সাক্ষাৎকাৰঃ তছলিমা নাছৰিণৰ সৈতে সুমন কুঞ্জিলালৰ সাক্ষাৎকাৰ

Posted by : translatorsassam
May 24, 2020

মই প্ৰেমৰ মোহত বাৰে বাৰে প্ৰেমত পৰিছো

তছলিমা নাছৰিনৰ সৈতে সুমনা কাঞ্জিলালৰ সাক্ষাৎকাৰ
অনুবাদকঃ অৱনী বুঢ়াগোহাঁই
প্ৰেম অসীম অনন্ত এটা বিষয় তাক শব্দৰ বান্ধোনেৰে কোনে বান্ধিব পাৰে ? প্ৰেম হয়তো
যিমানখিনি পোৱা
,
  তাতকৈ বেছিকৈ দিবলৈ বিচৰাৰ অনুভৱ প্ৰেমে বিচৰা দৰে গভীৰতা পালে
এনেধৰণৰ অনুভূতি আহে
প্ৰেমে নিশ্চয়কৈ
সান্নিধ্য বা নৈকট্য বিচাৰে
কিন্তু ভালপোৱাজনৰ বাবে দূৰৰ পৰা অপেক্ষাত ৰোৱাটোতও এক আনন্দ থাকে প্ৰকৃত প্ৰেম এনেদৰেই সম্পূৰ্ণ
অন্তৰৰ ভিতৰৰ এক যুক্তৰহিত কাৰবাৰ
প্ৰেম হলে, মোৰ যিবোৰ
বিশৃংখলতা
, যিবোৰ খূঁত, যিবোৰ ভালবেয়া,
অসুন্দৰতা থাকক, সমুখত থিয় দিলে…… তুমি ভালেই
পাবা।
“— কথাষাৰি তচলিমা নাছৰিণৰ। তেওঁ কেৱল আন্তৰ্জাতিক
খ্যাতি সম্পন্না মুক্তমনৰ লেখিকাই নহয়
, এগৰাকী নাৰীবাদী
নিৰ্বাসিতা
আঙুলি মুৰত গণিব পৰা অদ্ভুত কিছু
মানুহে সমগ্ৰ পৃথিৱীখনক সচেতনভাবে সলনি কৰিব বিচাৰে বা সলনি কৰাৰ ক্ষমতা ৰাখে
, তচলিমা তাৰে
ভিতৰত অন্যতম

@Times of India
দুকাপ চাহ লৈ বহিছিলো মুখামুখি, বৰষুণৰ এটা
দুপৰীয়া
কথা পাতি থাকিবলৈ পালে মোক আৰু
একো নালাগে
আমাৰ আজিৰ কথা বতৰাৰ বিষয় আছিল প্ৰেম
! মোৰ সৈতে কথা পতাৰ বাবে প্ৰস্তুত বহু বিতৰ্কিত লেখিকাগৰাকী।
মোৰ প্ৰথম প্ৰশ্নঃ তোমাৰ দৃষ্টিত প্ৰেমৰ অৰ্থ কি ? “
তচলিমাৰ সাৱলীল হাঁহি, ৰোমান্তিক ভালপোৱাকেই মই প্ৰেম বুলি ভাবো ১৪ বছৰত যি ধৰণৰ ভালপোৱা থাকে, সেই প্ৰেম ৩০ ত
গৈ নাথাকে
, ভাষা সলনি হয় কিন্তু তাৰ অৰ্থ সলনি নহয়
মানুহে এক এক বয়সত, এক এক ধৰণৰ
প্ৰেমত পৰে
কিন্তু তাৰ মানে এইয়া নহয় যে
প্ৰেমৰ অৰ্থ বদলি হৈ যায়
ধৰা মই তোমাৰ প্ৰেমত
পৰিছো মানে কাৰোবাক ভাল পাইছো
, সেয়া লৰা হওক বা ছোৱালীয়ে হওক,
তাৰ/তাইৰ মাজত এটা চেক্সুৱেল আকৰ্ষণ অনুভৱ কৰিছো, সেয়াই প্ৰেম।
মোৰ তাৎক্ষণিক প্ৰশ্নঃ তোমাৰ মতে প্ৰেমৰ মানে কেৱল শৰীৰ?”
তচলিমাই উত্তৰ দিলেঃ ওহোঁ, কেৱল দৈহিক আকৰ্ষণেই নহয়,
সঙ্গীজনৰ সৈতে ওচৰাওচৰিকৈ থাকিবলৈ, কথা
পাতিবলৈ
, চুই চাবলৈ ভাল লাগিব লাগিব
তাকে আমি অৰ্থাত মই প্ৰেম বোলোঁ প্ৰেম আৰু ভালপোৱা একে বস্তু নহয় যদিহে ভালপোৱাৰ অন্য অৰ্থ আছে, তেন্তে মই মোৰ
বহু আত্মীয় স্বজন
, লেখকবন্ধু, ঘৰৰ
পোহনীয়া মেকুৰীজনী
, এই সকলোবোৰকে ভালপাওঁ, সিহঁতৰ ভাল হোৱাটো বিচাৰো
ভালপোৱা আৰু প্ৰেমৰ মাজত এয়েই পাৰ্থক্য।
তচলিমা ভাবগম্ভীৰ হৈ পৰিল। বাহিৰত ৰিমঝিম বৰষুণ।
ঘৰৰ ভিতৰত নাচি উঠিল মন ময়ুৰী। কলো
, “তোমাৰ প্ৰথম প্ৰেমৰ বিষয়ে অলপ কোঁৱা।
প্ৰথম প্ৰেমৰ সোৱাদেই বেলেগ
, নহয়নে ?”
লাজকুৰীয়া এটি হাঁহি মাৰি তচলিমাৰ মুখমণ্ডল ৰঙা হৈ
পৰিল
অকমান আনমনা যেন ! চাহৰ কাপটো দুহাতৰ
তলুৱাৰে চেঁপি ধৰিল
মুৰটো চকীখনত অকণমান হাওলাই কলে, “কবিৰ লগত,
দেখা সাক্ষাত নাই, কেৱল চিঠিৰে
বয়স তেতিয়া মাত্ৰ ১৭ এনেকুৱা প্ৰেম আজিকালি কত!
মোৰ উত্তৰ, “কিয় আজিকালিও হয় ফেচবুকত, নজনাকৈ, নেদেখাকৈ!”
তেতিয়ালৈ তচলিমা ১৭ বছৰত উপস্থিত। মোৰ ফালে নাচাই,  উদাসী বতাহৰ সোঁতত
কথাখিনি ভঁহাই দিলে
, “দেখাটো জৰুৰী সুমনা, নেদেখা নুশুনাকৈ প্ৰেম কৰা ঠিক কথা নহয়
কল্পনাৰ সতে যেতিয়া বাস্তব নিমিলে তেতিয়া মন ভাগি যায় আচলতে প্ৰেম শব্দটোৰ প্ৰেমত পৰি
গৈছিলো মই
ককাইদেউহঁত সকলোৱে প্ৰেম কৰিছিল, চিঠি পঢ়িছিল,
এটা বেলেগ ধৰণৰ ৰোমাঞ্চ চাৰিওফালে, মই অকলৈ
কেনেকৈ থাকো
সেই সময়ত এখন কবিতাৰ
আলোচনী প্ৰকাশ কৰিছিলো। বহু কবিয়ে মোৰ সতে যোগাযোগ ৰাখিছিল
, তেওঁলোকৰ কবিতা
নিয়মিতভাবে ছপাইছিলো। এনেদৰে এজন কবিয়ে ধন্যবাদ জনাই চিঠি লিখিলে আৰু মই উত্তৰ
দিলো
প্ৰত্যুত্তৰত তেওঁ দিয়া চিঠিৰ
ভাষাই আৰু হাতৰ আখৰে মোক মুগ্ধ কৰিলে আৰু মজাৰ কথা তৃতীয় চিঠিখনতেই তেওঁ মোক প্ৰেম
নিবেদন কৰিলে
প্ৰতিবাৰেই তেওঁ মোক তেওঁৰ লেখাৰ
যাদুৰে মোহিত কৰিলে আৰু শেষ পৰ্য্যন্ত মই হাৰ মানিলো
মোৰ জীৱনলৈও প্ৰেম আহিল চিঠিৰে
কৰা প্ৰেম
চিঠিৰেই জীৱনৰ দিয়া নিয়া
নেদেখাকৈ কৰা প্ৰেমৰ পাচত যেতিয়া সঁচাকৈয়ে
দেখা দিলেহি
, তোমাৰ অৱস্থা কেনে হৈছিল, জানিবলৈ মন গৈছে।
মোক দেখা কৰিবলৈ অহা দিনা মই সম্পূৰ্ণ
বলিয়া
এজন বন্ধুৰ ঘৰত দেখা কৰিবলৈ গলো দেখি মই চমকি উঠিলো মোৰ হেঁপাহৰ পুৰুষ এইজন কেতিয়াও

নোৱাৰে
, মই সপোনত দেখা মানুহজন ইমান কুৎসিত! এমুখ দাঢ়িৰে ভোবোকাৰ,
এখন লুঙী পিন্ধি এজন বিশৃঙ্খল মানুহে কোন প্ৰেমিকাক আহি প্ৰথম দৰ্শন
দিয়ে
? তাতে দাঢ়ি মোৰ ভীষণ অপছন্দ
এতিয়া কি হ? চিঠিত তো মোৰ জীৱনটোকে উছৰ্গা কৰিলো সৰ্বনাশ ভাবি দৌৰি পলালো
পুনৰ তেওঁ চিঠিৰ ৰেল আৰম্ভ কৰিলে আৰু মোৰো এডেও দুডেও
কৰি আত্মসমৰ্পণ
কৌতুহলত ৰব নোৱাৰি মোৰ প্ৰশ্নঃ তাৰ পাচত কি হ, অৱশেষত?”
তচলিমাই হাঁহি কলে- তেতিয়া মোৰ উন্মাদ অৱস্থা তেওঁক এৰি জীৱনৰ কথা ভাবিবই পৰা
নাছিলো
ঘৰৰ অমতত তেওঁৰ লগতেই বিয়া হৈ গ ভাবি ললো ৰূপেই জীৱনৰ শেষ কথা
নহয়
কিন্তু প্ৰথম নিশাতেই মই মোৰ ভুল
বুজি পালো
এক ভয়ানক ৰোগত আক্ৰান্ত আৰু সকলো
বদ্ নিচাত আক্ৰান্ত এক পুৰুষ
মোৰ পৃথিৱীজুৰি ব্যাপ্ত সেই মানুহটো ভয়ানক ৰোগত ৰোগাক্ৰান্ত নাৰীৰ সংগ তেওঁৰ মানত কেৱল শৰীৰ মোৰ বাঢ়ি অহা জীৱনটোত প্ৰেমত
অন্ধ হৈ
, আকুল হৈ তেওঁক আঁকোৱালি লৈছিলো ভাবিলোঁ। চব ঠিক হৈ যাব কিয়নো মই এগৰাকী ডাক্তৰ, লাহে লাহে তেওঁৰ
চিকিৎসা আৰম্ভ কৰিলো
কিন্তু সুমনা জানা মই নিজেও সেই ৰোগত আক্ৰান্ত হলো
আচলতে মোৰ প্ৰেমিকে মোক ভালপোৱা নাছিল, তেওঁক প্ৰতিদিনে
বিছনাত এটি নাৰী শৰীৰ লাগে
তে ততে ৰমণী পালেই ৰমণ কৰি মোক অহৰহ  মিছা কথা কয় তেওঁৰ ওচৰত প্ৰেমিকাৰ আৰু গণিকাৰ শৰীৰৰ কোনো পাৰ্থক্য নাই তেওঁৰ নিয়মমাফিক এজনী স্ত্ৰীৰ
প্ৰয়োজন
, তাইৰ সেৱা সৎকাৰৰ প্ৰয়োজন, নিশা নিশা জুৰি সম্ভোগৰ প্ৰয়োজন প্ৰেমিকৰ শৰীৰত যৌনব্যাধি, যি ব্যাধিত মোক
সংক্ৰামিত কৰিবলৈ সামান্যভাবেও পাচ নুহোহঁকিলে
তচলিমাৰ কৰুণ কণ্ঠ কোঠাটোত গুঞ্জৰিত হৈ বাগৰি পৰে
দুপৰীয়াৰ এই বিষাদ বেলাত
ওহোঁ… তেওঁ প্ৰেমিক নাছিল, আছিল মাত্ৰ পুৰুষ যি কিনো পুৰুষ ময়েই সেই কলা-বোবা ছোৱালীজনী যি প্ৰেম প্ৰেম বুলি পাগলী হৈছিলো নিজে ডাক্তৰ বুলি লাহে লাহে নিজৰ
আৰু তেওঁৰ চিকিৎসা কৰিবলৈ লাগিলো
অসুখৰ পৰা মুক্তিও লাভ কৰিলো দুয়োজনে কিন্তু পুনৰ সেই একেই বদ্ নিচাত আসক্ত হ মোক এৰি বাৰে বাৰে অন্য ৰমণীত
আসক্তি
নোৱাৰিলো আৰু শেষ হৈ গল সম্পৰ্ক
মই কলো, “কবি ৰুদ্ৰ মুহাম্মদে কিন্তু ভাল লিখিছিল দেই!”
তচলিমাঃ সেই লেখাৰ প্ৰেমতেইতো পৰিছিলো মই তেওঁৰ গুণখিনিক সাৱটি লৈছিলো কিন্তু বাস্তব অন্যহে হলগৈ
অলপ পৰিবেশটো পাতলাবৰ মনেৰে সুধিছিলো, তচলিমা, তোমাৰ প্ৰিয় উপন্যাসখনৰ বিষয়ে কোৱাচোন
তচলিমা: “শৰৎচন্দ্ৰৰ দেৱদাস দেৱদাস পঢ়ি কিমান নিশা যে কান্দিছো তাৰ সীমা নাই
-“তোমাৰ জীৱনৰ সকলোতকৈ চুটি প্ৰেমৰ ঘটনা?”
তচলিমাঃ ৰুদ্ৰৰ লগত সম্পৰ্ক ছিন্ন হোৱাৰ পাচত মই বৰ অকলশৰীয়া হৈ পৰিছিলোঁ এজন প্ৰিয় লেখক চকুৰ আগত আশ্চৰ্য সুন্দৰ যুৱক
দেখিছিলো এদিন
যুৱকৰ চুলি, চকু, নাক, ওঁঠ, থুতৰিয়ে মোক আকৰ্ষণ
কৰিছিল
ঘূৰি ঘূৰি চাওঁ যুবকলৈ এদিন একেথৰে এনেদৰে চাই আছিলো
তেওঁলৈ যে লাজত চকু আঁতৰাই গুছি গৈছিল
মোৰ চকুত মুগ্ধতা, মোৰ মুগ্ধতাৰ এশডাল কাঁড়ে তেওঁক বিন্ধি পেলাইছিল এদিন কমলা ৰসৰ লগত
সামান্য ভদকা পান কৰি মাতাল হলো
আৰু মোৰ খোজ টলমল দেখি যুবকে হাতখন আগবঢ়ালে সেই স্পৰ্শই মোক আৰু বেছি মাতাল কৰি তুলিলে মোৰ
দেহৰ অঙ্গই তেওঁৰ দেহৰ অঙ্গৰ সান্নিধ্যৰ বাবে যেন কান্দিছিল
সেই প্ৰথম কোনো বিবাহিত পুৰুষৰ লগত হোৱা সম্পৰ্ক মোৰ কোনো উপায় নাছিল তেওঁক ভাল নোপোৱাকৈ থাকিবলৈ সমগ্ৰ চহৰ তেওঁৰ হাতত হাত ধৰি ঘূৰিছো। বন্ধুৰ আড্ডাত মোৰ লগত তেওঁ ঘৰভৰ্তি আত্মীয় স্বজন, যুবকৰ সতে নিভৃতে
নিৰ্জন কোঠালিত
হয়, যুবকৰ সতে মই
প্ৰেম কৰো
, তেওঁৰ সতে মই মগ্ন হ
কাৰোবাৰ কি কবলৈ আছে নাই, কাৰো কবলৈ একো
নাই
মই স্বাধীনতাক ইমান তীব্ৰভাবে
উপভোগ কোনো দিনে কৰা নাছিলো
মোৰ সৌন্দৰ্য,
ব্যক্তিত্ব, মোৰ অধিকাৰবোধ, মোৰ মনুষ্যত্ব, মানৱতা, মোৰ
প্ৰাণময়তাৰ ওচৰত যুবক বৰ ম্লান
যুবকৰ সতে প্ৰেম আৰু নিশ্চিত পৃথকবাসে মোক এক অনিৰ্বচনীয় প্ৰশান্তি
দিছিল
মোৰ জীৱন যাপনত, মোৰ লেখাত,
ৰেখাত, মোৰ নান্দনিক উদ্ভণ্ডালিত প্ৰেমিকৰ
অবাধ প্ৰবেশ নাই
, তেওঁৰ নাক গলোৱাৰ সমস্যা নাই। কিন্তু
যিসময়ত প্ৰেম জাগিছে
, মই তেওঁক চুমা খাইছো, পালেঙত শুই প্ৰেমৰ চোঁৱৰ বুলাই দিছো, সোঁতত নামি
তিতি বুৰি উটি গৈ
  তুমুল ধুমুহাত হেৰাই গৈছো
মোৰ প্ৰেমিকক মই নিৰ্মাণ কৰো মোৰ ত্যাগেৰে নহয়, মোৰ বিসৰ্জনেৰে
নহয়
, প্ৰেমেৰে
প্ৰেমিকে মোক এৰি যেন বাচি নাথাকিব, ঠিক এনেদৰে জগতত মোৰ বাহিৰে তেওঁৰ
কোনো নাই
, এনেদৰে
লাহে লাহে সহানুভূতি জনাই তেওঁ মোৰ বন্ধু হ কলে বলা, ৰবাৰপৰা অলপ ফুৰি চাকি আহোঁ মই ৰাজী হলো বাংলাদেশৰ পৰা
কলিকতালৈ তাৰপাচত দিল্লী হৈ কাশ্মীৰ মুঠ দহদিন
উদ্দাম সুন্দৰ এই প্ৰেম যিদিনা ঘূৰিলো কলকাতা এয়াৰপৰ্টত তেওঁ যেতিয়া
তেওঁৰ পত্নীৰ কাৰণে বজাৰ কৰা আৰম্ভ কৰিলে বুজিলো আমাৰ প্ৰেমৰ অন্ত পৰিল
বাংলাদেশৰ এয়াৰপৰ্টত নামি দুজন দুইফালে আৰু কোনোদিনে তেওঁ মোৰ সতে
যোগাযোগ নকৰিলে
মই জানিব বিচাৰিলোঃ নামটো জানিবলৈ মন গৈছে
তচলিমাঃ ইমদাদুল হক মিলন
মইঃ তাৰপাচত? প্ৰেমৰ হেঁপাহ পলালেনে?”
তচলিমাঃ প্ৰেমেইতো জীৱন সুমনা প্ৰেমৰ যদি শেষ তেন্তে সৃষ্টি ক? মই প্ৰেমৰ মোহত
বাৰে বাৰে প্ৰেমত পৰিছো
এজন ফৰাচী যুবক, মোতকৈ ছবছৰ সৰু উতলা প্ৰেমত দুয়ো উটি গলো তেতিয়া মই পেৰিচত থাকো প্ৰেমৰ চহৰত, ত্ৰিশৰ শেষৰফালে ফৰাচী প্ৰেমিকজন টুলুজ চহৰৰ পৰা
ছুটী পালেই দৌৰি আহে
চিয়েন নদীৰ পাৰে পাৰে
আমি দুয়ো ঘূৰি ফুৰোঁ
বিমানত, গাড়ীত, বাছত, নাৱঁত, ৰেস্তোৰাঁত,
ৰাষ্টাই ঘাটে দুয়ো দুয়োত গাঢ় আলিঙ্গনাবদ্ধ হওঁ
চৌদিশৰ কথা পাহৰি যাওঁ। প্ৰেম
এনেকুৱাই
মানুহক অন্ধ কৰি তোলে
কিন্তু তেনে প্ৰেমো মোৰ নিটিকিল তেওঁ আছিল ভীষণ আগ্ৰাসী সকলো কাম কাজ এৰি তেওঁ টুলুজ
চহৰলৈ যাবলৈ জেদ ধৰিছিল
সকলো এৰিবলৈ মোৰ পক্ষে
সম্ভব নাছিল
তেওঁৰ গালি গালাজ আৰম্ভ হৈছিল আচলতে প্ৰেমতো সিমান সুখ নাথাকে ,  যিমান সুখ
নিয়ন্ত্ৰণত থাকে পুৰুষৰ বাবে
এফালে তেওঁৰ ঈৰ্ষা, হীনমন্যতা আৰু আনফালে মোৰ দৃঢ়তাই আমাৰ সম্পৰ্কক এটা
আঁজোৰতে বিচ্ছেদৰ কাষৰত থিয় কৰোৱাই দিলে
মই : তাৰপাচত?”
-“তাৰপাচতো জীৱনলৈ প্ৰেম আহিছে প্ৰেমক বাদ দিলে জীৱন যে মৰুভূমি একাকীত্বই মোক চেঁপি খুন্দি শেষ কৰিব বিচাৰে অনবৰতে সেই প্ৰেমিকজন কত আছে যিজনে অকল
মোকেই বিচাৰে
? প্ৰেমিকবোৰে বেলেগ বেলেগ কাৰণত মোৰ সান্নিধ্য
বিচাৰিছে
কোনেও মোক ভালপাই মোক বিচৰা নাই কোনোবাই নামৰ বাবে, কোনোবাই বিজ্ঞতাৰ
বাবে
, কোনোবাই যশ আৰু খ্যাতিৰ বাবে, কোনোবাই
শৰীৰটোৰ বাবে
, কোনোবাই হৃদয়ৰ বাবে
কিন্তু মোৰবাবে কোনোবা এতিয়ালৈকে আহিছেনে ? চিৰকাল মই ভুল
মানুহৰ সতে প্ৰেম কৰি আহিছো
ইয়াত যিকণ সুবিধা হৈছে সেয়া হৈছে, কাৰো সৈতে দীৰ্ঘ সময়ৰ বাবে সংসাৰ কৰা নহ বছৰৰ পাচত বছৰ, যুগৰ পাচত যুগ
এটা মানুহ মোৰ শোৱনি কোঠাত
, পঢ়াকোঠাত, বহাকোঠাত,
বাৰান্দাত, মোৰ বাথৰুমত অবাধ বিচৰণ কৰিব আৰু
ভালপোৱাৰ চৰ্ত হিচাবে মই তেওঁক বৰ্ণনা কৰিব লাগিব মই কলৈ গৈছিলো
, কি কৰিলো, কি লিখিলো, কি
ভাবিলো
, কি খালো…… ৰৈ ৰৈ মিঠাকৈ হাঁহি থাকিব লাগিব আৰু তেওঁক
সুখ শান্তি দিবলৈ পুৱা গধূলি কব লাগিব বা বুজাব লাগিব তেওঁক ভালপাওঁ
এইবোৰ ভাবি মই উশাহত কষ্ট অনুভৱ
কৰো
-“প্ৰেমক লৈ তোমাক বিতৰ্কই তেনেহলে লগ এৰা নাই?”
-“নাই এৰা বোধহয় বিতৰ্কৰ নামেই হল তচলিমা তেতিয়াও এটা কথা শুনি ৰাখা, মই নিজৰ পছন্দত
প্ৰেম আজিলৈকে কৰি পোৱা নাই। অন্যৰ পছন্দৰ বলি হৈছো কেৱল
ভাবি শিয়ঁৰি উঠো মই
আঁঠুৰ সমান বয়সৰ ছোৱালীৰ সতে পুৰুষবোৰে খোলা প্ৰেম
কৰিছে
আৰু ছোৱালীবোৰে যেন বাচি লবই
লাগিব দুগুণ তিনিগুণ বয়সৰ বুঢ়া এটাক
আজিকালি
মই বুঢ়াবোৰক সদায় সীমনাৰ বাহিৰ কৰি দিওঁ
কলিকতাৰ,
এটা ভিতৰে ভিতৰে বুঢ়া, কিন্তু বাহিৰে বাহিৰে
চটফটীয়া
, যুবকৰ সতে হঠাৎ প্ৰেম হৈছিল, কি
ধৰণৰ ঠগেই যে নাখাইছিলো
লাভৰ মুৰত এখন কবিতাৰ কিতাপৰ সৃষ্টি হ
যদিও খুব জ্ঞানীগুণী দাৰ্শনিকৰ দৰে আমি প্ৰায়েই কওঁ, জীৱন এবাৰলৈহে
আহে
, জীৱন বৰ চুটি, চকুৰ পলকত শেষ হৈ
যায়
, জীৱনক উপভোগ কৰা, হেঁপাহ পলুৱাই
প্ৰেম কৰা
, কিন্তু কথা হ, এয়া কোৱা সহজ, কৰা সহজ নহয়
  প্ৰেম কৰা জানো ইমান সহজ! বিশেষকৈ
এই পুৰুষতান্ত্ৰিক সমাজত ছোৱালী হৈ জন্ম হৈ
, ত পুৰুষসকল ৰজা
আৰু মহিলাসকল প্ৰজা! প্ৰভু আৰু দাসীৰ তুলনা নিদিলোঁৱেই যেনিবা
নাৰী-পুৰুষৰ সমানাধিকাৰ যিখন
সমাজত নাই
, সেইখন সমাজত, নাৰী পুৰুষৰ মাজত যিয়েই নহওক, প্ৰেম কেতিয়াও হব নোৱাৰে সমকামীসকলৰ সম্পৰ্ক বিষমকামীসকলৰ
সম্পৰ্কৰ তুলনাত
, বহু বেছি ভাল অন্তত: জেণ্ডাৰ বৈষম্য তেওঁলোকৰ সম্পৰ্কত নাই
পিয়লাৰ চাহখিনি ঠাণ্ডা হৈ গ কথা বতৰাত বহু সময় বাগৰি গ
মোৰ সমুখত জগত বিখ্যাত, বিতৰ্কিত এক পূৰ্ণ
মানৱী
জীৱনৰ বাবে, প্ৰেমৰ বাবে,
ভালপোৱাৰ বাবে গোটেই জীৱনটো ডেই পুৰি জ্বলি ৰৈ গ
দেশহীন, গৃহহীন, (কেতিয়াবা ভাবোঁ দিশাহীন) সমাজবিচ্ছিন্ন, নিৰন্তৰ
সংগপিয়াসী মানুহজনীৰ বেদনাৰ্ত হৃদয়খনৰ খবৰ সঁচাই কোনোবাই ৰাখিছিলনে
? এৰি অহাৰ আগে আগে কলো– “যিসকল তোমাৰ অনুগামী,
তেওঁলোকৰ উদ্দেশ্যে কিবা এষাৰ কোঁৱা”-
-“মহিলাৰ বাবে এটাই কথা কম, এজন বিখ্যাত পুৰুষৰ পিছত
এগৰাকী মহিলাৰ অৱদান থাকে
, কিন্তু এগৰাকী সফল মহিলাৰ পিছত এটা
জৰুৰী শব্দ থাকে
, ‘বিচ্ছেদ

Popular Post

ঐতিহাসিক চিঠি