গল্পঃ যুদ্ধ / লুইগি পিৰাণ্ডেল’

Posted by : translatorsassam
May 26, 2020

যুদ্ধ

মূলঃ লুইগি পিৰাণ্ডেল’
অনুবাদঃ প্ৰিয়াক্ষী শইকীয়া


       ৰাতিপুৱা হোৱাৰ আগে আগে ৰোমৰ পৰা অহা ট্ৰেইনখন ফ্ৰেবিয়ানোৰ সৰু ষ্টেচনটোত লহি যাত্ৰীবোৰে ট্ৰেইনৰ পৰা নামি বেলি ওলোৱালৈ চুলমনালৈ যোৱা স্থানীয় ট্ৰেকাৰখনৰ ভিতৰতে সময় কটালে

       ৰাতিপুৱাল দ্বিতীয় শ্ৰেণীৰ যাত্ৰী কঢ়িওৱা, ধুঁৱলীকুঁৱলী, গুলুম মৰা ট্ৰেকাৰখনৰ ভিতৰলৈ এগৰাকী লোদোৰপোদোৰ মহিলা সোমাই আহিল তেওঁৰ চকু চলচলীয়া মুখখনত দুখসন্তাপৰ চিন স্পষ্ট তেওঁৰ লগত কেঁকাইগেঁঠাই, চুচুকচামাককৈ সোমাই অহা খীণমীন মানুহজন নিশ্চয়কৈ তেওঁৰ গিৰিহঁত মানুহজনৰ মুখখন শেঁতা সৌ বুটমাহ হেন চকুকেইটা কোটৰত সোমোৱা যদিও উজ্জ্বল তেওঁক সোমাই আহোঁতে মানুহবিলাক সমুখত অপ্ৰস্তুত হোৱা যেন দেখা

        ইতিমধ্যেই বহি অহা যাত্ৰীকেইজনে অগা-পিছাকৈ বহি শকত
মানুহগৰাকীক বহিবলৈ ঠাই উলিয়াই দিলে। তাকে দেখি তেওঁৰ বৃদ্ধ স্বামীয়ে যাত্ৰীকেইজনক
এটা শেঁতা হাঁহিৰে কৃতজ্ঞতা জনালে।

       মানুহ গৰাকীয়ে পিন্ধি অহা কোট চোলাটোৰ
কলাৰটো টানি টানি বাৰে বাৰে মুখখন ঢাকিবলৈ চেষ্টা কৰিছে

 : তুমি কিবা অসুবিধা পাইছা নেকি – তেওঁৰ স্বামীয়ে মৰমেৰে সুধিলে। একো উত্তৰ
নিদিয়াকৈ
কোটটো
লিৰিকি
বিদাৰি টানি টানি বাৰে বাৰে মুখখন ঢাকিবলৈ চেষ্টা কৰি থাকিল



: উস ! – বুঢ়া মানুহজনৰ হুমুনিয়াহ শুনা গ’ল। 

: বৰ নিষ্ঠুৰ অ’। তেওঁ মুখেৰে বিৰবিৰাই-বিৰবিৰায়  অন্য যাত্ৰীবোৰৰ ফালে মুখ কৰি কলে
তেওঁ অলপ সহানুভূতিৰ আশাত তেওঁলোকৰ দুখৰ কাহিনী কবলৈ আৰম্ভ কৰিলে  কোনোবাই শুনিছে কোনোবাই
নুশুনিছে তালৈ কাণ নিদি তেওঁ মাত্ৰ কৈ গ
       যুদ্ধই তেওঁলোকৰ একমাত্ৰ সন্তানক তেওঁলোকৰ বুকুৰ পৰা কাঢ়ি নিছে ৰাটোৱেই আছিল তেওঁলোকৰ সকলো আশা আৰু
জীয়াই থকাৰ উদ্দেশ্য। ল’ৰাটোৰ বাবেই তেওঁলোকে জীৱনৰ সকলো সুখ-বৈভৱ ত্যাগ কৰিছে। আনকি
পুত্ৰক ৰোমলৈ সংগ দিবৰ বাবেই তেওঁলোকে চুলেমানত থকা ঘৰটোও ভাঙি পেলাইছিল। ল’ৰাটোৱে
তেতিয়া ৰোমলৈ শিক্ষা গ্ৰহণৰ উদ্দেশ্যে আহিছিল। কিন্তু যুদ্ধৰ প্ৰভাৱ পৰাৰ পিছত সি সৈন্যবাহিনীৰ
স্বেচ্ছসেৱক হিচাপে যোগ দিলে। তেওঁলোকেও  সামৰিক
বাহিনীৰ কৰ্তৃপক্ষৰ পৰা এই আশ্বাস পাইছিল যে অন্তত ছমাহলৈ ল’ৰাটোক পঠোৱা নহয়। কিন্তু
হঠাৎ এখন টেলিগ্ৰাম আহিল তিনিদিনৰ ভিতৰত তেওঁলোকৰ পুত্ৰক যুদ্ধ ক্ষেত্ৰলৈ পঠোৱাৰ খবৰ
দি  তেওঁলোকক শেষ সাক্ষাতৰ বাবে মাতি পঠিওৱা
হ’ল

মানুহজনে বিৰিতি নোহোৱাকৈ নিজৰ কথাই কৈ থাকিল।  কিন্তু অন্য যাত্ৰীবোৰ তেওঁৰ কথাত ইমান প্ৰভাৱিত
হোৱা যেন নালাগিল। প্ৰত্যেকজন যাত্ৰীয়েই ভাৱলেশহীনভাবে নিজৰ ছীটত বহি গৈছে।

যুদ্ধই ইতিমধ্যে সকলোৰে জীৱনক চুই গৈছে। সেই সময়ত তাত উপস্থিত থকা  প্ৰত্যেকজন যাত্ৰীয়েই যুদ্ধত পীড়িত। বুঢ়া পিতৃজনৰ
দৰে তেওঁলোক প্ৰত্যেকৰে মনত একেই সন্তাপৰ জুই।

হলৌ চোলাটোৰ ভিতৰত মানুহজনৰ দুখুনী পত্নীয়ে কেৰমেৰাই উঠিল। হয়তো সহযাত্ৰীসকলৰ নিৰৱতাত  তেওঁ ক্ষোভিত হৈছে।

 : আপুনি ভগৱানৰ প্ৰতি হে কৃতজ্ঞ হোৱা উচিত ডাঙৰীয়া । আপোনাৰ ল’ৰা এতিয়াহে যুদ্ধলৈ গৈছে।
মোৰ ল’ৰাটোক… মোৰ ল’ৰাটোকটো যুদ্ধৰ প্ৰথমদিনাই সমুখ সমৰত থিয় কৰাইছিল। সি ইতিমধ্যেই
দুবাৰ ঘুণীয়া হৈছে। দুয়োবাৰেই ঘৰলৈ উভটি আহি আকৌ যুদ্ধলৈ গৈছে – বুঢ়া পিতৃৰ কথা মনযোগেৰে
শুনি যোৱা এজন যাত্ৰীয়ে মাত লগালে।

: আৰু মোৰ ? মোৰ দুয়োটা  ল’ৰা আৰু তিনিটা ভতিজা এতিয়া যুদ্ধক্ষেত্ৰত । – এইবাৰ
আন এজনে মাত লগালে।

: হয়, হয় । বুজিছোঁ।কিন্তু সি যে আমাৰ একমাত্ৰ সন্তান আছিল – থোকা-থুকি মাতেৰে দুখুনী
মহিলাৰ স্বামীয়ে মাত লগালে।

: আৰে! সেয়াতো একো পৃথক  নহয়। আপোনাৰ এটা
ল’ৰা হ’ল বুলিয়েই তাক কৰা অত্যধিক মৰম আৰু আব্দাৰে তাৰ অনিষ্টহে কৰিব। যদি আপোনাৰ দ্বিতীয়
সন্তান এটা থাকিলেহেতেঁন আপুনি যিকোনো এটাক আনটোতকৈ বেছি মৰম কৰিব নোৱাৰিলেহেতেঁন।
বাপেকীৰ মৰম এটা ৰুটিৰ দৰে সমানে দুটুকুৰাকৈ ভগাব নোৱাৰি নহয় ডাঙৰীয়া। এটাই হওক বা
দহটাই হওক সকলো সন্তানলৈ মাক-দেউতাকৰ মৰম সমান। মোৰ দুটা সন্তানক লৈ মই সমানে দুখী।
এয়াটো নহয় যে মই মোৰ দুখবোৰ দুটাৰ মাজত আধা আধাকৈ ভাগ কৰিম!
: ঠিক আছে ঠিক আছে। কিন্তু চাওক মহোদয়! আপোনাৰ দুটা সন্তান । যদি কোনোবা এটাক হেৰুৱাৰলগীয়া
হয়(মই কৈছোঁহে দেই,বিচৰা নাই) আপোনাৰ লগত আৰু এটা সন্তান থাকিব। কিন্তু মাত্ৰ এটা থকা
সন্তানবোৰৰ, পিতৃ-মাতৃ দিশহাৰা হ’ব, যদিহে তেওঁলোকৰ একমাত্ৰ আশা ভৰসা সেই সন্তান নোহোৱা
হৈ যায়। গতিকে মহোদয় আপোনাৰ দুখতকৈ মোৰ দুখৰ ওজন বেছি। আপোনাৰ মানসিক অৱস্থা মোতকৈ
তথৈবচ।

: কি আজে-বাজে কথা কয় হে ! – শকতকৈ ৰঙা চকুৰ মানুহজনে প্ৰায় গৰজি উঠিল।
অদৰকাৰী বাৰে ভচহু কথাবোৰ কিয় পাতি আছে? আমি ল’ৰা-ছোৱালীক নিজৰ স্বাৰ্থত জন্ম দিও
নেকি ?

সকলো যাত্ৰীৰ চকু তেতিয়া মানুহজনৰ ওপৰত। সকলোৰে দৃষ্টিত তেতিয়া অসন্তুষ্টি আৰু
বিৰক্তি।

যিজন যাত্ৰীৰ ল’ৰা যুদ্ধৰ প্ৰথম দিনাৰ পৰা সমুখ সমৰত আছিল তেওঁ মাত লগালে – হয়
আপুনি ঠিকেই কৈছে ডাঙৰীয়া । আমাৰ সন্তান আমাৰ নহয়। দেশৰহে।

গাঁঠলু মানুহজনে আকৌ অসন্মতি দেখুৱাই ক’লে – মহোদয় , আপুনি কওকচোন বাৰু , কেতিয়া
আমাৰ ল’ৰা-ছোৱালী জন্ম হয়? আমি দেশৰ কথা ভাবি জন্ম দিও নেকি ? সিহঁতৰ জন্ম প্ৰকৃতিৰ
ইচ্ছাত হয়। জন্ম হোৱাৰ পাছৰ পৰা সিহঁতে আমাৰ অংশই লগত লৈ ফুৰে। সেয়ে আমি সিহঁতৰ।  সিহঁত আমাৰ নহয়। এয়াই সত্য। আৰু যেতিয়া
সিহঁত বিছ বছৰীয়া হয়, তেতিয়া সিহঁতৰ বয়সত আমি যি আচৰণ কৰিছিলোঁ , তেনেকুৱা আচৰণ সিহঁতেও
কৰে। আমাৰো মা-দেউতা আছিল। আমা জীৱনত সেই সময়ত মা-দেউতাৰ উপৰিও সমানেই প্ৰয়োজন আছিল
নাৰীৰ সংগ আৰু চিগাৰেট। আমাৰো আছিল দিবাস্বপ্ন , এক প্ৰকাৰৰ মূল্যবোধ আৰু দেশপ্ৰেম।
আমিও জানো এইবোৰ এৰাই চলিব পাৰিছিলোঁ? আমাৰ মা-দেউতাইও আমাক বহুতো কামত হকা-বাধা কৰিছিল,
কিন্তু আমি সেইটো কামহে বেছিকৈ কৰিবলৈ গৈছিলোঁ। 
এই বয়সতো, হয় এই বয়সতো আগতকৈও এতিয়া আমি দেশক বেছিহে ভালপাওঁ। আমাৰ শৰীৰ আৰু
মন ডেকা কালৰ দৰেই সবল হৈ থকা হ’লে আমিও যুদ্ধ নকৰিলোঁহেতেঁননে?

নিতাল মাৰি সকলোৱে মানুহজনৰ কথা শুনি আছিল। সকলোৱে নিশ্চুপ হৈ মৌন সমৰ্থন জনাইছিল। 

       : তেন্তে কিয় আমি আমাৰ সন্তানৰ আৱেগ আৰু
ইচ্ছাক সন্মান দিব নোৱাৰোঁ? সিহঁতৰ বয়সত দেশপ্ৰেম মৌলিক প্ৰয়োজনৰ দৰে (মই অৱশ্যে সহানুভূতিশীল
ল’ৰাবোৰৰ কথা কৈছোঁ) । পিতৃ-মাতৃতকৈ দেশৰ প্ৰতি অধিক দায়বদ্ধ হোৱাটোও সিহঁতৰ বয়সৰহে
দোষ। যদিহে দেশ আমাৰ বাবে আহাৰৰ দৰেই মৌলিক প্ৰয়োজন হৈ পৰে… আৰু যদি এনেকুৱা হয় যে
দেশ নহ’লে আমি ভোকত মৰাৰ দৰেই মৰিম, তেন্তে হয়তো আমি সকলোৱেই আত্মৰক্ষাৰ বাবে ওলাই
গ’লোহেতেঁন। বিশ বছৰীয়া হোৱাৰ লগে লগেই আমাৰ ল’ৰাহঁত দেশৰ স্বাৰ্থত ঘৰৰ বাহিৰ হয়। দুখ
অথবা চকুপানীৰ আশা কৰি তেওঁলোক ওলাই নাযায়। মৰিবলগীয়াহ’লেও সিহঁতে আত্মসন্তুষ্টিৰ হাঁহি
লৈহে মৰে( মই অৱশ্যে সহানুভূতিশীল ল’ৰাবোৰ কথাহে কৈছোঁ দেই) । যদিহে জীৱনৰ কঠিন বাস্তৱৰ
মুখা-মুখি নোহোৱাকৈ, একাকীত্ব  অনুভৱ নকৰাকৈ,
কোনোবাই শৰীৰিত যৌৱন আৰু ওঁঠত হাঁহি লৈ মৃত্যুক সাৱটিব পাৰে , তেওঁৰ বাবে সেই চৰম প্ৰাপ্তিতকৈ
আৰু কি বেছি আশা কৰি তেওঁলোকক শুভকামনা জনাব পাৰোঁ? সেইবাবেই আমি এই অলাগতিয়াল কথাবোৰ
ভাবি অযথা দুখ কৰি থকাৰ প্ৰয়োজন নাই। চাওকচোন চাওক । এয়া চাওক , মই কেনেকৈ হাঁহি আছোঁ
– হাঃ হাঃ হাঃ …. ! মই ভগৱানক সেৱাহে জনাইছোঁ। তেওঁ যে মোক কিমান সৌভাগ্য দিলে! মোৰ
ল’ৰাই মৰাৰ আগত মোলৈ খবৰ পঠিয়াইছিল । সি হেনো খুব সুখত মৰিছে। তাৰ বাবে হেনো তাতকৈ
ডাঙৰ সুখ আৰু ইচ্ছা একো নাছিলোঁ । সি বৰ সুখত মৰিল। মোৰ চোলালৈ চাওক , মই মৰাঘৰীয়া
হৈ বগা কাপোৰ পিন্ধা নাই। চাওক- তেওঁ মুগা বৰণীয়া বিবৰ্ণ কোটটো জোকাৰি-জোকাৰি  দেখুৱালে । তেওঁৰ কলা ওঁঠখন কঁপি উঠিল। ওঁঠখনে সোলা
দাঁতপাৰি চেপি ধৰিলে। হা হা কৈ মৰা ডাঙৰ হাঁহিটো কান্দোনৰ দৰে শুনা গ’ল।

জুপুকা লাগি বহি থকা অকলশৰীয়া মানুহগৰাকীয়ে তেওঁৰ স্বামী আৰু আন মানুহৰ পৰা অলপ
সহানুভূতি আশা কৰিছিল। তেওঁ তিনিমাহ ধৰি পুত্ৰৰ শোকত বিহ্বল হৈ আছে। তেওঁ ল’ৰাক মৃত্যুমুখলৈ
ঠেলি দিয়া যেন ভাবত বিভোৰ হৈ তেওঁৰ বাবে নিজৰ জীৱনৰ গুৰুত্বও প্ৰায়েই নোহোৱাৰ দৰেই।
যেতিয়া তেওঁ দেখিলে যে তেওঁৰ দুখৰ কথা গ’ম পাইও অন্য যাত্ৰীসকলে কোনো সহানুভূতি নেদেখুৱালে,
তেতিয়া তেওঁৰ অস্থিৰতা বাঢ়ি আহিল। কিন্তু এতিয়া সেই গাঁঠলু মানুহজনে কোৱা কথাবোৰ ভাবি
ভাবি তেওঁ থৰ লাগিল। তেওঁ বুজি উঠিলে যে প্ৰকৃততে আন মানুহবোৰৰ ভুল নাছিল। তেওঁহে সেই
মাক-দেউতাকবোৰৰ দৰে উদাৰ হ’ব পৰা নাছিল – যি এটুপি চকুলো নুটুকাকৈ নিজৰ ল’ৰা-ছোৱালীক
কেৱল আঁতৰাই পঠিওৱাৱেই নহয়, আনকি মৃত্যুৰ মুখলৈ ঠেলি দিছে। তেওঁৰ দুখৰ কথা বুজিবলৈ
এই মানুহবোৰতকৈ তেওঁৰ দুখৰ ভৰ বহুত কম।

তেওঁ খচমচনি কৰি অলপ পোন হৈ বহিল। গাঁঠলু মানুহজনৰ কথা কাণ উজাই শুনিবলৈ চেষ্টা
কৰিলে। মানুহজনৰ ল’ৰাটোৱে নায়কৰ দৰে অলপো অনুশোচনা নকৰাকৈ, হাঁহি হাঁহি  নিজ দেশৰ বাবে, নিজ ৰজাৰ বাবে নিজকে সমৰ্পন কৰিছিল।
মানুহগৰাকীৰ এনেকুৱা লাগিল তেওঁ যেন সপোন সপোনলগা ৰূপ কথা শুনি গৈছে আৰু লাহে লাহে
তেওঁ চিনি নোপোৱা বেলেগ এখন পৃথিৱীত খোজ দিছে।
: আপুনি মহান। আপুনি মহান । শুভেচ্ছা জনালোঁ ডাঙৰীয়া – সকলোৱে পুত্ৰৰ মৃত্যুৰ খবৰ
অতি সহজেই দিব পৰা সেই সাহসী পিতৃক শুভেচ্ছা দিলে।

: মানে আপোনাৰ ল’ৰাটো সঁচাকৈয়ে ঢুকাল?

সপোনৰ পৰা খচমচাই সাৰ পোৱাৰ দৰে দুখুনী মানুহজনীয়ে গাঁঠলু বুঢ়া মানুহজনে একো উত্তৰ
নিদি মাত্ৰ মানুহগৰাকীৰ ফালে চাই ৰ’ল। তেওঁ মুখেৰে বিৰবিৰালে। মাত একোৱেই নোলাল। অদৰকাৰী
যেন লগা মানুহগৰাকীৰ প্ৰশ্নটোৱে তেওঁক জোকাৰি গ’ল।

: হয় হয় । তাৰমানে মোৰ ল’ৰা আৰু কেতিয়াও ঘুৰি নাহে! – মানুহজনে চোলাটোৰ জেপ খুচৰি
খুচৰি ৰুমালখন উলিয়াই চকু মোহাৰিলে।

গাঁঠলু মানুহজনে হুকহুকাই কান্দিছিল। অন্য যাত্ৰীবোৰ নিজৰ নিজৰ ঠাইত নিশ্চুপ হৈ
বহি গৈছিল । ট্ৰেকাৰখন গৈ আছিল  চুলমনালৈ।

Popular Post

ঐতিহাসিক চিঠি