জয়ন্তীয়া লোক প্ৰবাদ / ফুলৰ লোভত ভোল যোৱা ছোৱালীজনী

Posted by : translatorsassam
August 8, 2020

জয়ন্তীয়া
লোক প্ৰবাদ
কা পাহচিনটিয়েও (ফুলৰ লোভত ভোল যোৱা ছোৱালীজনী)
সংগ্ৰহ আৰু অনুবাদঃ ৰঞ্জনা দত্ত

লেই শ্বিলঙক খাছী আৰু জয়ন্তীয়া সকলৰ পৰম ঈশ্বৰ বুলি জ্ঞান কৰা হৈছিল আৰু তেওঁলোকে প্ৰতি বছৰে
এটা বিশেষ দিনত তেওঁলোকৰ ইষ্ট দেৱতাক সন্তুষ্ট কৰিবলৈ পূজা অৰ্চনা কৰি বলি আগবঢ়াই আহিছিল।
ইয়াৰ বাবে ইউ লেই শ্বিলং তেওঁলোকৰ ওপৰত সন্তুষ্ট হৈ পৰে।
তেওঁৰ
ভক্ত সকলৰ লগত পোনপটীয়া সম্পৰ্ক স্থাপন কৰিবৰ বাবে তেওঁৰ সুন্দৰ কন্যা গৰাকীক তেওঁলোকৰ
মাজত থাকিবলৈ পঠিয়াই দিম বুলি ঠিৰাম কৰিলে। তেওঁৰ ধুনীয়া কন্যা গৰাকী পৃথিৱীলৈ আহি
মানুহ বসতি কৰা গাওঁ এখনৰ একেবাৰে কাষতে থকা গুহা এটাত থাকিবলৈ লয়। এইটো তেওঁক কোৱা
হৈছিল যে এজন যুৱকে ইয়ালৈ আহি তেওঁক গাঁৱলৈ লৈ যাব আৰু তেওঁৰ লগত বিবাহ পাশত আবদ্ধ
ব।
সোনকালেই
গাঁৱৰ মানুহে হঠাতে ক
ৰবাৰ পৰা আহি গুহাৰ ভিতৰত থাকিবলৈ লোৱা আচৰিত
ধুনীয়া ছোৱালীজনীৰ কথা শুনিবলৈ পালে। কথাবোৰ লাহে লাহে গাওঁ আৰু বাহিৰৰ চাৰিওফালে চুকে
কোণে বিয়পি পৰিল। মানুহ বোৰ সেইসময়ত অন্ধবিশ্বাসী আছিল। তেওঁলোকে কিবা অশুভ শক্তিৰ
গ্ৰাসত পৰে বুলি সেই ঠাইখন এৰাই চলিছিল।
অৱশেষত
এদিন ওচৰৰ ৰি ৱাৰ গাঁৱৰ মেবান নামৰ এজন সুন্দৰ স্বাস্থ্যৰ ল
ৰাই মানুহ বোৰৰ কথাৰ প্ৰমাণ চাবলৈ নিজে গুহাটোলৈ গৈ ধুনীয়া ছোৱালীজনী প্ৰত্যক্ষ
কৰাৰ কথা ভাবিলে। এদিন ৰাতিপুৱাই ল
ৰাজন গুহাটোলৈ ওলাই গৈ গুহাৰ
মুখখন ভালদৰে দেখাকৈ এডোখৰ ঠাইত জোপোহাৰ আঁৰত লুকাই থাকিল। এনেতে ছোৱালীজনী গুহাৰ বাহিৰলৈ
ওলাই আহিল। ছোৱালী জনীৰ অপূৰ্ব সৌন্দৰ্য্য দেখি ল
ৰাজন মুচকচ যাওঁ যেন হল। কান্ধত পৰি থকা একোছা ঘন কলা কিচকিচিয়া চুলি, ঘেঁহু বৰণীয়া উজ্জ্বল মসৃণ ছাল। তাই মানবী নহয়,
নিশ্চয় তাই পৰী সি ভাবিলে। তাই
চাৰিওফালে এবাৰ চাই গুহাৰ ওচৰতে থকা ফুলৰ দলিচা বোৰৰ চাৰিওফালে ঘূৰি পকি ফুলবোৰ চাই
মিচিকিয়াবলৈ ধৰিলে। সি ছোৱালীজনীৰ সৌন্দৰ্য্য ইমান মগ্ন হৈ পৰিছিল যে তাই তাৰ ওচৰলৈ
আহি থকাটো মনেই কৰা নাছিল। তাক সমুখত দেখাৰ লগে লগে তাই ভয়ৰ চিঞৰ এটা মাৰি গুহাটোলৈ
দৌৰ মাৰি সোমাই গ
ল।
সি গুহাটোৰ
মুখলৈ গৈ তাইক মাতিবলৈ ধৰিলে
মৰমৰ ভণ্টি তুমি মোলৈ কিয় ভয়
কৰিছা
? ভয় নকৰিবা। মই তোমাৰ একো অপকাৰ নকৰোঁ। কিন্তু তাই গুহা টোৰ পৰা ওলাই নাহিল। সি তাইক ওলাই আহিবৰ বাবে নানা ধৰণে অনুৰোধ
কৰিবলৈ ধৰিলে। কিন্তু তেতিয়াও তাই উলাই নহাত সি আৰু কি কৰিব পৰা যায় চিন্তা কৰিবলৈ
লে। হঠাতে তাৰ ছোৱালীজনীৰ ফুলৰ প্ৰতি থকা আসক্তিৰ কথা মনত পৰিল।
সি ধুনীয়া ফুল কিছুমান চিঙি মুঠা এটা বান্ধি তাইক মাতিবলৈ ল
লে।
ঠিক আছে মই যাওঁগৈ বাৰু। তোমাক
আৰু একো দিগদাৰি নকৰোঁ। কিন্তু যোৱাৰ আগতে তোমাক মই এই ফুলখিনি দি যাব বিছাৰিছোঁ। অনুগ্ৰহ
কৰি এইখিনি গ্ৰহণ কৰা। মই ফুলখিনি ইয়াতে থৈ যাওঁগৈ বাৰু।
এইদৰে
কৈ ল
ৰাজনে গুহাটোৰ কাষৰ ফালে লুকাই থাকিল। ভবাৰ দৰেই ছোৱালীজনী কিছুসময়
পিছত ওলাই আহি ইফালে সিফালে চাই নিশ্চিত হৈ ফুলখিনি ল
বলৈ ওলাই আহিল। সেই সময়তে সি লুকাই থকা ঠাইৰ পৰা ওলাই আহি ছোৱালী জনীৰ হাতত ধৰি
তাইক বুজাবলৈ চেষ্টা কৰি ক
লে মই তোমাৰ একো অপকাৰ নকৰোঁ। ভয়
খাব নালাগে। মই মাত্ৰ তোমাৰ বিষয়ে জানিব বিছাৰোঁ।


সি ছোৱালী
জনীৰ ওচৰত তাইক মিছা কথা কোৱা বাবে ক্ষমা প্ৰাৰ্থনা কৰি ক
লে যে সি তাইৰ প্ৰেমত সম্পূৰ্ণ ৰূপে নিমজ্জিত হৈ পৰিছে আৰু তাইক গাঁৱলৈ লৈ গৈ বিয়া
কৰাব খোজে। তাই লৰাজনৰ অমায়িক ব্যৱহাৰত মুগ্ধ হ
ল আৰু গাঁৱৰ লিংড বা পুৰোহিত
জনক লগ ধৰিবলৈ তাৰ লগত গাঁৱলৈ যাবলৈ ওলাল।


তালৈ
গৈ দেৱী গৰাকীয়ে ভগৱান
ইউ লাই শ্বিলঙৰ গাঁৱৰ মানুহ খিনিৰ বাবে কৰা আঁচনিৰ কথা সকলোকে
বিবৰি কয়। ভগৱান
ইউ লাই শ্বিলঙে যিহেতু মানুহৰ তেওঁৰ প্ৰতি
ধকা বিশ্বাস আৰু আস্থাত সন্তুষ্ট হৈছিল তেওঁ বিচাৰিছিল যে দেবীৰ বংশধৰ সকলেই হিমা শ্বিলং হিচাপে তাত ৰাজত্ব কৰিব।


অতি কম
সময়ৰ ভিতৰতে লিঙডো ( পুৰোহিত ) আৰু গাঁৱৰ বুঢ়া মেথা সকলৰ আশীৰ্বাদ শিৰত লৈ আৰু গাঁৱৰ
সকলো ৰাইজৰ উপস্থিতিত তেওঁ লোকৰ বিবাহ সম্পন্ন হয়।


সময় পাৰ
হৈ গৈছিল আৰু তেওঁ লোক দুজনে সুখেৰে সংসাৰ নিৰ্বাহ কৰিছিল। গাঁৱৰ সকলোৱে তেওঁক কা পাহচিনটিয়েও
(
ka Pahsyntiew) বুলি সম্বোধন কৰিছিল। তেখেতৰ গৰ্ভত জন্মগ্ৰহণ
কৰা ল
ৰা ছোৱালী বোৰ সুন্দৰ, তীব্ৰ মেধাসম্পন্ন আৰু জ্ঞানী
আছিল। মাবানে নিজৰ পৰিয়াল আৰু পত্নীক খুব ভাল পাইছিল আৰু সম্পূৰ্ণ নিস্থা সহকাৰে সংসাৰ
ধৰ্ম পালন কৰিছিল। তেনেকুৱা সময়তে এদিন কা পাহচিনটিয়েও ৱে ল
ৰা ছোৱালী বোৰক মাতি আনি কলে তেওঁ দেউতাক ইউ লেই শ্বিলঙৰ
কাষলৈ ঘূৰি যাব লাগিব।
মোক ইয়ালৈ পঠিয়াইছিলে মানুহ বোৰৰ বাবে ভাল
শাসকৰ প্ৰয়োজন পুৰাবৰ বাবে। মই তোমালোকক মানুহৰ উপকাৰৰ বাবে দি থৈ গৈছো। এতিয়াৰ পৰা
তোমালোকই ইয়াৰ শাসক। মই দেউতাৰ আজ্ঞা পালন কৰি কামখিনি কৰিলোঁ। এতিয়া মই ঘূৰি যাব লাগিব।
তাৰ পিছত তেওঁ গুছি গল।

Popular Post

ঐতিহাসিক চিঠি