গল্প : এটা অলৌকিক কথন অথবা কেৱল কাৱৈমাছ / শমীক ঘোষ

Posted by : translatorsassam
July 21, 2020

 এটা অলৌকিক কথন অথবা কেৱল কাৱৈমাছ

মূল (বাংলা) : শমীক ঘোষ

অসমীয়া অনুবাদ : মীনাক্ষী বৰপাত্ৰগোহাঁই


কবি নীলমণি ফুকনৰ সৈতে গল্পকাৰ শমীক ঘোষ


 

গৰ্ভ  ফালি ওলাই অহা 
কলা চিঞাহীৰে আকাশখন ভৰি পৰিছে ৷ ঠিক কলা হেলমেটৰ দৰেই কঠিন  এক আৱৰণ
শিলগুটি  এটা খুব জোৰেৰে মাৰি পঠিয়ালে যেনেকৈ ঠক্‌কৈ  এটা শব্দ হব ৷ সিমানেই কঠিন ৷ মৰি যোৱা কলা হিমেৰে  ঘনীভূত হৈ পৰিছে আকাশ ৷ মাজ নিশা শুই থকা চহৰখনত দুই এটা জ্বলি থকা  লাইটৰ  শুভ্ৰ পোহৰ আহি পৰিছেহি আন্ধাৰ নিশাটোত ৷ আকাশত
হালধীয়া মৰা জোন ৷ তাৰ ঠিক তলতেই
, আকাশত এঢলীয়া হৈ ওলাইছে
লা বলৰ দৰে তিনিটা বোমা ৷

 

অস্পষ্ট আন্ধাৰত সুবলে, বাঁওহাতখন মুখৰ ওচৰলৈ চপাই আনে ৷ যেন সি সময়ৰ গতিক স্তব্ধ কৰিব
বিচাৰিছে ৷ স্তব্ধ কৰিব বিচাৰিছে বোমাৰ অনিবাৰ্য পতন ৷ কিছু ক্ষণ
, যেন মহাকালৰ সমস্ত নিয়মক উলংঘা কৰি  বহ্মাণ্ডৰ 
দৰে চিৰস্থায়ী হ
ব বিচাৰে ৷

 

তিনিটাকৈ বোমা শৰীৰত ফুটিলে, তেজৰ কণিকা চিটিকি জোনৰ গাত পৰিব ৷

 

মানুহটোৱে যেন ধৰি  ৰাখিব বিচাৰিছে ৷ ৰেললাইনৰ শিলগুটিৰ মাজত যেন লুকাই
থাকিব বিচাৰিছি ৷ সি নাযায় ৷ কোনো পধ্যেই সি নাযায় ৷ অথচ তাক  বলপূৰ্বক চোঁচৰাই নিছে চাৰিজন মানুহে ৷ সিহঁতৰ ভৰিৰ
আঘাত লাগি ৰেললাইনৰ শিলগুটিবোৰ চৰ চৰকৈ শব্দ কৰি উঠিছে ৷ পোন সৰলৰেখাৰ দৰে কেইবাটাও
ৰেললাইন ৷ দূৰে দূৰে কোনো কোনো ঠাইত হালধীয়া বাল্বৰ পোহৰ পৰি আছে ৷  আন্ধাৰৰো যে আছে অমোঘ নিয়ম ৷ এটা মানুহক টানি লৈ
গৈছে চাৰিজনে ৷ যেন বহু পুৰণি এখন ধূসৰ  ছবি
, হঠাৎ জীৱন্ত হৈ উঠিছে ৷ অলপ পিছতে হাতত চৰু এটা উলমাই এজন মানুহ
৷ আৰু একেবাৰে পিছত সুবল ৷

 

মানুহটোৱে হাত ভৰি আচাৰিছে ৷ অবিৰাম মাৰ
খাই তাৰ মুখত  তেজেৰে কৰাল মাৰি ধৰিছে ৷ দাঁতবোৰ
ভাঙি গৈছে তাৰ ৷ বিৰক্তিকৰ ভাৱে বেসুৰাকৈ সি কৈছে –
এৰি দে, এৰি দে, আৰু নকৰোঁ ৷ মাৰ শপত, এৰি দে৷

ৰৈ গল সিহঁত – এই ঠাইতে সুবল ৷

সুবল অলপ অপ্ৰকৃতিস্থ ৷ মূৰ লৰাই লৰাই, চোঁচৰাই চোঁচৰাই শৰীৰটোক 
যেন লৈ গৈছিল ৷

ইয়াতে ?  হয়, ইয়াতে ৷

 

 গাধোৱা ঘৰৰ গোন্ধ এটা ভাহি আহিছে ৷ ৰেললাইনৰ কাষত
পৰি আছে গুটখাৰ পেকেট
, প্লাষ্টিক, চেনিটেৰী নেপকিন, দুই এটা ব্যৱহৃত কণ্ডম ৷ মৰা জোন  আৰু দূৰৰ
হালধীয়া বাল্বে ঠাইটুকুৰাত অলপ ছাঁ আৰু অলপ পোহৰৰ সৃষ্টি কৰিছিল ৷ সুবল ৰৈ গ
ল ৷ দিয়াচলাই মৰাৰ সামান্য শব্দ, অকণমান পোহৰ পৰিল তাৰ কলা মুখখনৰ ওপৰত
৷ তাৰপাছত নুমাই যোৱা  কেৱল ৰঙা এক বিন্দু ৷
চিগাৰেট জ্বলিছে ৷

 

মানুহটোক সি লুটিয়াই দিলে ৷ বান্ধি থোৱা
হাতদুখনৰ মাজেৰে হাত এখন সোমোৱাই এজনে নিশ্চিত কৰিলে মানুহটোৰ উঠিব নোৱাৰা আৰু শুব
নোৱাৰা অৱস্থাটো ৷ মানুহটোৱে বৰ জোৰেৰে কেঁকাই উঠিল ৷ এৰি দে মাৰ শপত
, এৰি দে ৷ সুবল নিঃশব্দে আঁতৰি যায় ৷ তাৰ পেশীবোৰ টান হৈ উঠিছে
৷ অপ্ৰকৃতিস্থ অৱস্থাটো যেন আৰু নাই ৷ জোৰকৈ চিগাৰেটটোত হোঁপা এটা মাৰিলে ৷ চিগাৰেটৰ
ছাঁইখিনি আঙুলিৰে টুকুৰিয়াই পেলালে ৷ তাৰপাছত ঘপ্‌ কৰে মানুহটোৰ কপালত লগাই দিলে ৷
ঠিক বাঁও চকুৰ ওপৰত ৷

 

আহহহহ ৷ দীঘলীয়া আৰ্তনাদ, উৰি যোৱা উপগ্ৰহৰ দৰে জঁপিয়াই জঁপিয়াই ৰেললাইনৰ কাষেৰে যাওঁতে
ৰেললাইনৰ ওপৰতে উজুটি খাই পৰি গ
ল ৷

সুবল আগবাঢ়ি আহিছে ৷ মাটিৰ চৰুটোৰ ভিতৰত
ধীৰে ধীৰে ছটফটাই আছে কেইটামান কাৱৈমাছে ৷ জীৱন্ত ৷ পানী নাই সেয়ে  বায়ুতে বাচি থকাৰ প্ৰাণপণ চেষ্টা ৷

মানুহটোৱে বৰ জোৰেৰে মূৰ জোকাৰিলে ৷ এজন  মানুহে তাক ঘোচা মাৰিলে ৷ তাৰপাছত দুহাতেৰে মূৰটো
চেপি ধৰিলে ৷ অন্য এজনে সেইসময়তে লিউকোপ্লাস্টটো খুলি পেলালে ৷ সুবলে ঘপ্‌ কৰে  কপালৰ ওপৰত চিগাৰেটটো বহাই দিলে ৷

আহহহহ ৷ আৰ্তনাদ কৰিব খোজা মানুহটোৰ মুখখন
দাঁতৰ গুৰিতে এহাতেৰে টিপি ধৰিলে ৷  দাঁতৰ মাজত  আঙুলিৰ তীব্ৰ হেঁচাই মানুহটোৰ হা কৈ মেল খোৱা মুখখন
জপাব নোৱাৰা কৰি ৰাখিলে ৷ প্ৰায় নিঃশব্দে ছোঁ মাৰি যোৱাৰ দৰে
, এটা কাৱৈমাছ হাতত লৈ সুবলে মানুহটোৰ মুখত ভৰাই দিলে ৷ তাৰপাছত
খুব জোৰেৰে টেপা মাৰি মুখখন বন্ধ কৰি ৰাখিলে ৷

জিভা লালটিৰ পানীৰে সিক্ত হৈ পৰিছে, সিক্ত হৈ পৰিছে  তালু
৷ নিৰ্বোধ কাৱৈমাছটোৱে পানীৰ সন্ধানত কাণৰ ফুল মাৰি মাৰি
, আলজিভা-ডিঙি-পাকস্থলী ফালি ফালি তললৈ নামি গৈ থাকিল ৷ তেতিয়ালৈকে  চেপা মাৰি ধৰা মুখত লিউকোপ্লাস্টৰ বান্ধ টানকৈ লাগি
ধৰিছে ৷ তেতিয়া বগা লিউকোপ্লাস্ট  হোলোকা হোলোকে
ওলোৱা তেজেৰে ৰঙা হৈ উঠিছে ৷ মানুহটোৰ চকু দুটা যেন বাহিৰলৈ ওলাই আহিব খুজিছে ৷

 

মানুহটোক সিহঁতে এৰি দিলে ৷

 এৰি দিয়া মানুহটো উন্মাদ ষাঁড় গৰুৰ দৰে দৌৰি দৌৰি
ঘূৰিবলৈ ধৰিলে
, তেজেৰে লুতুৰিপুতুৰি হৈ গেঙনি তুলি,  ৰেললাইনৰ  শিলগুটিত বাগৰি বাগৰি, ৰেললাইনৰ চিৰিত মূৰটো খুন্দিয়াবলৈ ধৰিলে ৷ মৃত্যু ওচৰ চাপিলে
ক্লান্ত হৈ হিম শীতল গাৰুত মূৰ থোৱা নহয় ৷ 
মৃত্যু আচলতে বহু সময় ধৰি তীব্ৰ যন্ত্ৰণাত 
কোঙা হোৱাৰ দৰে অৱস্থা ৷

সুবলে পুনৰ চিগাৰেট জ্বলালে ৷ পেণ্টৰ
চেইন খুলি ভাৰহীন হৈ হৈ সি মোবাইলৰ বুটাম টিপি কাণত লগালে ৷ মৃদু সুৰত ক
লে, “কাম হৈ গল ৷

 

আকাশত সিঁচৰতি হৈ থকা মেঘবোৰে  কবন্ধৰ দৰে উদ্দেশ্যবিহীনভাৱে চলাচল কৰি আছিল ৷
ষ্ট্ৰীটলাইটৰ  বগা পোহৰ ঘন হৈ গাখীৰৰ সৰৰ দৰে
চিকচিকিয়া হৈ আছিল সন্মুখৰ ৰাস্তাটো ৷  সুবল
ঘৰলৈ উভতিছিল ৷ অকলে খোজ কাঢ়ি কাঢ়ি ৷ দেৱালে দেৱালে খুন্দা খাই খায় ৷ যোৱা দুটা নিশা
সি ঘৰলৈ অহা নাই ৷ সেইবুলিয়ে কৈছিল দলৰ দাদাজনে ৷ এতিয়া কাগজে কলমে সি পলাতক ৷ অৱশ্যে
কোনো অসুবিধা নাই ৷ হত্যা কৰি পেলোৱা শটো শেষত ৰেলে কটা  শৱদেহৰ লগত মিলি যাব ৷ কেইদিনমান মৰ্গতে গলিব
, তাৰপাছত শ্মশানত পুৰিলে বায়ুৰ লগত মিহলি হৈ যাব ৷ আজিৰ শটোও
তেনেকুৱাই হ
ব ৷ গভীৰ নিশা ৷ বস্তিৰ সকলো মানুহ শুই
পৰিছে
,
কেৱল দূৰৰ পৰা টিভিৰ অস্পষ্ট শব্দ ভাহি আহিছে ৷ হিন্দী চিনেমাৰ
সংলাপ নিশাৰ বস্তিৰ ভিতৰত হেৰাই গৈছে ৷

 

সুবল আহি ঘৰৰ দৰ্জাৰ সন্মুখত ঠিয় হল ৷ টিঙৰ দৰ্জাখনত সৰু সৰুকৈ টোকৰ মাৰিলে ৷

 কোন ?
মাকে সৰুকৈ সুধিলে ৷

মই, দৰ্জাখন খোল ৷

মাকে দৰ্জাখন খুলিলে ৷ আন্ধাৰ হৈ থকা
ঘৰটোৰ ভিতৰত আৰু ঘৰ দেখিবলৈ পোৱা গ
ল ৷ বিছনাত আঁঠুৱা
তৰি শুই আছে ককায়েক আৰু বৌয়েক ৷ তলৰ মজিয়াত বেলেগ এটা আঁঠুৱাৰ তলত একাষে ভনীয়েক শুই
আছে ৷ মাজৰ মাকৰ ঠাইখিনি খালী ৷ আনটো কাষত সুবলৰ শোৱা ঠাই ৷ বিছনাৰ ফালে মূৰ দি মজিয়াত
কোণাকোনিকৈ পৰি থাকে ৷

 

পকেটৰ ভিতৰৰ পৰা সুবলে পিস্তলটো উলিয়ালে
৷ একেবাৰে তলত ভৰাই থোৱা আছিল টকাৰ বান্দিলটো ৷ কেইখনমান নোট সি মাকৰ হাতত গুঁজি দিলে
৷ একো এটা নোকোৱাকৈ  সি মাকৰ চকুলৈ চাই ৰ
ল ৷ মাকে তাৰ চকুৰ পৰা দৃষ্টি আঁতৰাই নিলে ৷ দুয়োৰে মাজত এষাৰো
বাক্য বিনিময় নহ
ল ৷ সুবল শুই থাকিল

 

তাৰ নিচাৰ আৱেশ কটা নাছিল ৷ তাৰ উপৰি
ৰক্তক্ষৰণৰ উত্তেজনা আছিলেই ৷ সুবলে স্থিৰ হৈ শুবলৈ যত্ন কৰিলে ৷ চুক্তি অনুসৰি সি
মেৰো বুঢ়ীৰ ঘাটিলৈ গৈছিল ৷ চুলাইৰ আড্ডা তেতিয়ালৈ ভাগিছিল ৷ অতিশয় নিচাত  অচেতন হৈ থকা ৰিক্সাৱালা
, ঠেলাৱালা কেইটামান তেতিয়া নিচাত মাতাল হৈ লুটি খাই পৰি আছে ৷
যেনিতেনি নিমখ আৰু জলকীয়াৰ অৱশেষ সিঁচৰতি হৈ পৰি আছে ৷ বুঢ়ীয়ে তাক ঘৰৰ ভিতৰলৈ লৈ গ
ল ৷ প্লাষ্টিকৰ বস্তাৰ পৰ্দাখন টানি দিলে ৷ ডাঙৰদাদা  ইয়ালৈ নাহে, দলৰ ফালৰ পৰা বাধা  আছে ৷ ডাঙৰদাদাই কেৱল
টকা পঠিয়াই দিয়ে মেৰোবুঢ়ীলৈ ৷ পাটীৰ ওপৰত  বিৰিয়ানীৰ
পেকেট এটা ৰখা আছিল ৷ টকাখিনি  হিচাপ  কৰি
, কাপোৰ সলাই সুবলে বিৰিয়ানীৰ পেকেট খুলিলে ৷ বগা বগা চাউল, তাৰ লগতে হালধীয়া চাউল 
কেইটামানো  মিহলি হৈ আছে ৷ ভাতৰ মাজত
এটা গোটা  মুৰ্গীৰ ঠেং ৷ সুবলে এগৰাহতে বহুত
ভাত মুখলৈ নিলে ৷ তাৰ পাছত বটলটো মুখলৈ নিলে ৷ আন্ধাৰ ঘৰটোত বহি থাকোঁতে সুবলৰ হঠাতে
সৰুকালৰ কথা এটা মনত পৰি গ
ল ৷ সি তেতিয়া বহুত
সৰু
,
বস্তিৰ কেইটামান লৰাই তাক জোৰকৈ
ঠেলি  খোলা নৰ্দমাৰ ভিতৰত পেলাই দিছিল ৷ গেলা
গোন্ধ
,
লা অপৰিষ্কাৰ পানী ৷
আন্ধাৰ আৰু মূৰৰ ওপৰত গোল এখন আকাশ ৷ ল
ৰাবোৰে হাঁহিছিল
৷ আৰু মাজে মাজে তালৈ শিলগুটি দলিয়াইছিল ৷ সুবলৰ বৰ খং উঠিল ৷ পেশীবোৰ টান হৈ আহিল
৷ আৰু সেই সময়তে সি মুখত  নিমখীয়া উগ্ৰ গোন্ধৰ
এক অদ্ভুত  স্বাদ পালে ৷ ঠিক  দাঁতৰ পৰা তেজ ওলালে যেনেকুৱা হয় তেনেকুৱা ৷ গিলি
পেলালে সুবলে ৷ মুখৰ ভিতৰত আঙুলি ভৰালে সি ৷ মুখৰ ভিতৰত ক
ৰবাত কাটিছে নেকি তাৰে গম লবৰ বাবে চেষ্টা কৰিলে ৷ কিন্তু ধৰিব নোৱাৰিলে ৷ আচৰিত হল সি ৷ পুনৰ এগৰাহ মুখলৈ নিলে ৷ বিৰিয়ানীৰ মাজত তেজৰ গোন্ধ পালে
সুবলে ৷ কোনোবাই যেন বিৰিয়ানীৰ লগত তেজ মিহলাই দিছে ৷ থূই বুলি পেলাই দিলে সি ৷ আবে
! কি কৰিছ 
? কোনোবাই যেন কৈ উঠিল ৷ সি বিৰিয়ানীৰ পেকেটটো হাতত ললে ৷ ভাতবোৰ লিৰিকি চায় ৷ মুখৰ ওচৰলৈ নি গোন্ধ লৈ চায় ৷ বিৰিয়ানীবোৰ
ঠিকেই আছে যেন বোধ হয় তাৰ ৷ সুবলে বটলটো চায় ৷ মুগাবৰণৰ তৰল পানীয়
, মদৰ তীব্ৰ গোন্ধ নাকত লাগে ৷ এঢোক মাৰে সুবলে ৷ হত্যা কৰাটো
তাৰ জীৱনত নতুন কথা নহয় ৷ বিৰক্ত হৈ উঠিছে ৷ ঘামি গৈছে সি ৷


তাৰ 
এনে  লাগিছে ডিঙিৰ ওচৰত যেন কিবা এটা
লাগি ধৰিছে ৷ গিলিব পৰা নাই ৷ সুবলে টকাখিনি পকেটত ভৰাই ল
লে ৷ বিৰিয়ানীখিনি আৰু নাখালে ৷ বাহিৰলৈ ওলাই শেষবাৰৰ বাবে এবাৰ
ঘৰৰ ভিতৰলৈ চকু ফুৰালে ৷ অবাক হৈ চালে
, ঘৰৰ ভিতৰত নিচাত আসক্ত হৈ  প্ৰায় আন্ধাৰত
ধৰাধৰিকৈ কৈ বহি আছে কেবাজনো মানুহ ৷ আৰু  বিৰিয়ানীত
থকা মুৰ্গীৰ টুকুৰা দুটা পেকেটৰ বাহিৰ হোৱাৰ লগে লগে ডেউকা কোবাই ঘৰৰ ভিতৰলৈ উৰি গ
ল ৷

 

সৰুকৈ শব্দ হয় বিছনাখনত ৷ খাৰুৰ ৰুণুকজুনুক
শব্দ ভাহি আহে ৷ মহিলাৰ ফুচফুচনি শুনিবলৈ পোৱা যায় ৷ সুবলে ইকাতি-সিকাতি কৰে ৷ তাৰ
ৰক্ত সঞ্চালন বাঢ়ি যায় ৷ বিছনাৰ পৰা ভাহি অহা শব্দত নাৰী পুৰুষৰ আদিম ইচ্ছাৰ ভাবনা
এটাই  তাকো শিহৰিত কৰি তোলে ৷ সুবলে কাষতে শুই
থকা মাকৰ ফালে চালে
, মাকে  চকুৰ ওপৰত হাত থৈ শুই আছে, টোপনিত আছে নে সাৰ পাই আছে গম পোৱা নাযায় ৷ আৰু মাকৰ সিটো কাষত
শোৱা ভনীয়েকক মনিব নোৱাৰিলে ৷ বিছনাখন অলপ কঁপিছে ৷ সুবলৰ খং উঠি গ
ল ৷ মন গল পিস্তলটো উলিয়াই বিছনাৰ
ফালে টোঁৱাই টিগাৰ টিপি দিব ৷ অশ্লীল শব্দ এটা উচ্চাৰণ কৰিবলৈ মন যায় তাৰ ৷ সি উঠি
বহে ৷ বিছনাৰ শব্দ নাইকিয়া হয় ৷ খাৰুৰ ৰুণুকজুনুক শব্দ  শুনা যায় ৷ লগতে শুনা যায় খৰধৰকৈ চাদৰ লোৱাৰ শব্দ
৷ সুবলৰ শৰীৰৰ পৰা বৰ জোৰত তেজ ওলাবলৈ ধৰিলে ৷ আৰু তেতিয়াই সি পুনৰ তেজৰ গোন্ধ পায়
৷ জিভাত পিছল এক লুণীয়া স্বাদৰ অনুভৱ হয় ৷ ডাঠ জুলীয়া বস্তুৰে যেন মুখৰ ভিতৰখন ভৰি
পৰিছে ৷

 

অচিন খং এটাত সুবলৰ শৰীৰটো কঠিন হৈ গৈছে
৷ দৰ্জাখন খুলি ওলাই অহাৰ পৰত সি আন্ধাৰতে দেখিছিল বিছনাৰ ওপৰত দুটা শৰীৰে লৰচৰ কৰিবলৈ  আৰম্ভ কৰিছে ৷

 

সুবল বাহিৰলৈ ওলাই আহে ৷ তাৰ শৰীৰত বিন্দু
বিন্দু ঘাম ৷ ৰাস্তাটো কঁপি উঠিছে ৷ কাষৰ ঘৰবোৰৰ দেৱালৰ জোঁকাৰণিত ভূমিকম্পৰ ইংগিত
পোৱা গ
  ৷ সুবলৰ ভয় লাগে ৷
দুহাতেৰে দেৱালত ধৰি ৰয় সি ৷ চকুদুটা মোহাৰি চায় ৷ সকলো স্থিৰে আছে ৷ নিচা বেছি হ
ল ক্লা, সি ভাবিলে ৷ মুখৰ ভিতৰত
তেজৰ স্বাদৰ দৰে অনুভৱ হয় ৷ সি নলাৰ কাষলৈ আগুৱাই আহে ৷ কেঁচা নলাৰ ভিতৰত ক
লা কলা পানী , ত ত  লেতেৰা বোকা জমা হৈছে
৷ সেই ক
লা বোকাৰ ওপৰত জোনৰ ডিম্বাকৃতি ছাঁ জিলিকি আছে ৷ সুবলে বহু সময়
ধৰি বমি কৰিবলৈ চেষ্টা কৰি আছে ৷ বমি হোৱা নাই ৷ থূ পেলালে ৷ আৰু সেই থূই নলাৰ পানী
স্পৰ্শ কৰা মাত্ৰেই গোটেই নলাৰ পানী যেন ৰঙা হৈ পৰিল ৷ দূৰৰ স্ট্ৰীট লাইটৰ  সামান্য পোহৰ আহি গলিটোৰ সন্মুখভাগত পৰেহি ৷ সমগ্ৰ
গলি জুৰি অপৰিষ্কাৰ এক ক
লা অৱয়ব ৷ আৰু নলাটো
যেন অবাস্তৱ ধৰণে উজ্জ্বল ৰঙা ৷ ডাঠ ৰঙা তেজ যেন সোঁত ফালি ফালি উটি গৈ আছে সমগ্ৰ নলাটোত

 

সুবল আগ বাঢ়ি গৈ থাকে ৷ ওচৰা-ওচৰিকৈ থকা
বগা স্ট্ৰীট লাইটৰ পোহৰত গোটেইখন আলোকিত হৈ পৰিছে ৷ সুবলে হঠাৎ লক্ষ্য কৰিলে যে তাৰ
ছাঁটো নাইকিয়া হৈ গ
ল ৷ সি পিছলৈ ঘূৰি ছাঁটো
বিচৰাৰ চেষ্টা কৰিলে ৷ নাই ৷ আচৰিত হয় সি ৷ এইবোৰ কি হৈছে
? তেন্তে  সি পাগল হৈছে
নেকি
?
নে নিচা বেছি হৈ গৈছে ?

 

প্ৰকৃতিস্থ হবলৈ চেষ্টা কৰিলে সি ৷ তাৰ বিছনাৰ কম্পনটোলৈ মনত পৰিল ৷ পুনৰ
খং উঠিল তাৰ ৷ দূৰত দুটা কুকুৰে গাত গা ঘঁহাই আছে ৷ মাজে মাজে দৌৰি গৈ ইটোৱে সিটোৰ
গাত জঁপিয়াইছে ৷ সুবলে তাৰ খঙৰ কাৰণ এটা বিচাৰি পালে ৷ ইফালে-সিফালে চাই সি আধাটুকুৰা
ইটা হাতত তুলি ল
লে ৷ চুক চুক কৈ মুখেৰে
শব্দ কৰিলে সি ৷ নেজ লৰাই লৰাই কুকুৰ দুটা আগুৱাই আহিল ৷ এটা কুকুৰে আনন্দতে সৰুকৈ
ভুকিলে ৷ সুবলে হঠাতে  তাৰফালে ইটাৰ টুকুৰাটো
মাৰি পঠিয়ালে ৷ কুকুৰটোৱে নিজকে বচাব বিচাৰিলে ৷ কিন্তু সম্পূৰ্ণকৈ বচাব নোৱাৰিলে ৷
ইটাৰ টুকুৰাটো  তাৰ মূৰ আৰু ডিঙিৰ মাজত গৈ লাগিল
৷ কুকুৰটোৱে কেঙকেঙাই উঠে ৷ তাৰপাছত অলপ দূৰলৈ দৌৰিবলৈ চেষ্টা কৰে ৷ আনটো কুকুৰে তাৰ
শৰীৰটো শুঙি চায় ৷ তাৰপাছত সুবলৰ ফালে চাই ভুকিবলৈ ধৰিলে ৷

 

আঘাত পোৱা কুকুৰটোৱে বমি কৰিবলৈ ধৰে ৷  সুবলে স্পষ্টকৈ দেখা পালে কুকুৰটোৰ কাণ দুখন যেন
দীঘল হৈ গৈছে
, তাৰ শৰীৰটো যেন হালধীয়া হৈ জ্বলিছে ৷
আৰু কুকুৰটোৰ বমিৰ লগত হলহলাই ওলাই আহিছে অসংখ্য ৰক্তাক্ত কাৱৈমাছ ৷ বমিৰ মাজত কাৱৈমাছ
কেইটাই জঁপিয়াই উঠিছে ৷

 

সুবলে অলপ গাটো পোনাব খুজিলে ৷ সি কোনো
মতে গাটো চোঁচৰাই চোঁচৰাই বন্ধ হৈ থকা ৰেচনৰ দোকানখনৰ সন্মুখলৈ আনিলে ৷ তাৰপাছত সি
মজিয়াতে শুই পৰিল ৷ অসম্ভৱ গৰম তাৰ শৰীৰটোৱে যেন 
স্তব্ধ হৈ থকা মাটিখিনিক অলপ তাপ দিলে ৷ সুবলৰ ভাব হয় মাটিখিনি যেন ভীষণ ঠাণ্ডা
৷ আৰু ঠাণ্ডাৰ সেই শীতলতা যেন তাৰ লোমকূপেদি শৰীৰৰ ভিতৰলৈ সোমাই গৈছে ৷ সুবলে চকু দুটা
মুদি দিলে ৷ মজিয়াখন যেন কোমল হৈ আছে ৷ শীতলতাত হেৰাই যায় সুবল ৷

 

ৰাতিটো ক্ৰমান্বয়ে শেষ হবলৈ ধৰিছে ৷ হালধীয়া জোনটো দিগন্তৰ অভিমুখে লাহে লাহে আগ বাঢ়ি
গৈছে ৷ নগৰৰ লাইটৰ পোহৰ কমি আহিছে ৷ আৰু স্ট্ৰীট লাইটৰ পোহৰবোৰে যেন  হঠাৎ অলপ বিষণ্ণতাত ভুগিবলৈ ধৰিছে ৷ আঘাত পোৱা কুকুৰটোৱে
হঠাৎ গাটো জোকাৰি উঠিব  খোঁজে ৷  কিন্তু পাছমুহূৰ্ততে পুনৰ লুটিখাই পৰি যায় ৷ লগৰ
কুকুৰটো তাৰ ওচৰলৈ দৌৰি আহে ৷ মুখখন ওপৰলৈ তুলি জোনটোৰ ফালে চাই ভুকিবলৈ ধৰে ৷ তাৰপাছত
সি ঠেং কেইটা কোঁচাই মৃত কুকুৰটোৰ গাত ঠুতৰিতো লগাই  শুই পৰে ৷ এইসময়তে আকাশত এটুকুৰা সৰু বগা মেঘ হঠাতে
লা হৈ পৰে ৷ আৰু লাহে লাহে মাটিৰফালে নামি আহিবলৈ ধৰে ৷


নগৰখনৰ একেবাৰে কাষলৈ গলে দেখা পোৱা যায় মেঘ টুকুৰাই যেন মহৰ অৱয়ব লৈছে ৷ পিছফালে 
যেন  এডাল সৰু নেজ আছে ৷ এইসময়তে স্ট্ৰীট
লাইটবোৰে বিজুলীৰ দৰে চমকিয়াবলৈ ধৰিলে ৷ আৰু ধূসৰ ঘূৰ্ণিবতাহ এচাটি কুকুৰটোৰ ওচৰৰ পৰা
উৰিবলৈ ধৰিলে ৷ ইয়াৰ পাছত যি দেখা যায় সেইয়া অলপ পোহৰ অলপ আন্ধাৰ ৷ পোহৰৰ কিৰণৰ দৰে
এজন মানুহ ডেউকা মেলি  মেঘৰ ভিতৰৰ পৰা নামি
আহিছে ৷ তেওঁ সুবলৰ শৰীৰ স্পৰ্শ কৰে ৷ পৰম মমতাৰে মূৰত হাত বুলাই দিয়ে ৷ এই সময়ত মৃত
কুকুৰটো হঠাৎ জীৱন্ত হৈ উঠি সহজেই ঠিয় হৈ উঠে ৷ তাৰ গাৰ নোম আৰু নেজডাল দাং খাই যায়
৷ সেই জ্যোতিৰ্ময় পুৰুষে  শুই থকা সুবলৰ বুকুৰ
ওপৰত হাত বুলাবলৈ ধৰে ৷ তাৰপাছত বুকুৰ পৰা সমান্তৰাল দূৰত্বলৈ হাত দুখন লৈ আহে ৷ ক
লা নোমৰ দৰে অসংখ্য সূতাহে যেন টোপনিত লালকাল হৈ থকা সুবলৰ শৰীৰৰ
পৰা বাহিৰ হ
বলৈ ধৰিছে ৷ পোহৰত তাৰ শৰীৰটো উদ্ভাসিত
হৈ উঠে ৷ মানুহজনে খুউব ধীৰ কণ্ঠেৰে উচ্চাৰণ কৰে
অত্তাং উপমং কত্বা ন হনেয্য ন ঘাতয়ে৷ সকলোকে নিজৰ দৰে ভাবিবা, কাকো নামাৰিবা,মাৰিবলৈও নিদিবা ৷ ঘড়ীৰ নিচিনা বস্তু এটা তেওঁ পোচাকযোৰৰ ভিতৰৰ
পৰা উলিয়াই  আনে ৷ সুবলৰ মূৰৰ পৰা অলপ ওপৰতে
ৰাখে ৷ ঘড়ীটো আশ্চৰ্যকৰভাৱে বতাহত উপঙি থাকে ৷ তাৰপাছত অদৃশ্য হৈ যায় ৷ হঠাৎ সকলো পোহৰ
নুমাই যায় ৷ মৃত কুকুৰটো পুনৰ ধপকৈ মাটিত পৰি যায় ৷ কেৱল তাৰ শৰীৰৰ নোমবোৰ কিছুসময়ৰ
বাবে ঠিয় হৈ আছিল যিবোৰ তাৰ লগৰটোৱে শুঙি চাইছিল ৷ স্ট্ৰীট লাইটবোৰ পুনৰ  টিপিয়াই উঠে ৷ তাৰপাছত জ্বলিবলৈ ধৰে ৷

 

টোপনি ভঙাৰ পাছত সুবলক এক অদ্ভুত ধৰণৰ
ভাবে প্ৰভাৱিত কৰিলে ৷ বুকুৰ ভিতৰখন পাতল পাতল লগাৰ দৰে মনত ভাব হ
ল তাৰ ৷ সুবল উঠি বহিলে ৷ তাৰ শৰীৰটো পাতল পাতল লাগিছে ৷ সময়
বহুত হ
ল ৷ মুখৰ ভিতৰত তেজৰ স্বাদ অনুভৱ কৰে সুবলে ৷ থূই কৈ অলপ দূৰলৈ
থূখিনি পেলাই দিয়ে সি ৷ কোনো ধৰণৰ তেজৰ কণিকা দেখা নাপালে ৷ সুবলে ভালদৰে লক্ষ্য কৰিলে
৷ ৰ
দটো কোমল হৈ থকা নাই এতিয়া ৷ ৰেচনৰ দোকানখন খুলিছে ৷ দোকানীৰ
তে চকুৱে চকুৱে পৰাত দোকানীয়ে চকু আঁতৰাই নিলে ৷ বস্তিৰ দুই
এজন লোক বাহিৰলৈ ওলাই আহিছে ৷ ল
ৰাবোৰে আড্ডা মাৰিছে
৷ দূৰৈত ৰাস্তাৰ ওপৰত মৰা  কুকুৰটো পৰি আছে
৷ তাৰ মুখৰ ওচৰত বমি আৰু তেজ ৷ অলপ দূৰত লগৰ কুকুৰটো বহি আছে ৷ তাৰ চকুত বিষণ্ণতা ৷
সুবলৰ মনটো বেয়া লাগে ৷ সি মৰা কুকুৰটোৰ ওচৰলৈ লাহে লাহে আগ বাঢ়ি যায় ৷  কুকুৰটোৰ মূৰটো হাতেৰে এবাৰ চুই চায় সি ৷ সুবলৰ
দুচকু ভৰি আহে ৷ লগৰ কুকুৰটোৱে লাহেকৈ ভুকি উঠে ৷ সুবলে পিছফালে ঘূৰি চাই দেখে ওচৰৰ
মানুহবিলাকে আচৰিত হৈ তালৈকে চাই আছে ৷

 

সুবলে লাজ পায় ৷ অলপ আচৰিতো হল সি ৷ তাৰ মনত পৰিল সৰুকালত এবাৰ সি এটা কুকুৰৰ নেজত ফটকাৰ
পেকেট  বান্ধি দিছিল ৷ আজি মৰা কুকুৰটোৰ বাবে
তাৰ বেয়া লাগিছে ৷ সুবল ঘৰলৈ উভতিল ৷  তাৰ মাকে
অকলে স্টোভ জ্বলাই থকা দেখিলে ৷ সুবলৰ হঠাৎ খুউব কান্দিবলৈ মন গ
ল ৷ তাৰ মাকক এবাৰ সাবটি ধৰিবলৈ মন গল ৷ পাছমুহূৰ্ততে সি নিজেই আচৰিত হয় ৷ তাৰ নিজকে এবাৰ চিকুটি
চাবলৈ মন গ
ল ৷ তাৰ যোৱা ৰাতিৰ কথাবোৰ মনত পৰি গল ৷ ভ্ৰম হোৱাৰ দৰে লাগিল তাৰ ৷ বুকুৰ ভিতৰত এক যন্ত্ৰণা অনুভৱ
কৰিলে সি ৷ তাৰ ভাব হয় তাৰ ডিঙিত যেন পিছল কিবা এটাই বিন্ধা বিন্ধি কৰি  তললৈ নামি গৈছে ৷ তাৰ উশাহ বন্ধ হৈ আহে ৷ গাত কাঁইটেৰে
বিন্ধাৰ দৰে লাগে ৷

 

সুবলে মাবুলি চিঞৰি উঠে ৷ মাক
আচৰিত হয়
,
তেওঁৰ চকুত ভয় ৷

কি ? সুবলৰ মাকে সুধে ৷

একো নাই ৷

 

সুবলে আচৰিত হৈ লক্ষ্য কৰিলে মাকৰ হাত
দুখন যেন শুকাই গৈছে ৷ কাম কৰি কৰি যেন অপুষ্টিত ভুগিছে ৷ সুবলৰ মনত পৰিল কালি ৰাতি
যেতিয়া মানুহটোক  মাৰিছিল
, তেতিয়া তাৰ চকুত ভয়টো কেনে আছিল ৷ সুবলে মূৰ জোকাৰিলে ৷ সি এনেদৰে
কোনোদিন ভবা নাই ৷

 

সি অস্পষ্ট স্বৰত কৈ উঠে, মাৰ্ডাৰ কেছ  আৰু মই
কৰিবলৈ নাই ক্লা ৷

 

 সুবলে দিনটো ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰিলে ৷ গোটেই
দিনটো তাৰ ডিঙিত বিষ এটাই টনটনাই আছে ৷ মাজে মাজে জিভাত ডাঠ লুণীয়া তেজৰ স্বাদ পায়
সি ৷ দুই তিনিবাৰ  থূই পেলাই চায় ৷ থূইত তেজ
নাই ৷ অথচ সি জিভাত তেজৰ স্বাদ পায় ৷ আনকি তাৰ নাকেও তেজৰ গোন্ধ পায় ৷

 

সুবলে পিস্তলটো উলিয়াই আনে ৷ পিস্তলটো
খুলি গুলীবোৰ তাৰ পৰা উলিয়াই থয় ৷ আগত কোনোদিনে 
ইমান অৱশ লগা নাই তাৰ ৷ মূৰটো আচন্দ্ৰাই কৰাৰ দৰে লাগিছে ৷ সি কৰা হত্যাবোৰৰ
এটাৰ পিছত এটাকৈ চকুৰ সন্মুখত ক্ৰমাগতভাৱে অহা-যোৱা কৰিবলৈ ধৰিলে ৷ নিৰ্বাচনৰ সময়ত
সেই যে প্ৰথম বোমা দলিয়াইছিল ৷ অকণমানি ল
ৰা এটাই ডেকা  ৰা এটাৰ গাত
খুন্দা মাৰিছিল
, বোমাটো ফুটাৰ আগতে অকণমানি লৰাটোৱে বিস্ফোৰিত নেত্ৰে সুবলৰ ফালে চাইছিল ৷ সুবলৰ গাটো খোঁচা
বিন্ধা কৰিবলৈ ধৰিলে ৷ সি ভয়তে চকু মুদি দিলে ৷

 

আবেলি পৰ্যন্ত থাকিব নোৱাৰিলে সুবলে ৷
বাইলটো হাতত তুলি লৈ ডায়েল কৰিলে ৷

ডাঙৰদা

কি হল সুবল ? তোক মবাইলত ফোন নকৰিবলৈ কৈছিলোঁ নহয় ৷

ডাঙৰদা দৰকাৰী কথা এটা আছে ৷

মানে ডাঙৰদা মই…

কি হল ক ?

মানে মই যদি কালি…

মূৰ্খামি কৰিছ কিয়  সুবল ? তোক টকাৰ প্ৰয়োজন ?

নহয় ডাঙৰদা, মানে বেলেগ ফালে কিবা এটা বিচাৰি দিব পাৰিব নেকি, চাকৰি টাকৰি ৷ মোৰ আৰু ভাল নলগা হৈছে ৷ ভয় লাগিছে ৷

ৰাতিপুৱা মদ খাইছিলি নেকি ?

নহয় মানে কালি ৰাতিৰে পৰা জানো মোৰ কি
হৈছে ৷

কি ?

ভয়

 

আনটো পক্ষ অলপসময় মনে মনে থাকে ৷ তাৰপাছত
শুনা গ
ল নগদ আঠ বজাত আহিবি ৷ ক্লাবৰ পিছফালৰ ঘৰটোতে মই থাকিম ৷ পিস্তলটো
লগত আছে নহয়
?

অঁ ৷

ঠিক আছে ৷

 

বাইলৰ সংযোগ কাটি যায় ৷ বিৰক্তিদায়ক এটা শব্দ হৈ থাকে ৷ শব্দটো সুবলৰ মূৰত পাকঘূৰণি
খাই থাকে ৷ বমিৰ ভাবটো বাঢ়ি আহে ৷ সুবলে সঁচাকৈয়ে একো নিৰ্ণয় কৰিব নোৱাৰিলে ৷ সি কি
পাগল হৈছে
? যিটো সুবলৰ নামত পাঁচটাকৈ হত্যাৰ গোচৰ
আছে
,  যাক আজি পৰ্যন্ত  কোনেও ধৰিব পৰা নাই, সি হঠাতে আজি ভয় খাইছে কিয় ?

 

ক্লাব ঘৰটোৰ বাহিৰত বহুত নতুন লৰা গোট খাই আছে ৷ সুবল পোনে পোনে দ্বিতীয় মহলালৈ উঠি গল ৷ পিছফালৰ ঘৰটোৰ সন্মুখত দুটা লৰা ৷ সুবলে ইহঁতক চিনি পায় ৷ হেবো আৰু পটলা ৷ বাহিৰৰ  ৰূমটোৰ খিৰিকী খোলা আছে ৷ সুবলে ভুমুকিয়াই চালে
৷ সুবলৰ চকুৱে চকুৱে পৰিল
, চকুৰে  ইংগিত দি সুধিলে, হৈছে  কি বে !

 

ঘৰৰ ভিতৰত  পাৰফিউমৰ উগ্ৰ সুবাস এটা

বিয়পি পৰিছে ৷ ডাঙৰদাদা বহি আছে ৷ টিভিটো
কম ভলিউমত চলি আছে ৷ টিভিত  দি আছে কেটৰিনাৰ
নাচ ৷

 

ডাঙৰদাদাই হাতেৰে ইংগিত দি কলে – বহ ৷

 

 সুবল অস্বস্তিৰে বহিল ৷

কিহৰ ভয় তোৰ ?

নহয় মানে ৷

মাৰ শপত  হঁহুৱালি তই ৷ সুবল তই ভয় কৰিছ ? অৱশ্যে ভয় তই কৰিব লাগিব ৷ আগত নিৰ্বাচন আহি আছে ৷ এতিয়া আমি
ভয় কৰিব লাগিব ৷ কালিৰ ঘটনাটোৰ পাছত সেইফালৰ ল
ৰাবোৰৰ মনত ভয়
সোমাই গৈছে ৷ কাৱৈমাছ হ
বলৈ আৰু কোনেও ইচ্ছা
নকৰিব ৷ ডাঙৰদাদাই মিচিকিয়াই হাঁহিলে ৷

 

পিস্তলটো আনিছ ?

সুবলে মূৰ দুপিয়ালে ৷

 

সুবল  কিহৰ ভয় তোৰ হা ? খাইছ শুইছ ৷ হঠাৎ কি হল তোৰ ? প্ৰেমে ট্ৰেমে পৰিলি নেকি?

 

সুবলে হঁহাৰ চেষ্টা কৰে ৷ মুখ তুলি দেখিলে
ডাঙৰদাদাই তাৰফালে চকুৰ পলক নেপেলোৱাকৈ চাই আছে ৷ সুবলৰ ভয় লাগি গ
ল ৷

 

তোক কোনোবাই ভয় দেখুৱাইছে ? কিবা দিম বুলি কৈছে নেকি ? তই কি বিচাৰ ?

 

নহয় ডাঙৰদাদা বিশ্বাস কৰক ৷ সেইবোৰ একো
নহয় ৷

 

আজি আকৌ যাবি ৷ মাৰি পেলাব  নালাগে ৷ এজনক 
ভয় খুৱাব লাগে ৷ এতিয়া কাম কৰাৰ সময় ৷ এইসময়ত বহুত কাম ৷ এতিয়া যা-তা চিন্তা
মনলৈ আনিলে নহ
ব ৷ এতিয়া ভয়াতুৰ মানুহৰ বাবে মোৰ সময়
নাই সুবল ৷ আমাৰ দলৰো সময় নাই ৷ ডাঙৰদাদাৰ মাতত খং ৷

 

ডাঙৰদাদাৰ মূৰৰ পিছফালে দেৱালত উলমি থকা
ছবিখনে যেন ৰং সলাইছে  ৷ সুবলে ঠিক দেখিলে
, ছবিত থকা হৰিণা দুটা যেন সেউজীয়া হৈ গৈছে ৷ সিহঁতৰ শিঙৰ সলনি
সৰু দুখন কাণ দেখা গৈছে ৷ এটা হৰিণাই হঠাৎ বমি কৰিবলৈ ধৰিলে ৷ বমিৰ মাজত ৰক্তাক্ত কাৱৈমাছে
খলখলাই আছে ৷

 

সুবল হঠাতে উঠি ঠিয় হল ৷ তাৰপাছত দৰ্জাখুলি বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰিলে ৷ দৰ্জাৰ
বাহিৰৰ পৰা হেবো আৰু পটলাই তাক আগুচি ধৰিলে ৷ হেবোয়ে তাৰ মুখত ঘোচা মাৰিলে ৷ পটলাই
সুবলৰ হাতদুখন পিছফালৰ পৰা ধৰি
, কঁকালৰ ওচৰত লুকুৱাই
ৰখা পিস্তলটো উলিয়াই আনিলে ৷ সুবলক ঠেলি ঠেলি ৰূমৰ ভিতৰলৈ সোমোৱাই নিলে ৷

 

আৰে তই ৷ ডাঙৰদাদাই হাঁহিলে ৷

হেবোয়ে সুবলৰ গালত এটা চৰ দিলে ৷

 

বিবেকানন্দ হবলৈ মন গল নেকি তোৰ ? হঠাতে ইমান ভাল হবলৈ মন গল কিয় ? ডাঙৰদাদাৰ মুখত হাঁহি

 

হেবো আৰু পটলা দুয়োটাই হাঁহিছে ৷ হেবোয়ে
হাতদুখনেৰে অশ্লীল ইংগিত দেখালে ৷

 

সুবলৰ ডিঙিতো জ্বলা পুৰা কৰিছে ৷ মুখৰ
ভিতৰত লুণীয়া স্বাদ ৷ সি যেন উশাহ ল
ব পৰা নাই ৷
পিছফালে দেৱালত উলমি থকা ছবিখনৰ ৰং সলনি হৈ ৰঙা বৰণ লৈছে ৷ অসংখ্য কাৱৈমাছে তাৰ ভিতৰত
জঁপিয়াই আছে ৷

 

 সুবলে এটা 
গতা মাৰিলে ৷ পিছফালৰ পৰা ধৰি থকা পটলা পৰি গ
ল ৷ সুবলে সন্মুখত থকা হেবোৰ পেটত ঘোচা মাৰিলে ৷ তাৰপাছত  সি জাঁপ মাৰি ওলাই আহিল ৷ ডাঙৰদাদা ইতিমধ্যে গুচি
গৈছে ৷ অলপ আগতে টেবুলত থকা ড্ৰয়াৰটো খুলিছে ৷ সুবলে জানে তাত এটা অটোমেটিক মেচিন আছে
৷ সি যিমান পাৰে  লৰালৰি কৰিব লাগিব ৷ পটলাই  পোন হৈ পিস্তল উলিয়াই লৈছে ৷ সুবলৰ ভাব হ
ল সেইটো যেন পিস্তল নহয়, তাৰ হাতত এটা কলা কাৱৈমাছে খলখলাই আছে ৷ সুবলে পটলাৰ হাতলৈ লাঠি এদাল দলিয়াই দিলে
৷ পিস্তলটো উফৰি পৰি গ
ল ৷ সুবলে পোনতে বাহিৰলৈ
ওলাই সন্মুখৰ ৰূমটোৰ খোলা খিৰিকীৰে জাঁপ মাৰি দিলে ৷

 

সিপাৰে এটা  ডোবা ৷ তাৰপাছত ৰেললাইনটো ৷ লৰাধপৰাকৈ ডোবাটোৰ ওপৰেদি
উঠি সুবলে দৌৰিবলৈ ধৰিলে ৷ তাৰ পিছে পিছে চাৰি পাঁচটামান ল
ৰা ৷ সুবলে বেগাই দৌৰিবলৈ ধৰিলে ৷ সি দৌৰি থকা লাইনেৰে আহি আছে
এখন ৰেল ৷ সুবলে লাইনটো সলনি কৰিব খুজি উজুটি খালে ৷ মুখ থেকেচা খাই পৰি গ
ল মাটিত ৷ উঠিবলৈ লৈ দেখিলে একেবাৰে আগত আহি থকা লৰাটোৰ হাতত  এটা হাতুৰী
৷ আৰু বাকী ল
ৰাকেইটাৰ  হাতত হাত বোমা ৷

 

প্ৰথম লৰাটো ৰৈ গল ৷ ৰেলখন পাৰ হৈ গল ৷ সিহঁতে হাত বোমা কেইটা দলিয়াই দিলে ৷ আকাশৰ পৰা নামি আহিছে
তিনিটা বোমা ৷ তাৰ অলপ ওপৰতে  হালধীয়া জোন ৷
সুবলৰ ভাব হ
ল সি যেন ঘড়ীৰ কাঁটাৰ টিকটিক শব্দ শুনিবলৈ
পাইছে ৷ আকাশত যেন  এটা প্ৰকাণ্ড ঘড়ী ৷ এডাল
কাঁটাই আন এডাল কাঁটাক যিকোনো মুহূৰ্ততে যেন স্পৰ্শ কৰি দিব ৷

 

 

গল্পকাৰ পৰিচিতিঃ শমীক ঘোষৰ জন্ম ১৯৮৩ চনত কলিকতাত।
তেখেতে ২০১৭ চনত ‘এলভিস ও অমলাসুন্দৰী’ নামৰ গল্প সংকলনটিৰ খনৰ বাবে যুৱ সাহিত্য একাডেমী
বঁটা লাভ কৰিছিল।


Popular Post

ঐতিহাসিক চিঠি