গল্পঃ মাটিৰ ওপৰৰ নাওঁবোৰ/ জেনিচ পাৰিয়াট

Posted by : translatorsassam
August 16, 2020

 

মাটিৰ ওপৰৰ নাওঁবোৰ

            মূলঃ জেনিচ পাৰিয়াট   
               

অনুবাদ: অৱনী বুঢ়াগোহাঁই ।

নৈখনলৈ আমি দুয়ো  যিমান
বাৰ গৈছো
, সেইখিনি হিচাব কৰিলেই মই গম পাওঁ আমি দুয়ো কিমান দিন
একেলগে আছিলো । চৌদ্ধ দিনৰ ভিতৰত দহ দিন । সেয়া বৰ বেছি দীঘলীয়া বুলি কব পৰা
নাযায় । তুমি কৈছিলা
, 
এবিধ জিঞা হেনো চৌবিশ
ঘন্টালৈকেহে জীয়াই থাকে
, 
আৰু আমি যদি জিঞা
হলোহেঁতেন আমি দহটা জনম একেলগে কটাব পাৰিলোহেঁতেন।

 

আমি যেতিয়া শীতকালৰ দিনবোৰত  নৈখনৰ
ফালে গৈছিলো
, তুমি কৈছিলা বাৰিষাৰ দিনত
নৈখনে যিটো ৰূপ লয়
, সেয়া এতিয়া তাৰ আধাতকৈও
কম। সেই সময়ত পানীৰ বিস্তৃতি বিশাল হৈ পৰে আৰু দেখাত হৈ পৰে এখন সমৃদ্ধ সাগৰ ।
এতিয়া তাৰ পৰিবৰ্তে মাইলৰ পাচত মাইল জোৰা ধু ধু বালিৰে ভৰা নদীখনৰ পাৰ
,  যিখিনি
বালিৰ ওপৰত আমি দুয়ো লিখি গৈছিলো হিচাব নোহোৱা ভৰিৰ খোজৰ আখৰ। অথবা বহি লৈ আমি
, আন্ধাৰ
লাহে লাহে নমাৰ সময়ত সিপাৰৰ কাজিৰঙাৰ হাবিখনলৈ চাইছিলো। সেই দিনবোৰ আছিল
সূৰ্য্যস্নাত আৰু ধোঁৱা ধোঁৱাময় দিনবোৰ
,
যিবোৰ দিন সন্ধিয়াৰ ছাঁৰ
দৰে দীঘল হৈ গৈছিল আৰু নিৰবধি নিশাবোৰ হৈ পৰিছিল অন্তৰঙ্গতাৰে আমাৰ । তুমি মনে মনে
চিগাৰেট খাইছিলা। তুমি বনোৱা চিগাৰেটটো জ্বলিছিল এটা ক্ষুদ্ৰ আকাৰৰ কণমানি জোঁৰৰ
দৰে
, অচিন মহাকাশৰ তলৰ বেজিৰ জলঙাৰ দৰে পোহৰ সিঁচি সিঁচি অ
ত। যাদুকৰৰ হাতৰ পাকৰ দৰে তাক হঠাতে

নোহোৱা কৰি পেলাবও পাৰিছিলা।

তুমি কৈছিলা, ” বছৰ বছৰ জোৰা অভ্যাস
!”

 

তোমাৰ বয়স তেতিয়া ঊনৈছ বছৰ; মোতকৈ তিনি বছৰৰ ডাঙৰ ।

 

মোৰ মা-দেউতা আৰু মই বন্ধৰ দিনত,
অসমৰ চাহ বাগান এখন, চান্দবাৰী
লৈ গৈছিলো আৰু তেতিয়াই তোমাক লগ পাইছিলো। সেউজীয়া ডাঠ কাৰ্পেট পাৰি থোৱা যেন লগা
, চুটিকৈ
কলম দি থোৱা চাহগছৰ জোপোহাবোৰ
, মাইলৰ পাচত মাইল জুৰি থকা
অজস্ৰ বিশাল চাহ বাগিছা মাজৰ এখন চান্দবাৰী। ঘৰৰ মানুহৰ লগত এবাৰ ফটাশিল আৰু
নামেৰিলৈ গৈ থাকোতে এনে চাহৰ বাগিছাবোৰ এখন এখনকৈ পাৰ হৈ গৈছিলো। এইবোৰ ঠাই গাঁৱৰ
অঞ্চলৰ লগত মুঠেও নিমিলে য
ত দেখা যায়, মেটেকাৰে
ভৰা পুখুৰী
, বতাহত হালি জালি থকা
বাঁহেৰে ঠাহ খাই থকা বাৰী আৰু কমলা আৰু হালধীয়া ৰঙৰ ফুলেৰে
 
বিষ্ফোৰণ ঘটোৱা গুলমোহৰ
ফুলবিলাকৰ গছবোৰ।
 

মই পাৰ হৈ যাওঁতে সদায় ভাবি আচৰিত হওঁ ৰাস্তাৰ মুখতে গেট লগাই চকীদাৰবোৰ বহি
পহৰা দিয়া
সেই চাহৰ বাগিছাৰ ভিতৰখন কেনে হ
! আমাৰ দুয়োৰে দেউতাহঁতে স্কুলত একেলগে পঢ়িছিল
;
আৰু শ্বিলঙৰ “অল্ড
বয়জ ডিনাৰ” পাৰ্টিত হঠাতে
  লগ
পালে আৰু তোমাৰ দেউতাই আমাক সকলোকে জানুৱাৰীত আহিবলৈ নিমন্ত্ৰণ কৰিলে। মোৰ দেউতা
আৰু মাৰ বাবে প্ৰস্তাবটো আছিল বেছ লোভনীয়
;
সেই সময়ত আমাৰ শ্বিলঙখন 
হৈ পৰে শীতত কঠুৱা লগা আৰু
চহৰখনে এক নীৰস আৰু আমনিদায়ক ধোঁৱাৰঙী সাজ পৰিধান কৰে।
 

ইমান কিদিন তাত থকাটো ভাল
ব জানো ?” মায়ে মনত সন্দেহ ভাৱ এটা
লৈ কথাটো সুধিলে।

দেউতাই কেৱল সশব্দে হাঁহিলে।

তেওঁলোকৰ বঙলাত ঘৰ-বাহিৰৰ
সকলো কাম কৰিবলৈ কামকৰা মানুহৰ এক বৃহৎ বাহিনী আছে। তাত আমাৰ একো অসুবিধা নহয়
…… ।”

তেওঁলোক দুজনে যেতিয়া হেঁপাহেৰে যোৱাৰ ব্যৱস্থাত লাগিছে, মোৰ
কিন্তু যোৱাৰ বাবে অকনো আগ্ৰহ নাছিল । মোৰ সকলো স্কুলীয়া
 
বান্ধৱী শ্বিলঙৰ, আৰু
ঠাণ্ডাৰ বন্ধত আমাৰ পৰিকল্পনা আছিল এয়ে যে আমি প্ৰত্যেকৰে ইঘৰ সিঘৰ ফুৰিম
, পুলিচ
বজাৰলৈ গৈ পীকিং ৰেস্তোৰাঁত ম
খাম
আৰু ফ্ল
ৰিজত ক্ৰীম বান খাম । আৰু এনেধৰণৰ মজেদাৰবস্তু
খোৱাৰ ওপৰিও আৰু এটা কথা
; ৰাবোৰক
লগ পাবলৈ সুযোগ পাম
, কাষেদি খৰ গতিৰে পাৰ হৈ
যাম যেন সিহঁতে যে আমাক চাইছে তাক ভ্ৰুক্ষেপ নকৰিম
;  তথাপিও
সিহঁতে
  ওচৰ
চাপি আহি সুধিব যে ৱাৰ্ড লে
কত নাওত উঠিবলৈ বা 
উদিপি হোটেলত কফী খাবলৈ
আমি যামনে ! এই সময়খিনিৰ বাবেইতো কেৱল ছোৱালীয়ে পঢ়া আমাৰ কনভেন্ট স্কুলৰ
ছোৱালীহঁতে মাটি কামুৰি হলেও বিশ্বখন আৱিষ্কাৰ কৰাৰ বাবে ৰৈ থাকে !
  

এক বিশেষ লৰা এটাই মোৰ সাৰে থকা সময়খিনি এক সমুজ্জল
দিবাস্বপ্নৰে ভৰাই পেলাইছে। অলপতে তাৰ নামটো মই জানিব পাৰিলো “জেছন”
বুলি । সি দীঘলকৈ ৰখা ব্ৰাউন ৰঙৰ চুলিখিনি চকুৰ ওপৰত পৰি থাকে
, আৰু
এখন চেক্ চেক্ দিয়া ফ্লানেলৰ স্কাৰ্ফ প্ৰাণৱন্ততাৰে ডিঙিত মেৰিয়াই লয় । লুকাই
চুৰকৈ চোৱা চাৱনি আৰু হাঁহিৰ আমাৰ এই প্ৰেমৰ কাহিনী অলপ দিনৰ বাবে অৱশ্যে ওলোমাই
ৰাখি থব পৰা যাব।

তোৰ ককাইদেউৰা ইয়াত থকাহলে, তই
থাকি যাব পাৰিলিহেঁতেন কিন্তু এতিয়া তোক আমি কোনোপধ্যেই অকলে ঘৰত এৰি যাব নোৱাৰো।”
মায়ে মোক পোণপতীয়াকৈ কলে আৰু ইয়াৰ পাচত কোনো ধৰণৰ মুখ ওফন্দালেও কোনো কাম যে নহ

সেয়া মই জানো । মোৰ ককাইদেৱে পুণেত আইন পঢ়ি আছে
; মোৰ
পৰিকল্পনাও ঠিক হৈয়ে আছে
, দিল্লীৰ লেডী হাৰ্ডিঞ্জত
মেডিচিন পঢ়াৰ বাবে । দেউতা মায়েও মিহিকৈ হলেও হেঁচা দি থেলি আছে তাৰ বাবেই
; সেইবোৰ
সন্মানজনক আৰু অতিশয় লাভদায়ক বৃত্তি ।

আৰু
এটা কথা । তই তাত লগৰীয়াও পাবি” মায়ে কলে । “হাজৰিকাহঁতৰ
 
তোৰ সমান বয়সীয়া ছোৱালী
এজনীও আছে । অলপ ডাঙৰো হ
ব পাৰে ।”

সেয়ে মই মোৰ কাপোৰ বান্ধিবলৈ সাজু হলো,আৰু বান্ধৱীবোৰক শপত
খুৱালো যে ইমান দিনে কি কি হৈছিল সকলোবোৰ যেন মোক অহাৰ পাচত খূঁটি নাতি পৰ্যন্ত
জানিবলৈ দিয়ে। লগতে
  নীৰৱে, বুকুখন
বিষাই যোৱা এটা প্ৰাৰ্থনা কৰিলো যেন জেছনে মোৰ অনুপস্থিতিত কোনো প্ৰেম যেন বিচাৰি
নাপাওক ।

চান্দবাৰী পাবলৈ আঁঠঘন্টা লাগে হেনো,
মোৰ দেউতাই আমাৰ পুৰণি আৰু 
বিশ্বাসী ধোঁৱাবৰণীয়া
এম্বেছেদৰখন চলাই গৈ আছিল । আমি লাহে লাহে পাইন গছেৰে ভৰা হেলনীয়া আৰু অকোৱাপকোৱা
শ্বিলঙৰ ৰাষ্টাবোৰ পিছ পেলাই গৈ আছিলো। আৰু যোৰাবাট পোৱাৰ পাচৰ পৰা ৰাষ্টাটো বহল
হৈ পৰিল ।
  বহল
মসৃণ ৰাজআলিয়েদি গাড়ী আগবাঢ়িছিল
, ৰাষ্টাৰ দুয়োপাৰে আছিল
খেতি চপোৱাৰ পাচত বিশাল বিশাল মচমচীয়া ধানৰ পথাৰবোৰ
, যিবোৰ 
সূৰ্য্যৰ পোহৰত উজলি আছিল।
আমি দেখিছিলো ধূলি ধূসৰিত সৰু সৰু গাঁও কিছুমান যিবোৰৰ বিষয়ে দেউতাই কৈছিল যে
এইবোৰ “পমুৱা বাংলাদেশীৰ চহৰ”
,
আৰু দেখিছিলো নৈবোৰ যাৰ
সৰহভাগেই বালিৰে ভৰা দুইপাৰ আৰু যেন বাৰিষাহে জীৱন্ত হৈ উঠিবলৈ তেনেদৰে চকু মুদি
পৰি থাকে। মোৰ টোপনি ভাব অহাৰ বাবেই এবাৰলৈ টোপনি যাওঁগৈ আকৌ পাচ মুহূৰ্ততে সাৰ
পাওঁ
, বাহিৰলৈ চকু ঘূৰাওঁ,
ক্ষণিকৰ বাবে গাড়ীত পাতি
থকা কথাবোৰ কাণত সোমায়
……… যেনে মোৰ ককাইদেউৰ আগন্তুক
পৰীক্ষাৰ কথা
, অসুখত ভূগি থকা আমাৰ দূৰ
সম্পৰ্কীয় এজন লোকৰ কথা
, আমাৰ ঘৰৰ কাষৰ মানুহঘৰৰ
নতুনকৈ জন্ম হোৱা কেঁচুৱাটোৰ কথা ।

সম্ভৱ আধামান পাওঁতে আমি ৰাষ্টাৰ দাঁতিত গাড়ীখন ৰখাই লৈ দুপৰীয়া খাবৰ বাবে
বান্ধি অনা চেণ্ডুৱিচ উলিয়াই খাই ললো। ভৈয়ামত উম অনুভৱ কৰিলো
, সূৰ্য্যস্নাত
দিনটোৱে মনবোৰক ৰঙিয়াল কৰি তুলি আমাক স্বাগতম জনাইছে। যেতিয়া আমি পুনৰ গাড়ীত যাবলৈ
আৰম্ভ কৰিলো দেউতাই তেওঁৰ বন্ধু ৰঞ্জিত হাজৰিকাৰ বিষয়ে কবলৈ ধৰিছিল। ৰঞ্জিত এক
আঢ্যৱন্ত আৰু ধনী
, পুৰণি অসমীয়া পৰিয়ালৰ
সন্তান যি শ্বিলঙত অসংখ্য সফল ব্যৱসায়ৰ মালিক আছিল। কিন্তু যেতিয়া শ্বিলঙত
৮০
চনত আৰম্ভ হ
ল স্থানীয় বনাম বহিৰাগত গণ্ডগোল, তাৰেই 
পৰিপ্ৰেক্ষিতত তেওঁলোকে 
সকলো ব্যৱসায় সামৰি সুতৰি
পেলায় । তাৰ পাচতেই হাজৰিকাই বিশ্বনাথ জিলাত চাহৰ বাগিছা কিনিলে আৰু ১৯৯০ চনত চাহৰ
অবিৰাম গৰম বজাৰৰ বাবে ব্যৱসায়ত অনেক মুনাফা হয়।

অৱশ্যে “, মাতটোৰ
স্বৰটো নিম্নগামী কৰিও দেউতাই কৈ গ
, ” তেওঁলোকৰ পৰিয়ালতে এক অত্যন্ত কৰুণ ঘটনা ঘটিল । প্ৰথমে নিজৰ
ঘৰ আৰু ঠাইখন হেৰুৱাব লগা হৈছিলেই । তাতে তেওঁৰ প্ৰথম পত্নী মামনিয়ে আত্মহত্যা
কৰিলে
………” ইঞ্জিনৰ শব্দই দেউতাৰ বাকীখিনি কথা ঢাকি
ধৰিলে। সেইটো বয়সত অৱশ্যে মৃত্যুভয় ধৰণৰ কথাবোৰে মোক ইমান মানসিকভাবে বিতত কৰিব
পৰা নাছিল
, তাতকৈ মই চিন্তাত বুৰ গৈ আছিলো তোমাৰ কথা ভাবি যে আমি বাৰু
দুয়োজনী মিলিব পাৰিম নে নাই । যদি দুয়োজনী বাই-ভনীৰ দৰে হৈ যাওঁ
…… মই মাত্ৰ কল্পনা কৰিছিলো ।

মূল পথৰ পৰা ফাটি আহি এটা কাষৰীয়া ৰাষ্টাৰে গৈ থাকোতেহে মই সাৰ পালো, দেখিলো
এখন গে
টৰ সমুখত ৰোৱা আমাৰ গাড়ীক ভিতৰলৈ সোমাবৰ বাবে ইউনিফৰ্ম
পিন্ধা গাৰ্ড এজনে খুলি দিছে। সন্ধিয়া লাগো লাগো হৈছিল
, ডুবিব
ধৰা বেলিটোৱে সন্ধিয়াৰ আকাশখনত শেষ ৰঙ অলপ সানি দিছিল । ওখ ওখ ৰূপালী দেহাৰ
বাৰ্চগছবোৰৰ ওপৰত সন্ধিয়াৰ জিলিকনি পৰিছিল । দুয়োফালে ঘেৰা সেউজী এক প্ৰশস্ত পথেৰে
আমি সোমাই গৈছিলো । বঙলাটোৰ ঠিক ওচৰতে আমি গৈ থকা পথটো শেষ হৈছে। প্ৰকাণ্ড বঙলাটো
আছিল বগা ৰঙৰ
, মুকলি আৰু বতাহ বলি থকা, আৰু
আমাৰ শ্বিলঙৰ সম্পূৰ্ণ ঘৰখন কেৱল ইয়াৰ বাৰাণ্ডাখনতেই আঁতি যাব।


তোমালোকৰ মা-দেউতা ঘৰত আছিল আৰু এজনে ট্ৰলি এখন চলাই আনি তেওঁলোকক চাহ যোগান
ধৰিছিল । তোমাৰ দেউতা ওখ পাখ আৰু স্বাস্থ্যবান মানুহ
, মচমচিয়া
খাকী ট্ৰাউজাৰ আৰু শুধবগা শ্বাৰ্টত বেছ লাগিছিল । গাৰ ছাল ৰ
দে
পোৰা যদিও মিহি আৰু চুলিখিনি কাষলৈ বৰণ ধৰিছে যদিও স্টাইলিশ্ব । তেওঁ মোৰ দেউতাৰ
লগত হেণ্ডশ্বেক কৰি লৈ মাক ক্ষিপ্ৰভাবে এটা সাৱট দিলে । তোমাৰ মা জনজাতীয় মিছিং
মহিলা
, কান্ধলৈকে পৰা সুন্দৰ চুলি আৰু গাৰ ছাল অতি সুন্দৰ। 
পিন্ধনত তেওঁৰ এটা ফুলাম
কুৰ্তি আৰু ডাঠ সেউজীয়া পাইজামা । মোৰ এনেকুৱা লাগিছিল যেন মোৰ মায়ে যদি সোতমোচ
খোৱা ধৰণৰ জেইনচেম পিন্ধাতকৈ অন্য কিবা আকৰ্ষণীয় ড্ৰেছ পিন্ধিলেহেতেন । আমাৰ
বস্তু-বেহানিখিনি সুন্দৰকৈ ড্ৰেছ কৰা দুজন পৰিচাৰকে শব্দহীন ভাবে আহি লৈ গ
লহি
আৰু হাত মুখ ধুই সতেজ হবৰ বাবে কোঠাটো দেখুৱাই দিলে। মূল গেষ্টৰুমটো মোৰ মা হঁতক
দিয়া হ
ল আৰু মোক কিছু সৰু জোখৰ ৰুম এটা দিয়া হ, যাৰ
কাষৰ পৰা এটা কৰিডৰ আৰম্ভ হৈছে আৰু ফুলি থকা থুনবাৰ্জিয়া ফুলবোৰৰ টাববোৰ শাৰী
শাৰীকৈ ওলোমাই থোৱা আছে ।তোমাৰ মায়ে আহি দুখমিহলি ভাবেৰে ৰুমটোৰ বিষয়ে ক
লে, ” ৰুমটো অলপ সৰু কিন্তু ভাবিছো তোমাৰ চাগে বিশেষ কষ্ট নহ
।” কিন্তু মোৰ বাবে ৰুমটো প্ৰয়োজনতকৈ অধিক হে বহল
, পাতল
ৰঙৰ বেৰবোৰৰ সৈতে
, এখন বহল আহল ক্ৰিমৰঙী
বিচনা
, খুব বেছিকৈহে আৰামদায়ক । বিভিন্ন আলোচনীৰে ভৰা কাষতে এখন
টেবুল আৰু এটা ৱাৰড্ৰব যিটোত মই ছোৱালীজনীয়ে সম্পূ্ৰ্ণৰূপে সোমাই থাকিব পাৰিম ।
ভৰিৰ চেণ্ডেলজোৰ খুলি কাৰ্পেটখনৰ ওপৰত খোজ কাঢ়িলো
, ডাঠ
আৰু স্পঞ্জৰদৰে কোমল। তোমাৰ কোনো উৱাদিহ নাই ! মনলৈ ভাৱ আহিল যে ঘৰলৈ অহা আলহীক
মাত এষাৰ লগাবলৈ নহাটো এটা অভদ্ৰতা নহয় জানো !
 

 

যেতিয়া মই বাথৰুমৰ ভিতৰলৈ সোমাই যাওঁ,
দেখিলো, তুমি
তাতে আছা
, বাথটাবৰ ভিতৰত আছা,
সম্পূৰ্ণৰূপে কাপোৰ কানি
পৰিহিত অৱস্থাত
, চিগাৰেট খাই থকা অৱস্থাত ।
তোমাৰ মূৰৰ ওপৰলৈ থকা খিৰিকিখন উন্মুক্ত ।

 

হ।
চৰি” !
  মই
কলো।

তুমি হাঁহিলা, “চৰি ? কিহৰ
কাৰণে চৰি
? মই গা ধুই থকাতো নাই !

সঁচা কথা । টাবটো শুকান হৈ আছে । তাই উঠি থিয় হ

নিয়ম মাফিক এইটো এতিয়া
তোমাৰ বাথৰুম ।”
 

শেষ শোহা এটা মাৰি তাই চিগাৰেটটো খিৰিকিয়েদি দূৰলৈ দলি মাৰি দিলে । 

তোমাৰ টি-শ্বাৰ্টটো কোনোৰকমেহে তোমাৰ জীনচ্ ৰ ওপৰভাগটো চুইছিল । তুমি মোতকৈ ওখ
আছিলা
, অলপ ক্ষীণ আৰু যদিও তোমাৰ কাপোৰবোৰ সোতমোচ হৈ আছিল, চুলিখিনি
নফনিওৱাৰ বাবে জধলা হৈ আছিল
, সেইসময়ত মোৰ হে অনুভৱ
হৈছিল মইহে যেন বহুত অসুন্দৰ আৰু অপৰিষ্কাৰ হৈ আছো। তোমাৰ গাৰ অঙ্গ সঞ্চালন আছিল
লেহেমীয়া আৰু অসচকিত
, তাত যেন মই নাই ! 
তুমি বেচিনটোত হাত ধুই
মুখখন কুলিকুলি কৰিলা । “তুমি কাকো চিগাৰেট খোৱাৰ কথা নকবা। নহলে বেচেৰা
শম্ভু মালিয়ে আকৌ বিপদত পৰিব ।”

মই সুধিলো যে কিয় তেনে হবলৈ যাব ।

কাৰণ সি মোক ইয়াতে পোৱা
বস্তু আনি দিয়ে ।” যেতিয়া তুমি অনুভৱ কৰিলা যে মই একো বুজি পোৱা নাই
, তুমি
লা, ” ধপাত । চিগাৰেটৰ ভিতৰত যে
থাকে তেনেকুৱা ধপাত ।”

তুমি ৰুমটোৰ বাহিৰলৈ যোৱাৰ পাচতহে বুজি পালো যে বাথটাবটোত
সোমাই থকা বাবে একো কোৱাৰ প্ৰয়োজন বুলি নাভাবিলা। অথবা মোৰ নামটোও নুসুধিলা। নাইবা
“হেল্ল” বুলিও এবাৰ নক
লা।

 

পাচৰ দুদিন ধৰি তুমি দূৰে দূৰে আছিলা,
কেৱল মাত্ৰ খোৱাৰ সময়তহে
তোমাৰ কোঠালীৰ পৰা ওলাই আহিছিলা। আনকি তুমি তাত
  বহি থাকোতেও নীৰৱে আছিলা, খুব
কম খাইছিলা
, আৰু খোৱাৰ থালখনত দুই এটা
বস্তুহে লৈছিলা। প্ৰায়ে
, ঘন্টাৰ পাচত ঘন্টা জুৰি
অদৃশ্য হৈ আছিলা। তোমাৰ মা-দেউতাই তোমাৰ ব্যৱহাৰত বিব্ৰতবোধ কৰিছিল কিন্তু কিনো
কৰিব পৰা যাব তাৰহে সমাধান বিচাৰি পোৱা নাছিল । এক প্ৰকাৰ
, তুমি
যে ওচৰে পাঁজৰে নাছিলা সেইবাবে ৰক্ষা পাইছিলো কাৰণ অভঙৰ দৰে মই এই জীৱন-যাত্ৰাৰ
সতে অভ্যস্ত নাছিলো
,
ৰাতিপুৱাৰ চাহ ট্ৰেত উঠাই আনি দিয়া হয়
,
ব্ৰেকফাষ্ট খাই থাকোতে
অদৃশ্য হাতবোৰে বিচনাখন জাপি-কুছি ৰুমবোৰ পৰিষ্কাৰ কৰি দিয়ে
, দিনটোত
দুবাৰ টাৱেল সলনি কৰি ৰাখে
, অপৰিষ্কাৰ কাপোৰবোৰ যাদুৰ
দৰে ধুনীয়াকৈ পৰিষ্কাৰ কৰি ভাগে ভাগে ইস্তিৰি কৰি জাপি থয়
, এটা
বে
ল টিপিলেই খোৱা বস্তু আৰু সতেজ ফ্ৰুটজুচ আহি পৰে । দিনৰ
ভাগত
, গোটেই বঙলাটো এটা চেঁচাময় গুহাৰ দৰে হৈ পৰে, যাৰ
চিলিঙখন আছে বহু ওপৰত
, কৰিডৰবোৰ যেন গভীৰ আৰু
অনন্ত। বাহিৰৰ বাৰান্দাখনত সন্ধিয়াবোৰ মই ৰৈ আছিলো
, আৰু
দূৰণিৰ গাঁওবোৰলৈ চাই পঠিয়াইছিলো কেনেদৰে আন্ধাৰে ওখ গছবোৰক সাৱটি ধৰিছে আৰু
দিনটোৰ ৰ
দৰ উম সলনি হৈছে চেঁচা আৰু ঠুনুকা 
বতাহলৈ। কিছু সময়ৰ পাচত, শ্বাৱাৰত
গা ধুই সতেজ কাপোৰ পিন্ধি আমি নিজৰ নিজৰ কোঠালীবোৰৰ পৰা ওলাই আহি বহাকোঠাত গোট
খাইছিলো
, ফায়াৰপ্লেচত একুৰা জুই ধৰা হৈছিল, বৰফৰ
বাকেটত বৰফ ভৰ্তি কৰি থোৱা আছিল
, আৰু ভজা বাতিভৰা 
কাজুবাদাম কাষৰৰ সৰু সৰু
টেবুলত ৰাখি থোৱা আছিল । তোমাৰ দেউতাই ব্যস্ততাৰে
, সুন্দৰকৈ
সজাই থোৱা বিদেশী সুৰা ৰখা আলমাৰীটোৰ কাষত হুইস্কি মিহলাইছিল আৰু ঘৰত তৈয়াৰ কৰা
ৱাইনৰ বটলবোৰ খোলাত লাগিছিল । তাৰপৰা মোকো এগিলাচ ৱাইন যচা হৈছিল । তেতিয়াও মই এটা
চুকত অকলে বহি
  চেল্ফৰ
পৰা টানি অনা ছবি থকা কিতাপ এখন চাই আছিলো। এনেধৰণৰ জীৱন মোৰ বাবে আছিল সম্পূৰ্ণ
নতুন আৰু মনোমুগ্ধকৰ ।

 

তোমাৰ দেউতা আৰু মোৰ দেউতাই শ্বিলঙৰ বিষয়ে কিমান যে কথা পাতিছিল_____ তেওঁলোকে স্কুলৰ পৰা পলোৱাৰ বৰ্ণনা,
আৰু লগৰ লৰাবিলাকৰ
কথা
, কোন কোন কত আছে এতিয়া । কেলভিন
চিনেমাহলৰ মাজনিশাৰ শ্ব
ৰ কথা,
আৰু পাৰ্টীবোৰত “দা 
বিটলচ্” আৰু “দা
মাঙ্কীজ” গ্ৰুপৰ গানৰ তালে তালে নচাৰ কথা। সেই চহৰখন
, সেই
৬০চনৰ শ্বিলং
, এতিয়া চিনিব নোৱাৰাকৈ সলনি
হৈ গ
; আৰু সেয়া দুয়োজনে মানি ললে।
আৰু তেওঁলোকে সোঁৱৰণিৰ দুখৰ হেঁচাত পৰি কোৱা “সেই সোণালী দিন” সঁচাকৈ
আছিল সোণালী য
ত আছিল নিৰাপত্তা, মানুহৰ
হেমগেমৰ পৰা মুক্ত
, পৰিষ্কাৰ আৰু খালি খালি
লগা এখন মৰমলগা চহৰ । যথেষ্ট কেইপেগমান হুইস্কি গলাধ:কৰণৰ পাচত তেওঁলোকে কথা
পাতিছিল গণ্ডগোলবোৰৰ বিষয়ে যিবোৰে চিৰদিনৰ বাবে লৈ গুছি গ

সকলোবোৰ জনা-শুনা-ভাল-লগা বস্তু যাক অন্তৰেৰে লালিত পালিত কৰা হৈছিল ।

তোমাৰ দেউতাই কৈছিল, ” এদিন আবেলি মামনি বজাৰৰ
পৰা ঘূৰি আহিছিল
, আৰু এটা খাচী যুবকে তাইক
ৰাষ্টাত আগভেটি ধৰি মাজ ৰাষ্টাত তেওঁক চৰিয়াইছিল
……… মোৰ এতিয়াও  মনত
পৰে
, ঘৰলৈ আহি তেওঁ মোক কৈছিল……… মোৰ খঙ উঠিছিল…… তেওঁ তেওঁৰ শাৰিৰীক
অপদস্ততাত কোনো গুৰুত্ব নিদি মাথো কৈছিল যে আচৰিত হৈছে সি কিয় কব যে তাই হেনো
“বহিৰাগত” ! “মই গোটেই জীৱনটো ইয়াতে পাৰ কৰিলো”
……… একেৰাহে একেটা কথাকে তাই বাৰে বাৰে কৈ আছিল । সেইবিলাকেই ভূগিব লগা আছিল
কিন্তু যিমান পাৰো বিষয়টো শান্ত কৰিবৰ চেষ্টা কৰিছিলো
………… কিন্তু এইটো বুজিলো যে আমি এই ঠাই এৰিব লাগিব ।”  

চিমনিত খৰিবোৰ জ্বলি সামান্য শব্দ কৰা আৰু অদূৰত এটা ফেঁচাৰ মাত শুনাৰ বাহিৰে
সকলোবোৰ এই বহাকোঠাত নিস্তব্ধ হৈ পৰিছিল । তোমাৰ মা আৰু মোৰ মায়ে কেতিয়াবা আলোচনাত
ভাগ লৈছিল অথবা দুয়ো তেওঁলোকৰ নিজস্ব অন্তৰঙ্গ কথা বতৰা পাতিছিল । এনেদৰে কথা পাতি
থাকোতে মই তোমাৰ মাক কোৱা শুনিছিলো যে তুমি হেনো কলিকতাৰ ল
ৰে
কলেজত চাইক
লজি পঢ়িছিলা, আৰু
কিবা হেনো “গণ্ডগোল” হ
ল আৰু তোমাক সোনকালে ঘৰলৈ
পঠাই দিয়া হ
ল। ” আমি ভাবিলো তাইৰ সমবয়সীয়া 
এজনী লগত থাকিলে তাই ভাল
পাব ।” মানুহগৰাকীয়ে কৈ
  আছিল, কিন্তু
জনা নাছিল যে মই শুনি আছো। “কিন্তু তাই একেবাৰে বাপেকৰ দৰে
, আকোঁৰগোজ
আৰু অবুজন স্বভাবৰ ।” বেছিভাগ সময় দুয়োজনীয়ে ৰন্ধন প্ৰকৰণ আৰু গাৰ্ডেনিঙৰ
বিষয়ত ভাব বিনিময়ত ব্যস্ত ।
 

 

তোমাৰ মায়ে ইয়াৰ জীৱনটো শান্তিপূৰ্ণ বুলি কৈও কৰ্মহীন এটা জীৱন অতিবাহিত কৰাৰ
কথা কয়
, মানুহৰ লগভাগ নথকা এটা জীৱন আৰু কেতিয়াবা সেয়ে অত্যন্ত
আমনিদায়ক এক জীৱন য
ত হাজাৰ পেইন্টিং কৰা, ৰন্ধাবঢ়া
কৰা বা চিলোৱা-গুঁঠা কামেও মনলৈ প্ৰশান্তি আনিব নোৱাৰে। তেওঁ নিজৰ পৰিয়ালৰ গাঁৱৰ
ঘৰলৈ যায় কেতিয়াবা কিন্তু তোমাৰ বাবে অসুবিধা অনুভৱ কৰে। তেওঁ কয় মোৰ মাক নিজৰ
বেকাৰীত ব্যস্ত দেখিয়েই ভাল লাগে আৰু নিজেও সেয়ে কিবা কাম কৰিব বিচাৰে।

 

বঙলাটোৰ চাৰিওফালে তুমি কৰি ফুৰা খেলিমেলি কামবোৰ দেখিয়েই গম পোৱা যায় যে এক
অদৃশ্য
  ভূতৰ
ৰূপত তুমি অ
ত তত ঘূৰি ফুৰিছা। সময়ে সময়ে
বতাহত ওপঙি থকা তোমাৰ চিগাৰেটৰ গোন্ধবোৰে তুমি দৃশ্যমান নোহোৱা ঠাইতো বতাহত উৰি
থাকে। এবাৰ
, বাৰাণ্ডাত তোমাৰ
শ্লিপাৰযোৰ দেখিছিলো
, চকী এখনৰ তলত এৰি যোৱা।
মোৰ ধুইমেলি ইস্তিৰি কৰি অনা কাপোৰ জাপৰ মাজত ভুলবশত: সোমাই অহা তোমাৰ টি শ্বাৰ্ট
এটা পাইছিলো। কোনো কোনো সময়ত মোৰ এনে লাগিছিল যেন তুমি দূৰৰ পৰা গোমোৰা আৰু
দ্বিধাগ্ৰস্ত মুখ এখন লৈ আমাৰ ফালে চাই আছা ।

 

এদিন আবেলি, আমি সকলোবোৰ প্লেন্টাৰ্চ
ক্লাবলৈ গৈছিলো। গাড়ীখনত উঠি দৰজাখনৰ একাষে বহি
,  মাজৰ
চীটত বহা মোৰ মাৰ কাষত
, বাহিৰলৈ চাই চাই নিশ্চুপে
বহি গৈছিলা। যেতিয়া ক্লাব গৈ পাইছিলো
,
আমি টেনিচ কৰ্টৰ
ফালে আগবাঢ়িছিলো
,
খেল চলি আছিল । মই লক্ষ্য কৰিলো তুমি আমাৰ লগত নাই। মোৰ মা-দেউতাক সকলোৰে সৈতে
তোমাৰ দেউতাই মোৰ নিজা ঠাই শ্বিলঙৰ “বহু পুৰণি বন্ধু” বুলি পৰিচয় কৰি
দিছিল। আবেলিতো কথা বাৰ্তাৰে আৰু টেনিচৰ ধপ ধপ কৰা একেসুৰীয়া শব্দেৰে আৰু সমৰ্থনৰ
চীৎকাৰ আৰ হাঁহিৰে
  মুখৰিত
হৈ পৰিছিল।

 

এটা সময়ত শ্বৰ্টচ পিন্ধা গোল-মোল ছোৱালী এজনী আহিল, হাতত
এখন ৰেকেট আৰু তাই মোৰ কাষৰে বগা বেতৰ চকীখনত বহি দিলেহি ।

হাই, মই
ৰাধিকা
,” তাই কলে, ” তুমি চান্দবাৰীত আছা ?”

মই নিজকে চিনাকী দি কলো, 
যে তাই ঠিকেই ধৰিছে।

আমাৰ বিষণ্ণ যুবতীৰ খবৰ
কেনে
?”

মই তাইক সুধিলো যে এই কথাষাৰেৰে তাই তোমাকেই বুজাইছেনেকি ।

তাই হাঁহি হাঁহি উত্তৰ দিলে, ” তাইৰ বাহিৰেনো আৰু কাক
বুজাম ! তাইৰ আঘাটপ্ৰাপ্ত হৃদয়খন কঢ়িয়াই লৈ ফুৰোতেই যায়
, তনো
টেনিচ খেলিব পাৰিব
, সেয়া জানো।”

 

তেনেধৰণে কোৱাৰ বাবে মোৰ বেয়া লাগিছিল কিন্তু ভাবি নাপালো তোমাক কেনেকৈ
ৰক্ষণাবেক্ষণ দিওঁ ।

 

ৰাধিকাক দেখাত পছিশ বছৰীয়ামান লাগে,
মোৰ স্কুলৰ চিনিঅ
বান্ধৱীহঁতৰ দৰে অলপ প্ৰভুত্ব দেখুৱাই ফুৰা বিধৰ। তাইৰ মুখমণ্ডল গোল-মোল
, গালখনৰ 
মাজতে কলা
চকু এযোৰ বহুৱাই ৰখা
, যিখন মুখ মই কেইৰাতিমান
আগতে মোৰ খিৰিকিত বহি থকা ফেঁচাটোৰ দৰে লাগিছিল ।

তাইৰ সতে সাৱধানে মিলা
মিছা কৰিবা।” তাই ক
লে।

পুনৰ মই তাইক সুধিলো, তাই কথাৰ মানে কি।

তাই মূৰ দুপিয়ালে, ” মানুহে কয় তাইহেনো……”

 

কোনোবাই টেনিচ কৰ্টৰ পৰা চিঞৰিলে । 
গৈ……ছো”
তাই ঘূৰাই ক
লে। ” পাচত লগ পাম হাঁ” ।

সেয়া হৈ নুঠিল । মই তাৰ পাচত ৰাধিকাক নেদেখিলো কাৰণ অলপ সময়ৰ বাবে খোজ কাঢ়ি
কাঢ়ি বহু দূৰলৈ গলোগৈ ।

মা, মই
বেছি দেৰী নকৰো দেই” বুলি মাৰ কাণত ফুচফুচাই কৈ গল্ফ ক
ৰ্ছৰ
ফালে খোজ ললো কাৰণ সেইফালেই একমাত্ৰ মুকলি ঠাইখিনি আছিল । মই খন্তেকতে সিদ্ধান্ত
লব পাৰিলো যে কিয় মানুহবোৰে এই ফাললৈ একেবাৰে নাহে ।কাৰণটো হ

এইফালে ঘাঁহনিৰ ওপৰত সিচৰিত হৈ আছে অনেক কেঁচা আৰু শুকান গোবৰ । সেইবোৰৰ ওপৰেদিয়েই
মই খোজ কাঢ়ি আগবাঢ়ি গলো দূৰত থকা এটা টিলাক উদ্দেশ্য কৰি আৰু তাৰ তলত থকা জিৰজিৰকৈ
বৈ থকা এটা পানীৰ সোঁত অভিমুখে । মোৰ বাওঁহাতে দূৰলৈ
, গল্ফ
ফিল্ডখনৰ কাষে কাষে শাৰী শাৰীকৈ সজা খেৰৰ জুপুৰীবোৰ আছিল
, যিবোৰক
এটা ধোঁৱাৰ আৱৰণ দি পাতল কুঁৱলিবোৰে সজাই তুলিছিল । নাঙঠ আধা-নাঙঠ ল
ৰাছোৱালী
কিছুমানে
, হাঁহি চিঞৰি খেদাখেদিত ব্যস্ত হৈ আছিল । তাতকৈ কিছু দূৰলৈ
চাই পঠিয়ালো
,ৰা এটাই গৰু চৰাইছে, গৰুৰ
হেম্বেলনি আৰু বিশ্ৰামৰ আয়োজন কৰা চৰাইৰ সানমিহলি শব্দই আবেলিটো ভৰাই পেলাইছে।
ঠাণ্ডাকালিৰ আবেলিবোৰত অসমখন হৈ পৰে এক সাৱধানী হাতেৰে অঁকা জলৰঙী ছবি
, মসৃন
জিলমিলিয়া দিগবলয় আৰু কম উচ্চতাৰ
, অৱসাদগ্ৰস্ত ডাৱৰবোৰৰ।
শ্বিলঙৰ সতে যথেষ্ট অমিল য
ত দিগন্তৰ সীমাৰেখাত পাহাৰবোৰে থিয় দি থাকে
পাইন গছবোৰৰ বেষ্টনীৰ মাজত।

 

তুমি পানী যুঁৱলীৰ ওচৰত থিয় হৈ আছা,
চিগাৰেট হুপি হুপি আৰু চাই
আছা পানীৰ ওপৰত এযোৰ জিঞাৰ নাচোন । তোমাৰ ট্ৰাউজাৰৰ তলৰ অংশ কোঁচাই ৰাখিছা আৰু
ঠাণ্ডাৰ প্ৰকোপলৈ ভ্ৰুক্ষেপ নকৰি
  তুমি
পিন্ধি আছা এটা পাতল হাত খঁৰা টি-শ্বাৰ্ট । তুমি সন্ত্ৰস্ত হৈ ঘূৰি চালা।

চৰি,” মই কলো, ” মই তোমাক চক্ খুৱাব খোজা
নাছিলো।”

 

তুমি প্ৰতিটো কথা আৰম্ভ
কৰোতে সদায় এইদৰে “বেয়া নেপাবা” বুলি কোৱানেকি
?” কৈয়ে তুমি মোৰ মুখলৈ চাই হাঁহিব ধৰিলা। “আচলতে কি জানা, কোনেও
সাধাৰণতে গল্ফ ক
ৰ্ছৰ এইফালে ইমান দূৰলৈ নাহে। যদিও ঠাইখন
নিখূঁটকৈ সজোৱা আছে।”

 

মই জোতাৰ গেৰোৱাৰ পৰা শিল এটা লৈ গোবৰ এৰুৱাবলৈ ধৰিছিলো। শুকান ঘাঁহৰ ঠাই
এটুকুৰাত তুমি বহিছিলা। মোৰ কামটো শেষ কৰি থিয় হোৱাৰ পাচত মোৰ নিজকে বেঙা
, প্ৰত্যয়হীন
আৰু দ্বিধাগ্ৰস্ত যেন অনুভৱ কৰিছিলো যে মই ইয়াত থাকিম নে গুছি যামগৈ ! হয়তো তুমি
অকলশৰে থাকিব বিচাৰিছিলা !!

 

তুমি জানানে,” তুমি কব ধৰিলা, ” কিছুমান জিঞা মাথো
এদিনলৈহে জীয়াই থাকে
?” যিকেইটা জিঞাক অতপৰে তুমি
চাই আছিলা সিহঁতে ইতিমধ্যে খাগৰিৰ আগৰ ৰেণুসদৃশ থোপা এটাৰ ওপৰত ঘূৰিব ধৰিছে।

 

দুখ লাগে।”

কিয় ?”

মই ৰঙা-চিঙা পৰিলো । তুমি মোক হতভম্ব কৰি তুলিলা। যিমান হতভম্ব মই লৰাবোৰৰ
মাজত বা জেচনৰ সতে থাকিলে হওঁ ।

কিয় দুখ লাগিবলগা হল”
তুমি পুনৰ সুধিছিলা।

ক্কাকাৰণ
এয়াতো বৰ কম সময়
……… জীয়াই থাকিবৰ বাবে ।”

কিন্তু জিঞাইতো সেই কথা
গমেই নাপায় ।”

 

মই কলো সেয়াতো ভাল কথা। মই আজিও মনত পেলাওঁ তোমাৰ মোৰ মুখৰ ওপৰত থকা সেই
দৃষ্টিৰ কথা
কিমান চোকা, কিমান
তীব্ৰ অনুসন্ধানী সেই দৃষ্টি ।

 

চিগাৰেটৰ শেষাংশ মাটিত গুঁজি নুমুৱাই তুমি কৈছিলা, ” আঁহা “।

 

সৰু জুৰিটোৰ পাৰে পাৰে আমি গৈ আছিলো,
ই সৰ্পিল গতিৰে আৰম্ভ হৈ
এটা জলাশয়ৰ ৰূপ ল
লেগৈ । বিলখনক ফুলি থকা মেটেকাই ঢাকি ধৰিছে।
ল্ফ কৰ্ছখন বহু দূৰত পৰি থাকিল

 

তুমি টেনিচ নেখেলিলা কিয় ?” ঘপহকে তাই সুধিলে ।

মোৰো হৃদয় ৰক্তাক্ত । ধেমলিয়া হবৰ চেষ্টা কৰিলো কিন্তু
তাৰ সলনি স্বীকাৰ কৰি ক
লো যে টেনিচ কেনেকৈ খেলে মই নাজানো। লগতে মই
কলো মোৰ ভাইটি এটা খেলৰ লগত জড়িত আৰু সি পাচলৈ ভাল ফুটবল খেলুৱৈ হ

খোজে ।

তেওঁ কি কৰে ?”

কৈছিলো তোমাক ।

আৰু তুমি ? স্কুলৰ
পাচত আহি কি কৰা
?” তুমি ৰৈ গৈছিলা কিছুপৰ আৰু
মোৰ মুখলৈ একেথৰে চাইছিলা। তোমাৰ উশাহত মই চিগাৰেটৰ গোন্ধ পাইছিলো। অলপ লঙৰ গোন্ধো

পুনৰ তোমাক কলো ।

 

সেইটোৱেই তোমাৰ সপোন নে ? এগৰাকী
নাৰ্চ হোৱা
?” তুমি এচটা শিল লৈ পানীৰ
ওপৰেদি জঁপিয়াই যোৱাকৈ পঠালিকৈ মাৰি পঠিয়ালা কিন্তু শিলচটা নীলা ফুল এথোপাৰ মাজতহে
গৈ সোমাল ।

 

 মই কলো যে এতিয়ালৈকে কি হ
তাৰ স্থিৰ সিদ্ধান্তত আহিব পৰা নাই

কিন্তু বৰ্তমানলৈকে
এইটোৱেই ভাল বুলি ভাবি আছো ।

 

ঠিক আছে বাৰু ।”
শব্দকেইটা তুমি যি ধৰণে মুখেৰে ক
লা, লাগিল
তুমি অমূল্য কিবা এটাৰ কথাহে যেন কৈছা ।

তোমাৰ কাচিৎও দেখিবলৈ নোপোৱা হঠাত বাগাড়ম্বৰে মোকো উৎসাহিত কৰাত মই সুধিলো, “তুমিনো কি কৰিবলৈ হেঁপাহ কৰা ?”

 

হাতৰ তলুৱাৰ ধুলিবোৰ জোকাৰি লৈ তুমি থিয় হলা । “মই নদীক অনুসৰণ
কৰিব বিচাৰোঁ ।”

 

সেই ৰাতি তুমি মোক জোকাৰি টোপনিৰ পৰা জগাই দিলা ।

মোৰ লগত বলা
।” ফুচফুচাই ক
লা।

কলৈ ?” উত্তৰত তুমি মোৰ হাতখনত ধৰিলা আৰু বাহিৰলৈ লৈ গলা
। ৰাতি বঙলাৰ আগৰ লনখনে কাষৰৰ ওখ গছবোৰৰ ছাঁত গা ধুই আছিল । বহুৰঙী ফুলৰ বেডবোৰৰ
ৰঙবোৰ চিঞাহীবুলিয়া এন্ধাৰত ক
লা ৰঙী হৈ পৰিছিল । কঁপনি
উঠা জাৰ আছিল বাহিৰত আৰু মোৰ নিশাৰ সাজটোৱে কঁপনি ৰখাব পৰা নাছিল । তুমি মোক
চুৱেটাৰটো থাপ মাৰি লৈ আনিবলৈকো সুযোগ নিদিলা। তোমাৰ ড্ৰেছটো দিনত পিন্ধাটোৱেই
মাত্ৰ ভৰিৰ স্লিপাৰযোৰ তেতিয়া পিন্ধিছিলা । স্লিপাৰযোৰৰ চাইজ তোমাৰ প্ৰয়োজনতকৈ
ডাঙৰ হোৱাত চেটেপ চেটেপকৈ শব্দ হৈছিল । আগফালৰ বাগিছাখনৰ সোঁহাতে আগবাঢ়ি গৈছিলো
, লুংলুঙীয়া
বাটটোৰ পাচফালেদি
, আৰু বাঁহৰ ডাঠ হেজখনৰ
মাজদি আগতে থকা এটা সামান্য ফাঁকেৰে
,
গৈ গৈ ওলাইছে এখন
পৰিত্যক্ত এয়াৰফিল্ডৰ কাষত । বহু বছৰৰ আগতে
,
তোমাৰ দেউতাই মোক কৈছিল, যেতিয়া
১৯৬২ৰ চীনা আক্ৰমণ হয়
, খোৱাবস্তু আৰু
অস্ত্ৰশস্ত্ৰ উৰাজাহাজৰ পৰা পেলাবলৈ এই ফিল্ডখন ব্যৱহৃত হৈছিল । এই পৰিত্যক্ত
এয়াৰফিল্ড এতিয়া সান্ধ্যভ্ৰমণৰ স্থান আৰু এইবাবে জনাজাত যে ইয়াৰ পৰা দূৰৰ হিমালয়
পৰ্বতৰ একাংশ সুন্দৰভাবে দেখিব পাৰি । নিশাৰ সময়ত জিলমিলিয়া পানীৰে উপচি থকা হ্ৰদৰ
দৰে লাগে যেতিয়া জোনাকৰ শেঁতা পোহৰত ঘাঁহবোৰে বতাহৰ সতে তাত হালি জালি থাকে । দূৰৰ
গাঁৱবোৰৰ নিশাৰ নিৰৱতা ভাঙে অহৰহ জিলিৰ চিঞৰবোৰে। আমি দুয়ো ফিল্ডখনত বাগৰ দিলো
হাবি বনবোৰে আমাৰ অস্তিত্ব গম নোপোৱাকৈ ।

 

তুমি মোক আকাশলৈ চাবলৈ কৈছিলা । ওপৰত অগণন তৰা আছিল । তুমি কৈছিলা,

মোক নক্ষত্ৰপুঞ্জৰ কথা
নুসুধিবা। মই কেৱল জানো সৌটো “অৰিয়ন বেল্ট” ।

মই কৈছিলো মোৰ ডিঙিত “অৰিয়ন বেল্ট” আছে ।

তুমি কিলাকুটিত ভেঁজা দি ৰৈ গলা। আমি অহাৰ পাচৰ
সময়খিনিৰ ভিতৰত এই প্ৰথমবাৰৰ বাবে তোমাৰ চকুত দেখিলো এটা বস্তু
; আগ্ৰহ

দেখুওৱা ।”

তোমাৰ ফালে বাগৰি থকাৰ ফালৰ পৰা ঘূৰি মোৰ কাণৰ লতিৰ পাচফালে থকা এটা 
এটা অংশ আঙুলিৰে দেখুৱালো, “এইটো” ।

আন এটা দেখুৱালো, মোৰ ডিঙিৰ সোঁমাজত ।

দুটা হ
নহয়
?”

মই মোৰ নাইটগাউনৰ বুটাম খুলিলো । শেষৰ টো আছিল মোৰ ডিঙিৰ পৰা বহু আঁতৰৰ এটা।

এইটো তিনি নম্বৰ ।”

 তোমাৰ হাতৰ আঙুলিৰে এই
তিনিওটাকে এডাল ৰেখাৰে সংযোজিত কৰিলা। তুমি হাঁহিছিলা তেতিয়া ।

 

পাচৰ দিনাখন তোমাক সম্পূৰ্ণৰূপে আনন্দিত দেখা গৈছিল । কেৱল মোৰ লগতেই নহয়, মোৰ
মা-দেউতাৰ লগতো যাক তুমি এতিয়ালৈকে গুৰুত্ব দিয়া নাছিলা। মোৰ মা আৰু তোমাৰ মাৰ সতে
তুমি পাচফালৰ শাক-পাচলিৰ বাৰীখনলৈ গৈছিলা। মোৰ দেউতা যিহেতু বুৰঞ্জীৰ অধ্যাপক
, তোমাৰ
ককাদেউতাৰ দ্বাৰা সংগ্ৰহিত বহুত পুথি পাঁজি দেউতাক গোটাই দিছিলা । দুপৰীয়া আমি
আহাৰ খাবৰ পৰত লনত ডাঙৰ গাৰ্ডেন আমব্ৰেলা লগাই খোৱা সজাই দিছিলা আৰু তদাৰক কৰিছিলা
কণমানি হোস্টেছজনী হৈ। তুমি কৈছিলা তোমালোকৰ ৰান্ধনিজনে তাজাতকৈ তাজা মাছ ক

পাই সেয়া জানে
, ওচৰৰ বিশ্বনাথ চাৰিআলি
নামৰ টাউনখনযে মাত্ৰ কেইখনমান দোকানৰ হে সমষ্টি
, ‘চকু মুদিলা আৰু খুলিলা‘ … এই আছে এই নাই,  তুমি
মোৰ মাক সুধিছিলা বেকাৰীৰ বিষয়ত বহু কথা
,
আনকি মাই “লেমন
টাৰ্ট” কেইটামান বনাই দিবনেকি তাকো সুধিছিলা। মই দেখিছিলো
, তোমালোকৰ
মা-দেউতাৰ চকুত আনন্দৰ জিলিঙনি ।

 

ছোৱালীহঁতে পিছে আজি কি
কৰিম বুলি ভাবিছা
?” তোমাৰ দেউতাই সুধিছিল ।

তুমি মোৰ চকুলৈ চাই হাঁহিছিলা । ” আজি আমি খোজকাঢ়ি এফালে ওলাই যাম বুলি
ভাবিছো
……।”

সকলোৱে হয়ভৰ দিলে যে কথাটো ভালেই হ…… চাহ বাগিছাখনৰ ভিতৰে বাহিৰে আহোম ৰজাসকলৰ দিনৰ বহুতো বৌৰঞ্জিক কীৰ্তিচিহ্ন অতে
তে সিচৰিত হৈ আছে । তোমাৰ দেউতাই উনুকিয়াই দিছিল এটা বিষ্ণু
মন্দিৰ আৰু এটা ডাঙৰ ১৪শ শতিকাৰ পুখুৰী থকাৰ কথাটোও।

 

মই অধীৰ আগ্ৰহ আৰু উত্তেজিত হৈ ৰৈ আছিলো,
আৰু সকলোবোৰেই আবেলিৰ
তন্দ্ৰা উপভোগ কৰিবলৈ নিজ নিজ বিচনাত পৰিছিল
,
আনকি মোৰ মা-দেউতাইও ; যদিও
তেওঁলোকৰ বাবে এয়া
  বিৰল
ধৰণৰ আৰাম আছিল । তুমি যেতিয়া তোমাৰ কোঠাৰ পৰা তন্দ্ৰাবিধৌত ফুলা ফুলা গাল মুখেৰে
ওলাই আহিছিলা
, মই অকলশৰে বাৰান্দাৰ
ঝুলনাখনত চেঁচা সেউজবুলীয়া মজিয়াখনৰ ওপৰত দুলি আছিলো। মই এই ভাবি ঝুলনাখনৰ পৰা জাপ
মাৰি নামি পৰিলো যেন তুমি সৰু ছোৱালীৰ দৰে কৰা মোৰ কৰ্মকাণ্ডবোৰ আহি দেখিলাহি ।

 

অলপ সময়ৰ পাচত আমি ওলাই গলো। ইতিমধ্যে তোমাক দেখি এনে লাগিল যেন তুমি লাহে
লাহে নিস্প্ৰভ হৈ পৰিছা আৰু তুমি যেন সেই আগৰ চিন্তাৰ ডাৱৰে ঢকা একাকী স্বভাবলৈ
পুনৰ ঘূৰি গ
লা। খোজ কাঢ়ি গৈ থাকোতে, কথা
পতাতকৈ তুমি চিগাৰেট পকোৱাত ব্যস্ত হ
লা। কেঁচা আলিটোৰ দুয়োফালে
মাইল মাইল জুৰি চাহপাতৰ চাপৰ গছবোৰৰ মাজে মাজে বিক্ষিপ্ত চিৰিচ গছবোৰ
, যিবোৰে
তলৰ সেউজক ছাঁৰ দ্বাৰা ৰক্ষণাবেক্ষণ দি থাকে ।
  

 

মই সুধিলো যে আমি কলৈ গৈ আছো ।

এই ওচৰলৈকে।”

আমি বহু দূৰলৈ নগলো । আচলতে আমি চান্দবাৰী বাগিছাখনৰ সীমাও পাৰ হৈ নগলো । তুমি
মোৰ পুখুৰী এটাৰ ওচৰলৈ লৈ গৈছিলা। এটাডাঙৰ পুখুৰী যাৰ চাৰিওফালে ৰঙা মাটিতে ওখকৈ
পাৰ বন্ধোৱা আৰু তাৰ কাষে বাৰ্চ গছৰ শাৰীবোৰ । পুখুৰীটোৰ এটা কোণত এজোপা পুৰণি
আঁহত গছ
, তাৰ তলতে আমি বহিলোগৈ। সৰু সৰু ৰঙা পৰুৱা এজাক জোকাৰি আৰু
দুই এটা ক
লা গোবৰুৱা সদৃশ পোক কাপোৰৰ পৰা আঁতৰ কৰিলো। তুমি চিগাৰেট
এটা বনাই লৈ দুই আঙুলিৰ ফাঁকত উমি উমি জ্বলাই ৰাখিছিলা। তোমাৰ চুলিখিনি ঘামত তিতি
ত তত থোপাহৈ ডিঙিৰ পাচঅংশত লাগি ধৰিছিল । পুনৰ
মোৰ মনলৈ এই ভাব আহিছিল যে তুমি এইমুহূৰ্তত সঁচাকৈ অকলে থাকিব বিচাৰিছানেকি ।

 

তুমি ভালে আছাতো ?”

তুমি মোলৈ এনেকৈ চালা যেন তোমাক কোনেও বহু দিন জুৰি এনে প্ৰশ্ন সোধা নাই ।

মই জনা মানুহ এগৰাকীয়ে
আত্মহত্যাৰ চেষ্টা চলাইছিল ।”

অহ্ “। মই নিশ্চিত
নাছিলো যে এতিয়া কি বুলি সুধিম। আত্মহত্যাত সফল হ
লনে
নাই
  বুলি
!
 

এক সুদীৰ্ঘ অসম্পূৰ্ণ
কাৰ্যক্ৰমৰ এইটো মাত্ৰ এটা কাম আছিল । জীৱনক শেষ কৰা।”.
 
 

 

সন্ধিয়াৰ সেই নিৰ্জনতাত তোমাৰ শব্দবোৰ পানীৰ ওপৰত বিয়পি গ
আৰু এটা সময়ত কোনো চিন চাব নোহোৱাকৈ পানীত ডুব মাৰিলে। তুমি মোক কৈছিলা
, তেওঁ
কেনেকৈ এটা চুড়ান্ত বিচ্ছিন্নতা বিচৰা নাছিল
………
চিপজৰীৰ দৰে একেবাৰতে শেষ
হৈ যোৱাটো
, এটা উচ্চতাৰ পৰা এৰি দিয়া ভয়াবহ এটা জাঁপ,অথবা
মগজুৰ মাজেদি পাৰ হৈ যোৱা এটা বুলেট । বৰঞ্চ তেওঁৰ এটা ব্যাখ্যাতীত তাড়ণা আছিল
নিজকে নুমুৱাই দিয়াৰ
, আৰু মেজিকৰ মমৰ দৰে পুনৰ
জ্বলি উঠাৰ । ঠিক এনেকৈ
, যিদৰে তেওঁৰ ইচ্ছা আছিল
এখন চলন্ত বাছৰ আগত পৰি দিয়াৰ
, ওখ চিৰিৰ পৰা নামি আহোঁতে
পিছলি তললৈ পৰাৰ
, অথবা অহৰহ খাই থকা শ্লিপিং
টেবলেটৰ সংখ্যা বঢ়াই নিয়াটোত । যাতে তেওঁ গভীৰ আৰু সপোনবিহীন টোপনিত ডুবি যাব পাৰে
, যাতে
কোনেও হস্পিতাললৈ তেওঁক ততাতৈয়াকৈ নিব লগীয়া নহয়
, তাত
নি তেওঁৰ উদৰ আওখালিব নালাগে আৰু জোৰেৰে চকুজুৰি যেন মেলিব লগা নহয় ছাঁটমাৰি ধৰা
বগা ৰঙৰ কেমিকেল স্প্ৰেৰে বিশুদ্ধ কৰি থোৱা কোঠাটোত।

 

এয়েই আছিল সেই কথাবোৰ,” তুমি মোখনি মৰাৰ ভঙ্গীমাত কলা, ” মাহৰ পাচত মাহ জুৰি এই দ্যৰ্থতাৰ সতে তেওঁ যুঁজি আছিল
।”

 

এতিয়া পিছে কেনে আছে ?”

 

এতিয়াও সাহ গোটোৱাত ব্যস্ত
।”

 

জী থকাৰ বাবেনে মৃত্যুৰ
বাবে ।”

 

দুয়োটাৰ বাবে ।”

 

তুমি চিগাৰেটটো হেঁচি ধৰি নুমুৱাই থিয় হলা । হাত দুখন বহলকৈ মেলি
লা, “লা
সাঁতোৰো।”

তাৰ পাচত মোৰ হাতখন টানি, জোৰেৰে ধৰি 
লৈ হেলনীয়া ঠাইখনৰ ওপৰেদি
ক্ৰমান্বয়ে দ্ৰুত গতিৰে গৈ থাকিলা। হ্ৰদটোৰ কাষৰীয়া ঠাইখিনি মই দেখা পাইছিলো ওপৰত
ওপঙি থকা জাবৰবোৰ
, পাতেৰে ভৰি থকা অন্ধকাৰ
আৰু গভীৰ ক
লা তাৰ পানীবোৰ ।

 

বাচোন, বা”, মই
চিঞৰিছিলো ।

মোৰ হাতখন আগতকৈ আৰু জোৰেৰে মুঠিমাৰি ধৰি টানি নিছিলা, আৰু
তোমাৰ জোতাৰ তলত চেপেটা লাগি পৰি ৰৈছিল শিলবোৰ আৰু ঘাঁহবন ।

মোক এৰি দিয়া, এৰি
দিয়া”
, মই চিঞৰি চিঞৰি কৈছিলো আৰু
জোৰেৰে হাতখন এৰুৱাই কৈছিলো
, ” মই সাঁতুৰিব নেজানো, আৰু
তুমি জোৰেৰে পানীলৈ ঠেলি দিলে মই ডুবি মৰিম ।”

 

পাতলিয়া পানীখিনিয়ে আমাৰ ভৰিবোৰ চুইছিল । মোৰ চেণ্ডেলজোৰ তিতি চেপচপিয়া হৈ
পৰিছিল । মই তেতিয়া বুজা নাছিলো
, কিন্তু মোৰ চকুজোৰ পানীতে
ভৰিছিল । ভয়ত আৰু
খঙত। বঙলালৈ ঘূৰি আহোঁতে আমাৰ কাৰো মুখত কথা
নাছিল ।

 

সেই নিশা তুমি মোৰ ওচৰত আহি শব্দহীন ক্ষমা বিচাৰিছিলা।

মই তেতিয়া বিচনাত পৰি আছিলো আৰু মোক পাৰহৈ পোনে পোনে বাথৰুমটোলৈ গৈছিলা। তাৰ
পৰা পানী খোলাৰ শব্দ কাণত পৰিছিল । মই ভাবিছিলো তুমি তালৈ চিগাৰেট খাবলৈ আহিছিলা।
মই সোধা নাছিলো এইকাৰণেই যে তোমাৰ ওপৰত তেতিয়াও মোৰ খঙ মাৰ যোৱা নাছিল । তেতিয়াই
তুমি মোক তালৈ মাতিলা।

 

কেলেই ?”

আঁহাচোন।”

বাথটাবটো পানীৰে ভৰি আছিল । তাৰ পৰা ওলোৱা বাষ্পই কোঠাৰ খিৰিকিৰ আইনাখন আৰু
খিৰিকিৰ চিচাবোৰ ঢাকি ধৰিছিল । তুমি মোৰ পাচফালে থিয় হৈছিলা আৰু মোৰ নাইটড্ৰেছৰ
বুটামবোৰ খুলিবলৈ আৰম্ভ কৰিছিলা। মই তোমাক বাৰণ কৰিছিলো তেনে কৰিবলৈ কিন্তু
বাথৰুমৰ দাপোনখনত দেখা পাইছিলো আমি দুয়োকে একেলগে
; দেখিলো
সেয়া মই নহয় অন্য কোনোবাহে । তোমাৰ দৃষ্টিত কাৰাৰুদ্ধ হৈ
, তোমাৰ
খৰগতিত আগবঢ়া কাপোৰৰ ওপৰেদি বগুৱা বাই গৈ থকা আঙুলিবোৰ চেঁচা আছিল । কাপোৰৰ বোজাটো
যেতিয়া মজিয়ালৈ খহি পৰিল
, তুমি মোক বাথটাবত সোমাবলৈ
লা।

 

মই বাথটাবত । পানীখিনিত যেন কোমলতাৰ অনুভৱ নাছিল । তুমিও চকুৰ পচাৰতে তোমাৰ
টি-শ্বাৰ্ট আৰু জীনচৰ পৰা মুকলি হৈ ল
লা। আমি এযোৰ যঁজাৰ দৰে
দুয়ো খাপে খাপে সোমাই সাৱটি ধৰিলো। তাৰ পাচত তুমি মোৰ পিঠিত
, দুবাহুত
আৰু চুলিত চাবোন ঘঁহিলা ।

ঠিক তেনেদৰেই ময়ো তোমাক কৰিলো।

 

বাষ্পৰে নেদেখা যেন লাগিলেও, মই দেখিলো মই তোমাৰ মা
বুলি ভবা সেই মানুহগৰাকীৰ সতে তুমি কিমান অমিল । তুমি যেন অন্য ক
ৰবাৰ
পৰাহে আহিছা
, এটা অপ্ৰয়োজনীয় ভাবে শেষ
কৰা এটা জীৱন
, আৰু যদিও তোমাৰ বয়স মুঠেই
উনৈশ বছৰ
, এক পুৰণি বিষাদগ্ৰস্ততাই তোমাক আছন্ন কৰি আছে। 
তোমাৰ কান্ধৰ 
লাহি চানেকীয়া হেলনীয়াবোৰ, জুৰিৰ
সোঁতত পৰিষ্কাৰ হৈ পৰি থকা শিলবোৰৰ দৰে তোমাৰ মিহি পিঠিখন
, সৰু
সৰু ৰঙা তিলবোৰ যিবোৰ তোমাৰ চালৰ ওপৰত সিঁচৰিত হৈ আছে
, তোমাৰ
দীঘল আৰু সৰু আকাৰৰ ডিঙিটো
, উদগ্ৰীব হৈ পথবিচ্যুতি ঘটি
হেৰাই যোৱা
, আঙুলিবোৰ শেঁতা আৰু ৰঙহীনতাক
মই লক্ষ্য কৰিছিলো । তুমি যেতিয়া মোৰ ফালে ঘূৰি মুখলৈ চালা
, তোমাৰ
চকুজোৰ জপোৱা আছিল
, আৰু তোমাৰ গালত
কেইটোপালমান পানী জিলিকিছিল
, যেন পানী শুকাই খালি হৈ
পৰা এটা হ্ৰদ ।

আমি দুয়ো তাতে পৰি থাকিলো পানীবোৰ চেঁচা হৈ যোৱালৈকে ।

 

পাচৰ দিনা পৃথিৱীখন ধুই মছি পৰিষ্কাৰ হল ।

 

কিতাপ এখনৰ দুই এটা পাত লুটিওৱা,
গ্লাচৰ পানীয়ৰ পৰা মাজে
সময়ে দুই এঘুট মৰা
, ইটোৰ ওপৰত আনটো ভৰি তুলি
বহা। কেতিয়াবা কেতিয়াবা তোমাৰ হাতখন মোৰ গাৰ ওপৰত ঘূৰি ফুৰে
, তোমাৰ
হাতখনে মোৰ বাহুদুখনৰ মাজত বিচৰণ কৰে
,
কেতিয়াবা তুমি মোৰ গাত
লাগি পাচফালে ৰৈ থাকা
, তোমাৰ উশাহবোৰে মোৰ ডিঙিৰ
পাচফালক স্পৰ্শ কৰে । মই ভাবো
, প্ৰতিটো দেহভঙ্গীয়েই আছিল
অৰ্থপূৰ্ণ আৰু আমি দুয়োজনীয়ে পাহৰিব নোৱাৰা কিছুমান মুহূৰ্ত আমাৰ জীৱনত যোগ হৈছিল

 

তুমি আৰু পুনৰ পুখুৰীটোলৈ যাবলৈ মোক লগ নধৰা হলা
; তাতকৈ চান্দবাৰীৰ সীমাৰ নতিদূৰ, আৰু
ৰেললাইনৰ সিপাৰে বৈ যোৱা নদীখনলৈ গৈছিলো
,
যিটো আলিবাটেৰে যাব লগা
হৈছিল সেইটো আছিল ধূলিময় আৰু নিৰ্জন। আমি খোজকাঢ়ি একেবাৰে পানীৰ ওচৰ পাইছিলোগৈ
, যাৰ
পানী সীমাহীন আৰু বহল আৰু উকা আকাশখনক প্ৰতিবিম্বিত কৰি আছিল। নৈখনৰ পাৰে পাৰে সৰু
সৰু লেম-চাকি জ্বলি উঠিছিল
, আৰু সেইবোৰৰ সোণালী পোহৰত
মাছমৰীয়াবোৰে বহি আছিল কিম্বা সিহঁতৰ জালবোৰৰ জঁট এৰুৱাইছিল । নাওবোৰ পাৰৰ মাটিত
গোটাই বান্ধি থৈছিল
, দীঘল, ঠেক
নাওঁবোৰ এনে লাগিছিল যেন সেইবোৰ কাগজ কাটি সজাই ৰখা সুন্দৰ দেখনিয়াৰ বস্তু ।

 

তুমি কৈছিলা, “বাৰিষাৰ সময়ত এই নদীখন
সাগৰৰ দৰে হৈ পৰে। “

 

মই গুছি অহাৰ আগত আমি প্ৰত্যেক আবেলিয়েই তালৈ গৈছিলো, ঘণ্টাৰ
পাছত ঘণ্টা জুৰি তাৰ পাৰত বহিছিলো
,
বালিৰ ওপৰত যি মন যায়
আঁকিছিলো । তুমি মোক কৈছিলা তোমাৰ মায়ে বিভিন্ন আলোচনীবোৰত লিখা লিখিছিল আৰু বছৰৰ
পাচত বছৰ জুৰি সেইবোৰ পৰিপাটীকৈ ৰাখি গৈছিল আৰু তেওঁৰ মৃত্যুৰ পাচত তুমি সেইবোৰ
বিচাৰিছিলা। সেইবোৰ পৃথিৱীৰ ভিতৰত মহা মূল্যবান বস্তু আছিল
; যিবোৰ
তুমি বিচাৰি নেপালা আৰু ভাবিলা এদিন তেওঁ ইয়ালৈ আহিছিল আৰু নৈত সেইবোৰ ডুবাই দিছিল
। কেতিয়াবা কেতিয়াবা আমি নদীখনৰ পাৰত কোনোবা হেৰাই যোৱা শিশুৰ দৰে অ

ত বগাইছিলো,
খহটা আৰু ডাঙৰ আকাৰৰ শিলত
বগাব খুজিছিলো
, তেনে শিলৰ মাজৰ গোট খাই
থকা পানী যুঁৱলিত আমাৰ ভৰিবোৰ ডুবাই ৰাখিছিলো
,
পানীবোৰত আমাৰ মুখ আৰু
আকাশখন একেলগে দেখা পাইছিলো । নাৱৰীয়াবোৰ য
ত বহি থাকে, তাৰ
ওচৰৰে টিলা এটাত আমি উঠি লৈ বৃদ্ধ নৈখনৰ শুকান বালিচাপৰি চাইছিলো ।

 

তুমি মোক সুধিছিলা, ” তোমাৰ এনে লগা নাইনে, যে
তুমি যেন অন্য ক
ৰবাতহে আছা ?

 

মই গম পাইছিলো, তুমি কি বুজাব বিচাৰিছা; অসমৰ
চাৰিওফালৰ ইমান সেউজীয়াৰ মাজত এখন বালিৰ মৰুভূমি
, বালিৰ
ঢিপবোৰ
, বালিৰ হেলনীয়াবোৰ । আমি যেতিয়া বালিৰ নদীখনৰ ওচৰ পাইছিলো, তুমি
চেণ্ডেলযোৰ ভৰিৰ পৰা দলিয়াই পঠাইছিলা আৰু নদীৰ মাজলৈ সোমাই গৈছিলা। মই তোমাৰ পিচ
লৈছিলো । বালি গৰম আৰু পিছল আছিল
, আমাৰ ভৰিৰ খোজে খোজে ই ৰূপ
সলাইছিল । এয়া ভাবিবই নোৱাৰি যে
, এটা সময়ত,
আমি এতিয়া থিয় দি আছো
, এখন নদী বৈ আছিল, তীব্ৰবেগত
উচ্ছল ৰূপেৰে । হাতৰ মুঠিত ল
ব পৰা মিহি শিলগুটি, পানীত
উটি অহা অকোৱাপকোৱা
, বিকৃত ৰূপৰ ভাঁজলগা কাঠৰ
টুকুৰাবোৰ
, নাওখনৰ দৰে দেখা কাঠবোৰ আমি দেখা পাইছিলো ।

 

অন্য কিছুমান আবেলিত, যেতিয়া দিনৰ পোহৰৰ ৰেশ মাৰ
নোযোৱাকৈ থাকে
, আমি নাও ভাড়াত লৈ নাৱৰীয়াই
চলাই নিয়া দিশেৰে ব্ৰহ্মপুত্ৰৰ ওপৰেদি গৈ আছিলো । তুমি নাৱৰীয়াক উজাই যাবলৈ কৈছিলা
তাৰ পাচত ভটিয়নি সোঁতত নাওঁ এৰি দিছিল
,
এনেদৰে আমি বহু বেছি
আঁতৰলৈ আমি গুছি গৈছিলো । আমি নাওঁখনৰ মাজত বহিছিলো যিখন মাছ মাছ গোন্ধাইছিল । আন
এটা গোন্ধো আছিল তিতা কাঠৰ সেমেকা গোন্ধ
,
যিটো অৰণ্যৰ গছবোৰৰ মাজৰ
গুহাৰ কাষত অনুভৱ হয়।

কেতিয়াবা আবেলি পাৰ হোৱাৰ পাচত আন্ধাৰত আমি ৰৈ যাওঁ, তেতিয়া
আমাৰ পথৰ সাৰথি হয় মাছমৰীয়াৰ লেমৰ পোহৰ আৰু সিহঁতৰ গান ।

 

প্ৰতি নিশা আমি দুয়োজনীয়ে বাথটাবত পাক খাওঁ, যেন
নৈখনৰ কাষৰ দুডাল ইকৰা
, আৰু আমাৰ চাৰিওফালে গভীৰ, কুহুমীয়া
পানী । কেতিয়াবা
, মোৰ ডিঙিৰ তললৈ গৈ তুমি
তৰাবোৰ বিচাৰা। কেতিয়াবা
, তুমি তোমাৰ মাৰ কথা পাতা।

 

কিয় বাৰু তেওঁ তেনেকুৱা
কৰিলে
?”

 

তুমি মুখেৰে একো নোকোৱা। পানীবোৰ বাগৰি তোমাৰ কান্ধৰ ওপৰৰ পৰা বাগৰি থাকে ।
তোমাৰ দেহৰ ওপৰৰ পৰা বাষ্পবোৰে ওপৰলৈ গুছি যায়। অৱশেষত কোৱা
, “কিয়টোৰ উত্তৰ মই জানো যদিও মই বুজাব নোৱাৰো ।”

 

কেতিয়াবা তুমি কবলৈ চেষ্টা কৰা,
টাবটোত বহি লোৱা, চিগাৰেট
জ্বলোৱা
, আৰু জ্বৰীয়া মানুহৰ দৰে কৈ যোৱা । “তুমিও জানো তেনেকৈ
নাভাবা
? এই ধৰণৰ অস্বস্তিকৰ অৱস্থা, পৃথিৱীত
ভৰি দি থাকোতেই । জানানে তুমি
, মই যেতিয়া পানীৰ ভিতৰত
মূৰটো সুমোৱাই থাকো
, মই একোকে নুশুনো । কিন্তু
মই পৰিষ্কাৰকৈ দেখোঁ
………” এনেদৰে কৈ তুমি টাবটোত ডুব
মাৰিছিলা আৰু মোৰ পেটৰ অংশটোত
, মোৰ কৰঙনৰ মাজত চৰি
ফুৰিছিলা ।

 

আমি ঘূৰি যাবৰ দিনা ৰাতিপুৱা, তোমাক কতো
বিচাৰি পোৱা নগ
ল ।

মই ক্ষমাহে বিচাৰিছো,” তোমাৰ দেউতাই কৈছিল, “যেতিয়াৰ পৰা তাইৰ মাক………মানে, ঘটনাটো ঘটাৰ পাচৰে পৰাই,
তাই এনেকুৱা হৈ পৰিল, অলপ
বুজিব নোৱাৰা বিধৰ ।”

 

মোৰ মা-দেউতা দুয়ো সদায়েই দয়ালু,
আৰু সেয়ে লগে লগে কলে
যে তেওঁলোকে কথাটো বুজি পাইছে
, সেয়ে তাৰ বাবে ক্ষমাৰ
প্ৰশ্ন নুঠে। তাৰ পৰিবৰ্তে ক
লে যে তোমাৰ মা-দেউতা
শ্বিলঙলৈ আহিব লাগিব আৰু তোমাৰ মা-দেউতাই
  অহাৰ কথা দিলে; কিন্তু
তুমি আৰু তোমাৰ পৰিয়ালটো কোনোদিনেই নাহিল ।

 

আমাৰ ওভটনি যাত্ৰাত মই প্ৰায়ভাগ সময়তে মনে মনেই আছিলো । খিৰিকিৰে বাহিৰৰ অনন্য
শোভা চাই গৈছিলো। সকলোবোৰ বস্তু যেনে
,
চাপৰ চাল থকা ঘৰবোৰ, চকলাচকল
খেতিৰ পথাৰবোৰ
, হিচাব কৰিব নোৱাৰা দলঙবোৰ
যেন এখন পৰ্দাৰ ওপৰেদি সলনি হৈ গৈ আছে আৰু অদূৰত সকলোবোৰেই কাল্পনিক যেন লাগিছে।

 

লাহে লাহে আমি ওপৰলৈ উঠিবলৈ ধৰিলো । গাড়ীৰ ইঞ্জিনে শব্দেৰে জনালে তলৰ
উপত্যকাটো ক্ৰমান্বয়ে গভীৰ আৰু দ হৈ তললৈ নামি গৈছে । আমি বৰাপানীৰ সূৰ্য্যৰ পোহৰত
জিকমিক কৰি থকা হ্ৰদটোৰ নীলা পানীবোৰ পাৰ হলো আৰু মোৰ অনুভৱ হ

যেন এক বিশাল ৰিক্ততা
, যদিও লাহে লাহে নিগৰি 
পৰিছে, গোটেই
পৃথিৱীখন যেন হ্ৰদটোৰ দৰেই ফোঁপোলা হৈ পৰিছে।

 

শ্বিলঙখন আমি এৰি যাবৰ পৰত যেনেকুৱা  ঠাণ্ডা আৰু উত্তেজনাহীন হৈ আছিল তেনেদৰেই আছে
। মোৰ বিশ্বাসেই হোৱা নাই যে কিছুদিন ইয়াৰ পৰা আমি আঁতৰি আছিলো। একো বস্তুৰে যেন
সলনি হোৱা নাই।
  মোৰ
অন্তৰঙ্গ বান্ধৱী চাৰাই সন্ধিয়া ফোন কৰি জনালে যে মই এইকেইদিনত কি কি
মিচকৰিলো
তাক জনাবহি । আৰু ক
লে, 
যঁজা লৰা এযোৰৰ দুয়োটাৰে
সৈতে তাইৰ আকৰ্ষণ আৰম্ভ হৈছে
, কিন্তু ইটোৰ লগত সিটোৰ
ক্ষেত্ৰত
  তাইৰ
বৰ খেলিমেলি হয়। কোনোবা এটাই ৱাৰ্ড লেকৰ ওচৰত ছাতিৰ আঁৰ লৈ কোনোবাক চুমা খাইছিল
বোলে । জেচনে তাইৰ ঘূৰি অহালৈ আগ্ৰহেৰে বাট চাই আছে । উশাহ নোলোৱাকৈ ৰিপৰ্ট দিয়াৰ
পাচত উশাহ এটা টানি সুধিলে
,

আৰু তোমাৰ কথা কোৱাচোন ।
ছুটীৰ দিনকেইটাত কেনে এঞ্জয় কৰিলা
?”

 

মোৰ তোমালৈ মনত পৰিছিল । তোমাৰ হাত দুখন। তোমাৰ মুখখন । আৰু আমাৰ জীৱনৰ গোপন
সময়খিনি যিখিনি জাপি-কুছি থোৱা হ
ল ।

 

মই হ্ৰদটোলৈ যাওঁতে ডুবি গলো ।

 

তেনেকুৱা বিশেষ একো নাই অ।”

 

এতিয়া তোমাৰ কথা ভাবিলে মোৰ অনুভৱ হয়,
তিতি থকা বালিৰ কথা, দীঘল
দীঘল ঘাঁহবোৰৰ কথা
, তোমাৰ চিগাৰেটৰ গোন্ধটোৰ
কথা
, পানীৰ কাষৰ নাওঁ বান্ধি থোৱা ৰচীবোৰ আৰু নদীৰ পাৰৰ
প্ৰাণীবোৰৰ
  কথা
। তোমাৰ প্ৰাচীন দুখৰ দুৰ্গন্ধৰ কথা ।

 

মই কল্পনা কৰো, তুমি
ৰৈ আছা সেইদৰেই যিদৰে তোমাক প্ৰথম বাৰৰ বাবে লগ পাইছিলো
, ৰৈ
আছা কাৰোবালৈ
, যি তোমাক বাট দেখুৱাই লৈ
যাব
, আৰু 
সকলো নদীবোৰ আহি শেষ হয়
, তালৈ……সাগৰলৈ ।

 

উৎসঃ BOATS ON LAND


লেখক পৰিচিতিঃ  জেনিচ পাৰিয়াট এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ লিখক সকলৰ ভিতৰত
অন্যতম লেখক। তেওঁৰ জন্ম অসমৰ যোৰহাটত আৰু ডাঙৰ দীঘল হৈছিল শ্বিলঙত।
 
Boats on land
চুটিগল্প
সংকলনখন তেওঁৰ প্ৰথম গ্ৰন্থ যদিও পাচলৈ
  Seahorse, The nine
chambered heart
ইত্যাদি
কেইবাখনো কিতাপ প্ৰকাশ হৈছে।

Boats on land কিতাপখনে ২০১৩ চনত সাহিত্য
অকাডেমি য়ং ৰাইটাৰ্চ সন্মান
  আৰু
ক্ৰছৱৰ্ড বুক পুৰষ্কাৰ লাভ কৰিছে।

 

Popular Post

ঐতিহাসিক চিঠি