গল্পঃ পাপ/ হুমায়ূন আহমেদ

Posted by : translatorsassam
May 26, 2020

পাপ


মূলঃ বাংলা
গল্পকাৰঃ হুমায়ূন আহমেদ
অনুবাদঃ মুনমুন সৰকাৰ শইকীয়া
 

হুমায়ূন আহমেদ

মহাশয় আপোনাক এটা ভয়ংকৰ পাপৰ গল্প কওঁ
নে
?
পাপ কাৰ্য ময়ে কৰিছিলোঁ৷ ইচ্ছাকৃতভাৱে কৰা নাছিলোঁ৷ মানুহজনীৰ
কাৰণে কৰিবলগীয়া হৈছিল৷ স্ত্ৰীৰ কাৰণে পৃথিৱীত বহুত পাপ কাৰ্য সংঘটিত হৈছে৷ মানুহৰ
আদি পাপটোও আদি মানৱী হাৱাৰ কাৰণে সংঘটিত হৈছিল৷ আপোনাক এইবোৰ কথা কোৱা অৰ্থহীন৷ আপুনি
নিজেই জনা বুজা মানুহ
, আদি পাপৰ গল্প আপুনি
নাজানিলে কোনে জানিব
? যি কি নহওক মূল গল্পলৈ
আহোঁ৷
মই তেতিয়া মাধবখালি ইউনিয়নত শিক্ষকতা
কৰিছিলোঁ৷ গাওঁখনৰ নাম আছিল ধলা৷ ধলা গাঁৱৰ প্ৰাইমাৰী স্কুলৰ শিক্ষক৷ নতুনকৈ বিয়া পাতিছোঁ৷
মানুহ গৰাকী লগতেই থাকে৷ মোৰ বয়স তেতিয়া ২৫ বছৰমান হ
ব৷ মানুহজনী তেনেই সৰু৷ বয়স ১৫-১৬ মান হব৷ ধলা গাঁৱত আমি প্ৰথম সংসাৰ পাতিলোঁ৷ স্কুলৰ ওচৰতেই ভালেমানখিনি
জেগা লৈ আমাৰ টিনৰ ঘৰ৷ আমি সুখেৰেই আছিলোঁ৷ ফুলিৰ গছ-গছনিৰ প্ৰতি খুবেই চৌখিন৷ তাই
গছ-গছনিৰে গোটেই ঘৰ-বাৰী ভৰাই পেলালে৷ ওঁহ পাহৰিছিলোঁ ফুলি মোৰ মানুহজনীৰ ঘৰত মতা নাম৷
ভাল নাম নাছিমা খাতুন৷
বুজিলেনে মহাশয়, ধলা খুব ধুনীয়া গাওঁ৷ নৈপৰীয়া৷ নৈখনৰ নাম কাঞ্চন৷ মাছ খুব সস্তা৷
ডোমবোৰে মাছ মাৰিয়েই ঘৰত দি থৈ যায়৷ তাৰ সোৱাদেই বেলেগ৷ পোন্ধৰ বছৰ আগৰ কথা কৈ আছোঁ৷
এতিয়াও তাৰ পাভ মাছৰ সোৱাদ মুখত লাগি আছে৷ ঠাণ্ডাকালি বৰালি মাছবোৰ খুব তেলাল হৈছিল৷
ধলা গাঁৱৰ মানুহবোৰ বেছ মিলিজুলি থকা
বিধৰ৷ আজিকালি গাওঁ বুলি ক
লেই ভিলেজ পলিটিক্সৰ
কথা মনলৈ আহে৷ দলিয়া-দলি
, কটা-কটি, মৰিয়া-মৰি৷ ধলা গাঁৱত এইবোৰ একোৱেই নাছিল৷ শিক্ষক হিচাপে মোৰ
মৰ্যাদা বেলেগ আছিল৷ যিকোনো বিয়া সবাহত মৰমেৰে নিমন্ত্ৰণ দি খুৱাইছিল৷ গাৱঁৰ মেল মিটিংত
মোৰ বক্তব্য গুৰুত্ব সহকাৰে লোৱা হৈছিল৷ দুবছৰমান সুখেৰেই কটালোঁ৷ তাৰ পিছৰে পৰা সংগ্ৰাম
আৰম্ভ হ
ল৷ আপোনালোকৰ মতে স্বাধীনতাৰ যুঁজ৷ গাৱঁৰ মানুহৰ বাবে সংগ্ৰাম৷
ধলা গাওঁখন আওঁহতীয়া৷ পাকবাহিনী যে কেতিয়াবা ধলা গাঁৱলৈ আহিব পাৰে সেই কথা আমাৰ সপোনৰো
অগোচৰ আছিল৷ কিন্তু জুন মাহৰ পৰা পাকবাহিনীৰ গানবোট কাঞ্চন নদীয়েদি চলাচল কৰিবলৈ আৰম্ভ
কৰিলে৷ মাধবখালি ইউনিয়নত সৈন্য বাহিনীৰ ঘাটি হ
ল৷ আৰম্ভ হল অত্যাচাৰ৷ সিহঁতৰ অত্যাচাৰৰ কথা আপোনাক নতুনকৈ কব লাগিব বুলি নাভাবোঁ৷ আপুনি মোতকৈ বহুত বেছি জানে৷ মই কেৱল
আপোনাক ঘটনা এটাৰ বিষয়ে সদৰি কৰিম৷
কাঞ্চন নদীৰ ইপাৰে ধলা গাঁৱ সিপাৰে চৰ
হাজৰা৷ জুন মাহৰ ১৯ তাৰিখে‌ চৰ হাজৰা গাঁৱত সৈন্য বাহিনীৰ গানবোট লাগিলহি৷ চৰ হাজৰাৰ
বিশিষ্ট মাতব্বৰ সৈন্য বাহিনীক খুবেই আদৰ সাদৰ কৰি নিজৰ ঘৰলৈ লৈ গ
ল৷ মহাশয় কথাবোৰ বেলেগ ধৰণে নলব সেইসময়ত তেওঁলোকক আদৰ-সাদৰ কৰাৰ বাহিৰে অন্য উপায় নাছিল৷ সবেই
নিৰুপায় আছিল৷ ইয়াকুব আলীয়ে সৈন্য বাহিনীৰ প্ৰতিজনকেই খুব আদৰ- সাদৰ কৰিলে৷ ডাব নাৰিকল
খুৱালে৷ দুপৰীয়া খাহী ছাগলী কাটি খুৱালে৷ সাজ লাগি ভগালৈকে তেওঁলোক থাকিল৷ খোৱা-বোৱা
কৰিলে৷ যাওঁতে ইয়াকুব চাহাবৰ দুই কন্যা আৰু পুত্ৰবধূক লগতে লৈ গ
ল৷ তেওঁলোকৰ একো খবৰ পোৱা নগল তাৰ পিছত৷ এতিয়া শুনিলে এইবোৰ কাহিনী কাহিনী লাগে কিন্তু এয়া বাস্তব৷ মই নিজে
দেখা৷ সিদিনা‌ নিমন্ত্ৰিত অতিথিৰ ময়ো এজন আছিলোঁ৷ নাও পঠিয়াই মোক লৈ গৈছিল তেওঁৰ ঘৰলৈ৷
মই গৈছিলোঁ৷
চৰ হাজৰাৰ ঘটনাৰ পিছত আমি ভয়ত বিতত হৈ
পৰিছিলোঁ৷ বিপদৰ পৰা হাত‌ সাৰিবলৈ মছজিদত কোৰান পাঠ কৰা হৈছিল৷ গাঁৱৰ সীমা বেৰি দিয়া
ল৷ লক্ষ লক্ষ বাৰ ঈশ্বৰৰ নাম জপ কৰা হল৷ কিমান যে অশান্তিত দিন কটাবলগীয়া হৈছিল আপোনাক কি কম৷ ৰাতি ৰাতি টোপনি ক্ষতি হৈছিল৷ মানুহজনী তেতিয়া মাক হবলৈ ওলাইছিল৷ সাতমাহ চলি আছিল৷ হাতত এটকা পইচা নাছিল৷ স্কুলত
দৰমহা হোৱা নাছিল৷ গাঁৱৰ ঘৰৰ পৰা যে কিছু টকা-পইচা পঠাব তাৰো বাট নাছিল৷ দেশত যোগাযোগৰ
কোনো ব্যৱস্থা নাছিল৷ কোনেও কাৰো খবৰ পোৱা নাছিল৷ কি যে বিপদত পৰিছিলোঁ একমাত্ৰ ঈশ্বৰেহে
জানে৷
ভূতৰ ওপৰত দানহ পৰা দি বিপদ আহিছিল৷ জুলাই
মাহৰ শেষৰফালে মুক্তি বাহিনীয়ে দেখা দিলে৷ নাওত আহে
, দুই এবাৰ ফটকা ফুটুওৱাৰ দৰে ফুটাই গুচি যায়৷ বিপদত পৰোঁ আমি৷ সৈন্য বাহিনীৰ মানুহে
আহি গাঁৱবোৰ জ্বলাই থৈ যায়হি৷ মুক্তি বাহিনীৰ তেতিয়া কোনো উমঘামেই নাথাকে৷ ছেপ্তেম্বৰ
মাহৰ শেষৰফালে অৱস্থাৰ পৰিৱৰ্তন হয়৷ মুক্তি বাহিনীয়ে তেতিয়া কেৱল ফুট-ফাট নকৰে৷ দস্তুৰমত
যুদ্ধ কৰে৷ ভাল যুদ্ধ৷ ক
লে বিশ্বাস নকৰিব চাগে
কিন্তু ইহঁতে কাঞ্চন নদীত এওঁলোকে সৈন্য বাহিনীৰ ফেৰী এখন ডুবাই দিয়ে৷ ঘটনাটো ঘটিল
ছেপ্তেম্বৰ মাহৰ ছাব্বিছ তাৰিখে৷ স্বাধীন বাংলা অনাতাঁৰ কেন্দ্ৰৰ যোগেদি এই বাতৰি প্ৰকাশ
কৰা হয়৷ আপুনিও হয়তো শুনিছিল শতাধিক সৈন্যৰ প্ৰাণ গৈছিল৷ এইটো অৱশ্যে একো ভাল কথা হোৱা
নাছিল৷ সৈন্য কমেই আছিল৷ বেছিৰ ভাগ পাকিস্তানৰ সৈন্য বাহিনীৰ দ্বাৰা একত্ৰিত কৰা বাংলাদেশ
বিৰোধী অৰ্ধ সামৰিক বাহিনীৰ মানুহে আছিল৷ সিহঁতে সাতুৰি পাৰলৈ উঠিছিল
, গাঁৱৰ মানুহে তেওঁলোকক মৰিয়াই মাৰিলে৷ যুদ্ধ ভীষণ বেয়া বস্তু
মহাশয়৷ যুদ্ধই সাধাৰণ মানুহকো হিংস্ৰ কৰি তোলে৷ মই নিজ চকুৰে দেখা৷
এতিয়া মূল গল্পলৈ আহোঁ৷ ছেপ্তেম্বৰ মাহৰ
আঠাইছ তাৰিখৰ ঘটনা৷ মগৰিবৰ নামাজ পঢ়ি বাৰাণ্ডাত বহি আছিলোঁ৷ তুমুল বৰষুণ দি আছিল৷ কলহৰ
কাণ ঢলা৷ অকলে অকলে বৰষুণ দিয়া চাই আছোঁ৷ মোৰ মানুহজনী শোৱনি কোঠাত৷ আন্ধাৰ কোঠাত শুই
আছে৷ তাইৰ গা খুব বেয়া৷ দুদিন ধৰি একোৱেই খাব পৰা নাই৷ যি খায় বমিয়াই দিয়ে৷ দেহা দুৰ্বল৷
একো এটা নধৰাকৈ থিয় হ
ব নোৱাৰে৷ ডক্টৰক দেখুৱাব
পৰা নাই ক
ৰ পৰা দেখুৱাম? মাধবখালিত যিজন ডক্টৰ আছিল নলিনী কুমাৰ ৰায়,  সৈন্য বাহিনীয়ে প্ৰথম দিনা আহিয়েই তেওঁক মাৰি পেলাইছিল৷
যিটো কথা কৈ আছিলোঁ, মই বাৰাণ্ডাত বহি বৰষুণ দিয়া চাই আছোঁ৷ মন বেয়া৷ বৰষুণে আৰু
তীব্ৰতৰ ৰূপ ধাৰণ কৰিলে৷ এটা সময়ত ধুমুহা অহাদি আহিল৷ ঘৰ দুৱাৰ কঁপিবলৈ ল
লে৷ মই অলপ দুশ্চিন্তাত পৰিলোঁ৷ পুৰণা ঘৰ-দুৱাৰ৷ ধুমুহাই উৰুৱাই
নিলে অসুস্থ স্ত্ৰীক লৈ বিপদত পৰিম৷ ‌ ওচৰতেই মোক্তাব চাহাবৰ পকী ঘৰ৷ তাইক লৈ তেখেতৰ
তালৈ যায় নে নাই ভাবি থাকোঁতেই ফুলিয়ে মোক ভিতৰলৈ মাতিলে৷ মই আন্ধাৰ কোঠালৈ সোমাই গ
লোঁ৷ বুলিয়ে ফুচফুচাই কলে, “ তোমাৰ সৈতে কথা এটা আছিল৷
মই কলোঁ,
কি কথা? ”
আগতে মোৰ ওচৰত আহি বহা৷ মই বহিলোঁ৷ বুলিয়ে
লে, “ মই যদি তোমাৰ পৰা কিবা
এটা বস্তু বিচাৰোঁ দিবানে
? ”
মই কলোঁ,
দিব পৰা হলে নিশ্চয় দিম৷
আকাশৰ জোন বিচাৰিলেতো দিব নোৱাৰিম৷ বস্তুটোনো কি
? ”
তুমি আগেয়ে মোৰ গা চুই প্ৰতিজ্ঞা কৰা৷
মই তাইৰ কপালত হাত থৈ কলোঁ, “প্ৰতিজ্ঞা কৰিলোঁ৷ এতিয়া
কোৱা কথাটো কি
? ”
লেম্পটো জ্বলোৱা৷
লেম্প জ্বলালোঁ৷ তাইৰ মূৰৰ শিতানত কোৰান
শ্বৰীফ থকা দেখিলোঁ৷ মোক ক
লে, “ আল্লাহৰ কালাম চুই শপত খোৱা যে কথা দি কথা ৰাখিবা৷
মই কিবা সাঁথৰৰ সন্মুখীন হোৱা যেন লাগিল৷
ঘটনাটো কিনো
? গৰ্ভাৱস্থাত ছোৱালীবোৰৰ বহুত পাগলামি
লম্ভে
,
মই ভাবিলোঁ তেনেকুৱা কিবা এটা হব৷ আচলতে একো চিন্তা কৰিবলগীয়া নাই৷ মই কোৰান শ্বৰীফ চুই প্ৰতিজ্ঞা
কৰিলোঁ৷ তাৰপিছত ক
লোঁ, “এতিয়া কোৱা মই কি কৰিব লাগিব? ”
মানুহ এজনৰ জীৱন ৰক্ষা কৰিব লাগিব৷
তাৰমানে? ”
এজন মানুহে মোৰ ওচৰত আহি আশ্ৰয় লৈছে৷
তাৰ জীৱন ৰক্ষা কৰিব লাগিব৷
একো ধৰিব পৰা নাই৷ কোনে আশ্ৰয় ললে তোমাৰ ওচৰত? ”
ফুলিয়ে সৰু সৰু মাতত মোক যি কলে মোৰ কলিজা শুকাই গল৷ দুদিনমান
আগতে সৈন্য বাহিনীৰ ফেৰী ডুবিছিল৷ এজন সৈনিকে সাতুঁৰি পাৰলৈ আহিছিল৷ আমাৰ ঘৰৰ পাছফালে
কলগছৰ আঁৰত লুকাইছিল৷ ফুলিক দেখিয়েই বেহেনজী বুলি মাতি কান্দি দিলত তাই আশ্ৰয় দিলে৷
মই হতভম্ব হৈ সুধিলোঁ, “ দুদিন ধৰি সৈন্য এজন আমাৰ ঘৰত আছেহি? ”
ফুলিয়ে কলে, “ওঁ!
সঁচাকৈয়ে৷
ওঁ, এতিয়া তুমি তাক মাধবখালিলৈ লৈ যোৱা৷
মাধবখালিত কেম্প আছে আজি ধুমুহাৰ ৰাতি, কোনেও গম নাপায়৷ আন্ধাৰ হৈ থাকোঁতেই যোৱাগৈ৷
তোমাৰ মগজ বেয়া নেকি? ”
মোৰ মগজ বেয়া হওক বা নহওক তুমি প্ৰতিজ্ঞা
কৰিছা৷
মই সৈনিক এজনক লৈ ৰাওনা হ, বাটত মুক্তি বাহিনীয়ে
পাওক
,
দুয়োকে গুলিয়াই মাৰি পেলাব!
ইমান ধুমুহা বৰষুণত কোনো নোলায়৷ তুমি
ৰাওনা হোৱা৷
সি আছে ক? ”
অহা, তোমাক দেখুৱাই দিওঁ৷
লগত অস্ত্ৰ শস্ত্ৰ কি আছে? ”
একোয়েই নাই, সুদা হাতেৰে সাতুঁৰি পাৰলৈ আহিছিল৷
মই মুঠেও বিশ্বাসত লব পৰা নাছিলোঁ৷ অস্ত্ৰ থাকক বা নাথাকক, সৈনিক হয় সি৷ জানি বুজি এনে শত্ৰুক ঘৰত স্থান দিয়া কেৱল মহিলাৰ
কাৰণেই সম্ভৱ৷ মূৰটো আচন্দ্ৰাই কৰা দৰে লাগিল৷ মই সৰুকৈ মাত উলিয়াই ক
লোঁ, “হাৰামজাদাটো ক? ”
ফুলিয়ে মোক দেখুৱাবলৈ লৈ গল৷ এনেয়ে তাই একো এটা নধৰাকৈ থিয় হব নোৱাৰে, আজি আকৌ লেম্প হাতত
লৈ গটগটাই গুচি গ
ল৷ পাকঘৰ কাষতেই ভাড়াঘৰ
জাতীয় কোঠালী এটা আছে
, তাত চাউল, দালি, পিয়াজ আদি থাকে৷ ফুলিয়ে
মোক সেই কোঠালীৰ ওচৰলৈ নিলে৷ তলা বন্ধ৷ মাষ্টাৰ লক এটা ওলমি আছে৷ ফুলিয়ে তলা খুলিলে৷
লেম্প ওপৰলৈ দাঙি দেখুৱালে৷ দেখিলোঁ চুক এটাত কম্বল পাৰি থোৱা আছে
, তাত কমবয়সীয়া লৰা এজন বহি আছে৷
সি মোৰ লুঙি আৰু পাঞ্জাবী পিন্ধি আছে৷ আৰু এটা চুকত পানীৰ জাগ
, গিলাচ৷ পাকিস্তানৰ সৈন্য বাহিনীৰ সাহসৰ কথা কিমান শুনিছিলোঁ৷
ৰা জনে মোক দেখি ভয়ত শিয়ঁৰি উঠিল৷ কুচিমুচি হৈ বহিল৷ ফুলিয়ে
আকাৰ ইংগিতেৰে বুজাই দিলে ভয় পাবলগীয়া একো নাই৷ মই হাৰামজাদাটোক খুব মনোযোগেৰে চাই
আছিলোঁ৷ ইমান ওচৰৰ পৰা মই আগতে কেতিয়াও সৈন্য এজনক দেখা পোৱা নাছিলোঁ৷ আজি প্ৰথম দেখিছোঁ
, লুঙি, পাঞ্জাবী পিন্ধি থকা
বাবেই তাক সাধাৰণ বেংগলী ল
ৰাৰ দৰে দেখাইছে৷ কেৱল
ৰঙটো বেছি বগা
, নাক মুখত কটাকটিৰ চিন৷
মই ফুলিক সুধিলোঁ, “ইয়াৰ নাম কি? ”
ফুলিয়ে পটকৈ কলে, “ ইয়াৰ নাম দিলদাৰ৷ লেফটেনেণ্ট৷
ঘৰ বালাকোটত৷ ৰেশমী নামৰ ছোৱালী এজনীৰ লগত তাৰ প্ৰেম
, দেশলৈ উভতি গৈ তাইক বিয়া পাতিব৷ ৰেশমী যে ইমান ধুনীয়া তুমি ভাবিব
নোৱাৰা ধুনীয়া
, পৰীৰ দৰে, ৰেশমীৰ ফটোখন চাবা? দিলদাৰৰ পকেটত সদায় তাইৰ ছবি থাকে, গাৰুৰ তলত ফটোখন নথলে তাৰ টোপনি নধৰে৷
সেই মুহূৰ্তত কাৰো ফটো চাবলৈ মোৰ চখ নাছিল৷
মূৰ ঘূৰাই গৈছিল মোৰ৷ সমস্যা এটাত জৰ্জড়িত হৈ আছোঁ৷ ফুলিয়ে তথাপিও ফটোখন দেখুৱালে৷
ঘাগৰা পৰিহিত এজনী ছোৱালী৷ হাঁহিমুখীয়া৷ ফুলিয়ে ক
লে,
ছোৱালীজনী ধুনীয়া নহয়নে? কেনে পালা? ”
মই কলোঁ,
হুঁমম
এতিয়া তুমি তাক মাধবখালিলৈ পঠোৱাৰ ব্যৱস্থা
কৰা৷ আজি ৰাতিয়েই কৰা৷
চাওঁ৷
চাবলৈ একো নাই তুমি ৰাওনা হোৱা৷
মাধবখালিলৈ খোজ কাঢ়ি যাব নোৱাৰিম নহয়, নাও লাগিব৷
নাৱৰ ব্যৱস্থা কৰা, তাক পাৰ কৰাবলৈ আজি ৰাতিটোৱেই ভাল হব৷
ভয়তে লৰাটো অস্থিৰ হৈ আছে, পানীৰ বাহিৰে একো খাব পৰা নাই৷
মই কোনোমতে কলোঁ, “ চাওঁ কি কৰিব পাৰোঁ৷
ফুলিয়ে তালৈ চাই আনন্দেৰে কলে, “ তোমাৰ আৰু কোনো ভয় নাই, মোৰ স্বামীয়ে তোমাক নিৰাপদে থৈ আহিব৷ তুমি এতিয়া ভাত অলপ খাই
লোৱা৷
সি কিনো বুজিলে জানো৷ অকল কলে, “ শুকৰিয়া বেহেনজী, শুকৰিয়া৷
 ফুলিয়ে ভাত বাঢ়ি আনিলে
তাক খুৱাবলৈ৷ মোক ক
লে, “তুমি ৰৈ নাথাকিবা-যোৱা, সোনকাল কৰা৷
 মই ছাতি এটা লৈ ঘৰৰ
পৰা ওলালোঁ তেতিয়াও খুব বৰষুণ দি আছে৷ কিন্তু বতাহ নাই মৰা৷ মই দ্ৰুত চিন্তা কৰি আছোঁ
কিন্তু কি কৰিম ভাবি পোৱা নাই৷ মানুহজনীক কথা দিছোঁ
, আল্লাহৰ কালাম চুই প্ৰতিজ্ঞা কৰিছোঁ৷ সেই প্ৰতিজ্ঞা ৰক্ষা কৰাটো দৰকাৰী৷ লৰাটোলৈ মায়াও লাগিছে৷ সৰু লৰা,
এইসকল হুকুমৰ গোলাম৷ উৰ্দ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশ মতে চলিব লাগে৷
ৰাটোৰ জীৱন আৰম্ভ হোৱাই নাই৷ দেশলৈ ঘূৰি গৈ বিয়া বাৰু পাতিব৷
সুন্দৰ সংসাৰ এখন হ
ব৷ আকৌ বেলেগ চিন্তা
এটাও হৈছে৷ ইয়াক মাধবখালিলৈ নিলে কথাটো ওলাই পৰিব
, অইন নালাগে নাৱৰীয়াই কৈ দিব৷ একো লুকাই নাথাকে৷ তাৰ পিছত মোৰ বিচাৰ হব৷ দেশৰ মানুহে মোক থুৱাব৷ পাকিস্তানৰ সৈন্য বাহিনী কেৱল আমাৰ
পৰম শত্ৰুৱেই নহয়
, ইহঁত চয়তান৷ ইহঁতৰ কোনো
ক্ষমা নাই৷ মই নাৱৰ খবৰ কৰিবলৈ নগ
লোঁ৷ মুক্তি
বাহিনীৰ কেম্পত খবৰ দিলোঁগৈ৷ ৰাতি দুটামান বজাত তেওঁলোকে আহি দিলদাৰক ধৰি নিলে৷ দিলদাৰে
মোৰ মানুহগৰাকীৰ পিনে এবাৰ চাই মাত্ৰ এবাৰ মাতিলে
, “ বেহেনজী৷
তাৰপিছত পি মনে মনে থাকিল৷ মোৰ মানুহজনীয়ে
আচৰিত হৈ মোৰ ফালে চাই থাকিল৷ দিলদাৰক সেই ৰাতিয়েই গুলিয়াই মৰা হ
ল৷ মৃত্যুৰ আগলৈকে সি কেবাবাৰো মোৰ মানুহজনীক মাতি থাকিল, “বেহেনজী, বেহেনজী৷ মোৰ মানুহজনী সন্তান জন্ম দিবলৈ যাওঁতে মৰিল৷ ভালেই হল চাবলৈ গলে৷  জীয়াই থাকিলে গোটেই জীৱনটো হয়তো মোক ঘৃণা কৰি কটালেহেঁতেন৷ তেনেকৈ
জীয়াই থকাটো
, মৃত্যুতকৈও বেয়া৷ বুজিলে মহাশয়, যুদ্ধ খুব বেয়া বস্তু৷ যুদ্ধত কেৱল পাপৰ খেতি কৰা দৰে হয়৷ মোৰ
নিচিনা সাধাৰণ মানুহ এজনে কিমানটা পাপ কৰিলে চাওক৷ সদায় মোৰ বিচাৰ হ
ব৷ আল্লাহে কিদৰে মোৰ পাপ পুণ্য বিচাৰ কৰে বা, মোক বা কি শাস্তি দিয়ে
সেয়াই চাবলৈ মন আছে৷


গল্পকাৰৰ পৰিচয়ঃ  ১৯৪৮ চনত বাংলাদেশত জন্ম হোৱা হুমায়ূন আহমেদ বাংলা সাহিত্যৰ এগৰাকী যুগজয়ী উপন্যাসিক, গল্পকাৰ আৰু চলচিত্ৰ নিৰ্মাতা তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক আছিল ১৯৭১ চনত বাংলাদেশ মুক্তিসংগ্ৰামৰ সময়ত তেওঁক পাকিস্তানী সেনাই ধৰি নি বিভিন্ন নিৰ্যাতনৰ অন্তত গুলীচালনা কৰে  কিন্তু সৌভাগ্যবশত তেওঁ বাচি যায় ১৯৭২ চনত তেওঁৰ প্ৰথম উপন্যাসনন্দিত নৰকপ্ৰকাশিত হোৱাৰ পৰাই মৃত্যু পৰ্যন্ত তেওঁ বাংলা সাহিত্যৰ অপ্ৰতিদ্বন্দী লেখক হৈ ৰয় বিখ্যাত হিমু চিৰিজৰ উপন্যাসৰ বাবে তেওঁ সমগ্ৰ বিশ্বতে পৰিচিত আৰু সমাদৃত  ২০১২ চনত নিউয়ৰ্কত তেওঁৰ মৃত্যু হয়

Popular Post

ঐতিহাসিক চিঠি