তামিল গল্পঃ শগুণ (১৯৭৫)
মূলঃ শিৱশংকৰী
অনুবাদঃ অনামিকা ৰাজবংশী
শগুণটোৰ বিকট চিঞৰ-বাখৰবোৰে কাণখন হেঁচা মাৰি ধৰিছিল৷ সেই চিঞৰটো ইমানেই
অমানুষিক যে শুনি থাকিবলৈয়ে অসহনীয়৷ লাগিলে ৰাতিপুৱাই হওক নাইবা ৰাতিৰ আন্ধাৰেই
হওক- চৌবিছ ঘণ্টা ধৰি সেই একেই ভয়ংকৰ, অসহনীয়, অমানুষিক চিঞৰ৷ ওহ! সিয়ো কেনেধৰণৰ এক নাৰকীয় জীৱ! মন-মস্তিষ্কক কঁপাই তোলা
একঘেয় চিঞৰটো ক্ৰমান্বয়ে বাঢ়ি গৈ আছে আৰু মই যন্ত্ৰণাত ছটফটাই আছোঁ৷ তৎক্ষণাত
বিছনাৰ পৰা উঠি মই খিৰিকিখনেৰে জুমি চালোঁ৷আমাৰ ওচৰৰ পথাৰখনৰ ওখ ওখ গছকেইডালত শগুণকেইটাৰ আড্ডা বেছ জমি উঠিছে৷ এডাল
জোপোহা গছৰ ডাল এটাত বহি থকা শগুণটোৱে হঠাতে এনেদৰে উৰিবলৈ ল’লে যেন উৰাজাহাজ
এখনহে উৰিবৰ বাবে সাজু হৈছে৷ নিজৰ পাখিখন মেলি ধৰফৰাই উৰি আহি সি ওচৰৰ বাগিচাখনৰ
মাজত ওলমি থকা বিজুলী বাতিৰ তাঁৰ ডালত বহিল৷ লগে লগে এটা দুটাকৈ আৰু দুটামান
শগুণেও উৰা মাৰিলে আৰু বায়ুমণ্ডলত ঘূৰি ঘূৰি আক্ৰোশপূৰ্ণ হুংকাৰ দিবলৈ ধৰিলে৷আৰে! ইমান আক্ৰোশ আৰু কোলাহল কিহৰ বাবে? খিৰিকিৰে
পুনৰ বাহিৰলৈ চাই দেখিলো যে গছৰ ডালত বহি থকা আন এটা শগুণে ঠেং দুটিৰে কিবা এটা
গোলাকাৰ আকৃতিৰ বস্তু খামোচ মাৰি ধৰি আছে৷এইটো কি বস্তু হ’ব পাৰে বাৰু?
এক বিকৃত আকৃতিৰ, লেতেৰা, দূৰৰ
পৰা চালে ৰঙা বৰণৰ— এটা মাংসপিণ্ড… ওহ! এইটো কি বস্তু?আকাশত ঘূৰি থকা শগুণ কেইটালৈ কেৰেপ নকৰাকৈ এই শগুণটোৱে নিজৰ তীক্ষ্ণ নখেৰে
এই পিণ্ডটো আঁচুৰি আছিল৷ এবাৰ, দুবাৰ, তিনিবাৰ…
ওহ! তৃতীয় বাৰত পাতল ৰছীৰ নিচিনা কিছুমান বস্তু বাহিৰলৈ ওলাই আহিল৷ শগুণটোৱে পটককৈ
সেয়া গিলি থ’লে৷ পাছত আকৌ এবাৰ-দুবাৰ ঠোঁটেৰে কুটিবলৈ ধৰাৰ সময়ত ৰঙা বৰণৰ ৰবৰ সদৃশ
নলী কিছুমান ওলাই আহিল৷বুজি পাইছিলোঁ সেয়া কি হ’ব পাৰে!অ’ত ত’ত পৰি থকা মৰা এন্দুৰবোৰৰ এটা আনি
এইদৰে আৰামেৰে বহি নিজৰ চোকা হাতোৰাৰে এন্দুৰৰ নাৰী-ভূৰুবোৰ টানি লৈ শগুণটোৱে গিলি
আছিল৷ঘৃণা আৰু বিতৃষ্ণাত মোৰ বমি অহাৰ উপক্ৰম হ’ল৷ কথাতে কোৱা হয় যে মৰাশ খোৱা
শগুণৰ নিচিনা!লেতেৰা কৰবাৰ! অন্য ঠাইলৈ গৈ খাব নোৱাৰনে? মোৰ চকুৰ
সমুখতেই আহি বহি লৈছে৷“যা! যা!” মই জোৰে জোৰে চিঞৰি চিঞৰি তাক খেদিব বিচাৰিলোঁ৷ কিন্তু সি
অকণমানো লৰচৰ কৰা নেদেখিলোঁ৷ আকাশত ইফালে সিফালে ঘূৰি থকা শগুণ কেইটাৰ চিঞৰ-বাখৰ
অসহনীয় হৈ উঠা দেখি মই খিৰিকিখন বন্ধ কৰি পাছফালে ঘূৰিবলৈ লওঁতেই ৰান্ধনী বুঢ়ীজনীক
সমুখত থিয় হৈ থকা দেখিবলৈ পালোঁ৷“আই! আজি কি ৰান্ধিম কোৱাচোন৷”
কেইমুহূৰ্তমান আগত দেখা সেই বীভৎস দৃশ্যটো এতিয়াও মোৰ চকুৰ সমুখত ভাঁহি
থকা বাবে মই তৎক্ষণাত উত্তৰ দিব পৰা নাই৷“আজি মালিকো ঘৰত নাই৷ সাধাৰণ কিবা
অলপ ৰান্ধিলে হ’বনে?”মই লাহেকৈ ‘হ’ব’ বুলি ক’লোঁ৷
টকলা মূৰত ওপৰলৈকে লোৱা ওৰণি, কপালৰ বলিৰেখা,
বগা ৰঙৰ শাড়ী পিন্ধা এওঁ গাভৰুকালত বৰ ধুনীয়া আছিল৷ তাৰ সাক্ষী হ’ল তেওঁৰ
সুগঢ় মুখৰ আকৃতি আৰু গাৰ বৰণ৷ এৱেঁই আমাৰ ৰান্ধনী৷ এতিয়া চাগৈ এওঁৰ বয়স প্ৰায়
পঁয়ষষ্ঠি মান হ’ব৷ হয়, হয় পঁয়ষষ্ঠি হ’ব৷মোৰ ইয়ালৈ অহাৰ সময়ত তেওঁ কৈছিল যে তেওঁ ষাঠিৰ ডেওনা পাৰ কৰিছে৷ ইয়ালৈ অহা
পাঁচ বছৰেই হ’বৰ হ’ল৷ চাগৈ, পঁয়ষষ্ঠিমানৰ বেছিয়েই হ’ব৷ হায়,
বেচেৰী আইতাজনী! এনেহেন বয়সত, ভগৱানৰ নাম
ল’বলগীয়া সময়ত আনৰ ঘৰত আহি কাম কৰিবলগীয়াত পৰিছে৷ এয়াই ভাগ্য!পাঁচ বছৰ আগত মোক ৰান্ধনী এজনীৰ প্ৰয়োজন আছিল৷ মই খবৰ লৈ থকা সময়তে
তিৰুনেলবেলীৰ খুৰী এজনীয়ে তেওঁলোকৰ ওচৰতে বুঢ়ী তিৰোতা এজনী ৰান্ধনী কাম কৰাৰ বাবে
সাজু হৈ আছে বুলি লিখিলে৷ ৰান্ধনী ঘৰৰ কাম নিয়াৰিকৈ কৰিব জানে৷ খুৰীয়ে এই কথাও
লিখিছিল যে সেই বুঢ়ীজনী বৰ ভাল৷ ভাল ঘৰৰ ভাল বোৱাৰী আছিল যদিও বৰ্তমানে দুৰ্দিন
চলি আছে৷ তেওঁৰ হাতেৰে ৰন্ধা আহাৰ অমৃতৰ নিচিনা সোৱাদৰ৷ তুমি কোৱা যদি মই তেওঁক
পঠিওৱাৰ দিহা কৰিব পাৰোঁ৷ময়ো লিখিলোঁ ঠিক আছে৷ আহিবলৈ কওক৷
লগতে অহাৰ বাবে খৰচ হোৱা পইচাও মণিঅৰ্ডাৰ যোগে পঠিয়াই দিলোঁ৷চাৰি দিনৰ দিনাখন আইতাজনী আহিল৷ ভাবিছিলোঁ পঞ্চাছ বছৰমান বয়সৰ হ’ব৷ পিছে
সমুখত থিয় হৈ থকা বুঢ়ীজনী দেখি মই আচৰিত হৈ ৰ’লো৷ হঠাতেই মুখৰ পৰা নিজে নিজে ওলাই
গ’ল- “আৰে! আপোনাকচোন বুঢ়ী যেন দেখি৷ ঘৰ, চৌকা আদিৰ কাম
চম্ভালিব পাৰিবনে? ল’ৰা-ছোৱালীকেইটাও বৰ দুষ্ট, সেই কেইটাকো চাব লাগিব৷ আমাৰ আহাৰ মেজত আনি দিব লাগিব৷ ঘৰৰ অন্যান্য
আচাৰ-অনুষ্ঠান, নীতি-নিয়ম আদিও ইয়াত পালন কৰিব লাগিব৷ তেনে
ক্ষেত্ৰত আপুনি চম্ভালিব পাৰিবনে?”
আইতাই কেৱল মিচিকিয়াইছিল৷ সেই
হাঁহিত যেন এক অনন্য শক্তি আৰু শান্তি লুকাই আছিল৷ ‘‘আই, মই
পাৰিম৷ সকলোবোৰ কথা জানি বুজিয়েই মই আহিছোঁ৷”আইতাৰ বয়স বেছি আছিল যদিও ঘৰৰ কামবোৰ বৰ পৰিপাটিকৈ কৰিছিল৷ তেওঁৰ হাতত
যাদু আছে বুলি ঘৰৰ সকলোৱে কৈছিল৷ কম সময়ৰ ভিতৰতে তেওঁ আমাক সকলোকে আপোন কৰি লৈছিল৷
আইতাৰ অতীতৰ বিষয়ে মই কেতিয়াও কোনোধৰণৰ প্ৰশ্ন কৰা নাছিলোঁ৷ খুৰীয়ে লিখিছিল যে
আইতা এসময়ত ভাল ঘৰৰ বোৱাৰী আছিল পিছে এতিয়া দুৰ্দিন নামিছে৷ খুৰীৰ কথা শুনি সেয়ে
অনাহক আইতাক মই কষ্ট দিব খোজা নাছিলোঁ৷ মাহৰ শেষত মই তেওঁক বেতন যাচিলোঁ৷ আইতাই
সেয়া হাতত নলৈ ওলোটাকৈ মোক কৈছিল “ আই, মই দিয়া এই ঠিকনাটোত
মণিঅৰ্ডাৰ কৰিব পাৰিবানে?” আইতাই নিজৰ ল’ৰাজনৰ ঠিকনা দিছিল৷
মণিঅৰ্ডাৰ ফৰ্মখনত মোৰ দ্বাৰা এই বাৰ্তা কথাও লিখিবলৈ ক’লে, “ইয়াত মই কুশলে আছোঁ৷ নিজৰ স্বাস্থ্যলৈ নজৰ দিবি৷ তোৰ মা৷” বচ্
সিমানখিনিয়েই৷মণিঅৰ্ডাৰৰ ৰচিদ পোৱা গ’ল যদিও, ল’ৰাজনৰ পৰা কোনো
ধৰণৰ উত্তৰ নাহিল৷ এদিন মই নিজেই সুধিলোঁ “আইতা!আপোনাৰ ল’ৰাই কিয় আপোনালৈ চিঠি
নিদিয়ে?”“আই, তাৰ ক’ত সময় হ’ব? কল্লিডকুৰুচীৰ
পৰা চাকৰিলৈ যাবৰ বাবে দহ মাইল চাইকেলেৰে যাব লাগে৷ বেচেৰাৰ চিঠি লিখিবলৈ সময়নো
ক’ত? ”তেতিয়াহে গম পালোঁ যে আইতাৰ ল’ৰাজন কল্লিডকুৰুচীত থাকে আৰু দহ মাইল দূৰৰ
প্ৰাইমাৰী স্কুল এখনত কাম কৰে৷আইতা ইয়ালৈ অহা আৰু এমাহ পাৰ হ’ল৷ পিছৰ মাহৰ একত্ৰিশ তাৰিখে আইতালৈ এখন
চিঠি আহিল৷ “হাতত ডাঙৰ ফোঁহা এটা ওলাইছে৷ ঔষধ কিনিব লাগিব৷ এই মাহত পাঁচ টকা
বেছিকৈ পঠাব লাগিব৷”- ল’ৰাই লিখিছে৷আইতাৰ অনুৰোধ মৰ্মে মই এই মাহত পাঁচ টকা বেছিকৈ পঠালোঁ৷ পাছৰ মাহত পুনৰ
সেই একেই কাহিনী৷ কেৱল শব্দত অকণমান
পৰিৱৰ্তন আহিল- “পেটত দুখ পালোঁ৷ চিকিৎসা কৰাব লাগে৷ দহ টকা বেছিকৈ পঠাব লাগে৷”আগৰ মাহত পাঁচ টকাতো বেছিকৈয়ে দিয়া আছে৷ এইবাৰ আকৌ দহ টকা! কি দৰকাৰ?
“আইতা এয়া কেনেধৰণৰ কথা? আপোনাৰ ল’ৰাই প্ৰতিমাহে
এইদৰে পইচা বিচাৰে? অকলশৰীয়া মানুহ এজনক ইমান পইচাৰ দৰকাৰ
হয়নে? তেওঁ মাহিলি বেতন লাভ কৰেনে নকৰে? জানোচা মই দিলোৱেই৷ পিছে এই পইচাবোৰ আপুনি কিদৰে শুজিব?”“আই, এইটো মাহত দি দিয়া৷ লিখিছে পেটত দুখ পাইছে৷
বেচেৰা কি কৰিব? আগলৈ পাবলগীয়া বেতনৰ পৰা এই পইচাখিনি কাটি
দিলেই হ’ল৷ সি এশ সত্তৰ টকা বেতন লাভ কৰে৷ সেইখিনিৰে ঘৰ খৰচ, খোৱা-লোৱা তাতে আকৌ বেমাৰ৷ বেচেৰাটোৱে কি যে কৰিব?”আইতাৰ কথাত মই আশ্বস্ত হ’ব পৰা
নাছিলোঁ৷এনেহেন বুঢ়া বয়সত আনৰ ঘৰত কাম কৰিবলৈ ৰাখিছে৷ তাকো কোনো খা-খবৰ নাই কেৱল
পইচাৰ খবৰ কৰে৷ ৰামুৰ ওপৰত, কাহানিও নেদেখা সেই ল’ৰাৰ প্ৰতি
কোনো ধৰণৰ বিশ্বাস নাইবা সদ্ভাৱনাৰ জন্ম নহ’ল৷পৰীক্ষাৰ বাবে সাজু হ’ব লাগে, চাইকেলখন ঠিক কৰিব
লাগে, পৰুৱাই কামুৰিলে, জ্বৰৰ বাবে
চিকিৎসা কৰিব লাগে, বেতন কাটিছে- এনেধৰণৰ অনেক অজুহাত প্ৰতিমাহে
আহে৷ অবিশ্বাস্য অজুহাত৷ কিন্তু মণিঅৰ্ডাৰ পালে লগে লগে কোনো খবৰ নাই৷ পইচা খোজাৰ
সময়তো আনকি মা কেনে আছে? স্বাস্থ্য কেনে? এনেধৰণৰ মমতা ভৰা এটাও শব্দ নিলিখে৷ কেৱল মণিঅৰ্ডাৰৰ সময়ত কেইটামান পইচা
বেচিকৈ পঠিয়াব লাগে- সেই ৰস নথকা শব্দকেইটাই কেৱল ব্যৱহাৰ হয়৷ আচৰিত হৈ পৰোঁ! হাৰে,
এনেকুৱাও সন্তান থাকেনে?তিনি-চাৰিমাহ এনেদৰেই পাৰ হৈ গ’ল৷
এদিন ধৈৰ্যৰ বান্ধ সুলকি পৰিল আৰু মই চিধাই কৈ পেলালোঁ আইতা, আপোনাৰ ল’ৰাজন কেনেকুৱা ধৰণৰ মানুহ কওকচোন? নিজৰ
মাকক ঘৰত বহুৱাই এসাজ ভালদৰে খুৱাবও নোৱাৰে, ওপৰঞ্চিকৈ
এনেদৰে কামোৰ মাৰি থাকে যে?আইতাই গ্ৰাইণ্ডাৰত চাউল গুড়ি কৰি
আছিল৷ তলমূৰকৈ তেওঁ শান্তভাৱেৰে ক’ব ধৰিলে-“আই, কি ক’ম?
দহটাকৈ সন্তান জন্ম দিলোঁ, পিছে এটাও নাবাচিল৷
শেষত যেনিবা এইজন বাচিল৷ মোৰ চিতাত জুই দিবলৈ ভগৱানে ইয়াকেই ৰাখক৷ সি ভালে ভালে
থাকক সেয়াই মোৰ কামনা৷”ভাবিলো— চাগৈ এয়া মাকৰ মমতা৷ ইমানকেইটা সন্তানৰ ভিতৰত মাত্ৰ এটা সন্তানেই
বাচি আছে যিহেতু মৰমতো থাকিবই৷চাউল খুন্দি খুন্দি আইতাই ক’বলৈ ধৰিলে- “আই, প্ৰথমটো
সন্তান আছিল এজনী ছোৱালী৷ দেখিবলৈ সাইলাখ অপ্সৰাৰ নিচিনা৷ তাইৰ তিনি বছৰ বয়সত মোৰ
নিজৰ বাইদেউৰ ডাঙৰ ছোৱালীজনীৰ বিয়া খাবলৈ যাবলগীয়াত পৰিলোঁ৷ মোৰ ছোৱালীজনীৰ নৰীয়া
দেহা৷ ঘৰৰ মানুহে যাবলৈ মানা কৰিছিল যদিও মই গ’লোঁ৷ সেইখন আছিল দূৰণিবটীয়া এখন
গাঁও৷ এইফালে বিয়া আনফালে মোৰ ছোৱালীজনীৰ ভীষণ নৰীয়া৷ গাঁওখনত ডাক্তৰ এজনো নাই৷
ঘৰলৈ ঘূৰি আহিবলৈ লওঁতেই তাইৰ প্ৰাণ বায়ু উৰি গ’ল৷ কি কৰো? গাঁৱৰ
মানুহে মৃতদেহ এটি এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ নিয়া কথাটো শাস্ত্ৰৰ বিৰুদ্ধ কথা
বুলি ক’লে৷ তাকে দেখি মোৰ বাইদেউৰ শাহুৱেকে কোৰ এখন মোৰ হাতত তুলি দি ক’লে ইয়াতে
কৰবাত গছৰ তলত পুতি থৈ দে৷ তেওঁৰনো কি দোষ? তেওঁলোকে নিজৰ
ঘৰত চলি থকা বিয়া এখনত এনে অমংগল হৈ থকাটো নিবিচাৰে৷ ইফালে মোৰ মনৰ অৱস্থা কোনে
বুজিব? শেষত উপায়ন্তৰ হৈ মই তাতেই তাইক পুতি থৈ দাদাৰ লগত ঘৰলৈ
গুছি আহিলোঁ৷ আচলতে মই পাপী৷” আইতাৰ চকু দুটি সেমেকি উঠিল৷আইতাই পুনৰ ক’বলৈ ধৰিলে “দ্বিতীয় সন্তানটো লিভাৰৰ সমস্যাত ভুগি মৰি থাকিল৷
তৃতীয়টো কন্যা সন্তান আছিল৷ তাই পিন্ধি থকা গহনাৰ লোভত ডকাইতে উঠাই লৈ গ’ল৷ গোটেই
গাঁও বিচাৰি চলাথ কৰা হ’ল৷ দুই- তিনিদিনমান পাছত তাইৰ শৱদেহটো গাঁৱৰ কুঁৱাত ওপঙি
থকা দেখিবলৈ পোৱা গ’ল৷ এনেদৰে এটি এটিকৈ মোৰ সন্তানকেইটা নানা বিলাই-বিপত্তিৰ মাজত
মৃত্যুমুখত পৰিল৷”আইতাই হুমুনিয়াহ পেলাই আকৌ কৈ গ’ল- “ৰজাৰ নিচিনা মোৰ এজন সুযোগ্য সন্তান
আছিল৷ সুন্দৰ আৰু সুস্বাস্থ্যবান৷ মোক বৰ মৰম কৰিছিল৷ কৈছিল-‘মা, তুমি কেতিয়াও মোক নেৰিবা’ তেইছ বছৰ বয়সত তাৰ বিবাহ হ’ল৷ চৌবিছ বছৰত টাইফয়ড
ৰোগত আক্ৰান্ত হৈ তাৰ মৃত্যু হ’ল৷ মা, মা বুলি চিঞৰি থকা
ল’ৰাজন হঠাতে নিশ্চুপ হৈ ৰ’ল৷ আৰু কিমান ক’ম মোৰ দুৰ্দশা !” আইতাই কান্দিবলৈ
ধৰিলে৷পুনৰ তেওঁ ক’বলৈ ধৰিলে “শেষত যেনিবা এটা সন্তান থাকিল৷ সিয়ো বদমাছ আৰু
ধুৰন্ধৰ৷”আইতাৰ কথাত মোৰ বিশ্বাস হোৱা নাই৷
মানুহৰ জীৱনত ইমান সমস্যা থাকিব পাৰেনে? এয়া সম্ভৱনে?
অকলে ইমান দুখ সহ্য কৰাটো? নে আইতাই তেওঁৰ
প্ৰতি সহানুভূতিশীল হোৱাৰ বাবে মনেসজা কাহিনী আৰম্ভ কৰিছে?কিন্তু কেইদিনমানৰ পিছতেই মোৰ ধাৰণা ভুল বুলি প্ৰমাণিত হ’ল৷
মোৰ খুৰীজনী তিৰুনেলবেলীৰ পৰা মাদ্ৰাজলৈ আহিছিল৷ ট্ৰেইনেৰে ঘৰলৈ ঘূৰি
যোৱাৰ সময়ত তেওঁ মোক সুধিলে -“আইতাজনী কেনে আছে? কাম চম্ভালিব
পাৰিছেনে?”মই মূৰ দপিয়াই তেওঁৰ কথাত সহমত প্ৰকাশ কৰিলোঁ৷ কিন্তু নিজকে চম্ভালিব
নোৱাৰি শেষত কৈ পেলালোঁ “খুৰী, আইতাজনী বৰ সাদৰী৷ কিন্তু
তেওঁৰ ল’ৰাজনহে দেখোন অদ্ভুত চৰিত্ৰৰ৷”খুৰীয়ে দীঘল হুমুনিয়াহ এটা মাৰি ক’বলৈ আৰম্ভ কৰিলে – “এই আইতাজনীক তুমি
বোৱাৰীকালত দেখিব লাগিছিল৷ বাহ! কি ৰূপ! ধনী ঘৰৰ বোৱাৰী আছিল৷ হাতে-কাণে -গলে সোণ
আৰু হীৰাৰ অলংকাৰ৷ দামী দামী শাড়ী৷ সাজ-সজ্জাত বৰ চৌখিন আছিল৷ গিৰিয়েক আছিল এগৰাকী
প্ৰখ্যাত অধিবক্তা৷ বহুত সম্পত্তিৰ মালিক৷ পিছে, মানুহজন
আছিল মদাহী৷ দিনৰ দিনটো বন্ধুবৰৰ লগত মদ-জুৱা আদিৰ আড্ডা মাৰি বহি থাকে৷ পিছত কি হ’ব? পইচাবোৰ
পানীৰ দৰে বৈ গ’ল৷ শেষত অ’ত ত’ত ঋণ লৈহে ঘৰ চলাবলগীয়াত পৰিছিল হেনোঁ৷ এওঁ
বেচেৰীজনী বৰ চিধা৷ মনে মনে চব চাই থাকিল৷ দহটাকৈ সন্তান জন্ম হ’ল, পিছে এটাৰ পাছত এটা নানা কাৰণত ঢুকাই থাকিল৷ শেষত সেই ধুৰন্ধৰটো বাছিল৷
গিৰিয়েকৰ মৃত্যুৰ পাছত সম্পত্তিবোৰো অ’ত ত’ত ঋণ পৰিশোধ কৰোঁতে শেষ হ’ল৷ এতিয়া
বেচেৰীয়ে আনৰ ঘৰত কাম বন কৰি জীয়াই আছে৷”কথাখিনি শুনি মই থতমত খালোঁ৷ মানে
আইতাই কোৱা কথাবোৰ সঁচা আছিল৷ খুৰীয়ে ইফালে সিফালে চাই ফুচফুচাই ক’বলৈ
ধৰিলে-“সুযোগ্য সন্তানজনক ভগৱানে নিলে আৰু ধুৰন্ধৰটোক জীয়াই ৰাখিলে৷ সেই বদমাছটোৱে
এতিয়া এজনী ছোৱালী আনিছে৷ ছোৱালীজনী আৰু এখোপ চৰা৷ গুৰু-গোসাই নমনা বিধৰ৷ গাঁৱৰ
সকলোৱে তাক হাঁহে৷ আইতায়ো এই কথা জানে৷ কিন্তু শুনা… তুমি কেৱল এটা কথা মনত
ৰাখিবা যাতে ভুলতো এই কথা আইতাৰ কাণত নপৰে৷ তেওঁ বৰ স্বাভিমানী৷ বুজিছাতো?”এতিয়াহে কথাবোৰ স্পষ্ট হ’ল৷ এনেহেন বয়সত মাকে কষ্ট কৰি উপাৰ্জন কৰা ধন
পুতেকে সেই ছোৱালীজনীৰ নামত খৰচ কৰে বাবে প্ৰতি মাহে তাক পইচাৰ দৰকাৰ হয়৷আইতা অহা পাঁচবছৰমানেই হ’বৰ হ’ল৷ এই ছেগতে আইতাই ল’ৰাটোক এবাৰ চাই আহক
বুলি মই চুটি দিব খুজিছিলোঁ যদিও আইতা মান্তি নহ’ল৷ আইতা কিয় মান্তি হোৱা নাই সেই
কথা মই জানো৷ সেয়ে মই বিশেষ একো নকলোঁ৷ ল’ৰাজনৰ প্ৰকৃত স্বৰূপ মই জনাৰ পাছত মই
আইতাৰ মাহিলী বেতনৰ লগত দহটকা যোগ দি দিলোঁ৷ কিন্তু মই সেই টকা আইতাৰ হাতত
নিদিলোঁ৷ আইতাৰ আগত সেই বিষয়ে জনাবলৈ এদিনাখন মই ক’লোঁ “আইতা আপোনাৰ বেতনৰ লগত
নতুনকৈ অলপ টকা যোগ দিছো৷ আপোনাৰ ল’ৰাজনে সেই কথা জানিলে সেইখিনিও বিচাৰিব সেয়ে মই
সেই টকাখিনি বেলেগকৈ জমা থৈছোঁ৷”প্ৰতিদিনৰ নিচিনাকৈ সিদিনাও আইতাই একেখিনি কথাকেই কৈছিল-“আই, মইনো টকা জমা কৰি কি কৰিম? তাৰ খৰচ অধিক৷ সেয়ে তাৰ
টকাৰ প্ৰয়োজনো অধিক৷ কেৱল ঈশ্বৰলৈ এয়াই প্ৰাৰ্থনা যে তাৰ হাততেই মই যেন চকু মুদিব
পাৰো৷”মই স্তম্ভিত হৈ পৰিলোঁ৷
এই আহিবলগীয়া দীপাৱলীত আইতা মোৰ ইয়ালৈ অহা ছয় বছৰ হ’ব৷
আজি ৰাতিপুৱাৰে পৰা এই শগুণ কেইটাৰ চিঞৰ বাখৰত মই শান্তিৰে শুব পৰা নাই৷
এই অধমকেইটাই ইমান চিঞৰ-বাখৰ কৰিব পাৰে৷ দিন ৰাতি সিহঁতৰ চিঞৰ, ক্ৰন্দনত মই অসহ্য হৈ পৰিছোঁ৷ শেষত বিছনাত থাকিব নোৱাৰি মই উঠি বহিলো৷
ঘড়ীটোলৈ চালোঁ৷ পাঁচ বাজি গৈছে৷ এই পুৱা বেলা শগুণৰ চিঞৰ মোৰ কাণত অসহনীয় ৰাগ এটিৰ
দৰে বাজিবলৈ ধৰিলে; যাৰ বাবে বিছনাত পৰি থকা নাইবা চকু
মুদিবলৈ মোৰ বাবে অসম্ভৱ হৈ পৰিছে৷ মই উঠি আহিলোঁ৷ হাত-মুখ ধুই ৰান্ধনী ঘৰৰ পিনে
গ’লোঁ৷আইতাই সদায় চাৰি বজাত উঠে৷ মন্দিৰত চাকি-ধূপ জ্বলাই তেওঁ ৰান্ধনী ঘৰলৈ
আহে৷ কিন্তু আজি দেখোন তেওঁ ইয়াত নাই৷ ৰান্ধনীঘৰটোও অন্ধকাৰত ডুব গৈ আছে৷মন্দিৰতো চাকি ধুপ জ্বলোৱা নাই৷
আজি এয়া কি হৈছে?
“আইতা… ! আইতা…! ”
নাই কোনো উত্তৰ নাহিল৷
চুইচটো অন কৰি দেখোঁ যে আইতা নিথৰভাৱে বিছনাত পৰি আছে৷ আইতাক এনে অৱস্থাত
দেখি মই বিমোৰত পৰিলোঁ৷লগে লগে মই এখেতক মাতিলোঁ৷ গম পালোঁ যে শুই থকা সময়তে আইতাৰ
স্বৰ্গপ্ৰাপ্তি ঘটিল৷এতিয়াহে লেঠা লাগিল৷ কি কৰা যাব?
খুৰীলৈ খবৰ পঠিয়ালোঁ যে আইতা ঢুকাল৷ যেনেতেনে তেওঁৰ ল’ৰাজন ইয়ালৈ আহিব
লাগে৷প্ৰায় এঘন্টামানৰ পাছত খুৰীয়ে খবৰ
পঠিয়ালে যে তেওঁ ল’ৰাজনক বিচাৰি গৈছিল যদিও সি ঘৰত নাছিল৷ ঘৈণীয়েক আছিল৷ তাই
চিধাকৈ কথা নকৈ ওহ্ বুঢ়ীজনী মৰিল বুলি কৈ ল’ৰা আহিলে জনাই দিম বাৰু বুলি ক’লে৷আমি ৰৈ থাকিলোঁ৷ দুপৰীয়া শেষ হ’ল৷ লাহে লাহে পৃথিৱীখন ক’লা ছায়াই আৱৰি
ধৰিলে৷ এনেসময়তে ডাকোৱালে এখন চিঠি দি থৈ গ’ল৷ চিঠিখন আইতাৰ ল’ৰাজনে পঠিয়াইছে৷ সি
লিখিছে “মোৰ গা ভাল নহয়৷ যাব নোৱাৰিম৷
পাৰে যদি আপোনালোকেই অন্তিম সংস্কাৰ কৰক৷ -ৰামু৷”এয়া কি? কোনে এতিয়া তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন
কৰিব? নিজৰ চিতাত জুই দিবলৈ আশা কৰি যিজনী মাকে তাৰ মংগলৰ
বাবে প্ৰতিদিনে ভগৱানক প্ৰাৰ্থনা কৰিছিল; যাৰ বাবে গোটেই
জীৱনটো দুখ-কষ্ট কৰি কেৱল তাৰ সুখৰ বাবে পইচা পঠাইছিল; হায়! সেই
মাতৃৰ আজি এনে অৱস্থা৷ সন্তানৰ নিজৰ মাতৃৰ প্ৰতি এনে ব্যৱহাৰ? এতিয়া কোনে তেওঁৰ চিতাত জুই দিব?মাত্ৰ, কিছুসময়ৰ চিন্তা৷ ৰামুৰ চিঠিখন দেখিয়েই মোৰ
স্বামীও অত্যন্ত আচৰিত হৈ পৰিছিল৷ কিন্তু লগে লগে তেওঁ এটা নিশ্চিত সিদ্ধান্ত
ল’লে৷ কাষৰ মানুহখিনিক মাতি আনি অন্যান্য যাৱতীয় ব্যৱস্থা কৰা হ’ল৷ কেৱল এইখিনিয়েই
ক’লে “চিন্তা নকৰিবা৷ আইতাই ইমান দিনৰ পৰা কষ্ট কৰি আমাক ৰান্ধি-বাঢ়ি খুৱাইছে৷ মই
তেওঁৰ নিজৰ সন্তান নহ’লেনো কি হ’ল! তেওঁৰ ল’ৰাৰ ঠাইত ময়েই তেওঁৰ চিতাত জুই দিম৷ ”অৱশেষত আইতাৰ সপোন পূৰ্ণ হ’ল৷ তেওঁ আশা কৰা মতে সুপুত্ৰজন বিচাৰি পালে;
যিয়ে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলে৷ আইতা সঁচাকৈয়ে
ভাগ্যৱতী৷ৰামু, ছিঃ! তাৰ কথা মনত পৰিলে মোৰ খং উঠে৷ শৰীৰটো
জ্বলিবলৈ ধৰে৷ ঘৃণাত মুখখন কোঁচ খাই যায়৷
ছিঃ এনেকুৱাও ল’ৰা থাকেনে? এনেকুৱা নিষ্ঠুৰ অন্তৰৰ
মানুহ?নহয়, সি এটা শগুণ৷ জীয়াই থকা সময়ত সি আইতাক আঁচুৰি
আঁচুৰি শেষ কৰি পেলালে, সি মনুষ্য নহয়৷ নিৰ্মম, নিৰ্দয় শগুণ৷ আইতাৰ প্ৰাণ বায়ু ওলাই যোৱাৰ পাছত তেওঁৰ নিৰ্জীৱ শৰীৰটো
দলিয়াই থৈ গ’ল৷ নীচ, নৰাধম৷বাহিৰত শগুণ কেইটাৰ চিঞৰ বাখৰ ক্ৰমাৎ বাঢ়ি গৈ আছে৷ অৱশ্যে, এতিয়া আগৰ দৰে মই সেই শব্দবোৰ শুনি বিৰক্ত নহওঁ৷
এগৰাকী জীৱিত বুঢ়ীক যিজনে আঁচুৰি আঁচুৰি খালে সেই নিষ্ঠুৰ অন্তৰৰ ৰামুতকৈ
এই শগুণবোৰ বেছি ভাল৷ ইহঁতে নিৰ্জীৱ শৰীৰবোৰহে খায়৷ কিন্তু সি…?হয়, আজিকালি শগুণৰ সেই বেসুৰা চিঞৰ-বাখৰৰ শব্দবোৰে
মোক বিৰক্ত কৰি তুলিব নোৱাৰে৷
