গ্ৰীক সাধু
এপল’ দেৱতাৰ দূতগৰাকীৰ
কাহিনী
কাহিনী
অনুবাদ :
নিকু দুৱৰা, নৰ্থ লখিমপুৰ কলেজ কেম্পাছ
নিকু দুৱৰা, নৰ্থ লখিমপুৰ কলেজ কেম্পাছ
বহুবছৰৰ আগৰ
কথা। গ্ৰীচৰ মানুহে এপল’ দেৱতাৰ এটা মন্দিৰ স্থাপন
কৰিলে আৰু সেই মন্দিৰটোত দৈনিক পূজা-অৰ্চনা কৰিবলৈ আৰম্ভ কৰিলে। ভক্তৰ এই কামত এপল’ দেৱতাই যথেষ্ট আনন্দ পালে। দেৱতাসকলৰ ভিতৰত এপল’ দেৱতাৰ শক্তি আন দেৱতাসকলতকৈ বহুত বেছি আছিল। তেওঁ সংগীতৰ দেৱতা
হোৱাৰ উপৰিও তেওঁৰ অনেক দৈৱিক শক্তি আছিল। সেই দৈৱিক শক্তিসমূহৰ ভিতৰত আটাইতকৈ আচৰিত
শক্তিটো আছিল যে তেওঁ প্ৰায়ে ভৱিষ্যতৰ আগজাননী দিব পাৰিছিল। অৱশ্যে সদায় নহয়। ভক্তসকলে
এপল’
দেৱতাৰ এই দৈৱিক শক্তিৰ কথা গম পাই তেওঁৰ মন্দিৰত ভীৰ কৰিবলৈ
ধৰিলে। সকলোৱে নিজৰ ভৱিষ্যতৰ বিষয়ে জানিবলৈ খুবেই ইচ্ছুক হৈ পৰিছিল।

![]() |
| ডেলফিৰ মূৰ্তি |
ভক্তৰ ভীৰ বেছি হৈ যোৱাৰ কাৰণে এপল’ দেৱতাই আন কামবোৰ কৰিব পৰা নাছিল। গতিকে তেওঁ ভাবিলে যে যদি
তেওঁৰ এগৰাকী দূত থাকিলেহেঁতেন, তেতিয়া তেওঁৰ হৈ এই
দূতগৰাকীয়েই ভক্তসকলৰ মঙল চাব পাৰিলেহেঁতেন। কিন্তু সেইসময়ত গ্ৰীচত কোনো সঁচা মঙলতী
নাছিল। যিসকল আছিল তেওঁলোক বুঢ়ী আৰু প্ৰায়েই পইচাৰ লালসাত মিছাকৈ মঙল চাই অকাই-পকাই
কথা কৈছিল। ধৰা হওঁক কোনোবাই মঙলতী এগৰাকীক যদি সোধে তেওঁৰ বাগিছাখন কেনেকুৱা হ’ব বা ফচল কিমান লাগিব তেতিয়া তেওঁ খুবেই চতুৰভাৱে উত্তৰ দিব
যে- “যদিহে দেৱতাই ফলবোৰ লৈ নাযায়, তেতিয়া নিশ্চয়কৈ বাগিছাখন ফল-ফুলেৰে উপচি পৰিব।”
অনেক বিচাৰ-খোচাৰ কৰাৰ পাছতো এপল’ দেৱতাই গ্ৰীছত সঁচাকৈ ভৱিষ্যতবাণী কৰিব পৰা কোনো মঙলতী বিচাৰি
নাপালে। তেতিয়া তেওঁ সিদ্ধান্ত ল’লে যে তেওঁ নিজৰ দৈৱিক
শক্তিৰে এগৰাকী মঙলতী সৃষ্টি কৰি ল’ব! তাৰ কাৰণে
তেওঁ এইবাৰ এগৰাকী সৌভাগ্যৱান মঙলতীক বিচাৰিবলৈ ধৰিলে। অৱশ্যে এপল’ দেৱতাই এটা চৰ্ত ৰাখিলে যে তেওঁৰ দূতগৰাকীয়ে সদায় সঁচা কথাটোহে
ক’ব লাগিব আৰু তেওঁ কেতিয়াও পোনপতীয়া উত্তৰ দিব নোৱাৰিব।

এনেকৈয়ে এপল’ দেৱতাই এগৰাকী কম বয়সীয়া পূজাৰীক তেওঁৰ দৈৱিক শক্তিৰে দূত হিচাপে তৈয়াৰ কৰি ল’লে। পুনৰ তেওঁ নিজৰ দৈৱিক শক্তি প্ৰয়োগ কৰি দূতগৰাকীৰ বাবে এটা
মন্দিৰ সাজি দিলে আৰু দুই-এজন মানুহক সেই দূত গৰাকী যে সঁচা মঙলতী সেই কথা কৈ দিলে।
এপল’ৰ কথাটো ইকান-সিকানকৈ গোটেই গ্ৰীচতে বিয়পি পৰিল। লগে-লগে গ্ৰীচৰ
মানুহবোৰে তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে জানিবলৈ সেই মন্দিৰটোত ভীৰ কৰিবলৈ আৰম্ভ কৰিলে।

এপল’ দেৱতাৰ দূতগৰাকীৰ কথা
এজন ৰজাৰ কাণত পৰিলগৈ। ৰজাজন যুদ্ধ কৰি-কৰি অত্যন্ত ভাগৰুৱা হৈ পৰিছিল। সেই ৰজাজনে
এইবাৰ তেওঁৰ যুদ্ধৰ ভৱিষ্যতবাণী শুনিবলৈ মন্দিৰটোলৈ আহিল আৰু দূতগৰাকীক এইবিষয়ে সুধিলে।
দূতগৰাকীয়ে এটা মিঠা হাঁহি মাৰি ক’লে- “এজন মহান ৰজা নিশ্চয় এই যুদ্ধখনত জয়ী হ’ব।” কথাষাৰ শুনি ৰজা অত্যন্ত
সুখী হ’ল আৰু দূতগৰাকীক বহুত ধন-সোণেৰে পুৰষ্কৃত কৰিলে আৰু যুদ্ধযাত্ৰা
কৰিলে।

কিন্তু ৰজাই যেতিয়া যুদ্ধত নামি পৰিল আৰু নিজেই সেনা পৰিচালনা
কৰিলে তেতিয়া তেওঁলোক যুদ্ধত হাৰিল আৰু ৰজাও মৃত্যুমুখত পৰিল। কিন্তু তাৰ পাছতো গ্ৰীচৰ
মানুহবোৰে এপল’ৰ দূতগৰাকীৰ মন্দিৰলৈ যাবলৈ নেৰিলে, কাৰণ তেওঁলোকে জানিছিল যে দূতগৰাকীয়ে সঁচা কথাই কৈছিল, মূৰ্খ ৰজাজনেহে বুজি নাপালে।

সম্পাদকীয় টোকা ঃ এপল’ হৈছে গ্ৰীকসকলৰ সূৰ্য আৰু পোহৰৰ দেৱতা ।