গল্পঃ ভাৰতবৰ্ষ / এছ ওৱাজেদ আলি

Posted by : translatorsassam
May 25, 2020
 ভাৰতবৰ্ষ

 মূল বাংলা: এছ ওৱাজেদ আলি
 অসমীয়া অনুবাদ: মিণ্টুল হাজৰিকা
       পঁছিশ বছৰ আগত এবাৰ মই কলিকতালৈ
গৈছিলোঁ৷ তেতিয়া মোৰ বয়স ১০-১১ বছৰ হ
ব৷ মই থকা ঘৰৰ
ওচৰত এখন গেলামালৰ দোকান আছিল৷ তাৰ ওচৰেদি মোৰ অহা-যোৱা চলিছিল৷ সেই গেলামাল দোকানখনত
বুঢ়া মানুহ এজনে গদিত বহি প্ৰকাণ্ড এখন কিতাপ সুৰ লগাই পঢ়ি আছিল৷ বুঢ়া মানুহজনৰ মূৰটোৰ
মাজভাগ আছিল টকলা আৰু চাৰিওপিনে ধকধকীয়া বগা চুলি৷ নাকৰ ওপৰত ৰূপৰ ডাঠ ফ্ৰেমৰ ছচমা৷মুখমণ্ডল
গভীৰ প্ৰশান্তিত জিলিকি আছিল৷ দেখিবলৈ জ্ঞানী মানুহৰ দৰে চেহেৰা৷ এজন মধ্য বয়সীয়া মানুহ
মাজে মাজে আহি বুঢ়া মানুহজনৰ ওচৰত বহি পাঠ শুনিছিল আৰু গ্ৰাহক আহিলে উঠে গৈ তেওঁলোকৰ
লগত কথা বতৰা পাতিছিল৷ মোৰ বয়সৰ এজন ল
ৰা , উদং গাৰেৰে বুঢ়া মানুহজনৰ ওচৰত অনবৰতে বহি আছিল আৰু তাৰ ওচৰত
বহি আছিল দুজনী ছোৱালী৷ বিশেষ আগ্ৰহেৰে সিহঁতে সেই পাঠ শুনি আছিল৷ সিহঁতৰ মুখ দেখি
ভাব হৈছিল বিষয়টোৱে সিহঁতক বৰকৈ আকৰ্ষণ কৰিছে৷
বুঢ়া মানুহজনে
কি পঢ়িছে জানিবলৈ মোৰ বৰ আগ্ৰহ উপজিছিল৷ ঘৰৰ পৰা ওলাই মই গেলামাল দোকানখনৰ সন্মুখত
থিয় হৈ শুনিবলৈ আৰম্ভ কৰিলোঁ৷ ৰামচন্দ্ৰই কেনেদৰে বান্দৰ সেনাৰ সহায়ত সাগৰৰ ওপৰত সেঁতু
নিৰ্মাণ কৰিছিল
, সেয়া মই শুনিছিলোঁ৷ ৰামচন্দ্ৰই সেঁতু
পাৰ হৈছিল নে নাই
, যেনিবা পাৰ হৈয়ে কি
কৰিছিল
,
সেয়া মই শুনিবলৈ পোৱা 
নাছিলোঁ৷
দুই চাৰি বছৰমান
পিছত মই ঘৰলৈ উভতি গ
লোঁ৷ তাৰপিছত কৰ পৰা কলৈ গলোঁ , তাৰ কোনো ঠিকনা নাই৷
পৰিৱৰ্তনৰ ক
তো ধুমুহা মোৰ মূৰৰ ওপৰেদি পাৰ হৈ গল৷ সেই বুঢ়া মানুহজন আৰু তেওঁৰ সন্তান-সন্ততিৰ নিৰীহ শান্ত জীৱনৰ
ছবিখন  হৃদয়ৰ নিভৃত কোণত কোন কাহানিবাই হেৰাই
থাকিল৷ সিহঁতৰ অস্তিত্বৰ কথা মই পাহৰি গ
লোঁ৷ এনেকুৱা
শ শ বস্তুৰ অস্তিত্ব আমি পাহৰি থাকোঁ৷
সৌ সিদিনাখন
ফুৰোঁতে ফুৰোঁতে আকৌ সেই বাটেৰে গৈ আছিলোঁ৷ ঘৰ-দুৱাৰ সকলো সলনি হৈ গৈছিল৷আগতে য
ত ঘৰ আছিল, এতিয়া তাত বৃহৎ বৃহৎ
আকাৰৰ আট্টালিকাই মূৰ দাঙি থিয় হৈ আছে৷আগতে দুই চাৰিখন ৰিক্সা আৰু ঘোঁৰাৰ গাড়ী সেই
বাটেৰে আহ-যাহ কৰিছিল
; এতিয়া ইঞ্জিনচালিত গাড়ী
অনবৰতে অহা-যোৱা কৰি আছে৷ আগতে ঢিমিকঢামাককৈ গেছৰ লাইট জ্বলিছিল
;এতিয়া ইলেকট্ৰিক লাইটৰ পোহৰে সেই ঠাই দিনৰ দৰে উজলাই তুলিছে৷
মই সময়ৰ পৰিৱৰ্তনৰ কথা মনত পাগুলি আছোঁ
, এনেতে হঠাৎ মোৰ চকু পৰিল সেই পুৰণি গেলামাল দোকানখনৰ ওপৰত ৷ যত কোনো পৰিৱৰ্তনৰ আচোঁৰ পৰা পৰিলক্ষিত হোৱা নাই৷ বস্তু-বাহানিবোৰ
আগৰ দৰে সজাই থোৱা আছে৷চালৰপৰা এতিয়াও কেৰাচিন তেলৰ এটা চাকি ওলমি আছে৷ বোধহয় সেই পঁছিশ
বছৰৰ আগৰ চাকিটো!
ভিতৰৰ দৃশ্য
দেখি মই স্তম্ভিত হৈ পৰিলোঁ৷ পঁছিশ বছৰ আগত যিজন বুঢ়া মানুহক দেখা পাইছিলোঁ
, ঠিক তেওঁৰ দৰে এজন বুঢ়া মানুহে গদিৰ ওপৰত বহি প্ৰকাণ্ড এখন কিতাপ
সুৰ লগাই পঢ়ি আছে৷ পঁচিশ বছৰ আগৰ সে মধ্যবয়সীয়া মানুহজনৰ দৰে এজন মধ্যবয়সীয়া মানুহ
এবাৰ এবাৰ আহি সেই পাঠ শুনিছিল আৰু আৱশ্যক অনুযায়ী গ্ৰাহকসকলৰ লগত কথা পাতিছিল৷ ঠিক
আগৰ ল
ৰাটোৰ দৰে এজন লৰা, উদং গাৰে বুঢ়া মানুহজনৰ মুখৰ পিনে চাই আছিল৷ তেওঁৰ কাষত বহি
আছিল আগৰ ছোৱালীকেইজনীৰ দৰে দুজনী ছোৱালী৷
কোনো মায়া মন্ত্ৰৰ
বলত সেই সুদূৰ অতীত আকৌ উভতি আহিল নেকি
? মই বিস্ময়ত অভিভূত হৈ থিয় দি শুনিবলৈ ধৰিলোঁ৷ বুঢ়া মানুহজনে পঢ়ি আছিল ৰামচন্দ্ৰৰ
সেই সেঁতু নিৰ্মাণৰ কথা
; পঁচিশ বছৰ আগত যি যি
শুনিছিলোঁ৷
মই আৰু ৰৈ থাকিব
পৰা নাছিলোঁ
; পোনে পোনে বুঢ়া মানুহজনৰ ওচৰলৈ গৈ কলোঁ, “ মহাশয়, ক্ষমা কৰিব৷ আজিৰ পৰা ঠিক পঁচিশ বছৰ আগত মই এই লৰা-ছোৱালীকেইজনৰ সন্মুখত আপোনাক এই কিতাপখন পঢ়ি থকা দেখিছিলোঁ৷
এই সুদীৰ্ঘকালছোৱাত তেওঁলোকৰ  শাৰীৰিক বৃদ্ধি
হোৱা নাই নেকি
? ৰামচন্দ্ৰ এতিয়াও সেই সেঁত নিৰ্মাণৰ কামত
ব্যস্ত হৈ আছে নেকি
বুঢ়া মানুহজনে
পঢ়াৰ পৰা তেওঁৰ চকুহাল ওপৰলৈ তুলি এবাৰ মোৰ ফালে চালে৷ নাকৰ ওপৰৰ পৰা চছমাযোৰ খুলি
ধূতিৰ আঁচলেৰে আইনা দুখন ভালদৰে চাফা কৰি আকৌ পিন্ধি ল
লে৷ ধীৰ-গম্ভীৰ দৃষ্টিৰে মোক ভৰিৰ পৰা মূৰলৈ এবাৰ নিৰীক্ষণ কৰিলে;তাৰ পিছত বিস্ময়ভাৱে কলে, “পঁচিশ বছৰ আগত আপুনি এইফালেদি গৈছিল?” মই কলোঁ, “হয়৷ বুঢ়ামানুহজনে কলে, “তেনেহলে আপুনি মোৰ স্বৰ্গীয় পিতামহাশয়ক এই ৰামায়ণ পঢ়ি থকা দেখা পাইছিল
৷ মোৰ ল
ৰা-ছোৱালীকেইজনে তেওঁৰ কাষত বহি পাঠ শুনিছিল৷ লৰাজন সেইজন, এতিয়া ডাঙৰ হৈছে৷ তাৰ বয়স আপোনাৰ সমান হব৷ ছোৱালীকেইজনীৰ
বিয়া হৈছে৷ ভগৱানৰ আশীৰ্বাদত তেওঁলোকে স্বামী-পুত্ৰ লৈ ঘৰ-সংসাৰ কৰিছে৷ এই ল
ৰাজন হৈছে মোৰ নাতিলৰা আৰু এই ছোৱালী
দুজনী মোৰ নাতিনী
; মোৰ সেই লৰাজনৰ সন্তান৷
বুঢ়া মানুহজনৰ
হাতত থকা কিতাপখনলৈ আঙুলিয়াই সুধিলোঁ
, “ এই কিতাপখন কেতিয়াৰ?”
মৃদু হাঁহি মাৰি
বুঢ়া মানুহজনে ক
লে, “ এইখন হৈছে কৃত্তিবাসৰ ৰামায়ণ৷ মোৰ আজোককাই বটতলায়ৰ পৰা এইখন
কিনি আনিছে ৷ সেয়া হৈছে বহু পুৰণি কথা
; মোৰ তেতিয়া জন্ম হোৱা নাই৷
বুঢ়া মানুহজনক
অভিবাদন জনাই দোকান ত্যাগ কৰিলোঁ৷ ভাব হ
, মই দিব্যচক্ষু পাইছোঁ! প্ৰকৃত ভাৰতবৰ্ষৰ নিখুঁত এখন ছবি মোৰ
দুচকুৰ সন্মুখত প্ৰতিফলিত হৈ উঠিল৷
সেই পৰম্পৰা এতিয়াও চলি আছে, তাৰ কোনো পৰিৱৰ্তন হোৱা
নাই৷

 গল্পকাৰৰ পৰিচয়ঃ এছ ওৱাজেদ আলী ( ১৮৯০-১৯৫১
) এগৰাকী প্ৰখ্যাত গল্পকাৰ আৰু প্ৰ
ৱন্ধকাৰ। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ
স্নাতক আৰু ইংলেণ্ডৰ পৰা বেৰিষ্টাৰী পৰীক্ষাত উত্তীৰ্ণ ওৱাজেদ আলীৰ কৰ্মজীৱন আৰম্ভ
হয় প্ৰেছিডেন্সী মেজিষ্ট্ৰেট হিচাপে আৰু ১৯৪৫চনত সুখ্যাতিৰে এই পদৰ পৰা তেওঁ অৱসৰ গ্ৰহণ
কৰে৷

সমকালীন সাহিত্য
আন্দোলনত ওৱাজেদ আলীৰ অৱদান আছিল উল্লেখনীয় ৷ তেওঁ বংগীয় মুছলমান সাহিত্য সমিতিৰ সভাপতি
নিৰ্বাচিত হৈছিল ৷ সমাজ আৰু ৰাষ্ট্ৰৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগী আছিল উদাৰ আৰু তেওৰঁ
ৰচনাৰাজিৰ মাজেৰে সকলো সময়তে হিন্দু মুছলমানৰ ঐক্যৰ ছবি প্ৰতিফলিত হৈছিল৷ তেওঁৰ চুটিগল্প
সমূহ ধৰ্মনিৰপেক্ষভাৱে ভাৰতীয় ঐতিহ্যৰ বাহক৷

ওৱাজেদ আলীয়ে
চুটিগল্পৰ উপৰিও উপন্যাস
, ভ্ৰমণকাহিনী, ৰম্যৰচনা আৰু তথ্য গধুৰ প্ৰৱন্ধ-পাতি লিখিছিল ৷ গুলদস্তা‘, ‘মাশুকেৰ দৰবাৰ‘, ‘ভাঙা বাঁশি‘, :গল্পেৰ মজলিস‘, ‘ভবিষ্যতেৰ বাঙালী ৰাষ্ট্ৰআৰু নাগৰিক প্ৰেমেৰ ধৰ্মইত্যাদি তেওঁৰ ৰচিত কেইখনমান উল্লেখযোগ্য  গ্ৰন্থ ৷
          বিঃদ্ৰঃ গল্পটি অচিতকুমাৰ বন্দ্যোপাধ্যায়
আৰু অজিতকুমাৰ ঘোষ সম্পাদিত আৰু সাহিত্য অকাডেমীয়ে প্ৰকাশ কৰা
বাংলা গল্প সংকলন নামৰ সংকলনটিৰ পৰা লোৱা হৈছে৷

Popular Post

ঐতিহাসিক চিঠি