কবিতাঃ দ্বিতীয় আৱিৰ্ভাৱ / উইলিয়াম বাটলাৰ য়িট্ছ

Posted by : translatorsassam
October 10, 2020

 

দ্বিতীয় আৱিৰ্ভাৱ

মূলঃ উইলিয়াম বাটলাৰ য়িট্ছ

অনুবাদঃ যশোৱন্ত
নিপুণ

 

ক্ৰমশঃ বৰ্ধমান চাকনৈয়াত ঘূৰি ঘূৰি
শেনটোৱে আৰু শুনিবলৈ নাপায় তাৰ গৰাকীৰ কণ্ঠ ;
সকলোবোৰ খহি পৰে; কেন্দ্ৰই আৰু ধৰি ৰাখিব
নোৱাৰে
;
মাত্ৰ সীমাহীন বিশৃংখলতাই ঘেৰি ধৰে পৃথিৱীখন,
ৰক্তাক্ত বাধাহীন জোৱাৰে আবৰে, আৰু সৰ্বত্ৰ
প্লাৱনে গ্ৰাস কৰি আনে নিষ্কলুষ সৰলতাৰ উৎসৱ ;
সৰ্বোত্তম সকলৰ কোনো দৃঢ়তা নাই, কিন্ত পাষণ্ডবোৰ
তীব্ৰতম আবেগেৰে উচ্ছসিত ৷




নিশ্চয় কিবা সত্যৰ উন্মোচন হব অচিৰেই;
নিশ্চয় দ্বিতীয় আৱিৰ্ভাৱ অতি সন্নিকট ৷
দ্বিতীয় আৱিৰ্ভাৱ ! সেই শব্দবোৰ
শুনা-নুশুনাতেই

বিশ্বৰ চিৰন্তন আত্মা আৰু চেতনাৰ গৰ্ভৰ পৰা
এটা ছাঁয়াই

মোৰ চকু চাট মাৰি ধৰে; মৰুভূমিৰ বালিময় বক্ষৰ কৰবাত
এটা সিংহৰ শৰীৰ আৰু মানৱ মস্তকৰ অৱয়ৱে,
সূৰ্যৰ দৰে ভাবলেশহীন আৰু নিৰ্দয় এটা চাৱনিয়ে,
তাৰ মন্থৰ উৰু লৰচৰ কৰে, আৰু তাৰ চাৰিওফালে
ঘূৰি ৰয় খঙাল মৰুপক্ষীবোৰৰ ছাঁ ৷
আকৌ নামি আহে অন্ধকাৰ; কিন্তু মই এতিয়া জানো
কুৰিটা শতিকাৰ শিলৰ দৰে গভীৰ নিদ্ৰাক
এখন প্ৰলয়ংকৰী দোলনাই বিক্ষুব্ধ কৰি তুলিলে
দুঃস্বপ্নলৈ
,
আৰু কি দুৰ্দমনীয় পশু, তাৰ সময় আহিল অৱশেষত,
বেথলেহেমলৈ ধীৰে ধীৰে আগবাঢ়ে পুনৰ জনম লবলৈ ?

 

 

Popular Post

ঐতিহাসিক চিঠি