প্ৰভাতী প্রাৰ্থনা/ লুইচ গ্লাক

Posted by : translatorsassam
July 3, 2021

প্ৰভাতী
প্রাৰ্থনা

মূল:
লুইচ গ্লাক

অনুবাদ
: আফৰুজা আখতাৰ

 

আপুনি জানিব বিচাৰিছে  

সময়বোৰ মই কেনেদৰে অতিবাহিত কৰো?

সন্মুখৰ ল’ন খনত খোজ
কাঢ়ি কাঢ়ি

মই বন নিৰাই  থকাৰ ভাও
ধৰো

কিন্তু আপুনি বিশ্বাস কৰক

ফুলৰ বিচনাত নাচি থকা

ক্ল’ভাৰৰ গুচ্ছৰ মাজৰ পৰা এডালো বন মই টানি থকা নাই 

দৰাচলতে  কিছুমান প্ৰমাণ
সংগ্ৰহ কৰাৰ অৰ্থে

মই অলপ সাহসী হ’ব  বিচাৰিছো

ক্ল’ভাৰৰ গুচ্ছ তথা পাতবোৰৰ মাজতে হয়তো লুকাই আছে কিছুমান সাংকেতিক
চিহ্ন

যিয়ে চিৰদিনৰ বাবে সলনি কৰিব মোৰ জীৱন 

ইতিমধ্যে গ্ৰীষ্মকাল শেষ হৈ আহিছে 

পাতবোৰেও ৰূপ সলাইছে, ৰুগীয়া গছবোৰ  মৃত্যুমুখত

উজ্জ্বল হালধীয়া দুপৰীয়াটোত এন্ধাৰ ৰঙী চৰাই কেইটামানে প্ৰদৰ্শন
কৰিছে

সিহঁতৰ সংগীতৰ কাৰফিউ ।

আপুনি মোৰ হাত চাব বিচাৰিছে নেকি?

আগৰ দৰে  এতিয়াও  দুহাত খালী

আচলতে কোনো প্ৰত্যাশা, কোনো প্ৰমাণ অবিহনে চলিব পৰাটোৱে জীৱন

Popular Post

ঐতিহাসিক চিঠি