‘দ্য গ্ৰেট ডিক্টেটৰ’ৰ বিখ্যাত বক্তৃতাটো
অনুবাদ- প্ৰদ্যুম্ন কুমাৰ গগৈ
মই দুঃখিত, কিন্তু এজন সম্ৰাট হ‘ব মই নিবিচাৰো। সেয়া মোৰ দায়িত্ব নহয়। মই
শাসন অথবা পৰাভূত কৰিব নিবিচাৰো কাকোকে। মই প্ৰয়োজনত কাৰোবাক সহায় কৰিব পালেহে
ভাল লাগে। ঈহুদী- অনাঈহুদী- ক‘লা মানুহ, বগা- আমি কেৱল বিচাৰো ইজনে সিজনক সহায় কৰিব,
মানুহ এনেকুৱাই স্বাভাৱিকতে। আমি ইজনে
সিজনৰ সুখবোৰৰ মাজেৰে বাস কৰো। কাৰো দুৰ্দশাৰে নহয়। আমি নিবিচাৰো ঘৃণা কৰিব আৰু
তাচ্ছিল্য ইজনে আনজনক।

আৰু এই বিশ্বত সকলোৰে বাবে এটুকুৰা ঠাই আছে,
আৰু আমাৰ এই ধুনীয়া ধৰণী ইমানেই
সমৃদ্ধশালী যে সকলোকে দি যায় অবিৰাম। আমাৰ জীৱনৰ পথচোৱা সুন্দৰ আৰু মুক্ত হ‘ব পাৰে।

কিন্ত আমি পথচ্যুত হৈছো। লালসাই মানুহৰ সত্বা বিকৃত কৰি
পেলালে, বিশ্বখন
বেৰিকেডৰে বান্ধিলে বিদ্বেষত, কুচকাৱাজ কৰালে আমাক দুৰ্দশা আৰু ৰক্তপাতৰ মাজেৰে।

আমি গতিক নিয়ন্ত্ৰণ কৰিব পাৰিলো,
কিন্তু তাৰ মাজতে নিজকে বন্ধ কৰি ৰাখিলো।
যান্ত্ৰিকতা- যি আমাক প্ৰদান কৰে প্ৰাচূৰ্য, সময়ত আতৰি যায়। আমাৰ বিবেকবুদ্ধিয়ে আমাক
ৰুক্ষ কৰি তুলিছে। আমাৰ চাতুৰ্যতা কঠোৰ আৰু দয়াহীন। আমি বহু বেছি আশা কৰো আৰু
উপলব্ধি একেবাৰে কম।

যান্ত্ৰিকতাতকৈ আমাক আচলতে বহু বেছি প্ৰয়োজন মানৱীয়তা।
কূট-কৌশলতকৈ আমাক প্ৰয়োজন মমতা আৰু সৌম্যতা। এই গুণবিলাকৰ অৱিহনে আমাৰ অস্তিত্ব
ভয়ানক হৈ পৰিব আৰু আমি নিঃশেষ হৈ পৰিম।

উৰাজাহাজ আৰু ৰেডিঅ‘ই আমাক ওচৰ চপাই আনিলে। এই উদ্ভাৱনবোৰেও
একান্ত প্ৰাকৃতিকভাৱে কান্দি উঠিছে মানুহৰ উদাৰ আৰু সাধুবাদৰ বাবে- চিৎকাৰ কৰি
উঠিছে বিশ্বজনীন ভ্ৰাতৃত্ববোধৰ বাবে- একতাৰ বাবে আমাৰ সকলোৰে মাজত,
আনকি মোৰ এই মাতটোও লক্ষ লক্ষজনৰ ওচৰলে
যাব পাৰিছে- লক্ষ লক্ষ নিৰাশ পুৰুষ, নাৰী আৰু কণমানি শিশুবোৰ- চিকাৰ এটা
চিষ্টেমৰ- য‘ত মানুহ নিপীড়িত হয় আৰু নিৰীহজনক কাৰাৰুদ্ধ কৰা হয়। যিসকলে
মোক শুনিব পাৰিছে, শুনা মই কও-

নিৰাশ নহ‘বা! আমাৰ ওপৰত যি শনি লম্ভিছে- লালসাৰ অন্য ৰূপ সেয়া-
মানুহৰ ৰূঢ়তাৰ স্বৰূপ- যি ভয় কৰে মানৱপ্ৰগতিৰ ছন্দ। এদিন জনগণৰ ঘৃণা বিয়পি পৰিব
আৰু উৎপীড়কবিলাকৰ যৱনিকা পৰিব আৰু জনতাৰ পৰা যি ক্ষমতা গ্ৰহণ কৰিছিল,
সেয়া জনতাৰ মাজলে ঘূৰাই পঠাব। আৰু
যেতিয়ালৈকে মানৱ প্ৰজাতি লুপ্ত নহ‘ব- স্বাধিনতা অক্ষট থাকিব।

হে সৈন্যসকল!
তোমালোকে মানুহৰূপী জানোৱাৰবিলাকৰ ওচৰত নিজক প্ৰদান নকৰিবা- যিসকলে তোমালোকক
হীণ কৰে- ভৃত্য জ্ঞান কৰে- যি তোমালোকৰ জীৱনবোৰকে একোটা ৰেজিমেণ্ট কৰি তোলে,
শুনা কি কৰিবা,
কি চিন্তা কৰিব লাগে আৰু কি উপলব্ধি কৰিব
লাগে- কোনে তোমাক কুচকাৱাজ কৰায়- তোমাক আহাৰ দিয়ে- এটা গৰুৰ দৰে ব্যৱহাৰ কৰে,
কামানৰ চিকাৰৰ দৰে ব্যৱহাৰ কৰি আছে?
তোমালোকে নিজকে এই অস্বাভাৱিক মানুহবোৰক
অৰ্পন নকৰিবা- যান্ত্ৰিক মানুহ যান্ত্ৰিক মন আৰু যান্ত্ৰিক হৃদয় ! তুমি যন্ত্ৰ
নহয়! তুমি গৰু-ছাগলীও নহয়!
তুমি মানুহ!
মানৱীয়তাৰ বাবে প্ৰেম তোমালোকৰ হৃদয়ত
আছে! তোমালোকে ঘৃণা নকৰা, আছে কেৱল সেই ঘৃণাৰ প্ৰতি অৱজ্ঞা- অনাকাংক্ষিত যি আৰু
অপ্ৰাকৃতিক। সৈনিকসকল, দাসত্বৰ নিমিত্তে নুযুঁজিবা, যুঁজ দিয়া স্বাধিনতাৰ বাবে। চেইণ্ট
ল্যুকৰ সপ্তম খণ্ডত লিখা আছে- “পৰমপিতাৰ ৰাজ্য মানুহৰ হৃদয়তে অৱস্থিত”-
কেৱল এজন মানুহ নহয় অথবা কোনো জনসমষ্টিতো নহয়, কেৱল সকলো মানুহৰ মাজতে! তোমাৰ মাজত!
জনগণ, তোমাৰ
শক্তি আছে- যন্ত্ৰ সাজি উলিওৱাৰো ক্ষমতা আছে। সুখৰ সময় গঢ়ি তোলাৰ ক্ষমতা! তুমি,
জনগণৰ আছে শক্তি এই জীৱন মুক্ত আৰু
সুন্দৰকে গঢ়াৰ, এই জীৱনবিলাক এটা বিচিত্ৰ অভিযানৰ দৰে সাজি উলিওৱাৰ।

তেনেহ‘লে- সাম্যৰ নামত- সেই ক্ষমতা ব্যৱহাৰ কৰোহঁক- আমি ঐক্যৱদ্ধ
হওহঁক। আহা আমি এখনি নতুন বিশ্বৰ বাবে যুঁজ দিও- এখনি যথাযোগ্য বিশ্ব যি আমাক নিজৰ
কামবোৰ কৰিবলে সুযোগ দিব- যি তোমাক এটা ভৱিষ্যত প্ৰদান কৰিব আৰু ভাটিবয়সত এটা
সুৰক্ষা।

এইবিলাক কথাৰ প্ৰতিশ্ৰুতিতেই
সেই জানোৱাৰবিলাকৰ
হাতত ক্ষমতা গুজি দিয়া হৈছিল। কিন্তু তেওলোকে ফাঁকি দিলে! তেওলোকে সেই প্ৰতিশ্ৰুতি পূৰণ
নকৰিলে। আৰু কেতিয়াও নকৰেও!

নিপীড়কবিলাকে নিজকে মুক্ত কৰে আৰু জনতাক গোলাম কৰি ৰাখে!
এতিয়া আহা আমি সেই প্ৰতিশ্ৰুতিবোৰৰ পূৰণৰ বাবে সংগ্ৰাম কৰো!
আহা আমি সংগ্ৰামত নামো পৃথিৱীখন মুক্ত মুকলি কৰাৰ- জাতিগত গণ্ডীৰ পৰা দূৰত থাকি-
লোভ লালসাৰ পৰা দূৰত থাকি, লগতে বিদ্বেষ আৰু সহনহীনতাৰ পৰাও! আহা আমি যুঁজত লাগো এখনি
যথাৰ্থ পৃথিৱীৰ বাবে, এখনি বিশ্ব য‘ত বিজ্ঞান আৰু প্ৰগতিয়ে সকলো মানুহৰ
সুখবোধক আগুৱাই নিব।

সৈনিকবৃন্দ! গণতন্ত্ৰৰ নামত, আহা আমি সকলো এক হও।
(সম্পাদকীয়
টোকাঃ ‘দ্য
গ্ৰেট ডিক্টেটৰ’ চাৰ্লছ চেপলিনৰ যুগজয়ী সৃষ্টিসমূহৰ মাজৰ অন্যতম। চিনেমাখন ১৯৪০ চনতে আমেৰিকাৰ পৰা ৰিলিজ হৈছিল । চিনেমাখনৰ প্ৰযোজনা,
পৰিচালনা আৰু কাহিনী চেপলিনৰ । চিনেমাখনত চেপলিনে হিটলাৰৰ এক
ব্যংগাত্মক চৰিত্ৰ ৰূপায়ন কৰিছিল । চেপলিনৰ চিনেমাসমূহ আৰু তেওঁৰ ব্যংগসমূহত আমি সেই সময়ৰ পৃথিৱী আৰু বিশেষকৈ
ইউৰোপৰ সাধাৰণ ৰাইজৰ হা-হুমুনিয়াহসমূহ দেখা পাওঁ। তীব্ৰ
ৰাজনৈতিক শ্লেষ আৰু ব্যংগৰে ‘দ্য গ্ৰেট ডিক্টেটৰ’ৰ যোগেদি মূলত হিটলাৰ আৰু ফেচিবাদৰ বিৰুদ্ধে তেওঁ এটা
শৈল্পিক প্ৰতিবাদ কৰিছে। চিনেমাখনৰ শেষৰ ভাষণটো গণতন্ত্ৰক ভাল পোৱা প্ৰতিজন মানুহৰ
বাবেই আজীৱন কাণৰ কাষত বাজি থকা এটা সুৰ।)