লিঅ’ টল’ষ্টয়ে বিবাহ সম্পৰ্কে পুত্ৰলৈ লিখা এখন চিঠি ।

Posted by : translatorsassam
July 19, 2020

তোমাৰ বিবাহৰ পূৰ্বে
(পুত্ৰলৈ বুলি লিঅটলষ্টয়ে লিখা এখন চিঠি)
অনুবাদ- কিন্নৰী ডেকা। 



মোৰ প্ৰিয় বন্ধু ইলিয়া। টানিয়ালৈ বুলি লিখা তোমাৰ চিঠিখন ইতিমধ্যে আহি পাইছে। মই দেখিছোঁ যে তুমি ক্ৰমাৎ নিজৰ  লক্ষ্যৰ দিশত উপনীত হবলৈ গৈ আছা। মই তোমালৈ বুলি
কিছু কথা লিখিব বিচাৰিছোঁ……… যিহেতু
, তুমি তাইক মোৰ
ধাৰণা সম্বন্ধে জনাবা বুলি মোৰ অকণো সন্দেহ নাই।

মই ভাবো যে এইটো এটা সোণালী সুযোগ, যাক মই ভয় আৰু আনন্দ দুয়োটাৰে সৈতে গ্ৰহণ কৰিছোঁ। মই মাথো এয়াই ভাবো যে
– যদিহে ব্যক্তি এজনে কেৱল মাত্ৰ সুখ-সন্তোষ আদিৰ বাবে বিবাহৰ বাবে আগবাঢ়ে
,
তেন্তে তাৰ পৰিণতি স্বৰূপে কেতিয়াওঁ একো ভাল ফলাফলে দেখা নিদিয়ে।
অইন সকলো বস্তুক একাষৰীয়াকৈ ৰাখি এজন ব্যক্তিয়ে যদিহে জীৱনত বিবাহকেই একমাত্ৰ মূল লক্ষ্যৰ
স্থান দিয়ে   – তেন্তে, এই ক্ষেত্ৰত প্ৰিয়জনৰ
সৈতে একাত্ম হ
বলৈ কৰা বিবাহেই
  আটাইতকৈ ডাঙৰ ভুল এটা হৈ ধৰা দিয়ে। তুমি ভালকৈ ভাবি চালে দেখিবা ইয়েই প্ৰকৃত
সত্য
, যদিহে লক্ষ্য মাথো বিবাহ হয়, তেন্তে যোৱা, নিশ্চয় বিবাহত আবদ্ধ হোৱা। কিন্তু,
তাৰ পাছৰখিনি কি? যদিহে বিবাহৰ পূৰ্বে তোমাৰ
জীৱনত অইন একো মহৎ উদ্দেশ্য বা লক্ষ্য নাথাকে
, তেন্তে পাছলৈ
তোমালোক দুয়োজনৰ বাবে এটা লক্ষ্য নিৰ্ধাৰণ কৰাটো বৰ্তমানতকৈ অধিক জটিল কাম হ
ব।

মানুহে সাধাৰণতে বিবাহপাশত আবদ্ধ হয় আৰু, এই কথাবোৰ পাহৰি যায়।

ইয়াৰ পিছত বিভিন্ন সুন্দৰ মুহূৰ্তই তেওঁলোকৰ বাবে অপেক্ষা কৰি
থাকে : বৈবাহিক জীৱন
, সতি-সন্তানৰ জন্ম…….. এই মুহূৰ্ত, ঘটনাবোৰে নিজে-নিজেই  যেন জীৱনৰ সুন্দৰ নিৰ্মাণ কৰে, কিন্তু দুৰ্ভাগ্যবশতঃ
, ই হৈছে মানুহৰ এক ভয়ংকৰ ভ্ৰান্ত ধাৰণা।

যিসকল পিতৃ-মাতৃয়ে অন্য কোনো উদ্দেশ্য নথকাকৈ দিনৰ পিছত দিন
কেৱল সন্তানক ডাঙৰ-দীঘল কৰাৰ বাবে জীৱন অতিবাহিত কৰে আৰু জীৱনৰ প্ৰকৃত সাৰমৰ্ম বুজিবলৈ
চেষ্টা কৰিবলৈওঁ এৰি দিয়ে
, তেওঁলোকে শাস্তি স্বৰূপে জীৱনটোত কি কৰিবলৈ
জীয়াই আছে তাকে ভাবি কটাবলগীয়া অৱ
স্থাৰ সন্মুখীন হয়।
  তেওঁলোকে এই প্ৰশ্নটো কৰিবলৈ হয়তো এৰি দিব পাৰে কিন্তু প্ৰকৃততে ইয়াৰ পৰা
পলাই সাৰিব নোৱাৰে কিয়নো
, যদিওঁ তেওঁলোকৰ হাতত সন্তানৰ পথ-প্ৰদৰ্শন
কৰিবলৈ একো সম্বল নাথাকে তথাপি তেতিয়াওঁ তেওঁলোকে সন্তানক প্ৰতিপালন
, শিক্ষা আৰু মাগদৰ্শন কৰি থাকিবলগীয়া হয়। অন্যধৰণে কবলৈ গলে এওঁলোকে সন্তানক প্ৰকৃতাৰ্থত একো মূল্যবান
শিক্ষা দিব নোৱাৰে। আৰু লাহে লাহে এই পিতৃ-মাতৃসকলে মানুহৰ স্বাভাৱিক গুণাগুণ আৰু জীৱনৰ
সুখ হেৰুৱাই কেৱল সন্তানৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে
, অৰ্থাৎ তেওঁলোক
পশু-পক্ষীৰ দৰে হৈ পৰে।

সেইবাবেই মই ভাবো যে যিসকল ব্যক্তি বিবাহৰ বাবে সাঁজু (যিহেতু
তেওঁলোকে ভাবে যে তেওঁলোক ইয়াৰ বাবে সাঁজু)
, নিজৰ চিন্তাধাৰাবোৰৰ বিষয়ে
তেওঁলোকে নিজকে অধিক সচেতন কৰি তোলাৰ প্ৰয়োজন।

ইয়াক নিশ্চিত কৰিবৰ বাবে তুমি সেইবোৰ অৱস্থা আৰু  পৰিস্থিতিক মনত
ৰাখি চলিব লাগিব যিবোৰৰ সৈতে তুমি মোকাবিলা কৰিবলগীয়া হৈছিল বা এতিয়াওঁ কৰিবলগীয়া হয়।
জীৱনত কোনবোৰ কথাক তুমি দৰকাৰী আৰু কোনবোৰ কথা অদৰকাৰী বুলি ভাবা তাক নিশ্চিত কৰি ল
ব লাগিব। এইটোৱো জানি উঠিব লাগিব যে তুমি কি বিশ্বাস কৰা, কোনবোৰ কথা তুমি শাশ্বত আৰু অপৰিবৰ্তনীয় সত্য বুলি ভাবা আৰু কোনবোৰ কথাই
জীৱনত তোমাৰ মাগদৰ্শন কৰি আহিছে। আৰু এইবোৰ মাত্ৰ বিচাৰি চিনাক্ত কৰিলেই নহ
ব। জীৱনটোত এই সকলোবোৰৰ অভ্যাসো কৰিব লাগিব। বাস্তৱিক জীৱনত ই কেনেদৰে প্ৰভাৱ
পেলায় তাকো জানিব লাগিব। কিয়নো
, যেতিয়ালৈ তুমি বস্তু এটাৰ
ওপৰত পূৰ্ণভাৱে বিশ্বাস কৰিবলৈ নোলোৱা তেতিয়ালৈ তুমি তাক জানা নে নাজানা এইটো সঠিককৈ
ব নোৱাৰা।

মই তোমাৰ বিশ্বাসক জানোঁ। আৰু এই বিশ্বাস বা ইয়াৰ অন্তৰ্নিহিত
সাৰমৰ্ম বোৰেই তোমাৰ কৰ্মৰ মাজেৰে প্ৰকট হ
ব লাগিব। যি ধৰণে আগেয়ে
কেতিয়াওঁ হোৱা নাছিল তেনেদৰে ব্যৱহাৰিক দিশত ই ফুটি উঠিব লাগিব।

তোমাৰ বিশ্বাসে কয় যে তোমাৰ কল্যাণ সেইসকলৰ ওপৰত নিৰ্ভৰ কৰে
যিয়ে তোমাক ভাল পায় আৰু যাক তুমি ভাল পোৱা। মোৰ তিনিটা কৌশল আছে
, যাক মই সদায় ইয়াক লাভ কৰিবলৈ ব্যৱহাৰ কৰোঁ। এই কৌশলবোৰ অভ্যাস কৰা কাৰ্য্যটো
কেতিয়াওঁ পৰ্যাপ্ত হৈ নুঠে। বৰঞ্চ তুমি আগতকৈও অধিক অভ্যাস কৰিবলগীয়া হয়।

প্ৰথমতে, মানুহক ভাল পাবলৈ বা প্ৰতিদানত তেওঁলোকৰ
ভালপোৱা অৰ্জন কৰিবলৈ
, তুমি তেওঁলোকৰ পৰা যিমান সম্ভৱ ক্ষুদ্ৰতকৈও
ক্ষুদ্ৰতমহে আশা-প্ৰত্যাশা (
Expectations) ৰাখিবলৈ অভ্যস্ত
ব লাগিব। যদিওবা ই এক চেলেঞ্জ হৈ থিয় দিব পাৰে, তথাপিতো। উদাহৰণস্বৰূপে, যদিহে মই তেঁওলোকৰ পৰা
অধিক আশা-প্ৰত্যাশা ৰাখো তেন্তে খুউব সম্ভৱ যে মই প্ৰায়ে হতাশাত ভুগিবলৈ ল
ম আৰু
  লাহে লাহে মই তেওঁলোকক
ভাল পাবলৈ এৰি তিৰস্কাৰ কৰিবলৈ ল
ম।

দ্বিতীয়তে, মানুহক কেৱল শব্দৰেই নহয়
বৰঞ্চ কৰ্মৰেও
, ভাল পাওঁ বুলি বুজাবলৈ তুমি এনেকুৱা কাম কৰিব
লাগিব যাৰ দ্বাৰা তেওঁলোক উপকৃত হয়। ইয়াৰ বাবে তোমাৰ যথেষ্ট কষ্ট কৰাৰ দৰকাৰ হ
ব। বিশেষকৈ তোমালোকৰ এইটো বয়সত, যেতিয়া মানুহে
স্বাভাৱিকভাৱেই এই কথাবোৰ বুজি উঠিবলৈ সক্ষম হয়।

তৃতীয়তে, ভাল পাবলৈ আৰু ভালপোৱা আৰ্জিবলৈ তুমি
কৰুণা
, আজ্ঞাকাৰিতা আৰু লগতে কঠোৰ ব্যক্তি আৰু কঠোৰ পৰিস্হিতিৰ
সৈতে মোকাবিলা কৰিবলৈ শিকিব লাগিব। অন্যধৰণে যদি কওঁ
, –
    তুমি তেওঁলোকৰ প্ৰতি কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগিব এই কলাটো আয়ত্ব কৰিব লাগিব
যাতে তোমাৰ ব্যৱহাৰে তেওঁলোকক দুখী নকৰে বা আঘাত
  নিদিয়ে। এইটোৱে হৈছে আটাইতকৈ কঠিন কাম যিটো কাম তুমি  ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি ৰাতি শুবলৈ যোৱা পৰ্যন্ত কৰিবলৈ বাদ দিব
নোৱাৰা। একেদৰে ই এক সন্তোষজনক কামো। কিয়নো এইবোৰৰ দ্বাৰা তুমি প্ৰতিদিনে নিজৰ সফলতাৰ
বাবে আনন্দ লাভ কৰিবা আৰু অৱশেষত এক মূল্যবান পুৰস্কাৰ লাভ কৰিবা
, যাক প্ৰথমে হয়তো তুমি লক্ষ্য নকৰিব পাৰা, কিন্তু
  লাহে লাহে ই তোমাক অত্যন্ত সুখী কৰি তুলিব। আৰু সেয়া হৈছে – “আনৰ পৰা
ভালপোৱা অৰ্জন কৰিবলৈ লোৱা”।

গতিকে, হে মোৰ প্ৰিয় বন্ধু ইলিয়া,
মই তোমালোক দুয়োকে সুখেৰে জীয়াই থাকিবলৈ আৰু যিমান সম্ভৱ অকপটভাৱে
চিন্তা কৰিবলৈ উপদেশ দিলোঁ। কিয়নো
, তোমালোক দুয়ো একে দিশতেই
গতি কৰিবলৈ গৈ আছা নে নাই
, ইজনে সিজনৰ হাতত ধৰি আগবাঢ়িবলৈ
লোৱাটো বুদ্ধিমত্তাৰ কাম হৈছে নে নাই তাক জানিবলৈ এইটোৱেই উৎকৃষ্ট উপায়। আৰু যদিহে
তোমালোক দুয়ো পৰস্পৰৰ প্ৰতি অকপট আৰু দায়িত্বশীল তেন্তে বুজিবা তোমালোক ভৱিষ্যতৰ বাবেও
প্ৰায় সাজু হৈ উঠিছা।

তোমাৰ জীৱনৰ উদ্দেশ্য কেৱল বিবাহৰ সুখ লাভ কৰাটোৱেই হোৱা অনুচিত, বৰঞ্চ ইয়াৰ জৰিয়তে পৃথিৱীলৈ অধিক প্ৰেম আৰু অধিক সত্য কঢ়িয়াই অনাটোহে হোৱা
উচিত। বিবাহৰ মহৎ উদ্দেশ্য হৈছে পৰস্পৰে পৰস্পৰৰ সপোনবোৰ
, লক্ষ্যবোৰ পূৰ কৰাত সহায় কৰা।

আটাইতকৈ ডাঙৰ অপৰাধ আৰু স্বাৰ্থ তেতিয়াই হয় যেতিয়া ব্যক্তি
দুজনে কেৱল জীৱনটো উপভোগ কৰিবলৈ একেলগে থাকে আৰু আটাইতকৈ মহৎ কৰ্ম তেতিয়াই হয় যেতিয়া
তুমি পৰমাত্মাৰ বাবে পৃথিৱীত ভাল কৰ্ম কৰিবলৈ জীয়াই থাকা।

বাস্তৱিক কথা আৰু তুচ্ছ কথাবোৰৰ মাজত বিভ্ৰান্ত নহবা। জীৱনটোত কিয়নো এক মহৎ উদ্দেশ্য লোৱা নাযাওঁক? আৰু যদিহে এনে এটা তুমি বাচি লোৱা তেন্তে তুমি নিশ্চিতভাৱে তাক তন-মন
সঁপি দি পালন কৰিব লাগিব। তুচ্ছ লক্ষ্য বাচি নলবা। ই তোমাৰ একোৰে কৰি নোতোলে।

মোৰ ভাবি ভয় লাগিছে যে লিখি লিখি মই যথেষ্ট ভাগৰি গলো। তথাপি মোৰ আৰু বহু কিবা কিবি কবলৈ থাকি গল।

 

তোমালৈ ভালপোৱা আৰু মৰম ….



টোকাঃ বিখ্যাত সাহিত্যিক লিঅ’ টল’ষ্টয়ৰ তৃতীয় সন্তান তথা দ্বিতীয়
পুত্ৰ ইলিয়া টল’ষ্টয়ো হৈছে এজন গুৰুত্বপূৰ্ণ ৰাছিয়ান লেখক । তেওঁ ‘নিউ ৰাছিয়া’ নামৰ
এখন কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক। 

ইলিয়া টল’ষ্টয়

Popular Post

ঐতিহাসিক চিঠি