কবিতাঃ বিশ্বাস / চেজল মিলোজ

Posted by : translatorsassam
October 7, 2020

 বিশ্বাস

মূল: চেজল মিলোজ

ভাবানুবাদ: যশোৱন্ত নিপুণ

 

কিবা এটি বিশ্বাস তোমাৰ
বুকুত তুমি যেতিয়া চোৱা

নিয়ৰৰ টোপাল এটিলৈ নাইবা
পানীত উটি অহা গছৰ এখিলা পাতলৈ

আৰু তুমি জানা যে সিহঁত
তেনেকুৱা কাৰণ সিহঁত তেনেকুৱাই হ
ব লাগিছিল ৷

আনকি যেতিয়া তুমি চকু মুদা
আৰু সপোনৰ দেশত ঘূৰি ফুৰা

পৃথিৱীখন তেনেকৈয়ে থাকিব
যেনেকৈ ই চিৰকাল আছিল

আৰু গছৰ পাতখিলা নদীখনৰ
পানীয়ে উটুৱাই লৈ যাব ৷

 

কিবা এটি বিশ্বাস তেতিয়াও
তোমাৰ বুকুত যেতিয়া কঠিন শিল এটিৰ খুন্দাত

তোমাৰ ভৰিখনেৰে এটি তীব্ৰ
যন্ত্ৰণা উজাই আহে আৰু তুমি জানা

যে শিলবোৰ তাত আছে এনেদৰে
আমাৰ ভৰিক যন্ত্ৰণা দিবলৈকে ৷

দীঘল ছাঁটো দেখিছা সেই
গছজোপাৰ
?

আমি আৰু গছবোৰে পৃথিৱীৰ
বুকুত ছাঁ
পেলাওঁ

যাৰ ছাঁ নেথাকে তাৰ জীয়াই
থকাৰ শক্তি নেথাকে ৷

 

Popular Post

ঐতিহাসিক চিঠি