কবিতাঃ ৰেষ্টোৰাঁ / হেৰ’ল্ড পিণ্টাৰ

Posted by : translatorsassam
October 13, 2020

ইংৰাজী কবিতাৰ অসমীয়া অনুবাদ

২০০৫ চনত সাহিত্যৰ ন’বেল বঁটা
লাভ কৰা বৃটিছ সাহিত্যিক হেৰ’ল্ড পিণ্টাৰ ঘাইকৈ নাট্যকাৰ হিচাপেই পৰিচিত যদিও তেওঁ
কিছু সংখ্যক কবিতাও লিখিছে। ‘দ্য বাৰ্থডে পাৰ্টী’, ‘দ্য হোমকামিং’, ‘বিট্ৰেয়েল’ আদি
নাটকেৰে খ্যাতি অৰ্জন কৰা পিণ্টাৰৰ ‘ৰেষ্টোৰাঁ’ কবিতাটো তেওঁৰ বহুচর্চিত কবিতাসমূহৰ
ভিতৰত এটা। 


ৰেষ্টোৰাঁ

 

মূল – হেৰ’ল্ড পিণ্টাৰ

অসমীয়া অনুবাদ — ড° বিৰিঞ্চি কুমাৰ দাস

 

নহয়, তোমাৰ ভুল হৈছে।

 

প্ৰত্যেকেই সিমানেই ধুনীয়া

যিমান তেওঁলোক হোৱাটো সম্ভৱ

 

বিশেষকৈ এক হাস্যময় ৰেষ্টোৰাঁত

দুপৰীয়াৰ আহাৰৰ সময়ত

 

প্ৰত্যেকেই সিমানেই ধুনীয়া

যিমান তেওঁলোক হোৱাটো সম্ভৱ

 

আৰু নিজৰ সৌন্দর্যৰ দ্বাৰাই

তেওঁলোক আন্দোলিত হয়

 

আৰু তাৰ বাবেই তেওঁলোকে অশ্ৰুপাত
কৰে

ঘৰলৈ ওভতাৰ পথত টেক্সিৰ পিছৰ
আসনত

Popular Post

ঐতিহাসিক চিঠি