গল্পঃ ভেৰোণাৰ দুজন ভদ্ৰলোক/ এ জে ক্ৰণিন

Posted by : translatorsassam
July 15, 2020

ভেৰোণাৰ দুজন
ভদ্ৰলোক (Two Gentlemen of Verona )
মূল (ইংৰাজী)
: এ জে ক্ৰণিন
অনুবাদ : ডা° বিপুল কুমাৰ বৰুৱা



আল্পস পৰ্বতৰ
পাদদেশেৰে গাড়ীৰে আহি থাকোঁতে ভেৰোণা চহৰৰ সীমামূৰিয়লিত দুটি কণ কণ ল’ৰাই আমাক ৰখালে
৷ সিহঁতে বন বগৰী বেচি আছিল ৷ আমাৰ সিয়ান ড্ৰাইভাৰ লুইগিয়ে সাৱধান কৰি দিলেই নহয়
-“ নিকিনিব, নিকিনিব ৷ ভেৰোণাত গৈ আমি ইয়াতকৈ বহুগুণে ভাল ফলমূল পাম ৷ তদুপৰি এই ল’ৰাবোৰ….”


সি কান্ধ জোকাৰি সিহঁত দুটাৰ জধলামধলা ৰূপটো চাই সিহঁতক হেয়জ্ঞান কৰিব খুজিছে তাকে
বুজাব বিচাৰিছিল ৷
ল’ৰা দুটাৰ এটাই পিন্ধিছে এটা পুৰণা উৱলি যোৱা জাৰ্চী আৰু খাকী পেণ্ট ৷ আনটোৱে আক’
এটা কোচমোচ খোৱা সৈনিকৰ চোলা পিন্ধিছে ৷ তাৰ খীণ গাটোত সেইটো বৰ ঢিলা লাগিছে ৷ তথাপি
কণমানি দুটিৰ মাগুৰবৰণীয়া ছালৰ , জুতুলাচুলীয়া আৰু কৌতূহলদীপ্ত চকুহাললৈ চাই আমি আচৰিতভাবে
ল’ৰা দুটাৰ প্ৰতি বেছ আকৃষ্ট হৈ পৰিলোঁ ৷
মোৰ সংগীজনে ল’ৰাদুটিৰে কথা-বতৰা পাতি আৱিষ্কাৰ কৰিল যে সিহঁত দুটি সহোদৰ ৷ নিকোলা
মানে ককায়েকটো তেৰবছৰীয়া ; জেক’প’ ভায়েক যিটো গাড়ীৰ দৰ্জাৰ হেণ্ডেলৰ নিচেই কাষত তাৰ
বয়স প্ৰায় বাৰ বছৰ ৷ সিহঁতৰ বনবগৰীৰ আটাইতকৈ ডাঙৰ পাছিটোকে আমি কিনিলোঁ আৰু তাৰ পিচত
নগৰাভিমূখে ৰাওনা হ’লোঁ ৷


পাচদিনা হোটেলৰ পৰা ওলাওঁতে আমাৰ চকুত পৰিল – আমাৰ নতুন বান্ধৈ দুটিয়ে দেখোন পাব্লিক
স্কোৱেৰৰ ফুৱাঁৰাটোৰ কাষতে জোটা পালিচ কৰা বাকচ দুটি লৈ তলমূৰকৈ নিজৰ কণমানি ব্যৱসায়টিত
মনপুতি লাগি আছে ৷
কেইমিনিটমান আমি তাহাঁতকে চাই থাকিলোঁ ৷ আৰু অৱশেষত যেতিয়া সিহঁতৰ ব্যৱসায় চেৰেমা পৰিল
তেহে কাষ চাপিলোঁহি ৷ গালেমুখে বন্ধুত্বৰ জেউতি বিৰিঙাই দুয়োটাই আমাক সাদৰেৰে সম্ভাষণ
জনালে ৷


“ মইতো ভাবিছিলোঁ তোমালোকে ফলমূল বেচি বুটলিয়েই পেট প্ৰৱৰ্তোৱা ” – মই অৱগত কৰালোঁ

“ আমি দুটাই আৰু বহুত কিবাই কৰোঁ , চাৰ ! ” – নিকোলাই বেছ গম্ভীৰভাৱে ক’লে ৷
সি আমালৈ বহু প্ৰত্যাশাৰে চাই আছিল ৷ ক’লে – “ আমি প্ৰায়ে নগৰলৈ ফুৰিবলৈ অহা আলহীসকলক
জুলিয়েটৰ সমাধিয়েই হওক আন কোনো চাবলগীয়া ঠায়েই হওক বাট দেখুৱাই লৈ যাওঁ ৷”
“ ঠিক আছে ; আমাক তোমালোকেই লৈ ব’লা ৷”


আমি ফুৰাচকা কৰি থাকোঁতে সিহঁত দুটাৰ স্বভাৱসুলভ নম্ৰতাই মনত সাঁচ বহুৱাইছিল ৷ সিহঁতৰ
প্ৰতি থকা আগ্ৰহ সিহঁতৰ সুশীলতাই দুগুণে চৰালে ৷ এনেয়েতো দুয়োটা ল’ৰামতীয়াই দিয়কচোন
৷ পিচে বহুক্ষেত্ৰত বৰ নিৰ্জ্জু অকপট, ধূৰ্তালিৰ নামগোন্ধ নাই ৷ জেক’প’টি পিচে এটা
ৰঙীয়াল কেৰ্কেটুৱাৰ দৰে ৷ নিকোলাৰ মুখত মিচিকনি আৰু সি সদাব্যস্ত ৷ ল’ৰাদুটাৰ বালসুলভ
মুখমণ্ডলত এক গভীৰ চিন্তামেঘৰ ছায়া বিৰাজমান যি সিহঁতৰ বয়সক বহুদূৰ পিচ পেলাই ক’ৰবা
পাইছেগৈ ৷


আমাক বোলে এপেকেট মাৰ্কিন চিগাৰেট লগা হ’ল , নাই বোলে অপেৰা চাবৰ মন টিকটৰ দৰকাৰ পৰিল
, বোলে ভাল ৰেষ্টুৰাঁ ইয়াত কোন কেইখননো – এই সমস্ত তাগিদাক নিৰ্ভৰযোগ্যভাবে পূৰ কৰিবলৈ
নিকোলা আৰু জেক’প’ৰ ওপৰত আমি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰিছিলোঁ ৷ আমি যে ইহঁত দুটিৰ ওপৰত
এনেদৰে লেকেটা লাগি ধৰিলোঁ তাৰ গুৰিতে হ’লগৈ দুয়োটাৰে কামৰ প্ৰতি থকা নিৰৱিশ্চিন্ন
ধাউতি ৷ এই ঘামকালি প্ৰখৰ ৰ’দত সিহঁতে জোতা পালিছ কৰে, ফলমূল বেচে, খবৰ-কাকত বিলি কৰে
আৰু পৰ্যটকৰ পৰিচালনা কৰে নগৰৰ ইমূৰৰ পৰা সিমূৰলৈ টাকুৰী ঘূৰাদি ঘূৰি ঘূৰি ৷ আকৌ কিবা
লাগ বুলিলে দৌৰোঁতা সিহঁতেই ৷


এনিশা আমি সিহঁত দুটাক বতাহে কোবাই থকা এক এৰাপৰলীয়া স্কোৱাৰত শিলেৰে বন্ধা পদপথৰ লাইটপোষ্টৰ
তলত জিৰাই শঁতাই থকাত পালোঁগৈ ৷ নিকোলা অৱশ্যে পোন হৈ বহিয়েই আছিল ৷ দেখাতেই বেছ ভাগৰুৱা
সি ৷ তাৰ ভৰিৰ কাষত বেচ নোযোৱা বাতৰি কাকতৰ নুৰা ৷ ককায়েকৰ কান্ধতে মূৰ থৈ জেক’প’ টোপনিত
লালকাল ৷ তেতিয়া প্ৰায় মাজনিশাই বুলি ধৰক ৷


–“ তোমালোকেনো এই দোভাগ নিশা কিয় বাহিৰ ওলাই আহিলা, নিকোলা? ”
–“ পাদুৱাৰ পৰা আহিবলগা শেষ বাচখনলৈকে বাট চাই আছোঁ ৷ সেইখন পালেহিয়েই আৰু এই বাকী
ৰোৱা খবৰ কাকত কেইখন বেচি অঁটাম ৷ ”
–“ তোমালোক দুটাই সঁচাকৈয়ে বৰ কষ্ট কৰাহে ! দুখে ভাগৰে দুয়োটাকে যি দেখিছোঁ লেবেজান
কৰি পেলাইছে ৷”
–“ এই অভিযোগ আমি কৰা নাই নহয় চাৰ! ”


পিচে পিচদিনাৰ
পুৱাই যেতিয়া মন ফোঁৱাৰাৰ পাৰত মোৰ জোতাযোৰ পালিচ কৰোৱাবলৈ গ’লোঁ তাক কৈয়ে পেলালোঁ
নহয় ৷ “ নিকোলা তুমি আৰু জেক’প’ই যিটো ধৰণেৰে কাম কৰা তোমালোকেতো বেছ বুজন অংকৰ উপাৰ্জন
কৰিব লাগে ৷ তোমালোকৰ পিন্ধন উৰণত খৰচা বুলিবলৈ একোৱেই নাই ৷ খোৱাওনো কি? যেতিয়াই দেখোঁ
সেই ক’লা পাওৰুটী আৰু ডিমৰু কামোৰাতে পাওঁ ৷ এতিয়া মোক কোৱাচোন টকাসোপাৰ তোমালোকে কৰাইনো
কি? ”
এনেয়ে সি ৰ’দত ৰঙাচিঙা পৰি আছিল- এতিয়া পিচে সি একেবাৰে শেঁতা পৰিল ৷ মজিয়ালৈকে তলমুৱাকৈ
চাই ৰ’ল ৷


–“ মোৰ লাগিছে তোমালোক দুটাই আমেৰিকালৈ প্ৰব্ৰজন কৰিবলৈকে টকা সঁচাত উঠিপৰি লাগিছা
৷” অলপ পৰামৰ্শৰ সুৰতে ক’লোঁ ৷ সি মোলৈ কেৰাহিকৈ চালে আৰু কিবা এটা ক’বলৈ চেষ্টা
কৰিলে ৷
-“ যুক্তৰাষ্ট্ৰ ; তালৈ যাবলৈ পালেতো বৰ ভাল পাম ৷ পিচে ইয়াত বহুত আন কামৰ পৰিকল্পনা
আছে চাৰ ৷ ”
– “ কি কি পৰিকল্পনা বা ? ”
অসমঞ্জস স্থিতিত পৰিও সি মিচিকিয়ালে
-“ মাত্ৰ পৰিকল্পনা আৰু ! ” এনেকৈ কওঁতে তাৰ মাতষাৰ তেনেই সৰু হৈ পৰিছিল ৷
-“ বাৰু তেনে ” মই ক’লোঁ – “ আমি অহা সোমবাৰে পিচে ভেৰোণা এৰিমহঁক দেই ৷ আমি যোৱাৰ
আগতে তোমালোক দুটাৰ বাবে আমি কৰিব পৰা কিবা কাম আছে নেকি কোৱাচোন ৷ ”
নিকোলাই মূৰ জোকাৰিলে ৷ কিন্তু জেক’প’ই মাত দিলে – “ চাৰ!” উৎফুল্লিত কণ্ঠেৰে ক’লে
– “ প্ৰতি দেওবাৰে আমি গাঁৱলৈ মানে প’লেটালৈ যাওঁ ৷ ইয়াৰ পৰা ৩০ কিলোমিটাৰ হ’ব ৷ সাধাৰণতে
আমি চাইকেল ভাড়ালৈ লওঁ ৷ কিন্তু কাইলৈ – যিহেতু আপুনি ইমান মৰমীয়াল – আপুনি নিশ্চয়
আমাক গাড়ীৰে পঠিয়াই দিব ৷”
মই আক’ লুইগিক ইতিমধ্যে ক’লোঁৱেই – দেওবাৰে ছুটী ল’ব বিচৰা যদি লৈ লোৱাঁ ৷ তথাপি মই
ক’লোঁ – “ মই নিজেই গাড়ী চলাই তোমালোকক লৈ যাম দিয়া ৷”
কিছুপৰ নিমাত নিতাল হৈ ৰ’ল ৷ নিকোলাৰ ভায়েকৰ ওপৰত খং ৷ কপাল কোঁচাই তালৈ গোঙোৰাকৈ চালে
– কি যে ল’ৰা! ক’লে – “ বেয়া নাপাব চাৰ ৷ আপোনাক কষ্ট দিয়াৰ কথা আমি আচলতে ভাবিবই নোৱাৰোঁ
৷ ”
-“ একো কষ্ট নহয়হে !” মই ক’লোঁ ৷
নিকোলাই ওঁঠ দুটি কামুৰিলে আৰু তাৰ পাচত টনকিয়াল মাতেৰে ক’লে – “ বৰ ভাল লাগিব ৷”


পিচদিনা
আবেলি পৰত আমি পাহাৰৰ ওখ টিঙনাত থকা সৰু গাঁও এখনলৈ বুলি ৰাওনা হ’লোঁ ৷ মই আক’ মনতে
ভাবিগুণি আছিলোঁ যে আমাৰ গন্তব্যস্থান নিচেই সাধাৰণ দুখীয়া নিচলাৰ নিৰলা ঠাই এখন হ’ব
আৰু ৷ কিন্তু জেক’প’ই দিয়া নিৰ্দেশ অনুসৰি মটৰগাড়ী চলাই আহি পালোঁহি ওখ শিলৰ দেৱালেৰে
আগুৰা ৰঙা ৰং কৰা চাল মূধচৰ বিয়াগোম বিয়াগোম পকীঘৰ থকা এখন আধুনিক ভিলাহে ৷ মই নিজৰ
চকুহালকে বিশ্বাস কৰিব পৰা নাছিলোঁ ৷ পিচে আশ্চৰ্যত উশাহকে সলাবৰ তঁত নৌ পাওঁতেই মোৰ
মটৰৰ যাত্ৰী দুজনাই লাফ মাৰি নামিলেই নহয় !
– “ আমি ইয়াত বেছি পৰ নকৰোঁ,চাৰ ৷ বৰ বেছি হ’লেও এঘণ্টা মাত্ৰ ৷ আপোনাৰ যদি কিবা পানীয়
লোৱাৰ ইচ্ছা আছে অলপ আগলৈ গৈ গাঁৱৰ কোনো কেফেটেৰিয়াত সোমাব পাৰে ৷” কথাকেইষাৰ কৈয়েই
দেৱালৰ একোণত ল’ৰা দুটি অন্তৰ্ধান হোৱাদি মোৰ চকুৰ আঁতৰ হ’ল ৷


কেইমিনিটমানৰ পাচতহে যেনিবা ল’ৰা দুটা যোৱাৰ দিশতে সিহঁতৰ পিচ লোৱাদি ময়ো গাড়ীখন তাতে
থৈ খোজ ল’লোঁ ৷ এখন গ্ৰীল লগোৱা প্ৰৱেশ পথ একাষে চকুত পৰাত সেইমোৱা হ’লোঁ ৷ আৰু এটা
ভৱনৰ দুৱাৰডলিত উঠি মন দৃঢ় কৰি কলিংবেলটো বজালোঁ ৷ কাণিদুৱৰীকৈ এখন মুখ দেখা পালোঁ
৷ ষ্টীলৰ ফ্ৰেমৰ চশমা পৰিহিত এগৰাকী তিৰোতা ৷ তাৰ পাচত তেওঁক পূৰাকৈ দেখা পাই মই চকু
থৰেই হৈছিল ৷ বগা ইউনিফৰ্ম পৰিহিত এগৰাকী প্ৰশিক্ষিত ধাত্ৰী দেখোন ৷
মই ক’লোঁ – “ এইমাত্ৰ মই দুজন সৰু ল’ৰাক ইয়ালৈ লৈ আনিছোঁ ৷”


– “ অ’ হয় নেকি? ” ধাত্ৰী গৰাকীৰ মুখমণ্ডল উদ্ভাসিত হৈ উঠিছিল ৷ দুৱাৰখন ভালকৈ মেলি
মোক প্ৰৱেশ কৰিব দিলে ভিতৰচ’ৰালৈ ৷ ক’লে -“নিকোলা আৰু জেক’প’ নহয়নে ? ৰ’ব দেই মই আপোনাক
তালৈকে লৈ যাওঁ , ব’লক ৷”
তেওঁ মোক টাইল লগোৱা চেঁচা দীঘলী বাট এটাৰে চিকিৎসালয়লৈ লৈ গ’ল ৷ চিকিৎসালয়খনৰ বাবেই
বোধকৰোঁ এই ভিলাখন ইয়াত গঢ় লৈ উঠিল ৷ এটা সৰু কিউবিকলৰ দুৱাৰমুখত ধাত্ৰীগৰাকী থমকি
ৰ’ল ৷ তেওঁ ওঁঠত আঙুলি থৈ মিচিকিয়াই মোক আইনাৰ বেৰখনেৰে ভিতৰলৈ চাবলৈ ইংগিত দিলে ৷


ল’ৰা দুটা এজনী প্ৰায় কুৰিবছৰীয়া ছোৱালীৰ বিচনাৰ কাষতে বহি আছে ৷ তাই আউজাই থোৱা গাৰুত
হেলান লৈ বহি আছে ৷ পিন্ধনত এটা লেইচ লগোৱা জেকেট চোলা ৷ সিহঁতৰ কথা বতৰাবোৰলৈ কাণ
দিওঁতে তাইৰ আজলী চকুহাল যেন সেমেকি উঠিছে ৷ তাই যে সিহঁত দুটাৰ সহোদৰা বায়েকেই হ’ব
সিহঁতৰ চেহেৰাৰ মিল চায়েই যিকোনো মানুহে অনায়াসে ক’ব পাৰিব ৷ বনৰীয়া ফুলেৰে সজোৱা এটি
ফুলদানী তাইৰ মেজত দেখা গৈছে ৷ কাষতে এখন থালত অলপ ফলমূলো আছে ৷ খনচেৰেক কিতাপো আছে


-“ আপুনি ভিতৰলৈ যাব নেকি? ” ধাত্ৰীগৰাকীয়ে লাহেকৈ সুধিলে ৷ আকৌ ক’লে -“ আপোনাক লগ
পালে লুছিয়াই বৰ ভাল পাব ৷”
মই মূৰ জোকাৰি মানা কৰিলোঁ আৰু তাৰ পৰা আঁতৰি আহিলোঁ ৷ মোৰ এনেকুৱা উপলব্ধি হৈছিল যে
পৰিয়াল এটিৰ এনে সুখৰ মেলত মই অনাহুতই অনধিকাৰ সোমাই পৰাটো মোৰ নিজৰে বাবে অসহনীয় হ’ব
৷ কিন্তু খটখটীৰ শেষৰটো খোজ পেলায়ে আকৌ ওভতি আহিলোঁ আৰু ধাত্ৰীগৰাকীক খাটিলোঁ যাতে
ল’ৰা দুটাৰ বিষয়ে তেওঁ লাগে যি অলপেই জানে তাৰে যেন মোক অৱগত কৰায় ৷


তেওঁ বৰ আগ্ৰহেৰে মোক কৈ গ’ল ৷ তেওঁ ব্যাখ্যা কৰিলে সহমৰ্মিতাৰে ৷ “ ল’ৰা দুটি এই পৃথিৱীত
তেনেই নিথৰুৱা ৷ হয়, কোনোৱেই নাই – আপোন বুলিবলৈ এই একেজনী মাথোন বায়েক – লুছিয়া ৷
বিপত্নীক আছিল সিহঁতৰ নামজ্বলা গায়ক সৈনিক দেউতাক ৷ যুদ্ধৰ প্ৰথমছোৱাতে তেখেত নিহত
হ’ল ৷ মাত্ৰ কেইটামান দিনৰ পাচতে এক বোমা বিষ্ফোৰণত সিহঁতৰ ঘৰটোও বিধ্বস্ত হ’ল আৰু
এই তিনিটা প্ৰাণী অঘৰী হৈ পৰিল ৷ পূৰ্বে সিহঁতে সুখ সুবিধাৰে ভৰা সংস্কৃতিবান জীৱন
নিৰ্বাহ কৰিছিল ৷ পিতাকৰ দৰেই সংগীত সাধনাৰে জীয়াৰী লুছিয়া ভাল গায়িকা হৈ উঠিছিল ৷
আৰু তাৰ পাচত সিহঁতৰ জীৱন ইমানেই কষ্টকৰ হৈ পৰিল যে কেতিয়াবা খাবলৈ খুদকণ এটিও নাপায়
বা গোটাব নোৱাৰে ৷ হাড় কঁপোৱা শীতকালত ঠাণ্ডাত সিহঁত পেঁপুৱা লাগে ৷ ভগাছিগা বস্তুৰে
সিহঁতে কোনোমতে ঘৰ বুলি কোনোমতে সাজি লোৱা আশ্ৰয়থলীত সিহঁতে কোনোমতে জীউ কেইটা বচাই
থাকিল ৷ তাতে আকৌ এই নগৰ জাৰ্মানৰ কবললৈ গ’ল ৷ ডাঙৰ হৈ আহিল মানে ইহঁত দুটাৰ জাৰ্মান
শাসকগোষ্ঠীলৈ ঘৃণাৰ ভাবো ডাঙৰ হ’ল ৷ যেতিয়া গোপন প্ৰতিবাদী প্ৰতিদ্বন্দ্বী আন্দোলন
গঢ় লৈ উঠিল ইহঁত দুটায়ো তাত যোগদান কৰিবলৈ গ’লগৈ ৷ শেহত যুঁজৰ ওৰ পৰিল আৰু আমি শান্তি
ঘূৰাই পালোঁ ৷ ইহঁত দুটাই ঘূৰি আহি পালেহি চেনেহৰ বায়েকৰ ৰাজহাড়ত যক্ষ্মা হৈছে ৷ সিহঁতে
বাৰু বায়েকৰ আশাই এৰি দিছিল নেকি? এনে প্ৰশ্নই নুঠিল বা মই কাকো উত্তৰ দিবলৈও নহ’ল
৷ সিহঁত দুটাই মৰমৰ বায়েকজনীক ইয়ালৈ আনিল ৷ আমাৰ হাতেভৰিয়ে ধৰিলে যেনে তেনে লুছিয়াক
যেন আমাৰ হস্পিতালত ভৰ্তি কৰাওঁ ৷ আৰু আজি বাৰ মাহ ধৰি তাই আমাৰ ৰোগী ৷ আৰু তাই আৰোগ্যৰ
পথতো ৷ তাই যে এদিন খোজকাঢ়িব, আগৰ দৰে গান গাব সেইবোৰ সম্ভাৱনা প্ৰখৰ হৈ আহিছে ৷ সঁচাকৈ
আজিকালি প্ৰতিটো ক্ষেত্ৰতে কিমান যে কঠিনতা ! খোৱাবস্তু নোহোৱা হৈ আহিল ৷ যি আছে তাৰো
জুইছাই দাম ৷ আৰু আজি আমি ৰোগীৰ পৰা মাচুল আদায় নকৰিলে হস্পিতাল চলাবৰে টনাটনি হয় ৷
কিন্তু প্ৰতি সপ্তাহে নিয়মীয়াকৈ লুছিয়াৰ ফীজ তাইৰ এই সোণামুৱা ভায়েক দুটাই জমা কৰে
দেই ৷ ”


বৰ সৰলতাৰে ধাত্ৰীগৰাকীয়ে আকৌ ক’লে – “ নাজানো ইহঁত দুটাইনো ক’লৈ গৈ কি কৰে ৷ মই পিচে
সেইবোৰ উকটিও নুফুৰোঁ ৷ ভেৰোণাত দেখোন কাম পাবলৈ নায়েই ৷ কিন্তু সি যি কি নহওক মই জানো
ইহঁতে এইটো ভাল কাম কৰিছে ৷ ”
– “ হয় দেই !” মই শলাগ ল’লোঁ আৰু ক’লোঁ – “ ইহঁতে এইটো বৰ ভালকৈ কৰিছে ; ইয়াতকৈ আৰু
কৰিব নোৱাৰে ৷”


ল’ৰা দুটিয়ে মোক পুনৰাই লগ কৰালৈকে মই সিহঁতলৈ বাহিৰতে বাট চালোঁ ৷ তাৰ পাচত পুনৰ নগৰলৈ
বুলি মটৰতে তুলি আনিলোঁ ৷ মোৰ কাষতে বহিছে অথচ সিহঁত নিমাত ৷ মোৰ ফালৰ পৰাও কোনো কথা
নুলিয়ালোঁ ৷ মই জানিছিলোঁ সিহঁতে সিহঁতৰ এইকণ গোপনীয়তা মোৰ পৰা নিৰাপদে থাকক তাকে মনেপ্ৰাণে
বিচাৰে ৷ এইয়াও সত্য যে সিহঁতৰ এই তপস্যোপম সদ্ভাৱণা আৰু কৰ্তব্যনিষ্ঠাই মোৰ অন্তৰৰ
নিভৃত অতল স্পৰ্শ কৰি আছে ৷ যুদ্ধই সিহঁতৰ আত্মিক উদ্যমৰ সৌধ ভাঙিব নোৱাৰিল ৷ সিহঁতৰ
নিস্বাৰ্থ কৰ্মই মনুষ্যত্বলৈ ভদ্ৰতাৰ নিভাঁজ সংজ্ঞা এটি উপহাৰ দিলে ৷ ই মানৱ সমাজৰ
মাজলৈ এক বিৰাট আশাৰ প্ৰতিশ্ৰুতি ৷

Popular Post

ঐতিহাসিক চিঠি