰিহঁত পিয়
ট্‌ৰ মুগা বৰণৰ তপা মূৰটোৰে অতি ক্ষীণকায় মানুহজন তাইৰ লগতে আহিছে; তেওঁ সমুখলৈ অন্ধ মানুহ
এজনৰ দৰে দৃষ্টি পেলাই ৰৈ আছে । ষ্ট
ভটোত এডোখৰ গাহৰিৰ মঙহ চছ্‌পেন এটাত সিজি আছে; মঙহডোখৰ বক্‌বক্‌কৈ উতলিছে, ষ্টভটো চি-চিয়াই বাজিছে, আৰু যেন মাজে মাজে ফু-ফুকৈ
শব্দহে কৰি আছে । বন্ধ ঢাকনিখনে উঠা-নমা কৰি আছে ।

কি
লিখোঁ
?”, য়েগৰে
আকৌ সুধিলে ।

আঁ
?”, ভাছিলিছাই
তালৈ খঙেৰে আৰু সন্দেহেৰে চাই সুধিলে ।

মোক
চিন্তাত নেপেলাবা ! তুমি এনেই লিখা নাই নহয়
; চিন্তা নকৰিবা, তোমাক পইচা ঠিকেই দিম । লিখা, ‘আমাৰ মৰমৰ জোঁৱাই, আন্দ্ৰেই হৃচানফিট্‌ছ আৰু
আমাৰ একমাত্ৰ মৰমৰ জী
, য়েফিম্যা পেট্ৰভ্‌নালৈ
। তোমালোকৰ মংগলৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু আমাৰ চিৰকলীয়া পিতৃ-মাতৃৰ
আশীষ প্ৰেৰণ কৰিছো

হৈ
, কৈ যোৱা ।

আৰু
আমি তেওঁলোকক খ্ৰিষ্টমাছৰ শুভেচ্ছা জনাইছো । আমি ভালে ভালেই আছো
, তোমালোকৰো নেদেখাজন ভগৱানৰ
কৃপাত আশা কৰো ভালেই ।

ভাছিলিছাই খন্তেক ৰল আৰু গিৰিয়েকৰ ফালে চালে

তোমালোকৰো
নেদেখাজন ভগৱানৰ কৃপাত আশা কৰো ভালেই ।
”, তাই দোহাৰিলে আৰু উচুপিবলৈ ধৰিলে ।

তাই আৰু একো কব নোৱাৰিলে । কিন্তু আগতে, যেতিয়া তাই ৰাতি ৰাতি
কথাবিলাক ভাবি ভাবি বিচনাত পৰি থাকে
, তেতিয়া তাইৰ এনেকুৱা লাগে যেন তাইৰ ইমানবিলাক
কথা আছে
, সেয়া যেন এক ডজন চিঠিত
লিখিও শেষ নহ

! তাইৰ ছোৱালীজনী জোঁৱায়েকৰ লগত গুচি যোৱাৰ দিন ধৰি বহু পানী সাগৰলৈ বৈ গ
, বুঢ়া-বুঢ়ীয়ে তেওঁলোক যেন
পৃথিৱীত অকলশৰীয়া হৈ পৰিল
, আৰু ৰাতি ৰাতি হুমুনিয়াহ কাঢ়ি কাঢ়ি কটালে যেন তেওঁলোকৰ জী্যেকে যেন পৃথিৱীখনেই
এৰি গ
ল । গাৱঁত তেতিয়াৰ পৰা
কিমান উৎসৱ পালিত হ
, কিমানজনৰ মৃত্যু ঘটিল, কিমানখন বিয়া হৈ গল ! জাৰকালিবিলাক কিমান
দীঘলীয়া হৈ পৰিল
নিশাবিলাক কিমান নাযায়-নুপুৱাই হৈ থাকিল !

বৰ
গৰম
”, য়েগৰে তাৰ হাত-কটা কোটটোৰ
বুটাম খুলি-খুলি ক
লে, “সত্তৰ ডিগ্ৰীমানলৈ উঠিছে হবপায় ! আৰু …?”, সি
সুধিলে ।

বুঢ়া-বুঢ়ী নিৰৱেই থাকিল ।

তোমালোকৰ
জোঁৱায়ে পিটাৰ্ছবুৰ্গত কি কৰে
?”, য়েগৰে সুধিলে ।

তেওঁ
সৈনিক আছিল
, দোস্ত”, বুঢ়াই দুৰ্বলভাবে কলে, “তোমাৰ সময়তেই প্ৰায় সিও
চাকৰি বাদ দিলে । তেওঁ সৈনিক আছিল হয়
, পিছে এতিয়া কবলৈ গলে তেওঁ পিটাৰ্ছবুৰ্গত এটা জল-চিকিৎসা
কেন্দ্ৰত থাকে । তাত চিকিৎসকে ৰোগীক পানীৰে চিকিৎসা কৰে আৰু জোঁৱাই তাৰ এজন
সহায়কাৰী ।

ইয়াতে
লিখা আছে এয়া
”, বুঢ়ীয়ে জেপৰ পৰা চিঠি এখন উলিয়াই কলে, “ভগৱানেহে জানে কেতিয়া য়েফিম্যাৰ এই চিঠিখন
পাইছিলো । সিহঁত ইমানদিনে জীয়াই আছেনে নাই বা !

য়েগৰে খন্তেক ভাবি খৰখেদাকৈ
লিখিবলৈ ধৰিলে
, “বৰ্তমান”, সি লিখি গ, “ঈশ্বৰৰ ইচ্ছাত তুমি যিহেতু
মিলিটেৰীত চাকৰি কৰিব লগীয়া হ
, আমি তোমাক নিয়মানুৱৰ্তীতাৰ অপৰাধ আৰু
প্ৰাথমিক আইনখন চাবলৈ পৰামৰ্শ দিওঁ
; সেইখন আইনত তুমি যুদ্ধ-কাৰ্য্যালয়ৰ বিষয়াসকলৰ
আচৰণৰ বিষয়ে পাবা ।

লিখি উঠি সি ডাঙৰ ডাঙৰকৈ
লিখাখিনি পঢ়ি গ
, ভাছিলিছাই ভাবি থাকিল আৰু
কি লিখা উচিত হ

– যোৱাবছৰ সিহঁতৰ খৰছ কিছুমান কিমান বাঢ়ি গৈছিল
, কেনেকৈ সিহঁতৰ মাকৈবিলাক খ্ৰিষ্টমাছৰ আগতেই
শেষ হৈ গৈছিল
, কেনেকৈ সিহঁতে গৰুজনী বেচিব লগীয়া হৈছিল ইত্যাদি । তাই পইচা অলপো খোজা উচিত, তাই আৰু লিখা উচিত যে
সিহঁতৰ দেউতাক ৰুগীয়া হৈ আহিছে আৰু সন্দেহ নাই
, সোনকালেই তেওঁ সিপুৰীলৈ যাবগৈ কিন্তু কথাবিলাক কিদৰে
শব্দেৰে প্ৰকাশ কৰা যায়
? কোনটো কথা আগতে আৰু কোনটো কথা পিছত কোৱা উচিত হ?”

মন
কৰিবা
”, য়েগৰে লিখি গ, “সৈনিক আইনখনৰ পঞ্চম খণ্ডত, সৈনিক এটা সাধাৰণ নামবাচক
বিশেষ্য
, প্ৰথম খাপৰ সৈনিকসকলক কোৱা
হয় জেনেৰেল
, আৰু শেষৰ খাপৰসকলক কোৱা হয় ব্যক্তিগত …”

বুঢ়াই ওঁঠকেইটা লৰালে আৰু
লাহেকৈ ক
লে, “নাতিহঁতক এবাৰ চাবলৈ পালে
ভাল হ
লহেঁতেন ।

কি
নাতিহঁত
?”, বুঢ়ীয়ে
বুঢ়ালৈ খঙেৰে চাই সুধিলে
, “কিজানি নাতি হোৱাই নাই !

অঁ; পিছে হবওতো পাৰে, কোনে জানে !

আৰু
তাৰপৰা তুমি বিচাৰ কৰিব পাৰিবা
”, য়েগৰে ফটাফট লিখি গ, “বাহিৰৰ শত্ৰু কোন আৰু
ভিতৰৰ শত্ৰু কোন । আমাৰ প্ৰথম শত্ৰু হ
ল বাখ্‌খচ* ।কলমটোৱে ঘঁহনিৰ শব্দ কৰিলে আৰু কাগজৰ ওপৰত
বৰশীৰ দৰে দাগবিলাক মাৰি গ

। য়েগৰে লৰালৰি কৰিলে আৰু প্ৰত্যেকটো শাৰীয়েই কেইবাবাৰো পঢ়িলে । সি মেজখনৰ তলত বহল
স্বাস্থ্যবান ভৰিকেইটা সুমুৱাই টুল এখনত বহি আছিল
, তাৰ মুখখন আছিল পশুৰ দৰে খহটা আৰু ডিঙিটো
আছিল ষাঁড়ৰ দৰে শকত-আবত । প্ৰকৃততে সি নিজেই আছিল একধৰণৰ জান্তৱ চেহেৰা
; খহটা, অহংকাৰী, শক্তিশালী আৰু সৰু চৰাইখানা
এখনত জন্ম হোৱা গৌৰৱেৰে গৌৰৱান্বিত
; আৰু ভাছিলিছাই সেই জান্তৱ মানসিকতাক শব্দেৰে
প্ৰকাশ কৰিব নাজানিলেও ঠিকেই বুজি পাইছিল
, তাই মাথো বিৰাগ আৰু সন্দেহেৰে য়েগৰলৈ চাই
আছিল । তাইৰ মূৰটো বিষাবলৈ আৰম্ভ কৰিছিল
; তাইৰ ভাববিলাক য়েগৰৰ কণ্ঠ আৰু অবুজ
শব্দবিলাকে
, কোঠাটোৰ উত্তাপ আৰু বন্ধ পৰিবেশে খেলি-মেলি কৰি পেলাইছিল । তাই আৰু একো নকলে, একো নাভাবিলে, মাথো য়েগৰে লিখা শেষ কৰালৈ
ৰৈ থাকিল । কিন্তু বুঢ়াই সম্পূৰ্ণ বিশ্বাসেৰে য়েগৰলৈ চাই থাকিল । তেওঁ তাৰ
ঘৈণীয়েকক পূৰা বিশ্বাস কৰে
, যি তাক ইয়ালৈ লৈ আহিছে; তেওঁ য়েগৰকো বিশ্বাস কৰে
আৰু যেতিয়া তেওঁ
জল-চিকিৎসালয়খনৰ কথা কৈছিল
, এইটো স্পষ্ট দেখা গৈছিল যে তেওঁ জল-চিকিৎসা পদ্ধতি আৰু পানীৰ ৰোগ-নিৰাময়
শক্তিকো বিশ্বাস কৰে ।

লিখা শেষ কৰি য়েগৰে চিঠিখন
প্ৰথমৰ পৰা শেষলৈ পঢ়িলে । বুঢ়াই একো বুজি নাপালে
, কিন্তু প্ৰত্যয়েৰে মূৰ দুপিয়াই গল ।

ঠিক
আছে
; ভাল হৈছে …”, তেওঁ
লে, “ভগৱানে তোমাক সুস্বাস্থ্য
দিয়ক । ঠিক আছে
…”

তেওঁলোকে মেজৰ ওপৰত তিনিটা
পাঁচ কোপেকৰ মুদ্ৰা ৰাখিলে আৰু চৰাইখানাৰ পৰা ওলাই আহিল । বুঢ়াই লৰ-চৰ নোহোৱাকৈ
অন্ধ মানুহৰ দৰে সমুখলৈ চাই গ
; তেওঁৰ মুখত প্ৰতিফলিত হৈ উঠিছিল এক প্ৰত্যয়ৰ
ছবি । কিন্তু ভাছিলিছাই ওলাই আহোঁতেই খঙেৰে কুকুৰটোলৈ টোঁৱাই গালি পাৰিলে
, “হেৰজহনী ।

বুঢ়ী গোটেই ৰাতি সাৰে
থাকিল
; বিভিন্ন চিন্তাই তাইক
জুমুৰি দি ধৰিলে । দোকমোকালিতে তাই উঠিল
, নৈমিত্তিক প্ৰাৰ্থনা কৰিলে আৰু চিঠিখন পঠাবলৈ
ষ্টেছন পালেগৈ ।

ষ্টেছনলৈ বাট আছিল আঠৰ পৰা
ন-মাইল ।

(২)

ডাক্তৰ বি, ’, মৎছেলভাইজাৰৰ জল-চিকিৎসা
কেন্দ্ৰটো অন্য সাধাৰণ দিনৰ দৰে নৱবৰ্ষৰ দিনাও খোলা আছিল
; একমাত্ৰ পাৰ্থক্য আছিল যে
সহায়কাৰী আন্দ্ৰেই হৃচানফিট্‌ছৰ সমাবেশযোৰত আছিল নতুনকৈ বেণী লগোৱা
, তাৰ বুটযোৰত আছিল নতুন
পলিছ আৰু সি প্ৰত্যেকজন দৰ্শনাৰ্থীকে কৈ আছিল
, “নৱবৰ্ষৰ শুভেচ্ছা জনালো ।

ৰাতিপুৱা আন্দ্ৰেই
হৃচানফিট্‌ছ দুৱাৰমুখত থিয় হৈ বাতৰি-কাকত পঢ়ি আছিল । দহ বজামানতে আহিল এজন জেনেৰেল
, তেওঁ আছিল এজন নিয়মীয়া
দৰ্শনাৰ্থী । তেওঁৰ পিছতে আহিল পিয়নজন। আন্দ্ৰেই হৃচানফিট্‌ছে জেনেৰেলজনক কোটটো
খুলিবলৈ সহায় কৰি দিলে আৰু ক
লে, “নৱবৰ্ষৰ শুভেচ্ছা জনালো, মহাশয় !

ধন্যবাদ
। তোমালৈও শুভেচ্ছা থাকিল ।

আৰু খট্‌খটীৰ ওপৰৰ পৰা
জেনেৰেলে দুৱাৰখনলৈ দেখুৱাই সুধিলে (তেওঁ একেটা প্ৰশ্নই সদায় সোধে আৰু সদায়
উত্তৰটো পাহৰি যায়)
, “এইটো কোঠাত কি আছে ?”

সেইটো
বাৰ্তা-বাহকৰ কোঠালি
, মহাশয় ।

জেনেৰেলৰ ভৰিৰ শব্দ নুশুনা
হোৱাৰ পিছত আন্দ্ৰেইয়ে চিঠিবিলাক চালে
, তাৰে এখনত নিজৰে ঠিকনা দেখিবলৈ পালে । চিঠিখন
সি খুলি পেলালে
, কেইটামান শাৰী পঢ়িলে আৰু বাতৰি কাকতখন চাই চাই লাহে ধীৰে নিজৰ কোঠালৈ আগবাঢ়ি গল । তাৰ কোঠাটো আছিল তলৰ
মহলাৰ বাৰাণ্ডাখনৰ মূৰত । তাৰ ঘৈণীয়েক য়েফিম্যা বিচনাত বহি কেঁচুৱাটোক খুৱাই আছিল
, আটাইতকৈ ডাঙৰটোৱে কেকোঁৰা
চুলিৰ মূৰটো তাইৰ আঠুত পেলাই থিয় হৈ আছিল আৰু তৃতীয়টো বিচনাত শুই আছিল । কোঠাটোলৈ
সোমাই আন্দ্ৰেই চিঠিখন য়েফিম্যাক দিলে আৰু ক
লে, “গাৱঁৰপৰা আহিছে চাগৈ ।

তাৰ পিছত সি বাতৰি কাকতখনৰ
পৰা মূৰ নোতোলাকৈয়ে বাহিৰলৈ ওলাই গ
ল । কঁপা কঁপা মাতেৰে য়েফিম্যাই চিঠিখনৰ
প্ৰথম শাৰীকেইটা পঢ়া সি শুনা পালে । তাৰ পিছত তাই আৰু আগবাঢ়িব নোৱাৰিলে
, সিমানখিনিয়েই আছিল তাইৰ
বাবে যথেষ্ট । তাই ফেঁকুৰি উঠিল
, ডাঙৰ লৰাটোক সাৱটি ধৰিলে, তাক চুমা খালে আৰু কবলৈ ধৰিলে তাই হাঁহিছে নে কান্দিছে
সেয়া বুজি পাবলৈ দিগদাৰ হ

, “ককা-আইতাৰ পৰা আহিছে”, তাই কলে, “গাৱঁৰপৰা হেঈশ্বৰ, হেদেৱতাসকল; তাত এতিয়া মুধচৰ তলত দমে দমে বৰফ পৰে গছবিলাক হৈ পৰে ধকধকীয়া
বগা । ল
ৰাবিলাক সৰু সৰু
শ্লেজবিলাকত পিচলি পিচলি ঘূৰি ফুৰে
আৰু মৰমৰ ককাদেউতা জুহালৰ ওচৰত বহি থাকে ।
আৰু থাকে মোৰ অকণমানি মৰমলগা কুকুৰটো ।

কথাখিনি শুনি আন্দ্ৰেই
হৃচানফিট্‌ছৰ মনত পৰিল
, ঘৈণীয়েকে তাক তিনি-চাৰিবাৰমান কেইবাখনো চিঠি লিখি গাৱঁলৈ পঠিয়াবলৈ দিছিল, কিন্তু কিছুমান দৰকাৰী
কামে তাক সদায় বাধা দিছিল
; তাৰ চিঠিবিলাক পঠোৱা হোৱা নাছিল আৰু শেষত চিঠিবিলাক কৰবাত হেৰাই গৈছিল ।

অকণ
অকণ বনৰীয়া শহাবিলাক পথাৰত দৌৰি ফুৰে
”, য়েফিম্যাই লৰাটোক চুমা খাই খাই আৰু চকুলো টুকি টুকি
বিৰবিৰাই কৈ গ
, “ককা ইমান মৰমীয়াল আৰু ভাল, আইতাও ইমান ভাল ইমান মৰম কৰে । সকলোকে
তেওঁলোকে মৰম কৰে
, ভগৱানকো ভক্তি কৰে গাৱঁৰ সৰু গীৰ্জাটোত সকলোৱে প্ৰাৰ্থনা কৰে । স্বৰ্গৰ অধিপতি, হে দেৱী মা, আমাৰ পৰম পিতা, আমাক ইয়াৰ পৰা তালৈ লৈ
যোৱাচোন !

আন্দ্ৰেই হৃচানফিট্‌ছ
কোঠালৈ এবাৰ অকণমান ধোঁৱা খাবলৈ বুলি উভতি গ
, য়েফিম্যাই কথা বন্ধ কৰিলে, একাষৰীয়া হৈ গ; তাইৰ ওঁঠ দুখন কঁপি থাকিল যদিও
চকুপানীখিনি মচি পেলালে । তাই তাক সাংঘাতিক ভয় কৰিছিল
তাৰ ভয়ত তাই কম্পমান আছিল
। তাৰ ভৰিৰ শব্দ শুনিয়েই তাই ভয়-শংকাত আতংকিত হৈ পৰিছিল
, ভৰি কঁপিবলৈ ধৰিছিল আৰু সি
থকা অৱস্থাত এটা শব্দও উচ্চাৰণ নকৰিছিল । আন্দ্ৰেই হৃচানফিট্‌ছে এটা চিগাৰেট
জ্বলালে আৰু সেই সময়তে ওপৰৰ মহলাৰ পৰা ঘণ্টা বাজি উঠিল । চিগাৰেটটো নুমুৱাই
, গহীন মুখেৰে সি দুৱাৰৰ
ফালে খৰধৰকৈ আগবাঢ়িল ।

জেনেৰেলজন তললৈ আহি আছিল, গা-ধুই তেওঁ সপ্ৰতিভ আৰু
ৰঙামুৱাটো হৈ আহিছিল ।

আৰু
এই কোঠাটোত কি আছেনো
?” দুৱাৰখনলৈ দেখুৱাই তেওঁ সুধিলে ।

আন্দ্ৰেই হৃচানফিট্‌ছে লৰালৰিকৈ
তাৰ পেণ্টৰ দুফালে হাত দুখন দি চিধাকৈ থিয় হ
ল আৰু গৌৰৱেৰে কৈ উঠিল,

সঞ্জীৱনী
স্নান
, মহাশয় !

টোকাঃ  *বাখ্‌খচ (আন এটা নাম ডায়নিচছ) গ্ৰীক-সভ্যতাৰ মদিৰা
আৰু উৰ্বৰতাৰ দেৱতা । তেওঁক বহুসময়ত উশৃংখলতা আৰু নিচাৰ লগত জড়িত বুলি
বেয়া দেৱতাবুলিও গণ্য কৰা হয় ।

অনুবাদকৰ টোকা: ১৯০০ চনত এণ্টন চেখভে লিখা ‘At Christmas Time’ নামৰ গল্পটোত দুজন চহা বৃদ্ধ মাক-দেউতাকৰ কাষৰপৰা বিয়া হৈ চহৰলৈ আঁতৰি যাবলৈ বাধ্য হোৱা এগৰাকী নাৰীৰ মানসিক অৱস্থাটো ফুটাই তুলিবলৈ চেষ্টা কৰিছে । বাৰে বাৰে তাই মাক-দেউতাকৈ লিখা চিঠিবিলাক গিৰিয়েকে গাৱঁলৈ পঠিয়াবলৈ পাহৰি গৈছে । শেষতখ্ৰিষ্টমাছৰ সময়ত মাক-দেউতাকে অন্য এজনৰ হতুৱাই লিখা এখন খহটা ভাষাখেলি-মেলিৰ কথাৰ এখন চিঠি (যিখন আবেগবিহীন লিখোঁতাজনে প্ৰায় নিজৰ মতেই লিখিছে) তাইৰ ওচৰ পাইছেগৈ । গল্পটোৰ শেষৰ শাৰীত চেখভে এক দ্ব্যৰ্থবোধক বাক্য ব্যৱহাৰ কৰিছে, “সঞ্জীৱনী-স্নানমহাশয় (Charcot douche, Your Excellency!)” । ভাগৰুৱা শৰীৰৰ সিৰা-উপসিৰাবিলাকক সঞ্জীৱিত কৰি শৰীৰক সঞ্জীৱিত কৰা প্ৰাচীন ছোভিয়েট ৰুছিয়াত প্ৰচলিত এই ধৰণৰ ব্যৱসায়িক স্নানক Charcot douche বুলি কোৱা হৈছিল । এই বাক্যটোৰ দ্বাৰা চেখভে দুঃস্থ জীয়েকৰ গাৱঁৰ মাক-দেউতাকৰ লগত অচিৰেই মিলন হোৱাৰ সম্ভাৱনীয়তা প্ৰকাশ কৰিবলৈ বিচাৰিছে ।

Popular Post

ঐতিহাসিক চিঠি