দৰিদ্ৰ কোন (ব্যংগ ৰচনা)
মূল(হিন্দী) : ৰাজকিশোৰ
অনুবাদ : তাম্ৰপালি ৰাজকোঁৱৰ
সুলভ মূল্যৰ দোকানত কনডমৰ পেকেট বিক্ৰী
কৰিবৰ বাবে বিতৰণ কৰিব পৰা যাব নে নাযায় এই বিষয়ক প্ৰায় ডেৰশ পৃষ্ঠাৰ এটা ফাইল সন্মুখত
লৈ বিষয়াজন হিচাপ নিকাচ কৰাত ব্যস্ত আছিল৷ ফাইলটো ওপৰৰপৰা তললৈ বিভিন্ন জ্যেষ্ঠ বিষয়াই
কনডম বিতৰণ সম্পৰ্কত আগবঢ়োৱা দিহা পৰামৰ্শৰে ভৰি আছিল৷ কিছুমানৰ মতে এই কমডম বিতৰণৰ
জৰিয়তে গ্ৰাম্য অঞ্চলত জন্ম নিয়ন্ত্ৰণৰ হাৰ হ্ৰাস কৰাত সহায় হ‘ব৷ আন কিছুমানৰ মতে আকৌ ই পৰিয়াল নিয়োজনৰ গোটেই প্ৰক্ৰিয়াটোকে
হাস্যাত্মক কৰি পেলাব৷ ফলত গাঁৱত অনৈতিক কাম কাজ বৃদ্ধি হ‘ব৷

জ্যেষ্ঠ বিষয়াসকলে আগবঢ়োৱা এই পৰামৰ্শবোৰে
দায়িত্বত থকা বিষয়াজনক কোনো সিদ্ধান্ত লোৱাত বিপাঙত পেলাইছিল৷ কাৰণ পৰামৰ্শবোৰত বিতৰণ
কৰিব লাগে, নালাগে এই দুয়োটা অৰ্থই সোমাই আছিল৷ কনডম
বিতৰণৰ ফলত হ‘ব পৰা সমস্যাৰ সম্পৰ্কত এজনে ইমানে বিস্তৃতভাৱে
লিখিছে যে তেওঁৰ মতে চাউল আৰু ঘেঁহুৰ দৰে কনডমৰ পেকেটো দোকানৰপৰা চুৰ হ‘ব ৷ লগতে ইয়াক কেন্দ্ৰ কৰি এক ব্যাপক চোৰাং কাৰবাৰ সংঘটিত হোৱাৰো
সম্ভাৱনা আছে৷

তেনেতে বিষয়াজনৰ কেবিনৰ দুৱাৰত টোকৰ পৰিল৷
বিষয়াজনে ফাইলৰপৰা মূৰ আঁতৰাই কিবা কোৱাৰ আগতেই পিয়নজনে প্ৰৱেশ কৰি তেওঁলৈ চাই ক‘লে-চাৰ, আপোনাক লগ কৰিবলৈ মানুহ এজন আহিছে৷ বিষয়াজনে
অলপ ৰুক্ষ স্বৰে ক‘লে, মই এতিয়া ভীষণ ব্যস্ত৷ তেওঁক পিছত আহিবলৈ কোৱাগৈ, যোৱা৷

মই কেইবাবাৰো তেওঁক এই কথা কলো৷ কিন্তু
তেওঁ পিছত আহিবলৈ মান্তি নহয়৷ তেওঁৰ মতে, আজি বুধবাৰ৷ প্ৰতি বুধবাৰে তিনি বজাৰপৰা পাঁচ বজালৈকে সাধাৰণ মানুহক আপুনি লগ ধৰাটো
চৰকাৰী নিয়ম৷ গতিকে..পিয়নজনে মূৰ খজুৱাই উত্তৰ দিলে৷

অফিচাৰজনে ঘড়ীলৈ চালে-চাৰে তিনি হৈছে৷
‘মানুহজনক পঠিয়াই দিয়া‘৷ বিষয়াজনে পিয়নটোক
ক‘লে৷

কিছু সময়ৰ পিছত এজন দাড়ি মোচেৰে ভোবোকা
বয়সস্থ ব্যক্তি কোঠাটোত প্ৰবেশ কৰিলে৷ মানুহজনক দেখিলেই লাগে যে তেওঁ সেই দৰিদ্ৰ শ্ৰেণীটোক
প্ৰতিনিধিত্ব কৰে যি শ্ৰেণীটো কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰৰ বাবে মূৰৰ কামোৰণি হৈ আছে৷
দৰিদ্ৰতা আঁতৰাবৰ বাবে যিমানে চেষ্টা চলোৱা হয়, সিমানে ই বাঢ়িহে গৈ আছে৷ বৰ্তমানে সমগ্ৰ দেশতে দৰিদ্ৰসকলৰ বাবে নিৰন্তৰ চিন্তা
কৰা এটা শ্ৰেণীও উদ্ভৱ হৈছে৷ এওঁলোকৰ জীৱিকা, জীৱন দৰিদ্ৰসকলক ধিয়াই চলি থাকে৷ বিষয়াজনো সেই বিদ্বান শ্ৰেণীৰ৷

কিন্তু বিষয়াজন যিহেতু চৰকাৰী বিষয়া আছিল
গতিকে তেওঁ ধনী-দুখীয়া সকলোৰে লগত কেনেকৈ চলিব লাগে, ব্যৱহাৰ কৰিব লাগে ভালকৈ জানিছিল৷ কাৰণ চাকৰিত সোমোৱাৰ আগতেই এই সম্পৰ্কে তেওঁলোকক
মৌচুৰিত ভালকৈ প্ৰশিক্ষণ দিয়া হয়৷

মানুহজনক আপাদমস্তক চাই বিষয়াজনে সুধিলে, ‘মাহটোত কিমান কনডম ব্যৱহাৰ কৰে?’
প্ৰশ্নটোত মানুহজন থতমত খালে৷ কি উত্তৰ
দিব,
নিদিব এই ভাবত বিমোৰ হৈ বিষয়াজনলৈ চাওঁতে তেওঁ নিজৰ ভুল বুজি
পালে৷ বিষয়াজনৰ মন-মগজু তেতিয়াও ফাইলটোতে সোমাই আছিল৷

তেওঁ পৰিবেশটো সহজ কৰিবৰ বাবে অকণমান
নৰম হৈ বৃদ্ধজনলৈ চাই সুধিলে, কি নাম?
নৰম হৈ বৃদ্ধজনলৈ চাই সুধিলে, কি নাম?
মানুহজনে পেণ্টৰ পকেটৰপৰা এখন কাৰ্ড উলিয়াই
বিষয়াজনক দিলে৷ কাৰ্ডখন হাতত লৈ বিষয়াজনে সুধিলে, ‘এইখন কি?’ মানুহজনে ক‘লে-বিপিএল কাৰ্ড৷ আপুনি এইখন কাৰ্ড চিনি নাপায়৷ এইখন কাৰ্ড আমাৰ
দৰে দৰিদ্ৰসকলৰ বাবে৷

:’তুমি বিপিএল মানে?’ বিষয়াজনে সুধিলে৷
: এতিয়ালৈকে হয়৷ কিন্তু গাঁওবুঢ়াই এতিয়া
এইখন কাঢ়ি নিব বিচাৰিছে৷
এইখন কাঢ়ি নিব বিচাৰিছে৷
মানুহজনৰ অভিযোগটো শুনি বিষয়াজনৰ টিঙিচকৈ
খং উঠি আহিল৷ তেওঁৰ অমূল্য সময় যেন মানুহজনে অবাবত নষ্ট কৰিছে৷ কণ্ঠত ৰুক্ষতা সানি বিষয়াজনে ক‘লে-ইয়ালৈ কিয় আহিছে? পুলিচৰ ওচৰলৈ গৈ ৰিৰ্পট কৰক৷ এইটো সমাজ কল্যাণ বিভাগহে৷

: মই আকৌ সমাজ কল্যাণ বিভাগতেই এইধৰণৰ সমস্যা
সমাধান হয় ভাবিছিলো৷ মানুহজনে ক‘লে৷
সমাধান হয় ভাবিছিলো৷ মানুহজনে ক‘লে৷
: হ‘ব পাৰে৷ কিন্তু এজন মানুহে সদায় কিমানৰ কল্যাণ কৰিব? চৰকাৰে সেইকাৰণে বেলেগ বেলেগ কামৰ বাবে বেলেগ বেলেগ বিভাগ খুলিছে৷
: কিন্তু মহাশয়, মোৰ সমস্যাটো আপুনিয়ে সমাধান কৰি দিয়ক৷ মোক মাত্ৰ এখন চাৰ্টিফিকেট
লাগে,
যি মই দুখীয়া হোৱাৰ প্ৰমাণ দাঙি ধৰিব৷ যদি মই কোনো চৰকাৰী বিষয়াৰদ্বাৰা
এই চাৰ্টিফিকেটখন উলিয়াই জমা নকৰো, তেন্তে গাওঁবুঢ়াই মোৰ বিপিএল কাৰ্ডখন বাতিল কৰিব ৷ তেওঁ দৰিদ্ৰৰ সংখ্যা হ্ৰাস
কৰিবলৈ ওপৰৰপৰা এনে অৰ্ডাৰ আহিছে বুলি কৈছে৷

মানুহজনৰ কথা শুনি বিষয়াজন এইবাৰ গহীন
হ‘ল৷ চকীখন পোনাই ভালদৰে বহি ল‘লে৷ কোনো প্ৰমাণ, যুক্তি নোহোৱাকৈ কোনো
কাগজত একো চহী নকৰিবলৈ তেওঁৰ নিচিনা বিষয়াক আগতেই প্ৰশিক্ষণ দি থোৱা আছে৷ নহ‘লে কেতিয়াবা কোনো ভয়ংকৰ বিপদত পৰাৰ সম্ভাৱনা থাকে৷

: সমস্যাটো ক‘ত? আপুনি দৰিদ্ৰ৷ গতিকে
কোনেও আপোনাৰ বিপিএল কাৰ্ড বাতিল কৰিব নোৱাৰে৷

মানুহজনে তেতিয়া ক‘লে- কথাটো এনেকুৱা মহাশয়, যোৱা মাহত মোৰ মানুহজনী ঢুকালে৷ এইটো মাহত আকৌ ছাগলীজনীয়ে তিনিটা পোৱালি দিলে৷
গাওঁবুঢ়াৰ মতে এতিয়া মই হেনো দুখীয়া নহয়৷ কাৰণ এতিয়া মোৰ পৰিয়ালৰ এজন সদস্যৰ সংখ্যা
কমিল,
যাৰ ফলত বাকী থকা সদস্যৰ আমদানি গাইপতি বাঢ়িল৷ আনহাতে ছাগলীও
এটাৰ ঠাইত চাৰিটা হ‘ল৷ দৰিদ্ৰতাৰ যি সীমা
চৰকাৰে নিৰ্ধাৰণ কৰিছে তাত এতিয়া মই নপৰো৷ যদি মই অচিৰেই চাৰ্টিফিকেটখন জমা নকৰো তেতিয়া
গাওঁবুঢ়াই হেনো ভুৱা তথ্য দাখিল কৰাৰ অভিযোগত মোৰ ওপৰত কেচ ৰুজু কৰিব৷

অফিচাৰজন গভীৰ চিন্তাত ডুব গ‘ল৷ কিছুসময় বিবেচনা কৰি তেওঁ মানুহজনক ক‘লে-চোৱা, মই তোমাক কোনো কাগজতে
চহী কৰি দিব নোৱাৰো৷ মোৰ হাতত কোনো ক্ষমতাও নাই৷

কিন্তু এটা সমাধান দিব পাৰো৷ তুমি এইটো
মাহৰ ভিতৰতে দ্বিতীয় বিবাহ কৰাই লোৱা৷ ছাগলীৰ পোৱালিকেইটাও কাৰোবাক বিক্ৰী কৰি দিয়া৷
তেতিয়া কোনেও তোমাৰপৰা বিপিএল কাৰ্ডখন ল‘ব নোৱাৰে৷ কাৰণ
তুমি আকৌ দুখীয়া হৈ পৰিবা৷

ইয়াৰ পিছত কি হ‘ল, গুচৰীয়াজনে কি সিদ্ধান্ত
ল‘লে মই ক‘ব নোৱাৰো৷ কিন্তু ইমানলৈকে
জানো যে এই সমগ্ৰ কথোপকথন হৈ থকা কালছোৱাত বিষয়াজনে পিতৃসম মানুহজনক এবাৰো চকীত বহিবলৈ
নক‘লে৷