জৱহৰলাল নেহেৰুৰ
“Tryst
with destiny”ৰ মুকলি অনুবাদ
ভাষান্তৰঃ ৰাজশ্ৰী দাস
বহু
বছৰ আগতে আমি নিয়তিৰ সৈতে প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ। এতিয়া সেই প্ৰতিজ্ঞা সম্পন্ন
কৰাৰ সময় আহি পৰিছে। সম্পূৰ্ণ ৰূপে নহ‘লেও কিছু পৰিমানে হ‘লেও সফল কৰিম। মাজনিশাৰ সেই ঘটনাৰ সময়ত, যেতিয়া পৃথিৱী
শুই থাকিব, তেতিয়া ‘জীৱন আৰু স্বাধীনতা‘ৰ বাবে সমগ্ৰ পৃথিৱীত ভাৰতবৰ্ষ জনাজাত হৈ পৰিব। ইতিহাসত এনেকুৱা
কিছুমান বিৰল ক্ষণ আহে , যেতিয়া আমি পুৰণি দিন পাৰ কৰি নতুন যুগত ভৰি দিওঁ , যেতিয়া এটা
যুগ সমাপ্ত হয় , যেতিয়া এখন দেশৰ দীৰ্ঘদিন ধৰি দমন হৈ থকা আত্মাই মুক্তি
লাভ কৰে। এইটো এটা সংযোগ বুলিয়ে ক‘ব লাগিব যে এই পবিত্ৰ ক্ষণত আমি ভাৰতবৰ্ষ আৰু ভাৰতৰ নাগৰিকক সেৱা আগবঢ়াবলৈ তথা সকলোৰে উৰ্দ্ধত
মানৱতাৰ সেৱা কৰিবৰ বাবে নিজকে সমৰ্পিত কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছোঁ।।

ইতিহাসৰ আৰম্ভণিৰ পৰাই ভাৰতবৰ্ষই নিজৰ খোজ আৰম্ভ কৰিছে আৰু অনেক সময়ত ই
সংঘৰ্ষৰ লগতে সফলতা আৰু বিফলতাৰে ভৰি আছে। ‘ভাল আৰু বেয়া‘
এই দুয়োটা সময়ত ভাৰতে কেতিয়াও নিজৰ
দৃষ্টি নেহেৰুৱালে , লগতে শক্তি দিয়া আদর্শবোৰকো ভাৰতে কেতিয়াও নাপাহৰিলে। আজি
আমাৰ দুৰ্ভাগ্যৰ সময়সীমাৰ অন্ত পৰিছে আৰু এতিয়া ভাৰতে পুনঃ নতুন পথত খোজ পেলাব ।
আমি আজি যিটো উপলব্ধিৰ উৎসৱ পালন কৰিছোঁ সেইটো মাত্ৰ এটা আৰম্ভণিহে। আৰু বহুতো
সুবৰ্ণ সুযোগ , বিভিন্ন প্ৰাপ্তি , উপলব্ধি আমাৰ বাবে ৰৈ আছে। কিন্তু এই সুযোগ বুজিবলৈ তথা
ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহ স্বীকাৰ কৰিবলৈ আমি ইমান শক্তিশালী তথা বুদ্ধিমান হয়নে?

স্বাধীনতা আৰু শাসনৰ লগতে আহে দায়বদ্ধতা। ভাৰতীয় সাৰ্বভৌমত্বক
প্ৰতিনিধিত্ব কৰিবলৈ এই সাৰ্বভৌম অনুষ্ঠানটি দায়বদ্ধ। স্বাধীনতাৰ জন্মৰ আগলৈ আমি
হাড়ভগা পৰিশ্ৰম কৰি সকলো দুখ সহিছোঁ আৰু সেই দুখে আমাক এতিয়াও শিহৰিত কৰি তোলে।
ইয়াৰ ভিতৰত কিছুমান দুখ এতিয়াও অব্যাহত আছে,
তথাপি অতীত কাল শেষ হ‘ল, ভৱিষ্যত আমাৰ
বাবে ৰৈ আছে।

কিন্তু এই ভৱিষ্যত, আৰাম কৰিবলৈ বা শান্তিত বহিবলৈ নহয় , ইয়াৰ বিপৰীতে
বাৰে বাৰে প্ৰয়াস কৰিব লাগিব যাতে আমাৰ দ্বাৰা বাৰম্বাৰ লোৱা প্ৰতিজ্ঞা, সেই প্ৰতিজ্ঞা
আজি আমি আকৌ এবাৰ কৰিম, যাতে তাক সম্পূৰ্ণ কৰিব পাৰো।

ভাৰতবৰ্ষক সেৱা কৰাৰ অৰ্থ হ‘ল লাখ লাখ পীড়িত লোকক সেৱা আগবঢ়োৱা , অৰ্থাৎ
দৰিদ্ৰতা , অজ্ঞানতা, বেমাৰ, সুযোগ নোপোৱাৰ আৰু অসমতাক সমাপ্ত কৰাকে বুজাব। আমাৰ সময়ৰ
মহানতম ব্যক্তিৰ মহত্বাকাংক্ষা হ‘ল প্ৰতিজুৰি চকুৰ পৰা নিগৰা চকুলো মচা। এই কাৰ্য আমাৰ
কাৰণে সম্ভৱ নহ’বও পাৰে , কিন্তু যেতিয়ালৈ পীড়িতসকলৰ চকুলো শেষ হৈ নাযায় , তেতিয়ালৈ আমাৰ
কাম সম্পূৰ্ণ নহয়।

সেইবাবে আমি আমাৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ অধিক কষ্ট কৰিব লাগিব । যি
সপোন ভাৰতবৰ্ষৰ বাবে দেখা হ‘ব সেই সপোনেই সমগ্ৰ বিশ্বৰ বাবেও দেখা হ‘ব । সকলো
ৰাষ্ট্ৰ আৰু নাগৰিক আজি এটা আনটোৰ লগত জড়িত হৈ আছে , কোনোৱে নিজক পৃথক কৰি ৰখাৰ কথা
ভাবিব নোৱাৰে । পৃথিৱী এখনেই, ইয়াক পৃথক পৃথককৈ বিভাজন কৰিব নোৱাৰি।

ভাৰতৰ নাগৰিকৰ বাবে , যাৰ আমি প্ৰতিনিধি ,
আমি এই মহান উপলব্ধিত আস্থা আৰু বিশ্বাসৰ
লগতে আমাৰ লগত সহযোগ কৰাৰ বাবে সকলোকে অনুৰোধ জনালোঁ। এই সময় বেয়া তথা বিনাশকাৰী
কথা আলোচনা কৰাৰ নহয় , অথবা দুৰ্ভাৱনাৰ আৰু আনক দোষাৰোপ কৰাৰ সময়ো নহয় । আমি
স্বাধীন ভাৰতক এনেকুৱাকৈ গঢ়ি তুলিব লাগিব ,
য‘ত ভাৰত মাতৃৰ সকলো সন্তান থাকিব পাৰে।।

মাজৰাতিৰ
শেষত ১৫ আগষ্ট ১৯৪৭— সেই নিৰ্দিষ্ট দিনটো আহি পালে। সেইটো দিন যিটো নিয়তিৰ দ্বাৰা
ৰচনা কৰা হৈছিল – আৰু ভাৰতবৰ্ষই এটা দীঘল ৰাতি আৰু সংঘৰ্ষৰ পাছত সমুখলৈ চাই পুনঃ
জাগ্ৰত , মুক্ত আৰু স্বতন্ত্ৰ হৈ থিয় দিছে। কিছু পৰিমাণলৈ আমাৰ অতীতে এতিয়াও
আমাক সাৱটি আছে , আমি প্ৰায়ে যি যি প্ৰতিজ্ঞা কৰি আহিছোঁ, তাক সম্পূৰ্ণ
কৰিবৰ বাবে আমি কাম কৰিব লাগিব। এতিয়া নিৰ্ণয়ক বিন্দুও অতীত হৈ পৰিছে । আমাৰ বাবে
ইতিহাস আকৌ নতুন ৰূপত আৰম্ভ হৈছে, যি ইতিহাস আমি গঢ়ি তুলিম আৰু যাৰ কথা আনে লিপিবদ্ধ কৰিব।

এই সময় ভাৰতবাসীৰ বাবে, এই সময় এছিয়াৰ বাবে আৰু পৃথিৱীৰ বাবে সৌভাগ্যৰ ক্ষণ। এটা
নতুন নক্ষত্ৰৰ উদয় হৈছে, পূবফালে উদয় হোৱা এই স্বাধীনতাৰ নক্ষত্ৰই এক নতুন আশা লৈ
আহিছে আৰু এক পৰিপূৰ্ণ দৃষ্টিক সময়ৰ ৰূপ দিব। এই নক্ষত্ৰ কেতিয়াও অস্ত নহয় আৰু
আমাৰ আশা কেতিয়াও ভংগ নহয়।

আমি সেই স্বাধীনতাৰ আনন্দ ল‘ম, য‘ত আমাৰ চাৰিওফালে ক‘লা ডাৱৰ থাকিব, আমাৰ বহুলোকে
দুখত ব্যথিত হৈ থাকিব , আৰু কঠিন সমস্যাই আগুৰি ধৰি থাকিব। আনকি স্বাধীনতাৰ লগে
লগে দায়বদ্ধতা আৰু সমস্যাও আহিব আৰু আমি দায়বদ্ধতাৰে তাৰ সম্মুখীন হ‘ব লাগিব। এই
দিনটোত আমি সৰ্বপ্ৰথমে স্বাধীনতাৰ নির্মাণকাৰী , আমাৰ ৰাষ্ট্রপিতা মহাত্মা(গান্ধী)ক
নমন কৰিছো, যিয়ে স্বাধীনতাৰ অকাশদ্বীপ জ্বলালে, আমাৰ ওপৰত ছায়া হৈ থকা অন্ধকাৰ দূৰ কৰিলে আৰু ভাৰতৰ
হেৰুৱা গৌৰৱ ঘুৰাই আনিলে। আমি অবুজন হৈ প্ৰায়ে তেওঁৰ আদৰ্শৰ পৰা আঁতৰি যাওঁ, কিন্তু কেৱল
আমি নহয়, আনকি আহি থকা প্ৰজন্ময়ো তেওঁৰ আদৰ্শ মনত ৰাখিব আৰু ভাৰতৰ এই মহান
সুপুত্ৰৰ অদ্বিতীয় বিশ্বাস, শক্তি তথা সাহস আৰু বিনম্ৰতাক বুকুত চম্ভালি ৰাখিব।

যিমান ধুমুহা আহিলেও আমি কেতিয়াও এই স্বাধীনতাৰ অকাশদ্বীপ নুমোৱাব
নিদিওঁ, । আমি সেই অজ্ঞাত স্বয়ংসেৱক আৰু সৈনিক সকলকো স্মৰণ কৰিছোঁ, যিয়ে বিনা
প্ৰশংসা বা সন্মানৰ ইচ্ছা প্ৰকাশ নকৰাকৈ গোটেই জীৱন ভাৰতবৰ্ষৰ সেৱা কৰিলে।

আমি আমাৰ সেই ভাই ভনীৰ কাৰণেও চিন্তিত হৈ আছোঁ যি সকলে ৰাজনৈতিক সীমাৰ
বাবে আমাৰ পৰা বিচ্ছিন্ন হৈ পৰিল আৰু দুৰ্ভাগ্যবসতঃ বৰ্তমান লাভ কৰা স্বাধীনতাক
আমি ভগাই ল‘ব নোৱাৰো। যিয়েই নহওঁক কিয় তেওঁলোকে আমাৰ আছিল আৰু আমাৰ হৈ থাকিব । আমি
তেওঁলোকৰ ভাল বা বেয়া দিনবোৰ সমানে ভগাই ল‘ম।

ভৱিষ্যতে আমাৰ ফালে চাই আছে। আমি কোনফালে আগবাঢ়িম আৰু আমাৰ কি
প্ৰচেষ্টা হ‘ব ? ভাৰতৰ সাধাৰণ জনতা , খেতিয়ক আৰু শ্ৰমিকসকললৈ স্বাধীনতা আৰু সুযোগ অনাৰ বাবে, দৰিদ্ৰতা আৰু
অজ্ঞানতা তথা বেমাৰৰ সৈতে যুঁজিবলৈ আৰু তাক সমাপ্ত কৰিবলৈ , এক সমৃদ্ধ
গণতান্ত্ৰিক আৰু প্ৰগতিশীল ৰাষ্ট্ৰৰ নিৰ্মাণৰ কাৰণে, সামাজিক, আৰ্থিক আৰু
ৰাজনীতিক সংস্থান বনাব লাগিব । যিয়ে প্ৰত্যেকগৰাকী পুৰুষ আৰু মহিলাৰ ন্যায় আৰু
জীৱনৰ পৰিপূৰ্ণতাক নিশ্চিত কৰিব পাৰিব।

আমাৰ পৰৱৰ্ত্তী কামসমূহ কঠিন হ‘ব । আমাৰ মাজৰ কোনোৱে আৰাম কৰিব নোৱাৰিব , যেতিয়ালৈ আমি
আমাৰ প্ৰতিজ্ঞা পূৰ্ণ কৰিব নোৱাৰো, যেতিয়ালৈ আমি ভাৰতৰ সমগ্ৰ মানুহক তেওঁলোকৰ ভাগ্য ৰেখা
প্ৰাপ্ত কৰাই দিব নোৱাৰো। আমি সাহসিকতাৰে আহি থকা শ্ৰেণীৰ এক মহান দেশৰ নাগৰিক আৰু আমি উচ্চ মানাঙ্কত থিয় হ‘ব লাগিব। আমি
যি ধৰ্মৰেই নহওঁ কিয়, আমি সকলোৱে সমান ৰূপত , সমান অধিকাৰত , বিশেষাধিকাৰ
আৰু দ্বায়িত্বৰ লগতে ভাৰতৰ সন্তান। আমি সাম্প্ৰদায়িকতা বা সংকীৰ্ণতাক প্রোৎসাহিত
নকৰো। তেনে কোনো দেশেই মহান হ‘ব নোৱাৰে যি দেশৰ জনসাধাৰণৰ চিন্তা-ধাৰা সংকীৰ্ণ।

আমি পৃথিৱীৰ দেশ আৰু মানুহবোৰক আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ আৰু আমি
তেওঁলোকৰ লগত সহযোগ কৰি শান্তি, স্বাধীনতা , আৰু গণতন্ত্ৰক আগবঢ়াই নিবৰ বাবে আমি দৃঢ় প্ৰতিজ্ঞ।

আৰু ভাৰতৰ প্ৰাচীন , বিৰল আৰু সদায় নতুন স্ফূৰ্তি দিয়া আমাৰ মাতৃভূমিক
শ্ৰদ্ধাৰে নমন কৰিছোঁ আৰু আমি নতুন দিশৰ পৰা সহায় কৰিবলৈ সংকল্পবদ্ধ হৈছোঁ। জয় হিন্দ।

(সম্পাদকীয়
টোকাঃ জৱহৰলাল নেহেৰুয়ে ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে দেশবাসীক সম্বোধন কৰি এটা
ঐতিহাসিক ভাষণ প্ৰদান কৰিছিল। ভাৰতৰ ইতিহাসৰ দহটা মহান ভাষণৰ মাজত এই ভাষণটোৰ
স্থান অতি লেখত ল’বলগীয়া। স্বাধীন ভাৰত কিবোৰ নীতিৰ অধীনত পৰিচালিত হ’ব, ইয়াৰ দৰ্শন
কি সেইবোৰ কথা এই ভাষণটোত প্ৰতিফলিত হৈছিল।)