জাপানী সাধুঃ দুই ভেকুলীৰ কাহিনী

Posted by : translatorsassam
May 27, 2020

জাপানী সাধুঃ দুই ভেকুলীৰ কাহিনী

ইংৰাজীৰ পৰা অনুবাদ

অনুবাদ:- কিন্নৰী ডেকা 

এসময়ত জাপান দেশত দুটা ভেকুলী আছিল।
তাৰে এটাই ওচাকা চহৰত সমুদ্ৰ তীৰ
এটা গাতত বাস কৰিছিল
আৰু আনটোৱে ক্য
চহৰেৰে বৈ যোৱা সৰু চাফা পানীৰ ধাৰা এটা বাচি লৈছিল। ইমান দূৰে
দূৰে বাস কৰা কাৰণে সিহঁতে এটাই আনটোৰ বিষয়ে কেতিয়াওঁ একো শুনাও নাছিল। কিন্তু আমোদজনকভাৱে
হঠাৎ এদিন একেলগে একেটা কথাকে দুয়োটাৰে মূৰত খেলালে যে সিহঁতে অলপ হ
লেও ঘূৰি পকি এই পৃথিৱীখনৰ ভূ লোৱাটো উচিত। সেইবাবেই ক্যৰ ভেকুলীটো ওচাকা চহৰলৈ
যাব বিচাৰিছিল
  আৰু ওচাকাৰ ভেকুলীটোৱে
ক্য
ট ভ্ৰমণৰ ইচ্ছা ৰাখিছিল। য,
মহান মিকাডোৰ মহল আছিল।
            ভবা মতেই  এদিন  বসন্ত কালৰ কোনো এটা সুন্দৰ পুৱা  দুয়োটা ভেকুলীয়েই ক্যচহৰৰ পৰা ওচাকা চহৰলৈ যোৱা ৰাষ্টাটোত দুয়োটা বিপৰীত দিশৰ শেষমূৰৰ
পৰা একে সময়তে খোজ ল
লে। এই যাত্ৰা সিহঁতে
ভবাতকৈ অধিক অৱসাদগ্ৰ
স্ত  আছিল যিহেতু যাত্ৰা সম্বন্ধীয় বৰ বিশেষ একো ধাৰণা  সিহঁতৰ কোনোটোৰেই নাছিল।  দুয়োখন চহৰ সংযোগী সেই পথটোৰ ঠিক মাজতেই এখন ওখ পৰ্বত থিয় দি
আছিল আৰু এইখন পাৰ হ
বলৈ সিহঁতে এই পৰ্বতখনত
বগাবলগীয়া হৈছিল। পৰ্বতখন বগাই চূড়াটো পাবলৈ সিহঁতৰ বহু দীঘলীয়া সময়
, কষ্ট আৰু বহু আশাৰ প্ৰয়োজন হৈছিল যদিও অৱশেষত এটা সময়ত দুয়োটাই
চূড়াটোত উপস্থিত হৈছিলগৈ। তাত দুয়োটা ভেকুলীয়ে এটাই আনটোক সমুখত দেখা পোৱা কথাটোত
দুয়োটা আশ্চৰ্য্যচকিত হৈ উঠিছিল।
             খন্তেক সময়ৰ বাবে দুয়োটাই মৌন হৈ এটাই আনটোক চাই থাকিল। অলপ
পৰ যোৱাৰ পিছত দুয়োটাই নিজৰ নিজৰ ঘৰৰ পৰা ইমান দূৰ আহি এটাই আনটোক এইদৰে লগ পোৱাৰ কাৰণটো
বৰ্ণাই কোৱাত ব্যস্ত হৈ পৰিল। কথা পাতি সিহঁতে জানিব পাৰিলে যে সিহঁত
  দুয়োটাই আচলতে নিজৰ নিজৰ ওচৰৰ চহৰদুখনৰ বিষয়ে ভালকৈ জনাৰ ইচ্ছা
কৰে। যিহেতু সিহঁতৰ  সময়ৰ কোনো দৌৰা দৌৰি নাছিল
সেয়ে দুয়োটাই নিজৰ নিজৰ দেহটো শান্ত
, কোমল,
সেমেকা ঘাঁহনি এডৰাৰ ওপৰত এৰি দিলে আৰু এই নিৰ্ণয়ত উপনীত হল যে নিজ নিজ পথত যাত্ৰা কৰাৰ আগেয়ে দুয়োটাই অলপ জিৰণি লোৱাটো
ভাল হ
ব।
        এনেতে ওচাকাৰ ভেকুলীটোৱে কলে – ” আমাৰ শৰীৰটো ডাঙৰ নহয়। এয়া আমাৰ বাবে কি যে দুখৰ কথা!”
“যদি এনেকুৱা হ
লহেতেন  তেন্তে আমি ইয়াৰ পৰাই দুয়োখন চহৰ কেনেকুৱা দেখিলোঁহেতেন আৰু
তেতিয়া আমাৰ এই যাত্ৰাৰ আচলতে কিবা মূল্য আছেনে নাই এইটোৱো ক
ব পৰা গলহেতেঁন।”
           অহ! সেয়াটো একেবাৰেই সহজ কাম। “  ক্যটৰ ভেকুলীটোৱে কলে। আমি মাত্ৰ এটাই আনটোক ধৰি থাকি পিছ ঠেঙত ভৰ দি থিয় হব লাগিব আৰু তাৰ পাছতেই আমি আমাৰ নিজ নিজ গন্তব্য চহৰ দুখন ইয়াৰ
পৰা দেখা পাম।”
                             
            এই কিটিপটোৱে ওচাকাৰ ভেকুলীটোক ইমানেই
আনন্দ দিলে যে সি একেপাকতে জাপ মাৰি থিয় দি তাৰ আগঠেং দুখন ইতিমধ্যে ঠিয় হোৱা তাৰ ক্য
ৰ বন্ধুজনৰ কান্ধত ৰাখিলে।
দুয়োটাই থিয় দি যিমান পাৰি নিজক
  সিমান ওখ কৰিবলৈ চেষ্টা কৰিলে আৰু দুয়োটাই জোৰকৈ এটাই আনটোক
ধৰি থাকিল যাতে সিঁহত তললৈ সৰি নপৰে। ক্য
টৰ ভেকুলীটোৱে
নিজৰ নাকটো ওচাকাৰ ভেকুলীটোৰ পিনে আৰু ওচাকাৰ ভেকুলীটোৱে নিজৰ নাকটো ক্য
টৰ ভেকুলীটোৰ পিনে কৰিলে। কিন্তু মূৰ্খতাপূৰ্ণ কথা এয়ে হল যে সিহঁতে সিহঁতৰ মূৰৰ পিছফালে লাগি থকা ডাঙৰ ডাঙৰ চকুকেইটাৰ
কথা পাহৰি থাকিল। এতিয়া যদি সিহঁতৰ নাক দুটা সিঁহতৰ
  গন্তব্যস্থানৰ ফালে মুখ কৰি আছিল তেন্তে সিহঁতৰ চকুকেইটা ইতিমধ্যে
সিহঁত য
ৰ পৰা আহিছিল সেই ঠাইৰ পিনে মুখ কৰি আছিল।
               মই কি যে মূৰ্খ ” ওচাকাৰ ভেকুলীটোৱে আৰ্তনাদ কৰি কৈ উঠিল। “ক্যটখন দেখোন ওচাকাৰ দৰে সাইলাখ একে। এই দীঘলীয়া যাত্ৰা তেন্তে
অনৰ্থক আছিল। তাতকৈ মই নিজৰ ঘৰলৈ উভটি যাওগৈ ।”
            এইবাৰ ক্যটৰ ভেকুলীটোৱেও চিঞৰি
উঠিল -” যদি মইয়ো আগেয়ে জানিলোহেঁতেন যে ওচাকাখন আচলতে ক্য
টৰ নকলহে, তেন্তে এইদৰে ব্যৰ্থ
যাত্ৰা কেতিয়াওঁ নকৰিলোঁহেতেন।” এইদৰে কৈয়ে সি নিজৰ আগঠেং দুখন তাৰ বন্ধুৰ কান্ধৰ
পৰা আতৰাই দিলে আৰু দুয়ো ঘাঁহনিত বাগৰি পৰিল। তাৰ পিছতেই দুয়োটাই অতি ভদ্ৰভাৱে ইজনে
আনজনৰ পৰা বিদায় ল
লে আৰু নিজ নিজ ঘৰলৈ
বুলি ৰাওনা হ
ল। ইয়াৰ পিছত, জীৱনৰ অন্তিম সময়লৈ সিহঁতে এয়াই বিশ্বাস কৰি ৰল যে ক্য আৰু ওচাকা যাক দুখন চহৰৰ ৰূপত চাবলৈ গলে বেলেগ যেন দেখি সেয়া আচলতে  দুটা বেলেগ বেলেগ মটৰ গুটিৰ দৰেই সাইলাখ একে।

Popular Post

ঐতিহাসিক চিঠি