মূল গল্প: থালী কা বেঙ্গন
ৰচনা: কৃষণ চন্দৰ
অনুবাদ: সঞ্জীৱ মজুমদাৰ
মীৰমপূৰত মোৰ ব্যৱসায় মানে ধান্দা প্ৰায় মন্দা হৈ পৰিল অৰ্থাৎ একেবাৰে
বন্ধ হোৱাৰ উপক্ৰম হ’ল। এক কথাত কবলৈ গলে ধান্দা একেবাৰে ধোঁৱাচাঙত উঠিছিল আৰু সিদিনা
মোৰ জেপত মাথো এটা আঠ অনাহে আছিল।

মই জেপৰ পৰা আঠ অনাটো উলিয়াই তাইৰ হাতত গুজি দি কলো, “যা, বজাৰৰ
পৰা বেঙেনা লৈ আহ, আজি বেঙেনা ভাজিৰে ৰুটি খাম।”

তাই ভোৰভোৰালে, “এই বেলাটো বাৰু যেনে-তেনে চলি যাব, সন্ধিয়ালৈ কি
যে হ’ব?”
যে হ’ব?”
“হ’ব, তই ইমান মাথা মাৰি থাকিব নালাগে, ওপৰৱালাই কিবা এটা ব্যৱস্থা
কৰিব নিশ্চয়।”
কৰিব নিশ্চয়।”
তাই বজাৰৰ পৰা বেঙেনা লৈ আহিল। ৰান্ধনিঘৰত পীৰাত বহি প্ৰথম বেঙেনাটো কাটিছিল
হে মাত্ৰ, ভিতৰখন দেখি তাইৰ চকু জলক-তবক লাগি গল।

“আৰৰে….” বুলি কৈ একপ্ৰকাৰ আটাহ পাৰি উঠিল।
“কিনো হৈছে অ?'”
মই একেকোবে ৰান্ধনিঘৰ পালোগৈ। তাই আধা কটা বেঙেনাৰ টুকুৰাটো মোৰ ফালে আগবঢ়াই
দি ক’লে, “চাওকচোন এইয়া কি লিখা আছে?”
দি ক’লে, “চাওকচোন এইয়া কি লিখা আছে?”
মই বেঙেনাৰ টুকুৰাটো বৰ গভীৰভাৱে পৰীক্ষা নিৰীক্ষা কৰি চালোঁ। বেঙেনাৰ
গুটিবোৰ এনেদৰে ইটোৰ সতে সিটো লগ লাগি আছে, যেন কোনোবাই আৰবী লিপিৰ “আল্লাহ্”
শব্দটো স্পষ্ট কৈ লিখিহে থৈছে।

“হে ভগবান…” মই মূৰত হাত দি কলো, এইয়াচোন মুছলমান সকলৰ আল্লাহ্।
পূৰ্বায়া মোহল্লা অৰ্থাৎ য’ত মই আছিলো, সেইটো এটা সানমিহলি মোহল্লা, ইয়াৰ আধা বাসিন্দা
হিন্দু আৰু বাকী আধা মুছলমান সম্প্ৰদায়ৰ।

সেই অলৌকিক বেঙেনা চাবলৈ মানুহবোৰ জাকে জাকে অহা আৰম্ভ হৈ গ’ল। হিন্দু আৰু
খ্ৰীষ্টিয়ান সকলে সেই বেঙেনাৰ ওপৰত বিশেষ আস্থা প্ৰকট নকৰিলে। কিন্তু হাজী মিঞা ছন্ননে
বিশ্বাস কৰিলে আৰু প্ৰথমেই নীতি নিয়মৰ দ্বাৰা যেনে দুচকুত স্পৰ্শ, চুম্বনৰ কৰি
“নজৰ-নৱাজ” কৰিলে। মই বেঙেনাৰ টুকুৰাটো এটা আইনাৰ বাকচত সযতনে সকলোৰে চকুত
পৰাকৈ স্থাপন কৰিলোঁ।

কিছুসময় পিছত এজন মুছলমান সম্প্ৰদায়ৰ লোকে বাকচটোৰ তলত সেউজীয়া ৰঙৰ কাপোৰ
এখন পাৰি দিলেহি। ধঁপাত বেপাৰী মনন মিঞাই আহি সন্মুখত কোৰান এখন ৰাখিলে। তাৰ পিছত আৰু
কি কম!, চহৰৰ সমগ্ৰ মুছলমান লোক সকলৰ মাজত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিল কেৱল মাথোঁ
বেঙেনা।

বিশ্বাস কৰ দোস্ত, ছমাটিপুৰাৰ পৰা মেমন পুৰালৈ আৰু হিজৱাড়েৰ পৰা কামানীগড়লৈ
ইফালে অধ-টিলাৰ, মিঞা চ’কৰ পৰা আৰম্ভ কৰি কাঠিয়াৰা মোহল্লা আদিৰ পৰা অকল মোৰ বেঙেনা
চাবলৈ অহা মানুহৰ ভীৰ লাগি গ’ল। মানুহবোৰে এইদৰেও কবলৈ ললে যে, “আমাৰ আস্থা আৰু
বিশ্বাসৰ সম্পদে, চমক দেখুৱাবলৈ এটা কাফেৰৰ ঘৰতহে ঠাই পালে নে?।”

দিন যোৱাৰ লগে লগে মানুহবোৰৰ দৰ্শনৰ মাত্ৰা আৰু দোৱা উপসনা বাঢ়িবলৈ ধৰিলে।
প্ৰথম পোন্ধৰ দিনৰ মুঠ আয় প্ৰায় সাত হাজাৰ টকা। ইয়াৰে পৰা, দিনে ৰাতি ভাঙৰ নিচা
খাই, বেঙেনাৰ টুকুৰা টো পহৰা দিয়া, স্বাই কৰম শ্বাহক মাত্ৰ টকা তিনিশ দিলোঁ।

পোন্ধৰ-বিছ দিন মান যোৱাৰ পিছত, মানুহবোৰৰ আস্থা আৰু আগ্ৰহ কিছু প্ৰশমন
হোৱা যেন দেখি, এদিন নিশা মানুহজনীক লাহেকৈ জগালো।

বেঙেনাৰ কটা টুকুৰাটো অকণ ওপৰলৈ ঘুৰাই দি তাইক দেখুৱাই সুধিলো, “এতিয়া
চাচোন, কি দেখিছ?”
চাচোন, কি দেখিছ?”
“ওঁম, আৰৰে এইটোচোন ওঁম” মানুহজনীয়ে তৰ্জনী আঙুলিটো থুতুৰিত
থৈ, এক বিশেষ ভংগীমাৰে ক’লে। তাইৰ সমগ্ৰ মুখমণ্ডলত এক অনবদ্য ব্যাকুলতা।

ৰাতিৰ ভিতৰতে মই পন্ডিত ৰাম দয়ালৰ দুৱাৰত গৈ টুকুৰিয়ালো আৰু তেখেতক জগাই
বেঙেনাৰ টুকুৰাটোৰ পৰিৱৰ্তিত ৰূপ দেখুৱালো। পণ্ডিত ৰাম দয়ালে প্ৰায় চিৎকাৰ কৰি ক’লে,
“আৰৰে, এইয়া চোন ওঁম হয়, ওঁম। ইমান দিনে মুছলমান বিলাকক বুৰ্বক বনাই আছিলা!”

তাৰ পিছত আৰু কি হ’ব পাৰে ভাবি চোৱা? বনজুইৰ দৰে কথাটো সমগ্ৰ চহৰখনত বিয়পি
পৰিল যে, বেঙেনাৰ টুকুৰাত আচলতে “ওঁম” বুলিহে লিখা আছিল। এইবাৰ পণ্ডিত ৰাম
দয়ালে ঘটনাক্ৰমৰ ওপৰত আধিপত্য বিস্তাৰ কৰিলে। দিনে নিশাই আৰতি আদি হ’ব ধৰিলে। ৰাইজে
লগে ভাগে ভজন কীৰ্তন কৰিলে আৰু সমানে মুক্তহস্তে দান-দক্ষিনাও আগবঢ়ালে। মই ৰাম দয়ালৰ
ভাগৰ টকাখিনি বেলেগে হিচাব কৰি থলো, মোৰ কথা হ’ল সকলোৱে নিজৰ নিজৰ পৰিশ্ৰমৰ সুফল পোৱাটো
অতি প্ৰয়োজনীয় যদিও বেঙেনাৰ টুকুৰাটোৰ সৰ্বস্বত্ব মোৰ ওচৰতেই সংৰক্ষিত হৈ থাকিল।
এতিয়া ভিন ভিন চহৰৰ পৰা ডাঙৰ ডাঙৰ সাধু-সন্ত, স্বামী-মহাত্মা সকল বেঙেনা দৰ্শনৰ উদ্দেশ্যে
আহিব ধৰিলে। চহৰৰ বিভিন্ন স্থানত ভাষণ-প্ৰবচনৰ বন্দোৱস্ত কৰা হ’ল আৰু তাত ধৰ্মৰ গৰিমাৰ ওপৰত তেজস্বী ভাষণো দিব ধৰিলে।
পচিশ দিনৰ ভিতৰত নগদ পোন্ধৰ হাজাৰ মান টকা উঠিল লগতে সোনৰ খাৰু এপাত আৰু সোণৰ আঙুঠি
এটাও পোৱা গ’ল। কিন্তু দিন যোৱাৰ লগতে, লাহে লাহে মানুহৰ উৎসাহ আৰু উদ্দীপনা পুনৰ সেমেকিব
ধৰিলে।

গতিকে কি কৰা যায়! মই ভাবিলো এইবাৰ আকৌ নতুন কিবা উপায় এটা উলিয়াব লাগিব।
ভাবি ভাবি এদিন বেঙেনাৰ টুকুৰাত থকা ওঁমটো খুচৰি অকণ বেছিকৈ পোনাই দি নিশা মানুহজনীক
জগালো আৰু সুধিলো, “এতিয়া কি দেখিবলৈ পাইছ, কচোন?” তাই দেখিয়েই হতভম্ব
হৈ পৰিল। মুখত আঙুলি এটা থৈ কলে, “হে ৰাম, এইটো চোন খ্ৰীষ্টান বিলাকৰ ক্ৰুছৰ প্ৰতিচ্ছবি।”

“শশশ..” মই নিজৰ ওঠত
আঙুলি এটা থৈ কলো,”কাকো একো ক’ব নালাগে, কাইলৈ ৰাতিপুৱা মই পাদুৰী ডিওৰেণ্ডক
লগ কৰিম।”

বেঙেনাৰ টুকুৰাটোত খোদিত পৱিত্ৰ ক্ৰুছৰ প্ৰতিচ্ছবি চাবলৈ পাদুৰী ডিওৰেণ্ডে
লগত এঘাৰ জন খ্ৰীষ্টিয়ান লোক লৈ আহিল। বেঙেনাত পৱিত্ৰ ক্ৰুছৰ প্ৰতিচ্ছবি দেখি নিজৰ
বুকুত ক্ৰুছৰ আকৃতি বনোৱাৰ ভংগিমা কৰি খ্ৰীষ্টীয় ভজন গালে। মূৰত জালিকটা ৰূমাল, ধুনীয়া
বগা ফ্ৰক আৰু সুডোল পেন্ট পিন্ধা মহিলা সকলে একদৃষ্টে ক্ৰুছৰ প্ৰতিচ্ছবি চাই চাই থৰ
লাগি গ’ল।

ক্ৰমান্বয়ে চহৰখনত এক চেপা উত্তেজনা বিৰাজ কৰিবলৈ ধৰিলে। হিন্দু সকলে কলে
বেঙেনাত ওঁমৰ আকৃতি আছে, মুছলমান সকলৰ মতে আল্লাহ আৰু খ্ৰীষ্টিয়ান সকলে ক্ৰুছৰ প্ৰতিচ্ছবি
থকা বুলি দাবী কৰিলে। ঘটনা বাঢ়ি গৈ ইজনে সিজনলৈ, শিল দলিয়া দলিৰ পৰ্যায়লৈ ৰূপান্তৰিত
হ’ল। লাহে লাহে দুই এটা ছুৰীৰে আক্ৰমণ কৰাৰ ঘটনাও ঘটিল।

ছমাটিপুৰাত দুজন হিন্দুক হত্যা কৰিলে আৰু মিস্ত্ৰী মোহল্লাত তিনিটা মুছলমান।
এজন খৃষ্টানক চহৰৰ প্ৰধান চ’কত হালাল কৰা হ’ল। প্ৰশাসনে চহৰত ১৪৪ ধাৰা বলবৎ কৰিলে।

যিদিনাখন মোৰ গ্ৰেপ্তাৰী পৰোৱানা জাৰী আৰু বলবৎ হোৱাৰ কথা, তাৰ আগনিশা বেঙেনাৰ
টুকুৰাটো মোৰী নদীত উটুৱাই দিলোঁ। ঘৰৰ সকলো বয়-বস্তু বান্ধি-কুন্ধি মানুহজনীক কলো,
“বেলেগ এখন চহৰলৈ গৈ বেলেগ কিবা ধান্দা আৰম্ভ কৰিম, ব’ল।”

“তাৰ পিছত! তেতিয়াৰ পৰাই মই বোম্বাইত আছোঁ।”
মীৰমপূৰত সেই দুমাহৰ ভিতৰত কৰা ইনকামৰ টকাৰে এখন টেক্সী কিনিছিলো। যোৱা
চাৰি বছৰ ধৰি টেক্সী চলাই সৎ পথেৰে উপাৰ্জনৰ বাট মোকলাইছোঁ।”

এই কথাখিনি কৈ উঠি মেজৰ পৰা কাঁচৰ গিলাচটো হাতত তুলি ললো আৰু একে শোহাই
শেষ ঢোক এটা মাৰি গিলাচটো একেবাৰে খালী কৰি পেলালোঁ।

হঠাৎ মোৰ দৃষ্টি, মোৰ সন্মুখৰ মেজখনত পৰিল, গিলাচৰ তিতা তলীয়ে মেজৰ ওপৰত
এটা নক্সাৰ সৃষ্টি কৰিছে। মই মোৰ লগৰ টেক্সী ড্ৰাইভাৰ যাৰ সন্মুখত মোৰ কাহিনী গাই
আছিলো, মুহম্মদ ভাইক সুধিলো, “মুহম্মদ ভাই, চোৱাচোন মেজৰ ওপৰত এইটো কি চিন যেন
লাগিছে, আল্লাহ নে ওঁম?

মুহম্মদ ভাইয়ে মেজৰ ওপৰত থকা চিনটো বৰ মনোযোগেৰে পৰ্যবেক্ষণ কৰিলে, মোৰ
ফালে চাই, জোৰেৰে মোৰ পিঠিত ঢকা এটা মাৰি কলে, “আব্বে চালা, এই খন বোম্বাই হয়
বুজিছ বোম্বাই, ইয়াত ওঁম বা আল্লাহ, ক্ৰুছ এইবোৰ একো নাই, ইয়াত যি আছে সেইটো হৈছে
টকা, কেৱল টকা।”

ইমানখিনি কৈয়েই মুহম্মদ ভাইয়ে এটা ভুল শব্দ মোহৰাৰ দৰে মেজৰ ওপৰত থকা
পানীৰ চিনটো একেবাৰে মোহাৰি পেলালে।
পানীৰ চিনটো একেবাৰে মোহাৰি পেলালে।
গল্পকাৰৰ পৰিচয়ঃ কৃষণ চন্দৰ চোপ্ৰা ভাৰতীয় সাহিত্যজগতৰ এক প্ৰথিতযশা নাম। ১৯১৪ চনত অবিভক্ত ভাৰতবৰ্ষৰ ৱজিৰাবাদত (বৰ্তমান পাকিস্থান) জন্মগ্ৰহণ কৰা কৃষণ চন্দৰ এগৰকী উৰ্দু আৰু হিন্দী সাহিত্যৰ উজ্জ্বল ভোটাতৰা। বৃটিছ ভাৰত তথা স্বাধীনোত্তৰ ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থাক তীব্ৰ ক্ষুৰধাৰ সমালোচনা কৰিবলৈ তেওঁ লিখিছিল ৰাজনৈতিক আৰু সামাজিক প্ৰহসন সাহিত্য। পৰৱৰ্তী কালত তেখেতৰ বেছিভাগ ৰচনাই বহু দশক ধৰি পাঠকৰ মন-মগজুত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। এক কথাত তেখেতক ভাৰতৰ মাৰ্ক টোৱেন বুলিব পাৰি। আশীৰ দশকত, স্কুলীয়া ছাত্ৰাৱস্থাত থাকোতে,
চৰকাৰী কাম-কাজৰ শামুকীয়া গতি, ৰঙা ফিটাৰ মেৰপাক আদি সকলো দিশ সামৰি লিখা “জামুন কা পেড়” নামৰ গল্পটো পঢ়িছিলো। এই গল্পটোৱে মোৰ কুমলীয়া বয়সৰ বিবেকক জোকাৰি যোৱা বাবেই হয়তো পৰৱৰ্তী কালত ২০০০ চনত এই গল্পটোৰ দ্বাৰা অনুপ্ৰাণিত হৈ “বিড়ম্বনা” নামৰ এখন একাঙ্কিকা নাটক ৰচনা কৰিছিলো। নাটকখন ত্ৰিপুৰাৰ আগৰতলাত অনুষ্ঠিত এখন নাট প্ৰতিযোগিতালৈ বুলি নিৰ্বাচিত হৈছিল। মোৰ নাটকখন চোৱাৰ পিছত এজন দৰ্শকৰ পৰা গম পাইছিলো যে যশস্বী নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰেও এই গল্পটোৰ ছাঁ লৈ “সেই গছজোপা” নামৰ নাটক এখন লিখিছিল। পিছলৈ দূৰদৰ্শন আৰু ‘চব‘ টিভিত প্ৰদৰ্শিত আৰু পংকজ কাপূৰে মূচুদ্দিলাল নামৰ চৰিত্ৰ এটাত অভিনয় কৰা “অফিচ অফিচ” নামৰ টিভি চিৰিয়েলখনৰ আত্মাটো আছিল কৃষণ চন্দৰৰ “জামুন কা পেড়”।
শ্বেইক্সপীয়েৰৰ “কমেডী অব্ এৰৰছ্” নাটকখনে হলীউড, হিন্দী আৰু দক্ষিনৰ চিনেমাত ডাবল্ ৰোলৰ চিনেমাক আজিও সফলতাৰে প্ৰভাবিত কৰাৰ দৰেই কৃষণ চন্দৰৰ প্ৰহসনমূলক গল্প আৰু উপন্যাস সমূহে সামাজিক বাৰ্তা বহন কৰা ভাৰতীয় উপ মহাদেশৰ ছবি আৰু চিৰিয়েল সমূহক প্ৰভাবিত কৰি আহিছে।
“জামুন কা পেড়” গল্পটোৰ ৰচনাকাল জানিব নোৱাৰিলো যদিও আনুমানিক পঞ্চাশ বা ষাঠিৰ দশকৰ হব। কিন্তু এই গল্পটোৰ যথাৰ্থতা আজিৰ তাৰিখতো সময় সাপেক্ষিক, পঢ়ি চালে গম পাব।