প্ৰবন্ধঃ চিনেমাৰ ৰাজকুমাৰ

Posted by : translatorsassam
May 29, 2020

চিনেমাৰ ৰাজকুমাৰ : প্ৰমথেশ বৰুৱা


মূল বাংলা:- প্ৰেমেন্দ্ৰ মজুমদাৰ
অনুবাদ:- মিণ্টুল হাজৰিকা
তেতিয়া দেশ বিভাজন হোৱা নাছিল৷ অবিভক্ত
বংগদেশ আৰু অবিভক্ত অসম দুখন শান্তিপ্ৰিয় প্ৰতিবেশী ৰাজ্য৷ এই দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী
অসমৰ অন্তৰ্গত গোৱালপাৰা জিলা আছিল এই দুই ৰাজ্যৰ সাংস্কৃতিক মিলনভূমি৷ ভাটিয়ালী গানৰ
সুৰত মতলীয়া বিশাল ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ এই মিলন সেঁতুয়ে জন্ম দিছিল বহুতো উপকথা
, সাধুকথা আৰু সাধুকথাৰ ৰজা-ৰাণী আৰু ৰাজকুমাৰ-ৰাজকুমাৰীসকলক ৷
ভাৰতীয় চিনেমা এই অসমভূমিৰ এনেকুৱা এজন সঁচা অৰ্থৰ ৰাজকুমাৰৰ ওচৰতেই চিৰঋণী হৈ আছে৷
প্ৰথমেশ চন্দ্ৰ বৰুৱা
সেইসময়ৰ গোৱালপাৰা জিলাৰ অন্যতম চহৰ ধুবুৰীৰ
ওচৰৰ ব্ৰহ্মপুত্ৰৰ এটা উপনদী হ
ল পাগলাদিয়া৷ তাৰ পাৰতেই
গৌৰীপুৰৰ বিশাল ৰাজহাউলি অৱস্থিত ৷ পৰ্বতীয় চট্টগ্ৰামৰ ৰঙামাটিৰ ৰজা প্ৰতাপ চন্দ্ৰ
বৰুৱাদেৱে এই ৰাজহাউলিৰ প্ৰতিষ্ঠা কৰিছিল৷ 
লোক প্ৰবাদ আছে যে
, তেওঁ হেনো তালৈ চিকাৰ
কৰিবলৈ আহি  তাৰ নৈসৰ্গিক দৃশ্যত মোহিত হৈ তেওঁৰ
আৰাধ্য দেৱী মহামায়া তথা গৌৰীৰ নামেৰে এটা মন্দিৰ স্থাপন কৰিছিল
; ফলত প্ৰতিষ্ঠিত হল নতুন ৰাজ্য
গৌৰীপুৰ৷ পৰৱৰ্তী সময়ত তেওঁ ৰাজধানী ইয়ালৈ বদলি কৰে আৰু গৌৰীপুৰৰ ৰাজহাউলি নিৰ্মাণ
কৰে৷ শিক্ষা
, সাহিত্য, সংস্কৃতি, সংগীত চৰ্চাকে আদি কৰি
চিকাৰৰ বাবেও গৌৰীপুৰৰ ৰাজপৰিয়ালৰ কৃতিত্ব চৌদিশে জনাজাত হৈ পৰে৷ পৰৱৰ্তী ৰজা প্ৰভাতচন্দ্ৰ
বৰুৱা আৰু ৰাণী সৰোজৱালাৰ জ্যেষ্ঠপুত্ৰ প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ জন্ম হয় ১৯০৩চনৰ ১০ অক্টোবৰত৷

পূৰ্ব পুৰুষৰ সকলো গুণ উত্তৰাধিকাৰী সূত্ৰে
ৰাজকুমাৰ প্ৰমথেশ চন্দ্ৰ বৰুৱাই লাভ কৰিছিল৷ আনকি ৰাজপৰিয়ালৰ ঐতিহ্যৰ প্ৰতি সন্মান
জনাই তেওঁ হাতীৰ পিঠিত উঠি সৈন্য-সামন্ত লৈ চিকাৰলৈয়ো গৈছিল
;  মাত্ৰ ১২ বছৰ বয়সত তেওঁ
বাঘ চিকাৰ কৰিছিল৷ কিন্তু কোমল হৃদয়ৰ অধিকাৰী এই ৰাজকুমাৰজন জীৱ হত্যাৰ ঘোৰ বিৰোধী
আৰু অত্যন্ত পশুপ্ৰেমী আছিল৷ গৌৰীপুৰৰ  ৰাজহাউলিৰ
হাতীশাল আছিল বিখ্যাত৷ কলকতাৰ ঘৰতো তেওঁৰ এটা পোহনীয়া ভালুক আৰু  অত্যন্ত প্ৰিয় দুটি পোহনীয়া কুকুৰ আছিল
, যাৰ এটি মৃত্যু হয় তেওঁৰ মৃত্যুৰ লগে লগে আৰু আনটোৰ পোন্ধৰ দিন
পিছতে মৃত্যু হয়৷

লিখা-পঢ়া শিকিবলৈ ৰাজকুমাৰ প্ৰমথেশ চন্দ্ৰ
বৰুৱাক কলকাতালৈ পঠোৱা হয়৷ কলকতাৰ হেয়াৰ স্কুলত তেওঁৰ নামভৰ্তি হয়৷ ১৯২৪ চনত কলকতাৰ
প্ৰেছিডেন্সী কলেজৰ পৰা তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে৷ তাৰ পিছত তেওঁ বিদেশলৈ
গুচি যায়৷ তাৰ পৰা উভতি আহি ৰাজনীতিত যোগদান কৰে৷ তেওঁ পণ্ডিত মতিলাল নেহৰু আৰু দেশবন্ধু
চিত্তৰঞ্জন দাসৰ স্বৰাজ দলৰ সদস্য পদ গ্ৰহণ কৰিলে৷ অসম ৰাজ্যপৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত
হৈ তেওঁ এজন দক্ষ ৰাজনীতিবিদ হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হয়৷ আনকি মন্ত্ৰীত্ব গ্ৰহণৰ
বাবেও তেওঁৰ ওচৰলৈ প্ৰস্তাৱ আহিছিল
, কিন্তু তেওঁ মান্তি হোৱা নাছিল৷ কিন্তু অসম বিধান সভাৰ সদস্য হিচাপে নিৰ্বাচিত
হৈছিল৷ স্বৰাজ দলৰ অসম শাখাৰ চীফ হুইপৰ পদতো কিছুদিন আছিল৷ কিন্তু মন্ত্ৰী নতুবা ৰাজনৈতিক
নেতা হোৱাটো তেওঁৰ জীৱনৰ উদ্দেশ্য নাছিল৷ সেয়েহে তেওঁ সক্ৰিয় ৰাজনীতি এৰি আঁতৰি আহিল৷

শান্তিনিকেতনত থকা সময়ত তেওঁৰ লগত পৰিচয়
হয় ডিজিৰ অৰ্থাৎ ধীৰেন্দ্ৰনাথ গাঙ্গুলিৰ৷ ১৯২৬ চনত প্ৰমথেশ চন্দ্ৰ বৰুৱাই ডিজিৰ বিখ্যাত
বৃটিছ ডোমিনিয়েল ফিল্মছ লিমিটেডৰ পৰিচালনা বৰ্ডৰ সদস্য হিচাপে
যোগ দিয়ে৷ ডিজিয়ে তেতিয়া
টাকায় কি না হয়” (১৯৩০) নামৰ এখন ছবিৰ নিৰ্মাণৰ কাম কৰি আছিল৷ প্ৰমথেশ চন্দ্ৰ
বৰুৱা এই ছবিখনৰ এটা পাৰ্টিৰ দৃশ্যত জুনিয়ৰ আৰ্টিষ্ট হিচাপে প্ৰথম কেমেৰাৰ মুখামুখি
ল৷ চিনেমাত তেওঁৰ প্ৰথম অভিনয় হল দেবকী বসুৰ পঞ্চশৰ‘ (১৯৩০) ছবিখনৰ জৰিয়তে৷ ঘটনাটো ঘটিছিল আকস্মিকভাৱে৷ প্ৰমথেশ চন্দ্ৰ
বৰুৱা বন্ধু দেবকী বসুৰ অনুৰোধত সেই ছবিখনৰ এজন অভিনেতাক বন্দুক ধৰাৰ কৌশল শিকাবলৈ
গৈছিল৷ সেই অভিনেতাজনে কোনোমতেই কামটো কেমেৰাৰ সন্মুখত কৰিব পৰা নাছিল৷ ৰাজকুমাৰ প্ৰমথেশ
চন্দ্ৰ বৰুৱাই সৰুতে বন্দুক চলাবলৈ শিকিছিল। শেষত বন্ধু দেবকী বসুৰ অনুৰোধত সেই অভিনেতাজনৰ
ঠাইত তেওঁ অভিনয় কৰিবলগা হ
ল৷
সেই একেই বছৰতে তেওঁৰ  বিদেশলৈ যাব লগা হল। এইবাৰ অৱশ্যে চিকিৎসাৰ বাবেহে৷ তাৰ পৰা পেৰিছলৈ৷ ৰবীন্দ্ৰনাথ
ঠাকুৰে লিখি দিয়া চিঠি লৈ তেওঁ
ফক্স ষ্টুডিঅৰ চিনেমাটোগ্ৰাফাৰ মঁছিয়ে ৰজাৰৰ ওচৰলৈ গল৷ উদ্দেশ্য আছিল তেওঁৰ ওচৰত কাম শিকিব , তেওঁ কাম শিকিলেও৷ উভতি আহি কেমেৰা আৰু পোহৰৰ নানান আহিলা-পাতি
কিনি কলকতাত নিজৰ ঘৰতে প্ৰতিষ্ঠা কৰিলে তেওঁৰ নিজস্ব প্ৰযোজনা সংস্থা
বৰুৱা ফিল্ম ইউনিট৷ নিজৰ এই কোম্পানীৰ বেনাৰতে প্ৰযোজনা কৰিলে তেওঁৰ প্ৰথম ছবি অপৰাধী” (১৯৩২)৷ এই ছবিখনত তেওঁ
নিজেই মুখ্য ভূমিকাত অভিনয় কৰিছিল। লগত আছিল ৰাধিকানন্দ মুখোপাধ্যায়
, সবিতা দেবী প্ৰমুখ্যে আৰু বহু কলা-কুশলী৷ পৰিচলনা কৰিছিল বন্ধু
দেবকী বসুয়ে৷

ভাৰতীয় চিনেমাৰ ইতিহাসত এই ছবিখন এক মাইলষ্টন হিচাপে স্বীকৃত৷ ইমানদিনে চিনেমাৰ শ্বুটিং হৈছিল সূৰ্য্যৰ
পোহৰত৷ ৰিফ্লেক্টৰ বা কাটাৰৰ সহায়ত সূৰ্য্যৰ পোহৰক নানানভাৱে নিয়ন্ত্ৰণ কৰা হৈছিল ছবি
নিৰ্মাণৰ বাবে৷ প্ৰমথেশ চন্দ্ৰ বৰুৱাই তেওঁৰ এই বোলছবিখনত প্ৰথম কৃত্ৰিম পোহৰ ব্যৱহাৰ
কৰিব বুলি সিদ্ধান্ত ল
লে৷ কাৰণ তেওঁ ফক্স ষ্টুডিঅত চিনেমা নিৰ্মাণৰ
এই কৌশল শিকি আহিছিল। সেয়েহে কৃত্ৰিম পোহৰত শ্বুটিং আৰম্ভ কৰা হ
ল৷ ফলস্বৰূপে ইমান দিনৰ প্ৰচলিত পদ্ধতিবোৰৰ সাল-সলনি কৰা হল৷ বিশেষকৈ সাজ-সজ্জা আৰু মেকআপৰ৷ কেৱল মাত্ৰ পোহৰকলৈ পৰীক্ষা-নিৰীক্ষা
কৰোতে খৰচ হৈ গ
ল প্ৰায় পঞ্চাশ হাজাৰ ফুট বহু মূল্যবান
নেগেটিভ৷ মেকআপকলৈ পৰীক্ষা কৰোঁতে খৰচ হ
ল প্ৰায় একহাজাৰ
ফুট নেগেটিভ৷ সেইসময়ত ইয়াৰ বজাৰ মূল্য বহু বেছি আছিল আৰু বিদেশৰ পৰাহে ইয়াক আমদানি
কৰি আনিব লাগিছিল৷ শেষত এই পৰীক্ষা সফল হ
ল৷ কৃত্ৰিম পোহৰত  নিৰ্মাণ কৰা চাৰে এঘাৰ হাজাৰ ফুটৰ কলা-বগা এই নিৰ্বাক
ছবিখনে মুক্তি লাভ কৰিলে উত্তৰ কলকতাৰ
চিত্ৰাছবিগৃহত ১৯৩১ চনৰ ২৮ নবেম্বৰৰ দিনা৷ সৃষ্টি হল ভাৰতীয় চিনেমাৰ এক নতুন ইতিহাস আৰু ইয়াৰ ৰূপকাৰ আছিল প্ৰমথেশ
চন্দ্ৰ বৰুৱা৷

বৰুৱা ফিল্ম ইউনিটৰ বেনাৰত ইয়াৰ পিছৰ বছৰত তেওঁ আৰু দুখন নিৰ্বাক ছবি প্ৰযোজনা
কৰিলে৷ প্ৰথমখন আছিল সুনীল মজুমদাৰৰ পৰিচালনাত
একদা”(১৯৩২) আৰু দ্বিতীয়টি দেবকী বসুৰ পৰিচালনাত নিশিৰ ডাক” (১৯৩২)৷ প্ৰথমখন দুটা
ৰিলৰ আৰু  দ্বিতীয়খন আঠটা ৰিলৰ৷ দুয়োখন একেলগে
কলকতাৰ
চিত্ৰাছবিগৃহত ১৯৩২ চনৰ ২৩
এপ্ৰিল তাৰিখে মুক্তি দিয়া হয়৷ এই দুখন চিনেমাত অৱশ্যে তেওঁ অভিনয় কৰা নাছিল৷

ঠিক এই সময়তে টকিঅৰ্থাৎ সবাক ছবিৰ নিৰ্মাণ
আৰম্ভ হৈছিল৷ চিনেমাত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰতি তেওঁ বৰ আগ্ৰহী আছিল৷ তেতিয়া
তেওঁৰ প্ৰযোজনা সংস্থাৰ নতুন নাম দিছিল
বৰুৱা পিকচাৰ্ছ৷ এই সংস্থাৰ বেনাৰত আৰু নিজৰ প্ৰযোজনাত প্ৰমথেশ চন্দ্ৰ বৰুৱাই
নিৰ্মাণ কৰিলে তেওঁৰ প্ৰথম টকি ফিল্ম
বেঙ্গল-১৯৮৩” (১৯৩২)৷ তেওঁ নিজে ছবিখন পৰিচালনা কৰাৰ লগতে মুখ্য চৰিত্ৰত অভিনয়ো
কৰিছিল৷ কলকতাৰ
ৰূপবানীছবিগৃহত ১৯৩২ চনৰ ১২ ডিচেম্বৰ তাৰিখে স্বয়ং ৰবীন্দ্ৰনাথ ঠাকুৰে
নিজ হাতে ছবিখন আনুষ্ঠানিকভাৱে  মুক্তি দিছিল৷
কিন্তু দুৰ্ভাগ্যৰ কথা ছবিখন বানিজ্যিকভাৱে সফল হ
ব পৰা নাছিল৷ যাৰ ফলত প্ৰমথেশ চন্দ্ৰ বৰুৱাই আৰ্থিক সংকটৰ মুখামুখি হৈ প্ৰযোজনা
সংস্থাটি বন্ধ কৰি দিবলৈ বাধ্য হৈছিল৷

কিছু বছৰ আগত,  ১৯৩১ চনৰ ১০ ফেব্ৰুৱাৰী
তাৰিখে বীৰেন্দ্ৰ নাথ সৰকাৰে কলকতা চহৰৰ দক্ষিণে
নিউ থিয়েটাৰনামেৰে এটা আধুনিক ষ্টুডিঅৰ নিৰ্মাণ কৰিছিল৷ তেওঁলোকে ইতিমধ্যে বহু কেইখন  ছবি নিৰ্মাণ কৰিছিল৷ ইয়াৰ ভিতৰত প্ৰমথেশ চন্দ্ৰ
বৰুৱাৰ বন্ধু দেবকী বসুৰ
চন্ডীদাস” (১৯৩২ ) ছবিখনে সাংঘাতিকভাৱে জনপ্ৰিয়তা লাভ কৰিছিল৷ প্ৰযোজনাৰ
কামত ব্যৰ্থ হ
লেও চিত্ৰনাট্য ৰচনাকে আদি কৰি পৰিচালনা, চিনেমাটোগ্ৰাফী, ইডিটিং, অভিনয় আদি চিনেমাৰ এনে কোনো বিভাগ নাই
ত প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ প্ৰতিভা আৰু দক্ষতাকলৈ সন্দেহ কৰা যায়৷
বি.এন সৰকাৰ আছিল প্ৰকৃত সোণাৰী
, সোণ চিনোতে তেওঁৰ ভুল
হোৱা নাছিল৷ তাৰোপৰি ৰাজকুমাৰ প্ৰমথেশ তেওঁৰ সৰু ভায়েকৰ সহপাঠী আছিল৷ বীৰেন্দ্ৰ নাথ
চৰকাৰে প্ৰমথেশক
নিউ থিয়েটাৰত যোগ দিবলৈ আমন্ত্ৰণ জনালে৷ ১৯৩৩ চনত তেওঁ নিউ থিয়েটাৰত যোগ দিলে৷
আৰম্ভ হ
ল ৰাজকুমাৰৰ জীৱনৰ এক নতুন অধ্যায়৷ উল্লেখযোগ্য যে ভাৰতীয় চিনেমাৰ
ইতিহাসতো এক নতুন অধ্যায়ৰ সূচনা হ
ল৷

নিউ থিয়েটাৰত প্ৰমথেশৰ প্ৰথম ছবি ৰূপলেখা” (১৯৩৪ )৷ কলা-বগা এই সবাক ছবিখন
তেওঁ যে কেৱল পৰিচালনা কৰিছিল তেনে নহয়
, নায়িকা উমা শশীৰ বিপৰীতে নায়কৰ চৰিত্ৰত অভিনয়ো কৰিছিল৷ এইখনেই প্ৰথম ভাৰতীয় ছবি
ত ফ্ল্যাছ ব্যাক (Flash Back) পদ্ধতি ব্যৱহাৰ কৰা হৈছিল৷
কেৱল বঙালীয়ে নহয়, ভাৰতৰ আন কোনো ভাষাৰ 
কোনো সাহিত্যিকৰ কোনো চৰিত্ৰ আজিলৈকে দেৱদাসৰ দৰে ইমান জনপ্ৰিয়তা লাভ কৰিবলৈ
সক্ষম হোৱা নাই৷  সেইটো সম্ভৱ হৈছিল কেৱল প্ৰমথেশ
চন্দ্ৰ বৰুৱাৰ বাবেহে৷ জমিদাৰ পুত্ৰ প্ৰেমিক দেৱদাসৰ স
তে বাস্তৱ জীৱনৰ সঁচা প্ৰেমিক ৰাজকুমাৰ প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ
এক বিস্ময়কৰ মিল দেখা গৈছিল
, যিটোয়ে দেৱদাস চৰিত্ৰটিক
অমৰ কৰি তুলিছিল৷ আনকি চিনেমাখন চাই স্বয়ং শৰৎচন্দ্ৰই প্ৰমথেশ চন্দ্ৰ বৰুৱাক ক
বলৈ বাধ্য হৈছিল, “মই দেৱদাস লিখিছিলো হয়তো তোমাৰ কথাকে ভাবি, আজি ভাব হৈছে কাহিনীটো লিখা মোৰ সাৰ্থক হৈছে৷উপন্যাসৰ পৰা ফালৰি কাটি প্ৰমথেশ চন্দ্ৰ বৰুৱাই এই ছবিখনৰ কাৰণে বেলেগকৈ চিত্ৰভাষা
নিৰ্মাণ কৰিছিল৷ প্ৰমথেশৰ পৰিচালনা আৰু অভিনয়ত
নিউ থিয়েটাৰদেৱদাস” (১৯৩৫)-এ এখন অবিস্মৰণীয়
চলচ্চিত্ৰৰূপে পৰিচয় লাভ কৰিলে৷ দেৱদাস কেৱল যেন এখন চিনেমা নহয়
, চিনেমাৰ নিজস্ব ভাষা আৰু ব্যাকৰণৰ সাৰ্থক প্ৰয়োগটো প্ৰমথেশে
এই ছবিখনত চলচ্চিত্ৰ পণ্ডিতসকলক বিস্মিত কৰি পেলাইছিল৷ চিনেমাৰ এই কেঁচুৱা অৱস্থাৰ
সময়ত মন্তাজ
, ক্লজ আপ,
ওয়াইপ, ডিছল্ভ, ফেড-ইন, ফেড -আউট, ফ্লাছ ব্যাক, টেলিপ্যাথিক শ্বট, ইণ্টাৰকাট ইত্যাদি নানাবিধ
চিনেমাটিক টেকনিকৰ সফল প্ৰয়োগ কৰি প্ৰমথেশ চন্দ্ৰ বৰুৱাই  বুজাই দিলে যে ভাৰতীয় চিনেমাৰ ইতিহাসত তেওঁৰ অৱদান
চিৰদিন মনত ৰাখিবলীয়া৷

দেৱদাসৰ বিপুল বাণিজ্যিক  সফলতাত উৎসাহিত হৈ বীৰেন্দ্ৰ নাথ চৰকাৰে ঠিক কৰিলে
যে
নিউ থিয়েটাৰে এইবাৰ ইয়াৰ
হিন্দী সংস্কৰণ নিৰ্মাণ কৰিব৷ কিন্তু হিন্দী ভাষাত সংলাপ কওঁতে প্ৰমথেশৰ কিছু সমস্যা
হৈছিল৷

তেওঁ নিজে পৰিচালনাৰ দায়িত্বত থাকি তেওঁৰে
পৰামৰ্শত ষ্টুডিঅ
ৰ মাহে দুশটকীয়া বেতনত
গায়ক হিচাপে কাম কৰা কুন্দন লাল সায়গলক দেৱদাসৰ চৰিত্ৰটি কৰিবলৈ দিয়া হ
ল৷ পিছৰ বছৰতে ছবিখনে মুক্তি লাভ কৰিলে৷ সমগ্ৰ দেশতে ছবিখনে
বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হ
ল৷ এই ছবিখনৰ
সফলতাই কে.এল সায়গলক তাৰকাত পৰিণত কৰিলে৷

নিউ থিয়েটাৰৰ বেনাৰত শৰৎচন্দ্ৰৰ কাহিনীৰে প্ৰমথেশ চন্দ্ৰ বৰুৱাই ইয়াৰ পিছত
নিৰ্মাণ কৰিলে
গৃহদাস”(১৯৩৬)৷ মুখ্য ভূমিকাত অভিনয় কৰিলে তেওঁ নিজে আৰু তেওঁৰ বিপৰীত
চৰিত্ৰত যমুনা বৰুৱা আৰু মলিনা দেবীয়ে অভিনয় কৰিছিল৷  এইখন ছবিয়েও জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল৷
পিছৰ ছবি
মুক্তি”( ১৯৩৭) আৰম্ভ হল এক অভিনৱ চিত্ৰভাষাৰ
প্ৰয়োগৰে৷ ছবিখনৰ নামটো আৰম্ভ হোৱাৰ লগে লগে দেখা গ
ল প্ৰমথেশ চন্দ্ৰ বৰুৱাই এখনৰ পিছত সিখনকৈ দুৱাৰ খুলি খুলি আগুৱাই গৈছে৷ এনেকুৱা
দৃশ্যৰ ব্যৱহাৰ সেইসময়ত হলিউডৰ চিনেমাটো কেতিয়াও দেখা পোৱা নগৈছিল৷ এইবোৰ দৃশ্যকল্পৰ
নিৰ্মাণ কৰাটো আছিল তেওঁৰ চিনেমাক লৈ নিজস্ব চিন্তা ভাৱনাৰ ফল৷
মুক্তিচিনেমাখনতে প্ৰমথেশ
চন্দ্ৰ বৰুৱাই কেমেৰালৈ বাহিৰলৈ ওলাল
; চিনেমাখনৰ এটা ডাঙৰ অংশৰ শ্বট লোৱা হয় অসমৰ মনোৰম প্ৰাকৃতিক প্ৰেক্ষাপটত৷ বৰুৱা
চাহাবৰ প্ৰিয় হাতী জংবাহাদুৰেও এই ছবিখনত অভিনয় কৰিছিল৷ এই ছবিখনৰ আন এটি মহৎ বৈশিষ্ট্য
ল প্ৰমথেশৰ উৎসাহত  ইয়াতেই
প্ৰথম ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা আৰু গানৰ সাৰ্থক প্ৰয়োগ ঘটে৷ এই ছবিখনতে ৰবীন্দ্ৰনাথ
ঠাকুৰৰ কবিতা
দিনেৰ শেষে ঘুমেৰ দেশেৰ পংকজ মল্লিকে সুৰ দি গীত হিচাপে প্ৰস্তুত কৰে আৰু নিজেও কণ্ঠ
প্ৰদান কৰে৷ চিনেমাত প্ৰমথেশেই প্ৰথমে ৰবীন্দ্ৰনাথৰ গীতৰ সাৰ্থক প্ৰয়োগ কৰে৷ 
মুক্তিআমি কান পেতে ৰইবা আজ সবাৰ ৰঙে ৰঙ মেশাতে
হবে

নতুবা অধিকাৰ’ (১৯৩৯)ত মৰণেৰ মুখে ৰেখে দূৰে
যাও চলে

আজিও অবিস্মৰণীয় হৈ আছে৷

ভাৰতীয় চিনেমাৰ প্ৰথম সাৰ্থক কমেডি ছবি
ৰজত জয়ন্তী’ (১৯৩৯)ৰ প্ৰথম স্ৰষ্টা গৰাকী হল প্ৰমথেশ চন্দ্ৰ
বৰুৱা৷ ছবিখনৰ নায়কো তেঁৱে আছিল৷ লগত আছিল মলিনা দেবী
, মেনকা দেবী আৰু পাহাৰী সান্যাল৷ এই ছবিখনেও বিপুল জনপ্ৰিয়তা
লাভ কৰিবলৈ সক্ষম হৈছিল৷ দুখৰ বিষয় এয়ে যে এইখনেই আছিল নিউ থিয়েটাৰৰ শেষ ছবি৷ ১৯৪০
চনত তেওঁ
কৃষণ মুভিটোনষ্টুডিঅলৈ গুছি যায় আৰু তাৰ
পৰাই নিৰ্মাণ কৰিলে
শাপমুক্তি” (১৯৪০) নামৰ ছবিখন৷ এই ছবিখনত তেওঁৰ ৰাট-শ্বটটেকনিকৰ ব্যৱহাৰক বিখ্যাত
ফৰাছী ফিল্ম চলচ্চিত্ৰ সমালোচক জৰ্জ শাদুলেও ভূয়সী প্ৰশংসা কৰিছিল৷ ইয়াৰ পিছৰ বছৰত
তেওঁ
এম পি প্ৰডাকচনলৈ গল আৰু তাৰ পৰাই তেওঁ 
মায়েৰ প্ৰাণ” (১৯৪১), “উত্তৰায়ন” (১৯৪১) আৰু শেষ উত্তৰ” (১৯৪২) নামৰ তিনিখন ছবি নিৰ্মাণ কৰিলে৷ শেষ উত্তৰত তেওঁৰ বিপৰীত চৰিত্ৰত
অভিনয় কৰিছিল কানন দেবী আৰু যমুনা বৰুৱাই৷ এইখন ছবিয়েও জনপ্ৰিয়তা লাভ কৰিছিল৷ বিশেষকৈ
এই ছবিখনত কমল দাসগুপ্তৰ সুৰত কানন দেবীয়ে গোৱা গীতসমূহ বাংলা ছবিৰ অমূল্য সম্পদ৷ ইয়াৰ
পিছত বৰুৱা চাহাবে
চাঁদেৰ কলংক‘ (১৯৪৪) নামৰ আৰু এখন মাত্ৰ বাংলা ছবি নিৰ্মাণ কৰিলে৷ পিছৰ ছবি
মায়া কাননৰ কাম তেওঁ শেষ কৰিবলৈ
নাপালে৷ বঙালী চিনেমাৰ উপৰিও মুঠ চৈধ্যখন হিন্দী চিনেমাও তেওঁ নিৰ্মাণ কৰিছিল৷ অধিকাংশ
চিনেমাই আছিল ডাবল-ভাৰ্ছন৷

প্ৰমথেশ চন্দ্ৰ বৰুৱাই চিনেমাত প্ৰথম
কৃত্ৰিম পোহৰৰ ব্যৱহাৰ
, প্ৰথম আউটড  শ্বুটিঙৰ উপৰিও টেকনিক
লৈ নানান ধৰণৰ পৰীক্ষা-নিৰীক্ষা কৰিবলৈ পছন্দ কৰিছিল ৷ তেতিয়া ডাঙৰ ডাঙৰ আৰু গধুৰ আটাইবোৰ
পোহৰৰ ষ্টেণ্ড মাটিত থৈ কাম কৰিব লগা হৈছিল৷ বৰুৱা ডাঙৰীয়াই প্ৰথম ওখ প্লেটফৰ্ম বনাই
তাৰ ওপৰত পোহৰ থৈ  কাম কৰিবলৈ আৰম্ভ কৰিলে৷
এখন চিনেমাত তেওঁ পাইপ এডালেৰে বগাই  চাৰিতলাত
উঠাৰ কথা
;
তেওঁ হৈছে এজন আচল ৰাজকুমাৰ, তদুপৰি এজন চুপাৰষ্টাৰ তেওঁ কেনেকৈ পাইপ বগাই উঠিব? ইয়াৰ উপায় তেওঁ নিজেই উলিয়ালে৷ চাৰিতলাৰ সম্পূৰ্ণ ছেটটোকে তেওঁ
ষ্টুডিঅ
ৰ মজিয়াত শুৱাই দিলে৷ মাটিত গাঁত খান্দি,তাত এনেকুৱাকৈ কেমেৰা ৰখা হল যে তাৰ লেন্সখন ঘৰটোৰ বেৰৰ সমানত থাকে৷ 
তাৰপিছত বৰুৱা ডাঙৰীয়াই পাইপত ধৰি বগোৱা বাই এতলাৰ পৰা চাৰিতলালৈ আগুৱাই গ
ল৷ তেওঁৰ লগে-লগে কেমেৰায়েও  তেওঁক অনুসৰণ কৰি থাকিল৷ সৃষ্টি হল এক নতুন টেকনিকৰ৷

প্ৰমথেশ চন্দ্ৰ বৰুৱা এজন অত্যন্ত ভাল
শিক্ষক আছিল৷ চিনেমাৰ বিভিন্ন বিভাগত তেওঁ শিক্ষাৰ্থীক হাতত ধৰি কাম শিকাইছিল৷ তাৰ
ভিতৰত কিছুমানে পৰৱৰ্তী সময়ত যথেষ্ট সু-খ্যাতি লাভ কৰিছে৷ ব্যক্তিগত জীৱনত দেৱদাসৰ
লগত তেওঁৰ জীৱনৰ বহু মিল থকা দেখা গ
লেও কৰ্ম জীৱনত
তেওঁ অত্যন্ত নিয়মানুৱৰ্তিতা মানি চলিছিল৷ ষ্টুডিঅ
ত সকলোৱে তেওঁক চাহাববুলি সম্বোধন কৰিছিল৷ ঠিক আঠ বজাৰ লগে-লগে ষ্টুডিঅলৈ গৈয়েই কাম আৰম্ভ কৰি দিছিল৷ ন বজাৰ ভিতৰত প্ৰথম শ্বট লৈছিল৷
ঠিক এক বজাত দুপৰীয়াৰ আহাৰ আৰু আবেলি পাঁচ বজাত কাম শেষ কৰিছিল৷ কোনোদিন এই নিয়ম-নীতিৰ
সাল-সলনি হোৱা নাছিল৷ তেওঁ নিজেই পোহৰ
, কেমেৰা, ছেট ইত্যাদিৰ তদাৰক কৰিছিল৷ তেওঁৰ ছেটত
কথা কোৱা
,
গল্প-গুজৱ কৰা কঠোৰভাৱে নিষিদ্ধ আছিল৷ কিন্তু ষ্টুডিঅৰ কৰ্মীসকলৰ অভাৱ-অভিযোগ আৰু দাবী সম্পৰ্কে তেওঁ অত্যন্ত সহানুভূতি
প্ৰদৰ্শন কৰিছিল৷ এইবাবেই তোঁ ষ্টুডিঅ
কৰ্মীসকলৰ ট্ৰেড ইউনিয়ন চিনে টেকনিচিয়ান এচোছিয়েচন
অৱ বেঙ্গল
ৰ সভাপতি নিৰ্বাচিত হৈছিল আৰু সেই ভূমিকাত
অত্যন্ত জনপ্ৰিয় হৈ পৰিছিল
; কেৱলমাত্ৰ তেওঁৰ আন্তৰিক
সদিচ্ছা আৰু ঐকান্তিক প্ৰচেষ্টাৰ বাবে৷

তেওঁ ৰতন ঘাইৰ পৰা আৰম্ভ কৰি  উমাশশী, যমুনা দেৱী, চন্দ্ৰাৱতী দেৱী, কানন দেৱী, মেনকা দেৱী, ৰাজলক্ষী, চিতাৰা দেৱী আদি বহু
খ্যাতিমান নায়িকাৰ লগত পৰিচালক আৰু নায়ক হিচাপে কাম কৰিছিল৷ ৰাজপৰিয়ালৰ নিয়ম অনুসৰি
মাত্ৰ ১৮ বছৰ বয়সত তেওঁৰ প্ৰথম বিবাহ হয়৷ তৃতীয়বাৰ বিয়া কৰাই যমুনা দেৱীক৷ মাজে মাজে
তেওঁ অতিৰিক্ত কামৰ হেঁচাত অসুস্থ হৈ পৰিছিল৷ বিদেশত চিকিৎসা কৰাবলৈয়ো গৈছিলে৷ শেষ
পৰ্যান্ত ৰোগৰ আক্ৰমণ সহিব নোৱাৰি ১৯৫১ চনৰ ২৯ নৱেম্বৰৰ দিনা মাত্ৰ ৪৮ বছৰ বয়সত প্ৰমথেশ
চন্দ্ৰ বৰুৱাৰ পৰলোকপ্ৰাপ্তি হয়৷ শেষ ইচ্ছানুসাৰে তেওঁৰ মৃতদেহ নিউ থিয়েটাৰৰ প্ৰতিষ্ঠাতা
বীৰেন্দ্ৰ নাথ চৰকাৰৰ বাসগৃহৰ সন্মুখেৰে লৈ যোৱা হয়৷ বীৰেন্দ্ৰ নাথ সেই সময়ত নিজেও
খুব অসুস্থ আৰু শয্যাশায়ী হৈ আছিল৷ তেনে অৱস্থাতে তেওঁ খিৰিকিমুখলৈ আহি তেওঁৰ প্ৰিয়
বন্ধুক বিদায় জনাইছিল৷ প্ৰমথেশ চন্দ্ৰ বৰুৱা গুছি গ
,
অমৰ হৈ ৰল তেওঁৰ দেৱদাস৷ ভাৰতীয়
চিনেমাৰ ইতিহাসে দেৱদাসৰ প্ৰথম নায়কক চিৰদিন মনত ৰাখিব৷

Popular Post

ঐতিহাসিক চিঠি