গল্পঃ সুৰা বিপনীৰ অৰ্জন / ষ্টান আগেইৰা

Posted by : translatorsassam
August 19, 2020

 সুৰা বিপনীৰ অৰ্জন

মূল (ইংৰাজী): ষ্টান আগেইৰা (Stan
Ageira)

অনুবাদ: ধ্ৰুৱ শইকীয়া

স্কুলৰ গাতে লগাকৈ চিৰাগৰ ককায়েক কেতনৰ
ঘৰটো। গেটখন খুলি চিৰাগ সোমাই গ
ল। শিকলিৰে বান্ধি থোৱা
কুকুৰটো ভূকি ভূকি যিমানখিনি পাৰে আগুৱাই আহিল। চিৰাগ আজি প্ৰায় এবছৰৰ মূৰত ইয়ালৈ
আহিছে। সেয়ে কুকুৰটোৱে চিনি পোৱা নাই। চিৰাগে হাতখন ডাঙি এঠাইতে অলপ সময় ৰৈ থাকিল
, তাৰ পিচত ভূকভূকনিলৈ কেৰেপ নকৰি চিৰিৰে উঠি আহি বেল বজাবলৈ হাত
মেলিলে।

 

আহা, সোমাই আহা। কেতনে খিৰিকীখনৰ কাষতে ফুচফুচাই কোৱা কথা কেইটাত মাতটো বৰ
দুৰ্বল শুনা গৈছিল।

 

বেল বজাবলৈ আগবঢ়োৱা হাতখনেৰে দুৱাৰখন
হেচুকি ভিতৰ সোমাল। চিৰাগক ঘৰৰ ভিতৰৰ মদৰ উগ্ৰ গোন্ধ এটাই আদৰণি জনালে।

দুৱাৰখন জপাই দিয়াচোন, নহলে মহ সোমাব। কেতনে এইদৰে চিৰাগক
সাৱধান কৰি দিলে।
খিৰিকীৰ কাঠবোৰ এনেকুৱা
বতৰত বেয়া হয়
, ভালকে বন্ধ নহয়।

 

বজাৰত ভেলক্ৰ লগোৱা উইণ্ডো স্ক্ৰীণ পাই দেখোন। এইয়া চিৰাগৰ পৰামৰ্শ।

খিৰিকীখন অলপ খোল খাই থকাকৈ তেনেকৈয়ে
এৰি তেওঁ কাহি কাহি বহিবলৈ আগবাঢ়িল। একেবাৰে ওচৰৰ পৰা ককায়েকে এক আকলূৱা চাৱনিৰে চিৰাগলৈ
চাওঁতে তেওঁ অস্বস্তিবোধ কৰিছিল। কেতনৰ শেঁতা মুখ আৰু দীঘলীয়া চাৱনিয়ে চিৰাগক অপ্ৰস্তুত
কৰি তুলিছিল। কেতনে আজি বহু দিন চিৰাগক দেখাই নাই। সেয়ে আগত তুলনাত চেহেৰা-পাতি কিমান
সলনি হল সেয়া যেন সহজেই ধৰিব পাৰিছিল। আগৰ সুস্বাস্থ্য আৰু প্ৰাণৱন্ত চালচলন আছিল আনন্দদায়ক।
এতিয়া পিচে উশাহ লওঁতেও শব্দ হয়
, উখহা চকু দুটাৰ গুৰি
লা পৰিছে, গাল দুখনো ওফন্দি আছে, মুঠতে দেখিলেই ধৰিব পাৰি কিবা নহয় কিবা বেমাৰ হৈছে। মাত কথাও
ইমান দুৰ্বল যে অসুখ হোৱাটো নিশ্চিত।


আজি প্ৰায় এবছৰেই হল অলপ পইচা বিচাৰি চিৰাগ এদিন কেতনৰ ওচৰলৈ আহিছিল আৰু সেয়াই
আছিল তেওঁলোকৰ শেষ দেখা। চিৰাগৰ পুতেকে মেডিকেল পঢ়িব খোজাত অলপ পইচাৰ দৰ্কাৰ হৈছিল
, কিন্তু কেতনে নিদিওঁ বুলি কোৱাত চিৰাগ আঁতৰি গ, আহ-যাহ কৰিবলৈয়ো এৰি
দিলে। এনেয়েও এওঁলোক দুজনৰ সম্পৰ্ক বৰ গাঢ় আছিল বুলি কব নোৱাৰি। দহ বছৰ দুয়োৰে বয়সৰ
পাৰ্থক্য। কেতন সদায়েই ধুৰ্ত
, আনক এৰাই চলা বিধৰ আৰু
বন্ধুভাৱাপন্ন মুঠেই নহয়। চিৰাগে নিজকে স্পষ্টবাদী
, খাৰাংখাচ আৰু নিজৰ কথাৰে আনক সৈমান কৰিব পৰা বিধৰ মানুহ বুলি ভাবে। তেওঁলোকৰ দেউতাকে
মদৰ চোৰাং বেপাৰেৰে অৰ্জা ধনৰ কথা মানুহৰ মুখে মুখে। চিৰাগে গ্ৰেজুৱে্ট হৈ চৰকাৰী
চাকৰি এটা যোগাৰ কৰিলে আৰু দেউতাকৰ দিনৰ বদনামী কৰবাৰ পৰিত্যাগ কৰিলে। কেতনে দেউতাকৰ
ব্যৱসায়কে চলাই গ
ল আৰু বিপুল ধন-সম্পত্তিৰ অধিকাৰী হল।

 

আজি কেতনৰ বয়স ষাঠি হওঁ হওঁ। দেখাত তাতোকৈয়ো
বুঢ়া যেন লাগে। তেওঁৰ ঘৈণীয়েকো ঢুকাল
, আজি দহ মাহ মান হৈছে, ডাক্তৰৰ দোষতে এনেকুৱা
ল বোলে। লৰা-ছোৱালী নাছিল তেওঁলোকৰ।
এমাহমান আগতে কেতনে মদৰ দোকানখন বেচিবলৈ ঠিক কৰাৰ লগে লগে বিক্ৰী হৈ গ
ল। ওচৰৰ মানুহে কোৱা কুই কৰিছে কেতনৰ এতিয়া দুখে কুলাই পাচিয়ে
নধৰা অৱস্থা হ
, আগৰে পৰাই মানুহটোৰ
আনৰ সৈতে বিশেষ মিলা মিচা নাই
, ঘৰত আনকি কামকৰা মানুহ
দুনুহো নাৰাখিছিল।

 

মদ খাবা নেকি?” কেতনে বাৰখনলৈ চাই সুধিলে। – , এটা লাৰ্জ পেগ দিবা মোক. চডা আৰু গিলাচ তলতে আছে।

মই ভাবিছিলো তুমি মদ বেচাহে, নোখোৱা। চিৰাগ আচৰিত হৈছিল। কেতিয়াৰ পৰা খাবলৈ ললা?”

মুখত হাঁহি বিৰিঙাবলৈ আপ্ৰাণ চেষ্টা কৰি
কেতনে কলে
–‘দোকান চলি থকালৈকে মদ খাবলৈ মন যোৱা
নাছিল। দোকান এৰাৰ পিচতহে মদৰ বটল খুলিবলৈ শিকিলো। ৰাতিৰ মদ আৰু স্লিপিং টেবলেটে
মোক ৰাতিটো পাৰ কৰাই দিয়ে।

চিৰাগে যতে ততে, মজিয়াত, কাঠৰ বাৰত, মদৰ দাগ দেখিবলৈ পালে। বাৰৰ ভিতৰত বিভিন্ন ধৰণৰ জকমকীয়া বটল।
জমা হৈ থকা মদেৰে কেইবাটাও বছৰ চলি যাব। বাৰৰ কাষতে হুইস্কী বটলৰ কাৰ্টুন ঠাহ খাই আছে।
এইবোৰ কথাকে ভাবি ভাবি চিৰাগে নিজৰ বাবে এগিলাচ মদ বাকি ককায়েককো দিলে।

চিয়েৰ্চচিৰাগে হাত ওপৰলৈ ডাঙি লগতে কলে-তুমি জৰুৰী কথা
আছে বুলি কৈ এনেকৈ মাতি পঠিওৱাত মই আচৰিত হৈছিলো
, কিয় মাতিছিলা?”

“………….”

“………….” কেতনে গিলাচত সোহা মাৰি দীঘলকৈ উশাহ ললে।

তোমাক দেখিলে কিবা অসুখ হৈছে যেন লাগে, আগৰ দৰে হৈ থকা নাই। কি হৈছে কোৱাচোন?”

 

মই এনেয়ে কথা পাতিবলৈ মতা নাই। কেতনে গিলাচটো টেবুলত থৈ দুবাৰমান কাহিলে। ককায়েক-ভায়েকৰ সম্পৰ্কৰ বিষয়ে ফোপোলা কথা কিছুমান কবলৈয়ো
তোমাক মাতি পঠিওৱা নাই। আচল কথাটো কওঁ তেনেহলে
?

 

কৈ যোৱা, শুনিছো মই চিৰাগে মূৰ দুপিয়াই কলে।

ভাল কথা, মোৰ কথাখিনি মন দি
শুনিবা।

এইবুলি কেতনে টেবুলৰ পৰা বগা লেফাফা এটা হাতত তুলি ললে। এই বন্ধ খামটোত অকল তোমালৈ কথা অলপ লিখিছো। কিন্তু এটা চৰ্ততহে
এই খামটো তোমাৰ হাতত তুলি দিম। তুমি কথা দিব লাগিব যে মই নমৰালৈকে তুমি এইটো খুলি
নোচোৱা।

তোমাৰ কথা শুনি ভয় লাগিছে মোৰ। ভায়েকৰ মাতত কঁপনি। –তোমাৰ স্বাস্থ্যপাতিৰ
কথা লিখা নাইতো
? ‘এতিয়া মনে মনে থাকা।
কেতনে কথা আগবাঢ়িবলৈ নিদিয়ে। তুমি তোমাৰ আবেগ অনুভূতি নিয়ন্ত্ৰণত ৰাখিব লাগিব। আবেগিক হলেই মৃত্যু আঁতৰি নাযায়। কোন আগতে মৰিব কোন নমৰে সেয়া কোনেও
নাজানে। মোৰ আগতে তুমিও মৰিব পাৰা
, বা ওলোটাটোও হব পাৰে। সেই কাৰণে তুমি এই খামটো মই নমৰালৈকে নুখুলিবা। মই মৰাৰ
পিচত কি লিখিছো মই সেইখিনি পঢ়ি চাবলৈ তোমাৰ সম্পূৰ্ণ অধিকাৰ আছে।

“…………”

পৰিস্থিতি এইদৰে অভাৱনীয় হৈ পৰাত চিৰাগে
একে সোহাই গিলাচটো উদং কৰিলে। –
তুমিনো কি কোৱা
সেয়া শুনিবলৈ মই উদগ্ৰীৱ হৈ আছো।

ঠিক আছে, তুমি কৈছা যেতিয়া মই
খুলি নাচাওঁ
, ভালকৈ সাঁচি থম, ’ এুইবুলি চিৰাগে কেতনক আশ্বাসবাণী শুনালে।

নহয়, মাত্ৰ মোৰ কিবা এটা
নোহোৱালৈকেহে তুমি খামটো খুলিব নোৱাৰিবা
, তাৰ পিচত মোৰ আটাইখিনি কথাই তুমি পঢ়ি চাবা। এইদৰে চিৰাগক কেতনে শুধৰাই দিলে।

 

এইখিনি বাৰু হ, আৰু কিবা কবা নেকি তুমি? ’ বৰ আগ্ৰহ আৰু সহানুভূতিৰে চিৰাগে এনেকৈ সুধিছিল।

তেনেকৈ সোধাত ভাল লাগিছে, পিচে অইন কথা একো নাই। এতিয়া মই ইয়াতে অকলে থাকি ভাল পাম। এইবুলি কেতনে লেফাফাটো চিৰাগৰ হাতত তুলি দিলে।

 

কেতনে কব খোজা কথাখিনি আছিল অস্পষ্ট।
চিৰাগৰ এনে লাগিছিল ককায়েকৰ কথাবোৰ যেন ইটোৰ লগত সিটো নিমিলে
, সেয়ে একো উৱাদিহ নাপা্ই চিৰাগ লাহে ধীৰে সেই ঠাইৰ পৰা আঁতৰি
আহিল। ককায়েকেনো কি লিখিব পাৰে তাকে গুণা গথা কৰি চিৰাগ ঘৰ আহি পোৱাৰ লগে লগে ঘৈণীয়েক
পল্লৱীৰ প্ৰশ্নৰ সন্মুখীন হব লগা হল।

 

মালিকে মাতি পঠিওৱা চাকৰৰ দৰে তুমি গৈ তেওঁৰ ঘৰ ওলালাগৈ। পল্লৱীৰ কথাত উপলুঙাৰ সুৰ। যোৱা বছৰ আমাৰ লৰাক মেডিকেল পঢ়ুৱাবলৈ ইমান ভালকৈ পইচা
অলপ বিচাৰোতে পোনচাটেই যে না কৰিছিল সেয়া পাহৰিলা। আজি তেওঁ বুঢ়া হৈছে
, ৰা ছোৱালীও নাই। বেংকৰ ইমানসোপা পইচাৰেনো
কৰিব কি
?
তেওঁৰ কাৰণেই আমাৰ লৰাৰ মেডিকেল পঢ়া নহ, এনেয়ে ডিগ্ৰী পঢ়ি আছে।
পিচে তেওঁনো তোমাক কিয় মাতিছিল
?”

 

চিৰাগে গৰ্বেৰে হাতৰ লেফাফাটো দেখুৱাই
ককায়েকৰ আচহুৱা কথাখিনি বৰ্ণণা কৰিলে।

 

কি বা লিখা আছে ভিতৰত?” পল্লৱীৰো মন উচপিচাইছে।

নমৰালৈকে খুলি চাব নোৱাৰা, মৰাৰ পিচতহে। চিৰাগে দোহাৰিলে।

কিনো ইমান ডাঙৰ কথাটো? ’ পল্লৱী যেন ৰব নোৱাৰা হৈছে। আমি পঢ়ি চালে
তেওঁনো কেনেকৈ জানিব
? ’

 

নোৱাৰিম, কাৰণ মই কথা দিছো, আৰু কথা দি মই কথা নৰখাকৈ নাথাকো। লেফাফা নোখোলাকৈ শোৱনী কোঠা পাই চিৰাগে ড্ৰয়াৰ এটাত সুমুৱাই
থলে। ঘৈণীয়েকে মুখেৰে একো নোকোৱাকৈ চিৰাগৰ পিচে পিচে আহি আছিল। অলপ সময়ৰ বাবে পল্লৱীয়ে
মুখেৰে একো মতা নাছিল যদিও মুখখন দেখিলেই ধৰিব পাৰি যে কিনো হৈছে জানিবলৈ পল্লৱী
অধীৰ হৈ পৰিছে। ৰাতি ভাত খাবলৈ বহোতেও ল
ৰা-ছোৱালী কেইটাৰ আগত
বৰদেউতাকৰ কথা একো নুলিয়ালে। তথাপি ৰাতি বিছনালৈ যোৱাৰ সময়ত সেইবোৰ কথা নোলোৱাকৈ
নাথাকিল।

মই কি ভাবিছো জানা, কেতন আৰু বেচি দিনলৈ বাচি নাথাকে। যি কেইদিন আছে সেই কেইদিন ভগৱানৰ ৱেইটিং লিষ্টতে
থাকিব।

পল্লৱীয়ে বৰ সাৱধানে কেতনৰ প্ৰসংগ উলিয়াইছিল। –‘নহলেনো এই লুকুৱাই থব লগা কাগজখন দিব কিয়, যিখন আমি পঢ়িবলৈ আমি তেওঁৰ মৃত্যুলৈকে ৰব লাগিব বুলি কৈছে? গতিকে এটা কাম কৰো আহা, কিনো লিখিছে খুলি চাই লওঁ।

 

এহ,
তোমাৰনো ইমান তৎ নোহোৱা হৈছে কিয়? ’ এইবুলি কৈ চিৰাগে বাগৰ সলাই চকু মুদিলে।

 

মই জানো তুমি অকণমান বেচি সাৱধান। কিলাকুটিৰে লাহেকৈ হেচুকি পল্লৱীয়ে গিৰিয়েকক কলে। –তুমি লোকক দেখুৱাবলৈহে সৎ আৰু সন্মানীয়। ভিতৰি পিচে তুমিও কম
নহয়। এবাৰ খুলি চালেনো কি হয় কোৱাচোন
? কেতনৰ কিবা বেয়া হব নেকি? এবাৰ মাত্ৰ খুলি চাই
আকৌ যেনেকে আছে তেনেকে থৈ দিলেই হ
ল।

 

পল্লৱীৰ কথা শুনি চিৰাগৰো ভিতৰি ভিতৰি
তেনেকুৱা কৰিবলৈকে মন গৈছিল। কিন্তু মুখ খুলি একো নকলে। সোনকালেই টোপনিত ঢলি পৰিল
চিৰাগ
,
তাৰ পিচত এটাৰ পিচত এটাকৈ সপোন। সপোনকেইটাই চিৰাগক বৰ অশান্তি
দিছিল। এবাৰ সপোনত কেতনক দেখি সাৰ পাই গ
ল চিৰাগ, চকু মেল খাই ঘৈছিল, মুখখন
শুকান শুকান লগাত পানী খাবলৈ মন গ
ল। হঠাৎ ধৰিব পাৰিলে
যে বিছনাখন দেখোন খালী হৈ আছে
, লগত শুই থকা পল্লৱী
নাই।

লৈ গ? হয়তো বাথৰুমলৈ গৈছে।
বেডচাইড টেবুলৰ পৰা পানীৰ বটলটো লৈ কেইঢোক মান খালে। তাৰ পিচতে দেখোন চিৰাগ সষ্টম
হৈ উঠিল। মনত সন্দৈহৰ ভাৱ জগাত আকৌ শুই নাথাকি চিৰাগ বেডৰুমৰ বাহিৰ ওলাল। উৱা
, পাগঘৰৰ লাইট দেখোন জ্বলি আছে। তাতেই পল্লৱীক হাতত কাগজ এখন
লৈ পঢ়ি থকা দেখি চিৰাগ অবাক হৈ পৰিছিল।

 

কাৰ মূৰটো কৰিছা তুমি কেতনৰ চিঠিখন হাতত লৈ? ’ খোলা লেফাফাটোত চকু থৈ চিৰাগে প্ৰশ্ন কৰালে। –‘ইমান সাহস তোমাৰ? ইফালে মই কেতনক কথা দিছো চিঠিখন এতিয়া নোখোলো বুলি।

 

তুমিহে কথা দিছিলা, মই নাই দিয়া নহয়। পল্লৱীয়ে মনৰ ভাৱ লুকুৱাবলৈ চেষ্টা
কৰি এনেকৈ কলে।
‘ ‘চোৱা, এইখন পঢ়ি চালে কাৰো একো হানি নহয়। আৰু শুনাচোন, আমাৰো ভাল দিন আহিবলে বেচি দিন নাই যেন পাইছো।

চিৰাগে কাগজখন নিজৰ হাতলৈ আনি চকু ফুৰাই
চালে।

 

চিৰাগ,

এই চিঠিখন তুমি পঢ়াগৈ মানে মই বাচি নাথাকিব
পাৰো। মৃত্যু এতিয়া মোৰ দুৱাৰডলিত বুলি মই বুজিব পাৰিছো। মোৰ চূড়ান্ত ইচ্ছাপত্ৰ
ইতিমধ্যে লিখা হৈছে
, সেইখন এতিয়া উকীলৰ হাতত
আছে। মোৰ অসুখটোৰ নাম ক্ৰুটজফেল্ট জেকব দিজিজ- এক নিযুত মানুহৰ মাজত এজনৰহে হয় আৰু
ই এক জীৱননাশক ব্যাধি। কেতিয়াও ভাল কৰিব নোৱাৰা এই বেমাৰ হ
লে মগজুৰ স্নায়ুকোষ নষ্ট হয়, মগজুৰ টিচুত ফুটা হৈ স্পঞ্জৰ দৰে হৈ পৰে। ডাক্তৰৰ মতে এবছৰৰ ভিতৰত মৃত্যু নিশ্চিত।
এই অসুখ আৰম্ভ হলেই ৰোগীৰ মানসিক স্বাস্থ্য আৰু আচাৰ-ব্যৱহাৰৰো পতন ঘটে
, তাৰ পিচতে ডিমেনচিয়াই জুমুৰি দি ধৰে, অদ্ভুদ কিবাকিবি চকুৰ আগত ভাঁহি উঠে আৰু চালচলনৰ ওপৰত নিয়ন্ত্ৰণ
নথকা হয়। ময়ো মোৰ নিজৰ অৱস্থালৈ চকু দি ঠিক কৰিছো যে মোৰ টকা-পইচা আৰু বস্তু-বাহানিখিনি
মানুহৰ মাজত বিলাই থৈ যোৱাই ভাল। আ-অলংকাৰ আৰু গাড়ীখন ইতিমধ্যে দিলো। মাটিখিনি আৰু
ঘৰটো দান কৰিছো গাতে লাগি থকা স্কুলটোক। মই জানো যে তুমি অলপ কষ্টত আছা
, হাতত পা-পইচা বেচি নাই। মোৰ যিখিনি নগদ ধন আছে, পাঁচ নিযুতৰ কম নহয়, সেইখিনি তোমাৰ ভাগত পৰিব। ইয়াৰ বাবে মোৰ চূড়ান্ত ইচ্ছাপত্ৰ আৰু টেষ্টামেণ্টত
নিৰ্দেশ দিয়া আছে। মোৰ মৃত্যুৰ পিচত তুমি উকীলক লগ ধৰি আটাইখিনি কথা জানি লব পাৰিবা।

-কেতন

 

চিঠিখনৰ তলত উকীলৰ নাম-ঠিকনাও দিয়া আছে।
চিৰাগে লৰালৰিকৈ চিঠিখন পঢ়ি আকৌ জাপি লেফাফাত ভৰাই থলে। কথাখিনি জানি চিৰাগৰ কি কৰো
কি নকৰো অৱস্থা। ককায়েকৰ জীৱনৰ বিনিময়ত প্ৰচুৰ ধন
, যদিও এক বহুমূলীয়া ভ্ৰাতৃ তেওঁ।

 

কিনো ভাবিছা ইমানকৈ?” মানুহজনীক চিৰাগৰ মনৰ ভাৱৰ সম্ভেদ লাগে।

সৰুৰে পৰা কেতি্যাও ককাই-ভাই বুলি বিশেষ একো টান নাছিল, কিন্তু আজি মই কেতনৰ সহানুভূতি-অনুকম্পাত অভিভূত। বুকু ভৰাই উশাহ ললে চিৰাগে।

 

টকাখিনি এমাহৰ ভিতৰত পাব পাৰিলে ভাল হয়। পল্লৱীয়ে ইয়াৰ কাৰণো বুজাই দিলে চিৰাগক। এই বছৰ মেডিকেল কলেজত এতিয়াও এডমিচনৰ দিন পাৰ হৈ যোৱা নাই।
টকাখিনি সময়ত পালে ল
ৰাটোৰ কাৰণেই খৰচ কৰিব পাৰিম। কিন্তু
কেতনৰ জীৱন যদি দীঘলীয়া হয়
, ৰাটোৱে আকৌ এটা বছৰ হেৰুৱাব লগীয়া হব। চিঠিখনৰ আৰু এটা কথা
মন কৰিছানে নাই
? তেওঁৰ মানসিক ৰোগ হোৱাৰো সম্ভাৱনা
আছে বুলি কৈছে। সেয়ে ভয় হয় কিজানিবা উইলখন আকৌ সলনি কৰে। তেনেকুৱা যে নহব তাৰ কোনো
মানে নাই।

যিটো আমাৰ হাতৰ মুঠিত নাই, তাত আমি অসহায়। যাৰ কপালত যি আছে সেয়াহে হ, আমিনো কি কৰিব পাৰো। এয়া চিৰাগৰ যুক্তি।

 

তোমাৰ প্ৰথম ভুল আছিল নিজৰ ভাগৰ একো এটা নিবিচৰাকৈ দেউতাৰ
ব্যৱসায়ৰ পৰা ওলাই অহাটো।
খঙত যেন পল্লৱীৰ মুখখন
লা পৰিছিল। এতিয়া যেনিবা
এইটো দ্বিতীয় সুযোগে ধৰা দিছে। এইবাৰো যদি গা এৰা দিবলৈ হয় তেন্তে তোমাক কেৱল কপালক
ধিয়াই থাকি একো এটা কৰিব নোৱাৰা মুৰ্খ মানুহ বুলিহে কব লাগিব।

 

তোমাৰ মতলব কি? ’ চিৰাগৰ উৎকণ্ঠা বাঢ়ি আহিছিল।

 

একেবাৰে দেখ দেখ মোৰ উদ্দেশ্য। পল্লৱীয়ে বুজাবলৈ আৰম্ভ কৰিলে। –যিয়েই নোকোৱা, তোমাৰ ককায়েৰাৰ দেহৰ অৱস্থা কি সকলোৱে জানে। তেওঁক বচোৱা অসম্ভৱ। তেনে অৱস্থাত
আমিনো তেওঁৰ মগজুটো অকামিলা হবলৈ এৰি দিওঁ কিয়
? তেওঁৰ কষ্ট লাঘৱ কৰিবলৈ আমিও কিবা এটা কৰিছো বুলি জানিলে মানুহজনে সান্ত্বনা লভিব
পাৰিব। আমি যদি যিমান পাৰো সোনকালে তেওঁক চকু মুদাৰ ব্যৱস্থা কৰিব পাৰো
, তেন্তে তেওঁ উইলখন সলাবলৈ সুযোগ নাপাব, আমাক যি লাগে সেয়াও আমাৰ হাতলৈ আহিব, আৰু মানুহজনেও এইদৰে জীয়াতু ভুগি নাথাকি মুক্তি লাভ কৰিব। ইয়েই
হব আমাৰ ল
ৰাক ডাক্তৰ কৰিবলৈ উত্তম পন্থা।

 

এয়া বৰ ভয় লগা, কলীয়া কথা কৈছা। আমি যদি জেললৈ যাব লগীয়া হয়। চিৰাগ জিকাৰ খাই উঠিছিল।

 

শুনা, পুলিচে একোকে কৰিব
নোৱাৰিব যদিহে আমি কেতনৰ কষ্ট লাঘৱৰ বাবে এক সুপৰিকল্পিত আঁচনিৰে
, খুব ভালকৈ ভাবি চিন্তি খোজ দিওঁ। পল্লৱী যেন নাচোৰবান্দা। বাৰু তুমি কোৱাচোন, কেতনৰ টকাখিনি এটা বেংকতে
আছেনে কেইবাটাতো
? ’

 

তোমাক কিবা ভূত-পিশাচে লম্ভিছে, কেৱল টকা-পইচাৰ কথাকে ভাবি থাকা। এইবোৰ কথা এতিয়া ইয়াতে থৈ
শোওঁগৈ বলা।
চিৰাগে লাইট নুমুৱাই বেডৰুমলৈ খোজ ললে।
যন্ত্ৰবৎ পল্লৱী পিচে পিচে আহিল।

 

চিৰাগে ভাবিছিল বিছনাত পৰিলেই টোপনি
আহিব। কিন্তু নহ
, উজাগৰে চটফটাই থাকিল তেওঁ। পল্লৱীৰ কথাখিনি একেবাৰে উৰাই দিব পৰা বিধৰ নহয়, মানুহজনীৰ কথাতো কিছু যুক্তি আৰু বিবেচনা আছে। পাঁচ নিযুত টকাৰে
অকল পুতেকৰে নহয়
, পুতেক-জীয়েক দুয়োটাৰে
পঢ়াৰ খৰচ হৈ যাব। কিন্তু যদি কেতনে ইচ্ছাপত্ৰখন সলনি কৰি পেলায়
, তেন্তে এটাৰো আশা নফলিয়ায়, উচ্চাকাংক্ষা ব্যৰ্থ হব। সপোন ফলিওৱাৰ বাটত লক্ষ্যৰ ইমান ওচৰ চপাৰ পিচতো যদি
এনেকুৱা হবলৈ হয়
..পুৱা বেলি ওলোৱাৰ লগে লগে যেন চিৰাগৰ
কাৰণে কেতনৰ আখ্যানৰ সাৰমৰ্ম উদ্ধাৰ হল। ঠিক কথা
, কেতনক এতিয়া বিছনাত অলৰ-অচৰ হৈ পৰি নথাকিবলৈ দিব নোৱাৰি, তেওঁক বন্দীত্বৰ পৰা উলিয়াই অনাটো হব খুবেই যুক্তিসংগত। ইয়াৰ
বাবে চিৰাগে নিজৰ মনতে এখন আঁচনি যুগুতাই ললে। কেতনৰ হাবিয়াস সন্ধিয়াৰ লগে লগে নিচাত
মগ্ন হোৱা
, তাৰ পিচত টোপনিৰ পিল, টোপনিত লালকাল, ভালকৈ বন্ধ নোহোৱা এখন খিৰিকী, নিতাল মাৰি শুই পৰা, মদৰ ভাণ্ডাৰ, সহজে হব পৰা অগ্নিকাণ্ড, এনে ধৰণৰ কেইবাটাও উপাদান আছে যি চিৰাগৰ বাবে উপাদেয়, সুবিধাজনক। এইখিনি কথা জুকিয়াই লৈ চিৰাগে এতিয়া কুকুৰটোৰ ভূকভুকনি
বন্ধ কৰাৰ কথা চিন্তা কৰিবলৈ ললে!

 

ইয়াৰ পিচত পল্লৱীৰ সৈতে কথাবোৰ ফহিয়াই
চাওঁতে তিনিটাকৈ দিন লাগিল। শনিবাৰে সন্ধিয়া ককায়েক ঘৰত আছে নে নাই তাকে নিশ্চিত কৰিবলৈ
এবাৰ ফোন কৰি চালে। কান্ধত বেগ এটা লৈ নিশা দুই বজাত চিৰাগ স্কুলটোৰ কা্ষেৰে পাৰ
হৈ গ
ল আৰু কেতনৰ ঘৰ পালেগৈ। আগেয়ে ভবাৰ দৰে ডিঙিৰ চেইন খুলি থোৱা
কুকুৰটো গেটৰ ওচৰলৈ আহি ভুকিবলৈ ললে। চিৰাগে বেগৰ পৰা কুকুৰৰ বাবে বিষাক্ত পেণ্ট
বাৰ্বিটেলত জুবুৰিওৱা বিস্কুট উলিয়ালে। বিস্কুট টুকৰা মুখত লৈ
কুকৰটো জিকাৰ খাই উঠিল আৰু দুৱাৰমুখলৈ উভতি গৈ মাটিত মূৰ পেলাই পৰি থাকিল। কেতনৰ কোঠাত
কিবা উমঘাম হয় নেকি তাকে চাবলৈ চিৰাগে আন্ধাৰতে অপেক্ষা কৰিলে। নাই
, এক নীৰৱ নিস্তব্ধ নিশা। সুৰা আৰু স্লিপিং টেবলেটৰ দ্বৈত ক্ৰিয়াত
কেতন নিথৰ।

 

গেটত তলা। বগুৱা বাই পাৰ হৈ ভিতৰ সোমাল
চিৰাগ। চেইনডাল আকৌ কুকুৰৰ ডিঙিত লগাই থলে। ভালকৈ বন্ধ নোহোৱা খিৰিকীখনৰ কাষত ৰৈ
দুৱাৰখন ভিতৰলৈ হেঁচুকি দিলে। বেগৰ পৰা হুইস্কীৰ বটল উলিয়াই পানীয়খিনি নিজ হাতেৰে বহা
কোঠাৰ চাৰিওফালে চটিয়াই দিলে। তাৰ পিচত আকৌ খালী বটলটো বেগত সুমুৱাই থলে। ইতিমধ্যে
উত্তেজনা আৰু আতংকই চিৰাগক আবৰি ধৰিছিল। তথাপি দিয়াচলাই কাঠি জ্বলাই চটিয়াই দিয়া মদখিনিলৈ
নিক্ষেপ কৰিলে। চকী মেজ জ্বলি উঠাৰ পিচত তৎক্ষণাৎ জুইকুৰা বিয়পি পৰিল। চিৰাগ পিচুৱাই
আহি তড়িৎ গতিত সেই স্থানৰ পৰা অন্তৰ্দ্ধান হ
ল।

পোনেই চিৰাগে দৌৰ মাৰিছিল যদিও স্কুলৰ
খেলপথাৰখন পাই অলপ থমকিল। এজোপা গছত ধৰি ঘূৰি চাব খুজিছিল যদিও স্কুলৰ দেৱালখনৰ কাৰণে
আঁৰ হৈ পৰে। তথাপি জুইৰ শিখা চকুত নপৰাকৈ নাথাকিল। অলপ পিচতে ওপৰা উপৰিকৈ কিছুমান শব্দ
হবলৈ ললে
,
নিশ্চয় বাৰত জমা হৈ বটলবোৰ জুইৰ তাপত ফুটিছে।

 

এই ধুপ ধাপ শব্দৰ লগে লগে চিৰাগ সেই এলেকাৰ
পৰা আঁতৰ হ
ল।

এক অগ্নিকাণ্ডত ককায়েক কেতনৰ মৃত্যু হৈছে
বুলি পুলিচ এজনে চিৰাগক ৰাতিপুৱাই খবৰ দি গ
লহি। ফায়াৰ ব্ৰিগেডৰ
গাড়ী অহাৰ আগেয়েই ঘৰটো জুইত জাহ গৈছিল
, মাত্ৰ দেৱাল আৰু চিলিংখনহে অৱশিষ্ট আছিল। উশাহ নিশাহ বন্ধ হৈ কুকুৰটোও মৰিল বুলি
মানুহে কৈছে। কেতনৰ জৰাজীৰ্ণ মৃতদেহ ঘৰটোৰ ভগ্নাৱশেষত উদ্ধাৰ হৈছে। পুলিচে মৰণোত্তৰ
পৰীক্ষাৰ বাবে মৃতদেহ নিছিল আৰু তিনিদিনৰ পিচত শেষকৃত্যৰ বাবে চমজাই দিয়ে। তদন্ত আৰু
মৰণোত্তৰ পৰী
ক্ষা শেষ হৈছিল তিনিদিনত।

 

এসপ্তাহ কোনো সাৰ সুৰ নোহোৱাকৈ পাৰ
হোৱাৰ পিচত উকীলে আটাইকে এদিন তেওঁৰ কক্ষলৈ মাতি পঠিয়ালে। মুখৰ পৰা সন্তুষ্টিৰ ভাৱ
জোৰকৈ আঁতৰাই চিৰাগ আৰু পল্লৱী উকীলৰ মুখামুখি হ
ল। স্কূলৰ হেডমাষ্টৰ আগেয়ে আহি বহি আছিল। হাতত ফাইল এটা লৈ এইবাৰ উকীলৰ প্ৰৱেশ।

স্বৰ্গীয় কেতনে স্বইচ্ছাই নিজৰ চুড়ান্ত ইচ্ছাপত্ৰ আৰু টেষ্টামেণ্ট
সাক্ষী-বাদীৰ সন্মুখত কোনো ভয় ভাবুকি বা হেঁচাৰ সন্মুখীন নোহোৱাকৈ প্ৰস্তুত কৰি
গৈছে।

উকীলজনে গম্ভীৰ সুৰেৰ এইদৰে ঘোষণা কৰিলে। তেওঁৰ মৃত্যুৰ পিচত সেই ইচ্ছাপত্ৰ কাৰ্যকৰী কৰাৰ কৰ্তৃত্ব মোক
অৰ্পণ কৰি গৈছে। উইলখন আপোনালোকে নিজে পঢ়ি চাব নে
, মই পঢ়ি দিলেই হ?

 

আপুনিয়ে পঢ়ি দিয়ক। খপজপাই চিৰাগে এনেকৈ কলে।

 

ধন্যবাদ। অনুগ্ৰহ কৰি মন দি শুনে যেন। এইবুলি উকীলজনে ডিঙিটো মুকলি কৰি ললে। কেতনৰ ঘৰ আৰু মাটিটুকুৰা স্কুল কৰ্তৃপক্ষক দান হিচাপে দি গৈছে।
গাড়ী আৰু আ-অলংকাৰ ইতিমধ্যে বিক্ৰী হৈছে। চিৰাগক দি্যা হৈছে কেতনৰ সম্পূৰ্ণ নগদ ধনৰ
অধিকাৰ
,
পৰিমাণ আনুমানিক পাঁচ নিযুত।

 

টকাখিনি কোন বেংকত আছে সেয়া আমি জানিব পাৰোনে? ’ ঘপহকৈ মাজতে পল্লৱীয়ে সুধি পেলালে।

 

বেংকৰ সবিশেষ তথ্য চূড়ান্ত উইলত পাবলৈ নাই। মই যিমান দূৰ জানো, স্বভাৱগত ভাৱেই কেতন আছিল বেংকৰ প্ৰতি এজন বীতৰাগ ব্যক্তি। উকীলজনে ইয়াৰ লগতে আন এক দিশো মুকলি কৰিলে। মানুহজন আছিল খাপচাৰা, আনৰ লগত নিমিলে। সদায় অকলে থাকি ভাল পাইছিল আৰু সেয়ে তেওঁৰ চিন্তা-ভাৱনাও হৈ পৰিছিল
উৎকট। এইষাৰ কথাকে পঢ়ি চাওকচোন
বহা কোঠাৰ লিকাৰ
বাৰৰ কাষতে চিলড কৰুগেটেড প্ৰিণ্টেড হুইস্কী কাৰ্টনত টকাখিনি সামৰি থোৱা আছে !


Popular Post

ঐতিহাসিক চিঠি