বক্তৃতাঃ ‘বেণ্ডিট কুইন’ খ্যাত ফুলন দেৱীৰ বক্তৃতা

Posted by : translatorsassam
May 24, 2020

‘বেণ্ডিট কুইন’ খ্যাত ফুলন দেৱীয়ে ২০০১ চনত ডুবাইৰ এখন সভাত প্ৰদান কৰা বক্তৃতা



মূল- হিন্দী 
অনুবাদঃ লিজা বৰা 


    আজি সংস্থাৰ তৰফৰ পৰা উপস্থিত মাননীয় আব্বু হাচমি ,আদিম ভাই, শ্বায়েৰ ভাই আৰু উপস্থিত
ভাই -ভনী সকল
; মই কেৱল হিন্দী ভাষাহে জানো৷ আনবোৰ ভাষা
ভালকৈ নাজানো৷ মোক দিল্লীৰ পৰা আমন্ত্ৰণ কৰি
, সংস্থাৰ তৰফৰ পৰা ইমানখিনি সন্মান দিয়াৰ বাবে ধন্যবাদ৷
আমাৰ আব্বু হাচমি চাহাবৰ পিতৃয়ে দুখীয়া
,শোষিত সকলৰ হকে
যথেষ্ট কাম কৰিছিল আৰু আজি তেওঁৰ নামতেই এক
ট্ৰাষ্ট গঠন কৰা হৈছে৷ যেনেদৰে নিয়াদ আহমদজীয়ে দুখীয়া সকলক সহায় কৰিছিল, তেনেকৈয়ে তেওঁৰ পুত্ৰ আব্বু হাচমিয়ে তেওঁৰ নামত এক ট্ৰাষ্ট গঠন কৰি তেওঁৰ পথ অনুসৰণ কৰাৰ সংকল্প লৈছে৷ আৰু বাস্তৱিকতেই
তেওঁলোকক সহায় কৰিছে৷ মই প্ৰায়ে বোম্বেলৈ অহা-যোৱা কৰি থাকো আৰু তাৰ লোকসকলৰ সহায়ৰ
বাবেও মই আব্বু হাচমিলৈ চিঠি লিখোঁ৷ মানুহ তেওঁৰ ওচৰলৈ কান্দি কান্দি আহে আৰু হাঁহি
হাঁহি উভতি যায়৷ আজি গুজৰাটত ধুমুহা
, ভূমিকম্পত যি সকলৰ মৃত্যু হৈছে, তেওঁলোকৰ পৰিয়ালৰ সহায়ৰ বাবে ইয়ালৈ আপোনালোকক আমন্ত্ৰণ কৰি বহুত ডাঙৰ কাম কৰিছে৷
আনকি তালৈ নিজেই গৈওঁ তেওঁ যি পাৰে সহায় কৰিব৷ মোৰ দৰে নাৰীক আজি ইয়াত উপস্থিত থাকিবলৈ
সুযোগ দিয়াৰ বাবে মই আব্বু হাচমি ভাইক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ৷

    
ভাই -ভনী সকল
, মোৰো এটা ইতিহাস আছে৷
মই কওঁনে
?
মই এই যুগৰ সমস্যা সমূহে সৃষ্টি কৰা এগৰাকী মহিলা৷ মই জনা নাছিলো
যে মোৰ নাম ফুলন দেৱী যদিও মানুহে মোক বেন্দিত কুইন বুলি কয়৷ মই জনা নাছিলোঁ যে ইমান
সংঘৰ্ষ কৰাৰ পিছতো মই জীয়াই থাকিম
, আপোনালোকৰ মাজত উপস্থিত থকাৰ সুযোগ পাম, ইমান মান -সন্মান পাম৷ চাৰি বছৰ মই জংঘলত কটালোঁ৷ আপোনালোকে নিশ্চয় জানে যে আমাৰ
ভাৰতবৰ্ষত (কোৱা অনুচিত যদিও এই সুযোগতে মোৰ ক্ষেত্ৰত কি হৈছিল ক
বলৈ বিচাৰিম) জমিদাৰ সকল, চহকী লোক সকল আৰু বিশেষকৈ উচ্চ জাতিৰ লোক সকলে (জাতৰ কথা কলে কব ডুবাইত গৈ জাতত ধৰি
গালি দিছে) আমাৰ দৰে দুখীয়া
, দলিত, বঞ্চিত, শোষিত সকলক সামান্য
কীট -পতঙ্গৰ দৰে ব্যৱহাৰ কৰে৷ মানুহ বুলি গণ্য নকৰে৷ আৰু সেয়ে মই তেওঁলোকক স্পষ্ট কৰি
দিলোঁ যে
, আমিও মানুহ ৷ আমাক যদি তোমালোকে মাৰা
তেন্তে আমিও নিশ্চুপ হৈ ৰৈ নাথাকোঁ৷

  
বহু সময়ত ময়ো আত্মহত্যা কৰিম বুলি
সিদ্ধান্ত লৈ পেলাইছিলোঁ। অৱশেষত উপলব্ধি কৰিলোঁ যে দৈনিক হাজাৰ হাজাৰ নাৰীৰ মৃত্যু হৈ আছে ৷ পৰিৱৰ্তন
কিন্তু একো হোৱা নাই৷ মানুহে কয় ফুলন দেৱী ডকাইত৷ ডকাইত ফুলন দেৱী৷ মই কি আপোনালোকতৈ
বেলেগ নেকি
? মোৰ হাত চাৰিখন নেকি? মোক চম্বল ঘাটিৰবুলিৰ কয়৷ কিন্তু চম্বল ঘাটি মোৰ পিতৃ-মাতৃ নেকি? মোকো মা -দেউতায়েই জন্ম দিছে৷ কিন্তু মোৰ দোষ এয়াই যে মই জুপুৰিত
জন্ম হ
লোঁ, দুখীয়াৰ সমাজত জন্ম
লো৷ সেয়ে মোৰ কি জীয়াই থকাৰ অধিকাৰ নাই?
    
ভাই-ভনী সকল
, মই একো বেয়া কাম কৰা
নাই৷ যি সকলে মোৰ অপকাৰ কৰিছিল
, সমাজত ভালদৰে জীয়াই
থাকিবলৈ দিয়া নাছিল মই সেই সকলৰহে বিৰুদ্ধে৷ ভাল বেয়া যিবোৰ হৈ গ
ল এই সকলোবোৰে এটাই শিক্ষা দিয়ে যে মোৰ দৰে বাই -ভনী,বোৱাৰী সকলক অত্যাচাৰ কৰিলে যিকোনো মহিলাই নিজৰ ঘৰৰ পৰা ওলাই
আহি নিজৰ অধিকাৰ কাঢ়ি ল
বলৈ ময়দানত থিয় দিব৷
  
ভাই -ভনী সকল
, মোক ডকাইত ঘোষণা কৰা
ল৷ আৰু মই যেতিয়া নিৰ্বাচনত অংশ ললোঁ তেতিয়া সকলোৱে ভাষণত মাত্ৰ এটা কথাই যে মই ডকাইত৷ কওঁকচোন
, মই বাৰু দেখিবলৈ ডকাইতৰ দৰে নেকি? ডকাইত মানে কি? তোমালোকে মোক অত্যাচাৰ কৰিলা ,মোক লুন্ঠন কৰিলা৷ আচলতে ডকাইত সেইসকল যি আমাৰ দৰে মহিলাক শোষণ ,অত্যাচাৰ কৰে৷ ভাই -ভনী সকল, চাৰি বছৰ মই জংঘলতে থাকিলোঁ ৷ এঘাৰ বছৰ মই জেইলত থাকিলোঁ৷ জেইলত মোক মানসিক বিকাৰগ্ৰস্ত
মহিলা সকলৰ সৈতে থাকিবলৈ দিয়া হৈছিল৷ এঘাৰ বছৰ জেইলত থকাৰ অন্তত ন্যায়ালয়ত হাজিৰ হ
বলৈ দিয়া হোৱা নাছিল৷ আৰু যেতিয়া মোক জেইলৰ পৰা মুকলি কৰি দিয়া
হৈছিল তেতিয়া সকলো আতংকিত হৈছিল এইবুলি
, “ইমান ডাঙৰ ডকাইতক এৰি দিলে৷ বহুত অন্যায় হল !

    
কেৱল আপোনালোকৰ মৰম আৰ্শীবাদ আছিল মোলৈ৷ অলপ
পৰৱালাৰো দোৱা আছিল৷ সেইবাবেই আজি আপোনালোকৰ মাজত থিয় হৈ থাকিবলৈ
সক্ষম হৈছোঁ৷ আৰু বেছি একো নকওঁ ৷ ইয়াত আজি একগোট হৈ বহি থকা সকললৈও মোৰ ভক্তি যাঁচিলোঁ৷
আমাৰ আব্বু ভায়েয়ো বহুত কাম কৰিছে৷ আপোনালোকলৈ এয়ে নিবেদন যে আমাৰ ভাই আব্বুজীক  সম্পূৰ্ণ সহযোগিতা কৰক যাতে তেওঁ আৰু আগবাঢ়িব পাৰে
৷ মোৰ দৰে দুখীয়া
,অবলা নাৰীক সহায় কৰিব
পাৰে৷
   
মোৰ ভাই-ভনী সকল আপোনালোকলৈ মই ধন্যবাদ যাঁচিলোঁ ৷লগতে আব্বুজীকো ধন্যবাদ যাঁচিলোঁ
মোক ইয়ালৈ  নিমন্ত্ৰণ কৰাৰ বাবে
, সন্মান দিয়াৰ বাবে৷
ফুলন দেৱীৰ চমু পৰিচয়ঃ  সততে নাৰী প্ৰগতি, নাৰী সুৰক্ষাৰ কথা কওঁতে ফুলন দেৱীৰ উদাহৰণ দিয়া হয় তেওঁ আছিল এগৰাকী শক্তিশালী নাৰীৰ উৎকৃষ্ট উদাহৰণ৷ ফুলন দেৱীৰ
জন্ম হৈছিল ১৯৬৩ চনত উত্তৰ প্ৰদেশৰ এটা অতিকৈ দুখীয়া পৰিয়ালত৷ 
ফুলন দেৱী বাল্য বিবাহৰ বলি হৈছিল আৰু তেওঁৰ বৈবাহিক জীৱনো আছিল যথেষ্ট কন্টকময়৷
বহুবাৰ তেওঁ গণ ধৰ্ষণৰ চিকাৰ হৈছিল৷ কম বয়সতে তেওঁৰ এটা ডকাইতৰ দলত যোগ দান কৰিছিল

ডকাইতৰ দলত যোগ কৰাৰ পিছত তেওঁআৰু এঘাৰ বছৰ কাৰাবাসৰ অন্তত ভাৰতীয় ৰাজনীতিত
খোজ পেলাইছিল৷ তেওঁ এগৰাকী ভাৰতীয় সাংসদ হিচাপে নিৰ্বাচিত হ
বলৈ সক্ষম হৈছিল৷ ৰাজনীতিবিদ হিচাপে তেওঁ যথেষ্ট সুখ্যাতি লাভ
কৰিছিল ৷ আৰু অৱশেষত
, ২০০১ চনত আততায়ীৰ হাতত
প্ৰাণ হেৰুৱাইছিল

সংযোগঃ ১৯৯৪ চনত পৰিচালক শেখৰ কাপোৰে ফুলন দেৱীৰ
সংগ্ৰামী জীৱনক লৈ ‘
Bandit Queen’ নামৰ এখন চিনেমা নিৰ্মান কৰিছিল
।এই চিনেমা খনে কেইবাটাও ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে।

Popular Post

ঐতিহাসিক চিঠি