চেজল মিলোজৰ পাঁচটা কবিতা

Posted by : translatorsassam
July 21, 2020

অসমীয়া ভাঙনি ঃ যশোৱন্ত নিপুণ



পাহৰি যোৱা

তুমি আনক
দিয়া দুখবোৰ

পাহৰি
যোৱা
,

আনে
তোমাক দিয়া দুখবোৰো

পাহৰি
যোৱা ৷

নৈখন বৈ
থাকে চিৰকাল
,

নিজৰাবোৰ
জিলিকে আৰু নিঃশব্দ হয়
,

তুমি
পাহৰিব ধৰা পৃথিৱীত তুমি খোজ কাঢ়া ৷

 

কেতিয়াবা
দূৰণিৰ গীত এটিৰ কলি তুমি শুনিবলৈ পোৱা
, 

ইয়াৰ
অৰ্থ কি
, তুমি
প্ৰশ্ন কৰা
, কোনে
গাইছে
?

শিশু
এটিৰ দৰে সূৰ্যটো কুহুমীয়া হয় ৷

নাতি এটা
আৰু পৰিনাতি এটা আহে পৃথিৱীলৈ ৷

হাতখনে
তোমাক আকৌ এবাৰ আগবঢ়াই নিয়ে ৷

 

নদীবোৰৰ
নামবোৰ তোমাৰ লগতে ৰৈ যায় ৷

কিমান
সীমাহীন যেন অনুভৱ হয় সেই নদীবোৰ !

তোমাৰ
চহোৱা পথাৰ তেনেকৈয়ে থাকে
,

নগৰৰ ওখ
স্তম্ভবোৰ আৰু আগতে যেনে আছিল তেনে নহয় ৷

সীমা আৰু
সন্ধিক্ষণত দণ্ডায়মান তুমি নিৰ্বাক ৷


 

ধৰ্মৰ হকে

নাই, এইদৰে নহ, মোৰ প্ৰিয়
ধৰ্মগুৰুসকল
,

আকাংক্ষাই
ঈশ্বৰৰ নৈতিকতাক বচাব নোৱাৰিব ৷

যদিহে
তেওঁ ভাল-বেয়া বিচাৰ কৰিব পাৰা জীৱৰ সৃষ্টি কৰিছিল
,

আৰু
সিহঁতে বিচাৰ কৰিছিল
, আৰু
পৃথিৱীখন ক্ৰূৰ শঠতাত নিমজ্জিত
,

তথাপিও, তাত যন্ত্ৰণা আছে, আৰু জীৱৰ
যুক্তিশূন্য শাস্তি আৰু নিৰ্যাতন আছে
,

আৰু যাক
ব্যাখ্যা কৰিব পাৰি মাত্ৰ এনেধৰণে কল্পনা কৰি

যে কৰবাত এখন আদিম
সৰগ আছে
 

আৰু
মানৱসৃষ্টিৰ আগৰ সময় এনে সৰ্বনাশী আছিল
 

যে ভৌতিক
পৃথিৱীখনে গঢ় লৈ উঠিছিল কোনোবা নিষ্ঠুৰ পৈশাচিক শক্তিৰ হাতত ৷

 

 

মুখামুখি

আমি
বৰফাবৃত পথাৰৰ মাজেৰে গাড়ী এখনত গৈ আছিলোঁ দোকমোকালিত ৷

এখন ৰঙা
ডেউকা উৰি আহিছিল এন্ধাৰত ৷

 

আৰু
হঠাতে এটা শহাপহুৱে পথটোৰ মাজেৰে দৌৰি পাৰ হৈ গৈছিল ৷

আমাৰ
এজনে তেওঁৰ হাতখনেৰে সেইটো দেখুৱাই দিছিল ৷

 

সেয়া আজি
বহু বছৰ আগৰ কথা ৷ আজি সিহঁতৰ কোনোৱেই জীৱিত নহয় ৷

সেই
শহাপহুটো নহয়
, সেই
হাতখন যিখনে দেখুৱাই দিছিল
,
সেইখনো নহয় ৷

 

মোৰ হৃদয়, সিহঁত ক, সিহঁত কলৈ গৈ আছে 

এখন হাতৰ
দ্ৰুত উন্মোচন
, গতিৰ এটি
ৰেখা
, সৰু সৰু
শিলৰ খৰমৰনি ৷

মই শোকৰ
গভীৰতাৰ পৰা নহয়
, কিন্ত
চিন্তা আৰু বিস্ময়েৰে প্ৰশ্ন কৰোঁ ৷



গণনা 

মোৰ মূৰ্খামিৰ
ইতিহাসে বহুকেইকখন কিতাপ ভৰাই পেলাব ৷


কিছুমান উৎসৰ্গিত
ব বিবেচনাৰ
বিৰুদ্ধে যোৱাৰ প্ৰৱণতালৈ
,

সেই চগাটোৰ উৰণৰ
দৰে
, যিটোৱে
যদিও জানিলেহেঁতেন
,

মমবাতিৰ শিখাটিৰ
ফালেই তথাপিও জাহ যাবলৈ গ
লহেঁতেন ৷


বেলেগবোৰ মনৰ

অস্থিৰতাক কেনেকৈ নীৰৱ কৰা হয় সেই বিষয়ে হ,

অনুচ্চ
কণ্ঠস্বৰটিক
, যদিও
সাৱধান বাণী আছিল
, অবজ্ঞা
কৰা হয় ৷


মই সন্তুষ্টি আৰু
গৌৰৱৰ কথা বেলেগকৈ আলোচনা কৰিম
,

সেই সময় যেতিয়া
মই সেইবোৰৰ এজন উপাসক আছিলোঁ
,

আৰু যিজনে বুকু
ফিন্দাই গপ্-গপাই খোজ কাঢ়িছিল
, নিশ্চিত হৈ ৷


কিন্তু সেই
সকলোবোৰৰে এটি উদ্দেশ্য আছিল
, আকাংক্ষা,

কিন্তু যদিহে মোৰ
নিজৰ হ
লহেঁতেন, — কিন্তু নহয়, মুঠেই নহয়; দুখজনক এয়া,

মই পৰিচালিত
হৈছিলোঁ কাৰণ মই আনৰ দৰে হ

বিচাৰিছিলোঁ ৷

মই মোৰ ভিতৰত থকা
বনৰীয়া আৰু অশালীন কিবা এটাক ভয় কৰিছিলোঁ ৷


মোৰ মূৰ্খামিৰ
ইতিহাস লিপিবদ্ধ নহ
ব ৷

এটাই কাৰণ; খুব পলম হৈ গল ৷ আৰু সত্যটো
কষ্টকৰ আৰু অমসৃণ ৷



বিশ্বাস 

কিবা এটি বিশ্বাস
তোমাৰ বুকুত তুমি যেতিয়া চোৱা

নিয়ৰৰ টোপাল
এটিলৈ নাইবা পানীত উটি অহা গছৰ এখিলা পাতলৈ

আৰু তুমি জানা যে
সিহঁত তেনেকুৱা কাৰণ সিহঁত তেনেকুৱাই হ
ব লাগিছিল ৷

আনকি যেতিয়া তুমি
চকু মুদা আৰু সপোনৰ দেশত ঘূৰি ফুৰা
 

পৃথিৱীখন
তেনেকৈয়ে থাকিব যেনেকৈ ই চিৰকাল আছিল
 

আৰু গছৰ পাতখিলা
নদীখনৰ পানীয়ে উটুৱাই লৈ যাব ৷


কিবা এটি বিশ্বাস
তেতিয়াও তোমাৰ বুকুত যেতিয়া কঠিন শিল এটিৰ খুন্দাত

তোমাৰ ভৰিখনেৰে
এটি তীব্ৰ যন্ত্ৰণা উজাই আহে আৰু তুমি জানা

যে শিলবোৰ তাত
আছে এনেদৰে আমাৰ ভৰিক যন্ত্ৰণা দিবলৈকে ৷

দীঘল ছাঁটো
দেখিছা সেই গছজোপাৰ
?

আমি আৰু গছবোৰে
পৃথিৱীৰ বুকুত ছাঁ
  পেলাওঁ ৷

যাৰ ছাঁ নেথাকে
তাৰ জীয়াই থকাৰ শক্তি নেথাকে ৷


 

চেজল মিলোজঃ এজন
পলিস-আমেৰিকান কবি
, গদ্য-লেখক, অনুবাদক
আৰু কুতনীতিজ্ঞ ৷ তেওঁক কুৰি শতিকাৰ মহানতম কবিসকলৰ এজন বুলি গণ্য কৰা হয় ৷ তেওঁ
১৯৮০ চনত সাহিত্যৰ
সাহিত্যৰ নোবেল বটা লাভ কৰিছিল ৷

Popular Post

ঐতিহাসিক চিঠি