গল্পঃ বাজী / এণ্টন চেখভ

Posted by : translatorsassam
September 26, 2020

বাজী

মূলঃ এণ্টন চেখভ

অনুবাদঃ যতীন্দ্ৰ চৌধুৰী

 

শৰৎ কালৰ এক গোমা নিশা। পোন্ধৰ বছৰ আগতে তেওঁ দিয়া এটা পাৰ্টীৰ কথা সুঁৱৰি, বয়সস্থ বেঙ্কাৰজনে,
নিজৰ পঢ়া
কোঠালিৰ ইটো চুকৰ পৰা সিটো চুকলৈ পায়চাৰি কৰি আছিল। বহুতো চতুৰ মানুহ পাৰ্টীটোত গোট
খাইছিল আৰু যথেষ্ট আকৰ্ষণীয় কথা বতৰাও চলিছিল। তেওঁলোকে আলোচনা কৰা বিষয় সমূহৰ এটা
আছিল মৃত্যুদণ্ড। অভ্যাগত সকলৰ মাজত ভালেকেইজন পণ্ডিত আৰু সাংবাদিকো আছিল আৰু তেওঁলোকৰ
সৰহ সংখ্যকে মৃত্যুদণ্ডৰ সপক্ষে নাছিল। তেওঁলোকৰ মতে ই আছিল এক আওপুৰণি শাস্তি যি কোনোমতেই
এখন খ্ৰ্ৰীষ্টিয়ান দেশত খাপ নাখায় আৰু অনৈতিকো আছিল। তেওঁলোকৰ কেইজনমানে মত পোষণ কৰিছিল
যে সৰ্ব্বত্ৰ মৃত্যুদণ্ডৰ সলনি
, যাৱজ্জীৱন কৰাদণ্ড দিব
লাগে।

 

”মই আপোনালোকৰ লগত সহমত নহওঁ”, গৃহস্থই মাত দিছিল। মোৰ মৃত্যুদণ্ডৰো অভিজ্ঞতা নাই, যাৱজ্জীৱন কাৰাদণ্ডৰো অভিজ্ঞতা নাই। কিন্তু তাত্ত্বিকভাৱে কবলৈ হলে, মোৰ মতে, মৃত্যুদণ্ড, আজীৱন কাৰাদণ্ডতকৈ বহুত বেছি নৈতিক আৰু মানৱীয়। মৃত্যুদণ্ডই
ক্ষন্তেকতে প্ৰাণ হৰি নিয়ে। কাৰাদণ্ডই তিল তিলকৈ মৃত্যুৰ মুখলৈ নিয়ে। কোন বেছি দয়ালু
ঘাটক—যিজনে কেই চেকেণ্ডমানতে আপোনাৰ প্ৰাণ নাশ কৰে নে যিজনে বছৰৰ পিছত বছৰ ধৰি আপোনাৰ
প্ৰাণবায়ু তিলতিলকৈ উলিয়াই নিয়ে
?”

দুইটাই সমানেই অনৈতিক”, এজন অভ্যাগতই কৈছিল;
কাৰণ দুয়োটাৰ
উদ্দেশ্য একেটাই—কোনো এজনৰ প্ৰাণ কাঢ়ি লোৱা। ৰাষ্ট্ৰতো ভগৱান নহয়। ইয়াৰ কোনো অধিকাৰ
নাই যে ইচ্ছা কৰিলেও ঘূৰাই দিব নোৱাৰা বস্তু এটা ই এজনৰ পৰা আজুৰি আনিব।

সমাগত সকলৰ মাজন আছিল এজন উকিল; পঁচিশ বছৰমান বয়সৰ এজন
তৰুণ। তেওঁক যেতিয়া তেওঁৰ মতামতৰ বিষয়ে সোধা হৈছিল
, তেওঁ কৈছিল, “মৃতুদণ্ড আৰু যাৱজ্জীৱন
কাৰাদণ্ড
, দুয়োটা সমানেই অনৈতিক। কিন্তু
মোক যদি দুইটাৰ মাজৰ পৰা বাচি লবলৈ কোৱা হয়
,
মই নিশ্চিতভাৱে
দ্বিতীয়টোহে বাচি ল
ম। সমূলি জীয়াই নথকাতকৈ, কিবা কৰি জীয়াই থকাটো বহুত বেছি ভাল।

তাৰ পৰাই এক সজীৱ আলোচনাৰ সূত্ৰপাত হৈছিল। বেঙ্কাৰজন তেতিয়া তুলনামূলকভাৱে ডেকা
আছিল আৰু অলপতে নাৰ্ৱাচ হৈছিল। তেওঁ হঠাতে নিজৰ সুস্থিৰতা হেৰুৱাইছিল আৰু হাতৰ মুঠিটোৰে
সজোৰে মেজত ঢকিয়াই
, উকিলজনৰ ফালে ঘূৰি লৈ
চিয়ঁৰি উঠিছিল
, “মিছা কথা। মই বিশ লাখৰ
বাজী মাৰিব পাৰোঁ যে এটা নিঃসঙ্গ কোঠাত তুমি পাঁ‌চ বছৰো থাকিব নোৱাৰিবা।

আপুনি যদি ধেমালি কৰা নাই, ময়ো বাজী মাৰি কব পাৰোঁ যে মই পাঁচ বছৰ
নহয়
, পোন্ধৰ বছৰ থাকিম।

পোন্ধৰ বছৰ! ঠিক আছে”, বেঙ্কাৰজনে চিৎকাৰ কৰি উঠিছিল।ভদ্ৰমণ্ডলী, মই বিশ লাখৰ বাজী লগালোঁ।

সন্মত মই। আপুনি বিশ লাখৰ বাজে
লগালে আৰু মই বাজী লগালোঁ মোৰ স্বাধীনতাৰ।

এইদৰেই এক উন্মাদ, অসম্ভৱ বাজীটো হৈ গল। বেঙ্কাৰ জনৰ হাতত তেতিয়া আছিল কেবা নিযুত। পইচাই তেওঁক নষ্ট
কৰিছিল। তেওঁ আছিল ক্ষণে তুষ্ট
, ক্ষণে ৰুষ্ট। তেওঁ আনন্দত
আত্মহাৰা হৈছিল।

নিশাৰ আহাৰৰ সময়ত তেওঁ ধেমালি কৰি উকিলজনক কৈছিল, “অধিক বিলম্ব হোৱাৰ আগতেই, নিজৰ বিচাৰ বুদ্ধি লগাই চোৱা, গোমুৰ্খ। মোৰ বাবে বিশ
লাখ একোৱে নহয়। কিন্তু তোমাৰ জীৱনৰ উত্তম সময়ছোৱাৰ তিনি
, চাৰি বছৰ তুমি হেৰুৱাবলৈ ওলাইছা। মই তিনি বা চাৰি বুলি কৈছোঁ
কাৰণ তাতকৈ বেছিদিন তুমি কোনোমতেই নোৱাৰিবা। হেৰা অসুখী ডেকা
, পাহৰি নাযাবা, স্বেচ্ছাই লোৱা কাৰাবাস, দণ্ডিত হৈ লোৱা কাৰাবাসতকৈ বহুত বেছি গধূৰ। তোমাৰ মনত ভাৱ এটাই
খেলা কৰি থাকিব যে মন গ
লেই তুমি মুক্ত হৈ ওলাই
আহিব পাৰিবা আৰু এই ভাৱেটোৱেই তোমাৰ সমগ্ৰ জীৱন বিষাক্ত কৰি তুলিব। তোমালৈ মোৰ পুতৌ
ওপজে।

 

এতিয়া, বেঙ্কাৰজনে ইফালৰ পৰা সিফাললৈ
পায়চাৰি কৰি
, সেই কথাবোৰ মনত পেলাইছিল আৰু নিজকে
সুধিছিল
, “কিয় সেই বাজীটো মই মাৰিছিলোঁ।
কি ভাল হ
ল তাৰ পৰা? উকিলজনে তেওঁৰ জীৱনৰ পোন্ধৰটা বছৰ হেৰুৱাব আৰু মই দলিয়াই পেলাম
বিশ লাখ। ইয়াৰ পৰা মানুহবোৰ জানো পতিয়ন যাব যে মৃত্যুদণ্ড
, যাৱজ্জীৱন কাৰাদণ্ডতকৈ বেছি ভাল বা বেয়া? নাই, নাই, একদম বাজে কথা। মোৰ কথা কবলৈ হলে, এজন সম্পদশালী মানুহৰ খেয়াল-খুচিৰ বাবে হ; উকিলজনৰ কথা কবলৈ গলে, সোণৰ প্ৰতি তাৰ মৰ খঁকৰ
বাবে হ
ল। ।

 

সেই সন্ধিয়া পাৰ্টী শেষ হোৱাৰ পাছত কি ঘটিছিল, তেওঁ মনত পেলাইছিল। সিধান্ত লোৱা হৈছিল যে বেঙ্কাৰজনে কঠোৰৰো কঠোৰ পৰ্যবেক্ষণত, বেঙ্কাৰজনৰ ঘৰৰ,
বাগিচাৰ
ফালে থকা এটা কোঠাত বন্দীত্ব কটাব। এইটোও সহমতত উপনীত হোৱা হৈছিল যে বন্দীত্বৰ কালছোৱাত
তেওঁ দুৱাৰমুখ পাৰ হৈ আহি কোনো মানুহক দেখাৰ অধিকাৰ নাথাকিব
, মানুহৰ মাত শুনাৰ বা চিঠি-পত্ৰ, বাতৰি কাগজ পোৱাৰো অধিকাৰ নাথাকিব। তেওঁক এটা বাদ্য যন্ত্ৰ ৰা
খিবলৈ
, কিতাপ পঢ়িবলৈ, পানী খাবলৈ আৰু ধঁপাত হুপিবলৈ অনুমতি দিয়া হৈছিল। চুক্তি অনুযায়ী
তেওঁ বহিৰ্জগতৰ লগত যোগাযোগ ৰক্ষা কৰাৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা সৰু খিৰিকী এখনেৰেহে
, নীৰৱে যোগাযোগ ৰাখিব পাৰিব। তেওঁ‌ বিচৰা সকলো প্ৰয়োজনীয় বস্তু–
কিতাপ
, সংগীত, সুৰা– সেই খিৰিকীখনেৰে টোকা এটা পঠিয়াই দি, যিমান লাগে সিমান পাবলৈ সক্ষম হব। চুক্তিখনত সকলো চৰ্ত্ত পুংখনুপুংখৰূপে বৰ্ণনা কৰা হৈছিল।
সেই অনুযায়ী বন্দীত্ব হ
ব কঠোৰভাৱে নিঃসংগ। তদুপৰি
চুক্তি অনুযায়ী উকিলজনে ১৮৭০ খৃষ্টাব্দৰ ১৪ নৱেম্বৰৰ বাৰ বজাৰ পৰা ১৮৮৫ খৃষ্টাব্দৰ
১৪ নৱেম্বৰৰ বাৰ বজালৈ বন্দীত্বত থাকিবলৈ বাধ্য থাকিব। এই চৰ্ত্তৰ যদি সামান্যতমো ভঙ্গ
হয়
, নিৰ্ধাৰিত সময়ৰ দুই মিনিট আগতেও
যদি উকিলজন পলায়
, বেঙ্কাৰজনে তেওঁক বিশ
লাখ দিয়াৰ পৰা মুক্ত হৈ পৰিব।

 

প্ৰথম বছৰৰ বন্দীত্বৰ কালছোৱাত উকিলজনে পঠিওৱা টোকা সমূহৰ পৰা যিমান দূৰ বুজা গৈছিল, তেওঁ ভীষণ নিঃসংগতা আৰু আমনিদায়ক পৰিস্থিতিত ভুগিছিল। তেওঁৰ
কোঠাৰ পৰা দিনে
, নিশাই মাথোঁন পিয়ানোৰ
শব্দ ভাঁহি আহিছিল। তেওঁ ধঁপাত আৰু সুৰা গ্ৰহণ কৰা নাছিল। তেওঁ লিখিছিল
, “সুৰাই বাসনাবোৰ জগাই তোলে আৰু বাসনা সমূহেই হল এজন কাৰাবন্দীৰ সবাতোকৈ ডাঙৰ শত্ৰু; তদুপৰি ভাল সুৰা অকলে খাবলগীয়া হোৱাৰ দৰে বিৰক্তিকৰ আন একো হব নোৱাৰে। ধঁপাতে কোঠাৰ বায়ু প্ৰদুষিত কৰে। প্ৰথম বছৰটোত উকিলজনলৈ
অলপ পাতল ধৰণৰ কিতাপ পঠিওৱা হৈছিলঃ প্ৰেমৰ পাক লগা কাহিনী থকা উপন্যাস
; অপৰাধ আৰু উদ্ভট কল্পনাৰ কাহিনী, মেডী ইত্যাদি।

 

দ্বিতীয় বছৰটোত পিয়ানোৰ শব্দ শুনা যোৱা নাছিল। উকিল জনে মাথোঁন কালজয়ী, ধ্ৰুপদী গ্ৰন্থ বিচাৰিছিল। পঞ্চম বছৰত পুনৰ সংগীতৰ ধ্বনি ভাঁহি
আহিছিল আৰু বন্দীজনে সুৰা বিচাৰিছিল। যিসকলে তেওঁক পৰ্যবেক্ষণ কৰিছিল
, তেওঁলোকে কৈছিল যে সেই বছৰ তেওঁ মাথোঁন খোৱা-পিয়া কৰিছিল আৰু
বিছনাত বাগৰিছিল। প্ৰায়ে হামিয়াইছিল আৰু নিজকে খঙেৰে কথা কৈছিল। সেইবছৰ কিতাপ পঢ়া নাছিল।
মাজে সময়ে নিশাৰ ভাগত
, তেওঁ লিখিবলৈ বহিছিল।
বহুত সময় জুৰি তেওঁ লিখিব আৰু ৰাতিপুৱা সেইবোৰ ফালি পেলাব। একাধিকবাৰ তেওঁ উচুপি উঠা
শুণা গৈছিল।

 

ষষ্ঠ বৰ্ষৰ পিছৰ ডোখৰত, বন্দীয়ে প্ৰচণ্ড আগ্ৰহেৰে
ভাষা
, দৰ্শন আৰু ইতিহাস পঢ়িবলৈ লৈছিল।
এই বিষয়সমূহৰ গ্ৰন্থ তেওঁ এনেধৰণে গো-গ্ৰাসে গিলিছিল যে তেওঁৰ প্ৰয়োজন পুৰাব পৰাকৈ
বেঙ্কাৰজনে কোনোমতেহে কিতাপ যোগাৰ কৰি দিব পাৰিছিল। তেওঁৰ অনুৰোধ মৰ্ম্মে
, চাৰি বছৰত প্ৰায় ছশখন কিতাপ কিনা হৈছিল। গ্ৰন্থৰ প্ৰতি তেওঁৰ
এই দুৰ্বাৰ আৱেগ চলি থকাৰ সময়তে বেঙ্কাৰ জনে
,
তলত দিয়া
চিঠিখন বন্দীৰ পৰা পাইছিল।

 

প্ৰিয় জেইলাৰ, মই এই শাৰী কেইটা ছয়টা ভাষাত লিখিছোঁ। কোনো বিশেষ দক্ষ ব্যক্তিক
দেখুৱাওক। তেওঁলোকক শাৰীবোৰ পঢ়িবলৈ দিয়ক। তেওঁলোকে যদি এটাও ভুল বিচাৰি নাপায়
, আপোনাক অনুৰোধ কৰিছোঁ,
আপুনি যাতে
বাগিচাত বন্দুকৰ গুলী ফুটাবলৈ আদেশ দিয়ে। গুলীৰ শব্দ শুনিলে মই বুজি পাম যে মোৰ শ্ৰম
অথলে যোৱা নাই। সকলো যুগৰ
, সকলো দেশৰ প্ৰতিভাৱান
ব্যক্তি সকলে
, বিভিন্ন ভাষাত কথ কয়; কিন্তু তেওঁলোক প্ৰতি গৰাকীৰ অন্তৰত একেটা শিখা জ্বলে। আঃ, আপুনি যদি জানিলেহেঁতেন তেওঁলোকৰ কথাবোৰ বুজি উঠি মই কি এক স্বৰ্গীয়
সুখ লাভ কৰিছোঁ‌!

বন্দীৰ ইচ্ছা পূৰণ হৈছিল। বেঙ্কাৰজনৰ আদেশ অনুযায়ী, বগিচাত বন্দুকৰ পৰা দুটা গুলী ফুটোৱা হৈছিল।

 

পিছত, দহ বছৰ পাৰ হৈ যোৱাত, উকিলজনে নিজৰ মেজৰ সম্মুখত অলৰঅচৰ ভাৱে বহি লৈ মথোন বাইবেলৰ
নতুন ভাগ পঢ়িলে। বেঙ্কাৰজন আচৰিত হৈছিল যে যিজন মানুহে চাৰি বছৰত
, ছশ পাণ্ডিত্যপূৰ্ণ কিতাপ অধ্যয়ন কৰিছিল, সেইজন মানুহেই সহজে বুজিব পৰা, সৰু গ্ৰন্থ এখনত এক বছৰ সময় খৰচ কৰিছে। বাইবেলৰ নতুন ভাগৰ পাছত, ধৰ্ম আৰু ধৰ্মতত্ত্বই স্থান পালে।

 

বন্দীত্বৰ শেষ দুই বছৰত, বন্দীয়ে অসাধাৰণ সংখ্যক
কিতাপ কোনো বাচ বিচাৰ নোহোৱাকৈ পঢ়িলে। এই মুহূৰ্ত্তত যদি প্ৰাকৃতিক বিজ্ঞান পঢ়িছে
, পিছ মুহূৰ্ত্তত বায়ৰণ বা শেক্সপীয়েৰলৈ ঢাপলি মেলিছে। তেওঁৰ পৰা
এনেকুৱা টোকা আহিছিল য
ত একেলগে ৰসায়ন বিজ্ঞান, চিকিৎসাবিজ্ঞানৰ পথ্যপুথি, উপন্যাস, ধৰ্ম বা ধৰ্মতত্ত্বৰ গৱেষণা গ্ৰন্থ
বিচাৰিছিল। তেওঁ এনেকৈ পঢ়িছিল যেন সাগৰত ভগ্ন জাহাজৰ টুকুৰাবোৰৰ মাজত সাঁতুৰি আছিল
আৰু নিজৰ জীৱন বচোৱাৰ হেঁপাহতে ইটোৰ পাছত সিটো টুকুৰাক থাপ মাৰি ধৰিছিল।

 

বেঙ্কাৰজনে এই অটাইবোৰ মনত পেলাইছিল আৰু ভাৱিছিলঃ

কাইলৈ, বাৰ বজাত তেওঁ তেওঁৰ স্বাধীনতা ঘূৰাই পাব। চৰ্ত অনুযায়ী মই তেওঁক
বিশ লাখ দিব লাগিব। যদি মই পইচাখিনি দিও
,
মই শেষ।
চিৰদিনলৈ মই সৰ্বস্বান্ত হ
ম।

 

পোন্ধৰ বছৰ আগতে তেওঁৰ হিচাপৰ অতীতত নিযুত, নিযুত আছিল। কিন্তু এতিয়া তেওঁ নিজকে সুধিবলৈ ভয় কৰে–কি তেওঁৰ বেছি—ধন নে ধাৰ? ষ্টক একচেঞ্জত জুৱা খেলা, বিপদ চপাই লৈ ধন বিনিয়োগ কৰা আৰু বৃদ্ধাৱস্থাতো এৰিব নোৱাৰা ধুৱাখুলীয়া স্বভাৱে
তেওঁৰ ব্যৱসায় ধ্বংসৰ ফালে লৈ গৈছিল
; আৰু সেই নিৰ্ভিক, আত্ম-বিশ্বাসী,
অহঙ্কাৰী
ব্যৱসায়ীজন হৈ পৰিছিল এজন সাধাৰণ বেঙ্কাৰ যি কঁপি উঠিছিল অৰ্থনৈতিক বজাৰখনৰ প্ৰতিটো
উত্থান- পতনত।

 

হতাশগ্ৰস্ত হৈ, মূৰটো খামুচি ধৰি বৃদ্ধই
ভোৰভোৰাইছিল
, “ আঃ অভিশপ্ত বাজীটো।মানুহটো মৰি নগল কিয়? তেওঁৰ বয়স এতিয়া মাথোঁন চল্লিশ। তেওঁ মোৰ প্ৰতিটো পইচা লৈ যাব, বিয়া কৰাব, জীৱন উপভোগ কৰিব, ষ্টক একচেঞ্জত জুৱা খেলিব আৰু মই ঈৰ্ষাপৰায়ণ ভিখাৰী এটাৰ দৰে
চাই থাকিম আৰু একেখিনি কথা প্ৰতিদিনে তেওঁ‌ৰ পৰা শুনিব লাগিবঃ
মোৰ জীৱনৰ সকলো সুখৰ বাবে তোমাৰ ওচৰত ধৰুৱা। তোমাক সহায় কৰিবলৈ
মোক সুযোগ দিয়া।
” “নাই, নাই, সেইটোহ হব নোৱাৰে! মই দেউলীয়া হোৱাৰ পৰা আৰু অপযশৰ পৰা হাত সৰাৰ এটাই
উপায় আছে— সেই মানুহটো মৰিব লাগিব।

 

ঘড়ীৰ পৰা তিনি বজাৰ সঙ্কেত আহিছিল। বেঙ্কাৰজনে কাণ পাতি শুনিছিল। ঘৰখনত প্ৰত্যেকেই
শুই আছিল। খিৰিকীৰ বাহিৰত
, বৰফত গোটমৰা গছবোৰৰ হোঁ-হোৱনি
শুনা গৈছিল। কোনো শব্দ নকৰাৰ চেষ্টা কৰি তেওঁ‌ চন্দুকৰ পৰা সেই দৰ্জ্জাখনৰ চাবিপাত
উলিয়াইছিল যিখন দৰ্জ্জা যোৱা পোন্ধৰ বছৰ খুলা হোৱা নাছিল
; তেওঁ‌ অভাৰকোটটো পিন্ধিছিল আৰু
ঘৰৰ পৰা ওলাই গৈছিল। চেঁচা বাগিছাখন আন্ধৰে আৱৰি আছিল। বৰষুণ দি আছিল। সেমেকা
, হাড়লৈকে কঁপাই যোৱা বতাহ এজাকে বাগিচাত হোঁ-হোৱাই আছিল আৰু গছবোৰক
অস্থিৰ কৰি তুলিছিল। চকুৰে পিতপাতকৈ চাইও বেঙ্কাৰজনে মাটি
, শুকুলা বৰণৰ প্ৰতিমূৰ্তিবোৰ, বাগিচাৰ কোঠাটো বা গছবোৰো দেখা নাছিল। বাগিচাৰ কোঠাটোৰ ফালে আগবাঢ়ি গৈ তেওঁ পহৰাদাৰজনক
দুবাৰ মাতিছিল। কোনো উত্তৰ অহা নাছিল। দেখ দেখকৈ বেয়া বতৰৰ বাবে পহৰাদাৰজন গৈ পাকঘৰ
বা সেউজগৃহত আশ্ৰয় লৈছিল।

 

যদি মোৰ উদ্দেশ্যটো পূৰ্ণ কৰাৰ
সাহসকণ আছে
”, বৃদ্ধই ভাৱিছিল, “প্ৰথমে সন্দেহ পহৰাদাৰ জনকে কৰা হব।

 

আন্ধাৰতে তেওঁ খটখটিবোৰ আৰু দুৱাৰখন খেপিয়াই চাইছিল আৰু বাগিচাৰ কোঠাটোৰ হলটো পাইছিল।
তাৰ পৰা থেক বাটটোৰে আগবাঢ়িছিল আৰু জুইশলা এডাল জ্বলাইছিল। তাত কোনো জনপ্ৰাণী এটা নাছিল।
বিছনাচাদৰ নোহোৱা কাৰোবাৰ বিছনা এখন তাত পৰি আছিল। আন্ধাৰত
, চুক এটাত অস্পষ্টকৈ এটা লোহাৰ ষ্টোভ দেখা গৈছিল। বন্দীৰ কোঠালৈ
যোৱা দুৱাৰত মৰা মোহৰ অভগ্ন আছিল।

 

যেতিয়া জুইশলাডাল নুমাই গৈছিল, উত্তেজনাত কঁপি, কঁপি বৃদ্ধই অকণমানি খিৰিকীখনেৰে ভূমুকি মাৰি চাইছিল।

 

বন্দীৰ কোঠাটোত এডাল মম নিষ্প্ৰভভাৱে জ্বলি আছিল। বন্দীজনে মেজৰ কাষত বহি আছিল।
কেৱল তেওঁৰ পিঠিখন
, মূৰৰ চুলিখিনি, আৰু হাত দুখন দৃশ্যমান হৈ আছিল।

মেজত, চকী দুখনত, মেজৰ কাষৰ দলিচাত খোলা কিতাপ সিচঁৰতি হৈ পৰি আছিল।

 

পাঁ‌চ মিনিট পাৰ হৈ গৈছিল কিন্তু বন্দীজনে মুঠেই লৰচৰ কৰা নাছিল। পোন্ধৰ বছৰৰ বন্দীত্বই
তেওঁক লৰচৰ নকৰাকৈ বহিবলৈ শিকাইছিল। বেঙ্কাৰজনে আঙুলিৰে খিৰিকীত টোকৰ মাৰিছিল। কিন্তু
সঁহাৰি হিচাপে বন্দীজনে অলপো লৰচৰ কৰা নাছিল। তেতিয়া বেঙ্কাৰজনে সতৰ্কভাৱে দুৱাৰৰ মোহৰ
ভাঙিছিল আৰু তলাটোত চাবিপাত ভৰাই দিছিল। মামৰে ধৰা তলাটোৰ পৰা এটা কৰ্কশ শব্দ ওলাইছিল
আৰু দৰ্জাখনে কেৰ কেৰ শব্দ কৰিছিল। বেঙ্কাৰজনে লগে লগেই এক আশ্চৰ্যসূচক শব্দ আৰু ভৰিৰ
খোজৰ শব্দ শুনিবলৈ আশা কৰিছিল। তিনি মিনিট পাৰ হৈ গৈছিল। আগতে যিধৰণে নিস্তব্ধ হৈ আছিল
, সেই ধৰণৰ নিস্তব্ধতা তেতিয়াও আছিল। কোঠাত সোমাবলৈ বেঙ্কাৰজনে
মন বান্ধি লৈছিল।

 

মেজখনৰ সম্মুখত বহি আছিল এজন মানুহ;
তেওঁ মুঠেই
সাধাৰণ মানুহৰ দৰে নাছিল। সেইটো আছিল এটা জকা
, ছালখন কোঁ‌চ খাই গৈছিল, চুলিবোৰ তিৰোতা মানুহৰ
চুলিৰ দৰেই দীঘল আৰু কেকোৰা আছিল। দাঢ়ি দীঘল
,
অপৰিচ্ছন্ন।
মুখৰ বৰণ হৈ পৰিছিল মটীয়া
, হালধীয়া; গাল ভাঙি সোমাই গৈছিল,
পিঠিখন থেক, দীঘল আৰু যিখন হাতৰ ওপৰত তেওঁ চুলিভৰা মূৰটো থৈছিল, সেই হাতখন এনেকুৱা শীৰ্ণ আছিল যে দেখিলেই বুকু বিষাই যায়। তেওঁৰ
চুলি ইতিমধ্যে পকিছিল আৰু তেওঁৰ মুখৰ বাৰ্ধক্যজনিত লেৰেলা অৱস্থাই
, সেই মুখ দেখা কোনো মানুহক পতিয়ন নিয়াব নোৱাৰিব যে তেওঁৰ বয়স
মাত্ৰ চল্লিশ বছৰ হৈছিল। মেজত
, তেওঁৰ ভাঁজ হৈ থজা মূৰৰ
আগত
, কগজ এখন পৰি আছিল যত সৰু, সৰু আখৰেৰে কিবা লিখা
আছিল।

 

বেচেৰাটো!বেঙ্কাৰজনে ভাৱিছিল,
তেওঁ শুই
আছে আৰু সপোনত হয়তো নিযুত
, নিযুত ধন দেখি আছে। মই
কেৱল এই আধামৰা দেহটোক লৈ গৈ বিছনাখনত দলিয়াই দি গাৰুটোৰে এটা মুহূৰ্ত্ত হেঁচা মাৰি
ধৰিলে হ
ল আৰু অতি সতৰ্কভাৱে কৰা মৰণোত্তৰ
পৰীক্ষাতো অস্বাভাৱিক মৃত্যুৰ কোনো আচেই নাপাব। কিন্তু প্ৰথমতে তেওঁ কিনো লিখি থৈছে
, পঢ়োচোন।

 

বেঙ্কাৰজনে মেজৰ পৰা কাগজৰ টুকুৰাটো লৈ পঢ়িবলৈ ধৰিলেঃ

 

কাইলৈ নিশা বাৰ বজাত মই মোৰ স্বাধীনতা
আৰু মানুহৰ লগত মিলামিচা কৰাৰ অধিকাৰ ঘূৰাই পাম। কিন্তু এই কোঠাটো এৰি গৈ সূৰ্যটো দেখাৰ
আগতে আপোনাক দুআষাৰ কোৱাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ। মোৰ সম্পূৰ্ণ সুস্থ বিবেক আৰু যি ভগৱানে
মোক দেখি আছে তেওঁৰ আগত মই ঘোষণা কৰোঁ যে মই মুক্তি
, জীৱন, স্বাস্থ্য, আৰু গ্ৰন্থসমূহে যাক পৃথিৱীৰ আশীৰ্বাদ বুলি কয়, সেই সকলোবোৰ প্ৰচণ্ডভাৱে ঘৃণা কৰোঁ।

 

পোন্ধৰ বছৰ জুৰি মই যথেষ্ট কষ্ট
কৰি পাৰ্থিৱ জীৱন সম্পৰ্কে পঢ়াশুনা কৰিলোঁ। এইটো সত্য
, মই মানুহকো দেখা পোৱা নাছিলোঁ, পৃথিৱীখনকো; কিন্তু আপুনি দিয়া গ্ৰন্থ
সমূহৰ মাজেৰেই মই সুবাসিত সুৰা পান কৰিছিলোঁ। গীত গাইছিলোঁ
, অৰণ্যত পহু আৰু বনৰীয়া গাহৰি চিকাৰ কৰিছিলোঁ। নাৰীক ভাল পাইছিলোঁ
…. আৰু আপোনাৰ কবি সকলে সৃষ্টি কৰা
,
আপাৰ্থিৱ
মেঘৰ দৰে অতি সুন্দৰী নাৰীবোৰে মোক নিশা দৰ্শন দিছিল আৰু মোৰ কাণত অপৰূপ ৰূপকথা কৈছিল
যাক শুনি মোৰ মগজু নিচাগ্ৰস্ত হৈছিল। আপোনাৰ কিতাপৰ জৰীয়তেই মই এলব্ৰুজ আৰু মোণ্ট ব্লাঙ্কৰ
চূড়াত থিয় হৈছিলোঁ আৰু তাৰ পৰা দেখিছিলোঁ ৰাতিপুৱা কেনেকৈ সূৰ্যটো ওলাই আহে আৰু সন্ধিয়া
কেনেকৈ আকাশ
, মহাসাগৰ আৰু পৰ্বতৰ শৃঙ্গ সোণালী
অভাৰে ভৰাই তোলে। তাৰ পৰাই মই দেখিছিলোঁ কেনেকৈ মোৰ ওপৰত মেঘ ফালি বিজুলী মাৰিছিল
; মই দেখিছিলোঁ সেউজীয়া অৰণ্য, পথাৰ, নৈ, হ্ৰদ, মহানগৰ। মই দেৱ-দেৱীৰ
সঙ্গীত শুনিছিলোঁ
; মই সুন্দৰ শয়তানৰ ডেউকা
স্পৰ্শ কৰিছিলোঁ
, যি শয়তানে উৰি উৰি মোক
ঈশ্বৰৰ কথা কবলৈ আহিছিল …. আপোনাৰ কিতাপৰ মাজেৰেই মই অতল গহ্বৰত সোমাইছিলোঁ
, আশ্চৰ্যকৰ কাণ্ড কৰিছিলোঁ‌, মহানগৰী পুৰি ছাই কৰি দিছিলোঁ, নতুন ধৰ্মৰ বাণী বিলাইছিলোঁ, দেশৰ পাছত দেশ জয় কৰিছিলোঁ‌।

 

আপোনাৰ গ্ৰন্থসমূহৰ পৰা মই জ্ঞান
লাভ কৰিছিলোঁ। কেবা শতাব্দী জুৰি মানুহে আহৰণ কৰা জ্ঞান মোৰ মগজুৰ এটা অকণমানি টেমুনাত
সোমাই আছে। মই জানো মই আন সকলোবোৰতকৈ বহুত বেছি বুধিয়ক।

 

আৰু মই আপোনাৰ গ্ৰন্থসমূহ অতিপাত
ঘৃণা কৰোঁ
; ঘৃণা কৰোঁ পৃথিৱীৰ সৰ্বস্ব সুখ
আৰু জ্ঞান
; সকলো বস্তু মহাশুণ্য, দুৰ্বল, মৰিচীকাৰ দৰে, প্ৰহেলীকাময়। মানুহ গৰ্ব্বী, আৰু জ্ঞানী আৰু সুন্দৰ হব পাৰে কিন্তু মৃত্যুয়ে
মাটিৰ তলৰ নিগনিবোৰৰ দৰে মানুহকো পৃথিৱীৰ বুকুৰ পৰা নিশ্চিহ্ন কৰিব। অৰু মানুহৰ ভৱিষ্যত
, ইতিহাস আৰু মহান মনিষী সকলৰ অমৰত্ব পৃথিৱীৰ বুকুত ছাই হৈ পৰি
ব।

 

মানুহ উন্মাদ আৰু বিপথে গৈছে।
মিছাক মানুহে সত্য বুলি গ্ৰহণ কৰে
, কদৰ্যতাক সৌন্দৰ্য বুলি
লয়। যদি আপেল আৰু সুমথিৰা গছত ফলৰ সলনি হঠাৎ ভেকুলী আৰু জেঠী হবলৈ লয়
, আৰু গোলাপৰ গোন্ধত যদি ঘামি থকা ঘোঁ‌ৰা এটাৰ গোন্ধ পোৱা, তোমালোক হতভম্ব হবা। সেয়ে মই হতভম্ব তোমালোকক
দেখি
, যিয়ে সৰগৰ বিনিময়ত পৃথিৱী গ্ৰহণ
কৰিছা। মই তোমালোকক বুজিবলৈ চেষ্টা নকৰোঁ।

 

যিহৰ দ্বাৰা আপুনি জীয়াই থাকিবলৈ
বিচাৰে তাৰ প্ৰতি যে মোৰ চৰম ঘৃণা আছে তাক দেখুৱাবলৈ যি বিশ লাখক মই এসময়ত সৰগ বুলি
বিশ্বাস কৰিছিলোঁ
, সেই বিশ লাখক মই এতিয়া
ঘৃণা কৰোঁ আৰু মই সেই বিশ লাখ ৰেহাই দিছোঁ। সেই বিশ লাখৰ ওপৰত মোৰ অধিকাৰৰ পৰা মোক
নিজকে বঞ্চিত কৰিবলৈ মই চৰ্ত অনুযায়ী নিৰ্ধাৰিত সময়তকৈ পাঁচ মিনিট আগতেই ইয়াৰ পৰা ওলাই
যাম আৰু সেইদৰেই চৰ্ত ভঙ্গ কৰিম।

 

কাগজখন পঢ়ি শেষ কৰাৰ পাছত, বেঙ্কাৰজনে কাগজখন মেজৰ
ওপৰত থৈ দিছিল আৰু সেই আচৰিত মানুহজনৰ মূৰত চুমা এটা খাই
, উচুপিবলৈ ধৰিছিল। কোঠাটোৰ পৰা তেওঁ ওলাই গৈছিল। জীৱনত কাহিনীও, আনকি ষ্টক একচেঞ্জত ভয়ানক লোকচানৰ সম্মুখীন হোৱাৰ পাছতো, তেওঁৰ নিজৰ প্ৰতি ইমান ঘৃণা ওপজা নাছিল। ঘৰলৈ আহি তেওঁ বিছনাত
বাগৰি দিছিল কিন্তু অশান্তি আৰু চকুপানীয়ে বহু দেৰিলৈ চকুলৈ টোপনি আহিবলৈ দিয়া নাছিল।

 

পিছদিনা ৰাতিপুৱা বেচেৰা পহৰাদাৰজন দৌৰি,
দৌৰি তেওঁৰ
কাষ পাইছিল আৰু তেওঁক জনাইছিল যে বাগিচাৰ কোঠাত থকা মানুহজনে খিৰিকীৰে বগাই বাগিচালৈ
ওলাই যোৱা তেওঁলোকে দেখিছিল। তেওঁ গেটলৈ ওলাই গৈ অদৃশ্য হৈছিল।

 

বেঙ্কাৰজনে লগে লগে তেওঁ‌ৰ লগুৱাৰ লগত কোঠাটোলৈ গৈ বন্দীৰ পলায়ন সম্পৰ্কে নিশ্চিন্ত
হৈ লৈছিল। অযথা জনৰবৰ পৰা হাত সাৰিবলৈ বন্দীজনে নাকচ কৰি লিখা কাগজখন মেজৰ পৰা লৈ
, ঘূৰি অহাৰ পাছত নিজৰ চন্দুকত সোমাই থৈছিল।

 

Popular Post

ঐতিহাসিক চিঠি