ভগৎ সিঙৰ জীৱনৰ শেষৰখন চিঠিৰ অসমীয়া অনুবাদ

Posted by : translatorsassam
October 8, 2020

ভগৎ সিঙৰ শেষৰখন চিঠি
অনুবাদঃ জ্যোতিশিখা দত্ত

ভগ সিঙক ফাঁচী দিয়াৰ আগদিনা অৰ্থাৎ ১৯৩১ চনৰ ২২ মাৰ্চ তাৰিখে ভগ সিঙে সতীৰ্থসকললৈ তেওঁৰ শেষ চিঠিখন লিখিছিল
জেলৰ পৰা
পলাই যোৱাৰ সুবিধা কেনেবাকৈ কৰি দিব পৰা হ
লে ভগৎ সিঙক বচাব পৰা
লহেতেন বুলি তেওঁৰ বহু সতীৰ্থই   ভাবিছিল সতীৰ্থসকলৰ এই উদ্বিগ্নতাক প্ৰশংসা
কৰি ভগৎ সিঙে তেওঁৰ মৃত্যু
, দেশৰ কাৰণে কিমান তাৎপৰ্যপূৰ্ণ
সেইকথাটোত জোৰ দিয়ে
ইয়াতেই ভগৎ সিঙৰ দূৰদৰ্শীতা আৰু
ৰাজনৈতিক পৰিপক্কতাৰ উমান পোৱা যায়


সতীৰ্থসকল,

 

এইটো স্বাভাৱিক যে জীয়াই থকাৰ হাবিয়াস মোৰ মাজতো থাকিব লাগিব মই ইয়াক লুকুৱাই ৰাখিব নিবিচাৰোঁ
কিন্তু মই
এটা চৰ্ততহে জীয়াই থাকিব বিচাৰোঁ
, যে মই কাৰাবাস খাটি বা
কোনো বাধ্যবাধকতাৰ মাজত জীয়াই থাকিব নিবিচাৰোঁ

 

মোৰ নামটো হিন্দুস্থানী ক্ৰান্তিৰ এক প্ৰতীক স্বৰূপ হৈ পৰিছে  আৰু ক্ৰান্তিকাৰি দলৰ আদৰ্শ আৰু ত্যাগে মোক বহু ওপৰলৈ উঠাই আনিছে, ইমাণ ওপৰলৈ যে জীয়াই থকাৰ চৰ্তত অৱশ্যেই মই ইয়াত কৈ কেতিয়াওঁ
ওপৰত থাকিব নোৱাৰোঁ

 

আজি মোৰ দুৰ্বলতাবোৰ জনগণৰ দৃষ্টিগোচৰ হোৱা নাই
যদি মই ফাঁচীৰ
পৰা পলাই ফুৰোঁ তেতিয়া সেইবোৰ স্পষ্ট হৈ যাব আৰু ক্ৰান্তিৰ প্ৰতীক ম্লান হৈ পৰিব
, আনকি ধংস হৈ যাবও পাৰে। কিন্তু সাহসেৰে
ফাঁচীৰ সন্মুখীন হোৱা কথাটোৱে হিন্দুস্থানী মাতৃসকলক ভগৎ সিঙৰ দৰে সন্তান পাবলৈ উৎসাহিত
কৰিব আৰু মাতৃভূমিৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা লোকৰ সংখ্যা ইমানেই বাঢ়ি যাব যে সাম্ৰাজ্যবাদী
শক্তি বা আন পৈশাচিক শক্তিৰ পক্ষে ক্ৰান্তি ৰোধ কৰাটো সম্ভৱপৰ নহ

 

আৰু হয়, আনকি আজিও এটা চিন্তা মোৰ মনলৈ
আহিছে – যে দেশ আৰু মানৱতাৰ কাৰণে যিখিনি কৰিবলৈ মোৰ আ
কাংক্ষ্যা আছিল
তাৰ এহেজাৰ ভাগৰ এভাগো মই পূৰ কৰিব পৰা নাই। যদি মই স্বতন্ত্ৰ আৰু জীৱিত
  থাকিব পাৰিলোহেঁতেন তেতিয়া কিজানি মই সেইকামবোৰ সম্পাদনা কৰিবলৈ
সুযোগ পালোহেঁতেন আৰু মোৰ বাসনাবোৰ পূৰ কৰিলোহেঁতেন। ইয়াৰ বাহিৰে ফাঁচীৰ পৰা ৰেহাই
পোৱাৰ মোৰ কোনো ধৰণৰ লালসা কেতিয়াওঁ মনলৈ অহা নাই । মোতকৈ ভাগ্য
ৱান আৰু কোন হব পাৰিব? এইকেইদিন মই নিজক লৈ গৌৰৱান্বিত
এতিয়া মই চূড়ান্ত  পৰীক্ষাৰ বাবে অগ্ৰহেৰে
বাট চাই আছোঁ
মই প্ৰাৰ্থনা কৰিছোঁ যেন ই সোনকালে
আহে

 

আপোনালোকৰ সতীৰ্থ

ভগৎ সিং

Popular Post

ঐতিহাসিক চিঠি