গল্প : পানপাত্ৰ / অমৃতা প্ৰীতম

Posted by : translatorsassam
May 29, 2020

পানপাত্ৰ


মূল : অমৃতা প্ৰীতম
অনুবাদ : ড০ মৃদুস্মিতা ফুকন 

বিখ্যাত চিত্ৰকৰ সুমেশ নন্দাক লৈ মই কেইবা বছৰৰো আগতে এই
গল্পটো লিখিছিলোঁ
সেই সময়ত
দিল্লীত তেওঁৰ ছবিৰ এখন একক প্ৰদৰ্শনী হৈ আছিল
যোৱা সপ্তাহটোৰ প্ৰায় প্ৰতিটো দিনৰে কোনোবা
নহয় কোনোবা এখন বাতৰি-কাকতত তেওঁৰ সেই প্ৰদৰ্শনী বা ছবিৰ বিষয়ে কিবা নহয় কিবা লেখা
প্ৰকাশ হৈয়েই আছিল
ভাল ভাল
সমালোচকেও সেই ছবিবোৰৰ বিষয়ে সপ্ৰশংস মন্তব্য দিছিল
চিত্ৰকলা শাস্ত্ৰত অনভিজ্ঞ কিন্তু সূক্ষ্ম
অনিভূতিশীল এজন মানুহৰ ছবিৰ সৈতে যিখিনি সম্পৰ্ক থাকিব পাৰে
,মোৰো সিমানেই আছিলপ্ৰথম যিদিনা মই ছবিখন চাবলৈ গৈছিলোঁ,সেইদিনা নীৰৱে
ছবিবোৰৰ ৰস আস্বাদন কৰোঁতে কৰোঁতে দুখন ছবিৰ সমুখত মই যেন স্থানু হৈ গৈছিলোঁ
ছবি দুখনৰ এখনৰ তলত নাম লিখা আছিল — দুটি পাত এটি কলিআৰু আনখনত পানপাত্ৰ
প্ৰথম ছবিখনত আছিল চাহ-বাগিচাত পাততোলা কেইজনীমান ছোৱালী সেইখনৰ বিষয়ে চিত্ৰকৰজনে নিজেই কেইজনমানক
কৈছিল যে
,
চাহগছৰ একেবাৰে আগটোত এটা সৰু কোঁহপাত থাকে আৰু তাৰ গুৰিতে
থাকে আন দুটি আধা মেলা পাত
। ইয়াৰ ৰং বেলেগ, কোমলতা বেলেগ। তাৰ তলতে থাকে সেই ধৰণৰেই কোমল,সজীৱ আৰু দুটা পাত। তাৰ তলত গছৰ সাধাৰণ পাত সেই যে ডেৰ বা আঢ়ৈটা পাত,সেইবোৰক পাত-তোলাসকলে
বেলেগকৈ ৰাখে
ইবিলাকৰ পৰা যি চাহ হয়,সেয়া বৰ দামী। স্বাদে-গন্ধে অতুলনীয়। আৰু আমি যিবোৰ চাহ খাওঁ,সেয়া আৰু তলৰ টান পাতেৰে তৈয়াৰীআগৰ সেই ডেৰটা পাত এজোপা গছতনো কেইটা থাকে!গছে প্ৰতি হয়তো ছটা বা আঠোটা সেইবিলাকৰ দাম বেছিতো হবই
শিল্পীজনৰ কথাবোৰ শুনি শুনি মই ছবিখন চাই আছিলোঁছবিখনৰ একেবাৰে সমুখৰ মাটিখিনিত যিজনী ছোৱালী
আছে তাইৰ মুখখনৰ আধাতকৈ বেছি অংশ ঢাক খাই আছে
আমি তাইৰ পিঠিৰ ভাগহে দেখিছোঁকিন্তু তাতেই তাই কি যে ধুনীয়া!ছবিখনত এনে
এটা ভাৱ আছিল যেন সেই আটাইকেউজনী ছোৱালী মিলি
, সিহঁত নিজেই
যেন এজোপা চাহগছ
ডাল-পাত মেলা
এজোপা সুন্দৰ গছ
। আৰু সেই সমুখৰ
ছোৱালীজনীয়েই যেন আগৰ সেই কোমল পাতটি
উন্নত,নতুন চকচকীয়া। মই অৱশ্যে মোৰ
এই ভাৱ নিজৰ মনতে ৰাখি থ
লোঁকাকো একো নকলোঁ
দ্বিতীয় ছবিখনৰ নাম পানপাত্ৰ’—সেইখনো এজনী সুন্দৰ অমলিন পাহাৰী ছোৱালীৰ ছবি। ছবিখনে যেন মানুহে কোৱাৰ দৰে কথা কৈছে। সঁচাকৈয়ে, ময়ো জীৱনত কম
ছবি দেখা নাই
। কিন্তু এনে
বাংময় ছবি সচৰাচৰ দেখা নাযায়
এইখনৰ বিষয়ে শিল্পীজনাই একো কোৱা নাইমই কলোঁ –‘এনে পানপাত্ৰত পান কৰিবলৈতো এটা জীৱনেই যথেষ্ট নহ
মোৰ কথা শুনি চিত্ৰকৰজন যেন উচপ খাই উঠিলতেওঁ মোৰ ফালে ঘূৰি চালে বয়স তিনিকুৰিৰ ওচৰে-পাজৰে হ। তথাপিও ভাৱ হল দূৰৈৰ যৌৱনৰ উম যেন তেওঁৰ চাৱনিত ধৰা পৰিছেলে,এই কথা আজিলৈকে কোনেও কোৱা নাই। আপুনি আজি যি কৈছে মই সেইটোকে আঁকিব খুজিছিলোঁ বাকীবোৰৰ কথা বাৰু নকৱেই, মোৰ চিত্ৰকৰ বন্ধুবোৰেও কোনোদিন এই ছবিখনৰ অৰ্থ বুজিবলৈ চেষ্টা নকৰিলে। বৰং ঠাট্টা কৰি কয়, এনে পানপাত্ৰ! আজি শেষ হলে কাইলৈ আৰু এটা……..
ছবিখনৰ এক গভীৰ আকৰ্ষণ আছিল। যি এসপ্তাহ প্ৰদৰ্শনী চলিলমই তাৰে অন্তত: তিনিদিন চাবলৈ গলোঁ। সঁচা কথা কবলৈ গলে সম্পূৰ্ণ প্ৰদৰ্শনীখন নহয়, কেৱল সেই এখনেই ছবি পানপাত্ৰসেইখনকে চাবলৈ
গৈছিলোঁ মই
। কোনো
শিল্পী-সমালোচক হিচাপে নহয়
,ছবি ভালপোৱা এজন দৰদী মানুহ হিচাপে মই মোৰ
মনলৈ অহা সাধাৰণ কথা এটা কৈ পেলাইছিলোঁ
। ভবাই নাছিলোঁ যেসেই কথাষাৰে শিল্পীৰ মন-গহনত আৱদ্ধ হৈ থকা
কোনো বেদনাৰ আৱৰণ এনেদৰে আঁতৰাই দিব পাৰিব

কাংৰা চিত্ৰৰ কাম ভালকৈ শিকিবৰ বাবে এবাৰ মই
অলপদিন কাংৰাভেলীৰ এখন গাঁৱত আছিলোঁ
গাঁওখন আছিল পালমপুৰ চাহ-বাগিচাৰ ওচৰতে। এই দুটি পাত এটি কলিছবিখন মই তাতে বহি আঁকিছিলোঁ। অকণমান মন কৰিলেই দেখিবএই ছবিখনৰ ফৰগ্ৰাউণ্ডত যিজনী ছোৱালী আছে,সে একেজনী ছোৱালীয়েই আছে পানপাত্ৰতো
আপুনি কোৱাৰ আগতে মই এইটো বুজিব পৰা নাছিলোঁমই স্বীকাৰ কৰিলোঁ তথাপি সেই ছবিখন চাই মই কিন্তু প্ৰথম দিনাই মন কৰিছিলোঁ যে,আন আটাইবোৰ ছোৱালী মিলি যেন এজোপা ডাঙৰ গছ,আৰু সমুখৰ এই
ছোৱালীজনী যেন আগৰ পাতটি — আটাইতকৈ সতেজ
,আটাইতকৈ সুন্দৰ
সুমেশ নন্দাৰ বাৰ্ধক্যৰ স্তিমিত দৃষ্টি আকৌ যেন কোনো যৌৱনৰ
আভাত সামান্য উজলি উঠিল
লে,
এইবাৰ মোৰ বিশ্বাস আৰু বাঢ়িলআপুনি নিজেই মোৰ মনৰ কথা টানি বাহিৰ কৰি
উলিয়াইছে
ছবি দুখন আপুনি
যেনেকৈ বুজিছে
,তাতে আপুনি এই ছবিৰ কাহিনী শুনাৰ অধিকাৰো
পাইছে
আজিলৈকে এই
কাহিনী মই কাকো কোৱা নাই

………….
এই ছোৱালীজনীক মই দিয়া নাম টুনী। তাইৰ আচল নামনো কি সেই কথা জানিবলৈ মই
কেতিয়াও চেষ্টা কৰা নাই
। চাহ-পাত তোলাৰ সেই ডেৰ -পাতআঢ়ৈ-পাতৰ কথাও মোক এই
ছোৱালীজনীয়েই শিকাইছিল
শুনি মই ধেমালি কৰি কৈছিলোঁ,তোমালোক ছোৱালীবোৰতো
সেই আগৰ ডেৰপাতেই
। খুব দামীসেই চাহ যে কাৰ কপালত আছে!
এবাৰ বাৰিষাৰ দিন আছিল। জুৰি এটা হঠাতে ৰাষ্টাৰ ওপৰেৰে এনেকৈ বৈছিল
যে কাষৰ গাঁওখনলৈ যাবলৈয়ো কোনো উপায় নাছিল
যাতায়ত একেবাৰে বন্ধ তিনি-চাৰি দিনৰ পাছত জানিবা কোনোমতে ৰাষ্টাৰ চেহেৰাটো ওলাল। মই সেই ফালেৰে গৈ আছোঁ আৰু ইফালৰ পৰা টুনী
আহিছে
মই তাইক কলোঁ,-“হওক তেও,কোনোমতে বৰষুণজাক এৰিল মাজতেতো মোৰ এনে লাগিছিল যে পানী ছাগৈ
নুশুকাবই নেকি
?”-তাৰ উত্তৰত তাই কি কলে জানে?
বাবু,এয়া জানো মানুহৰ চকুৰ
পানী যে
,কোনোদিনে নুশুকাব?’
মই অবাক হৈ তাইৰ মুখলৈ চাই ৰলোঁ। মুখখন ধুনীয়াকিন্তু তায়ো যে এনে কথা এটা কব পাৰে, মইতো কেতিয়াও ভবা নাছিলোঁএই ধৰণৰ কথা মই হয়তো কোনো গল্প-উপন্যাসত পঢ়িছোঁ, কিন্তু টুনীয়েতো সেইবোৰ পঢ়া নাই সমগ্ৰ পৃথিৱীৰ দুখৰ ভাষা তাৰমানে একেই!
মই টুনীৰ সৈতে তাইৰ ঘৰলৈ গৈছোঁ। ঘৰত তাইৰ মাক-দেউতাক,দুজন ককায়েক, এগৰাকী নবৌৱেক সকলো আছেতাইৰ ঘৰ-পৰিয়াল
মন দি চাই চাই মই বুজিবলৈ চেষ্টা কৰিলোঁ যে
এনেনো কি দুখ
এনেজনী সুন্দৰ ছোৱালীৰ মনত থাকিব পাৰে! লাহে লাহে সেইটো জানি গ
লোঁ। টুনীৰ দেউতাকে
টেঁটুলৈকে ধাৰত পোত খাই আছে
সেইবোৰ ঠাইত পণ দি বিয়াৰ কইনা কিনিব লাগে ছোৱালীবোৰৰ দাম ভালেই দুই-চাৰিশৰ পৰা হাজাৰ পৰ্যন্ত। যাৰ ওচৰত টুনীৰ দেউতাকৰ ধাৰসেই মহাজনে পোন্ধৰশ
টকাৰ বিনিময়ত টুনীৰ বাপেকৰ পৰা ছোৱালীজনীৰ দখল পকা কৰি ৰাখিছে
। আৰু টুনীৰ মতে,‘সি মানুহ নহয় বাবুজী, ৰাক্ষস। তাক সপোনত দেখিলেও মই ভয় খাওঁ
এদিন মই টুনীক অকলে পাই সুধিলোঁ,- ‘টুনী,
মই যদি তোৰ এই ভয়ৰ বান্ধোনটো খুলি দিওঁ?’
–‘
সেইটো কেনেকৈ, বাবু?’
–‘
মই টকা পোন্ধৰশ দি দিম। তই তোৰ দেউতাৰক গৈ ক, সেই মহাজনৰ টকাখিনি ঘূৰাই দি তাৰ সৈতে হোৱা বন্দবস্তও ঘূৰাই লওক
আন কোনোবা ছোৱালী হোৱা হলে হয়তো দৌৰি আহি মোৰ ভৰিত ধৰিলেহি -হেঁতেন। পাছে টুনীয়ে আহি একেবাৰে মোৰ বুকুত হাত
দিলেহি
। তাৰ পাছত কলে,
আপুনি মোক বিয়া কৰাব বাবু?’
এদিন মই ধেমালি কৰি টুনীক কৈছিলোঁ, ‘তই হলি এই বাগিচাৰ আটাইতকৈ দামী চাহ কোনে জানে,এই চাহে বা কাৰ পিয়লা ভৰাব?’আজি সেই টুনীয়ে নিজৰ হৃদয়ৰ পাতকেইটা তুলি আনি মোৰ পিয়লাত দিছেহি। কিন্তু মইতো সেই কথা ভবা নাই,তেনে কোনো কথা কবও খোজা নাই। সেইকথা কওঁতে টুনী এনেদৰে উচপ খাই উঠিল,যেন তাইৰ কোলাত
জ্বলি থকা অঙঠা এটাহে পৰিলহি
দপকৈ জ্বলি উঠি তাই সুধিলে,‘তেন্তেমই কি ভিখাৰী বাবু?’
মই কোনো ভাল মানুহ নহয়। মোৰ জীৱনো কোনো সাধু-সন্তৰ জীৱনৰ দৰে নহয়। মোৰ জীৱনলৈ বহুত ছোৱালী আহিছে আৰু গৈছে। অৱশ্যে খুব কম বাটহে মই সিহঁতৰ সৈতে একেলগে
গৈছোঁ
তাৰ পাছত সিহঁত নিজৰ নিজৰ বাটেৰে গুচি গৈছে। গোটেই জীৱন একেলগে যাত্ৰা কৰিবলৈ কাৰোবাক যে
কেতিয়াবা পাব পাৰি
,লাহে লাহে মোৰ সেই বিশ্বাসেই নোহোৱা হৈ গৈছে। টুনীক বুজোৱাৰ চেষ্টা কৰিলোঁএই জীৱনটো বৰ কঠিন অ’,একেবাৰে জুইৰ দৰে। এইটো খাবলৈ হলে তোৰ ওঁঠ জ্বলি যাব। মৰমকৈ মই টুনীৰ ওঁঠৰ ওপৰত আঙুলি বুলাই দিলোঁ টুনীয়ে কলে,‘পাৰিম। যিকোনো ৰকমে
ফুঁৱাই-মেলি ঠাণ্ডা কৰি ল
অৱশ্যে বাগিচা এৰাৰ কথা ভাবিলে দুখ লাগে অ’- এই কথা শুনিয়েই যেন মুহূৰ্তৰ ভিতৰতে মই বুজিব পাৰিলোঁ যেটুনী-একমাত্ৰ এই টুনীৰ লগতে মই বাকী জীৱনৰ সমস্ত বাট যাব পাৰিম
তথাপি মই তাইৰ আৰু মোৰ ভাৱবোৰ ৰিজাই চাব খুজিলোঁ। লোঁ, ‘তই নাজান। ইয়াৰ আগেয়ে মই
কিমান যে ছোৱালীৰ লগত হলি-গলি কৰিছোঁ
ছোৱালীবোৰ মোৰ ওচৰত সুৰাৰ পিয়লাৰ দৰেএটা শেষ হলে আন এটা ভৰাই লওঁ……….
ইমানটো ডাঙৰ কথাৰ উত্তৰত টুনীয়ে হাঁহিলে। লে-,‘কিয় বাবু?আপোনাৰ পিয়াহ পলোৱা নাছিল নেকি?’মই কিবা এটা উত্তৰ দিয়াৰ আগতেই তাই নিজেই কলে-বাৰুকথা দিয়ক মোৰ মনৰ পিয়লা যেতিয়ালৈকে শেষ নহয়, তেতিয়ালৈকে যেন
আপুনি আৰু কোনো পিয়লাতে মুখ নিদিয়ে

মোৰ ভাৱ হ, আজি পৰ্যন্ত যিমান পিয়লা মোৰ ওঁঠলৈ আহিছিল আটাইবোৰ আছিল শৰীৰৰ মদিৰা,মাত্ৰ শৰীৰৰ নিচাৰ
পিয়লা
মনৰ পিয়লাতো
তাৰ মাজত নাছিল!থকাহেঁতেন জানো ইমান সোনকালে শেষ হ
লহেঁতেন? মই মোৰ নিজৰ মনটোক ভালকৈ বুজিবলৈ চেষ্টা
কৰিলোঁ
টুনীৰ মনটোতো
এনেয়ে খাঁটি সোণ
মোৰ সিদ্ধান্তৰ কথা মই টুনীৰ মাক-দেউতাকক জনালোঁ। তেওঁলোক ৰাজী হ মই টকাৰ ব্যৱস্থা কৰিবলৈ চহৰলৈ গলোঁ
সুমেশ নন্দাই যেতিয়া কথা আৰম্ভ কৰিছিলতেতিয়া ঘড়ীৰ কাঁটা আঠৰ ওচৰে-পাজৰে আছিলআঠ বজাত প্ৰদৰ্শনী বন্ধ কৰাৰ সময়সেয়ে হলৰ ভিতৰত তেতিয়া দৰ্শকৰ সংখ্যা কম আছিল। যি দুই-এজন আছিল,তেওঁলোকো লাহে লাহে গলগৈ। সেয়ে কথাৰ ধাৰাটোও মাজতে ৰৈ যোৱা নাছিল কিন্তু ইমান দূৰ যোৱাৰ পাছত শিল্পীজনে নিজেই নীৰৱ হৈ কাহিনীটোক যেন এঠাইত
ৰোৱাই দিলে

মই শিল্পীক দেখিছোঁ। অপেক্ষাৰত কাহিনীক দেখিছোঁ। শিল্পী যেন নিজৰ মাজতে কৰবাত বুৰ গৈ আছেহলৰ দুৱাৰখন বন্ধ কৰিবলৈ আহি দাৰোৱানজন
বাহিৰতে ৰৈ আছেহি
। মই হাতেৰে
ইংগিত দি তাক মানা কৰিলোঁ আৰু অপেক্ষা কৰিবলৈ ধৰিলোঁ হঠাতে ৰৈ যোৱা কাহিনীটোৱেনো
কোন ফালে মোৰ লয় তাক জানিবৰ বাবে

চিত্ৰকৰৰ মুদ খোৱা চকুৰ পতাইদি পানীৰ টোপাল এটা বাগৰি পৰিল সেই টোপালটোৱেই কাহিনীটো ওপঙাই দিলেচিত্ৰকৰে আৰম্ভ কৰিলে
মই যেতিয়া টকা লৈ আহিলোঁ তেতিয়া যথেষ্ট পলম হৈ গল…….
–‘
কি হটুনীৰ দেউতাকে জোৰ কৰি তাইক বিয়া দি দিলে নেকি?’
কথাষাৰ সুধিবলৈ গৈ মোৰ মাতটো কঁপি উঠিল। শিল্পীজনে লাহে লাহে কলে,‘তাতকৈয়ো ভয়ংকৰটুনীয়ে যাক
ৰাক্ষস বুলিছিল
সেই বুঢ়াটোৱে কিবাকৈ ধৰিব পাৰিছিল যেচিকাৰ তাৰ হাতৰ পৰা এৰাই যাব খুজিছে সেয়ে সি ছল কৰি আনৰ হতুৱাই টুনীক বিহ খুৱাই দিলে
আকৌ দীঘলীয়া নীৰৱতাতাৰ শেষত যেন অশ্ৰুবিন্দুৰ দৰেই টুকুৰা-টুকুৰ হৈ আহিল ভঙা-ভঙা কথাবোৰ মই যেতিয়া আহি পালোঁহি, তেতিয়া টুনীৰ চিতাত অলপ অলপ জুই আছিলসেই জুইক সাক্ষী কৰি চিতাৰ চাৰিওফালে সাত পাক
ঘূৰি মই সেই ছাঁইৰ মাজত থকা টুনীক বিয়া কৰালোঁ

ত্ৰিশ-বত্ৰিশ বছৰ বয়সতে হয়তো শিল্পীজনে সেই সাত-পাক ঘূৰিছিল, তাৰ পাছতো আজি প্ৰায় ডেৰকুৰি বছৰে তেওঁ কেনেকৈ সেই সাত-পাকৰ সন্মান ৰাখিছে সেই কথা তেওঁৰ ষাঠি-বাষষ্ঠি বছৰীয়া চকুৱে-মুখে লিখা আছে সুধিবলৈ ৰৈ থকাটো নিষ্প্ৰয়োজন। মই দেখিলোঁ, সমস্ত বিংশ শতাব্দীয়ে তেওঁৰ ভৰি চুই প্ৰণাম কৰিছে
এসময়ত আকৌ তেওঁৰ ওঁঠ কঁপি উঠিলটুনীয়ে কৈছিল,‘মোক কথা দিয়ক বাবু,যিমান দিনলৈকে মোৰ মনৰ পিয়লা শেষ নহয়,তেতিয়ালৈকে
আপুনি যেন আন পিয়লাত ওঁঠ লগাব নালাগে…..এয়াতো টুনী সমুখতে ৰৈ আছে
তাই নিজেই জানে মই আন পিয়লা মুখত তুলিছোঁনে নাই!
টুনীৰ ছবি সমুখতে আছিলমই সেইফালে
চালোঁ
আত্মাৰ
জ্যোতিৰে টলমল এটা পানপাত্ৰ
মৃত্যুৱে তাৰ শৰীৰী অস্তিত্বক তাৰ প্ৰেমিকৰ হাতৰ পৰা কাঢ়ি লৈ গৈছে,কিন্তু তাৰ অস্তিত্বক লৈ শিল্পীৰ মনৰ ভিতৰত জাগি আছে প্ৰেমই টুনীৰ অস্তিত্বতকৈয়ো ডাঙৰ, অনেক উজ্জ্বল,কোমল এক ভাৱমূৰ্তি যাৰ নিচাই শিল্পীৰ সমস্ত জীৱন মতলীয়া কৰি ৰাখিছে। সেই পানপাত্ৰ খালী হোৱা নাই
প্ৰায় এবছৰৰ আগতে সুমেশ নন্দাৰ মুখেৰে মই এই কাহিনীটো
শুনিছিলোঁ
পাছদিনাই মই এইটো গল্পৰ ৰূপত লিখি পেলাইছিলোঁ। কিন্তু সুমেশজীয়ে সেইটো প্ৰকাশ কৰিবলৈ দিয়া
নাছিল
তাত মই ইচ্ছা
কৰিয়েই শিল্পীজনাৰ নামটো সলাই দিছিলোঁ
সুমেশজীয়ে কৈছিল, মোৰ জীৱনৰ শেষ দিনটো পাৰ নোহোৱালৈকে মোৰ কোনো
কথা কোৱাৰ অধিকাৰ নাই
শেষ দিনটো পাৰ হবলৈ দিয়কতাৰ পাছত আপুনি এই গল্পটো ছপাব। আৰু তেতিয়া আপুনি মোৰ নামটোও ৰাখিব, নসলাব কিন্তু
যোৱা সপ্তাহত আপোনালোকে নিশ্চয় দেখিছে,চিত্ৰশিল্পী সুমেশ নন্দাৰ মৃত্যুৰ সংবাদ ছপা হৈছিল। তেওঁৰ ছবি আৰু শৈলীৰ আলোচনাও দুখনমান
কাগজে-পত্ৰে একেলেথাৰিয়ে প্ৰকাশ কৰি আহিছে
দুখনমান চিঠি-পত্ৰও ওলাইছে। খবৰ-কাগজৰ ৰিপৰ্টাৰে যথেষ্ট দৰদী ভাষাৰে লেখিছে শিল্পীজনে শেষ-নি:শ্বাস ত্যাগ কৰা তেওঁৰ শোৱনি-কোঠাটোৰ বেৰত সজোৱা আছিল তেওঁৰ
বিখ্যাত সৃষ্টি
–‘পানপাত্ৰ
আয়ুস কম, পানপাত্ৰ গভীৰ এটা জীৱনত শেষ নহয় শিল্পীয়ে এবছৰৰ আগতে কোৱা গল্পটো শেষ পৰ্যন্ত
অপৰিবৰ্তিত হ
য়েই ৰৈ গময়ো সেয়ে গল্পটো যেনেকৈ লিখিছিলোঁ, তেনেকৈয়ে থৈ দিলোঁসলোৱাৰ নামত কেৱল নামটো সলাই দিছোঁ

 
গল্পকাৰৰ পৰিচয়: ১৯১৯ চনত পাঞ্জাৱত অমৃতা প্ৰীতমৰ জন্ম তেওঁ প্ৰথম উল্লেখযোগ্য পাঞ্জাৱী মহিলা কবিগল্পকাৰউপন্যাসিক তেওঁ ভাৰত আৰু পাকিস্তান উভয়ৰে জনপ্ৰিয় লেখক আছিল   Kagaz Te Canvas শীৰ্ষক উপন্যাসৰ বাবে সন্মানীয় জ্ঞানপীঠ বঁটা লাভ কৰে তেওঁঁ পদ্মশ্ৰী আৰু পদ্মবিভূষণ সন্মানেৰেও সন্মানিত তেওঁঁ  Sunehade নামৰ কবিতা সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল 
২০০৫ চনত নতুন দিল্লীত মৃত্যু হোৱা অমৃতা প্ৰীতম এগৰাকী প্ৰগতিশীল সবল মহিলা লেখিকা হিচাপে জনাজাত

Popular Post

ঐতিহাসিক চিঠি