প্ৰস্তাৱনা লেখাঃ অনুবাদকৰ যন্ত্ৰণা আৰু ‘অনুবাদক’ প্ৰকল্প

Posted by : translator
May 20, 2020

প্ৰস্তাৱনা
লেখাঃ অনুবাদকৰ যন্ত্ৰণা আৰু
অনুবাদক প্ৰকল্প

মাধৱ কন্দলীয়ে ৰামায়ণ অনুবাদ কৰা কথাটো আমি যিমান গৌৰৱেৰে কওঁ, সিমান গৌৰৱেৰে আজিৰ সময়ত অসমীয়া সাহিত্যত এজন তৰুণ অনুবাদকে নিজকে অনুবাদক হিচাপে চিনাকী দিব নোৱাৰে। দৰাচলতে অসমীয়া সাহিত্যত এতিয়াও অনুবাদক এটা দ্বিতীয় শ্ৰেণীৰ সাহিত্য হিচাপেই ধৰা হয়, যাৰ বাবে অসমীয়া সাহিত্যত একনিষ্ঠ অনুবাদকৰ অভাৱ পৰিলক্ষিত হয়। বহুক্ষেত্ৰত অসমীয়া সাহিত্যত অনুবাদ হৈ পৰে ইতিমধ্যে সাহিত্যৰ অন্য খণ্ডত প্ৰতিষ্ঠা লাভ কৰা এচাম গ্লেমাৰাছ সাহিত্যিকৰ Time-Passৰ কাৰবাৰ!
আনহাতে বিশ্ব সাহিত্য ৰৈ থকা নাই। বৰ্তমানৰ যুগটোক তুলনামূলক সাহিত্যৰ যুগ বুলি কোৱা হয়। পৃথিৱীৰ অন্য ভাষাসমূহত ইতিমধ্যেই ব্যাপক হাৰত অনুবাদৰ কাম চলি আছে। ফলস্বৰূপে সেইসকল সৌভাগ্যৱান পাঠকে অন্য ভাষাৰ সাহিত্যৰ স্বাদ লাভ কৰাৰ লগতে নিজৰ ভাষাৰ সাহিত্যৰ সৈতে সিবোৰক তুলনা কৰিবলৈ সক্ষম হৈছে। কিন্তু তাৰ বিপৰীতে অসমীয়া ভাষাত অনুবাদ সাহিত্য তেনেই তাকৰীয়া। আজিও অসমীয়া সাহিত্যিকে পাবলু নেৰুডাৰ কবিতাকে অনুবাদ কৰি আছে, যি সময়ত পাশ্চাত্যৰ সাহিত্যই নেৰুডাৰ ফৰ্ম বা ধাৰাটোক কেতিয়াবাই এৰি থৈ উত্তৰ-আধুনিক ধাৰাৰ সাহিত্যৰ সম্পৰীক্ষাত ব্যস্ত হৈ আছে। এইটো অসমীয়া সাহিত্যৰ বাবে এটা অত্যন্ত দুখৰ বিষয় আৰু আমি ইয়াকেই অনুবাদকৰ যন্ত্ৰণা হিচাপে নামাকৰণ কৰিবলৈ বিচাৰিছোঁ।
অৱশ্যে সুখৰ কথা এয়ে যে বৰ্তমান সময়ত বহুকেইজন তৰুণ অনুবাদকে অত্যন্ত চিৰিয়াছকৈ অনুবাদৰ কামত নিজকে আত্মনিয়োগ কৰিছে। সেইসকল তৰুণ অনুবাদকক পৰিচয় কৰাই দিবলৈকে অনুবাদক শীৰ্ষক প্ৰকল্পটোৰ আৰম্ভ কৰিছোঁ। এই প্ৰকল্পটোত আমি পাঠকসকলক তৰুণ প্ৰজন্মৰ অনুবাদকসকলৰ সাহিত্যিক অনুবাদ কৰ্মৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে অসমৰ বিভিন্নজন প্ৰতিষ্ঠিত সমালোচক আৰু সাহিত্য বিচাৰকৰ দ্বাৰা তেওঁলোকৰ অনুবাদ প্ৰক্ৰিয়াৰ বিষয়ে মতামত জনাবলৈ চেষ্টা কৰিম। 
– কোকিল শইকীয়া, নিকু দুৱৰা, অৰুণাভ দেবেন্দ্ৰ কোঁৱৰ
সম্পাদক, অনুবাদক প্ৰকল্প

Popular Post

ঐতিহাসিক চিঠি