জৱাহৰলাল নেহেৰুৱে জীয়ৰীলৈ লিখা দুখন চিঠি

Posted by : translatorsassam
June 4, 2020
 জৱাহৰলাল নেহেৰুৱে জীয়ৰীলৈ লিখা দুখন চিঠি


 অনুবাদ-হিৰণময়ী দলে


প্ৰথমখন চিঠি – প্ৰকৃতিৰ গ্ৰন্থ

যেতিয়া
আমি একেলগে থাকোঁ
, তুমি প্ৰায়ে বিভিন্ন বিষয় লৈ মোক  প্ৰশ্ন কৰা আৰু মই  সদায়  উত্তৰবোৰ দিবলৈ  যত্ন  কৰোঁ। যিহেতু এতিয়া তুমি  মছৌৰিত আছা আৰু মই  এলাহাবাদত আমি এতিয়া আগৰ দৰে  কথা পাতিব নোৱাৰিম সেয়ে এতিয়া মই সময়ে সময়ে  এইদৰেই  মানৱ ইতিহাসৰ,ভিন্ন  দেশসমূহৰ লগতে এই মনোমোহা পৃথিৱীখনৰ বহু সৰু-বৰ কাহিনী
চিঠিৰ জৰিয়তে কৈ যাম
 তুমি ইংৰাজ আৰু ভাৰত বুৰঞ্জী কিছু পঢ়িছাইংলেণ্ড,কেৱল  এটি
সৰু দ্বীপ আৰু ভাৰত
,এখন ডাঙৰ  দেশ যদিও এই দুয়ো বৃহৎ পৃথিৱীখনৰ  এটি এটি  সৰু অংশহে মাথোঁ গতিকে আমি এই বৃহৎ পৃথিৱীখনৰ বিষয়ে জানিবলৈ কেৱল আমাৰ জন্মভূমিৰ কথা জানিলেই
নহ
আমি এই বৃহৎ ভূখণ্ডৰ সমূহ দেশ আৰু ইয়াৰ আবাদীসকলক সামৰি

লাগিব
দুঃখিত যে এই চিঠিখনৰ জৰিয়তে মই তোমাক খুব কম কথাহে জনাব
পাৰিম
 কিন্তু মই আশা কৰোঁ ইয়ে তোমাক সমগ্ৰ
পৃথিৱীৰ প্ৰতি আগ্ৰহী আৰু সমগ্ৰ মানৱজাতিৰ প্ৰতি ভাতৃত্ববোধ গঢ়ি তুলাত সহায় কৰিব
 যেতিয়া তুমি ডাঙৰ হবা নিশ্চয় বহু বিষয়ৰ কিতাপ পঢ়িবলৈ পাবা; কিন্তু তুমি দেখিবা যে আন উপন্যাস বা কাহিনীবোৰতকৈ এই
সুন্দৰ
 পৃথিৱীখনৰ কাহিনীবোৰ বেছি আমোদজনক।
তুমি নিশ্চয় জানা যে আমাৰ পৃথিৱীখন হাজাৰ হাজাৰ বছৰ পুৰণি,ত বহু বছৰলৈ  মানুহৰ বসতি নাছিল মানুহৰ আগতে ইয়াত নানা ধৰণৰ জীৱ-জন্তুৱে বাস কৰিছিল তাৰো আগত পৃথিৱীত জীৱ জগতৰ আৱিৰ্ভাবেই হোৱা নাছিল গতিকে বৰ্তমানৰ জীৱজগতেৰে ভৰপূৰ পৃথিৱীখনৰ জীৱবিহীন অৱস্থা এটি কল্পনা কৰাও
আমাৰ বাবে কঠিন
 বৈজ্ঞানিক আৰু এই বিষয়ে অধ্যয়ন কৰা
লোকসকলে কয়
 প্ৰথমাৱস্থাত পৃথিৱীখন অতিপাত উত্তপ্ত আৰু জীৱকূলৰ বাবে প্ৰতিকূল আছিলতেওঁলোকৰ কিতাপ তথা শিল আৰু জীৱাশ্ম(মৃত জীৱৰ অৱশিষ্ট)ৰ ওপৰত কৰা গৱেষণাৰ বিষয়ে অধ্যয়ন কৰিলে
তেওঁলোকে কৈ যোৱা কথাবোৰ আমি
  নিজেই উপলব্ধি কৰিবলৈ সক্ষম হ
তুমি এই কথাবোৰ ইতিহাসত পঢ়িছা কিন্তু যেতিয়া মানুহৰ বসতি নাছিল তেতিয়া নিশ্চয় কিতাপো নাছিল তেতিয়া কি হৈছিল আমি বাৰু কেনেকৈ জানিব
পাৰিম
?আমি
একে
  সময়তে সকলো কথা জনাটো সম্ভৱ নহয় কিন্তু  ই বৰ আমোদজনক হব যেতিয়া আমি মনে বিচৰা  যিকোনো বিষয়ে কল্পনা কৰিব পাৰিম আৰু তাক
সাধু কথালৈ গঢ় দিম
 কিন্তু এই সাধু কেতিয়াও সত্য হব নোৱাৰে , যিহেতু ই আমি দেখা পোৱা বাস্তৱ আধাৰিত নহয় যদিও আমাৰ সেই সময়ত লিখিত কোনো কিতাপ নাই,তথাপি আমাৰ চৌপাশে এনে কিছু  উৎস আছে যিয়ে আমাক প্ৰায় এখন কিতাপৰ
সমানেই জ্ঞান দিয়ে
যাক আমি আদিম পৃথিৱীৰ গ্ৰন্থ বুলিও ক  পাৰোঁ সেই গ্ৰন্থ হল-প্ৰকৃতি ইয়াৰ পাহাৰপৰ্বত, সাগৰমহাসাগৰ,শিলবালি,জোন-বেলি-তৰা, জীৱাশ্ম আদি আৰু এটি কথা তোমাক  জনাব খোজো, এই কাহিনী বুজিবলৈ কেৱল লিখিত কিতাপ পঢ়াই যথেষ্ট নহয়, ইয়াক বুজিবলৈ আমি প্ৰকৃতিৰ বুকুত খোদিত কিতাপখনৰ  সংস্পৰ্শলৈ আহিব লাগিব আশা কৰোঁ অতি শীঘ্ৰেই তুমি প্ৰকৃতিৰ  পৰা কাহিনীবোৰ  আয়ত্ব কৰিবলৈ শিকিবা ভাবাচোন ই কিমান ৰোমাঞ্চকৰ! পাহাৰটোৰ দাতিত অথবা ৰাস্তাৰ কাষত পৰি থকা প্ৰতিটো সৰু-বৰ  শিলেই হয়তো প্ৰকৃতি গ্ৰন্থখনিৰ  একো একোটা পৃষ্ঠা আৰু ই পৃথিৱীখনৰ বহু
ৰহস্য তোমাৰ আগত দাঙি ধৰিব যদিহে
  তুমি ইয়াক পঢ়িব জানাযিদৰে
এটা ভাষা পঢ়িবলৈ প্ৰথমে তাৰ বৰ্ণ পৰিচয়
  জৰুৰী  সেইদৰে
প্ৰকৃতিক পঢ়িবলৈও প্ৰকৃতিৰ বৰ্ণ পৰিচয় অতি জৰুৰী
 ইতিমধ্যে তুমি এই বিষয়ে কিছু জানা
যেতিয়া তুমি এটি উজ্জ্বল নিমজ পাথৰ দেখা,ই তোমাক একো নকয় নে? ই কেনেকৈ ইমান নিমজ আৰু ঘূৰণীয়া? যদি তুমি ডাঙৰ শিল এটাক সৰুকৈ ভাঙা ইয়াৰ প্ৰতিটো টুকুৰাই
এটি খহতা অমসৃণ শিল হ
 ,প্ৰথমাৱস্থাত  কোনোটোৱে মসৃণ নহয় তেন্তে  কিদৰে  ই ইমান নিমজ আৰু উজ্বল হ? যদিহে তোমাৰ আগ্ৰহ থাকে ই তোমাক নিজৰ কাহিনী  অতি সুন্দৰকৈ বৰ্ণনা কৰিব ই তোমাক ক অসময়ত,হয়তো বহু বছৰৰ আগতে ইয়ো অমসৃণ শিলৰ এটা টুকুৰা আছিল ঠিক
তুমি এটি ডাঙৰ শিল ভাঙিলে হোৱা টুকুৰাবোৰৰ সদৃশ আৰু ই বহু দিন ধৰি পাহাৰৰ খাজ
, দাঁতিত ৰৈ গৈছিল বাৰিষাৰ বৰষুণে ইয়াক নিজৰানদীসমূহলৈ ধুৱাই আনি ইয়াৰ খহতা পিঠি মসৃণ আৰু উজ্বল কৰি
তুলিলে
  আৰু  নদীয়ে ইয়াক এৰি থৈ যোৱাত আমি বিচাৰি পালোঁ যদি নদীয়ে ইয়াৰে কিছু অংশ উটুৱাই নিয়ে,ই আৰু সৰু টুকুৰা   ,শেষত বালিৰ কণা হৈ সাগৰৰ উপকূল শুৱনি
কৰিব
, ত শিশুৱে বালিঘৰ সাজি খেলধেমালি কৰিব পাৰে  
যদি এই ক্ষুদ্ৰ শিলৰ টুকুৰাটোৱে আমাক ইমান কথা শিকাব পাৰে ,তেন্তে সমগ্ৰ প্ৰকৃতিয়ে যে আমাক কিমান
কথা শিকাব
?

দ্বিতীয়খন
চিঠি –
 সভ্যতা কি?


মই
তোমাক আদিম সভ্যতাৰ বিষয়ে কিছু কথা ক
বলৈ ওলাইছো কিন্তু ইয়াৰ আগতে আমি সভ্যতা কি তাক জনাটো দৰকাৰ অভিধানৰ মতে এজন লোকে বৰ্বৰ জীৱনৰ পৰা উন্নত জীৱনৰ অভ্যাস গঢ়ি তোলাই হৈছে
সভ্যতা
 ই বিশেষকৈ এখন সমাজ অথবা কিছুসংখ্যক লোকক
সামৰি লয়
 যি অৱস্থাত মানুহ দৈস্যুৰ দৰে হিংস্ৰো হৈ
উঠে সিয়ে বৰ্বৰতা
 সভ্যতা সম্পূৰ্ণৰূপে ইয়াৰ বিপৰীত আমি বৰ্বৰতাৰ পৰা যিমানেই আতৰি আহিম সভ্যতাৰ সিমানে কাষ
চাপিম
কিন্তু আমি কেনেকৈ বিচাৰ কৰিম যে কোনো এজন ব্যক্তি অথবা এখন
সমাজ বৰ্বৰ নে সভ্য
 ? ইউৰোপৰ বেছি সংখ্যক লোকৰ মতে কেৱল তেওঁলোকেই সভ্য আৰু
এছিয়াবাসী এতিয়াও বৰ্বৰ
 ইয়াৰ কাৰণ এইটো নেকি যে ইউৰোপীয়ানসকলে
এছিয়ান
 অথবা  আফ্ৰিকানসকলতকৈ অধিক বস্ত্ৰ পৰিধান কৰে ? কিন্তু বস্ত্ৰ সদায় জলবায়ুৰ ওপৰত নিৰ্ভৰশীল ঠাণ্ডা জলবায়ুৰ দেশসমূহত গৰম জলবায়ুৰ
দেশসমূহৰ তুলনাত অধিক বস্ত্ৰ পৰিধান কৰে
 ইয়াৰোপৰি তাৰ আন এটা কাৰণ এয়ে নেকি যে  বন্দুকধাৰী এজন সদায়ে আন সাধাৰণজনৰ তুলনাত অধিক শক্তিশালী
আৰু সেয়ে তেওঁ অধিক সভ্য
? কিন্তু মৃত্যুৰ ভয়ত দুৰ্বলজনে কেতিয়াও এজন অস্ত্ৰধাৰীৰ আগত নিজৰ সভ্য বা
অসভ্যতাক দাঙি ধৰিব নোৱাৰে
তুমি জানা যে কেইবছৰমানৰ পূৰ্বে এখন মহাযুদ্ধ হৈছিল   বিশ্বৰ প্ৰায় আটাইবোৰ দেশেই যোগ দিছিল আৰু প্ৰত্যেকেই নিজৰ
বিৰোধী দেশৰ অধিক সংখ্যক লোকৰ হত্যা কৰাত উঠি পৰি লাগিছিল
 ইংৰাজে জাৰ্মানসকলক আৰু জাৰ্মানে ইংৰাজক পৰাজয় কৰাৰ অপাৰ চেষ্টা চলাইছিল লাখলাখ লোকৰ মৃত্যু  হৈছিল আৰু আন বহুতো চিৰজীৱনলৈ পংগু হৈ
ৰৈছিল
 তাৰে কোনোৱে চকু,কোনোৱে  হাত আৰু কোনোৱে ভৰিও হেৰুৱাই পেলাইছিল যুদ্ধত ক্ষত এনে বহু লোক তুমি নিশ্চয়
ফ্ৰান্সত
 দেখিছা তাৰোপৰি পেৰিছৰ ৰেইলৱে আৰু মেট্ৰত এনে লোকৰ বাবে বিশেষ আসন সংৰক্ষিত
তুমি ভাবানে এই লোকসকলৰ পৰস্পৰৰ মাজৰ হিংসাহত্যাই সভ্যতাৰ পৰিচয় দিয়ে? যেতিয়া দুজন লোকে বাটে পথে কাজিয়া কৰে,আমি সেই কাণ্ডক মূৰ্খামী বুলি কওঁ কিন্তু ই তাতোকৈ বেছি মূৰ্খামীৰ  পৰিচয় দিয়ে যেতিয়া ডাঙৰ-ডাঙৰ দেশসমূহে
যুদ্ধ কৰে আৰু হাজাৰ
হাজাৰ লোকৰ হত্যা কৰে দুজন অসভ্য লোকৰ দন্দই যদি বৰ্বৰতা, তেন্তে এনে আচৰণ কৰা দেশসমূহ কিমান যে বেছি বৰ্বৰ !
যেতিয়া তুমি দ কৈ  চাবা তেতিয়া হয়তো তুমি কবা এই মহাযুদ্ধত যুদ্ধ  কৰা ইংলেণ্ড,জাৰ্মানী,ফ্ৰান্স,ইটালী আদি দেশসমূহ এতিয়াও যেন
সম্পূৰ্ণৰূপে সভ্য নহয়
 যদিও এই পৰ্যন্ত তুমি জানা যে সেই
দেশসমূহত বহু উন্নত বিজ্ঞান
প্ৰযুক্তি আৰু ভাল মানুহো আছে
এতিয়া যদি তুমি ভাবা সভ্যতাৰ বিষয়ে বুজি উঠা ইমান সহজসাধ্য
নহয়
, তেন্তে তুমি শুদ্ধ ই এক জটিল বিষয় উন্নত ঘৰদুৱাৰ,ধুনীয়া ছবি আৰু কিতাপপত্ৰৰ লগতে আন সকলো উন্নত সামগ্ৰী সভ্য
সমাজৰ পৰিচায়ক যদিও তাতোকৈ গুৰুত্বপূৰ্ণ পৰিচায়কটি হ
ল এটি নিস্বাৰ্থ মন আৰু সৎ চিন্তাৰ গৰাকী
হোৱা
 ,যিয়ে  সকলোৰে
কল্যাণৰ হেতু মিলি
 জুলি সামগ্ৰিকভাৱে কাম কৰে সামূহিক কৰ্ম একক কৰ্মতকৈ সদায় শ্ৰেষ্ঠ আৰু এই জনকল্যাণমূলক কৰ্ম সকলোৰে
উৰ্দ্ধত


Popular Post

ঐতিহাসিক চিঠি