ফিডেল কাষ্ট্ৰ’ৰ চিঠি

Posted by : translatorsassam
July 1, 2020

চিঠি খন ১২ বছৰীয়া ফিডেল কাষ্ট্ৰই সেইসময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংক্লিন ৰুজভেল্টলৈ লিখিছিল। চিঠিৰ ভাষাই কনমাণি কাষ্ট্ৰৰ বৈপ্লৱিক চেতনাৰ আভাস বহন কৰিছে।
অনুবাদ :
দেৱাশ্ৰী বৰগোহাঁই
ছেণ্টিয়াগু দি কিউবা
নৱেম্বৰ ৬ ১৯৪০
মিষ্টাৰ ফ্ৰেংকলিন ৰুজভেল্ট,
ৰাষ্ট্ৰপতি সংযুক্ত ৰাষ্ট্ৰ
মোৰ প্ৰিয় বন্ধু ৰুজভেল্ট
মই ভালদৰে ইংৰাজী নাজানো,
কিন্তু তোমালৈ লিখাৰ জোখাৰে প্ৰয়োজনীয়
খিনি জানো । মই ৰেডিঅ
শুনি
ভাল পাওঁ আৰু মই বহু সুখী কাৰণ মই শুনিবলৈ পাইছো যে তুমি পুনৰ এটা কাৰ্যকালৰ বাবে
ৰাষ্ট্ৰপতি হ
বা
। মই বাৰ বছৰীয়া । মই এজন কিশোৰ যদিও মই যথেষ্ট চিন্তা কৰো
,
কিন্তু কাহানিও ভৱা নাছিলো যে সংযুক্ত
ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিলৈ মই লিখিম । যদি তুমি ভালপোৱা তেন্তে চিঠিৰ উত্তৰত সেউজীয়া
১০ আমেৰিকান ডলাৰ পঠিয়াবা
, কাৰণ
মই কেতিয়াও সেউজীয়া ১০ আমেৰিকান ডলাৰ দেখা পোৱা নাই আৰু মই তাৰ এখন মোৰ লগত থকাতো
বিচাৰো ।

মোৰ ঠিকনা:
চিনিয়ৰ ফিডেল কাষ্ট্ৰ
লেগিঅডি ডলৰেছ
ছেণ্টিয়াগু দি কিউবা
অৰিয়েণ্টে কিউবা

মই বৰ বেছি ইংৰাজী নাজানো কিন্তু
স্পেইনীজত সলসলীয়া আৰু মই ভাৱো তুমিও ভালকৈ স্পেইনীজ নাজানা কিন্তু ইংৰাজী ভালদৰে
জানা কাৰণ তুমি আমেৰিকান
, মই
আমেৰিকান নহয় ।

(
অশেষ ধন্যবাদ)

নমস্কাৰ । তোমাৰ বন্ধু
(
হস্তাক্ষৰ)
ফিডেল কাষ্ট্ৰ

তুমি যদি জাহাজ সাজিবলৈ লোহা বিচাৰিছা
তেনেহ
লে মই তোমাক
লোহাৰ ভূমিৰ সৰ্ববৃহৎ খনিটো দেখুৱাব পাৰো । সেইবোৰ মায়াৰি অৰিয়েণ্টে কিউবাত আছে ।

মূল চিঠিখনৰ ছবি

Popular Post

ঐতিহাসিক চিঠি