চীন দেশৰ সাধু – পৰুৱাবোৰ

Posted by : translatorsassam
June 11, 2020

পৰুৱাবোৰ

অনুবাদ : শৰ্মিষ্ঠা গোস্বামী 


 


পুৰণি কালত চীনদেশৰ কুৱাঙ নান্ নামে
ঠাইত হ

ক্বান নামৰ এজন অতি দয়ালু হৃদয়ৰ লোক আছিল তেওঁ কেতিয়াও কোনো জীৱিত প্ৰাণীক
হত্যা কৰা নাছিল৷ তেওঁৰ হেজাৰ
বিজাৰ ৰূপৰ
টুকুৰাৰে ভৰ্তি এটা পাত্ৰ আছিল
সেই পাত্ৰটো তেওঁ এটা কাৰুকাৰ্য্য খচিত এটা সুন্দৰ পেৰাৰ
ভিতৰত আটোলটোলকৈ ৰাখিছিল৷ এবাৰ তেওঁৰ জিলাখনত থকা অসংখ্য বগা পৰুৱাই কেনেবাকৈ
পেৰাটোক আক্ৰমণ কৰি ৰূপৰ টুকুৰাবোৰৰ কিছু অংশ খাই পেলাইছিল৷ যেতিয়া তেওঁৰ পৰিয়ালৰ
লোকে এই কথাটো ধৰা পেলালে
, তেওঁলোকে আকৌ কৰিলে
কি
,
পৰুৱাবোৰৰ পিছ লৈ হেজাৰ-বিজাৰ বগা পৰুৱাৰ বাসস্থান এটা
ফোঁপোলা গুহা বিচাৰি পালেগৈ৷ তেওঁলোকে ভাবিলে
, যদিহে এই পৰুৱাবোৰক ভালকে এসেকা দিব পৰা যায়, তেনেহলে হয়তো হেৰোৱা ৰূপৰ কিছু অংশ উদ্ধাৰ
কৰিব পৰা যাব৷ কিন্তু তেনেতে হ
ৱে তেওঁলোকৰ
পৰিকল্পনাটোৰ প্ৰতি আপত্তি দৰ্শাই ক
লে যে, “মই সামান্য ৰূপৰ বাবে অতবোৰ জীৱৰ মৃত্যু সহিব নোৱাৰোঁ৷ সেয়েহে তেওঁলোকে সেইটো বিষয়ৰ সিমানতে ইতি পেলালে৷

সেই নিশাই হৱে এটা সপোন দেখিলে যে শুকুলা বৰ্মৰে সু-সজ্জিত অজস্ৰ সৈন্য
তেওঁৰ ওচৰলৈ আহি সিহঁতে লগত লৈ অহা দোলা খনত তেওঁক সিহঁতৰ ৰজাৰ প্ৰাসাদলৈ যাবলৈ
অনুৰোধ কৰিছে৷ হ
ক্ৱান সৈন্যদলৰ
সৈতে এখন নগৰলৈ যাত্ৰা কৰিলে য
ৰ প্ৰজাগণ দেখাত
চহকী আৰু ঘৰবোৰো প্ৰাসাদোপম
তেওঁক লগ পাবলৈ অনেক বিষয়া আহিল আৰু তেওঁক এটা চমৎকাৰ প্ৰাসাদলৈ লৈ গল৷

 ৰাজবিভূষণেৰে বিভূষিত ৰজাই সিংহাসনৰ পৰা নামি
আহি হ

ক্ৱানক অতি আন্তৰিকতাৰে সন্মান জনাই কলে, “আপোনাৰ মহানুভৱতাৰ
বাবেই আমি আজি শত্ৰুৰ পৰা ৰক্ষা পৰিলোঁ৷ আপোনাৰ দয়া আমি কেতিয়াও পাহৰিব নোৱাৰোঁ৷
কঠোৰ অনুশাসনৰ অভাৱত মোৰ কিছু প্ৰজাই অলপতে আপোনাৰ যথেষ্ট অনিষ্ট কৰিলে যদিও
আপোনাৰ কৃপাই তেওঁলোকক চৰম দুৰ্দশাৰ পৰা ৰক্ষা কৰিলে৷ মই আপোনাৰ দয়াৰ প্ৰতিদান
নিদিয়াকৈ কিদৰে পাৰোঁ
? আপোনাৰ বাসগৃহৰ
নিচেই ওচৰতে এজোপা সহজেই চিনি উলিয়াব পৰা বিশেষ গছ আছে
, যিজোপাৰ তলত বহু পুৰণি কালত এজন বিশেষ লোকে এটা ৰূপেৰে
ভৰ্তি পাত্ৰ পুতি ৰাখিছিল৷ আপুনি সেইটো খান্দি উলিয়াওক আৰু সেয়াই আপোনাৰ প্ৰতি
আমাৰ উপহাৰ বুলি গ্ৰহণ কৰক৷ আপুনিয়েই মানৱজাতিৰ একশৃঙ্গী অশ্ব (শ্ৰেষ্ঠতাৰ প্ৰতীক)
যিজনে কোনোকালে কোনো জীৱিত প্ৰাণীকেই আঘাত নকৰে৷ আপুনি নিজৰ সহৃদয়তাৰ ফল ভোগ
কৰিবলৈ এতিয়া তেনেই বৃদ্ধ হোৱাটো বৰ দুখজনক
, কিন্তু আপোনাৰ উপৰিপুৰুষে আপোনাৰ সৎ কৰ্মৰ ফল নিশ্চয়কৈ ভোগ কৰিব৷

 ইয়াৰ পাছত হক্ৱানক আগৰ দৰেই সশস্ত্ৰ সৈন্যদলে সম্পূৰ্ণ সুৰক্ষিত ভাৱে নিজৰ ঘৰত থৈ গল৷

 যেতিয়া তেওঁ সাৰ পালে নিজকে সপোনত ধ্যানৰত
অৱস্থাত আৱিষ্কাৰ কৰিলে আৰু বুজিলে যে এয়া নিশ্চয় পৰুৱাজাকৰেই কাম হ
ব৷ এইবাৰ পৰুৱা ৰজাই কোৱাৰ দৰেই গছজোপাৰ তলখন খান্দি তেওঁ
বহুবছৰৰ পৰা পোত খাই থকা ৰূপভৰ্তি পাত্ৰটো উদ্ধাৰ কৰিলে৷ তেওঁৰ পুত্ৰ পাছলৈ এজন
বিশিষ্ট পণ্ডিত হিচাপে জনাজাত হ
ল৷

 

Popular Post

ঐতিহাসিক চিঠি