চীজাৰৰ অন্তেষ্টিক্ৰিয়াত এণ্টনীৰ ভাষণঃ ১

Posted by : translatorsassam
September 10, 2020

অনুবাদ ঃ  ঋতুপৰ্ণা চৌধুৰী


বন্ধুগণ,ৰোমানসকল,দেশবাসীসকল,মোৰ
কথা মন দি শুনক;

মই চীজাৰক সমাধিস্থ কৰিবলৈ
আহিছো, প্ৰশংসা কৰিবলৈ নহয়৷

মানুহৰ কুকৰ্ম মৰণৰ পিছত ৰৈ
যায়; সৎকৰ্মসমূহ তেওঁলোকৰ হাড়ৰ লগত মিলি যায়;

গতিকে চীজাৰৰ ক্ষেত্ৰতো সেয়েই
হওঁক৷।মহান ব্ৰুটাছে আপোনালোকক কৈছে চীজাৰ উচ্চাকাংক্ষী আছিল:

যদি সেয়াই হয়,তেন্তে সেইটো
আছিল এক মাৰাত্মক দোষ,

আৰু মাৰাত্মক ভাৱেই চীজাৰে
তাৰ ফল ভুগিছে৷

ইয়াত, ব্ৰুটাচ আৰু আনবোৰৰ
অনুমতি সাপেক্ষে—

ব্ৰুটাচ যিহেতু এজন সন্মানীয়
ব্যক্তি;

তেওঁলোক আটাইবোৰ, আটাইবোৰেই
সন্মানীয় ব্যক্তি—

মই আহিছোঁ চীজাৰৰ অন্তেষ্টিক্ৰিয়ালৈ,দুআষাৰ
ক’বলৈ৷

তেওঁ মোৰ বন্ধু আছিল, বিশ্বাসী
আৰু ন্যায়পূৰ্ণ:

কিন্তু ব্ৰটাচে কৈছে তেওঁ
আছিল উচ্চাকাংক্ষী;

আৰু ব্ৰুটাচ হ’ল এজন সন্মানীয়
ব্যক্তি৷

তেওঁ স্বদেশ ৰোমলৈ আনিছিল
বহুতো যুদ্ধবন্দী

যিসকলৰ বিনিময়ত পোৱা ধনেৰে
ৰাজহুৱা ধনৰ ভড়াল পূৰ্ণ হৈছিল:

এইয়া জানো চীজাৰৰ উচ্চাকাঙ্খাৰ
লক্ষণ আছিল?

যেতিয়া দুখীয়া, দৰিদ্ৰই কান্দিছিল,
চীজাৰে উচুপি উঠিছিল;

উচ্চাকাংক্ষা গঢ় ল’ব লাগে
অধিক শক্ত ধাতুৰে৷

তথাপিও ব্ৰুটাচে কয় যে তেওঁ
উচ্চাকাংক্ষী আছিল;

আৰু ব্ৰুটাচ এজন সন্মানীয়
ব্যক্তি৷

আপোনালোক সকলোৱে দেখিছিল যে
লুপাৰকেল পৰ্ব্বত মই তেওঁক তিনিবাৰকৈ এটা ৰাজমুকুট আগবঢ়াই দিছিলোঁ,

যিটো তিনিবাৰেই তেওঁ নাকচ
কৰিছিল:

এইয়া জানো উচ্চাকাংক্ষা আছিল?

তথাপিও ব্ৰুটাচে কয় তেওঁ উচ্চাকাংক্ষা
আছিল;

আৰু নিশ্চয়কৈ তেওঁ এজন সন্মানীয়
ব্যক্তি৷

ব্ৰুটাচে যি কৈছিল, তাক মিছা
প্ৰমাণ কৰিবলৈ মই কথা কোৱা নাই,

কিন্তু মই যি জানো,তাকেই ক’বলৈ
ইয়ালৈ আহিছোঁ৷

আপোনালোক সকলোৱে তেওঁক এসময়ত
ভাল পাইছিল, অকাৰণে নহয়:

তেন্তে কিহৰ বাবে আপোনালোকে
তেওঁ‌ৰ মৃত্যুত শোক প্ৰকাশ কৰিব পৰা নাই?

হে’  বিচাৰবুদ্ধি! তুমি গৈ ঠাই লৈছা ইতৰ প্ৰাণীত,

আৰু মানুহে হেৰুৱাইছে তেওঁলোকৰ
যুক্তিৰ ক্ষমতা৷ মোৰ সৈতে সহানশীল হওক

মোৰ অন্তৰখন গৈ সৌ কফিনটোত
চীজাৰৰ লগত আছে,

আৰু ই মোৰ কাষলৈ ঘুৰি নহালৈকে
মই কথা কোৱা বন্ধ কৰিবই লাগিব৷

Popular Post

ঐতিহাসিক চিঠি