মূলঃ ভিচৱাভা চিমবৰ্স্কা (Wislawa Szymborska)
মূল কাব্যগ্ৰন্থঃ Nic dza
Razy(Nothing Twice)
Razy(Nothing Twice)
অসমীয়া অসমীয়াঃ অনন্ত ৰাজখোৱা
নিৰীক্ষণৰত সন্ত্ৰাসবাদী
(Terrorysta, on patrzy)
ৰেস্তোৰাঁ খনত ৰাখি থৈ অহা বোমাটো ১৩.২০
ত ফুটিব
ত ফুটিব
এতিয়া ১৩.১৬ হৈছেহে
যথেষ্ট সময় আছে এতিয়াও
কিছুমান মানুহ সোমাবৰ বাবে
আন কিছুমান মানুহ ওলাবৰ বাবে
সন্ত্ৰাসবাদীটো ইতিমধ্যে ৰাস্তা পাৰ হৈ
গৈছে
গৈছে
দূৰত্বই বচাব তাক বিপদৰ পৰা,
আৰু প্ৰত্যক্ষ কৰিবলৈও কি যে এটা দৃশ্য
হ‘ব!
হ‘ব!
–ঠিক চিনেমাৰ দৰে
হালধীয়া চুৱেটাৰ পিন্ধা এগৰাকী মহিলা-ভিতৰলৈ
সোমাইছে
সোমাইছে
ডাঠ ক‘লা চানগ্লাছ পিন্ধা এজন পুৰুষ-বাহিৰত ওলাইছে
জিনচ পৰিহত কিশোৰ-কিশোৰী কেইটামান ডুবি
আছে কথাৰ বকলাত
আছে কথাৰ বকলাত
১৩.১৭ আৰু চাৰি চেকেণ্ড
কটিয়া মানুহটো উঠিল স্কুটাৰখনত,বেচ ভাগ্যৱান সি।
কিন্তু সেই ওখ মানুহটো-সি ৰেস্তোৰাঁখনৰ
ভিতৰলৈ সোমাল।
ভিতৰলৈ সোমাল।
১৩.১৭ আৰু চল্লিছ চেকেণ্ড
চুলিত সেউজীয়া ৰিবন বান্ধা ছোৱালী এজনী
খোজ কাঢ়ি আহি আছে
খোজ কাঢ়ি আহি আছে
তাইক আঁৰ কৰি হঠাৎ ৰখি গ‘ল এখন বাছ!
১৩.১৮
তাইৰ চিন-মোকাম নাই
ইমান নিৰ্বাক আছিলনে তাই?
ভিতৰতেই সোমালে নে বাছখনত গ‘ল?কোনো কথা নাই,
পাছত শ বোৰ বাহিৰলৈ উলিয়াই আনোতে গম পোৱা
যাব।
যাব।
১৩.১৯
কিয় জানো
ভিতৰলৈ কোনো সোমোৱা নাই!
মাথো পেটুৱা তপা মানুহ এটা যাবলৈ ওলাইছে
এক চেকেণ্ড,সি দেখোন তাৰ পকেট খুচৰিছে
১৩.১৯ আৰু দহ চেকেণ্ড
পুনৰ সোমাই গ‘ল সি ভিতৰত
এৰি অহা ফটা হাতমোজা যোৰ আনিবৰ বাবে
কাটাই কাটাই ১৩.২০
অপেক্ষা যেন চিৰপ্ৰসাৰিত।
যিকোনো চেকেণ্ডতে..
এতিয়াৰ পৰা যিকোনো মুহুৰ্ততে
ফুটি যাব পাৰে।
হোৱা নাই, হোৱা নাই
এতিয়াই, এতিয়াই-
বোমাটো বিস্ফোৰিত হ‘ল।
আত্মঘাতকজনৰ কোঠালিতো
(Pokoj Samobojcy)
মই বাজী লগাব পাৰোঁ
যে আপুনি ভাবিছে কোঠালিটো সম্পূৰ্ণ খালী
আছিল।
আছিল।
ঘোৰ মিছা।তাত আছিল
তিনিখন সুগঢ়ী চকী,
এটা লেম্প-আন্ধাৰৰ লগত যুজাঁৰ বাবে যিটো
বেচ ভাল।
বেচ ভাল।
এখন মেজ;মেজৰ ওপৰত এটা ৱালেট,দুই এখন বাতৰি কাকত,
ভাৱনাহীন এজন বুদ্ধ
এজন চিন্তাগ্ৰস্ত যীশু
সাতোটা ভাগ্য নিয়ন্তা হাতী আৰু ড্ৰয়াৰৰ
ভিতৰত এখন টোকাবহী।
ভিতৰত এখন টোকাবহী।
আপুনি ভাবে নেকি টোকাবহীখনত আমাৰ ঠিকনাবোৰ
লিখা হোৱা নাছিল?
লিখা হোৱা নাছিল?
সংগীত,চিত্ৰ নাইবা কিতাপ?একো নাছিল?
অনুমান কৰকচোন আপুনি
দুখন ক‘লা হাতৰ মুঠিত সোমাই আছিল এটা আটোমটোকাৰী বাহী; দেৱালত আৰি থোৱা আছিল চাচকিয়া-যাৰ হাতৰ মুঠিত এপাহি মন জুৰোৱা
ফুল;
ফুল;
ওলমি আছিল হফমেনৰ আনন্দ-ভগৱানৰ চমকণি
চেলফত জীৱন-দায়ী টোপনিত বাহু মেলি পৰি
আছিল অডিছাছ,
আছিল অডিছাছ,
কহ দিয়া চামৰাৰ বকলাত সোণ পানী চৰোৱা
আখৰেৰে নাম খোদিত-“দি মৰেলিষ্ট”
আখৰেৰে নাম খোদিত-“দি মৰেলিষ্ট”
সিবিলাকৰ ওচৰা-ওচৰিকৈ আছিল আটি-আটি বন্ধা
ৰাজনীতিৰ বিভিন্ন কিতাপ।
ৰাজনীতিৰ বিভিন্ন কিতাপ।
বাহিৰলৈ যাবৰ বাবে কোনো বাট নাছিল?
দুৱাৰখনৰ বিষয়ে কি ক‘ব আপুনি!
কোনো প্ৰত্যাশা নাছিল?
খিৰিকিখনেদি অন্য ধৰণৰ দৃশ্যও দেখা পোৱা
যায়,
যায়,
তেওঁৰ চচমাযোৰ তেতিয়াও খিৰিকীৰ কাষতেই
আছিল
আছিল
মাখি এটা উৰি আছিল তেতিয়াও খিৰিকীখনৰ
কাষত-গুণগুণাই;জীৱন্তে।
কাষত-গুণগুণাই;জীৱন্তে।
নিশ্চয় আপুনি ভাবিছে
অন্তত: কাগজৰ টুকুৰাত লিখি যোৱা নোট এটাই
এই বিষয়ে কিবা সম্ভেদ দিব আমাক।
এই বিষয়ে কিবা সম্ভেদ দিব আমাক।
ওহো। মই যদি কও তেওঁ কোনো নোট এৰি যোৱা
নাই!
নাই!
তেওঁৰ বহুসংখ্যক বন্ধু আছিল।
কিন্তু আমি আটাইবোৰেই সোমাই আছিলোঁ
অলপো ঠেলা-হেচাঁ নকৰাকৈ
চাহকাপটোৰ গাত আওজাই থোৱা খালী লেফাফাটোৰ
ভিতৰত।
ভিতৰত।
টোকা
১.চাচকিয়া- চিত্ৰকৰ Rembrandt van
Rijn ৰ পত্নী।Rembrandt তে চাচকিয়াৰ বহুতো চিত্ৰ অংকন কৰি থৈ গৈছে।
Rijn ৰ পত্নী।Rembrandt তে চাচকিয়াৰ বহুতো চিত্ৰ অংকন কৰি থৈ গৈছে।
২.হফমেনৰ আনন্দ-ভগৱানৰ চমকণি Hans Hofmann ৰ এখন বিখ্যাত চিত্ৰকৰ্ম।
হাঁহি
(Usmiechy)
পৃথিৱীখনে আশাৰ গান গুণগুণোৱাতকৈ
স্বচক্ষে চাব বিচাৰে আশাক।সেইকাৰণে ৰাষ্ট্ৰপ্ৰধানসকল
হাঁহিমুখীয়া হোৱাটো খুব জৰুৰী।
হাঁহিমুখীয়া হোৱাটো খুব জৰুৰী।
দাঁতৰ চিকমিকনিৰ অৰ্থ এয়ে যে তেওঁ এতিয়াও
ৰঙিয়াল হৈয়ে আছে।খেলখন জটিল,গোলপষ্টটোও ঢুকি পোৱাতকৈ বেচ দূৰত,
ৰঙিয়াল হৈয়ে আছে।খেলখন জটিল,গোলপষ্টটোও ঢুকি পোৱাতকৈ বেচ দূৰত,
ফলাফলো ধূসৰ-
তথাপিও সময়ে সময়ে আমাক চিকমিকোৱা দাঁতৰ
গৰাকী এজন লাগে।
গৰাকী এজন লাগে।
ৰাষ্ট্ৰপ্ৰধানজনৰ কপালৰ ৰেখাবোৰ কোঁচ
খাই থাকিব নালাগে; বিমানবন্দৰতেই হওক
অথবা আলোচনা কক্ষতেই হওক,
খাই থাকিব নালাগে; বিমানবন্দৰতেই হওক
অথবা আলোচনা কক্ষতেই হওক,
অনবৰতে কপালত চামিল হৈ থাকিব লাগে এটা
দাঁত উজলা চমক।
দাঁত উজলা চমক।
ভচহু সংবাদমেলেই হওক
কিম্বা জৰুৰী ঘোষণাই হওক,
তেখেতৰ মুখমণ্ডলৰ মাংসপেশীবোৰৰ
স্ব-জীৱিত বিচিত্ৰ ভাজ-ভূজবোৰে তেতিয়াহে
আমাৰ বুকু ঢপঢপাই তুলিব;
আমাৰ বুকু ঢপঢপাই তুলিব;
আমি চকু ফালি চাম তেখেতৰ মুখৰ কাৰচাজি।
দন্তবিদ্যাত লুকাই থাকে কূটনৈতিক চাতুৰি
ভাল দিন আনি দিম বুলি কথা দিয়ে,
পিছে তাত গৈ পোৱাটো কঠিন;সেয়েহে
সদ্যহতে জনতাক প্ৰয়োজন জিকমিকোৱা আগদাঁতৰ
হাঁহি; বলিষ্ঠ গুৰিদাঁতৰ আশা।
হাঁহি; বলিষ্ঠ গুৰিদাঁতৰ আশা।
দুখ ভৰা মুখ এখন চাবৰ বাবে
এতিয়াও আমাৰ বাবে সঠিক হোৱা নাই
ৰুচি আৰু সময়।
সপোন দেখা সকলে সততে আওৰাই-“মানৱীয়
ভাতৃত্ববোধে এই পৃথিৱীক হাঁহিৰ সৰগ কৰি তোলে”; মই পিছে পতিয়ন নাযাও।
ভাতৃত্ববোধে এই পৃথিৱীক হাঁহিৰ সৰগ কৰি তোলে”; মই পিছে পতিয়ন নাযাও।
এই ক্ষেত্ৰত এই বিশেষ ৰাষ্ট্ৰপ্ৰধানজনৰ
কথাকেই ধৰক; এওক হাঁহিবলৈ মুখৰ কোনোধৰণৰ
ব্যায়ামৰ প্ৰয়োজন নহয়,
কথাকেই ধৰক; এওক হাঁহিবলৈ মুখৰ কোনোধৰণৰ
ব্যায়ামৰ প্ৰয়োজন নহয়,
সময়ে সময়ে তেখেতৰ মেজাজ ঠিকে থাকিলেই
হ‘ল।এতিয়া বসন্ত,তেওঁ যথেষ্ট সুখী;সেইবাবেই তেওঁৰ মুখত
এতিয়া হাঁহিয়েই হাঁহি।
হ‘ল।এতিয়া বসন্ত,তেওঁ যথেষ্ট সুখী;সেইবাবেই তেওঁৰ মুখত
এতিয়া হাঁহিয়েই হাঁহি।
কিন্তু মানুহ জীৱতো,স্বভাৱগত ভাৱে দুখী;
গতিকে আহক,আমিবোৰ দুখী হও
দুখী হোৱাটো ইমানো বেয়া কথা নহয়।
কবি পৰিচিতি: ১৯৯৬ চনত আইৰিশ কবি চিমাচ হিনীয়ে সাহিত্যৰ
ন‘বেল বঁটা লাভ কৰিছিল।১৯৯৬ চনত বিশ্বৰ সকলো সাহিত্যপ্ৰেমী, সাহিত্য সমালোচকে ভাবি আছিল যে এই বছৰৰ সাহিত্যৰ ন‘বেল বটা নিশ্চিতভাৱে এজন ঔপন্যাসিকৰ হাতলৈ যাব।কিন্তু বঁটা ঘোষণাৰ
দিনা সকলো আচৰিত হ‘ল।কিয়নো সেইবছৰৰ ন‘বেল বঁটা প্ৰদান কৰা হ‘ল পোলেণ্ডৰ এগৰাকী প্ৰচাৰবিমুখ মহিলা কবিক।তেখেতৰ নাম আছিল ভিচৱাহা
চিমবৰ্স্কা।ন‘বেল কমিটিয়ে বঁটা প্ৰদানৰ
চিটেচনত চিমবৰ্স্কাৰ বিষয়ে লিখিলে-
ন‘বেল বঁটা লাভ কৰিছিল।১৯৯৬ চনত বিশ্বৰ সকলো সাহিত্যপ্ৰেমী, সাহিত্য সমালোচকে ভাবি আছিল যে এই বছৰৰ সাহিত্যৰ ন‘বেল বটা নিশ্চিতভাৱে এজন ঔপন্যাসিকৰ হাতলৈ যাব।কিন্তু বঁটা ঘোষণাৰ
দিনা সকলো আচৰিত হ‘ল।কিয়নো সেইবছৰৰ ন‘বেল বঁটা প্ৰদান কৰা হ‘ল পোলেণ্ডৰ এগৰাকী প্ৰচাৰবিমুখ মহিলা কবিক।তেখেতৰ নাম আছিল ভিচৱাহা
চিমবৰ্স্কা।ন‘বেল কমিটিয়ে বঁটা প্ৰদানৰ
চিটেচনত চিমবৰ্স্কাৰ বিষয়ে লিখিলে-
“the Mozart of poetry, not without justice in view
of her wealth of inspiration and the veritable ease with which her words seem
to fall into place.”
of her wealth of inspiration and the veritable ease with which her words seem
to fall into place.”
তেওঁৰ কবিতাৰ বিষয়ে ন‘বেল কমিটিয়ে বঁটাৰ প্ৰশস্তি পত্ৰত উল্লেখ কৰিলে এইদৰে-
“for poetry that with ironic
precision allows the historical and biological context to come to light in
fragments of human reality.”
precision allows the historical and biological context to come to light in
fragments of human reality.”
প্ৰায় পাঁচটা দশকযোৰা তেওঁৰ নীৰৱ সাধনাই
শেষ মুহুৰ্তত প্ৰাপ্তি কঢ়িয়াই আনিলে।তেওঁৰ কবিতা বিশেষত দৈনন্দিন জীৱন, বাস্তৱৰ ৰূঢ়তা, সমাজবাদ, জনচেতনা ইত্যাদি সহজাত
ভাৱনাৰে সংপৃক্ত।
শেষ মুহুৰ্তত প্ৰাপ্তি কঢ়িয়াই আনিলে।তেওঁৰ কবিতা বিশেষত দৈনন্দিন জীৱন, বাস্তৱৰ ৰূঢ়তা, সমাজবাদ, জনচেতনা ইত্যাদি সহজাত
ভাৱনাৰে সংপৃক্ত।
