গল্পঃ পঞ্চ পৰমেশ্বৰ / প্ৰেমচান্দ

Posted by : translatorsassam
June 16, 2020

পঞ্চ পৰমেশ্বৰ

মূল : প্ৰেমচান্দ

অনুবাদ: তৃষ্ণা শৰ্মা

 

জুমন ছেঠ আৰু
অলমুল চৌধুৰীৰ ধৰ্ম একে নাছিল কিন্ত সৰুৰে পৰা দুয়োজন বন্ধু আছিল৷

জুমনৰ এগৰাকী
পেহীয়েক আছিল
, পেহীয়েকৰ জুমনৰ বাদে আপোন কোনো নাছিল৷
তেওঁ জুমনৰ লগতে আছিল৷ প্ৰথমে পেহীয়েকৰ বহুত আপডাল কৰিছিল
, কিন্ত যেতিয়া পেহীয়েকৰ সকলো সম্পত্তি জুমনৰ নিজৰ নামত কৰি ললে
তেতিয়াৰে পৰা পেহীয়েকৰ কিন্ত ৰুটিৰ লগত চব্জিৰ সলনি জুমন আৰু তাৰ পত্নীৰ পৰা তিতা কথা
শুনিবলৈ পায়৷ কিছুদিন পেহীয়েকে সহি আছিল কিন্তু কিছুদিন যোৱাৰ পাছত পঞ্চায়ত বহুৱাৰ
কথা নিৰ্নয় লয়৷

পেহীয়েকে নিজৰ
কুঁজা পিঠিৰে মানুহৰ ঘৰে ঘৰে গৈ পঞ্চায়তৰ বাবে নিমন্ত্ৰণ দি ফুৰিছিল৷ অলমুল চৌধুৰীক
বহুত আগ্ৰহেৰে মাতিছিল৷ সকলো এজোপা গছৰ তলত একেলগ হ
ল৷


পঞ্চায়তৰ কাম
আৰম্ভ হল৷ পেহীয়েকে পঞ্চায়তৰ পক্ষ ৰাখি কলে
, “ মই তিনি বছৰৰ আগতে মোৰ সকলো সম্পত্তি জুমনৰ নামত কৰি দিলো, জুমনে জীৱন ভৰ মোক ৰুটি কাপোৰ দিম বুলি কথা দিছিল৷ এতিয়া সদায়
মোক কেটকেটাই থাকে
, মই সহিব পৰা নাই৷ পেটৰ
বাবে ৰুটি আৰু পিন্ধিবলৈ কাপোৰো পোৱা নাই৷ মোৰ কিবা ভুল হল যদি জনাওক
, মই পঞ্চায়তৰ ওপৰতে নিৰ্ভৰ কৰিম৷

জুমনয়ে পঞ্চায়তৰ
কাক মুখ্য বিচাৰক বনাব তাক জনাবলৈ কলে
, জুমনে সেই দায়িত্ব পেহীয়েক দিলে৷

পেহীয়েকে অলমুল
চৌধুৰীৰ কথা কলে৷ অলমুল চৌধুৰীয়ে আপত্তি কৰিছিল কাৰণ জুমন তাৰ বন্ধু আছিল৷

কোৱা হয় যে পঞ্চায়তত
পাচজন পৰমেশ্বৰ থাকে
, তাত কোনো শত্ৰু বা মিত্ৰ
নাথাকে
,
অলমুল তেনে পৰিস্থিতিত বিচাৰকৰ আসন লব লগা হল৷ অলমুলে দুয়ো পক্ষৰ
কথা শুনি নিজৰ মতামত আগবঢ়ালে
, পেহীয়েকে সকলো সুবিধা
পাব লাগে পেহীয়েকৰ সম্পত্তিৰ লাভো দিব লাগে৷

নহলে জুমনে পেহীয়েকৰ
সকলো সম্পত্তি ঘূৰাই দিব লাগে৷

মতামত শুনি জুমন
আছৰিত হল
,
অলমুলৰ লগত তাৰ বন্ধুত্ব যেন কমি গল, সি মনতে অলমুলৰ ওপৰত প্ৰতিশোধ লোৱাৰ কথা ভাবিলে, আৰু অতি শীঘ্ৰে তাক প্ৰতিশোধ লোৱাৰ সুবিধাও পালে৷

অলমুলৰ লগত বহুত
সুন্দৰ
,
ডাঙৰ ডাঙৰ শিং থকা এজোৰা বলধ গৰু আছিল৷ দব্যক্ৰমে এটা বলধ পঞ্চায়ত
হৈ যোৱাৰ এমাহৰ পিছতে মৰি থাকিল৷ এটা বলধে কি কাম কৰিব অনমুলে জোৰা মিলাব নোৱাৰি গাৱৰে
চাহুকে বেছি দিয়াৰ কথা ভাবিলে৷ চাহুৰ ওচৰত এখন গাড়ী আছিল সেই গাড়ীখনত গাৱৰ পৰা গুৰ
, মৌ, ময়দা আদি বাহিৰৰ বজাৰত
বিক্ৰী কৰি আৰু গাৱলৈ ঘূৰি আহোঁতে নিমখ
, তেল আদি কিনি বিক্ৰী কৰে৷

চৌধুৰী লগত কথা
পাতি এমাহৰ পাছত বলধৰ দাম দিব বুলি বলধটো ঘৰলৈ লৈ আহিল৷ নতুন বলধ পাই সমজু চাহুয়ে কাম
আৰু বেছিকৈ কৰিবলৈ ধৰিলে দিনে তিনি
, চাৰি বাৰকে অহা যোৱা কৰি বলৈ ধৰিলে৷ কেনেবাকৈ বলধ দুটাই দিগদাৰ কৰিলে মৰিয়াবলৈ
ধৰিলে৷ বলধ গৰুটোৱে চৌধুৰীৰ ঘৰত ভালকৈ খাবলৈ পাইছিল৷ এতিয়া খাবলৈ নাপায় বলধটো খিনাই
যাবলৈ ধৰিলে৷

এদিন চাৰিবাৰ
অহা যোৱা কৰিল
, অলপ ৰলেই বলধক মাৰিবলৈ ধৰে৷ দিনভৰ মাৰ
খাই খাই বলধৰ ভৰি নছলা হল
, বোজাও আছিল অধিক৷ এসময়ত
বলধটো মাটিত পৰি গল
, চাহুৱে ভৰিৰ তলুৱাত
খুচিছে তথাপিও বলধ উঠা নাই৷ বলধটো মৰি থাকিল৷ ইমান দূৰ যাব লাগিব লগতে বোজাও আছে সি
ঘৰলৈ কেনেকৈ যাব
, সেই ৰাতি সি তাতেই থকাৰ
কথা ভাবিলে৷ বহুত সময় সাৰে আছিলে যদিও ৰাতি গভীৰ হলত তাতে টোপনি গল৷ সাৰ পায় দেখে তাৰ
তেলখিনি আৰু জেপৰ টকাখিনি নাই৷ সি মূৰে কপালে হাত দি যেনে তেনে ঘৰ পালেহি৷

কেইবাটাও মাহ
পাৰ হৈ গল অলমুলে চাহুক বলধৰ দাম খুজিলে
, চাহুতে গালি পাৰিবলৈ ধৰে৷ কথা বহুত বেয়ালৈ যোৱাত গাৱবাসীয়ে পঞ্চায়ত বহাবলৈ কলে৷
পঞ্চায়ত বহিল৷ অলমুলে চাহুক পঞ্চায়তৰ বিচাৰক বাচিবলৈ কলে৷

চমজু চাহুৱে
থিয় হৈ কলে মোৰ ফালৰ পৰা জুমন চেঠে বিচাৰ কৰিব৷ জুমনৰ নাম শুনিয়েই অলমুলৰ বুকুখন হেঁচা
মাৰি ধৰিলে৷ কিন্ত জুমনৰ সপক্ষে হয়ভৰ দিলে৷ আৰু জুমন চেঠ বিচাৰপতি নিযুক্ত হল৷

মনত প্ৰতিশোধৰ
ভাৱ আছিল যদিওঁ যেতিয়াই পঞ্চায়ত ৰ বিচাৰকৰ দায়িত্ব চম্ভালিব লগা হল জুমনৰ দায়িত্বৰ
বোধ আহিবলৈ ধৰিল
, সেইসময়ত জুমনৰ সন্মুখত
কেৱল ন্যায় আছিল৷ দুয়ো পক্ষৰ মতামত শুনি নিজৰ মতামত ডাঙি ধৰিল৷
ভালদৰে বিচাৰ কৰি পঞ্চায়তৰ পৰা এই কথা শুনাল যে চমজুৱে বলধৰ
সম্পূৰ্ণ মূল্য দিব লাগে
, যি সময়ত বলধটো কিনিছিল
সেই সময়ত বলধৰ বেমাৰ নাছিল
, তেতিয়াই বলধৰ দাম দি
দিয়া হলে ইমান বেছি কাজিয়া নহল হয়৷ বলধৰ মৃত্যুৰ কাৰণ অধিক পৰিশ্ৰম
, ভাল খাদ্য দিয়া হোৱা নাছিল৷ মতামত অলমুলেও শুনিলে সুখী হৈ পঞ্চায়ত ৰ পৰা উঠি জোৰেৰে কলে পঞ্চ পৰেমশ্বৰৰ কি
জয়! চাৰিওফালৰ পৰা পঞ্চ পৰমেশ্বৰ জয় কি জয় প্ৰতিধ্বনি শুনিবলৈ পোৱা গল৷

অলপ দেৰি পাছত
জুমন আহি অলমুলৰ গলত সাবটি ধৰিলে আৰু কলে মই জানিয়েই তোমাৰ শত্ৰু হৈ পৰিছিলো
, কিন্ত আজি পঞ্চায়তত বহি অনুভৱ কৰিছো সেই সময়ত বিচাৰ ন্যায়ৰ বাদে
কৰিবলৈ একো নাছিল৷ মোক ক্ষমা কৰি দে মোৰ ভাই৷ অলমুলে কান্দিবলৈ ধৰিলে৷ অশ্ৰুধাৰা ববলৈ
ধৰিল আৰু সেই পানীয়ে দুয়োজনৰ মনৰ মলিনতা ধুই নিলে৷ সিহঁতৰ মাজত আকৌ প্ৰেমভাৱ উদয় হল৷

Popular Post

ঐতিহাসিক চিঠি