গল্পঃ সৌভাগ্য / প্ৰেম চান্দ

Posted by : translatorsassam
June 10, 2020


সৌভাগ্য


মূল( হিন্দী) : প্ৰেম চান্দ
অনুবাদ : তৃষ্ণা শৰ্মা


নথুৱা নামৰ এক অনাথ লৰা
আছিল । সেই অঞ্চলৰ ৰামভোলানাথ নামৰ এজন দয়ালু মানুহৰ ঘৰত নথুৱাই ঝাড়ু দিয়াৰ কাম
কৰিছিল। ৰামভোলানাথ এজন ধনী লোক আছিল তেখেতৰ একমাত্ৰ ছোৱালীৰ নাম আছিল ৰত্না।ৰত্না
দেখিবলৈ বৰ ধুনীয়া আৰু নম্ৰ। এদিন ৰত্নাই ইংৰাজী ক্লাচ কৰিবলৈ বেলেগ কোঠালৈ
যাওঁতে সেইসময়তে নথুৱাই ৰত্নাৰ কোঠা ঝাড়ু দিবলৈ ৰত্নাৰ কোঠাত সোমাল
,সি ৰত্নাৰ কোঠা দেখি আচৰিত হল ইমান ধুনীয়া ৰত্নাৰ কোমল বিছনা খনত তাৰ শুই চাবৰ মন গল সি একো নাভাবি ৰত্নাৰ বিছনা ত শুই পৰিল ,তেনেতে
ৰামভোলা নাথ কোঠালৈ আহিল আৰু

নথুৱাক ৰত্নাৰ বিছনাত শুই থকা দেখি ,ধমক
দি কলে “তই ইমান সাহস কত পালি
মোৰ ছোৱালীৰ বিছনাত শুবলৈ?”

নথুৱাই ভয়তে ৰামভোলা‌নাথৰ ঘৰৰ পৰা দৌৰি পলাবলৈ ধৰিলে ৰাম
ভোলানাথে মাতিছিল কিন্ত সি পিছলৈ ঘূৰি চোৱা নাছিল।

ৰাতি সি এজোপা গছৰ তলত শুই থাকিল। মাজ ৰাতি এটা সঙ্গীত
পাৰ্টি আহি গান গাবলৈ লাগিল
নথুৱাই সাৰ পায় সিহঁতৰ গান শুনাত লাগিল।
তেনেতে এজনে নথুৱাক মাতি গান এটা গাবলৈ কলে
, নথুৱাই
সাহসেৰে যি জানে গাই শুনালে
, নথুৱাৰ গানশুনি মানুহজনে তাক সাবটি ধৰিলে
আৰু কলে তোমাৰ গলা বৰ ধুনীয়া আজিৰ পৰা তুমি আমাৰ লগতে থাকি গান গাবা। নথুৱা
পাৰ্টিতোৰ লগত গুছি গল।

তিনি বছৰৰ পাছত নথুৱাক সকলোৱে চিনি পোৱা হল । গানৰ লগতে
হাৰমনিয়াম
চেতাৰ
আদিও বজাব পৰা হল। এবাৰ এখন সঙ্গীত সন্মিলন হৈছিল
তালৈ
দেশ বিদেশৰ পৰা বহুত মানুহ আহিছিল। তাত নথুৱাই গান গাইছিল।

নথুৱাৰ প্ৰতিভা দেখি এজন সঙ্গীত বিদ্যালয়ৰ অধ্যক্ষ্ই তাক
এখন সঙ্গীত বিদ্যালয়ত নাম লগাই দিলে।পাচ বছৰৰ পাছত নথুৱাই কৰা প্ৰচেষ্টাৰ বাবে
সঙ্গীত বিদ্যালয়ে তাক সঙ্গীতজ্ঞ উপাধি প্ৰদান কৰে। সুবিধা পায় সি বিভিন্ন বিষয়ত
পাৰ্গত হৈ পৰিল তাকে দেখি চৰকাৰে উচ্চ শিক্ষাৰ বাবে জাৰ্মানী লৈ পথাই দিলে।

পাঁচ বছৰৰ পাছত সি আৰ্চায্য উপাধি লৈ নিজ দেশলৈ ঘূৰি আহিল।

সি উলটি অহাৰ পাছত ভাৰত চৰকাৰে তাক এটা ডাঙৰ চাকৰি দিলে
লগতে এটা বঙলা। বঙলাটো ঠিক ৰত্না থকা ঘৰটোৰ দৰে তাৰ মনত পৰিল সৰু কালৰ কথা ৰত্নাৰ
ৰূমৰ কথা মনতে ভাবিলে ৰত্না নিশ্চয় ডাঙৰ হল।

দিনবোৰ গৈ আছে ৰত্নাৰ দেউতাকে নাজানে আৰ্চায্য নথুৱা যে
বহুত দিনৰে আগতে খেদি দিয়া নথুৱা

এদিন ৰত্নাৰ বিয়াৰ প্ৰস্তাব লৈ আচাৰ্য নথুৱাৰ ওচৰলৈ আহিল , নথুৱাই
বিয়াৰ প্ৰস্তাব মানি ললে।ধুমধামেৰে বিয়া হৈ গল। আচাৰ্য নথুৱে ভাবিলে ৰত্নাক
প্ৰকৃত পৰিচয় দিয়াৰ কথা। ৰত্নাক কবলৈ গৈ সি কোৱাৰ আগতে কলে ম্ই সেইসময়ৰ নথুৱাকো
ভাল পাইছিলোঁ এতিয়া সেই প্ৰেম আৰু গভীৰ হল
, দেউতাই
নাজানিলেও ম্ই আপোনাৰ পৰিচয় সকলো জানো।। আচাৰ্য নথুৱাই ভাবিলে ভাগ্যৰ চকৰি
কেতিয়া কোনফালে ঘূৰে মানুহে কব নোৱাৰে। ৰত্নাৰ দেউতাকৰো আগৰ অৱস্থা নাই ।।

Popular Post

ঐতিহাসিক চিঠি