গল্পঃ সিহঁতে মাংস খায় / হাঁসদা সৌভেন্দ্ৰ শেখৰ

Posted by : translatorsassam
August 2, 2020

 সিহঁতে মাংস খায়! 

মূল গল্প : They Eat Meat!

লেখক: হাঁসদা সৌভেন্দ্ৰ শেখৰ 

অনুবাদ: অৱনী বুঢ়াগোহাঁই 

( সাহিত্য একাডেমি যুৱ
পুৰষ্কাৰ-২০১৫ প্ৰাপ্ত
  ঝাৰখণ্ডী
লেখকৰ গল্প সংকলন
 

The Adivasi will not
dance

পৰা লোৱা গল্পৰ সংক্ষিপ্ত অনুবাদ)


আমাৰ পানমুনি-পেহীয়ে, ২০০০ চনত ভডোদৰালৈ অহাৰ
পাচত নিয়মিতভাবে ৰেস্টুৰাঁত খাবলৈ আৰম্ভ কৰিছিল । ভডোদৰাত থকাৰ আগেয়ে
, গিৰিয়েক
বিৰাম আৰু তেওঁলোকৰ দুটা ল
ৰা,
হপন আৰু ৰবিৰ লগত
ভুবনেশ্বৰত থাকোতে
, ঘৰৰ বাহিৰত খোৱা কথাটোৰ
পৰা আঁতৰি আছিল
, ৰোগ বিয়পা আৰু পেটৰ অসুখৰ
ভয়ত । যেতিয়া ঘাটশিলাত থকা ঘৰখনৰ পৰা পৰিয়ালটোৱে তেওঁলোকৰ মাৰুতি অমনিখনেৰে
নেশ্বনেল হাইৱে ৩৩ আৰু নেশ্বনেল হাইৱে ৫ নম্বৰেদি
  পলমকৈ ভুবনেশ্বৰলৈ উভটে, সেইদিনা
পানমুনি-পেহীৰ ঘৰলৈ আহি ভাত বনোৱাৰ ধৈৰ্য নাথাকেগৈ । কিন্তু পানমুনি পেহী বাহিৰৰ
খোৱাত ইমানেই ভীতিগ্ৰস্ত যে বাহিৰৰ ৰেস্তোৰাঁত কিবা অকণ মুখত দিয়াৰ কথা কেৱল
ভাবিলেও
, পেহীৰ পেটে গুৰগুৰাবলৈ ধৰে। 

বিৰাম-পেহাই তাইক গালি পাৰি কয়,
তুমি
সদায়েই তোমাৰ ধৰণে বনোৱা খোৱাবস্তু চবতে নোপোৱা ।”
 

বিৰাম চৰেণ কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ, “গ্ৰামীন বিদ্যুত নিগম”ৰ, ডাইৰেক্তৰ পদত কৰ্মৰত, যিটো
উদ্যোগে গাঁৱত বিজুলী যোগান ধৰে । যোৱা বিছ বছৰ ধৰি তেওঁ একেটা সংস্থাতে কাম কৰি
আছে । তেওঁৰ কামত যথেষ্ট ঘূৰা-পকা কৰিব লাগে আৰু সেয়ে তেওঁ খোৱা বোৱাৰ বিষয়ত খুব
বেছি হিচাব কৰি চলা বিধৰ লোক নহয় ।

পানমুনি-পেহীয়ে ঘপহ কৰি উত্তৰ দিয়ে,
মই
যেতিয়ালৈকে মোৰ
মনৰ জোখৰ খোৱাবস্তু নাপাওঁ, তেতিয়ালৈকে
ভোকতেই থাকি যাম ।”

বিৰাম-পেহাই পত্নীৰ লগত মুখ পাতিব নোৱাৰে। প্ৰথমতে, তেওঁ
অৰ্থহীন তৰ্কা-তৰ্কি মুঠেও পছন্দ নকৰে । দ্বিতীয়তে
, পানমুনি
পেহীয়ে পৰিচ্ছন্নতাৰ একেবাৰে উচ্চ শিখৰত নিজৰ পাকঘৰটোক তুলি ৰাখে। দৈনন্দিন
খাদ্যবস্তু ভাত-দাইল
, ৰুটী-তৰকাৰি বনোৱাৰ ওপৰিও
পানমুনি পেহীয়ে কুকাৰী শ্ব
বোৰ চাই,
ৱেনিটা”
অথবা “মেৰী সহেলী” জাতীয় আলোচনীবোৰ পঢ়ি পৰীক্ষামূলক ভাবে হলেও অলপ হাত
পকাবলৈ চেষ্টা কৰে । কণী
, গাখীৰ, চুজি, ৰঙালাও
ইত্যাদিবোৰেৰে পৰীক্ষা-নিৰীক্ষা কৰে
,
আনকি বিলাহীৰ বাকলি আৰু
আলু বাকলিও সাৰি নাযায়।
  তেওঁ
চুজিৰে ইডলি বনায়
, প্ৰেচাৰ কুকাৰত দি
“এগলেচ কে
ইক” তৈয়াৰ কৰে,  বিলাহীৰে
চোকা গোন্ধৰ টেঙা আচাৰ তৈয়াৰ কৰে
, চাউলৰে খুন্দি লোৱা পিঠাৰে 
বিভিন্ন 
ধৰণৰ খোৱাবস্তু তৈয়াৰ কৰে

ৰবিয়ে মাকক এইবুলি কৈ জোকায়, “যদি আমাৰ মা
গোবৰ এসোপাও দিয়া হয়
, মায়ে তাৰ পৰাও ভাল পিঠা বনাব
পাৰিব ।”পানমুনি-পেহীয়ে ৰেস্তোৰাঁ আৰু আলিকাষৰৰ ধাবাত বনোৱা
“ফেন্সি” খোৱা বনোৱাতো সিদ্ধহস্ত হৈ পৰিছে
, যেনে, ফুচকা, মছালা
দোচা
, চাউমিন, চিলি চিকেন ইত্যাদি । যদি
কেনেবাকে তাইৰ ল
ৰাটোৱে বাহিৰত চিলি চিকেন খোৱা বুলি গম পালে, তাই
ঘৰত ঠিক একেটা খোৱাকে তৈয়াৰ কৰি সুধিব
,
কোনটো ৰন্ধা বেছি বঢ়িয়া
হৈছে ।

সেয়ে এই কথাটোত একো অস্বাভাবিকতা নাই যে,
যেতিয়াই বিৰাম-পেহাক ১৯৯৯
চনৰ শেহৰ ফালে ভডোদৰালৈ স্থানান্তৰ কৰা হৈছে বুলি গম পালে
, তাইৰ
প্ৰথম চিন্তাটো মনলৈ আহিল
খাদ্য
!

 

তাত আমি কি খাম ?” তাই ভোৰভোৰালে । “গুজৰাটৰ মানুহে জানো আমাৰ দৰে মাছ-মাংস খায় ?”

ঘাটশিলাৰ ঘৰৰ মানুহেই হওক, বন্ধু-বান্ধৱেই হওক
চিন্তিত হ
ল । তেওঁলোকে সুধিলে,

থাকিবা তোমালোক
? কি খাবা তোমালোকে ? ইমান
দূৰ ঠাইত এই সকলোবোৰ চম্ভালিব পাৰিবা জানো
?”

 

এনেধৰণৰ প্ৰশ্নবোৰত বিৰাম-পেহা আৰু পানমুনি-পেহী প্ৰায় হতভম্ব হোৱাৰ দৰে হ
। বিৰামে এই বয়সত স্থানান্তৰিত হ
ব যে লাগিব ভবা নাছিল ।
ৰিটায়াৰমেন্টৰ বাবে মাথোঁ দহ বছৰ থকা অৱস্থাত এনে বদলিৰ ফলত ঘৰখনৰ বেছ খেলিমেলিৰ
সৃষ্টি হ
ব । প্ৰকৃতপক্ষে,
দেশখনৰ এটা মূৰৰ পৰা গৈ
আনটো মূৰ পোৱাৰ দৰে হব ।
 

পানমুনি-পেহী যিহেতু এক চিৰন্তনভাবে কৰ্মদক্ষ নাৰী, সেয়ে
গুজৰাটত থকা চিনাকী মানুহবোৰৰ সতে সম্পৰ্ক স্থাপন কৰাত লাগিল । এগৰাকী ভটিজী
সম্পৰ্কীয় ব্যক্তি
, ঝাপন, ভডোদৰাত
থাকে হেনো বুলি গম পালে । তেওঁৰ গিৰিয়েকে চেন্ট্ৰেল ইণ্ডাস্ট্ৰিয়েল চিকিউৰিটি ফ
ৰ্চত
চাকৰি কৰে ।
 

 

হেল‘, ঝাপন । হয়, মাই, তোমালোকৰ
পেহা গুজৰাটলৈ বদলি হৈছে ।”

‘, হয়নেকি, বৰ ভাল কথা । তোমালোকে
ভডোদৰাত থাকিবা নহয়
, পেহী ?”

ওঁ, তাতে থাকিম । ঠাইখন কেনেকুৱা ?”

ঠাইখন খুব ভাল । পৰিষ্কাৰ
পৰিচ্ছন্ন আৰু সুন্দৰ ভাবে সজোৱা । এবাৰ আহি পালে তোমালোকৰ মন বহি যাব ।”

ঝাপন, বহাব
লাগিবই । মই মাত্ৰ চিন্তাত পৰিছো ক
ত থকা হ
আৰু কি খাম
, গম পাইছানে।ঝাপন ।”

মই বুজিছো, সমস্যা
নোহোৱা নহয়
, ব।”

সমস্যা ?”

হয় কথাটো । ইয়াৰ খোৱা
বোৱাবোৰৰ সতে আমাৰ বহুত পাৰ্থক্য আছে । আমি সচৰাচৰ ব্যৱহাৰ কৰা কিছুমান বস্তু ইয়াত
খাবলৈ এৰিব লাগিব।”

যেনে ?”

যেনে ধৰা, ইয়াৰ
মানুহে মাংস নেখায় । মাছ নচলে
, মুৰ্গি নচলে, ছাগলী
নচলে । আনকি কণীও ।”

হয়নেকি !?”

চিন্তা নকৰিবা, পেহী
। ক
ৰবাত কৰবাত মাছ-মঙহ খোৱা মানুহ
নথকা নহয় । যদিও ক
ৰবাত  কিছুমানে মাংস আৰু কণী বেচে, সেয়াও
সহজে কিন্তু পোৱাৰ ভিতৰত নহয় । যিবোৰ মানুহে মাংস কণী আদি খায়
, সেইবোৰ
মানুহৰ লগত ইয়াৰ মানুহে মিলা মিছা নকৰে । কথা এইটোৱেই । “

তেনেহলে আমাৰ কি হ
?”

চিন্তা নকৰিবা । যদি
কেতিয়াবা কণী বা মাংস খাবলৈ মন যায়
,
তেতিয়া 
আমাৰ ইয়ালৈকে গুচি আহিবা ।
চিআইএচএফ কেম্পাচত এইবোৰ মুকলিকৈ পোৱা যায়। ইয়াত কোনো সমস্যা নাই ।”

 

২০০০ চনৰ শেষৰ ফালে চৰেণ পৰিয়াল ভডোদৰাত থাকিবলৈ লৈছে । ৰবি, মেডিকেল
পঢ়াৰ বাবে কটকত থাকি আহিল । নৱম শ্ৰেণীত পঢ়া হপন
, দেউতাক
মাকৰ লগত থাকি অ
এনজিচিৰ কেন্দ্ৰীয় বিদ্যালয়ত পঢ়ে । 
চুভানপুৰা কনিৰ 
গ্ৰাউণ্ড ফ্লৰৰ এটা নতুন
ফ্লেটৰ পৰা তাৰ স্কুললৈ এঘন্টাৰ বাট । এটা আহলবহল দুমহলীয়া ঘৰ
, ওপৰমহলাত
এযোৰ বয়সীয়া লোক
, ঘৰৰ মালিক মি: ৰাও আৰু
স্ত্ৰীৰে পৰিয়ালটো তাতে থাকে । ঘৰটোত হলটোৰ সতে লাগি থকা ডাইনিং স্পেচ আছে
, দুটা
শোৱনি কোঠা
, দুটা বাথৰুম, আৰু
এটা পাকঘৰ । আগফালে এটুকুৰা বাৰাণ্ডা আছে
,
সৰু বাৰাণ্ডা এটুকুৰা
পাচফালেও আছে
; কিছু খালি ঠাই আগফালে যিবোৰে
একত্ৰে আগচোতাল
, ফুলৰ বেড সহ গাড়ীৰ পাৰ্কিং
বুলিব পাৰি । পাচফালে সৰু এখন কিচেন গাৰ্ডেন । কাষৰেদি প্ৰথম মহলালৈ উঠি যাবলৈ এখন
খটখটি। এটাই মাত্ৰ গেৰেজ আছে য
ত মি: ৰাওহঁতৰ পুৰণি
মাৰুতি ৮০০ এখন ৰাখে
, পিছে গেটখনৰ ওচৰতে চালি
এখন সজা হৈছে অন্য এখন গাড়ী প্ৰয়োজনত ৰাখিবৰ বাবে । এখন মূল গেটেৰেই সকলোৱে অহা
যোৱা কৰিব লাগে ।

 

ৰাওৰ পৰিয়ালটোৰ দুয়োজনেই  অন্ধ্ৰ
প্ৰদেশৰ তেলেগু লোক । শ্ৰী ৰাও কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল যিদৰে বিৰাম পেহাও
চাকৰিয়াল । ভডোদৰালৈ অহাৰ আগতে
  শ্ৰী
ৰাৱে ভাৰতৰ অনেক ঠাইতে চাকৰি কৰিছিল । তাৰ পাচত ভডোদৰাত আহি অৱসৰৰ আগে আগে
 
 চুভানপুৰা কলনিত এই ঘৰটো
সাজিছিল । ৰাওৰ দুটা ল
ৰাৰ ডাঙৰটোৱে জাৰ্মানিত আৰু সৰুটোৱে ভাৰতৰ
কোনোবা অন্য ৰাজ্যত ইঞ্জিনিয়াৰিং পঢ়ি আছে । শ্ৰী ৰাওক ঘৰটোত সোমোৱাৰ পাচত প্ৰথম
লগপোৱাৰ দিনটো বিৰাম পেহাই কেতিয়াও পাহৰিব নোৱাৰিলে । শ্ৰী ৰাৱে চাহ আৰু বিস্কুটেৰে
আপ্যায়িত কৰাৰ পাচত বিৰাম পেহাক কৈছিল
,
মিস্টাৰ
ৰেণ, মই কথা এটা সুধিব খোজো, আপুনি
চাগে বেয়া নাপাব । নিজৰ বিষয়ে আপুনি অলপ ক
বনেকি ? আপুনি
ৰপৰা আহিছে ?”

নিশ্চয়, কিয়
নক
ম।”  বিৰাম-পেহাই
কলে
, “আগতে এবাৰ কোৱাৰ দৰে কওঁ,  আমি
ঝাড়খণ্ডৰ পৰা আহিছো ।”

চাওক, মই
ঝাড়খণ্ডলৈ গৈছো ।” ৰাৱে কওঁ নকওঁকৈ কোৱা ধৰণটো বিৰামৰ চকুত পৰিছিল ।

ৰাঁচী আৰু পালামৌলৈ……
আজি বহুত দিনৰ আগতে
, তেতিয়া বিহাৰ বুলিহে
ৰাজ্যখনক কোৱা হৈছিল । কালি পৰহিহে ঝাড়খণ্ড বুলি নতুন ৰাজ্য এখন হৈছে ।”

হয়।। আপুনি ঠিকেই কৈছে ।
নৱেম্বৰত ।” বিৰাম পেহাই ক
লে ।

মানে…… আপুনি সোধা
বাবে বেয়া নাপাব । বুজিছেনে
?”

নাই নাই, বেয়া
নাপাওঁ
   আপুনি সোধক ।”

মানে, এই
ৰেণ উপাধিটো আদিবাসি উপাধি নহয় জানো ? মানে…… মই জানিব বিচাৰো ।”

 

বিৰাম পেহা হতভম্ব হোৱাদি হল এনে ধৰণৰ খাৰাংখাচ
প্ৰশ্নৰ খুন্দাত । বিশেষকৈ এজন সম্ভ্ৰান্ত যেন দেখা লোকৰ অভাৱনীয় প্ৰশ্নত । তথাপিও
নিজৰ উদ্বেগ মুখমণ্ডলত
  প্ৰকট 
হবলৈ নিদিলে ।

 

হয় মহাশয়, আমি
আদিবাসি। ট্ৰাইবেল । চাওতাল ।”

বেয়া নাপাব মিস্টাৰ চৰেণ, মোৰ
ট্ৰাইবেল সম্পৰ্কত কোনো
  বেয়া
মনোভাব নাই। মই দেশখনৰ বিভিন্ন ঠাইত থাকোতে আদিবাসিসকলৰ লগত কাম কৰিছো। মই আনকি
ৰাঁচীতো আছিলো । মই সকলো জাতিৰ মানুহকে ভাল পাওঁ । আৰু এই চহৰখনত
, কবলৈ
গলে একপ্ৰকাৰ আমিও বহিৰাগত ।”

ৰাৱে কি বিষয়লৈ পোনাই কথাবোৰ কৈ আছে একো উৱাদিহ নেপাই বিৰাম পেহাই কলে, “মই……মই বুজিব পাৰিছো,চাৰ ।”

চাওক মিস্টাৰ চৰেণ, ইয়াত
থকা বাকীবোৰ মানুহ মোৰ দৰে মনোবৃত্তিৰ নহবওতো পাৰে
, সেয়ে
সুধিলো ।”

 

বিৰামে কেৱল শুনিয়েই থাকিল । ৰাৱে কৈ গ, ” চাওক, ভডোদৰা হ
এখন কট্টৰ হিন্দুৰ মহানগৰ । ইয়াৰ মানুহে পবিত্ৰতাৰ ওপৰত অনেক গুৰুত্ব দিয়ে ।
পবিত্ৰতাৰ বিষয়ে মোৰ স্পষ্ট ধাৰণা নাই তথাপি এয়া জানো যে তেওঁলোকে কেতিয়াও আমিষ
খাদ্য নেখায় । গম পাইছেনে
? মাংস, মাছ, মুৰ্গি, কণী
। আৰু আমিষ খোৱা মানুহক ভালো নেপায় ।”

 

হয় চাৰ”, বিৰামে
মূৰ দুপিয়ালে ।

ট্ৰাইবেলসকলক, আনকি
নিম্ন বৰ্ণৰ হিন্দুবোৰকো তেওঁলোকে অপবিত্ৰ বুলি ভাবে । আপুনি কথাষাৰ বুজিছে চাগে
“।
 

কথাষাৰ কওঁতে মি: ৰাওক অলপ অনুতপ্ত দেখা গল ।

হয়, মই
এই বিষয়টো অলপ হলেও বুজিব পৰা হৈছো।” বিৰামে ক
লে।

মুচলিম আৰু খৃষ্টানসকলৰতো
ইয়াত থকাৰ কোনো চাঞ্চেই নাই । তেওঁলোকৰ থকাৰ বাবে বেলেগ ঠাই আছে । মহানগৰৰ মাজতে
অন্য এক নগৰ । মুচলিম আৰু খ্ৰিস্টানৰ বেলেগ বেলেগ এলাকা ।”

বিৰামে মাথোঁ মূৰ দুপিয়ালে ।

মি: চৰেণ, আপোনাক মোৰ ভাল মানুহ
যেনেই লাগিছে । এজন ভদ্ৰ সাংসাৰিক লোক । আমি আপোনাক বিশ্বাসত লৈছো । মই আপোনাক কাম
এটা কৰিবলৈ অনুৰোধ কৰিব পাৰোনে
?”

বিৰামে সোধো নোসোধোকৈ সুধিলে, ” কি কথা চাৰ ?”

চাওক মি: চৰেণ, মানুহবোৰে
আপোনাৰ বিষয়ে জানিবলৈ আগ্ৰহ কৰিব । মানুহবোৰৰ স্বভাবত সাধাৰণতেই উৎসুকতা থাকে ।
মানুহে যদি সোধে আপুনি ক
ৰ মানুহ,
অনুগ্ৰহ কৰি কব যে আপুনি
ঝাৰখণ্ডৰ বুলি । সিমানখিনি কলেই হ
ব । তাতকৈ বেছি নালাগে ।
আপুনি ভূৱনেশ্বৰৰ পৰা বদলি হৈ আহিছো বুলি কব পাৰিব নেকি
, তেতিয়াতো
আৰু ভাল
? জনা শুনা মহানগৰ এখনৰ নাম কলে পৰিবেশটো সোনকালে পৰিষ্কাৰ হৈ
পৰে । কথাটো বুজিছেনে
?”

 

হয়, হয়, মই
বুজিছো কথাটো ।” বিৰামে কথাখিনি কোৱাৰ পাচত সহজ অনুভৱ কৰিলে। আগতেই এনে
পৰিস্থিতিৰ মুখামুখি হব লাগিব বুলি কোনো কোনোৱে সোঁৱৰাই দিছিল ।

 

আৰু মোক যদি সোধে,” মি:ৰাৱে কলে, ” মই মোৰ সহকৰ্মী আৰু বন্ধুৰ
যোগেদি আপোনাক আগৰ পৰাই জানো আৰু বিশ্বাস কৰো বুলি ক

। এইটোও ক
ম যে আপুনি এজন ভাল মানুহ ।”

বিৰামে হাঁহো-নাহাঁহোকৈ হাঁহিলে,
আৰু কলে
“সেয়া আপোনাৰেই কৃপা ।”

 

মি:ৰাৱে অৱশেষত শান্তিৰে উশাহ এটা ললে। “ধন্যবাদ, মি:
ৰেণ । আমিও আনকি মাংস আৰু মুৰ্গি ইত্যাদি খাওঁ । কণীও । আমি
আগতে প্ৰায় প্ৰতিটো পুৱাৰ আহাৰৰ সতে কণী খাইছিলো । মোৰ ল
ৰাহঁত
আমিষাহাৰী । কিন্তু সিহঁত যেতিয়া ইয়াত থাকিবলগা হয়
, সিহঁতে
নাখায়। আমি যেতিয়া ইয়াতে থাকিম বুলি মনস্থ কৰিলো
, কাৰণ
এই মহানগৰখন অতি পৰিষ্কাৰ আৰু নিয়াৰিকৈ সজোৱা
……
আৰু সেইবাবেই আমি অলপ হলেও
সেই সিদ্ধান্তৰ বাবে মূল্য ভৰিব লগা হ
ল । মোৰ কথাটো সম্ভব আপুনি
বুজিছে।”

বিৰাম কুমুঙে মাত্ৰ কলে, “নিশ্চয়, মই
বুজিছো ।”

 

তথাপিও আমি একেবাৰে
নি:সন্দেহ হ
ব নোৱাৰো। কোনেবা কাৰ বিৰুদ্ধে পাং পাতি আছে
!
  ভদ্ৰ
ভদ্ৰ দেখুৱাৰ অন্তৰালত কিমান বা অশান্তিয়ে গঢ় লৈছে ! এই ক
লনিত
থকা মানুহ সকলো আমাৰ চিনাকী নহয়
, যদিও যোৱা দহ বছৰৰ পৰা বাস
কৰিছো
, সিহঁতেই আমাক দেখিব নোৱাৰে কাৰণ আমিযে গুজৰাটী নহয় । একো
কথাই আগতিয়াকৈ কব নোৱাৰি।”
 

মি: ৰাৱে ঠেক আলিটোৰ সিপাৰে থকা ঘৰ এটালৈ আঙুলিয়াই কলে, ” সৌ ঘৰটোত থকা পৰিয়ালটো মুছলমান । এই কলনিত থকা বেছিভাগ
মানুহেই সিহঁতৰ ওচৰত সহজ নহয় । সেয়ে কৈছো
,
ইয়াত সকলো সময়তে সাৱধানে
চলাটোহে কথা ।”

তেওঁৰ কথাত হয়ভৰ দি বিৰামে কলে,
ঠিক
কথাই কৈছে।”

মি: চৰেণ,” কওঁ নকওঁকৈ পুনৰ মি: ৰাৱে কলে,
সাৱধানতাৰ
কথা কওঁতেই
…… আপোনাৰ পৰা আৰু এটা
অনুগ্ৰহ বিচাৰিছো ।”

বিৰামে ক্ষন্তেক ৰৈ ভাবিলে যে এইবাৰ আৰু কি ওলাল। কলে, ” কওকচোন ।”

আপুনি মোক কথা দিব পাৰিবনে
যে মোৰ পাকঘৰত কোনো ধৰণৰ আমিষ আহাৰ নবনায়
?
মাংস, ছাগলী, কণী, চিকেন,মাছ
একোৱেই যাতে নবনায় ।”

বিৰাম পেহা চিৰি বগাই তললৈ নামি আহিল আৰু সকলোখিনি পানমুনি-পেহীক বিৱৰি কলে
। তাই হাত দুখনেৰে নিজৰ মূৰটো হেঁচি ধৰিলে
,
আৰু একে ঠাইতে থৰ লাগি বহু
পৰ বহি থাকিল ।

 

ঝাপন, আমিবোৰ
লৈ আহিলো অ
?”
পানমুনিয়ে
ভটিজীজনীৰ আগত দুখতে বিৰবিৰালে ।

ঝাপন-বাইদয়ে কলে, ” চিন্তা নকৰিবা পেহী । লাহে লাহে দেখিবা ঠাইটুকুৰাৰ লগত মিলি
গৈছা।”

পানমুনি পেহীয়ে খঙৰ উত্তেজনাতে সুধিলে,
মাংস
খায় বুলিয়েই মানুহে কিয় মানুহক ঘিণ কৰে
?
আমাক প্ৰতিটো দেওবাৰে
কুকুৰা মাংস লাগেই
, কণী প্ৰায় লাগেই প্ৰতিদিনে
!”

কিনো কৰিবা আৰু, পেহী
।”

নোপোৱাৰ বেদনাৰে আক্ৰান্ত হেঁপাহ এটাক কবৰ দি ঝাপনে কলে । “যেমন দেশ, তেমন
ভেশ । আমাৰ কেম্পাচৰ বজাৰত ছাগলী মাংস
,
মুৰ্গি, কণী, মদ
এইবোৰ সকলো পায়
, বাহিৰত কিন্তু নেপায় ।
আচলতে ভডোদৰাৰ বজাৰৰ কতোৱেই এইবোৰ কিনিবলৈ নেপায় ।”

 

পানমুনিয়ে অবিশ্বাসেৰে মূৰ দুপিয়ালে ।

 ঝাপন-বাইদয়ে
হাঁহি পানমুনিৰ আঁঠুমূৰ দুটাত হাতেৰে চপৰিয়াই ক
লে, চিন্তা নকৰিবা, যেতিয়াই তোমাৰ মাছ-মাংস
খাবলৈ মন যাব
, আমাৰ ইয়ালৈ গুচি আহিবা ।
ফোনৰ কনেকচনটো পালানে নাই
?”

ওঁহো, এতিয়ালৈকে
নাইপোৱা । অহা সপ্তাহমানলৈ পাওঁনেকি জানো !”

ঠিক আছে। যেতিয়াই তুমি ফোন
লাইনটো পাবা
, আমালৈ ফোন কৰিবা । তেতিয়া
হলে দুপৰীয়া বা গধূলি খোৱাৰ দিন ঠিক কৰিব পাৰিম । আমাৰ চাওতালৰ নিজা পাৰম্পৰিক
খানা
___  কণী আৰু কুকুৰা মাংস । হবনে ?”

 

লেণ্ডলাইন লগোৱাৰ পাচতেই পানমুনিয়ে প্ৰথম ফোনটো কটকৰ হোস্টেলত থকা ৰবিলৈ
কৰিছিল । “জান ৰবি
, আমি মুৰ্গিমাংস
দুসপ্তাহদিন মুখতেই দি পোৱা নাই অ

। কণীও আনকি !”

ভালেইতো মা” ৰবিয়ে
হাঁহি হাঁহি কৈছিল ।

কি ভালেইতো” ?

অঁতো, তেতিয়া
লে তোমাৰ পেটৰ অসুখটো বেয়ালৈ নাযায় । যেতিয়াই তুমি চিকেন
খোৱা তেতিয়াই তোমাৰ হজমৰ গণ্ডগোল হয় ।”

মই নিজে ৰান্ধিলে নহয় দেই
বেটা !”

চিন্তা নকৰিবা, মা
। তোমাৰ খোৱাৰ পদ্ধতি সলোৱা এতিয়া। তোমাৰ বয়স হৈছে । বয়সীয়াল মানুহে মাংস আৰু কণী
খোৱা উচিত নহয় । এইবোৰ খালে হাৰ্টৰ অসুখ
,
কলেস্টেৰল, ফেট, বদহজম
হয়
, আনকি গাউটো !”

কথাখিনিয়ে পানমুনিৰ অশান্তি আৰু বঢ়াইহে তুলিলে ।

 

 এইখন এখন পুৰণি চহৰ কিন্তু
চহৰখনত অনেক খোলা ঠাই আছে আৰু আছে সেউজ । এইখন উৰিষ্যা বা ঝাড়খণ্ডৰ দৰে নহয় । তাইৰ
 
চহৰখনৰ প্ৰতি আনুগত্যৰ লেহেমীয়া
পৰিবৰ্তনৰ ওপৰত এদিন চীল মোহৰ পৰিল
,
যিদিনা তাই ৰেস্তোৰাঁ এখনত
খাবলৈ ওলাইছিল ।

 

লা
আজি বাহিৰত ক
ৰবাত খাওঁগৈ “, বজাৰ
কৰি থাকোতে এনেদৰে বিৰাম পেহাই তাইক প্ৰস্তাৱ দিলে ।

বাহিৰত ?”, পানমুনি যেন কিছুপৰ থৰ লাগি ৰল।

আৰে, তুমি
বাহিৰত খালেহে জানিবা ইয়াৰ ৰেস্তোৰাঁবোৰ কেনেধৰণৰ ! এই হোটেলবোৰ সেই ভূৱনেশ্বৰৰ
হোটেলবোৰৰ দৰে নহয় । সেইবোৰ বেলেগ । সেইবোৰতকৈ পৰিষ্কাৰ ।”

 

অনুসন্ধিৎসু মনেৰে বিৰাম পেহা সোমোৱা খাদ্যৰ দোকানখনত তাই বিৰামৰ পিচ ললে

খোৱাৰ দোকানখন সাধাৰণ কিন্তু বেচ আহল বহল,
বতাহ চলাচল কৰি থকা, আৰু
আঁৰ চকুৰে পানমুনিয়ে দেখিলে অত্যন্ত পৰিষ্কাৰ । মেজবিলাকৰ মাজে মাজে গ্ৰাহক আৰু
কৰ্মী ঘূৰাফিৰা কৰাৰ বাবে যথেষ্ট খালি ঠাই আছে । টেবিলবোৰৰ ওপৰিভাগ শুধ বগা ৰঙৰ
, কিন্তু
সেইবোৰ এনেভাবে পৰিষ্কাৰ কৰা হৈছে যে
,
না তাত আছে হালধিৰ দাগ, গ্লাছৰ
তলিখনৰ পৰা লগা দাগ অথবা না ক
ল্ড ড্ৰিঙ্কৰ বটলৰ দাগ । 
যেন পানমুনি-পেহীৰ নিজৰ
ঘৰটোহে ।

 

বিৰাম পেহা আৰু পানমুনি-পেহীয়ে এক প্লেটকৈ গুজৰাটী খানাৰ অৰ্ডাৰ দিলে । সাধাৰণ
খাদ্য যদিও পানমুনিয়ে সোৱাদটো ভাল পালে । কিন্তু আচল কথাটো এই ঠাইৰ পৰিচ্ছন্নতাহে
যিটোৱে তাইৰ মনত সাঁচ বহুৱাই থৈ গ
ল ।

 

প্ৰায় নিয়মিত ভাবেই ঝাপন-বাইদৰ ঘৰলৈ বিৰাম আৰু পানমুনি
অহা যোৱা কৰি আছিল । কিন্তু পৰিয়ালটোৰ ব্যস্ততা ক্ৰমান্বয়ে বাঢ়ি অহাত
, বিৰামৰ
অফিচ আৰু হপনৰ স্কুলৰ ব্যস্ততা
, তাতে ভডোদৰাত পানমুনিৰ মন
সহজ হৈ পৰাত ঝাপনৰ ঘৰলৈ যোৱাটো কমি আহিল । তথাপিও মাহেকত এবাৰ হলেও লগ পোৱাটো চলি
থাকিল ।

 

সেই একেধৰণেৰে, ঝাপন-বাইদ
খাদ্যৰ মেনুখনৰো পৰিবৰ্তন ঘটিল । ঝাৰখণ্ডৰ খুৰীয়েকৰ ঘৰৰ মানুহখিনিক এগাল মাছে মঙহে
খুৱাবলৈ সদায় ঝাপন ব্যগ্ৰ হৈয়ে থাকিল । চ
ৰেণ পৰিয়ালে ইতিমধ্যে আমিষ
খাদ্য কম বেছি পৰিমাণে বন্ধই কৰিলে আৰু ভডোদৰাৰ পৰা ৰেস্টোৰাঁৰ খোৱা কিনি আনি খাই
ভাল পাই
, ঝাপনক ইটো সিটো বনোৱাৰ বাবে হাক দিবলৈ ধৰিলে । ভাত, দাইল, এখন
তৰকাৰি
, আৰু আমিষ আহাৰৰ নামত কণীৰ আঞ্জা হলেই হব। 

 

ঝাপনে পানমুনি-পেহীক কৈছিল, ” নিশ্চয়, এই
মহানগৰখন যে পৰিষ্কাৰ
, সেয়া কিন্তু মানিব লাগিব।
ইয়াত থকাৰ এইটোৱেই আনন্দ । ইয়াত সকলো বস্তু সুচাৰুৰূপে ৰখা হয় । তোমালোকে
এতিয়ালৈকে আহমেদাবাদলৈ যোৱা নাই নহয়
?”

 

ওঁহো, আমি
নাইযোৱা
, শুনিছো তথাপি । বৰ ভাললগা ঠাই বোলে, নহয়নে
?” পানমুনি-পেহীয়ে কলে

ভাললগা ? অতিশয়
সুন্দৰ ঠাই !” ঝাপনৰ চকুজুৰি চিকচিকাই উঠিল । কি ধুনীয়া ৰাষ্টা
, তাতে
পৰি যেন বাগৰি দিম । আৰু দোকান বজাৰবোৰ
……………”

হুঁ……মই
পেহাদেউৰক তালৈ যাবলৈ এদিন লগ ধৰিম ।”

নিশ্চয় লগ ধৰিবা । তুমি
জানানে বাৰু গুজৰাটৰ নগৰ মহানগৰবোৰো অতি লেতেৰা আছিল । ৰাষ্টাত গেলা পঁচাৰ দ

আৰু হেঁচা ঠেলা চাৰিওফালে । মনত আছেনে তোমাৰ
, 
প্লেগৰোগে মহামাৰী আকাৰ
ধাৰণ কৰিছিল । প্ৰায় ৬-৭ বছৰমানৰ আগেয়ে
?”

 

পানমুনি পেহীয়ে মূৰ দুপিয়ালে । তাইৰ মনত আছে বাৰুকৈয়ে । সেই বছৰৰ কোনোবা এটা
দিনত তাই ঘাটশিলা স্টেচনত ৰৈ থাকোতে স্টেচন মাষ্টৰে মাইকত ঘোষণা কৰি জনাইছিল যে
হাওৰা এক্সপ্ৰেছ অলপতে পাৰ হৈ যাব
,
আৰু তাকে শুনিয়েই স্টেচনত
ৰৈ থকা মানুহবোৰে বাহিৰলৈ ওলাই যাবলৈ লৰা ধপৰা লগাইছিল । যি মুহূৰ্ততে
আহমেদাবাদ-হাওৰা এক্সপ্ৰেছখন হুইচেল বজাই আহি ৰৈছিলহি
, প্ৰত্যেকেই
স্টেচনৰ ওলোটা ফালে মুখ ঘূৰাইছিল আৰু মুখৰ সকলো অংশ ঢকাকৈ হাতৰ তলুৱাৰে অথবা
কাপোৰেৰে মেৰিয়াই লৈছিল ।

 

সেই প্ৰকোপ চৰা দিনৰে পৰা, চৰকাৰে
নিশ্চিত কৰিলে যে প্ৰতিখন চহৰ আৰু মহানগৰ চাফাকৈ ৰাখিব লাগিব ।” ঝাপন বাইদ
য়ে
লে।

 

ঝাপনে চাওতালি খাদ্য তৈয়াৰ কৰি থাকোতে,
কোনোবা এটা আবেলি চকিত বহি
পানমুনিয়ে কয়
, ” মই জানা, ভূৱনেশ্বৰৰ
ৰাষ্টাৰ কাষৰ খোৱা-বোৱাৰ ৰেস্তোৰাঁ সদায়েই এৰাই চলি আহিছো । যেতিয়াই ৰবি আৰু হপনে
মোলৈ বাহিৰত বনোৱা খোৱাবস্তু লৈ আনে
,
তেতিয়াই মই নৰিয়াত পৰো ।
পেট-কামোৰণি
, গেচ, কত
কি ! মই ইমানেই ভয় খাওঁ যে
, পৰাপক্ষত বাহিৰত নাখাওঁৱেই
। যদি তোমাৰ পেহাই বাহিৰত খাবলৈ লগ ধৰে
,
মই কওঁ যদিহে তুমি
পৰিষ্কাৰ আৰু ভাল খাদ্য বিপনী এখনলৈ নিয়া
,
স্বস্তি”
বা “মে
ফেয়াৰ”ৰ দৰে দামী হোটেললৈ, তেহে
যাম
, নহলে নেযাওঁ । ইয়াত কিন্তু ঝাপন, বাহিৰলৈ
গৈ খোৱাটো ভাল পাইছো ।”

 

মই কৈছিলো নহয়, তুমি
ইয়াত ভাল পাবা বুলি !”
                           ~

 

কিন্তু পুৰণি অভ্যাস সোনকালে নাতৰে । 

ৰেণ দম্পতীয়ে নিজকে প্ৰবোধ মনাই আঁতৰি থকাত 
প্ৰায় সক্ষমতা লাভ কৰিছিল, মাছ, মুৰ্গি
আৰু ছাগলি মাংসৰ পৰা । কেতিয়াবা সৰু সুৰা পাপ কৰিবলৈ বাধ্য হৈছিল অৱশ্যে
, এটা
কণী গলাদ্ধ:কৰণ কৰি । চুভানপুৰা ক
লনিৰ বজাৰ ওচৰত, প্ৰবাসী
বিহাৰী মানুহ এটাৰ সৰু দোকান এখন আছিল । এইখনেই আছিল সেই বজাৰখনৰ একমাত্ৰ দোকান য

কণী বেচিছিল
, আৰু তাত সদায়েই কিছু
মানুহৰ ভিৰ লাগি থাকে । বিৰাম পেহা আৰু হপনে তালৈ যায়
, চাৰিওফালে
দৃষ্টি নিক্ষেপ কৰে
, জানোচা কোনোবা পৰিচিত
গুপ্তচৰে সিহঁতক অদূৰৰ পৰা কণী ক্ৰয় কৰা নিৰীক্ষণ কৰি আছে
, দুটা
কণী কিনে
, কাগজেৰে আটোমটোকাৰিকৈ মেৰিয়াই বান্ধে, কাপোৰৰ
বজাৰ কৰা বেগটোত সুমোৱাই ঘৰলৈ ওভতে ।

 

কণী কিনি অনাটো যদি কষ্টকৰ কাৰ্য্য বুলি কব পৰা যায়, তেন্তে
কণী সিজোৱাটোক অতীব দুৰুহ কাৰ্য্য বুলি অভিহিত কৰিবই লাগিব । এটাতকৈ অধিক কণী একে
সময়তে সিজাবলৈ গলে ধৰা পৰাৰ সম্ভাৱনাই অধিক । যদি হপনে এটা কণী কোনো এক বিশেষ দিনত
গ্ৰহণ কৰে
, তেনেহলে দ্বিতীয় কণীটো সি এসপ্তাহৰ পাচতহে খাবলৈ পাব, কাৰণ
পানমুনি পেহী নিশ্চিত যে তাই সিজোৱা কণীৰ গোন্ধ ইতিমধ্যে ঘৰৰ সীমা অতিক্ৰম কৰি
চুভানপুৰা কলনি পাইছেগৈ ।

এতিয়া কণীৰ চোকোৰাৰ কথালৈ আহোঁ। কণী সিজোৱাৰ পাচত গোট খোৱা চোকোৰাবোৰক কিদৰে
আঁতৰাব পাৰি
, সি এটা প্ৰধান সমস্যা।

প্ৰতিদিনে পুৱা ঘৰৰ গৃহস্থ সমন্বিতে সকলোৱে ঘৰৰ পেলনীয়া বস্তুবোৰ এটা এটাকৈ
বান্ধিবলৈ লাগি যায়
___ পাচলিৰ বাকলি, বিভিন্ন
বস্তু বন্ধা পলিথিন
, ফটাচিটা কাগজ, সিজাই
পেলোৱা চাহপাত
, __ এটা এটাকৈ পলিথিন বেগবোৰত
শাৰী পাতি ভৰোৱা হয় । এই বেগবোৰ কেতিয়াবা বিৰাম পেহা
, কেতিয়াবা
হপনে
, কলনিৰ বাহিৰত থকা মিউনেচিপেলিটিৰ লোৰ আবৰ্জনাৰ বাকচত পেলাই
আহেগৈ । যিদিনা আবৰ্জনাৰ লগত কণীৰ বাকলি থাকে
,
সেইদিনা সিহঁতে কলনিৰ
বাহিৰত থকা তেনে বাকচত নেপেলাই
, দূৰৰ বাকচত পেলাবলৈ যাব
লগা হয় । কিবা অসুবিধাত যাব নোৱাৰে
,
সেইদিনা বাকলিখিনি কিচেন
গাৰ্ডেনত মনে মনে পুতি থয় ।

এনেধৰণৰ দিনবোৰত, পানমুনি পেহীয়ে ভূৱনেশ্বৰৰ
মুকলি মুকলি দিনবোৰৰ কথা মনত ভাবে
,
বঙ্গোপসাগৰৰ পৰা উৰি অহা
বতাহজাকলৈ মনত পেলায়
, যি বতাহজাকে সকলোকে চুই
যায় । পানমুনিৰ মনলৈ আহে
, ভূৱনেশ্বৰত থাকোতে সদায়
ৰবি আৰু হপনৰ বাবে দুটাকৈ কণীৰ অ
মলেট বনাইছিল । তাইৰ বাহু
মাছৰ আঞ্জাখন তাৰ সকলো চাওতাল মহিলাৰ মাজত প্ৰশংসা কঢ়িয়াই আনিছিল । আৰু তাই প্ৰায়ে
ৰন্ধা চিকেন আৰু মাটন্ কাৰী দুখন ! তাই বনোৱা কণী
, মাছ, চিকেন
আৰু মাটন্ ৰ সুগন্ধ তাইৰ পাকঘৰৰ পৰা বাহিৰ হৈ এইচআইজি হাউচিং বৰ্ড কলনিৰ চাৰিওফালে
বিয়পি পৰিছিল । কোনেও টু এটা কোৱা নাছিল
,
কোনেও 
গিৰিয়েকৰ কলাৰত ধৰি সোধা
নাছিল
,” চৰেণ,
কোৱা নাছিলো মই, ইয়াত
নন-ভেজ নাৰান্ধিবা বুলি”
? নাই, কোনেও
নকৈছিল । বৰঞ্চ কৈছিল
, ” ভৌজো, এই
ডিশ্ব তাওম কেমতি তৈয়াৰ কৌৰচ্ছ
?” আৰু তাই সকলোকে বুজাই
দিছিল কেনেকৈ কৰিব লাগে ।

 

ওডিষাত, পানমুনি পেহী এজনী চাওতাল, এজনী
উড়িয়া
, এজনী বঙালী । গুজৰাটত,
তাই হ
লাগিব কেৱল এজনী গুজৰাটী । ভূৱনেশ্বৰত
,
সকলো চাওতালে বাহা, চহৰাই, সক্ৰাত
একেলগে উদ্ যাপন কৰে। সিহঁতে নন্দন কানন চিৰিয়াখানালৈ যায়
, বছেৰেকীয়া
পিকনিক খাবলৈ আৰু সকলো আলহীৰ বাবে “জিল লে
ট”
তৈয়াৰ কৰে। সিহঁতে ওডিষাৰ অন্য প্ৰান্তত থকা চাওতাল সকলকো নিমন্ত্ৰণ কৰে
, যেনে
কটক
, পাৰাদ্বীপ, ৰুৰকেল্লা, বাৰিপাডা
আৰ কোৰাপুটৰ পৰাও । এই সমাবেশ বৰ আকৰ্ষণীয় হৈ পৰে । ঝাপন বাইদেউৰ পৰা পানমুনি
পেহীয়ে জানিব পাৰিলে যে গুজৰাটতো বিভিন্ন অফিচত কৰ্মৰত বহু চাওতাল মানুহ আছে।
পানমুনিয়ে ভাবিলে যে এই সকলোবোৰ মানুহক গুজৰাটত একগোট কৰি যদি পিকনিক এটা কৰিব
পাৰি
, ত তাই মুকলিকৈ “জিল লেট”
বনাই সকলোকে খুৱাব পাৰিব !! আৰু এই চিন্তাটো অহাৰ পাচতে পৰা ভাবিবলৈ ধৰিলে যে এই
সমাজখনৰ লগত তাল মিলাবলৈ গৈ তাই কিমান নিজক জোৰেৰে হেঁচি সীমিত কৰি থৈছে ।

 

এয়া ঠিক, ভডোদৰাই তাইক আকৰ্ষিত
কৰিছে । হপনৰ ২০০২চনৰ পৰীক্ষাৰ আগতেই তাই এবাৰ ঝাড়খণ্ডলৈ গৈছিল। পানমুনিয়ে লগত
কিনি নিছিল তিনিবছৰীয়া ভতিজীজনীলৈ আইনাৰ চুমকি দিয়া এযোৰ লেহেঙ্গা চোলী ।
 

 

এবছৰতকৈ কম সময়ৰ ভিতৰত নতুন মহানগৰীত চৰেণ দম্পতি খাপ খাই পৰিল ।
তেওঁলোকে বহুত নতুন বন্ধু গোটালে
, তাৰে একাংশ বিৰাম পেহাৰ
অফিচৰ আৰু একাংশ আছিল ওচৰ পাজৰৰ । আৰু প্ৰায়বোৰ মানুহেই গম পালে যে চ
ৰেণহঁত
আদিবাসি মূলৰ
, তেওঁলোকে নিজকেও সাঁচত
ঢালি ল
লে,___ মন্দিৰলৈ যায়, হিন্দু
উৎসৱ পালন কৰে
, কোনো কোনো দিনত উপবাসে
থাকে
, ঘৰত ধূপকাঠি জ্বলায়,……
সমাজেও তেওঁলোকক মানি ললে

 

মি: ৰাৱেও বিৰাম পেহা আৰু পানমুনি পেহীয়ে ভডোদৰাক ঘৰ হিচাবে মানি লোৱাত সন্তোষ
পালে । তেওঁৰ সন্ধিয়াৰ কথা পতাৰ লগ হিচাবে বিৰাম পেহাৰ সতে সহজ বোধ কৰিবলৈ ধৰিলে ।
পানমুনি পেহী আৰু মিছেচ ৰাও বান্ধৱী হৈ পৰিল ।

 

এদিন ৰাতিপুৱা, বিৰাম পেহা কামলৈ ওলাই
যোৱাৰ পাচত
, ঘপহকৈ পানমুনি পেহীক আচৰিত
কৰি
, মিছেচ ৰাও আহি ওলালহি । ফ্লেটৰ বাহিৰত তেওঁক কাচিৎহে দেখা
যায় । ইটো সিটো কথা পতাৰ পাচত
, তেওঁ হঠাতে কলে, “মিছেচ চৰেণ,
বেয়া নেপাই যদি আপোনাৰ
পাকঘৰত কণী এটা ভাজিব পাৰিমনে
? মি: ৰাৱে আমাৰ তাত ভাজিবলৈ
নিদিয়ে ।” পানমুনি পেহী কিছু সময়ৰ বাবে শিলচপৰাৰ দৰে থৰ হৈ গ
, আৰু
কি ক
ব একো ভাবি নেপালে । কেনে আচৰিত ! নভবা নিচিন্তাকৈ কোনেনো
তেনেকুৱা কথা সুধিব বুলি ভাবিব পাৰি
?
আৰু দুয়োগৰাকী মানুহ প্ৰায়
অপৰিচিত বুলিব পাৰি । সম্ভৱ এইটো এটা ফান্দ । হপনে কিচেন গাৰ্ডেনত কণীৰ বাকলি পুতি
থোৱা মিছেচ ৰাৱে দেখিলে নেকি
? এতিয়া কি হ
বাৰু !
?

 

মিছেচ ৰাও__” কিবা কবলৈ গৈ ৰৈ গল পেহী ।

মিছেচ ৰাৱে কিবা এটা বুজি পালে আৰু কলে, “নাই নাই, মোক ভুল নুবুজিব, মিছেচ
ৰেণ । আপোনালোকতকৈ আগেয়ে থকা পৰিয়ালটোক মি: ৰাৱে পঠিয়াই
দিলে । মই মাহৰ পাচত মাহ জুৰি কোনো আমিষ আহাৰ খাই নোপোৱা হলো । তেওঁ মোক খাবলৈ
নিদিয়ে ।”

সেইদিনা ৰাতিপুৱা পানমুনি পেহীয়ে অন্ধ্ৰৰ স্টাইলত বনোৱা মছলা দিয়া কণীৰ ফ্ৰাই
শিকি ল
লে । খাই উঠাৰ পাচত,
মিছেচ ৰাও বাথৰুমলৈ গৈ
মুখখন ভালদৰে কুলিকুলি কৰিলে । শব্দবোৰ পেহীৰ কাণত পৰিছিল । যাবৰ পৰত পানমুনি
পেহীয়ে গোন্ধ দূৰ কৰিবলৈ ইলাচী এটা চোবাবলৈ দিলে ।

পাচৰ মাহকেইটাত পেহী আৰু মিছেচ ৰাৱে মাজে মাজে চিআইএচএফ কেম্পত থকা ঝাপন
বাইদেউৰ ঘৰলৈ অহাযোৱা কৰি থাকিল আৰু মনপছন্দৰ মাংসৰ প্ৰকৰণবোৰ ৰান্ধি থাকিল ।
কেতিয়াবা স্কুলৰ পৰা বাহিৰে বাহিৰে হপন আহি খোৱাত যোগ দিয়েহি আৰু কাৰ ৰন্ধা কেনে
টেস্টি হৈছে
, তাৰ মন্তব্য দি যায় ।

 

২৭ ফেব্ৰুৱাৰী ২০০২ৰ ৰাতিপুৱা । বিৰাম পেহা আৰু হপনক ভডোদৰা ৰেইলৱে স্টেচনত
দেখা গ
ল। তেওঁলোক আহিছে ঘাটশিলালৈ যাবলৈ টিকেট বুক কৰিবলৈ, যাতে
হপনৰ পৰীক্ষা শেষ হোৱাৰ পাচতে যাব পাৰে । ১১:০০ বাজিছিল । বিৰাম পেহাই টিকেট কিনা
হৈ যোৱাৰ পাচত প্ৰস্থানৰ দুৱাৰখনৰ দিশে খোজেৰে আগবাঢ়িছিল অদূৰত ৰৈ থকা হপনৰ ওচৰলৈ
। ঠিক তেনে সময়তে হঠাৎ এটা হুলস্থুলৰ শব্দ শুনা গ

কোনোবাই চিঞৰিছে বোলে ট্ৰেইন এখন জ্বলাই দিলে !

চকুৰ পচাৰতে, বিৰাম পেহাই হপনৰ ওচৰ
পোৱাৰ আগতে
, বিশৃঙ্খল চিঞৰ বাখৰ
ৰিজাৰ্ভেশ্বনৰ খিৰিকিৰ ওচৰত গোট খালেহি ।

ট্ৰেইন এখন জ্বলাই দিলে ?
?”

ইয়াত নহয় ? তেন্তে
? কি হৈছিল ?”

কোন মৰিল ?”

কেতিয়া ?”

মাৰ-কাট আৰম্ভ হৈছে ?
?”

টিকেটৰ বিষয়ে সকলোৱে পাহৰি গল । ফৰ্মবোৰ, সময়-সূচীবোৰ, সকলোবোৰ
এদনিয়া কৰি প্ৰত্যেকজন ব্যক্তি হতভম্ব হৈ ৰিজাৰ্ভেশ্বন
 
খিৰিকিৰ ইফালে সিফালে
আঁতৰি বেগেৰে বাহিৰ ওলাই গ
ল ।

হপনে ঘূৰি চাই দেখিলে, তাৰ দেউতাকে বেগেৰে গেটৰ
বাহিৰলৈ ওলাই আহিছে । সি দেউতাকৰ ফালে হাতখন জোকাৰি চিঞৰিলে
, “বাবা।”

গুচি যা ।” বিৰাম
পেহাই চিঞৰি ক
লে,
গাড়ীখনলৈ
গুচি যা । বেগাই
, বেগাই !”

হপনক পুনৰবাৰ কোৱাৰ দৰ্কাৰ নাথাকিল । সি বিল্ডিঙৰ চিৰিয়েদি তীব্ৰ বেগত নামি
আহি গাড়ীবোৰ ৰখা জেগালৈ দৌৰ দিলে । গাড়ীৰ ওচৰ পাই সি ঘূৰি চালে
, এজাক
মানুহ সেইফাললৈকে দৌৰি আহিছে । মানুহবোৰে নিজৰ বেগবোৰ সাৱটি
, টোপোলাবোৰ
সাৱটি আৰু ল
ৰাছোৱালীবোৰ সাৱটি দৌৰ মাৰিছে । ঠাইখনৰ সিটো
পাৰে য
ত মহানগৰখন আছে,
ইমান হুলস্থুল দেখা পোৱা
নগ
ল ।  

বিৰাম পেহাই অমনিখনৰ ফালে বেগেৰে গ, দুৱাৰ
খুলিলে
, সোমাই লৈ হপনৰ ফালৰ দুৱাৰখন খুলি দি কলে, ” সোনকালে সোমাই ল।”

হপনে কলে, “বাবা, প্ৰথমে
তুমি গাড়ীখন পাচলৈ নিয়া । মই চাই দিম।”

তোক সোমা বুলিছো নহয়”
বিৰাম পেহাই চুটিকৈ ক
লে । হপনে জপিয়াই গাড়ীখনত সোমাল আৰু দৰজাখন
বন্ধ কৰি দিলে । বিৰাম পেহাই গাড়ীখন
ৰিভাৰ্চলৈ
নিওঁতে পাচফালে থকা গাড়ীখনত ঘঁহনি খুৱালে । হপনৰ বুকুখন চিৰিংকৈ উঠিল । সি তাৰ
দেউতাকৰ মুখখনলৈ চালে । কোনোদিনাই দেউতাকৰ তেনে এখন উত্তেজনাময় মুখ দেখা তাৰ মনত
নপৰিল । সিহঁতে গাড়ী পাৰ্কিং কৰা ঠাইৰ পৰা ওলাই আহিল
, স্টেচনৰ
এলাকাৰ পৰা ওলাই আহিল
, আৰু মহানগৰীখনৰ ভিতৰত
সোমাই পৰিল ।

 

এতিয়ামানলৈ, ভীতিগ্ৰস্ততাৰ বুৰ্বুৰণিৰ
কিছু হলেও শাম কাটিছে । স্টেচনৰ ওচৰ পাজৰৰ গলিবোৰৰ ঘৰবোৰত শ্বাটাৰ বন্ধ কৰা
অৱস্থাত আছে । “ক
ৰবাত এটা ৰায়টআৰম্ভ
হৈছে বোলে”
__বিৰাম পেহাই হপনক কলে ।
তাৰ চকু আলিবাটত
, তাৰ মুখতো পৰিষ্ফুট হৈছে
চিন্তা ।

 

” ‘এটাকি
?”

ৰায়ট । মৰা-কটা । দাঙ্গা ।
যিমান দূৰ সম্ভৱ
, বহুত মানুহ মৰিছে । কিমান
সঠিক নাজানো ।”

 

মানুহ মৰিছে । ক
?”

মই গম নেপাওঁ ।”

হপনে আৰু বেছি একো নুসুধিলে । মাত্ৰ সি মাত্ৰ বিচাৰিছে 
অতি সোনকালে সিহঁত দুটাই
কেনেকৈ ঘৰ পাবগৈ পাৰিব । সি মাকৰ কথা ভাবিছিল । মাকে বা এতিয়া কি কৰিছে
? যদিহে
ৰবাত দাঙ্গা হৈ আছে,
এই ঘটনাটো টিভিত দিব। মাকে
সাধাৰণতে ৰাতিপুৱাৰ সময়খিনিত টিভি নেচায় । এই মুহূৰ্তত
 
সি মনে প্ৰাণে কামনা কৰিছে
যেন মাকে যেন টিভিটো খোলক
, তেতিয়া জানিব পাৰিব এই
মৰামৰি-কটাকটিৰ কথা আৰু ঘৰৰ দৰজা খিৰিকিবোৰ তেহে লগাই থব পাৰিব । সি দেউতাকক সুধিব
বিচাৰিছিল যে সিহঁতৰ টিকেট পোৱাৰ কথাটো । যিটো তীব্ৰ বেগত সিহঁতে স্টেচন এৰি গুচি
আহিছিল
, তেনে অৱস্থাৰ ধামখুমিয়াত টিকেটবোৰ পৰি থাকি অহাতো
অস্বাভাবিকতা নাছিল । ঠিক তেতিয়াই দেউতাকৰ শ্বাৰ্টৰ পকেটত টিকেটকেইটাই ভুমুকি মৰা
সি দেখা পালে ।

 

চুভানপুৰা কলনিলৈ স্টেচনৰ পৰা দহ কিলোমিটাৰ দূৰত্ব, এইচ
টি ৰোডৰ কাষে কাষে যাব লাগে । ঘৰলৈ গাড়ী চলাই আহি থাকোতে
, বিৰাম
পেহা আৰু হপনে দেখিছিল বহুত মানুহ ইফালে সিফালে খোজকাঢ়ি ফুৰা
, হিচাবী
বেগত গৈ থকা গাড়ীবোৰ আৰু দৈনন্দিনৰ দৰেই জীৱন চলি থকা । বিৰাম পেহাই আন্দাজ কৰিব
নোৱাৰিছিল কিমান সময় এনে গতিৰে ইয়াত জীৱন চলি থাকিব ।

 

যেতিয়া সিহঁত ঘৰ পালেগৈ, হপনে জাপ মাৰি গাড়ীৰ পৰা
ওলাল আৰু আগফালৰ জপনাখন মুকলি কৰি দিলে । বিৰাম পেহাই গাড়ীখন চিধাচিধি সুমোৱাই লৈ
ল আৰু চালিখনৰ তলত গাড়ীখন ৰাখিলে । ঘৰত সোমায়েই তেওঁ আগফালৰ
দুৱাৰখন লক্ কৰি দিলে আৰু খিৰিকিবোৰ এখন এখনকৈ বন্ধ কৰি শলখা লগাই দিলে ।

 

কি হ, হয়
?”, এখন চিন্তিত মুখেৰে পানমুনি পেহীয়ে পেহাক
সুধিলে । ঘৰটোত পেহী অকলশৰে আছিল । বাচন ধোৱা আৰু ঘৰ চাফা কৰা মানুহজনী ইতিমধ্যে
ঘৰলৈ গুচি গৈছিল । বিৰাম পেহাই সুধিলে
,
আমাৰ
ঘৰত চব বস্তু আছেনে
? চাউল, আটা, শাক-পাচলি, বিস্কুট, চাবোন
? কিবা আনিব লাগিব নেকি ?”

 

আছে
। কিয় সুধিলে
?” পানমুনি পেহী হতভম্ব হৈ গল।
“সকলো ঠিকে আছেনে
?”

নাই, কথাবোৰ
ঠিক ভাল বুলি কব নোৱাৰি।” খিৰিকিৰ মাজেদি বাহিৰৰ আলিটোত দৃষ্টি নিবদ্ধ কৰি
বিৰাম পেহাই ল
লে,
কাৰ্ফিউ
লগাব কিজানি ! মানুহে কোৱা শুনিছো বোলে গুজৰাটৰ কোনোবা এখন ঠাইত এখন ট্ৰেইনত জুই
লগাই দিয়া হৈছে । কোৱাচোন তুমি আমাৰ সকলো বস্তু যথেষ্ট আছেনে
? নহলে
মই বাহিৰলৈ ওলাই তৎক্ষণাত বস্তুবোৰ কিনি আনোগৈ ।”

নাই নাই, এতিয়া
কলৈকো ওলাই যাব নেলাগে ।” পানমুনি পেহীয়ে ভোৰভোৰালে । ” আমাৰ চব বস্তু
আছে । কলৈকো নোলাবা । হপন
, ঘৰৰ ভিতৰতে থাকিবি, শুনিছ
।”

 

দুপৰীয়ালৈকে, সম্পূৰ্ণ 
ভডোদৰা নীৰৱ হৈ পৰিছিল ।
এখন কোলাহলমুখৰ চহৰ ভডোদৰা এঘন্টা অথবা তাতকৈ কম সময়ৰ ভিতৰতে স্তব্ধ হৈ পৰিল ।
সম্পূৰ্ণ মহানগৰখনৰ প্ৰত্যেকটো ঘৰৰ প্ৰত্যেকখন দৰজা খিৰিকি বন্ধ হৈ পৰিল ।বিৰাম
পেহা আৰু হপন ঘৰ আহি পোৱাৰ প্ৰায় দহ মিনিটৰ পাচতেই মি: ৰাও তললৈ নামি আহি তেওঁলোকৰ
খবৰ ললেহি । যেতিয়া গম পালে যে সকলো ঘৰতেই আছে
,
তেওঁ মূল গেটখন, লক
কৰি দিলে আৰু ওপৰলৈ গৈ ঘৰৰ দুৱাৰ মাৰি সোমাই থাকিল ।

 

বিৰাম পেহাই টিভিটো খুলিলে। এখন জ্বলিথকা ৰেলগাড়ী প্ৰতিটো বাতৰি চেনেলতে
দেখুৱাই আছে । বাতৰিত এইবুলি কোৱা হৈছে যে
,
তীৰ্থযাত্ৰী কিছুমান
সাবৰমতী এক্সপ্ৰেছেৰে অযোধ্যাৰ পৰা আহি থকা অৱস্থাত
, ভডোদৰাৰ
পৰা প্ৰায় এশ কিলোমিটাৰমান আঁতৰৰ গোধ্ ৰা নামৰ স্টেচনটোত ৰখাই লৈ কিছুমান মানুহে
 
ৰেলখনত অগ্নিসংযোগ কৰে ।
এইটো কোৱা হৈছে যে অপৰাধপ্ৰৱণ মানুহৰ এটা দলে ডবাবিলাকৰ দুৱাৰবোৰ বাহিৰৰ ফালৰ পৰা
বন্ধ কৰি দিয়ে । ভিতৰত থকা আঠাৱন্নজন লোক সেই জুইত সম্পূৰ্ণৰূপে পুৰি মৰে । সেই
অপৰাধীবোৰ মুছলিম বুলি চিনাক্ত কৰা হৈছে । এতিয়া হিন্দুবোৰে ইয়াৰ প্ৰতিশোধ লোৱাৰ
বাবে আগবাঢ়িছে ।

আহমেদাবাদত, হিন্দুবোৰে ৰাষ্টালৈ ওলাই
আহিছে
, মুছলিমৰ সা-সম্পত্তি ধ্বংস কৰি গৈছে, মানুহ
হত্যা কৰিছে আৰু জ্বলাই দিছে । বাতৰিত ভডোদৰাতো হিংস্ৰতা হোৱা বুলি কোৱা হৈছে যদিও
ৰেণ পৰিয়ালৰ ঘৰৰ সমুখৰ ৰাষ্টাত, সকলোবোৰ
স্থিৰ আৰু নীৰৱ দেখা গৈছে । হয়তো চহৰখনৰ অন্য প্ৰান্ত হয়তো অশান্ত হৈ পৰিছে
, বিশেষকৈ
সেই ঠাইবোৰত য
ত মাংস বিক্ৰি কৰা হয় ।

 

টিভিত বাতৰিটো দেখি পানমুনি পেহীয়ে ঝাপন বাইদেউলৈ ফোন কৰিলে । ঝাপন বাইদেৱে এই
ঘটনাৰ বিষয়ে একো গমেই পোৱা নাই ।

আমি ভালেই আছো, পেহী
।” চিআইএচএফ কেম্পাচৰ সুৰক্ষিত ঘৰটোৰ পৰা ঝাপন বাইদেৱে ক
লে
।” তোমালোকে আমাৰ চিন্তা নকৰিবা। মুঠতে তোমালোকৰ সকলোৰে ভালতো
?”

ওঁ, আমি ঠিকেই আছো । ঘৰতে আছো। আমি ঘৰৰ দুৱাৰ খিৰিকি সকলো লগাই
থৈছো।”

ঠিক আছে। ভিতৰতে থাকিবা ।
লৈকো ওলাই নাযাবা।”

তাৰপাচত পানমুনি পেহীয়ে ৰবিক ফোন কৰাৰ চেষ্টা কৰিলে, কিন্তু
সেইসময়ত হোস্টেলত নথকাৰ বাবে নাপালে । কেইঘন্টামানৰ পাচত
, আবেলি
চাৰি বজাৰ সময়ত ৰবিয়ে ফোন কৰিলে । ” তোমালোক সকলো ঘৰতে আছাতো
?”

আছো, ৰবি।”
পানমুনি পেহীয়ে উত্তৰ দিলে
, ” তই ক
আছিলি
? তোলৈ ফোন কৰাৰ চেষ্টা কৰিছিলো।”

মই হস্পিতালত। ৱাৰ্ড ডিউটি
পৰিছে । আমি তাত গণ্ডগোল হোৱা কথা গম পালো । প্ৰত্যেক চেনেলতে সেই একেটাই বাতৰি।
মই পিচিঅ
লৈ দৌৰি তোমালোকলৈ ফোন কৰিবলৈ গলো। বহু বাৰ চেষ্টা কৰাৰ
পাচতো
লাইন বিজিহৈয়ে ৰ
।”

আমি ভালেই আছো । কটকত খবৰ
কি
?”

কটক সম্পূৰ্ণ শান্তিপূৰ্ণ
। চিন্তা নকৰিবা।”

হোস্টেললৈ যাগৈ। অকলে ঘূৰি
নুফুৰিবি । ৰাতি কলৈকো নাযাবি । যদি নিৰাপদ নহয় বুলি ভাব
, অথবা
কোনো মৰা-কটাৰ আৰম্ভ হোৱাৰ খবৰ পাৱ
,
তেন্তে কোনোবা বন্ধুৰ ঘৰলৈ
বা টাউন এৰি গুচি যাবি। দৰ্কাৰ পৰিলে ঘাটশিলালৈ ঘূৰি যাবি। ঘটনা ঠাণ্ডা নোহোৱা
পৰ্যন্ত তাতে থাকিবি ।”

মা, মই
চম্ভালিব পাৰিম । চিন্তা নকৰিবা। ইয়াত চব ঠিক-ঠাক আছে ।”

 

গোটেই দিনটো জুৰি সিহঁতে ঘৰৰ ভিতৰতে আৱদ্ধ হৈ ৰ
। জ্বলি যোৱা ৰে
লৰ কাহিনীটো প্ৰতি চেনেলত একেৰাহে চলি থাকিল
। পুলিচে গোটেই দিনটো ৰাষ্টাই ৰাষ্টাই টহল দি থাকিল । গোটেই দিনটো মনে মনে বহি
থকাৰ পাচতো চ
ৰেণ পৰিয়ালে একো শুনা বা দেখা নাপালে। ঘৰটোৰ
পৰদাবোৰ আবেলিটো জুৰি এবাৰো মুকলি নহ
ল আৰু সন্ধিয়া লাইটৰ
পোহৰবোৰ অনুজ্বল অৱস্থাত জ্বলি থাকিল । অৱশেষত যেতিয়া শুবলৈ বিচনালৈ গ
, হৃৎপিণ্ডৰ
শব্দ গুমগুমাই বাজি ৰ
ল ।

 

পাচদিনা ৰাতিপুৱা সিহঁত সোণকালে উঠিল । আগদিনাৰ বাতৰিবোৰকে টিভিত বাজি
থাকিল।বিৰাম পেহাই খিৰিকিৰ পৰ্দাখন কিঞ্চিত আঁতৰাই ড্ৰয়িংৰুমৰ খিৰিকিৰে বাহিৰলৈ চালে।
পুলিচ কেইজনমানৰ বাহিৰে ৰাষ্টাত কোনো নাই। সকলোবোৰ ঘৰৰেই দুৱাৰ খিৰিকি বন্ধ ।
বিৰাম পেহাৰ মুখেদি দুটা শব্দ ওলাই আহিল। “আমি বন্দী।”

সেই দিনাৰে নিশালৈ আহিল উশৃঙ্খল এক সমদল।

 

যিখিনি কথাই সকলো মানুহে জানিছিল,
মি: মোহাম্মদ নগৰৰ বাহিৰৰ
ৰবাত কাম কৰে। ঘৰখনত চাৰিগৰাকী মহিলা ; মানুহজনৰ
পত্নী
, তেওঁৰ বুঢ়ী বিধবা মাক,
আৰু দুজনী গাভৰু জীয়েক ।
চুভানপুৰা ক
লনিত তেওঁলোকেই একমাত্ৰ মুছলমান পৰিয়াল । চৰেণৰ
ঘৰৰ মানুহৰ লগতে
, সকলো চুবুৰীয়াই, আন্ধাৰ
কৰি থোৱা কোঠালীৰ পৰ্দাৰ ফাঁকেৰে দেখিছিল
,
দুখন ট্ৰাক আহি ঠাইখিনিত
ৰৈছেহি
, প্ৰত্যেকখনতে কুৰিজনকৈ মানুহ, প্ৰতিজনৰ
হাতে হাতে তৰোৱাল
, লাঠি আৰু জ্বলি থকা জোঁৰ, কণ্ঠত
তীব্ৰ চিঞৰ
, “জয় শ্ৰী ৰাম” আৰু
“মুছলমানো
, ভাৰত ছোড়ো ।”

দলটোৰ কেইজনমানে গাড়ীৰ পৰা জপিয়াই নামি,
মোহাম্মদৰ ঘৰৰ গেইটখন গোৰ
সোধাই খুলি ঘৰৰ চৌহদত সোমালগৈ । বাগিছাখনৰ পৰা সিহঁতে শিল আৰু ইটাৰ টুকুৰা বুটলি
লৈ খিৰিকিৰ ফালে দলিয়াব ধৰিলে । তাৰ পাচত ঘৰৰ মুখ্য দৰজাখনত ভুকু মাৰিবলৈ ধৰিলে।

মাদাৰচোদ ! ওলাই আহ
বাহিৰলৈ।”

গোটেইজাকে দুৱাৰখনত খুন্দিয়াই থাকিল ।যি কোনো মুহূৰ্ততে সেইখন ভাগি পৰিবৰ
উপক্ৰম হ
ল ।

মাদাৰফাকিং মুছলমান ! মাৰৰ
শাড়ীৰ ভিতৰত লুকাই আছ
? ওলাই আহ ।”

চুভানপুৰা কলনিৰ পকী বেৰবোৰ উশৃঙ্খল হিন্দুলোকৰ গৰ্জনত
কঁপি উঠিল ।

তহঁতে আমাৰ মানুহক জ্বলালি, বেনচ
  আমি
তহঁতক জ্বলাম।”

অহৰহ খুন্দাৰ আঘাটত অৱশেষত দুৱাৰখন ভাগি পৰিল। এটা জ্বলাই দলিয়াই দিয়া পেট্ৰল
বোমা মোহাম্মদৰ বহাকোঠালীত পৰিলগৈ । লগে লগে চিচাৰ বটলটো চুৰ্ণাকৃত হৈ জুয়ে পৰদাৰ
কাপোৰ আগুৰি ধৰিলে । এক শব্দহীন বিষ্ফোৰণ হ
ল ।

ঘৰৰ মাইকীমানুহকেইজনী ওপৰৰ মহলাটোলৈ দৌৰ মাৰিলে, ধোঁৱাৰ
বাবে উশাহ বন্ধ হোৱাৰ উপক্ৰম হ
ল আৰু সেয়ে খিৰিকিবোৰ মেলি
দিলে । প্ৰথম মহলাৰ খিৰিকিত ধৰি হালি
,
কান্দি কান্দি আৰু চিঞৰি
সহায় ভিক্ষা কৰিলে
, যিসময়ত তলত দলটোৱে অশ্লীল
কথা কৈ
, ৰঙ-ৰহইচ কৰি সিহঁতৰ গালৈ থুৱাই থাকিল । ঠিক এনে সময়তে এটা
অদ্ভূত কাণ্ড ঘটিল ।

ক্লেঙঙঙঙঙঙঙঙঙ……

এটা স্টীলৰ ডেগছি আহি দলটোৰ কাষত ৰৈ থকা এটাৰ ভৰিৰ ওপৰত পৰিলহি ।

মানুহটোৱে ওপৰলৈ চালে, সন্ত্ৰস্ত হ
আৰু চক খাই উঠিল ।

মাদাৰচোদ ! কোন অএইটো
?” মানুহটোৱে চিঞৰিলে, “তহঁতৰ তপিনা ফালি পঠিয়াম, মাদাৰচোদ !”

খাটাকক্ ।

এখন গধুৰ স্টীলৰ হেতা লক্ষ্যভ্ৰষ্ট নোহোৱাকৈ চিধাই মাৰি পঠিওৱাত এটা দুস্কৃতিৰ
ঠিক চকুৰ ওপৰত আহি আঘাট কৰিলে ।

মাই”……… দুয়োটা চকু হেঁচামাৰি ধৰি সি মাটিত বাগৰি পৰিল ।

 

কি হৈছে একো ধৰিব নোৱাৰি আক্ৰমণকাৰীৰ দলটো অলপ তভক মাৰিলে । “কোন হয় ?” বিৰাম পেহাই ফুচফুচাই কলে । বুজা গ
এই বাচন-বৰ্তনবোৰ কোনোবাই তেওঁলোকৰ বিল্ডিঙৰ টে
ৰেছৰ
পৰা মাৰি পঠিয়াইছে। পানমুনি পেহী নিশ্চুপে ৰ
ল । তাই জানে কোন হয় ।
যেতিয়া বিৰাম পেহা আৰু হপনে তাইলৈ পিঠি দি খিৰিকিৰে চাব বিচাৰিছিল
, পেহী
পাকঘৰলৈ গৈছিল । মনে মনে তাই কিছুমান ৰন্ধা বাচন গোটাই লৈ হাতত সাৰে ভৰিত সাৰে গৈ
বান্ধৱীগৰাকীৰ ওচৰ পালেগৈ। বিৰাম পেহা আৰু হপনে চাই থাকোতেই
, তিনিটা
স্টীলৰ পাত্ৰ
, এটা প্ৰেছাৰ কুকাৰ আৰু
এজাপ ডিনাৰ প্লেট সিহঁতৰ মূৰৰ ওপৰত পৰিলগৈ ।

লগে লগে আৰম্ভ হল গধুৰ পাত্ৰ, লাঠিৰ
টুকুৰা আৰু অন্যান্য ঘৰত ব্যবহৃত যাৱতীয় বস্তুৰ বৰষুণ । তেনেবোৰ বস্তু বিভিন্ন ঘৰৰ
মুধচৰ পৰাও আহি পৰিলহি ।

মোহাম্মদৰ ড্ৰয়িংৰুমৰ জুই বাঢ়ি যোৱাৰ লগে লগে, দলটোৰ
চল্লিশ পঞ্চাশটা মানুহে মুখামুখি হ
ল লো, স্টীল, এলুমিনিয়াম, টিন
আৰু কাঠেৰে উৎপাদিত বিভিন্ন সৰঞ্জামৰ দ্বাৰা সৃষ্ট ধুমুহা বৰষুণৰ সৈতে। চুভানপুৰা
লনিৰ মহিলাসকলে একেমুঠে শক্তিশালীভাবে থিয় হ
  তাৰে
কিছুমানে দাঙ্গাবাজবোৰলৈ কেৰাহী আৰু বাতি মাৰি পঠিয়ালে
, কিছুমানে
ডেগ্ চি আৰু ফ্ৰায়িং পেন দলিয়ালে
, পুৰণি গধুৰ লোহাৰ টুকুৰা, লাঠি
আৰু ঝাড়ুও সাৰি নগ
ল । যিসকলৰ ওচৰত দলিয়াবলৈ একো নাছিল, তেওঁলোকে, পাচলি, জুচ
আৰু মাখনৰ পেকেট
, তেলৰ বটল আৰু টমেটকেট্চাপৰ
বটল দলিয়ালে ।

 

অত্যাচাৰীৰ দলটোৰ যথেষ্ট সংখ্যক মানুহ আঘাটপ্ৰাপ্ত হ
। গধুৰ লোৰ টুকুৰা মূৰত পৰিল
, চিচাৰ বটলৰ ধাৰে ভৰি কাটিলে, আৰু
ফ্ৰাইপেনৰ খুন্দাত চকু
, নাক আৰু ডিঙিত বেছ ধৰণে
আঘাট কৰিলে ।

 

সিহঁতৰ মাজৰ পৰা কেইটামানে খঙত একোনাই হৈ চিঞৰিলে,” তহঁত চব কাপুৰুষৰ দল।”

 

অঁ, হয়
আমিবোৰ কাপুৰুষ !” মহিলাৰ দলটোৱে সিহঁতক উভটি ধৰিলে । “কিন্তু তহঁতবোৰ
যদি
  তহঁতৰ
বাপেৰহঁতৰ পুতেক হৱ
, তেতিয়া মতা মানুহৰ সতে ফেৰ
পাতিবলৈ আহিবি । এই ঘৰটোৰ কোনো মহিলাৰ ওপৰত কোনোদিন হাত দিবলৈ নাহিবি ।”

সিহঁতে আমাৰ মানুহ মাৰিছে
!” মানুহ এটাই চিঞৰিলে ।

তহঁতৰ মাৰহঁতক সিহঁতে
মাৰিছেনে
?” মহিলাৰ মাজৰ পৰা এগৰাকীয়ে কলে
। ” এই ঘৰটোৰ মানুহকেইজনী তহঁতৰ মাৰৰ সমান বয়সীয়া মানুহ । এওঁলোকৰ ওপৰত হাত
দিয়াৰ আগতে তহঁতৰ মাৰহঁতৰ কথা মনত পেলাবি ।”

সিহঁত মুছলিম হয় । সিহঁত
মৰাৰ বাবেই যোগ্য।”

প্ৰথমে আমাক মাৰি ল । আমি
তললৈ নামি আহিছো ৰ
বি । তাৰ পাচতহে সিহঁতৰ ওচৰলৈ যাবি ।”

এনেধৰণৰ আক্ৰমনত সিহঁত কিংকৰ্তব্যবিমূঢ় হৈ পৰিল । তেতিয়ালৈ কলনিৰ
পুৰুষসকল ৰাষ্টালৈ ওলাই আহিছে । তেওঁলোকক নেতৃত্ব দিছে এজন
 
অৱসৰপ্ৰাপ্ত সেনাবাহিনীৰ
প্ৰৱীন বৃদ্ধলোকে । সেই বৃদ্ধ সৈনিকজনে কৰ্তৃত্বশীলতাৰে কলে
, ” আমাক প্ৰথমে মাৰি লব লাগিব । তাৰপাচতহে সেই নাৰীসকলৰ ওচৰ
চাপিব পাৰিবি ।”

তেওঁৰ পাচত এক বিশাল সমদল দেখা গ, ষাঠি-সত্তৰজন
মান পুৰুষ মহিলাৰ এটি দল
, অপৰাধ কৰিবলৈ অহা লোকতকৈ
অনেক বেছি । যিসময়ত চুভানপুৰাৰ সমদলটো মোহাম্মদৰ ঘৰৰ কাষত গোট খাই ৰৈ আছিল
, মি:
ৰাও আৰু বিৰাম পেহাইও তাত যোগ দিলেহি ।

তোমালোকক বিনতি কৰিছো,” প্ৰবীন  সেনাবিষয়াজনে
যদিও হাতযোৰ কৰি কথাষাৰ কৈছিল
, কণ্ঠত আছিল দীপ্ততা আৰু
আত্মবিশ্বাস
, ” তেওঁলোকক কোনো অপকাৰ
নকৰিবা ।”

দাঙ্গাবাজবোৰ ঘূৰি ললে আৰু ট্ৰাকবোৰত উঠি গুচি গ

জুইকুৰা বহাকোঠাৰ পৰা বাগৰি গল আৰু ভয়াবহতাৰে আগুৱাই গৈ
থাকিল । মানুহবোৰে একেলগ হৈ এডাল মানৱ শৃঙ্খল গঠন কৰিলে
, পানী
আৰু বালি আহৰণ কৰি জুই নিৰ্বাপন কৰিলে । আৰু এনেদৰেই মহিলাসকল ৰক্ষা পৰিল ।
বুঢ়ীগৰাকী প্ৰায় শ্বাসৰুদ্ধ হৈ পৰিছিল
,
কিন্তু খোলা ঠাইৰ মুকলি
বতাহে তেওঁক পুণৰ্জীৱন দিলে । তেওঁৰ বোৱাৰীয়েক আৰু নাতি-ছোৱালী দুজনী ভয়ত কাঠ হৈ
পৰিছিল । বোৱাৰীয়েকে অবিৰাম গতিত কান্দিয়েই আছিল আৰু ছোৱালী দুজনী বাকৰুদ্ধ হৈ পৰিছিল
। সেয়ে প্ৰবীণ সেনাবিষয়াজনে সিহঁতক তেওঁৰ ঘৰলৈ লৈ গ

আৰু এনেদৰেই চুভানপুৰা কলনিত ৰাতি পহৰা দিয়া কাম
আৰম্ভ হৈ গ
ল । কলনিৰ পুৰুষসকলে মনস্থ
কৰিলে যে তেওঁলোকে নিশাটো পহৰা দিব । তেওঁলোকে ইতিমধ্যে আহমেদাবাদৰ ক
লনিবোৰত
লুট-মাৰ কাৰ্য্য চলিছে বুলি খবৰ পালে
,
যিবোৰ কলনি
আগতে সাধাৰণতে শান্তিপূৰ্ণ বুলি জনা গৈছিল । তাৰে কিছুমান ক
লনি
ধ্বংস কৰি পেলোৱা হৈছিল । চুভানপুৰা ক
লনিত তেনে সম্ভাৱনা
সমূলঞ্চে নাশ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ
, কাৰণ মোহাম্মদৰ ঘৰখন চোৰ
আৰু দাঙ্গাবাজৰ এক সহজ লক্ষ্য ।

প্ৰত্যেক সন্ধিয়া বেলি পৰাৰ পাচত,
ডেকালৰাবোৰে
লাঠি আৰু হুইচেলেৰে সজ্জিত হৈ নিজৰ নিজৰ ঘৰবোৰ পহৰা দিয়ে। অলপ খেলিমেলি কাম-কাজ
আৰু কথা-বতৰা দেখিলেই
, সিহঁতবোৰে ঠিক কৰিলে, যে
সঙ্কেত ধ্বনি এটাৰে শব্দ তুলিব লাগিব । বেলি পৰাৰ লগে লগে
, কাৰ্ফিউ
ঘূৰি আহে ।
  গুজৰাটত
বোৰ্ডৰ পৰীক্ষা পোন্ধৰ দিনলৈ স্থগিত হ
, কিন্তু
পোন্ধৰ দিনৰ পাচতো অৱস্থা স্বাভাবিকলৈ নাহিল । হপনকে ধৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে
পুলিচ গাৰ্ডৰ উপস্থিতিত পৰীক্ষা দিলে
,
আৰু বিৰাম-কুমাঙে নিজেই
গাড়ী চলাই হপনক স্কুলৰ পৰা অনা নিয়া কৰি থাকিল । দিনৰ ভাগতে সকলো বজাৰ সমাৰ কৰি
পেলোৱা হয় । এইদৰে এমাহতকৈ অধিক কাল জুৰি এনেদৰেই চলি থাকিল ।

 

বিৰাম-পেহাই গুজৰাটত এই হুলস্থুলৰ পাচতো আৰু দুবছৰ থাকিব লগা হৈছিল । ২০০৪ চনত
তেওঁক ৰাঁচীলৈ বদলি কৰিলে। পাণমুনি ঝি আৰু হপন বহু আগতেই ঘৰলৈ ঘূৰিল ।

হপনে বোৰ্ডৰ পৰীক্ষা পাচ কৰাৰ পাচত,
সি তাৰ চাৰ্টিফিকেটবোৰ
গোটোৱাত লাগিল আৰু মাকৰ সতে ভূৱনেশ্বৰৰ ঘৰলৈ চিৰদিনলৈ গুছি আহিল ।
 

পানমুনি পেহীয়ে অৱশেষত নিজৰ ঘৰ যেন লগা চহৰখনত সুখী হৈ 
পৰিল, কলে, “আমাৰ নিজা ঠাই” !

আমি কি খাইছো, তাক
লৈ
  ইয়াত
কোনেও মূৰ নঘমায়”
  চিলভাৰ
কাৰ্প মাছটোত হালধি আৰু নিমখ সানি সানি
,
গোটেই জগতলৈ বুঢ়া আঙুলি
দেখুৱাই
  লে, “  আৰু
লোকে কি খাইছে আমাৰ দৰ্কাৰ নাই !”

Popular Post

ঐতিহাসিক চিঠি