গল্পঃ মানৱতা / বিণু মেথিউ

Posted by : translatorsassam
June 23, 2020

মানৱতা


মূল (ইংৰাজী) : বিণু মেথিউ (Vinu Methew)


অনুবাদ : বাপুকণ
চৌধুৰী

 

আজি, মই দিল্লীত উবেৰ টেক্সীৰে ঘূৰি
থকা অৱস্থাত এনেকুৱা অভিজ্ঞতা এটা হল যে সকলোৰে বাবে নিলিখি নোৱাৰি
লোঁ ৷ সন্ধিয়াৰ সময়খিনিত উবেৰ টেক্সিৰ প্ৰথমজন
আৰোহী মই আছিলোঁ
, তাৰ পিছত সৰু কন্যা সন্তানটিৰ সৈতে
এগৰাকী গাভৰু মাতৃ আৰু বগা টুপী পৰিহিত ইছলাম ধৰ্মী যুৱক এজন মোৰ যাত্ৰাৰ সংগী
হৈছিল৷ ৷ উবেৰৰ পিছৰ চিটত কণমানি ছোৱালী জনী
, মাক আৰু মই৷
৷ বগা টুপী পৰিহিত মুছলিম যুৱকজন উবেৰৰ চালকৰ কাষৰ চিটত বহি তেওঁলোকৰ নিজৰ মাজত
কথা পাতি গৈছিল লগতে এফ
এম ৰেডিঅত বাজিছিল সন্ধিয়াৰ গান৷


:- এই দাদা জনে সন্ধিয়া পৰত কিয় টুপী পিন্ধিছে মা?
এতিয়াছোন কতো ৰদ নাই?


সৰু ছোৱালীজনীৰ প্ৰশ্নত কিতাপৰ পৃষ্ঠাত ডুবি থকা মই বাস্তৱ
জগতলৈ ঘূৰি আহিলো
, মাকে কি উত্তৰ দিয়ে শুনিবলৈ ৷


ৰেডিঅবাজি আছিল আৰু মুছলিম যুৱকজনে
উবেৰৰ চালকৰ লগত কথাত মচগুল আছিল
, তেতিয়ালৈকে কণমানি
ছোৱালীটিৰ প্ৰশ্নই স্পৰ্শ কৰা নাছিল তেওঁলোকক!


:-তুমি জানো মোক দেখা নাই মন্দিৰলৈ গলে যে মই মূৰত
উৰণিখন লওঁ অথবা ঘৰলৈ ডাঙৰ মানুহ যেনেকৈ তোমাৰ ককা আইতা আহিলে মই উৰণিৰে মূৰটো
ঢাকি তেওঁলোকৰ ভৰি চুই সন্মান জনাও
? তেনেকৈয়ে এই দাদাজনে
মূৰত টুপী পিন্ধি মূৰটো ঢাকি লৈ সন্মান জনাইছে!


ছোৱালীজনী মাকৰ উত্তৰত সন্তুষ্ট নহল, তাই আকৌ সুধিলে


:- কিন্তু ইয়াতে কোনো মন্দিৰো নাই, কোনো ডাঙৰ মানুহো নাই তেন্তে দাদা জনে কাক সন্মান দিবৰ বাবে টুপীটো
পিন্ধিছে মা
?  


হঠাতে উবেৰত চলি থকা ৰেডিঅৰ গানৰ ভলিউম নিম্নতম হল, চালক আৰু মুছলিম যুৱক জনৰ উৎসুকতা মাকৰ পৰবৰ্তী উত্তৰটো শুনিবলৈ! মই
কিতাপখন জপাই ললো
, সৰু শিশুটিক তাই বুজি পোৱাকৈয়ে উত্তৰ
এটা দিবলৈ৷ ৷ মোৰ মনটোৱে মোক কৈছিল মাক গৰাকীয়ে হয়তো এইবাৰ অপ্ৰস্তুত হব
, পৃথিৱীখন চিনি পাবলৈ উৎসুক শিশুটিৰ অনুসন্ধিৎসু মনটোৰ খোকোজা দূৰ
কৰিবলৈ৷


:- দাদাজনৰ মা দেউতাই সকলোকে সন্মান কৰিবলৈ শিকাইছে
আকৌ
, সেইকাৰণে দাদা জনে টুপীটো পিন্ধি সকলোকে সন্মান
জনায়৷ ৷ যেনেদৰে তোমাক মই শিকাইছো কাৰোবাৰ লগত চিনাকি হলে বা ঘৰলৈ আলহী আহিলে
প্ৰথমে হাত দুখন প্ৰণাম কৰি নমস্কাৰ বুলি কবলৈ
, নহয় জানো?


গাভৰু মাক গৰাকীৰ শান্ত আৰু বুদ্ধিদীপ্ত উত্তৰৰ বাবে কোনো
প্ৰস্তুত নাছিল
, আনকি মুছলমান যুৱকজন বা ময়ো ভবা নাছিলো এজনী মাতৃয়ে
কোমল শিশুৰ মনত পৃথিৱীৰ সুন্দৰ ৰূপটো ইমান সুন্দৰকৈ দাঙি ধৰিবলৈ পাৰিব বুলি৷


:- দাদাজন তোমাতকৈ ভাল, তুমিতো
মাজে মাজে নমস্কাৰ দিবলৈকো পাহৰি যোৱা৷ ৷ তেওঁ কিন্তু সকলো সময়তে সন্মান জনাবলৈ
টুপীটো পিন্ধিয়েই থাকে
মাক জনীয়ে হাঁহি মাৰি শিশুটিৰ
গালখনত টোকৰ এটা দিলে৷


উবেৰৰ প্ৰথম আৰোহী মই আছিলো আৰু গন্তব্য স্থানো ময়েই
প্ৰথমে পাইছিলো৷ ৷ নমাৰ সময়ত বাৰে বাৰে মনলৈ আহিল এয়াই ভাৰতীয় নাগৰিক আৰু আমাৰ
মানসিকতা ইজনৰ প্ৰতি আনজনৰ৷  


এয়াই এই দেশৰ পিতৃ মাতৃয়ে প্ৰকৃততে নিজৰ সন্তানক শিকোৱা
চৰিত্ৰ পাঠ বা পৃথিৱীৰ পৰিচয়৷ ৷ প্ৰতিজন ভাৰতীয় পিতৃ মাতৃৰ ধাৰণাত নিজৰ সন্তানৰ
পৃথিৱীখন ৷ তেন্তে ধৰ্ম আৰু জাত পাতৰ বিভাজন কোনে কৰে
? মই যাত্ৰা কৰা উবেৰ খনৰ তিনি ধৰ্মৰ তিনিজন আৰোহী আৰু চালকজন নে আন
কোনোবাই
?

Popular Post

ঐতিহাসিক চিঠি