প্ৰেমৰ কবিতাঃ মই মনত পেলাওঁ তুমি যিদৰে আছিলা

Posted by : translatorsassam
February 14, 2021

 আপোনাৰ প্ৰিয়জনৰ সৈতে এই Valentine Dayটোক মধুৰ কৰি তোলক আৰু একেলগে পঢ়ক নেৰুডাৰ এটা প্ৰেমৰ কবিতাঃ

 

মই মনত পেলাওঁ তুমি যিদৰে আছিলা

মূল স্পেনিচঃ Veínte
poemas de amor y una canci
ón
desesperar
, পাবলনেৰুডা 

অনুবাদঃ অৱনী বুঢ়াগোহাঁই 



তুমি যোৱা হেমন্তত থকাৰ দৰেই
তোমাক মই মনত পেলাওঁ।

তুমি আছিলা ধূসৰ টুপী আৰু
স্পন্দনহীন অন্তৰ।

চকুত তোমাৰ মুনিচুনি পোহৰ

পোহৰৰ শিখাবোৰে যুঁজ কৰিছিল।

আৰু পাতবোৰ সৰিছিল তোমাৰ আত্মাৰ
জলৰাশিত।

 

লতা বগোৱাৰ দৰে মোৰ বাহুটো সাৱটি
পাতবোৰে তোমাৰ কণ্ঠক গোটাই লৈছিল
,

সেয়া ধীৰে ধীৰে আৰু সুস্থিৰ ভাৱে।

বিস্ময়ৰ বনজুইত মোৰ তৃষ্ণা
পুৰিছিল।

নীলৰঙী মেটেকা ফুলবোৰে মোৰ আত্মাত
পাক খাই ধৰিছিল।

 

মই গম পাইছো তোমাৰ দৃষ্টি ভ্ৰমণৰত, আৰু হেমন্তলৈ
বহুদূৰঃ

ধূসৰ টুপী, এটি চৰাইৰ
কণ্ঠ
, ঘৰ এটাৰ দৰে এক হৃদয়

যাৰ ফালে মোৰ গভীৰ হেঁপাহবোৰে
প্ৰব্ৰজন কৰিছিল

আৰু মোৰ চুমাবোৰ পৰি থাকিল, সুখী জলন্ত
অঙঠা হৈ।

 

জাহাজখনৰ পৰা আকাশখন।

পাহাৰখনৰ পৰা সমতলখন:

তোমাৰ স্মৃতি পোহৰে সজা, ধোঁৱাৰে সজা, নিস্পন্দ এটা পুখুৰীয়ে
সজা ।

চকুজুৰিৰ সিপাৰত, বহুদূৰত, সন্ধিয়াবোৰ
জ্বলিব ধৰিছে।

হেমন্তৰ শুকান পাতবোৰে তোমাৰ
অন্তৰৰ ভিতৰখনত পাকঘূৰণি খাইছে।

 

Popular Post

ঐতিহাসিক চিঠি